ফটাঢোল

ভ্ৰাম্যমাণ থিয়েটাৰ আৰু কিছু অনুভৱ – কুল শইকীয়া

ভ্ৰাম্যমাণ থিয়েটাৰৰ ‘আজিৰ নিৱেদন অমুক’ বুলি মাইক ফুকাই ৰিক্সাত উঠি অহা ডেকা ল’ৰাটোক চাবলৈ ঘৰৰ ভিতৰৰ পৰা ঠিক দৌৰি ওলাই অহা নাই, আচলতে নাটকখননো কি, কাৰ নাটক;কেইবাটাও হ’ব উৎসুকতা দমাব নোৱাৰি হে পঢ়াৰ টেবুলৰ পৰা দৌৰি আহি নঙলা মুখত ভীৰ পাতোহি। তেতিয়াই লগৰ ল’ৰাৰ লগত প্লেন-প্ৰগ্ৰেম বনোৱা হয় যে আজিৰ নাটক চাব লাগিব দুটাকৈ দৰ্শনী হৈছে, বৰ চলিছে, মানুহৰ সাংঘাটিক ভীৰ, টিকট পোৱাই মস্কিল, আবেলি গ’লেহে ৰাতিৰ দৰ্শনী চাব পৰা যাব, টিকটৰ বাবে শাৰীয়ে সৰ্পিল ৰূপ লৈছে, ব্লেকতো কিনিব লগাত পৰিব পাৰে।

তাৰ পিছৰ খিনি দুই তিনি কিলোমিটাৰ চাইকেল মৰাৰ কথা, চাইকেলত ডাব্লিং কৰাৰ অভিজ্ঞতা, ৰাতি তেনেকৈ গ’লে পুলিছে নমাই লৈ টিকাত দুকোৱ দিয়াৰ চিন্তা, লাইন পাতি টিকট কিনাৰ শ্ৰান্তি, শেষত গেলাৰীত বহি হাজাৰ হাজাৰ মানুহৰ সৈতে কিৰিলি পাৰি নাটক চাই উত্তেজিত হোৱাৰ কথা – –
এইবোৰৰ কেৱল মোৰ ব্যক্তিগত ল’ৰালিৰ উপদ্ৰৱ, অভিজ্ঞতা বুলিলে ভুল কোৱা হ’ব।কাৰণ ভ্ৰাম্যমাণৰ এই চুম্বকীয় আকৰ্ষণৰ বল ৰেখাই অসমৰ নাটক চাই ভালপোৱা, নাটক চাই ফাটেকলৈ যাবলৈ সাজু হোৱা মানুহখিনিৰ উপৰিও আমোদ প্ৰমোদ কৰি দুৰ্বিষহ জীৱনত মাদকতা বিচৰা প্ৰায় খিনি ৰাইজকে সময় বিশেষে স্পৰ্শ কৰি যায়।

ভ্ৰাম্যমাণ থিয়েটাৰ এই আবেদন সাংঘাটিক, তাত কাম কৰা কলা কুশলী, মেনেজমেন্টৰ মানুহখিনি আটাইৰে বাবে ই হৈ পৰে এক মিলন তীৰ্থ। গাঁৱে-ভূঞে, নগৰে-চহৰে, এনেবোৰ থিয়েটাৰৰ জনপ্ৰিয় নাটসমূহ ৰাইজে হিল দল ভাঙি গৈ চাইছে, ৰসাস্বাদন কৰিছে, আৰু এক অৰ্থনৈতিক শিল্প হিচাপে শতাধিক মানুহৰ জীৱন প্ৰণালীৰ প্ৰত্যহিকতাক প্ৰতিষ্ঠা কৰিছে। ৰাইজ আৰু শিল্পীৰ মাজৰ এই সৱল সাঁকোখন ভ্ৰাম্যমাণ থিয়েটাৰৰ কেৱল কমাৰ্চিয়েল নাটক কৰি কলাসুলভ নাটকৰ ক্ষতি কৰিলে বুলি আওৰাই থকা কলা সমালোচকসকলৰ কলমৰ দৌৰাত্ম্যত ভাগি পৰিব নোৱাৰে। বৰঞ্চ ক্ৰমশঃ এই থিয়েটাৰ দলবোৰৰ স’তে নতুন নতুন নাট্যকাৰৰ সংযোজন, নতুন দলৰ আবিৰ্ভাৱে নতুন নাট্যান্দোলনৰহে সৃষ্টি কৰাৰ উমান পাব পাৰি। যুগৰ বৈষয়িক পৰিৱৰ্তনৰ স’তে খোজ মিলাই তেওঁলোকে বদলাইছে নিজা নিজা কলা – ৰীতি-নীতি, টেকনিক, কাৰুকাৰ্য্য, কলা-নৈপুণ্য, নাটকৰ ঘটনাৰাজি। এই পৰিৱৰ্তন-পৰিৱৰ্দ্ধনে তেওঁলোকক অধিক জনপ্ৰিয় কৰি তুলিছে, বাণিজ্যিক দিশতো সফলতা আনি দিছে আৰু বৃদ্ধি হৈছে তেওঁলোকৰ কলেৱৰ, নতুন নতুন শিল্পীৰ সমাগম।
ভ্ৰাম্যমাণ থিয়েটাৰৰ জগত খনেই বেলেগ, প্ৰায় গোটেই বছৰ তেওঁলোকৰ বাবে জনতাক তৃপ্তি দি বাণিজ্যত সফল হোৱাৰ স্বপ ৰচা, নাটক নিৰ্বাচন কৰা, আখৰা কৰা,শতাধিক মানুহৰ ব্যৱস্থাপনা কৰা, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰদক্ষিণ কৰাৰ প্ৰকল্প ৰচা—এইবোৰ টিলিকতে উৰুৱাই দিব পৰা প্ৰয়াস নহয়। তাৰ বাব প্ৰয়োজন নিষ্ঠা, একাগ্ৰতা আৰু আন্তৰিকতা। ভ্ৰাম্যমাণ থিয়েটাৰে অসমৰ নাট্যান্দোলনৰ বাবে কি কৰিছে বুলি মুখ ভেঙুচালি কৰি ইতিকিং কৰিব খোজা সকলে অসমৰ ৰাইজ আৰু এই থিয়েটাৰ কলা-কুশলীৰ মাজত থকা আৱেগিক, অৰ্থনৈতিক এনাজৰী ডালৰ টনকিয়াল বান্ধোনটোৰ কথা একেষাৰে দলিয়াই দিব পাৰিবনে?

আমাৰ মাজত সেয়া এক ডাঙৰ প্ৰশ্ন ।

☆★☆★☆

Leave a Reply

Your email address will not be published.