ফটাঢোল

ভোট চিলি – প্ৰদীপ বৰা

কি বস্তু এইটো? পঢ়ুৱৈসকল নিশ্চয় আচৰিত হৈছে। আচৰিত হ’বৰে কথা। আমেৰিকাৰ এগৰাকী সুন্দৰীক যদি আপুনি ভোট জলকীয়াক প্ৰসাধনৰ সামগ্ৰী হিচাবে উপহাৰ দিয়ে তেন্তে আপুনি কি বুলি তাইক বুজাব? তাইতো অসমীয়া নুবুজে চিলি বুলি ক’লে হয়তো জলকীয়া বুলি বুজিব কিন্তু প্ৰেমানন্দইটো ভোট জলকীয়াৰ ইংৰাজী নাজানে গতিকে অৰ্ধ শতকৰ জপনাৰ কাষত অৰ্ধাংগিনী হিচাবে মনোনয়ন দিবলৈ মনোযোগ দিয়া বিদেশিনী জয়শ্ৰী স্মৃথক প্ৰেমানন্দই ভোট জলকীয়াৰে নিৰ্মিত অদ্ভুত প্ৰসাধনৰ সামগ্ৰী বিধৰ কথা ভোট চিলি বুলিয়েই হোৱাটচএপৰ জৰিয়তে প্ৰকাশ কৰিলে। কিন্তু জয়শ্ৰীয়ে বুজা নাই। হোৱাট ইজ ভোট চিলি? তাকো প্ৰেমানন্দৰ পৰিবাৰেহে হেনো এইবিধ প্ৰসাধনৰ দ্ৰব্য নিজে গ্লোভছ পিন্ধি জয়শ্ৰীৰ শৰীৰৰ কিছুমান বিশেষ স্থানত লেপন দিব৷ কিন্তু জয়শ্ৰীয়ে নুবুজেহে নুবুজে৷ উপায়ন্তৰ হৈ প্ৰেমানন্দই টিকটিককৈ ৰঙা ভোট জলকীয়া এটাৰ ফটো আপলোড কৰি মেছেঞ্জাৰত পঠিয়াই দিলে৷

কাহিনীৰ নায়ক উনষাঠি বৰ্ষীয়ান বন বিভাগৰ বিষয়া প্ৰেমানন্দ বৰা আৰু নায়িকা পৃথিৱীৰ পিঠিফালে থকা আমেৰিকাৰ নৌ সেনা বাহিনীৰ আঠচল্লিশ বছৰীয়া ৰূপহী কেপ্তেইন জয়শ্ৰী স্মৃথ। ফেচবুকত স্মৃথে প্ৰেমানন্দৰ প্ৰফাইল খুচৰি প্ৰেমাস্পদৰ বাবে প্ৰেমালাপ কৰিবলৈ আৰম্ভ কৰি দিলে৷ প্ৰেমানন্দৰ প্ৰফাইল ফটো টাইমলাইনত দেখি আমেৰিকানীৰ দেহত প্ৰেম উঠলি উঠিছে যেন তাইৰ শৰীৰত নতুন বসন্তৰ পৰশত ৰঙা গোলাপহে ফুলিছে৷ কিছুদিন প্ৰেমাৰ লগত তাই ফ্ৰেণ্ড হিচাবেই বাৰ্তালাপ কৰিলে আৰু এইটোও ক’লে যে এগৰাকী দায়িত্বশীল সেনা বিষয়া হিচাবে তাই ফেচবুকত বন্ধুত্ব চলাই যাব নোৱাৰিব ৷

তাই নিজৰ দুৰ্ভগীয়া জীৱনৰ বিষয়ে জনালে যে দহ বছৰ আগতে তাইৰ স্বামীৰ ব্লাড কেঞ্চাৰ হৈ পৰলোকপ্ৰাপ্তি ঘটিল৷ সিহঁতৰ যুগ্মজীৱনৰ সাক্ষী পোন্ধৰ বছৰীয়া একমাত্ৰ কন্যা জুৱেলী স্কুল হোষ্টেলত আছে৷ জয়শ্ৰী হেনো দুবছৰৰ পিছত ৰিটায়াৰমেণ্টলৈ ভাৰতলৈ আহিব৷ প্ৰেমানন্দক লগ কৰিব। অসমৰ ভাষা সংস্কৃতি অধ্যয়ন কৰিব; প্ৰেমানন্দক লগত লৈ আমেৰিকালৈ উৰা মাৰিব৷ আমেৰিকাৰ বিভিন্ন নগৰ-মহানগৰ, পৰ্বত-পাহাৰ, সাগৰ-উপসাগৰ, অভয়াৰণ্য, হ্ৰদ, নদী, চিৰিয়াখানা আদি দেখুৱাব৷

প্ৰেমানন্দৰ দেহ মনত আনন্দৰ জোৱাৰ উঠলি উঠিল। শয়ণে সপোনে আমেৰিকাত পিতপিতাই ফুৰিবলৈ ধৰিলে। প্ৰেমাই বেড ৰুমত অকলে শয়ন কৰে আৰু প্ৰতি ৰাতি কমেও তিনি ঘন্টা আমেৰিকানীৰ লগত অতিবাহিত কৰে নিৰবে গোপনে। এদিন ৰাতি প্ৰেমাই চেভ আৱাৰ চ’ল, চেভ আৱাৰ চ’ল বুলি বন্ধ কোঠাৰ বিছনাত চিঞৰ বাখৰ লগাই আছে। প্ৰেমাৰ পত্নী প্ৰতিমাই ল’ৰা দুটাক জগাই “ঐ ল’ৰাহঁত শুনিছনে তহঁতে, বাপেৰৰ কিবা এটা হৈছে। চেচ হ’ল চেচ হ’ল” বুলি বিছনাত চিঞৰ বাখৰ লগাই আছে। ফটাফট দুই পুত্ৰ আৰু প্ৰতিমাই প্ৰেমাৰ ৰুমৰ ওচৰলৈ গৈ দুৱাৰখনত জোৰেৰে ঢকিয়াবলৈ ধৰিলে৷ বৰ পুতেকে দুৱাৰ ভাঙিবলৈ কুঠাৰখনো আনিলে। ঈশ্বৰৰ কৃপাত প্ৰেমাৰ যেনিবা সপোন ভাগিল। দুৱাৰৰ হুকটো খুলি দিলে৷ বোলে আপুনিনো কি চেচ হ’ল চেচ হ’ল বুলি তাল ফাল লগাই আছেহে? কিনো শেষ হ’ল আপোনাৰ? প্ৰেমাই বোলে চেচ হোৱা নাই অ’ “চেভ আৱাৰ চ’ল চেভ আৱাৰ চ’ল” বুলিহে চিঞৰিছিলোঁ‌। প্ৰতিমাই বোলে, “কিয়নো আপোনালোকৰ আত্মা ৰক্ষা কৰিব লাগে? কিনো বিপদ হৈছিল?” প্ৰেমাই বোলে, “আমি প্লেনত আমেৰিকালৈ গৈ থাকোঁতে হঠাৎ প্লেনৰ যান্ত্ৰিক বিজুতি ঘটি আমাৰ প্লেনখন প্ৰশান্ত মহাসাগৰত পৰি গৈছিল৷”

“ভাল হৈছে আমাক একো নজনোৱাকৈ মনে মনে গৈছিল নহয় আমেৰিকালৈ।”

প্ৰেমাই বোলে, “মই অকলে নাই যোৱা ঔ মোৰ লগত আমাৰ অফিচ ষ্টাফ গৈছিল।”

“হ’ব দিয়ক পানীত পৰিল বুলিহে হাড় মুৰ নাভাগিল৷ এইবাৰৰ পৰা আমেৰিকালৈ গ’লে লগত মোকো লৈ যাব৷”

প্ৰেমাই, ভাল বাছিলো লগত জয়শ্ৰী যোৱা বুলি জনা হ’লে ভিতৰৰ ঠাণ্ডা পানী কি বাল্টি মোৰ গাত পৰিলহেঁতেন, পুহ মহীয়া হাড় কপোৱা জাৰত লেপ তুলি সকলো জুৰুলি জুপুৰি হ’লহেতেঁন৷

দিনবিলাক বাগৰি গৈ থাকিল। জয়শ্ৰীয়ে প্ৰেমাৰ পৰা সকলোবিলাক মেৰিটিয়েল তথ্য বিচাৰি ল’লে৷ প্ৰেমাই বাৰু মিছাৰ আশ্ৰয় নোলোৱাকৈ নিজৰ সকলো তথ্য শুদ্ধকৈ জনালে যে তেওঁৰ বয়স প্ৰায় ষাঠি বছৰ। ক’লা চুলিখিনি বগা হ’ল। দাঁত ৭৫% নাইকিয়া হ’ল। শৰীৰত মাইল্ড প্ৰেছাৰ ষ্ট্ৰক নাৰ্ভ প্ৰব্লেম চুগাৰ আৰু ফেটী লিভাৰ প্ৰব্লেম আছে৷ ল’ৰা ছোৱালী চাৰিটা। নাতি নাতিনী চাৰিটা। দৰিদ্ৰতা আদি আপুৰুগীয়া সম্পত্তিৰে তেওঁ চহকী। জয়শ্ৰীৰ কথা বিলাকত প্ৰেমৰ গোন্ধ পায়েই প্ৰেমানন্দই এইবিলাক তথ্য দিছিল৷

কি যে সাংঘাতিক! ইমানখিনি জনোৱাৰ পিছতোনো বাৰু জহনিমৰতিয়ে প্ৰেমাক প্ৰপ’জ কৰিব লাগেনে? তাই হেনো দুবছৰৰ পিছত ৰিটায়াৰমেন্ট ল’ব আৰু ভাৰতলৈ আহি প্ৰেমাক হাজবেণ্ড হিচাবে ল’ব, জুবলিয়েও হেনো প্ৰেমাক ফাদাৰ হিচাবে পাবলৈ খুউব ইচ্ছুক।

প্ৰেমানন্দৰ প্ৰেমত আনন্দ বহুত বছৰৰ আগতে সামৰণি পৰিছে। প্ৰেমৰ পথাৰ, পিতনিত পৰিণত হৈছে। এতিয়া প্ৰেমাৰ দিনে ৰাতিয়ে চিন্তা জয়শ্ৰীৰ পৰা কেনেকৈ পলাব পাৰি৷

এদিন প্ৰেমাই ভুলবশতঃ মোবাইলটো ঘৰত এৰি থৈ গ’ল৷ মোবাইলত ঘুটুং ঘুটুং শব্দ শুনি প্ৰতিমাই মোবাইলটো খুচৰি হোৱাটচএপৰ নটিফিকেচন দেখি মুৰ্চ্ছা গ’ল৷ কিছুসময়ৰ অন্তত হুছ আহিলত জয়শ্ৰীৰ সকলো একাউণ্ট ব্লকাই দিলে প্ৰতিমাই আৰু ওচৰৰ বজাৰখনলৈ গৈ পাঁচ কেজি পকা ভোট জলকীয়া ঘৰলৈ আনি প্ৰেমাৰ বিছনাতে থ’লে। যথা সময়ত প্ৰেমানন্দ ডিউটিৰ পৰা আহি ৰুমত সোমাই বোলে “ইমানসোপা ভোট জলকীয়া কিয় আনিব লাগে? আৰু মোৰ বিছনাত কিয়?”

“জয়শ্ৰী আহিলে এইখন বিছনাত শুব! পিছে প্লেন দুৰ্ঘটনাত জয়শ্ৰীয়ে কষ্ট নেপালে নে? ক’ত পাব নিজে মৰিলেও আপুনিতো তাইক বচাবই৷”

প্ৰেমানন্দই বাইকখনলৈ ততাতৈয়াকৈ ওলাই গ’ল৷ বোলে পুতুককৈ বস্তু এটা আনি লওঁ। তাৰ পিছত প্ৰেমা প্ৰতিমাৰ আজিলৈকে দেখাদেখি নাই। প্ৰেমাই জনিবা লোকৰ মোবাইলৰ পৰা জয়শ্ৰীক ভোট চিলিৰ ফটো দিব লগীয়া হ’ল৷

☆★☆★☆

One comment

  • Anurup Mahanta

    ভোট চিলিৰ কাহিনীটো ভাল লাগিল বৰা দা

    Reply

Leave a Reply

Your email address will not be published.