ফটাঢোল

ভেলাঘৰ – অসমী গগৈ

: পিতাই, অ’ পিতাই

দুদালে কামি এৰাই থকা বাঁহৰ জপনাখন খুলি উধাতু খাই সোমাই অহা পুতেকৰ মাতত চাঁচি থকা কামিডাল ঠাইতে এৰি দিলে হাতৰ পৰা।নেলীয়া কটাৰীখন হাততে থাকিল। এমুখ উৎকণ্ঠাৰে মানুহজন আগবাঢ়ি গ’ল। ল’ৰাটোও আহি ওচৰ পালেহি ইতিমধ্যে।

: এনেকৈ আহিছ যে উধাতু খাই?

: এইখন চাচোন পিতাই, তই যে কৈছিলি হয় নে?

: হেৰ উশাহটো সলাই লচোন।

: তই চাচোন পিতাই…

হাতৰ মুঠিত তাৰ এখন কাকত। ল’ৰাটোৱে আগবঢ়াই দিয়া বাতৰি কাকতখন মেলি ল’লে মানুহজনে।

: হয় হয়!

বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাতে এটা ভেলাঘৰৰ ৰঙীন ফটো। চালে চাই থাকিবৰ মন যোৱা এখন ছবি। ফুলি উঠা বুকুৰে দীঘলকৈ উশাহটো লৈ চকু কাঢ়ি নিয়া ছবিখনত হাতখন ফুৰাই দিলে মানুহজনে, মৰমতে। কোটৰত সোমোৱা চকুহালত এপুখুৰীকৈ পানী ওপচি পৰিল। মাটি খহি যোৱা পিৰালিটোতে বহি বেৰখনত গাৰ ভৰটো এৰি দিলে।

সৰুৰে পৰা কাগজ কলমৰ সৈতে অকণো মিতিৰালি পাতিব নোৱাৰিলে মানুহজনে। উত্তৰা দক্ষিণা সম্পৰ্কৰেই পাৰ হ’ল কেইটামান বছৰ। তাৰ পাছত ক’ৰ কলম কলৈ গ’ল কোনো খবৰেই নাৰাখিলে মানুহজনে। লালে লাহে হাতত কটাৰী এখন লৈ কাঠী কামিবোৰ টঙনিয়াই ফুৰা হ’ল।

পাছলৈ বাঁহৰ কাঠি কামত মানুহজন অতি নাম থকা এজন মানুহ হৈ পৰিল। পৰি থকা শুকান বাঁহ এডালতো মানুহজনে ফুল ফুলাব পৰা হ’ল। মানুহজনৰ হাতৰ পাছি খৰাহি বিচনীয়ে মানুহৰ ঘৰে ঘৰে আদৰ পাবলৈ ল’লে। চাউল জুখিবৰ বাবে নহয়, বিয়াত ব্যৱহাৰ কৰিবৰ বাবে কাৰু কাৰ্য্য খচিত দুণৰি বিচাৰি মানুহজনৰ ঘৰলৈ মানুহৰ লানি লাগিবলৈ ধৰিলে। বাহঁৰ কাঠী কামিত পাকৈত মানুহজনৰ কথা আটায়ে জনা হ’ল ঠাইখনত।

এই কথাকে কেনেবাকৈ গম পাই এদিন মানুহজনৰ ঘৰলৈ কেইজনমান মানুহ আহিছিল। নামী উদ্যোগিক প্ৰতিষ্ঠানটোৰ বিষয়া তেওঁলোক। মানুহজনক এটা কামৰ গুৰু দায়িত্ব দিছিল তেওঁলোকে। প্ৰতিষ্ঠানটোৰ আবাসিক এলেকাত ধুমধামেৰে পাতিবলৈ লোৱা ভোগালী বিহুৰ বাবে এটা আটক ধুনীয়া ভেলাঘৰ সজাৰ কাম। মানুহজন মান্তি হ’ল।

সম্পূৰ্ণ পোন্ধৰ দিন লগত দুজন সহায়কাৰী লৈ খেৰ আৰু বাঁহেৰে যুৰীয়া পেঁপা আৰু ঢোলৰ আৰ্হিৰ এটা আটক ধুনীয়া ভেলাঘৰ সাজি উলিয়াইছিল মানুহজনে। বিচাৰি বিচাৰি ভালৰো ভাল খেৰ বাঁহ গোটাই গোটাই মানুহজনে কামটো কৰিলে। কামটো কৰোঁতে মানুহজনে প্ৰাণ ঢালি দিছিল আৰু শলাগ লৈছিল আটায়ে। ল’বলগীয়া কামেই আছিল সেইটো। প্ৰতিষ্ঠানটোৰ শীৰ্ষ অনা অসমীয়া বিষয়াজনে মানুহজনক কাষলৈ মাতি হাত মিলাই এখন ফটোও তুলিছিল। চুট টাই পিন্ধা তেল পিছল বিষয়াজনৰ সৈতে চোকা দা কটাৰীৰ আঁক লাগি লাগি ফপৰা হোৱা, গণিবপৰাকৈ হাড় ওলোৱা হাতখন মিলাওঁতে মানুহজনৰ মৰি যোৱাৰ সমান লাজ লাগিছিল। তথাপিও ভাললগা অনুভৱ এটায়ো বুৰাই আছিল তেওঁক।

: মই পঢ়ি দিওঁ দে।

দেউতাকক দেখুৱাবলৈ বুলি চাৰিআলিৰ নকুলৰ দোকানৰ পৰা অনা বাতৰি কাকতখন মেলি ল’ৰাটোৱে পঢ়ি গ’ল৷

এয়াৰ নিউজ চেনেলৰ উদ্যোগত সদৌ অসম ভিত্তিত আয়োজিত ভেলাঘৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি নগদ একলাখ টকাৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়…………………প্ৰতিষ্ঠানৰ আটকধুনীয়া ভেলাঘৰটোৱে………। ল’ৰাটোৱে পঢ়ি গৈ থাকিল আৰু মানুহজন বিস্ময় ভাব এটাত ডুবিবলৈ ধৰিলে।

উৰুখা বাৰান্দাখনৰ খুটাটোত আওজি নৱম শ্ৰেণীলৈকে পঢ়া শুকান মুখৰ মানুহজনে হিচাব কৰি গ’ল, তিনিশ যোগ তিনিশ……… দিনে তিনিশ টকাকৈ হ’লে পোন্ধৰ দিনৰ হাজিৰা কিমান হ’ব।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.