ফটাঢোল

ভোকৰ ভাতসাজ – দিপাংকৰ চৌধুৰী

প্ৰধান শিক্ষক হৰেন ডেকাই ওচৰৰে গাঁৱৰ প্ৰাথমিক বিদ্যালয় এখনত বহুবছৰ ধৰি শিক্ষকতা কৰি আছে। সেয়েহে গাঁৱখনৰ মানুহবোৰৰ লগত এটা ভাল আন্তৰিক সম্পৰ্ক গঢ়ি উঠাৰ লগতে মানুহবোৰৰ স্বভাৱ-চৰিত্ৰৰ লগত ভালদৰে চিনাকি হৈ পৰিছিল। আজিৰ পৰা দুবছৰমান আগতে সহকাৰী শিক্ষক হিচাপে যোগদান কৰা জীৱনে কিন্তু ইমান ভালদৰে বুজি উঠা নাছিল। মাজে মাজে প্ৰধান শিক্ষকৰ পৰা অঞ্চলটোৰ সম্পৰ্কে তথা বিদ্যালয়লৈ আহ যাহ কৰি থকা মানুহবোৰৰ বিষয়ে কিছু কথা গম পাই আহিছে।

জীৱনে বিদ্যালয়ত যোগ দিয়াৰ পৰাই দেখি আহিছে যে বিদ্যালয়ৰ সন্মুখতে মানুহ এঘৰে ধুনীয়াকৈ ঘৰ এটা নিৰ্মাণ কৰি আছিল। ঘৰটোৰ গৰাকীজন আকৌ বিদ্যালয়ৰ লগত ওতঃপ্ৰোত ভাবে জড়িত। সেইবাবে তেওঁ বিদ্যালয়লৈ প্ৰায়েই আহে আৰু দিহা পৰামৰ্শ দি থাকে। সাধাৰণতে ঘৰটোৰ গৰাকীজন বিদ্যালয়লৈ জিৰণিৰ সময়তহে আহে আৰু কথাৰ মহলা মৰাৰ চলেৰে দুপৰীয়াৰ চাহ কাপ মিলাই যায়।প্ৰথমতে চাহ নাখাওঁ বুলি কয় যদিও দিয়াৰ পিছত কিন্তু খাবলৈও নেৰে। তেওঁ যোৱাৰ পিছত প্ৰধান শিক্ষকে সহকাৰী শিক্ষক জীৱনক ক’বলৈ ধৰে-“দেখিলানে এওঁক, কেনে ধৰণৰ মানুহ! নাখাওঁ বুলি এনেই কয়, দিলে কিন্তু খাবলৈ নেৰে।”

“অ’ছাৰ, কথাটো ময়ো লক্ষ্য কৰি আহিছোঁ। তেওঁ সদায় এইখিনি সময়তহে আহি উপস্থিত হয়।”- হাঁহি হাঁহি জীৱনেও এনেদৰে কয়।

তাৰ পিছত হৰেন মাষ্টৰেও হাঁহি হাঁহি কয়, “দুপৰীয়াৰ চাহ কাপ ইয়াতেই মিলাবলৈ আহে তেওঁ। চাওঁ ৰ’বাচোন, বৰকৈ লেকচাৰ মাৰি থাকে নহয়, ঘৰ ল’বৰ দিনা খানাটো কেনেদৰে খুৱাই দেখা পাম।”

চাহ খাবলৈ আহি কথা চোবাই থকা মানুহজনৰ কথাৰ পৰা জীৱনে এইটো স্পষ্টভাৱে বুজি উঠিছিল যে তেওঁ বহু দূৰসম্পৰ্কীয় মানুহৰ ঘৰ বিচাৰি বিচাৰি গৈ ভাত পানী খাই বৈ আৰামত আহে। মানুহজনৰ সেইবোৰ কথা শুনাৰ পিছত হেড মাষ্টৰে জীৱনক কয় -“এওঁ কিন্তু আলহী বিচৰাত খুব ভাল জানা! তেওঁৰ ঘৰত হ’লে কিন্তু মই কোনো আলহী অহা নেদেখিলো।” হেড মাষ্টৰৰ কথা শুনি জীৱনে হাঁহি ৰখাব নোৱৰা হৈ যায়।

কেতিয়াবা হেড মাষ্টৰে কথা প্ৰসংগত কৈ দিয়ে মানুহজনক-“দাদা, নতুন ঘৰ লোৱাৰ দিনা আমাক ভালদৰে এসাজ খুৱাব আকৌ দেই।”

“হেহ্ ডেকা, সেইটো আৰু মোক ক’ব লাগেনে! ভালকৈ এসাজ খাম দিয়ক আমি একেলগে”-মানুহজনে সেপ ঢুকি ঢুকি কয়।

হেড মাষ্টৰ হৰেনে জানি বুজিয়ে তেওঁক এনেদৰে কৈ মনটো জুখি চাই আৰু যোৱাৰ পিছত জীৱনক এনেদৰে কৈ কৈ হাঁহে, দাদাৰ চাগে বুকুৰ ধপধপনি বাঢ়ি গৈছে হা। চিন্তা বাঢ়ি যাব এতিয়া তেওঁৰ। ইতিমধ্যে মানুহজনৰ ঘৰটো সম্পূৰ্ণ হৈ উঠিছিল আৰু থাকিব পৰা সকলো সুবিধা হৈ গৈছিল। কিন্তু ক’তা ঘৰ লোৱাৰ একো উমঘামেই নাছিল। এদিন দুদিনকৈ এপদ দুপদকৈ বস্তু কঢ়িয়াই কঢ়িয়াই থাকিবলৈ লৈছিল। তাকে দেখি দুয়ো মাষ্টৰে কোৱা কুই কৰিছিল -“আমাক আৰু খুৱাব ক’ত হে ! ঘৰটোতো দেখোন একো গৃহপূজা নকৰিলে।” এনেদৰে দুয়ো মাষ্টৰৰ মনৰ আশা মনতেই মৰহি গৈছিল। খাম খাম বুলি দুয়োটাই জিভাৰ পানী পেলাই থাকোঁতেই গৈছিল।

কিন্তু এদিন হঠাৎ দুয়োজনৰ ধাৰণা সম্পূৰ্ণ সলনি কৰি মানুহজন বিদ্যালয়লৈ আহি কৈছিল-“তোমালোকক আমি নতুন ঘৰত সোমোৱাৰ পৰা মাতিবলৈ পৰাই নাই নহয়! বেয়া নাপাবা। কাইলৈ বিদ্যালয় ছুটীৰ পিছত দুয়োজনে ঘৰত এপাক সোমাই যাবাচোন।”

মানুহগৰাকীৰ কথা শুনি হেডমাষ্টৰে জীৱনক কলে-“কি শুনিছো হে! মই শুনা কথাটো সত্য নে! নিজৰ কাণদুখনকে বিশ্বাস কৰিব পৰা নাই চোন।”

“ছাৰ কথাবোৰ ইমান নিগেটিভলি কিয়নো চিন্তা কৰে! কেতিয়াবা পজিটিভলিও ভাবি চাবচোন।আমাক আৰু এনেই মাতিব নে কিবা”-এইবুলি কৈছিল জীৱনে।

ভাড়াৰূমত থকা জীৱনে পুৱা ভাত নোখোৱাকৈ পিছদিনা বিদ্যালয়লৈ গৈছিল। সদায় ৰূমত ভাত বনাই বনাই এলাহো লাগে তাৰ,কিমান আৰু নিজে বনাই বনাই খাব! দুপৰীয়া যিহেতু নিমন্ত্ৰণ আছেই, গতিকে ভালকৈ এসাজ জুতি লগাই এনেও খাবলৈ পাব। বিদ্যালয় ছুটীৰ পিছত দুয়োজনেই যাবলৈ ওলাইছিলেই, ঠিক তেনেকুৱাতে মানুহজনে ঘৰৰ বাৰণ্ডাৰ পৰাই চিঞৰি ক’লে -“সোনকালে আহা খুড়ীয়েৰা ৰৈ আছে।”

দুয়ো গৈ ভিতৰতে বহিলে। ইফালে জীৱন মাষ্টৰে ভোকত ৰ’ব পৰা নাছিল, পেটটোত যেন নিগনিহে দৌৰা দৌৰি কৰি ফুৰিছিল! মনে মনে সি ভাবিলে চাহ দিলে ডাইৰেক্ট নাখাওঁ বুলি ক’ব। এতিয়া আৰু চাহ খোৱাৰ সময় নাই, ভাতেই খাব। ইফালে কথাচহকী মানুহজনে কথাৰ মহলা আৰম্ভ কৰি দিছিল, তেওঁৰ সেই চাকৰিকালৰ কথাৰ পৰা আৰম্ভ কৰি আলহী অতিথিৰ কথালৈ। যথাসময়ত মানুহজনৰ ঘৈণীয়েকে ট্ৰেত ধুনীয়াকৈ দুগিলাচ পানী আৰু দুকাপ ৰঙাচাহ আৰু প্লেটত দুখন মেৰি বিস্কুট আনি তেওঁলোকৰ সন্মুখত থৈ দিলে। জীৱন মাষ্টৰে নাখাওঁ বুলি মুখ মেলাৰ আগতে মানুহজনীয়ে কৈছিল -“আজি বৃহস্পতিবাৰ যে আমি দিনটো উপবাসে থাকোঁ। আৰু মালপোৱা, লুচি বনাবলৈও আজি তেলত ভজা বস্তু একো নাখাওঁ। সকলো বইল খাওঁ।”

জীৱন মাষ্টৰৰ মেলা মুখ মেলা হৈয়ে থাকিল। হেড মাষ্টৰে চাগে সহকাৰী জীৱনৰ অৱস্থাটো বুজি পাইছিল আৰু তেওঁৰ মুখলৈ চাই চেপি চেপি হাঁহি এটা মাৰি মেৰি বিস্কুটেৰে চাহ খাবলৈ ধৰিছিল।

পেটৰ ভোক পেটতে লৈ ঠোঁট মুখ চেলেকি সেইদিনা ৰূমলৈ আহি জীৱন মাষ্টৰে কুকাৰতে একেলগে চাউলৰ লগতে আলু সিজাই, আলু পিতিকাৰে ভোকৰ ভাতসাজ খাই বিচনাত দীঘল দি পৰি থাকিল।

☆★☆★☆

27 Comments

Leave a Reply

Your email address will not be published.