ফটাঢোল

ভুল – সুনীল দত্ত

অথনিৰপৰা কথা পকাই পকাই মানুহজনে মূৰটোৱেই নষ্ট কৰি পেলাইছে৷ কি দৰকাৰ আছিল আহোঁতে হাঁহিটো মাৰি মিঠাকৈ মাতষাৰ লগাবলৈ? এনেকুৱা কামোৰ মানুহ বুলি একেবাৰেই ভবা নাছিলোঁ৷ লাহে লাহে মোৰ খং উঠি আহিবলৈ ধৰিলে৷

এসপ্তাহমান ঘৰতেই আছিলোঁ৷ অহাৰ সময়ত মায়ে আটোলটোলকৈ কিছুমান বস্তু মোনা এটাত ভৰাই দিলে৷ এই এসপ্তাহ ঘৰত দকচি খোৱা আৰু শোৱাৰ বাহিৰে একোৱেই কৰা নাই৷ ৰে’লখনৰ খালী দবাটোত আৰামত বহি আহি থাকোতেই অনুভৱ কৰিলোঁ যে পেটটো গোমোঠা মাৰি ধৰাৰ লগতে কুৰুং কাৰাং কৰিবলৈ ধৰিছে৷ এনেতে লগৰ এটাই ফোন কৰিলে৷ কথাৰ মাজতে তাক কথাটো ক’লোঁ৷ সি ক’লে ষ্টেছনত নামি ৰুমলৈ যোৱাৰ সময়ত চ’দাৰ বটল এটা কিনি লৈ যাবি৷ ৰুম পাই গা পা ধুই পানীৰ সলনি চ’দা বটল খাবি৷ পেটৰ গেছ পলাই পত্ৰং দিব৷ পিছে ষ্টেছনটোত নমাৰ সময়তহে পয়মাল লাগিল৷ গজাল এটাত লাগি মোনাখন ফেৰেককৈ ফাটি থাকিল৷ মোনাৰ ভিতৰৰ বস্তুবোৰ কিবাকৈ দুয়োখন হাতেৰে সামৰি বাহিৰৰ চিনাকি দোকান এখনৰপৰা পলিথিনৰ ডাঙৰ স্বচ্ছ ঠোঙা এটা লৈ তাতেই ঘৰৰপৰা অনা বস্তুবোৰ ভৰাই ল’লোঁ৷ অলপ দূৰৰ ৱাইন শ্বপৰ সন্মুখত থকা ষ্টেছনাৰী দোকানখনৰপৰা চ’দাৰ বটল এটা কিনি লৈ ভাৰাঘৰ অভিমুখে সুহুৰিয়াই সুহুৰিয়াই খোজ দিলোঁ৷

গেটৰ মুখতে ভাৰাঘৰৰ মালিকক লগ পালোঁ৷ মিচিকিয়াই হাঁহি এটা মাৰি মাত লগালোঁ – “দাদা, ভালে আছেনে? আজি ওলাই যোৱা নাই নেকি?” মোৰ হাতৰ পলিথিনৰ বেগটোলৈ ট টকৈ চাই তেখেতে মোতকৈও অমায়িক সুৰত উত্তৰ দিলে-“আমাৰনো আৰু কি ভাল বেয়া? তোমালোকৰ দৰে ডেকা ল’ৰাৰহে ভাল৷ আজি বৌৱেৰাহঁত নাই ৰ’বা৷ সেইকাৰণে এনেয়ে অলপ ইয়াতেই টহল দিছোঁ৷”

মই মূৰ দুপিয়াই আকৌ সুহুৰিয়াই সুহুৰিয়াই তলাটো খুলি ৰুমত সোমালোঁ৷ পলিথিনৰ বেগটো ৰুমৰ চুকটোত থৈ গা পা ধুই বিছনাখনত অলপ দীঘল দিছিলোহে মাত্ৰ, দুৱাৰত কোনোবাই টুকুৰিয়ালে৷ বিৰক্তিৰে উঠি গৈ দুৱাৰখন খুলি দেখিলোঁ যে বাহিৰত মালিক থিয় হৈ আছে৷ “অকলে অকলে থাকি বিৰক্তি লগাত তোমাৰ লগতেই অলপ বহো বুলি ভাবি আহিলো” – মালিকে মাত লগালে৷ ময়ো হাঁহি এটা মাৰি তেখেতক বহিবলৈ আথেবেথে চকীখন আগবঢ়াই দিলোঁ৷

চকীখনত বহি লৈ তেখেতে ইফালে সিফালে চাবলৈ ধৰিলে৷ মই অলপ অস্বস্তিবোধ কৰিলোঁ৷ এনেয়েও মই বহুত বিশৃঙ্খল হৈ থাকোঁ৷ পৰিপাটি একেবাৰেই নাই৷

“এইবাৰ ঘৰত ভালেকেইদিন থাকিলা দেই৷ মই আকৌ কিবা অসুখ বিসুখ হোৱা বুলিয়েই ভাবিছিলোঁ৷” – কোঠাটোৰ চুকৰ পলিথিনৰ বেগটোৰপৰা চকু নাতৰোৱাকৈ মালিকে মাত দিলে৷ “ঘৰত অলপ কাম থকা বাবে এইবাৰ আহোঁতে দেৰি হ’ল ৰ’ব৷” – চিলিংখনৰ পিনে চাই মই উত্তৰ দিলোঁ৷ তাৰপিছত মালিকে বাৰেভচহু কথাৰ যি পাতনি মেলিলে, সামৰণি নামাৰেহে নামাৰেহে৷ লাহে লাহে মোৰ বিৰক্তি খঙলৈ পৰিণত হ’ল যদিও মনে মনে থাকিলোঁ৷ এঘণ্টামানৰ মূৰত তেখেতে টোপোলাটোৰপৰা মূৰটো ওলাই থকা সেউজীয়া কাঁচৰ বটলটোৰ পিনে আঙুলিয়াই সুধিলে- “বটলটোৰ বস্তুবিধ সদায় খোৱা নেকি?” মই মূৰ জোকাৰি ক’লো- “ক’ত আৰু সদায় খাব? অকলে অকলে ইমান যত্ন কৰি খাবলৈ মনেই নাযায়৷ তাতে আকৌ মাছৰ লগতহে বেছি ভাল লাগে৷ “ওচৰৰে মেজৰপৰা চ’দাৰ বটলটো হাতত তুলি লৈ মালিকে উচ্ছাসেৰে ক’বলৈ ধৰিলে – “মই আগতে সদায় খাইছিলোঁ বুজিছা৷ পিছে ছোৱালীজনী ডাঙৰ হোৱাৰপৰা বৌৱেৰাই গালি পাৰোতে পাৰোতে খাবলৈয়েই নোপোৱা হ’লোঁ৷ আগতেই গম পোৱা হ’লে তোমাৰ ইয়াতেই মাজে মাজে খাব পাৰিলোহেঁতেন৷ মাছৰ লগত বেছি ভাল লাগে সঁচা, পিছে কেঁচা বুট বা ভজা বাদামৰ লগতো বেয়া নালাগে দেই৷ তুমি আকৌ চ’দাৰেহে খোৱা চাগে! মোৰ পিছে পানী হ’লেই হয়৷ হেৰি নহয়, গিলাচ দুটা ধুই আনা, মোৰ ঘৰত বাদাম আছে৷ আজি সেইখিনিৰেই কামটো চলাওঁ৷ কাইলৈ মই মাছৰ ব্যৱস্থা কৰিম বাৰু৷ “

উৰহী গছৰ ওৰটো এতিয়াহে পালোঁ৷ মালৈ প্ৰচণ্ড খং উঠি আহিবলৈ ধৰিলে৷ কি দৰকাৰ আছিল ছিগনেচাৰ নামৰ মদৰ বটলটোত ঘৰৰপৰা কলাখাৰখিনি ভৰাই পঠিয়াবলৈ? মৰকেলেপীয়া ঘৰৰ মালিকটোৱে গেটৰ মুখতে স্বচ্ছ পলিথিনৰ বেগটোত বটলটো দেখি মদ এটুপি খোৱাৰ লোভত এই এঘণ্টা মোৰ মূৰটো চোবালে৷

☆★☆★☆

4 Comments

  • MITALI Saharia

    হাঃ হাঃ। খুব ভাল লাগিল।

    Reply
  • পুৰণা বেমাৰে উক দিলে, সেইটি দেখি–হাঃহাঃ।

    Reply
  • ৰাজীৱ

    কাঢ়াকৈ দুপেগমান তাৰেপৰাই দিব লাগিছিল মালিকক।

    Reply
  • জয়ন্ত দাস

    ধেত্তেৰি৷ কলাখাৰৰেই এপেগ বনাই দিব লাগিছিল৷

    Reply

Leave a Reply

Your email address will not be published.