ফটাঢোল

ভেজ পাৰ্লাৰ! – জ্যোতিৰূপম দত্ত

আজিকালি য’তে ততে বিউটি পাৰ্লাৰ৷ এযুগ আগলৈ বিউটি পাৰ্লাৰসমূহত মহিলাসকলৰহে একছত্ৰী ৰাজত্ব চলিছিল৷ আমাৰ দৰে নিমাখিত পুৰুষসকলৰ বাবে চ’কত অহৰ্নিশে ধেপধেপীয়া মাতৰ ৰেডিঅ’ এটাত ‘বিবিধ ভাৰতী’ বাজি থকা বিহাৰী ৰামপ্ৰসাদৰ বোম্বে চেলুনৰ শৰণাপন্ন হোৱাৰ বাদে আন একো গত্যন্তৰ নাছিল৷ দেৱালত শ্ৰীদেৱী-অমিতাভৰ পোষ্টাৰ, প্ৰকাণ্ড আইনাখনৰ তলত থকা এবেগেতমান বহল কাঠ এচটাত দাঁত ভগা ফণি, কেঁচি, খুৰ, বাটি এটাত চাবোন পানীত জুবুৰিয়াই থোৱা মটীয়া ৰঙৰ বুৰুজ এডাল আৰু একাষত খৈনীৰ টেমাটো৷ ৰামপ্ৰসাদৰ বোম্বে চেলুনৰ সম্পত্তি বুলিবলৈ সেয়াই আছিল৷ পিছে আজি কালি সেই বোম্বে মাৰ্কা চেলুনবোৰো বিধে বিধে যন্ত্ৰ-পাতিৰে সমৃদ্ধ অত্যাধুনিক পাৰ্লাৰ, স্পা, ম্যাচাজ চেণ্টাৰলৈ উন্নীত হ’ল৷
 
হওতে মোৰো পাৰ্লাৰ এখন আছে৷ নেদেখাজনৰ কৃপাত পাৰ্লাৰখন কোনো চাইনবৰ্ড, বিজ্ঞাপন নিদিয়াকৈয়ে ৰমৰমীয়াকৈ চলিছে৷ পিছে জনাসকলে মোৰ বিষয়ে ভালকৈয়ে জানে, সেয়ে দিনে নিশাই পাৰ্লাৰত গ্ৰাহকৰ ভিৰ লাগি থাকে৷ আন দৰেই মোৰ পাৰ্লাৰখনতো ফেচিয়েল, পেডিকিঅ’ৰ, মেনিকিঅ’ৰ, ৱাক্সিং, কাটিং, পিলিং, পাৰ্মিং আদি সকলো কৰা হয়৷
 
মোৰ পাৰ্লাৰখন হ’ল ভেজ পাৰ্লাৰ!
 
আজিকালি য’তে ত’তে ভেজ আৰু নন ভেজ! মূলতঃ আমিষ-নিৰামিষ, মাংস, পাচলি এইবোৰ কথা বুজোৱা এই শব্দ দুটা এই মুলুকত আবিৰ্ভাৱ হৈয়েই চাৰিওফালে হাহাকাৰ লগাই দিলে৷ খোৱা বস্তুৰ কথা বাদেই কৌতুক, গালি, কথা-বতৰা আনকি চাৱনিও ভেজ, নন-ভেজ হৈ গ’ল৷ ময়ো চাৰিওফালৰ গতি-গোত্ৰ চাই এই ভেজ পাৰ্লাৰখন আৰম্ভ কৰি দিলো৷ পিছে এইখন পুৰুষ-মহিলাৰ বাবে নহয়, পাচলিৰ বাবেহে! ভিজিটেবল বা চমুকৈ ভেজ পাৰ্লাৰ৷
 
মোৰ পাৰ্লাৰখনত পাচলিভেদে বেলেগ বেলেগ ট্ৰিটমেন্টৰ ব্যৱস্থা আছে৷ মই অৱশ্যে এই বিষয়ক দৰকাৰী জ্ঞানখিনি এই মুলুকৰে বহু ‘বিশেষ-অজ্ঞ’ৰ পৰা আহৰণ কৰিহে এইখন আৰম্ভ কৰিছো৷ পেডিকিঅ’ৰ কৰা কথাটোকেই ধৰক, সাধাৰণ বিউটি পাৰ্লাৰত পেডিকিঅ’ৰ কৰিলে ভৰি দুখন কিবাকিবি তেল-চেম্পু মিহলোৱা গৰম পানীত ডুবাই থোৱাৰ ব্যৱস্থা কৰা হয়৷ ঠিক তেনেদৰে মোৰ পাৰ্লাৰতো কিছুমান বিশেষ পাচলিৰ বাবে ভেজ পেডিকিঅ’ৰৰ ব্যৱস্থা আছে৷ শেতা পৰা, শুকাবলৈ লোৱা, ঢেলা পৰা বা পুৰণি হৈ যোৱা পটল, তিতা কেৰেলা, ভেণ্ডি আদিৰ দৰে কিছুমান পাচলিক কিছুসময় সেউজীয়া ৰঙৰ পানীত ডুবাই এই বিশেষ ভেজ পেডিকিঅ’ৰ কৰা হয়৷ ফাকুৱাৰ সময়ত উভৈনদী হোৱা, গাত সানিলে এসপ্তাহলৈ ৰঙ নেৰোৱা গাঢ় সেউজীয়া ৰঙবিধ এই ভেজ পেডিকিঅ’ৰ কৰাৰ সময়ত বাৰুকৈয়ে কামত আহে৷ একেদৰে গাজৰ বা বিলাহীৰ বাবেও কমলা ৰঙৰ ৰাসায়নিক দ্ৰব্য মিহলোৱা চৰিয়া দুটামান বেলেগকৈ ৰাখি থোৱা আছে৷ শেঁতা পৰা গাজৰ, কেঁচা বিলাহীবোৰকো এই পেডিকিঅ’ৰ কৰি একেবাৰে তুল্‌তুলীয়া কৰি পেলোৱা হয়৷
 
আন এটি জনপ্ৰিয় ট্ৰিটমেণ্ট হ’ল ভেজ ফেচিয়েল৷ এই ফেচিয়েল বিশেষকৈ বেঙেনাৰ ক্ষেত্ৰত বাৰুকৈয়ে চলে৷ শেঁতা পৰা বেঙেনাবোৰৰ গাত বিভিন্ন তেল-মবিল, ভেচলিনজাতীয় দ্ৰব্য সানি চিকচিকিয়া কৰা হয়৷
 
পাচলিবোৰৰ মেনিকিউৰ কৰাটো অৱশ্যে কঠিন৷ এইটো অলপ সাৱধানে কৰিব লাগে৷ কিন্তু মোৰ পাৰ্লাৰত থকা অত্যাধুনিক সা-সজুলি কিছুমানৰ সহায়ত এই ভেজ মেনিকিঅ’ৰ কৰাটো একেবাৰে সহজ৷ হাতৰ নখবোৰ সাৱধানেৰে মিহিকৈ কাটি, চুক-কাষবোৰ চাফ-চিকুণ কৰাৰ দৰেই পুৰণি, পচিবলৈ ধৰা পাচলিবোৰৰ গেলা-পচা অংশকেইটা সাৱধানেৰে কাটি-কুটি, ধুই মেলি দেখাত একেবাৰে নতুন বা সতেজ কৰাটো এই প্ৰক্ৰিয়াৰ অন্যতম অংশ৷
 
ইয়াৰ উপৰিও মাস্ক বা ফেচ-পেক লগাই থৈ শুকোৱাৰ পাছত সেইখিনি সাৱধানে দেহৰ পৰা চোকোৰা গুচোৱাৰ দৰে উলিয়াই দিয়াৰ দৰেই গেলা পিয়াজ, বন্ধাকবিৰ পচা বাকলি-পাতবোৰ গুচাই মেলি চিকচিকিয়া কৰাতো মই ওস্তাদ!!
 
দীঘল চুলি একোচা নুৰিয়াই নুৰিয়াই পাৰ্মিং কৰি কেঁকোৰা চুলিলৈ পৰিবৰ্তন কৰা ‘টেকনিক’টো মই ফুলকবিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি সুফল পাইছো৷ ফুলকবিৰ দীঘল দীঘল পাতবোৰ মিহি মিহিকৈ নুৰিয়াই নুৰিয়াই ঠাৰিবোৰৰ ফাঁকে ফাঁকে সুমুৱাই দুশগ্ৰামৰ ফুলকবিটো এক কেজি ওজনৰ কৰি পেলোৱা কথাটো মোৰ বাবে বাওঁহাতৰ কাম!
 
পাচলিৰ বাহিৰে ফলমূলৰ বাবেও মোৰ এই ভেজ পাৰ্লাৰখনে বিভিন্ন সেৱা আগবঢ়ায়৷ স্পা ট্ৰিটমেণ্ট, ৱাক্সিং আদিৰ ক্ষেত্ৰতো মোৰ পাৰ্লাৰৰ নাম আছে৷ সকলোতকৈ বেছি চলে কল, আম ইত্যাদিৰ স্পা ট্ৰিটমেণ্ট! কেঁচা কল, আম ইত্যাদিত কাৰ্বাইড ছটিয়াই থৈ দিলে গেছ বাহিৰ হয়, তাৰ ফলত ফলবোৰ গৰম হৈ সোনকালে পকে৷ একেবাৰে স্পা’ৰ গৰম ভাপ লোৱাৰ দৰেই কাৰবাৰ!!
 
ৱাক্সিংটো অৱশ্যে বেছি সহজ৷ পিছে এইবিধ আন পাৰ্লাৰৰ দৰে নোম উঘলা ৱাক্সিং নহয়৷ বহুদিন আগেয়েই চিঙা আপেলবোৰ ট্ৰাক-ৰে’লেৰে বাগৰি বাগৰি আহি এইখিনি পায়হি৷ সেই শেঁতা পৰা আপেলবোৰৰ বাকলিত মম সানি চিকচিকিয়া কৰিব লাগে, সেয়াই ৱাক্সিঙৰ কাম৷
 
ইয়াৰ উপৰিও কিছুমান কামত শল্য চিকিৎসা পদ্ধতিও ব্যৱহাৰ কৰা হয়৷ বয়সৰ বাবে কোঁচ খাই যোৱা ছালত বেজীৰে ৰাসায়নিক দ্ৰব্য সুমুৱাই কৰা বট’ক্স ট্ৰিটমেণ্টৰ দৰেই আধাপকা তৰমুজবোৰত ৰঙা চিয়াহীৰ বেজী দি ৰসাল আৰু দেখাত টিকটিকিয়া ৰঙা কৰো৷ আগৰ দিনত ৰোগীক বেজী দিবলৈ কম্পাউণ্ডাৰ বা ডাক্টৰক ঘৰলৈ মাতি নিয়াৰ দৰেই মোকো বেজী দিয়াবলৈ কেতিয়াবা একেবাৰে চাইটলৈকে মাতি লৈ যায়৷ জাতিলাও, ৰঙালাও, তিয়ঁহ, কবি আদিৰ আধা কেঁচেলুৱা কলিত একোটা সস্তীয়া হৰমনৰ বেজী দিলেই দুই এদিনতে প্ৰকাণ্ড হৈ উঠে৷ এইবোৰত সাৰ-পানী দি, যতন কৰি ডাঙৰ হোৱালৈ ৰৈ থকাৰ প্ৰয়োজনেই নাই৷ এটা বেজীত দুমাহৰ কাম দুদিনতে হৈ যায়৷
 
আন পাৰ্লাৰসমূহে গ্ৰাহকক নিজাকৈ পাউদাৰ, তেল ইত্যাদি সামগ্ৰী উৎপাদন কৰি বিক্ৰী কৰাৰ দৰে ময়ো কিছুমান বস্তু নিজাকৈ উদ্ভাৱন কৰি বিক্ৰী কৰো৷ যেনে হালধি গুড়িত সস্তীয়া হালধীয়া পাউডাৰ এবিধ, তেতেলীৰ গুটি গুড়ি কৰি কফিত, হোটেল-চাহ দোকানৰ পৰা সংগ্ৰহ কৰা ব্যৱহাৰ হোৱা চাহপাতবোৰ শুকুৱাই মেলি লৈ ভাল চাহৰ সৈতে, জলকীয়া গুড়িৰ সৈতে ৰঙা টেলকাম পাউডাৰ মিহলাই নতুনকৈ বিক্ৰি কৰো৷
 
বিউটি পাৰ্লাৰসমূহত মাজে মাজে প্ৰশাসনে ‘ৰেইড মৰা’ কথা শুনিবলৈ পাওঁ৷ মোৰ দৰে এনেবোৰ পাৰ্লাৰতো কেতিয়াবা অভিযান চলোৱাৰ কুচকাৱাজৰ কথা অহুকাণে-পহুকাণে শুনিবলৈ পাও৷ পিছে মোৰ পাৰ্লাৰখনৰ দৰে ‘ভেজ পাৰ্লাৰ’সমূহত আজিলৈকে প্ৰশাসনৰ লোক আহি ৰঙা চকু দেখুওৱাটো দূৰৰে কথা, পদূলিকেই গচকি পোৱা নাই৷ মই অৱশ্যে আগতেই পালি-পহৰীয়াৰ পৰা বৰচাহাবলৈ সকলোকে যথাস্থানত দানা-পানী দি সন্তুষ্ট কৰি থৈ দিছো৷ কেতিয়াবা কোনোবাই এই বিষয়ত মুখ মেলিলেও দুই এটা চিকা-ৰূপ মেলা মুখলৈ দলিয়ালেই হ’ল৷ মেলা মুখ বন্ধ কৰাৰ কেৰামতালিখিনি জানোৱেই, গতিকেই এইবোৰলৈ বিশেষ চিন্তা নকৰি আৰামত আছো৷
 
আজিকালি গুণৰ নহয়, ৰূপৰহে কদৰ৷ সা-সোৱাদ নথকা সেৰেকা শাক-পাচলিবোৰেও আমাৰ জহতেই ধুন-পেচ মাৰি ক্ৰেতাৰ মন জিনিবলৈ শিকি ললে৷ ৰাইজেও খাদ্যৰ নামত বিহেই খাইছে নে অমৃতেই খাইছে সেইবোৰ চাবলৈ সময় নাই৷ দেখাত চিকচাক হলেই ভাল৷ ক’ৰবাত বিঘাই বিঘাই খেতিৰ মাটি এনেয়ে পেলাই থৈ দিয়া থাকে, ক’ৰবাত আকৌ পাচলি উভৈনদী হয়, সেইবোৰ বজাৰলৈ নিলে লোকচানহে হয় হেনো! কাৰো এইবোৰলৈ নজৰ দিবলৈ সময় নাই৷ ইফালে হাটে-বজাৰে ৰাজ্যৰ বাহিৰৰ পৰা অহা লেৰেলা-গেৰেলা-গেলা-পচা শাক-পাচলি-ফলমূল উভৈনদী৷ বেচোতাই বেচিছে, কিনোতাই কিনিছে, খাঁওতাই খাইছে৷
 
মই পিছে মোৰ নিজৰ পাৰ্লাৰৰ বস্তু নিজে ব্যৱহাৰ নকৰো৷ নিজৰ পাচলিখিনি নিজেই উৎপাদন কৰি লওঁ৷ শাক-পাচলি, বতৰৰ ফলমূল কেইটাও নিজেই কৰি লও৷ হওতে বজাৰৰ বাবেও খেতি কৰো৷ দমে-দমে ৰাসায়নিক সাৰ-বিষাক্ত কীটনাশক চটিয়াই দিয়া শাক-পাচলিবোৰ বজাৰলৈ বেচিবলৈ উলিয়াই দিওঁ৷ পিছে নিজে খাবলৈ বুলি ৰোৱা পাচলিবোৰ অলপমান আঁতৰত একো এটা ৰাসায়নিক দ্ৰব্য নিদিয়াকৈ কৰো৷
 
এনেবোৰ কৰিয়েই ‘ভেজ পাৰ্লাৰ’খন আৰামত চলাই আছো৷ দুপইচা ঘটিছো৷ পিছে এতিয়া ‘নন ভেজ পাৰ্লাৰ’ এখন খোলাৰো মন৷ ‘নন-ভেজ পাৰ্লাৰৰ কিটিপবোৰো শিকিছো৷ ছাগলী কটাৰ আগদিনা নেফথেলিন বল কেইটামান খুৱাই দিলে ছাগলীয়ে পানী বেছিকৈ খায় হেনো, তেনেদৰে মাংসৰো ওজন বাঢ়ে৷ এদিনীয়া পোৱালীৰ পৰা এণ্টিবায়টিক দি দি এণ্টিবায়টিক কুকুৰা বনাই পেলোৱা ব্ৰইলাৰ কুকুৰাবোৰৰ কটা মাংসত বেজীৰে পানী সুমুৱাই দিলে মাংসৰ ওজন বাঢ়ে৷ ৰাজ্যৰ বাহিৰৰ পৰা অহা মাছবোৰ ফৰমেলিনত ডুবাই থলে সতেজ হৈ থাকে৷ ফৰমেলিন মৃতদেহ ভালে ৰাখিবলৈ ব্যৱহাৰ কৰা এবিধ বিষাক্ত ৰাসায়নিক দ্ৰব্য বুলিও জানো৷ ভেজ, নন-ভেজ পাৰ্লাৰ চলাবলৈ এনে বহু কিটিপ-কায়দা জানিবই লাগিব৷
 
অতদিনে পাৰ্লাৰৰ এনেবোৰ বস্তু খাই খাই ৰাইজৰ অভ্যাস হৈ গৈছে৷ এতিয়া অৱস্থা এনে হৈছেগৈ যে কোনোবাই কিবা খাঁটি বস্তু এপদ খালেহে অসুখ-বিসুখে আগুৰি ধৰে৷ গতিকে সুখে-শান্তিৰে নাকত তেল দি আৰামত জীয়াই থাকিবলৈ এনে পাৰ্লাৰৰ বস্তু খোৱাৰ বাহিৰে গত্যন্তৰ নাই৷ ৰাইজে যি খায় খাওক, মোৰনো কি? ■■

5 Comments

Leave a Reply

Your email address will not be published.