ফটাঢোল

ভোলাৰামৰ আত্মা (মূল কাহিনীঃ- হৰিশঙ্কৰ পৰছায়) – অনুবাদঃ পূৰৱী কটকী

এনেকুৱা কেতিয়াও হোৱা নাছিল। ধৰ্ম্মৰাজে লাখ লাখ বছৰৰ আগৰ পৰা মানুহৰ কৰ্ম্ম আৰু প্ৰাৰ্থনাৰ ওপৰত ভিত্তি কৰি স্বৰ্গ বা নৰকত ঠাই দি আহিছে। কিন্তু এনেকুৱা কেতিয়াও হোৱা নাছিল। সন্মুখত বহি থকা চিত্ৰগুপ্তই বাৰে বাৰে পৃষ্ঠাবোৰ থু লগাই লুটিয়াই ৰেজিষ্টাৰখন চাইছে। ভুলটো ধৰিব পৰা হোৱা নাছিল। শেষলৈ তেওঁ ইমান জোৰকৈ ৰেজিষ্টাৰ বহীখন জপাই থলে যে মাখি এটা চেপেটা লাগিল। তেওঁ মাখিটোক উলিয়াই ক’লে,- “মহাৰাজ, ৰেকৰ্ডত সকলো ঠিকেই আছে। ভোলাৰামৰ আত্মাটোৱে পাঁচদিনৰ আগতেই দেহ এৰিলে আৰু যমদূতৰ লগত এই লোকলৈ বুলি আহিলে, কিন্তু এতিয়ালৈকে আহিয়ে পোৱাহি নাই।”
ধৰ্ম্মৰাজে সুধিলে,- “আৰু সেই দূতটো ক’ত আছে?”
“মহাৰাজ সেইটোও নাইকিয়া হ’ল।“
সেই সময়তে দ্বাৰ খুলি এটা যমদূত হুৰমূৰকৈ সোমাই আহিল। তাৰ মৌলিক কুৰূপ চেহেৰাটো পৰিশ্ৰম, অশান্তি আৰু ভয়ৰ বাবে আৰু অলপ বিকৃত দেখা গৈছিল। তাক দেখিয়ে চিত্ৰগুপ্তই চিঞৰি উঠিল,-
“আৰে, তই ক’ত আছিলি ইমান দিন? ভোলাৰামৰ আত্মাটো ক’ত আছে?”
যমদূতে হাতযোৰ কৰি ক’লে, -“দয়াময়, মই কি দৰে কওঁ যে কি হৈ গ’ল? আজিলৈকে মই ঠগ খোৱা নাই, কিন্তু ভোলাৰামৰ আত্মাটোৱে মোক ঠগি গুচি গ’ল। পাঁচদিনৰ আগত যেতিয়া আত্মাটোৱে ভোলাৰামৰ দেহ ত্যাগ কৰিছিল, তেতিয়া তাক মই ধৰি লৈ এই লোকলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলো। নগৰৰ বাহিৰ হৈ যেতিয়া মই তাক লৈ তীব্ৰ বায়ুৰ তৰংগত যাত্ৰা কৰিলো তেতিয়াই সি মোৰ হাতৰ পৰা এৰ খাই নাজানো ক’লৈ গ’ল! এই পাঁচদিন মই গোটেই ব্ৰক্ষ্মাণ্ড বিচাৰি চলাথ কৰিলো,  কিন্তু ক’তোৱেই তাৰ খবৰ নাপালো।“
ধৰ্ম্মৰাজে খঙেৰে ক’লে,- “মূৰ্খ প্ৰাণবায়ু আনোতে আনোঁতে বুঢ়া হৈ গ’লি,  তথাপিতো এটা বুঢ়া মানুহৰ আত্মাটোৱে তোক ঠগন দিলে।”
দূতে মূৰ তললৈ কৰি ক’লে, -“মহাৰাজ, মই সাৱধান হোৱাত একো ত্ৰুতি কৰা নাছিলো। মোৰ এই অভ্যস্ত হাতৰ পৰা ভাল ভাল উকিলো এৰ খোৱা নাই, কিন্তু এইবাৰ কিবা ইন্দ্ৰজালৰ দৰে হৈ গ’ল।”
চিত্ৰগুপ্তই ক’লে, -“মহাৰাজ, আজিকালি এই ধৰণৰ ব্যৱসায় বহুত চলিছে। মানুহবোৰে বন্ধুবোৰক কিবা বস্তু দিয়ে আৰু বাটতে ৰেলৱে’ৰ মানুহে হৰলুকি কৰে। মালগাড়ীৰ দবাবোৰ দবা হিচাপেই বাটতে নাইকিয়া হৈ যায়। ৰাজনৈতিক নেতাবোৰে বিৰোধী নেতাবোৰক অপহৰণ কৰি নি বন্ধ কৰি থয়। ভোলাৰামৰ আত্মাটো কিজানি কোনোবা বিৰোধীয়ে মৃত্যুৰ পাছত নষ্ট কৰিবলৈ অপহৰণ কৰা নাইতো?”
ধৰ্ম্মৰাজে ব্যংগাত্মক দৃষ্টিৰে চিত্ৰগুপ্তলৈ চাই ক’লে, -“তোমাৰো অৱসৰ লোৱাৰ সময় হ’ল। ভোলাৰামৰ দৰে নগণ্য, দৰিদ্ৰ মানুহটোৰ বাৰু কাৰ লগত লেন-দেন থাকিব?”
সেই সময়তেই ফুৰা-চকা কৰি নাৰদ মুনি সেই ঠাই পালেগৈ। ধৰ্ম্মৰাজক মন মাৰি থকা দেখি সুধিলে, –
“ধৰ্ম্মৰাজ, এইদৰে চিন্তিতভাৱে কিয় বহি আছে? নৰকৰ নিবাস ঠাইৰ সমস্যা সমাধান এতিয়ালৈকে নাই হোৱা নেকি?”
ধৰ্ম্মৰাজে ক’লে,- ” সেই সমস্যাৰ সমাধানটো কেতিয়াবাই হৈ গ’ল। নৰকলৈ যোৱাবছৰ এজন বৰ গুণী মিস্ত্ৰি এজন আহিল। বহুত অট্টালিকা ঠিকাদাৰে টকা লৈ বেয়াকৈ নিৰ্মাণ কৰিলে, ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ আহিল, যিবোৰে ঠিকাদাৰৰ লগত মিলি পাঁচবছৰীয়া যোজনাৰ টকা আত্মসাৎ কৰিলে। মহৰীবোৰে মজদুৰৰ হাজিৰা পইচা পৰ্যন্ত খালে, যিবোৰে নেকি কামলৈ যোৱাকে নাছিল! এইজনে বহুত সোনকালে নৰকত বহুতো অট্টালিকা নিৰ্মাণ কৰিলে। সেই সমস্যাৰ সমাধান হৈ গ’ল। কিন্তু এটা বৰ ডাঙৰ আৰু বিকট সমস্যা আহিল। ভোলাৰাম নামৰ এটা মানুহৰ পাঁচদিনৰ আগত মৃত্যু ঘটিল। তাৰ আত্মাটো দূতে ইয়ালৈ আনি থাকোঁতেই দূতক ঠগি পলাই গ’ল। দূতে গোটেই ব্ৰহ্মাণ্ড চলাথ কৰিও তাক নাপালে। যদি এনেদৰেই চলি থাকে তেনেহ’লে পাপ-পূণ্যৰ প্ৰভেদেই নাথাকিব।”
নাৰদে সুধিলে, -“তাৰ ইনকাম টেক্স দিব লগা আছে নেকি? তেওঁলোকে ৰাখি থৈছে যদি?”
চিত্ৰগুপ্তই ক’লে,- ” ইনকাম হ’লেহে ইনকাম টেক্স হ’ব। ভোকত মৰা আছিল।”
নাৰদে ক’লে,- “বিষয়টো বৰ গম্ভীৰ। বাৰু মোক তেওঁৰ নাম ঠিকনা কোৱাচোন, মই পৃথিৱীলৈ যাওঁ।”
চিত্ৰগুপ্তই ৰেজিষ্টাৰ চাই ক’লে,-
“তাৰ নাম ভোলাৰাম। জব্বলপুৰ চহৰত ধমাপুৰ নামৰ ঠাই এখনত এক,  ডেৰ কোঠাৰ ভঙাচিঙা ঘৰ এটাত সি তাৰ পৰিয়ালৰ সহিতে থাকিছিল। পৰিয়ালত তাৰ পত্নী, দুটা ল’ৰা আৰু এজনী ছোৱালী আছে। চৰকাৰী চাকৰ আছিল, পাঁচ বছৰৰ আগত অৱসৰ হৈছিল। যোৱা এবছৰৰ পৰা ঘৰৰ ভাড়া দিয়া নাছিল বাবে ঘৰৰ মালিকে তাক ঘৰৰ পৰা উলিয়াই দিব খুজিছিল। সেইসময়তেই ভোলাৰামে সংসাৰেই এৰি দিলে, আজি পাঁচদিন হৈ গ’ল। সম্ভৱত ভাড়াঘৰৰ মালিক যদি প্ৰকৃতাৰ্থত ভাড়াঘৰৰ মালিক তেনেহ’লে ভোলাৰামৰ মৃত্যুৰ ঠিক পাছতেই তেওঁৰ পৰিয়ালক ভাড়াঘৰৰ পৰা উলিয়াই দিলে চাগৈ! সেইবাবে পৰিয়ালৰ সন্ধানত আপুনিও বহুত ঘূৰিব লাগিব।“
মাক-জীয়েকৰ একেলগে ভাঁহি অহা কান্দোন শুনিয়েই নাৰদে ভোলাৰামৰ ঘৰটো চিনি পালে। দুৱাৰমুখলৈ তেওঁ মাত লগালে,- “নাৰায়ণ নাৰায়ণ …।”
ছোৱালীজনীয়ে দেখি ক’লে, -“আহক মহাশয়।”
নাৰদে ক’লে,- “মোক ভিক্ষা নালাগে, মই ভোলাৰামৰ বিষয়ে অলপ সোধা-পোছা কৰিব খোজোঁ। তোমাৰ মাক অলপ বাহিৰলৈ ওলাই আহিবলৈ কোৱা মাজনী।”
ভোলাৰামৰ পত্নী বাহিৰলৈ ওলাই আহিলত নাৰদে সুধিলে, -“ভোলাৰামৰ কি বেমাৰ আছিল?”
“কি ক’ম, দৰিদ্ৰতাৰ বেমাৰ আছিল।পাঁচবছৰ হৈ গ’ল পেঞ্চনৰ আশাত আছিল কিন্তু পেঞ্চন এতিয়ালৈকে নাপালে। প্ৰতি দহ, পোন্ধৰ দিনৰ অন্তত এখন দৰখাস্ত দিছিল। কিন্তু তাৰ পৰা উত্তৰ একো পোৱা নাছিল, পালেও এনেধৰণৰ পাইছিল,- ‘তোমাৰ পেঞ্চনৰ বিচাৰ চলি আছে।‘ এই পাঁচবছৰত আমি গোটেই গহণা-পাতি বিক্ৰী কৰি চলিলো। তাৰ পাছত বাচন-বৰ্তন, তাৰ পাছত আৰু একো নাছিল। চিন্তা আৰু ভোকত থাকোতে থাকোতে তেওঁৰ মৃত্যু হ’ল।“
নাৰদে ক’লে, -” কি কৰিবা আৰু আই! তেওঁৰ আয়ুস ইমানেই আছিল।”
“এনেকৈ নক’ব, আয়ুস আছিল। পঞ্চাছ বা ষাঠি টকাৰ পেঞ্চন মাহেকে পোৱা হ’লে আন একো কামত নাহিলেও অন্ততঃ চলিবলৈ হ’লহেঁতেন। কিন্তু কি কৰিম? পাঁচবছৰ হ’ল অৱসৰ লোৱা আৰু এতিয়ালৈকে ফুটা-কড়ি এটাও নাপালে।”
দুখৰ কথা শুনিবলৈ নাৰদৰ সময় নাছিল। তেওঁ নিজৰ মূল উদেশ্যলৈ আহিল,- “আই কথা এটা কোৱাচোন যে ইয়াত কাৰোবাৰ সৈতে তেওঁৰ বিশেষ বুজাবুজি আছিল নেকি, যাক তেওঁ খুউব ভাল পাইছিল?”
পত্নীয়ে ক’লে,- “তেওঁ নিজৰ সন্তানকেইটাকেই ভাল পাইছিল।”
“নহয় পৰিয়ালৰ বাহিৰৰো কোনোবা থাকিব পাৰে,  মানে কোনোবা স্ত্ৰী।”
পত্নীয়ে খঙেৰে নাৰদলৈ চাই ক’লে, -“আৰু এতিয়া একো নবকিব মহাশয়। আপুনি এজন সন্ন্যাসী, অসাধু ব্যক্তি নহয়। গোটেই জীৱনত তেওঁ কোনো পৰস্ত্ৰীলৈ মূৰ তুলি নাচালে।”
নাৰদে হাঁহি হাঁহি ক’লে,- “হয়, তোমাৰ এই চিন্তা সজ। এই চিন্তাই এখন সুস্থ সংসাৰৰ আধাৰ। বাৰু আই মই আহিলো।”
পত্নীয়ে ক’লে,- “মহাশয় আপুনিতো এজন সন্ন্যাসী, এজন জ্ঞানী পুৰুষ। কিবা এনেকুৱা কৰিব নোৱাৰেনে যে তেওঁৰ ৰৈ থকা পেঞ্চন হৈ যায়। এই লৰা ছোৱালীকেইটাৰ ভোক নিবাৰণ হওঁক দুদিনমানলৈ।”
নাৰদৰ দয়া উপজিল। তেওঁ ক’লে,- “সাধু-সন্ন্যাসীৰ কথা কোনেনো মানে? মোৰ ইয়াত কোনো মঠ নাই,  তথাপি মই বাৰু চৰকাৰী কাৰ্য্যালয়লৈ গৈ চেষ্টা কৰিম।”
তাৰ পৰা নাৰদ চৰকাৰী কাৰ্যালয় পালেগৈ। তাত প্ৰথমতেই বহি থকা কৰ্মচাৰীৰ লগত ভোলাৰামৰ বিষয়টোৰ ওপৰত কথা পাতিলে। সেই কৰ্ম্মচাৰীজনে মনোযোগেৰে তেওঁলৈ চাই ক’লে, –
” ভোলাৰামে দৰখাস্তসমূহটো দিছিল, কিন্তু তাত ওজন থোৱা নাছিল বাবে সেইবোৰ উৰি গ’ল চাগে!”
নাৰদে ক’লে,- “ভাই, ইয়াত বহুতো পেপাৰ-ৱেত আছে দেখোন। এইবোৰৰে নথলে কিয়?”
কৰ্মচাৰীজনে হাঁহি হাঁহি ক’লে, -“আপুনি এজন সন্ন্যাসী, আপুনি পৃথিৱীৰ নিয়ম বুজি নাপায়। দৰখাস্ত পেপাৰ-ৱেতে ধৰিব নোৱাৰে। বাৰু আপুনি সৌটো কোঠাত থকা কৰ্মচাৰীজনক লগ কৰক।”
নাৰদে সেই কৰ্মচাৰীজনৰ ওচৰলৈ গ’ল, সেইজনে দ্বিতীয়জনৰ ওচৰলৈ পঠিয়ালে, সেইজনে তৃতীয়জনৰ ওচৰলৈ,  তৃতীয়জনে চতুৰ্থজনৰ ওচৰলৈ। যেতিয়া নাৰদে এনেকৈ পঁচিশ- ত্ৰিশজন কৰ্মচাৰী আৰু অফিচাৰৰ ওচৰৰ পৰা ঘূৰি আহিল তেতিয়া এজন পিয়নে ক’লে,-
“মহাশয়, আপুনি কিয় এইবোৰ ঝামেলাত সোমায়ছে? আপুনি বছৰটো ইয়াত ঘূৰি ফূৰিলেও কামত নিদিয়ে। আপুনি চিধাই গৈ ডাঙৰ চাহাবক লগ কৰক, তেওঁক সুখী কৰিব পাৰিলেই কাম হৈ যাব।”
নাৰদ ডাঙৰ চাহাবৰ কোঠালৈ গ’ল। বাহিৰত থকা চকিদাৰটোৱে টোপনিয়াই আছিল বাবে তেওঁক কোনেও নৰখালে। ভিজিটিং কাৰ্ড নোহোৱাকৈ লগ কৰিবলৈ যোৱাৰ বাবে চাহাবে বেয়া পাই ক’লে, –
“এইটো কিবা মঠ-মন্দিৰ বুলি ভাবিলে নেকি?  হুৰমূৰকৈ সোমায় আহিল যে! কাৰ্ড নপঠালে কিয়?”
নাৰদে ক’লে,- ” কেনেকৈ পঠাওঁ, চকিদাৰ শুই আছে।”
“কি কাম আছিল?”- চাহাবে দাম্ভিকতাৰে সুধিলে।
নাৰদে ভোলাৰামৰ পেঞ্চনৰ কথা ক’লে।
চাহাবে ক’লে,- “আপুনি হৈছে বৈৰাগী মানুহ,  কাৰ্যালয়ৰ নীতি নিয়ম নাজানে। আচলতে ভোলাৰামে ভুল কৰিলে। ভাই,  এইটোও এটা মন্দিৰ, ইয়াতো দান-পূণ্য কৰিব লাগে।আপোনাক ভোলাৰামৰ কোনোবা আত্মীয়ৰ দৰেই লাগিছে। ভোলাৰামৰ দৰখাস্তসমূহ উৰি ফুৰিছে। তাত ওজন দিয়ক।”
নাৰদে ভাবিলে যে পুনৰ ইয়াত ওজনৰ সমস্যাই মূৰ দাঙি উঠিলে।
চাহাবে ক’লে, -“ভাই, চৰকাৰী টকাৰ কথা। পেঞ্চনৰ বিষয়টো বিশটামান কাৰ্য্যালয়ত ঘূৰে, পলম হৈ যায়। বিশবাৰ একেটা কথাকে বিশ ঠাইত লিখিব লগীয়া হয়, তাৰ পাছতহে নিৰ্ণয় লোৱা হয়। যিমান পেঞ্চন পোৱা যায়,  সিমানটো ষ্টেচনাৰীত লাগি যায়। হয়, সোনকালো হয়। কিন্তু….। “- চাহাব ৰৈ দিলে।
নাৰদে সুধিলে,- “কিন্তু কি?”
চাহাবে কুটিলভাৱে মিচিকিয়াই ক’লে, -“কিন্তু ওজন লাগিব, আপুনি বুজি পোৱা নাই। যেনেকৈ আপোনাৰ এই সুন্দৰ বীণাখন আছে, এইখনৰো ওজন ভোলাৰামৰ দৰখাস্তবোৰত ৰাখিব পৰা যায়। মোৰ ছোৱালীজনীয়ে গান-বাজনা এইবোৰ শিকি আছে। এইখন মই তাইক দিম। সাধু-সন্ন্যাসীৰ বীণাৰ পৰাটো সুন্দৰ সুৰ নিগৰে।”
নাৰদে নিজৰ বীণাখন হেৰুৱাব বুলি ভাবি অলপ ভয় খালে। কিন্তু পাছত তেওঁ বীণাখন টেবুলত থৈ ক’লে, –
“এইখন লওঁক, এতিয়া অলপ সোনকালে ভোলাৰামৰ পেঞ্চনৰ অৰ্ডাৰ উলিয়াই দিয়ক।”
চাহাবে প্ৰসন্নতাৰে তেওঁক বহিবলৈ চকীখন দি, বীণাখন এটা কোণত থৈ বেলটো বজালে। চকীদাৰ হাজিৰ হ’ল। চাহাবে হুকুম দিলে বৰবাবুৰ টেবুলৰ পৰা ভোলাৰামৰ ফাইল আনিবলৈ।
অলপসময়ৰ পাছত চকীদাৰে ভোলাৰামৰ এশ-ডেৰশ দৰখাস্তৰে ভৰ্ত্তি ফাইল আনিলে। তাত পেঞ্চনৰ কাগজো আছিল। চাহাবে নাম চাই নিশ্চিত হ’বলৈ সুধিলে, “কি নাম কৈছিল মহাশয় আপুনি?”
নাৰদে ভাবিলে চাহাবে কাণেতে কম শুনে, সেইবাবে চিঞৰি ক’লে,- “ভোলাৰাম।”
লগে লগেই ফাইলটোৰ পৰা মাত ভাঁহি আহিল,- ” কোনে মাতিছে মোক, পোষ্টমেন নেকি?পেঞ্চনৰ অৰ্ডাৰ আহিল নেকি?”
নাৰদ আচৰিত হ’ল, কিন্তু পাছমুহূৰ্ততেই কথাটো বুজি পাই ক’লে,- “ভোলাৰাম! তুমি ভোলাৰামৰ আত্মা নেকি?”
“হয়”- বুলি পুনৰ মাত ওলাল ..
নাৰদে ক’লে, -“মই নাৰদ, তোমাক নিবলৈ আহিছো। ব’লা স্বৰ্গত তোমাৰ অপেক্ষা কৰি থকা হৈছে।”
ফাইলটোৰ পৰা মাত ওলাল, -“মই নাযাওঁ। মই পেঞ্চনৰ দৰখাস্তবোৰত ওলমি ৰ’লো। ইয়াতেই মোৰ মন বহি গ’ল। মই মোৰ দৰখাস্তবোৰ এৰি যাব নোৱাৰো।”

☆★☆★☆

Leave a Reply

Your email address will not be published.