ফটাঢোল

ভোজন – অৰবিন্দ গোস্বামী

জীৱন ধাৰণৰ বাবে ভোজন প্ৰত্যেক প্ৰাণীৰ বাবে এক জৰুৰী কথা। মানুহ হওক বা আন পশু-পক্ষীয়েই হওক জীৱন ধাৰণ কৰিবলৈ ক্ষুধা নিবাৰণৰ বাবে মানুহ বা পশু-পক্ষী সকলোৱে জীৱন সংগ্ৰাম কৰিবলগা হয়।যিসকল মানুহৰ জীৱন সংগ্ৰাম কঠিন হয়, তেওঁলোকে জীৱন ধাৰণৰ বাবে খাদ্য গ্ৰহণ কৰে। কিন্তু বিশেষ অসুবিধা নথকাসকলে ভোজনক প্ৰয়োজনীয়তাৰ লগতে বিলাস হিচাপেও গ্ৰহণ কৰে। মই সৌভাগ্যবান অছিলোঁ যে ভোজনক বিলাস হিচাপেও গ্ৰহণ কৰিব পাৰিছিলোঁ। সময়ৰ লগে লগে যেতিয়া ডাঙৰ হ’লোঁ আৰু জানিব পাৰিলোঁ যে কোনো কোনো মানুহে কিমান কষ্টৰে এসাজ ভাত যোগাৰ কৰে, মোৰ এই বিলাস কমি আহে। কিছুমান বেমাৰ ভাল হ’লেও উক্‌ দিয়াৰ দৰে মোৰো মাজে সময়ে এই বিলাসিতাৰ মনোভাৱ পুনৰ জাগ্ৰত হয়। সেয়ে নিজকে সাধু বুলি প্ৰতিপন্ন কৰাৰ চেষ্টা মই কেতিয়াও নকৰোঁ।

এয়া সেই সময়ৰ কথা যেতিয়া মই স্কুলীয়া ছাত্ৰ আছিলোঁ। আমি বন্ধুবোৰে কেতিয়াবা পাঁচ- দহ টকাকৈ তুলি হোটেলত খাবলৈ বহিছিলোঁ। ৰসগোল্লা, পৰঠা বা আন মিঠাইৰে চলিছিল এই শুভ অনুষ্ঠান। সেই সময়তে জমি উঠিছিল আড্ডা। মই এইকণ সময়ৰ অপেক্ষাতে যেন ৰৈ থাকোঁ। কাৰোবাৰ নিজৰ নিৰ্দষ্ট ভাগৰপৰা দৃষ্টি আঁতৰিলেই মই ভোজনৰ অপমান সহিব নোৱাৰি তাক গোগ্ৰাসে গিলি পেলাইছিলোঁ। ধীৰে ধীৰে মোৰ এই মহানুভৱতাৰ বিষয়ে বিদ্যালয়ৰ দশোদিশে জনাজনি হ’ল। মোৰ মহানুভৱতাৰ সন্মানস্বৰূপে তেখেতসকলে মোক ভোজনৰ ক্ষেত্ৰত এঘৰীয়া কৰিলে।

সময় বগৰিল। মোৰ বন্ধুসকল এই ক্ষেত্ৰত সম্পূৰ্ণ সফল নহ’ল। শীঘ্ৰেই সোণালী সুযোগে মোৰ হাতত ধৰা দিলেহি। এজন বন্ধুৰ জন্মদিনত সকলোকে নিমন্ত্ৰণ দিলে। মোৰ সৈতে সকলো ভক্ত যথা সময়ত উপস্থিত হলোঁগৈ। তেতিয়া আজিকালিৰ দৰে ভাত খুওৱাৰ ব্যৱস্থা নাছিল। নামঘৰ বা মন্দিৰত আগবঢ়োৱা মাহপ্ৰসাদ দিয়াৰ পাছত পিঠা, মিঠাই, জলপান, চাহ ইত্যাদি দিয়া হৈছিল। ইয়াৰে ভিতৰত চাহক বাদ দি আনকেইবিধৰ নাম শুনিলেই মোৰ গা সাতখন আঠখন হৈছিল। যি কি নহওক যথা সময়ত সকলোকে মাহপ্ৰসাদ দিলে। মাহপ্ৰসাদ খাই ভাল নোপোৱাসকলে দুটামান চুই মোলৈ আগবঢ়াই দিয়ে, সেইদিনাও দিলে।মহাভোগক ময়ো সন্মান জনাই নিমিষতে উদৰস্থ কৰিলোঁ। সেই সময়ত মই কৌতুক কোৱাত পাকৈত আছিলোঁ। যিকোনো আলোচনীত কৌতুক পালেই পঢ়িছিলোঁ আৰু মনত ৰাখিব পাৰিছিলোঁ। সেয়ে চাহ-মিঠাই দিয়াৰ সময়ত এইপাট অস্ত্ৰ প্ৰয়োগ কৰিলোঁ।সকলোকে অন্যমনস্ক কৰি মই কাৰ কাৰ ভাগৰপৰা কি কি উঠালোঁ, কোনেও তলকিবই নোৱাৰিলে। শেষত যেতিয়া গম পালে, কৰিবলগীয়া একো নাছিল। যিহেতু লোকৰ ঘৰ, শালীনতা ৰক্ষাৰ খাতিৰতেই সকলো ‘ৰিপুঞ্জয়ী’ ভকতে নিৰৱতা অবলম্বন কৰিলে। যথা সময়ত আমিও বিদায় ল’লোঁ। পিচে নঙলা মুখ পাৰ হ’লোঁ কি নহ’লোঁ, সকলোৱা মোক খেদি পথাৰ কাষৰে পথাৰ এখনলৈ লৈ গ’ল। ইতিমধ্যে খাদ্য দেৱতাৰ কৃপাত ময়ো যথেষ্ট ভাৰসম্পন্ন হৈ পৰিছিলোঁ। সেয়ে বেছি আগুৱাব নোৱাৰিলোঁ। সকলো বন্ধুৱে একত্ৰিতভাৱে মোৰ সফলতাৰ প্ৰতিদানস্বৰূপে গণ উত্তম-মাধ্যম শোধাই সন্মানসহকাৰে বিদায় দিলে৷ অতীতৰ এই মধুৰ স্মৃতি মনলৈ আহিলে মই আজিও নথৈ আনন্দিত আৰু পুলকিত হৈ উঠোঁ।

সঁচা কথা ক’বলৈ গ’লে মোৰ এই মহান গুণটি কলেজীয়া জীৱনতো কিছু পৰিমাণে আছিল। এইবাৰ আৰু এটি জন্মদিনৰ নিমন্ত্ৰণ৷ গ’লোঁ কেইবাজনো বন্ধু একেলগে নিমন্ত্ৰণ ৰক্ষা কৰাৰ মানসেৰে। এইবাৰ নতুন বন্ধু আৰু নতুন ঠাই। ভোজন পৰ্ব চলি আছে। খাদ্য-সম্ভাৰৰ মান যথেষ্ট উন্নত। কিন্তু পৰিমাণটোহে কম কম লাগিছে। ভগৱানপ্ৰদত্ত বুদ্ধিৰ চুঙাটোত হাত দি পালোঁগৈ বুদ্ধি এটা। হঠাৎ মই কাষৰ বন্ধুজনক উদ্দেশ্যি জকজকাই উঠিলোঁ।

: কিবা লাগে যদি বৰমাক নকৱ কিয়, মোৰ ভৰিত কিয় লঠিয়াইছ?

হঠাৎ হোৱা এই ঘটনাত মানুহগৰাকীয়ে সমস্ত খাদ্যসম্ভাৰ উঠাই আনি,

: তোমালোকক কিবা লাগে যদি মোক কিয় কোৱা নাই, লাজ কৰিব নাপায় নহয়৷

বুলি সকলোকে এফালৰপৰা জোৰকৈ বহুত কিবাকিবি দি গ’লহি। কিছুমান পশু-পক্ষীয়ে ভূমিকম্পৰ পূৰ্বানুমান কৰিব পৰাৰ দৰে ময়ো ধাৰণা কৰিব পাৰিছিলোঁ, কি হ’ব পাৰে। সেয়াই ঘটিল। কেইবাজনো বন্ধুৱে ধাৰণ কৰাৰ ক্ষমতা হেৰুৱাই পেলাই মোলৈ আগবঢ়াই দিলে ময়ো মৰমেৰে দিয়া বস্তুক কেতিয়াও অনাদৰ কৰিব নাপায় বুলি গিৰিহঁতে শুনাকৈ কৈ নিজকে সকলোতকৈ শ্ৰেষ্ঠ প্ৰতিপন্ন কৰি সকলোৱে বিদায় ল’লোঁ। বাটত আহোঁতে সকলোৱে মোক ককৰ্থনাৰে থকা-সৰকা কৰিলে। আপোনালোকেতো জানেই জ্ঞানী পুৰুষ আনৰ ককৰ্থনাত বিচলিত নহয়। ময়ো নহ’লোঁ, দুগুণ উৎসাহিতহে হ’লোঁ।

আন এদিনৰ কথা, এঘৰত কিবা সংক্ৰান্তত ৰাতিৰ সাজ খাবলৈ মাতিলে। যথা সময়ত উপস্থিত হ’লোঁ ভোজন চলি শেষ পৰ্যায়। কিছু গণ্য-মান্য ব্যক্তিৰ সমাগম। গৃহস্থ দেখোন নাহেহে নাহে। সমাগত বিপদৰ আশংকা কৰি ময়ো গাড়ীৰ গতি মন্থৰ কৰিলোঁ৷ সৰ্বশেষত যেনিবা গৃহিণীগৰাকী আহিল। কিবা লাগিব নেকি সোধাত- ই কি? কাকো দেখোন একো নালাগে।ময়ো লাজতে নালাগে বুলিয়েই ক’লোঁ। শেষত মানুহগৰাকী যাবলৈ ওলোৱাত ‘বৰ্মা’ বুলি মই গুৰু-গম্ভীৰকৈ মাত লগালোঁ,

: কোনেও একো নল’লে আপুনিও ভাবিব বোলে ৰন্ধা ভাল নহ’ল নেকি! মোলৈকে অলপ কিবা লৈ আহক৷

বুলি ক’লোঁ। মনুহগৰাকীয়েও বৰ আথে-বেথে,

: হয়তো তুমি ঠিকেই কৈছা, এনেকুৱা ভকতহে পোৱাৰ লগতে নথৈ আনন্দিতও হ’লোঁ।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.