ফটাঢোল

ভাৱৰীয়া – মৌচুমী গগৈ

স্কুল ছুটী হোৱাৰ লগে লগে মুকুলে চাইকেলখন লৈ ঘৰলৈ বুলি ওলাই আহিল। আজি সোনকালে ঘৰ গৈ পাবগৈ লাগিব। গাঁৱৰ নামঘৰত আজি ভাওনা আছে।তাতে সি অৰ্জ্জুনৰ ভাৱত অভিনয় কৰিব। ধেমালি নেকি! কিমান কষ্টৰ মূৰকত সি নিজৰ সপোনৰ চৰিত্ৰটোত অভিনয় কৰিবলৈ সুযোগ পাইছে। ভাওনা হোৱাৰ কথা ওলোৱাৰপৰাই সি অৰ্জ্জুনৰ ভাও টোৰ কাৰণে লাগি আছিল। ইফালে গাঁৱৰে বিমানেও সেই ভাওটো বিছাৰিছিল। শেষত যেনিবা মুকুলেই অৰ্জ্জুনৰ ভাওটো পালে। বিমানক নকুলৰ ভাওটো দিয়া হ’ল। ইয়াৰ বাবে অৱশ্যে মুকুলে ভাওনাখনৰ ছেক্ৰেটেৰী দাইটিৰ ঘৰত কেইবাটাও ঘৰত লগা জাতিলাও আৰু কোমোৰা মাননি হিচাপে দিব লগা হ’ল। তাতেই স্কুলৰ চাকৰিটোত সোমোৱাৰ পিছত নিজৰ মান-সন্মানৰ কথাও আহি পৰে। পঢ়া-শুনা আধাতে সামৰি খেতি বাতি কৰি খোৱা বিমানে যদি অৰ্জ্জুনৰ ভাওটো পালেহেঁতেন তেন্তে গাঁৱৰ মানুহখিনিৰ আগত সি কমখন লাজ পালেহেঁতেন নে?এতিয়া অন্ততঃ বুকু ফিন্দাই সকলোৰে আগত সি ফুটনি মাৰিব পাৰিব। কথাখিনি ভাবি আহি থাকোঁতেই বাটতে বলোক লগ পালে। বলোৱে পদূলিৰ পৰাই মাত লগালে-মাষ্টৰ, এইবাৰ ভদভদী এখন লৈ লোৱা আৰু।কিমান চাইকেল চলাবা! মুকুলে হাঁহি এটি মাৰি ক’লে, “এইখন মোৰ ককাৰ চাইকেল আছিল। দেউতায়ো এইখনেই চলালে আৰু ময়ো চলাই আছোঁ। ৰেলি চাইকেল হয় বুজিছ, ইংৰাজৰ দিনৰ।”

ঘৰৰ নঙলামুখ পাই মুকুল চাইকেলৰ পৰা নামিল। ইফালে ঘৰখনতো আজি উৎসৱমুখৰ পৰিৱেশ।মানুহজনীয়ে মাকৰ ঘৰৰ সকলোকে খবৰ দিছে।শাহুৱেক, ভনীয়েক আৰু ভায়েক কালিয়েই আহিল।ল’ৰাটোকো স্কুলৰ পৰা অহাৰ লগে লগে ভাত খুৱাই শুৱাই থৈছে। নহ’লে ফুটগধূলিতে টোপনি ধৰিলে বাপেকৰ ভাও দেখিবলৈ নাপাব। ইখন গাঁৱলৈ বিয়া দিয়া মুকুলৰ ভনীয়েক আৰু ভনীজোঁৱায়েকো দুপৰীয়া আহি পালেহি। মুকুলক স্কুলৰ পৰা অহা দেখি সকলোৱে ইটো সিটো যোগাৰ ধৰিছে। মুঠৰ ওপৰত মুকুলৰ আজি নিজকে ডাঙৰ মানুহ যেন লাগি গৈছে।আৰে, তাৰ বিয়াৰ সময়তো ছাগে ইমান পাত্তা পোৱা নাছিল। বিয়াৰ দিনাখনো সি বেচেৰাই দিনটো ঘূৰিয়েই ফুৰিব লগা হৈছিল। উপায়ো নাছিল। দেউতাক নথকা ঘৰখনত মাক আৰু ভনীয়েকৰ ওপৰতো সকলো দায়িত্ব দিব পৰা নাযায়। গধূলিলৈ ছোৱালী আনিবলৈ যাওঁতেহে মুকুলে হাত ভৰিকেইটা পোনাবলৈ সুবিধা পাইছিল। নহ’লেনো ছোৱালী ঘৰ পোৱালৈকে তাৰ টোপনি দেখি দৰা ধৰা হোৱা ৰাজীৱে পিছত কম হাঁহিছিলনে! কইনা ঘৰ পোৱাৰ পিছত ৰাজীৱে তাক জগাই জগাই তুলিব লগা হৈছিল। উস্‌! সেই কথাবোৰ মনত পৰিলে মুকুলৰ এতিয়াও হাঁহি উঠে। ছোৱালী চাবলৈ যাওঁতেও কমখন লটিঘটি হোৱা নাছিল।বাপেকৰ পুৰণি চিনাকি সূত্ৰে মানুহঘৰলৈ ছোৱালী চাবলৈ সি দেউতাকৰ লগতে গৈছিল। তামোল-পাণ দিবলৈ আহোঁতেই ঘটিল নহয় অঘটনটো। তাৰ চকীখনৰ খুৰাটোত উজুটি খাই ছোৱালীজনী আহি তাৰ গাতে পৰিলহি। বেচেৰাৰ অৱস্থা পানীত ভিজা মেকুৰীৰ দৰে হৈছিল। কি কৰিব, কি নকৰিব একো উৱাদিহ নাপাই তাইক দাঙি ধৰিবলৈ ধৰোতেই দুয়োটাই কপালদুখনত এনেকুৱা জোৰত খুন্দা খালে যে তাৰ গোটেই কপালখন টিঙটিঙাই গ’ল। তাৰে যদি এই অৱস্থা তাইও চাগে কম দুখ পোৱা নাই! তাই নিজকে চম্ভালি ভিতৰলৈ দৌৰ দিলে। ইয়াৰ পিছত আৰু কি কথা পাতিব সি তাইৰ লগত! সি লাজ-বিষে ঘৰলৈ যাবলৈ খৰখেদা লগালে। পিছৰ বাৰ যাওঁতেহে সি ভালকৈ কথা বতৰা পাতিলে।

স্কুলৰ পৰা আহি ৰৌমাছ আৰু ঔটেঙাৰ জোলেৰে ভাতকেইটা খাই মুকুলে বিচনাত এনেয়ে পৰি সংলাপবোৰ আওৰাই ল’লে। চিলমিলকৈ টোপনিটো আহিছিলহে, তেনেতে মানুহজনীয়ে আহি হেঁচুকি জগাই দিলে৷”গৰুজনী আৰু দমৰাটো দেখোন আহি নাপালেহি, যোৱাৰ আগতে আনি থৈ যাওকচোন।”

মুকুলে লৰালৰিকৈ বিছনাৰ পৰা নামি পথাৰৰ ফালে আগবাঢ়িল। পথাৰৰ পৰা গৰু আৰু দমৰাটো আনি গোহালিত বান্ধি থৈ আজৰি হৈ মানে সন্ধ্যা নামিবৰ হ’ল। ভনীয়েকে দিয়া চাহ কাপ খাই গা টো তিয়াই সি নামঘৰলৈ বুলি ওলাল। যোৱাৰ আগতে ঘৰৰ সকলোকে সোনকালে নামঘৰলৈ বুলি যাবলৈ ৰিঙিয়াই গ’ল।

ইতিমধ্যে আখৰাঘৰত ভাৱৰীয়াবোৰ আহি গোট খাইছেহি। কোনোবাই সংলাপ মুখস্থ কৰিছে, কোনোবাই পিন্ধিব লগা কাপোৰবোৰ ঠিক কৰিছে, কোনোবাই নামঘৰীয়াৰ লগত চাহ খাই কথাৰ মহলা মাৰিছে। ইফালে মেক আপ মেন ভৱেনেও পাউদাৰ, কাজল, লিপষ্টিক ৰেডি কৰি টোল এখন লৈ বহি লৈছে। মুকুলে পোনে পোনে নামঘৰলৈ গৈ সেৱা এটা কৰি ল’লে। দিনত নাম প্ৰসংগ আছিল। অলপ আগতে শেষ হৈছেহে। মুকুলে নামঘৰীয়াই দিয়া মাহ-প্ৰসাদ কেইটামান খাই আখৰা ঘৰৰ পিনে খোজ দিলে। নিজৰ কাপোৰযোৰ লৈ মুকুলে পিন্ধিবলৈ ধৰিলে৷ তেনেতে যুধিষ্ঠিৰৰ ভাও লোৱা পৱনে আহি মুকুলক ক’লে,”হেৰা মাষ্টৰ, দাঢ়িখিনি কাটি নাহিলা কেলেই।”

তেতিয়াহে মুকুলে দাঢ়িখিনিত হাত ফুৰাই চালে। এৰা, দাঢ়িখিনি কাটিম বুলিও ইটো সিটো কামৰ হেঁচাত পাহৰিয়েই থাকিল। ছেঃ! কি কৰা যায় এতিয়া? আলিমূৰৰ নগেনৰ চেলুনলৈ বুলি মুকুলে কাপোৰ যোৰ পিন্ধিয়েই চাইকেল দৌৰাই দিলে। নামঘৰত মানুহৰ ভীৰ দেখি মুকুলৰ ভাল লাগি গ’ল।আজি সকলোৱেই মুকুলৰ অভিনয়ৰ প্ৰশংসা কৰিব।সূত্ৰধাৰে নাটখন আৰম্ভ কৰিছেই। সৌৱা যুধিষ্ঠিৰ মঞ্চৰ ফালে লাহে লাহে আগবাঢ়িছে। সিও এক মুহূৰ্তও বিলম্ব নকৰি আখৰা ঘৰৰ পৰা ধনু কাড়খিনি লৈ মঞ্চৰ ফালে গৈ ভীমৰ পিছে পিছে গৈ মঞ্চত ভৰি দিলেগৈ।নামঘৰত সকলোৱে মুকুলক দেখি ফিচিঙা -ফিচিঙি কৰিবলৈ ধৰিলে। মানুহজনীয়েও দেখোন তালৈ খঙেৰে চাই আছে। কথাটো কি, সি ধৰিব পৰা নাই৷ তেনেতে পিছফালৰ পৰা নকুলৰূপী বিমানে শুনা-নুশুনাকৈ কবলৈ ধৰিলে, হেৰৌ অৰ্জ্জুন হ’বলৈ পোৱাৰ ফূৰ্তিতে আধা দাঢ়ি কাটিবলৈ পাহৰিলি নেকি? এফালে পূৰ্ণিমা আৰু এফালে অমাৱস্যা হৈ থাকিল যে! তেতিয়াহে মুকুলৰ মনত পৰিল যে, সি চেলুনত দাঢ়ি কাটি থাকোঁতে বলোৱে নাট আৰম্ভ হ’লেই বুলি কোৱাত, আধা দাঢ়ি কাটোতেই সি দৌৰাদৌৰিকৈ গুচি আহিছিল।

☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published.