ফটাঢোল

ভোলাৰ প্ৰসাদ – প্রাঞ্জল হাজৰিকা

আমাৰ সৰুকালটো আজিৰ শিশুৰ দৰে  ডিজিটেল ভার্চুৱেল পৃথিৱীখনতে সীমাবদ্ধ নাছিল। মুকলি পথাৰ, শৰীৰৰ উৎকৰ্ষ সাধন কৰা খেল বোৰ খেলিয়েই ডাঙৰ দীঘল হৈছিলোঁ‌। দুষ্টামিও কৰিছিলোঁ‌। তাহানিৰ সেই খেলৰ লগৰীয়া মিকিৰ, চু-কন, থুপুকা, ফেলেক আৰু গাধৈ কেউটাই এতিয়া ডাঙৰ লোক৷ আমি কেইটা সততে কেতিয়াও লগ এৰা দিয়া নাছিলোঁ‌৷ ভিন্ন স্কুলৰ হ’লেও স্কুল ছুটীৰ পিছত পোনছাটেই জেঠাইদেউহঁতৰ ঘৰৰ আগফালৰ প্ৰকাণ্ড শিমলু গছজোপাৰ তলত লগ হওঁ‌হি৷
এই নামবোৰে বিশেষ বৈশিষ্ট্য বহন কৰিছিল৷ থুপুকা চাপৰ আছিল৷ কোৱাৰিৰে লেলাৱটি সৃষ্ট জলাধাৰ এটা বহুদিনলৈকে বৈ থাকিছিল৷ তাৰ হলৌজলৌ খাকি পেন্টটোৰ ফাকেৰে তাৰ সকলো সম্পত্তি দেখা পোৱা গৈছিল৷ আমি কেতিয়াবা সেইফালে সৰু মাৰিৰে খুচি দি তাৰ ধৈর্য শক্তি টেষ্ট কৰিছিলোঁ‌৷ সাধাৰণতে গণ্ডগোলীয়া খেলবোৰৰ থুপুকা ফার্ষ্ট টার্গেট আছিল৷ চু-কনে প্ৰস্ৰাৱ কৰোতে সি তাৰ বিখ্যাত পেন্টটোত নেপেলোৱাকৈ কৰিব নাজানিছিল৷ গাধৈয়ে কুমজেলেকুৱাটোতকৈও কম খৰখেদাকৈ কাম কৰিছিল৷ সেইকাৰণে গাধা নামেৰে মাতিবলৈ বেয়া পাই আমি গাধৈ নাম দিছিলোঁ৷ বগা্ইও আমাৰ খেলৰ মেম্বাৰ আছিল৷ বগাই মিকিৰহঁতৰ নিপোটল স্বাস্থ্যৰ দমৰা গৰু৷ শিমলু তললৈ আহোতে সাধাৰণতে মিকিৰ বগাইৰ পিঠিত উঠি আহিছিল৷ স্কুল বন্ধ পালেই সচৰাচৰ কোৰোকানিৰ মুকলি পথাৰত আমি গৰু চৰাবলৈ যোৱাৰ দৰে সেইদিনাও গৈছিলোঁ‌৷ বিশাল মুকলি পথাৰখনৰ পৰিবেশটো বৰ ভাললগা৷ হাই উৰুমি নাই৷ কাষেৰে বৈ গৈছে ডিফলু৷ গৰুৰ কাৰণে আছে পর্যাপ্ত ঘাঁহ৷

সেইদিনা আছিল শিৱৰাত্ৰি৷

আমাৰ গাঁৱৰ গোলাপ বর্তাই দিনতে শিৱৰাত্ৰি পাতিছে পথাৰৰ মাজত থকা নিজম বহাটোত৷ কাষৰ গাঁৱৰ দুই এজন ভঙুৱা ভকত আৰু আমি গৰখীয়াবোৰেৰে মোটামুটি কুৰিজন মানুহ৷
ইতিমধ্যে ভোলানাথৰ অন্যতম প্ৰসাদ ধোঁৱাভাগে ভকতসকলৰ শৰীৰ-মনত ভৰ কৰিছেহি৷ আমি কণিষ্ঠমণ্ডলীয়ে সেইফালে মন কৰা অপৰাধ৷ হওঁতে সেইটো বয়সত মননো কাৰ নাযায়! পিছে জ্যেষ্ঠজনৰ ওচৰত এনে ধুম্ৰপাণ ধর্মবিৰোধী কথা৷
মিকিৰে কিন্তু চেষ্টা এৰা নাই৷ অকনমান গুৰিভাগকে সৰকাব পৰা হ’লে সাউতকৈ নদীৰ কানলৈ গৈ কাগজতে বিৰি এটা বনাই দুহোপমান মাৰি দি শিৱৰ ৰঙীণ সাগৰত সাঁ‌তোৰ একচাট দিব পৰা গ’লহেেঁতন৷ পিছে নাই! চান্স বুলিবলৈ নায়েই৷ বুঢ়া ভকত কেইজনে প্ৰসাদভাগ, চিলিম আদি সামগ্ৰীৰ চাৰিওফালে যিটোহে ডিফেন্স চিষ্টেম সাজি লৈছে, তাক ব্ৰেক কৰাতো মিকিৰৰ বাবে অসম্ভৱ হৈছে৷
উপায়হীন হৈ ঠোঁট-মোট চেলেকি বহি থাকিলোঁ‌ ধৈর্যৰে৷ বর্তাৰ নীতি-নিয়ম শেষ হোৱাৰ পিছত প্ৰসাদৰ সময় আহিল৷ আমি শাৰী পাতি বহিলোঁ‌৷
প্ৰসাদৰ লগত সিবিধৰ দুটাকৈ লাড়ু৷ বৰ হেঁপাহেৰে সেয়া ভক্ষণ কৰা হ’ল৷ আমি আশা কৰিছিলোঁ‌, লাড়ু কেইটা খাই দিয়াৰ পিছতে আমাৰ গাত শিৱবাবাই ভৰ কৰিবহি৷ কিন্তু দুইমিনিট, তিনিমিনিটকৈ বহুমিনিট পাৰ হৈ গ”ল৷ নাই ! গালৈ শিৱবাবা নাহেহে নাহে৷
এইবাৰ আন এটা বস্তু প্ৰসাদৰ কলপাতবোৰত পৰিবেশন কৰা দেখা পাই মন জঁ‌পিয়াই উঠিল৷
– ঘোঁ‌টা, ঘোঁ‌টা৷ সেয়া ঘোঁ‌টা৷ আমাৰ ফুচফুচনি বাঢ়িল৷
খাই নোপোৱাই ইয়াৰ টেষ্ট বুজি নাপাব৷ সাইলাখ কনডেন্স মিল্ক৷ খাটি গাখীৰ, গৰুৰ ঘিউ আদিৰ লগতে ভোলানাথৰ প্ৰসাদ পগাই বনোৱা হয়৷
সৰু চামোচ এখনেৰে বর্তাই এফালৰ পৰা দি আহি আছে, আহি আছে৷ আমাৰ মনটোৰ লগতে গাটো ক’ৰবাত উত্তেজনাত পিৰপিৰাইছে৷
– বহি থাক অ’ এইডাল৷ নিজকে হেঁচা মাৰি মাৰি বহুৱাইছোঁ‌৷
– ৰে বাবা ভোলানাথ! চামোচখন ডাঙৰ কৰি দিয়া! ডাঙৰ কৰি দিয়ানা৷ এয়াচোন তোমাৰেই প্ৰসাদ৷ আমি এটা মিৰাকল হৈ যোৱাৰ কাৰণে বাবাক খাটনি ধৰিলোঁ‌৷
এটা সময়ত আমাৰ পাততো পৰিলহি সেইভাগ৷ পিছে মিৰাকলডাল নহ’ল৷ মানে, চামোচ ডাঙৰ নহ’ল৷ বর্তাই আকৌ একৰাউণ্ড পৰিবেশন কৰিলে৷
এসময়ত প্ৰসাদ পর্ব শেষ হ’ল৷ ভোলাবাবাই শৰীৰত ভৰ নকৰাৰ দুখ এটা লৈ অৱশেষত আমি বহা এৰিলোঁ‌৷ অদূৰত পথাৰৰ মাজত আমাৰ টাংগুটিৰ খেলা আৰম্ভ হ’ল৷
কিছুসময়ৰ পিছত বর্তাই সকলো সামৰি আজৰি হৈ মিকিৰক চিঞৰি মাতিলে৷ আমাৰ তামাম চাচপেঞ্চ৷ কি হ’ল কথাটো৷ বর্তাই কিবা এটা তালৈ আগবঢ়াই দিয়া আমি আঁতৰৰ পৰা দেখা পালোঁ‌৷
ওচৰ আহি পালত দেখা পালোঁ‌ এটা নালভগা কাপৰ ওপৰত কলপাত এখিলা দি নৰা এডালেৰে মুচৰি কিবা বান্ধি দিছে৷
– ঘোটা৷ কোনেও নুচুবি৷ মামালৈ নিবলৈ দিছে৷ মিকিৰে সকলোকে সাৱধান কৰি দিলে৷
মনবোৰে লকলকাই উঠিছিল যদিও, মিকিৰৰ কথাত মনবোৰ জয় পৰি গ’ল৷ কাপটোৰ নিৰাপত্তাৰ খাটিৰত সি আমাক খেলিবলৈ দি আলি এটাতে বহি থাকিল৷ কাষত চু-কন৷ আমি খেলাত লাগিলোঁ‌৷
অলপ পিছত আমি লক্ষ্য কৰিলোঁ, সেই বিশেষ কাপটোৰ লগত কিবা এটা যেন ঘটি আছে৷ ওচৰ চাপি দেখিলো, কাপটোৰ ওপৰত থকা কলপাতখন ফটা৷ মিকিৰ আৰু চু-কনে সেইফালে আঙুলি ভৰাইছে, চুপিছে ; আঙুলি ভৰাইছে, চুপিছে৷
আমি প্ৰৱলভাৱে প্ৰতিবাদ কৰিলোঁ‌৷ কি হৈ আছে আমি জানিব লাগে৷ হাজাৰ হ’লেও গণতন্ত্ৰ, নহয় জানো? মিকিৰে আমাক অন্যায় নকৰিলে৷ সি পাতখন আঁতৰাই দিলে৷ দেখিলো তলিতে অকনমানহে ঘোটা বাকী৷ আমি নিশ্চিত চু-কনক কেৱল সাক্ষীহে কৰি ৰখা হৈছে৷ ইয়াৰ অধিকাংশ মিকিৰেই অংগুষ্ঠগত কৰিছে৷ মিকিৰৰ এই অন্যায় প্ৰতিহত কৰিব নোৱাৰা সাংঘাটিত দুখ এটাই আগুৰি ধৰিলে আমাক৷
কিন্তু আমি তলকিব পৰাৰ আগতেই বাকীকনো সাউৎকৈ গিলি থ’লে মিকিৰে৷ খং আৰু দুখত আমাৰ হিয়াবোৰ মোচৰ খাই উঠিল৷ খেলিবলৈ মন নোযোৱা হ’ল৷ কোনো মাতবোল নকৰাকৈ জলকা লাগি আমি পথাৰৰ মাজতে বহি পৰিলোঁ‌৷ চকুবোৰ সৰু সৰু হৈ পৰিছিল৷ লৰচৰ নকৰাকৈ বহি থাকি আমেজ লাগিছিল৷ দেৰিকৈ হ’লেও ভোলাবাবাৰ ক্ৰিয়াযে আমাৰ ওপৰত আৰম্ভ হৈ গৈছে, সেয়া বুজিবলৈ আমাৰ সাধ্য নাছিল৷
কিমান সময় পাৰ হৈ গ’ল গম পোৱা নাছিলোঁ‌৷
হঠাৎ চুকনে কান্দিবলৈ ধৰাত তাৰ ফালে চকু নিলোঁ‌৷ তাৰ কন্দা দেখি উঠিল আমাৰ হাঁ‌হি৷ আমি ওচৰ চাপি তাৰ কান্দোনৰ কাৰণ আৱিষ্কাৰ কৰিব খুজিলোঁ‌৷ সি কান্দি কান্দি ক’লে –
– এইখন গোটেইখন পানীয়েই পানী৷ ঘৰলৈ কেনেকে যাম? আমি চাৰিওফালে চালোঁ‌৷ ক’তো এটোপালো পানীৰ অস্তিত্ব নাই৷ বোলো কি হ’ল ইয়াৰ?
ইফালে, মিকিৰে আৰু জমাইছে৷ পথাৰৰ সৰু সৰু আলিবোৰ তাৰ কাৰণে দুর্লংঘ্য পাহাৰহেন হৈ পৰিছে৷ সি বগুৱা বাই বাই আলিবোৰ পাৰ হৈ যাবলৈ চেষ্টা কৰিছে৷ আমি ওচৰ চপাত ক’লে –
– চাল্লা এইবোৰ আহিল ক’ৰপৰা? ইমান ওখ ওখ টিলা! আমাৰ ঘৰটো এইফালে নে সেইফালে…? এসোপা অসংলগ্ন কথাৰে মিকিৰে আবোল তাবোল বকিবলৈ ধৰিলে৷ আমি ঠিক বুজিলোঁ‌৷ ভোলাবাবাৰ প্ৰসাদৰ ক্ৰিয়া৷ ভালপাইছোঁ‌৷ খকটোতো কম নহয় ইহঁতৰ৷ মৰ কেনেকৈ মৰ এতিয়া৷ আমি মনে মনে উপভোগ কৰিলোঁ‌৷
কিন্তু ভিতৰি আমাৰ তামাম চিন্তা৷ চু-কনৰ অৱস্থা এতিয়াও ইমান বেয়া হোৱা নাই৷ কিন্তু মিকিৰ৷ এইডালক নিয়া যায় কেনেকৈ ঘৰলৈ৷ মানুহডালো গাৰে-গাৰিয়ে বৰ এডাল!
অৱশেষত, এটা উপায় ওলাল৷ বগায়ে তেতিয়াও পথাৰত নিশ্চিন্তমনে ঘাঁহ খাই আছে৷ তাক ধৰি অনা হ’ল৷ তাৰ পিছত বগাইৰ পিঠিতে মিকিৰক কোনোমতে উঠাই পেটপেলাই আধা শোৱন দিয়াই পঘা দুডালমানেৰে বান্ধি দিলোঁ‌৷
– তোৰ ওপৰত ভোলানাথ লম্ভি আছে৷ তই বগাইক একদম নেৰিবি বুজিছ৷ সি ঘৰ পৌচাই দিব৷ আমি মিকিৰক দঢ়াই দঢ়াই ক’লোঁ‌৷
তাৰ পিছত আমিও তাৰ পিছে পিছে আহিবলৈ ধৰিলোঁ‌৷ অলপ দূৰ অহাৰ পিছত আমাৰ গাতো নিজৰ নোহোৱা হৈ গৈছিল, ভৰিবোৰ নোহোৱা যেন লাগিছিল, ……… আৰু কিবা কিবি হৈছিল, এতিয়া মনত নাই৷
আমি কেনেকৈ ঘৰ পালোঁ‌ সেয়াও একেবাৰে মনত নাই৷ পিছত শুনিছিলোঁ‌, মিকিৰক বগায়ে হেনো চোঁ‌চোৰাই চোঁ‌চোৰাই ঘৰ পোৱাইছিলগৈ৷ পথাৰৰ আলিৰ ওপৰেৰে চোঁ‌চোৰাই আনোতে মিকিৰৰ হাত-ভৰিৰ ছাল চিগি আধ্যা হৈছিল৷
আচল কেছটো গম পাই মিকিৰৰ মাকে হেনো গোলাপ বর্তাৰ চৌধ্য পুৰুষ উজাৰি গালি পাৰি পাৰি পুৰণি থেকেৰাৰ পানী দুবাতি খচি খচি খুৱাই তাৰ নিচা ভাঙিছিল৷
সেই তেতিয়াৰ পৰা আমি সেইফেৰা প্ৰসাদলৈ চকু-মন-প্ৰাণ আৰু একো দিয়া নাই ৷

★★★★

2 Comments

  • অসমী গগৈ

    ভাল লাগিল।

    Reply
  • …স্কুল বন্ধ পালেই সচৰাচৰ কোৰোকানিৰ মুকলি পথাৰত আমি গৰু চৰাবলৈ যোৱাৰ দৰে সেইদিনাও গৈছিলোঁ‌৷ বিশাল মুকলি পথাৰখনৰ পৰিবেশটো বৰ ভাললগা৷ হাই উৰুমি নাই৷ কাষেৰে বৈ গৈছে ডিফলু৷ গৰুৰ কাৰণে আছে পর্যাপ্ত ঘাঁহ৷…এইখিনিয়ে নষ্টালজিক কৰি দিলে !
    বাকীখিনিত হাঁহিলো !

    Reply

Leave a Reply

Your email address will not be published.