ফটাঢোল

ভয় – অভিজিত কলিতা

বিকট শব্দৰে এলাৰ্মটো বাজি উঠাত বিছনাতে জপিয়াই উঠিলো, চেহ! বহুত দেৰি হৈ গ’ল নেকি? এলাৰ্মটো বা কেইবজাত লগোৱা আছিল! পুৱা দহমিনিট পলম হৈ গ’লেই সকলো খেলিমেলি হৈ যায়। ভয় লাগিল। ভয় লগা দিন এটা আকৌ আৰম্ভ হ’ল।
মূৰটো অলপ ঘুৰোৱা যেন লাগিছে। কি হ’ল আকৌ? প্ৰেছাৰটো ঠিকেই আছিল। পিছে এই পুৱাৰ সময়খিনিত প্ৰেছাৰ বাঢ়ি যায়, ষ্ট্ৰ’কবোৰ প্ৰায় এই সময়তে হয়। হে ভগৱান, তেনে কিবা এটা হ’লে কি হ’ব? নমৰিলেও পেৰেলাইছিচ হয়েই দেখোন! মই খোজ কাঢ়িব নোৱাৰা হ’লে, নিজৰ একান্ত ব্যক্তিগত কামকেইটা নিজে কৰিব নোৱাৰা হ’লে মোৰ কি হ’ব? মোৰ পৰিয়ালটোৰ কি হ’ব? ভয়ত বুকু কঁপি উঠিল।
ভয়ে ভয়ে বিছনাৰপৰা নামিলো, ইফালে পাকঘৰত কাম কাজ আৰু মুখ সমানে চলি আছে, বনকৰা মানুহজনী হয়তো অহা নাই আজি। সেয়ে শ্ৰীমতীৰ খঙে মূৰৰ চুলিৰ আগ পাইছেগৈ। এওঁৰ খংটো আজিকালি বৰ বেছি হৈছে, কিবা থাইৰইড-চাইৰইডে পাইছে নেকি? তেওঁৰ তেনে এটা অসুখ হ’লে আমাৰ ঘৰখন কি হ’ব? বৰ ভয়ৰ কথা। আৰু কামকৰা মানুহজনীৰ কি হ’ল? এন আৰ চিত কিবা খেলি মেলি লাগি আছে বুলি শুনিছিলো, ক’ৰবালৈ গুচিয়েই গ’ল নেকি? এস্! তাই নাইকিয়া হ’লে বৰ বিপদৰ কথা হ’ব। আজিকালি কাম কৰা মানুহ পোৱাটো কিমান যে সমস্যা। ভয় লাগিল, যদি তাই জানি শুনিয়েই পলাই গৈছে, তেনে তাইতো ঘৰৰ কিবা বস্তু চুৰি কৰিও নিব পাৰে। আমাৰ ইহঁতসোপা যিয়ে অসাৱধান! ভয় লগা কথা এইবোৰ। আকৌ কাম বন নাইকিয়া হ’লে তাই ডকাইত-চোৰৰো লগ লাগিব পাৰে, তাই আমাৰ ঘৰৰ তলানলা সকলো জানে। ৰাতি যদি বন্দুক লোৱা ডকাইত লৈ আহি যায়, কি হ’ব? মোৰ ভয়তে বুকু কঁপি উঠিল।
গাটো ধুই টেবুলত বহিলোহি। এওঁ আজি বাটাৰ সনা ব্ৰেড আৰু চাহেৰেই পুৱাৰ জলপানৰ কাম সামৰিছে। উপায়ো নাই। পিছে এই বাটাৰসোপা বৰ বেয়া বস্তু, কলেষ্ট্ৰল, চেচুৰেটেড ফেট! হাৰ্ট এটেকলৈনো কিমান দূৰ। পিছে ভোকো লাগিছে। ভয়ে ভয়ে ব্ৰেকফাষ্ট খালো। তেওঁৰ মুখলৈকে চাবলৈ ভয় লাগিল। খঙত টিঙিৰি তুলা হৈ আছে। মই মনে মনে কাপোৰ কানি পিন্ধি ওলাই গ’লো।
ন বজাই নাই, কিন্তু ৰ’দে ৰূদ্ৰমূৰ্তি ধৰিলেই। বাছবোৰতো যে ইমান ভিৰ, ভৰি সুমুৱাবৰে জেগা নাই। পিছে ৰৈ থাকিলে নহ’ব। অফিচলৈ দেৰি হোৱা মানেই ভয়ৰ কথা। নতুন বছটো সদায় সকলোতকৈ আগতে আহি পায়হি, আমি সকলো তেওঁৰ ভয়ত কঁপি থাকো। সৰু কথাতে মানুহক ট্ৰেন্সফাৰ কৰি দিয়ে। মোকো যদি ক’ৰবাৰ দূৰণিলৈ পঠাই দিয়ে কি হ’ব? ভয় লাগিল। যেনে তেনে বাছ এখনত উঠি দিলো।
মোৰ কাষতে মহিলা দুগৰাকীমান ঠিয় হৈ আছে, ইফালে পিছৰপৰা কোনোবাই মোক ঠেলি আছে। মই প্ৰাণেপণে মহিলাকেইগৰাকীৰ গাত গা নলগোৱাকৈ থাকিবলৈ চেষ্টা কৰিলো। কি ঠিক, কেনেবাকৈ গাত লাগিলে মই ইচ্ছা কৰি কৰিছোঁ বুলি হুলস্থূল লগাই দিয়ে যদি? চৰ মাৰি দিয়ে যদি? মোৰ মান সন্মান তেনেই ধূলিস্যাৎ হৈ যাব। ভয় লগা কথা। যেনে তেনে ভাৰসাম্য ৰাখি গৈ থাকিলো।
বাছখনো এনে জোৰত চলাইছে! ক’ৰবাত কেনেবাকৈ খুন্দা মাৰি দিব লাগিলে মহা পয়মাল হ’ব। এনেই দেৰি হ’ব অফিচলৈ। চেহ, ভয় লগা কথা এইবোৰ। ড্ৰাইভাৰটোৱেনো বাৰু অলপ সাৱধানে গাড়ীখন চলালে কি হয়? ভয় চয় নাই এই মানুহবোৰৰ!
কোনোমতে গৈ অফিচৰ ষ্টপে’জটো পালোগৈ। ঠেলি হেঁচি বাট উলিয়াই নামি আহিলো। মাটিত ভৰি দিয়াৰ লগে লগে কাষেৰে হুৰুসকৈ মটৰ চাইকেল এখন পাৰ হৈ গ’ল। মই ভয় খাই গ’লো। কেনেবাকৈ গাত খুন্দা লগে হ’লে হাত ভৰি ভাঙি গ’লহেতেন। আৰু হস্পিটেলত সোমোৱা মানেই লাখ টকাৰ তলত কথাই নাই। এক মিনিট! এইবাৰ মেডিকেল ইঞ্চুৰেন্সৰ প্ৰিমিয়াম দিবলৈ পাহৰা নাইতো? কেতিয়া বা আছিল! আৰু এই মেডিকেল ই্চুৰেন্সবোৰ এদিন লেপচ হ’লেই আকৌ নতুনকৈ কৰিব লাগে। ভয় লাগিল। এতিয়াই গৈ চাবগৈ লাগিব।
মেডিকেল বোলোতে এল আই চিৰ প্ৰিমিয়ামটোৰ কথাও মনত পৰিল। যোৱা মাহত দিব লগা আছিল, বিয়া এখন ওলাল, দিব নোৱাৰিলো। এমাহ গ্ৰেচ পিৰিয়ড থাকে অৱশ্যে। কিন্তু এইমাহতনো ক’ৰপৰা দিওঁ? কেনেকৈ জোৰা মাৰিম? মোৰ বৰ ভয় লাগিল। আমাৰ এওঁ আকৌ সেইবোৰ নুবুজে, কিবা এটা লাগ বুলিলে লাগিবই। তেওঁক ওলোটাই ক’বলৈয়ো মোৰ ভয় লাগে, একদম ‘চিন ক্ৰিয়েট’ কৰি দিব। ভয় লগাৰ কথাই আকৌ।
খৰধৰকৈ অফিচত সোমালোগৈ। ভাগ্য ভাল, আজি বছ অহাই নাই। মই সকলোতকৈ সোনকাল। পিছে বৰুৱাহঁতে ফিচফিচাব নেকি আকৌ- এইজনে বছক তেল মাৰিছে চোৱা। ইংগিতপূৰ্ণ চকুৰে চাব নেকি আকৌ? ভয় লাগিল। ভাল নালাগিব তেনেকৈ ক’লে।
চকীত বহি ফাইলকেইটালৈ চালো, কেইটামান অলপ গণ্ডগোলীয়া ফাইল আছে। মই পেলাই থৈছো। আজিকালি চহী কৰিবলৈকে ভয়, ভিজিলেন্স, চিবিআই, মেডিয়াই কোন তলকত বাঘে ধৰাদি ধৰে অনুমান কৰাই টান। তাতকৈ পৰিয়ে থাকক। কোনোবাই সুধিলে, N A pls বুলি মাৰ্ক কৰি দিম।
টেবুলৰ তলেৰে মোবাইলটো উলিয়াই চালো, ফেচবুকত এগালমান নটিফিকেচন পৰি আছে। অফিচত ফেচবুক আদি খোলা নিষিদ্ধ, তথাপি ভয়ে ভয়ে চালো। মেচেজ এগালমানো আছে। পিছে উত্তৰ নিদিয়াই ভাল হ’ব। আজিকালি ফেচবুক কৰাও ভয়ৰ কথা, পুলিচে চাই থাকে। মেচেজ বক্সটো আৰু সাংঘাটিক। কোনে কেতিয়া স্ক্ৰীণশ্বট লৈ ৰাজহুৱাকৈ অপমান কৰি দিয়ে কি ঠিক। আৰু তেনে কিবা এটা হ’লে মোৰ ঘৰত কি পৰিস্থিতি হ’ব ভাবিবই নোৱাৰি। উস! কি ভয়ৰ কথা!
ফেচবুকৰ কথা ভাবি থাকোতেই আৰু এটা কথা মনলৈ আহিল। আমাৰ এওঁ দেখোন আজিকালি সকলো সময়তে মোবাইলটোতে মূৰ গুজি থাকে, মোবাইলটো লক কৰিও থয়। কি কৰি থাকে বাৰু? বছৰৰ মূৰত দুখন চেল্ফি বা তিনিখন কিবা কিবি ব্যঞ্জনৰ ফটো দিয়াৰ বাদে তেওঁৰ পাব্লিক প্ৰফাইলত একো নাই! তেনে কি কৰি থাকে মানুহজনীয়ে? অদ্ভূত আশংকা এটাত মন কঁপি উঠিল মোৰ- কিবা অবৈধ প্ৰেম চ্ৰেম হোৱা নাইতো! আজিকালি ডেকা ল’ৰাবোৰে বিবাহিতা মহিলাকহে বেছিকৈ চকু দিয়ে বোলে- কোনে জানো কৈছিল। হে ভগৱান, তেনে কিবা এটা যদি হয় কি হ’ব? যদি কোনোবা ব্লেকমেইলাৰৰ পাল্লাত পৰে? মান সন্মানৰ কথা বাদেই, ব্লেকমেইলাৰৰ ডিমাণ্ড মইহে পুৰা কৰিব লাগিব! মই ক’ৰপৰা ইমানবোৰ পইচা পাম? ভয় লগাৰ কথায়। ল’ৰা ছোৱালী দুটাৰ কি হ’ব?
মোৰ সকলোতকৈ ডাঙৰ ভয় এই ল’ৰা-ছোৱালী দুটাৰ ভৱিষ্যতক লৈ। যিহে দিনকাল পৰিছে, আৰু সিহঁতৰ যিহে স্বভাৱ, মই কোনো আশাই দেখা নাই। পঢ়া শুনাও যেনে তেনেহে চলাই আছে, মৰমতে আমি সিহঁতক আন কামো কৰিবলৈ শিকোৱা নাই। ল’ৰাটোৰ বাবে বাৰু কিবা কিবি অলপ সাঁচিছো, তাৰে সি চলি যাব পাৰিব। কিন্তু চলাই খাবওতো পাৰিব লাগিব! গতিগোত্ৰ দেখিতো তেনে লগা নাই। মোৰ ভয় নেলাগিবনে!
ছোৱালীজনী বাৰু বিয়া দি দিম, তাইক গিৰিয়েকে চাব আৰু। কিন্তু ভাল ল’ৰা এটানো কেনেকৈ পাম? যদি তাই প্ৰেম চ্ৰেম কৰি বেয়া ল’ৰা এটাৰ লগতে বিয়া হয়। কিছুদিনৰ পাছত সি যদি তাইক এৰি দিয়ে? কি হ’ব তাইৰ? ইহঁতক যিমানে বুজাওঁ, নুবুজে! সেয়ে ভয়তে মোৰ বুকু কঁপি থাকে।

***
ভয়লগা কথাবোৰ ভাবি থাকোতেই পাঁচ বাজিল। লৰালৰিকৈ ওলাই আহিলো। বজাৰৰপৰা বস্তু দুটামান ল’ব লগা আছে। আজিকালি পিছে শাক পাচলি, মাছ মঙহ কিনিবলৈকে ভয়। সকলো পাচলিত বোলে কিবা কিবি দৰৱ মাৰে, সোনকালে বাঢ়িবলৈ বেজী দিয়ে। সেইবোৰ খালে কি হ’বগৈ ভাবিলে পেটতে হাত ভৰি লুকায়। মাছো হেনো ফৰ্মেলিন দিহে নেগেলাকৈ ৰাখে। ফৰ্মেলিন বিহ নহয় জানো? আমি বাৰু আমিয়েই, ল’ৰা-ছোৱালীকেইটাক কি ইমানগাল ধন ভাঙি কি খুৱাই আছোঁ তেৰাইহে জানে। ইস্! কিমান ভয়ংকৰ কথা!
তথাপিও সৰু সুৰা বয় বস্তু দুটামান লৈ ঘৰ পালোগৈ। এওঁৰ মুখামুখি হ’ব লাগিব বুলি ভাবিয়েই আকৌ ভয়টো লাগিল। পুৱাতে যি ৰূপ দেখুৱাইছে। তেওঁ চোফাতে বহি একান্ত মনে মোবাইল পিটিকি আছে। আঁৰ চকুৰে চালো- বৰ বেছি খঙত থকা যেন নাই লগা দেখোন, নাই অলপ মিচিকিয়াই হাঁহি থকা যেন হে লাগিল। কি হ’ল আকৌ- কাৰোবাৰ লগত প্ৰেমালাপ কৰিলে নেকি? মনটো যে ইমান ভাল? কাৰ লগত কথা পাতি আছে? দুপৰীয়াৰ ভয়টো আকৌ এবাৰ উজাৰ খাই আহিল।
চাহ একাপ নিজেই কৰি বাতৰি কাকতখন মেলি ল’লো। আজিকালি বাতৰি কাকত মেলিবলৈ ভয়েই লাগে, কেৱল হতাশা, নিৰাশা, অশান্তিৰ বাতৰি। মানুহবোৰৰ হৈছে কি? পৃথিৱীখন ধ্বংস কৰিহে এৰিব নেকি? কেৱল মৰা কটা-যুদ্ধ! কোনোবাই এটম ব’ম চ’ম মাৰি দিলে কি হ’ব বাৰু? মোৰ ভাবিয়েই ভয় লাগিল।
ল’ৰা-ছোৱালীকেইটাই পঢ়া সামৰিলে। ল’ৰাটোৰ নিজৰ মোবাইল আছে। সি দেখোন সেইটো লৈ বাথৰুমত সোমাল। বাথৰুমত তাক মোবাইল কিয় লাগে? হে ঈশ্বৰ, পৰ্ণ-চৰ্ণ চাবলৈ শিকা নাইতো? কি ঠিক, আজিকালি ইমান সহজলভ্য, সি নাজানিলেও তাক লগৰবোৰে নিশিকাব নে? তাৰ লগৰবোৰ কম বদমাছ নেকি? মই জানো নহয়। এইবোৰৰ নিচা লাগিলে ল’ৰাটো ধ্বংস হৈ যাব। কি ভয়ৰ কথা!
ভাত বাঢ়িলে। মই আজিকালি ৰাতি তেনেই কমাই খাওঁ, পেট ভৰাই খালে কতবোৰ যে ভয় লগা ৰোগে জুমুৰি দি ধৰিব অনুমান কৰাই টান। ভাত খাই উঠি দুটামান দৰৱ খাব লাগে মই। আজি প্ৰায় দুবছৰ ধৰি খাই আছোঁ। ডাক্তৰেহে জানে আৰু কিহৰ দৰৱ এইবোৰ। ইমানকৈ দৰৱ খাই থাকিলে কিবা চাইড এফেক্ট নহ’ব জানো? নিশ্চয় হ’ব! কিন্তু নেখাবলৈয়ো ভয়, কি বা হৈ যায়! ভয় দুইফালেই।
হওক তেওঁ, ভয়ে ভয়ে হ’লেও দিনটো পাৰ হ’ল। আজি ৰাতি টোপনি আহিলেই হ’ল আৰু। বিনিদ্ৰ ৰাতিলৈ মোৰ বৰ ভয় লাগে। আৰু ভয় লাগে টোপনিৰ পাছৰ সপোনবোৰলৈ।

☆★☆★☆

23 Comments

  • হেমন্ত কাকতি

    ঝাকাছ! এজ ইউজুৱেল অভিজিত৷

    পিচে এতিয়া কিবা এটা নিলিখিলেও নহব নহয়, বোলে কাকতি দাই লিখাটো পঢ়ি কমেন্ট এটা নিদিলে, কোনে কত বেয়া পাই যায় কব নোৱাৰি নহয়৷ বৰ ভয় লাগে বুজিছা৷

    Reply
    • অভিজিৎ কলিতা

      হে হে। নেৰো আপোনাক

      Reply
    • অভিজিৎ কলিতা

      নেৰো আপোনাক।

      Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল

    Reply
  • ৰিণ্টু

    আপোনাৰ মগজুত থকা বস্তুবোৰ এমাহমানৰ কাৰণে মোক ধাৰলৈ দিব নেকি, ঈৰ্ষা লাগে সঁ‌চাই আপোনাৰ সৃষ্টিশীলতালৈ। বৌৰ পৰা আপোনাৰ ডায়েট লিষ্টটো ল’ব লাগিব।

    বেলেগ কমেণ্ট দিয়াৰ দুঃসাহস নকৰো, ভয় লাগে

    Reply
  • Manash Saikia

    ভয়৷ সকলোতে ভয়েই৷ ভয়েভয়ে জী আছোনে মৰি আছোঁ,গমকে নাপাওঁ৷
    খুৱ সুন্দৰকৈ লিখিলে৷

    Reply
  • জয়ন্ত দাস

    বাঃঃ মজা লিখিলে দেই৷

    Reply
  • অঞ্জলি

    সঁচাকৈয়ে ভয় লাগিল অভিজি্ত দা

    Reply
  • অভিজিৎ কলিতা

    ধন্যবাদ। এটা নহয় আমাৰ মনত ক্ৰিয়া কৰি থাকে অলেখ অযুত ভয়ে। এয়া হয়তো আজিৰ সভ্যতা বা সমাজ ব্যৱস্থাৰে বাই প্ৰডাক্ট।

    Reply
  • সদানন্দ ভূঞা

    ভয়ৰ বিষয়ে বৰ সুন্দৰ কৈ লিখিলে দেই ।

    Reply
  • Sunth

    আপোনাৰ লেখন শৈলী 🙏

    Reply
  • Mridula

    বহুত ভাল লাগিল ।
    ইয়াত দীঘল ৈক coment লিখিবলে ভয় বানান ভুল ৈহ যায় ।

    Reply
  • পঢ়ি কমেণ্ট কৰিবলৈও ভয় লাগিছে। কমেণ্টতো উপযুক্ত নোহোৱাৰ ভয়। চেল্যুট দাদা।

    Reply
  • Pulak Boruah

    ভাল লাগিল।

    Reply
  • মানসী

    বহুত ভাল লাগিল।

    Reply
  • Mridusmita Sarma

    আজিহে ভাবি চাইছোঁ।সঁচাকৈয়ে অনবৰতে এটা ভয় থাকেই লগত।

    Reply
  • Manisha

    কাকো ভয় নকৰোঁ। কমেণ্ট দিমেই দিম।

    Reply
  • অমৰ জ্যোতি বৰা

    ভাল লাগিল

    Reply
  • ধৰিত্ৰী

    ইমান ধুনীয়া লিখনি কমেণ্ট কৰিবলৈও ভয় লাগে নহয়।

    Reply
  • অভিজিত কলিতা

    ধন্যবাদ ৰাইজ

    Reply
  • দিম্পল

    ইমান ভয় নলগাব না।
    উঠি অহা ল’ৰা

    Reply
  • Anonymous

    পঢ়ি উঠি চকু ফৰফৰাৱ ললে, ভয়হে সোমাল ,চকুৰ অসুষ হব বুলি ৷

    Reply
  • Hamen Dhing

    সুন্দৰ লিখনি

    Reply

Leave a Reply

Your email address will not be published.