ফটাঢোল

মই মোৰ দৰে হ’ম– অঞ্জন সাধনিদাৰ

পৰীক্ষালৈ হাতত পোন্ধৰ দিনমান আছেগৈ৷ পিছে মনৰ অৱস্থা “শূণ্য হিয়া মোৰ হ’ল যে উকা” বিধৰ৷ ঘৰখনত মাৰ উচপিচ্ দেখিলেহে গম পোৱা যায় যে তেখেতৰ সু-পুত্ৰৰ পৰীক্ষা সন্নিকট৷ গেটৰ খুটা এটাত দেউতাই এখন ফলক আঁৰি দিছে বাটৰুৱাৰ বাবে .. “ কথা লাহে লাহে পাতিব, বিজ্ঞান শাখাৰ পৰীক্ষাৰ্থী আছে”৷

ঘৰত আলহী-অতিথি আহিলে বিদায় দিবলৈ মা দেউতাৰ খৰখেদা৷ একমাত্ৰ মাৰ লগৰ কেইগৰাকী আহিলেহে কথা পতাৰ অনুমতি আছে ৷ কথা মানে “ডামিনী”ৰ কালিৰ খণ্ডৰ ব্যাখ্যাখিনি৷

কলনিৰ মুঠ পাঁচটা ল’ৰা ছোৱালীয়ে বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত বহিব ৷ বাকী কেইজনতকৈ মোৰ ওপৰত সকলোৰে অলপ আশাটো বেছি৷ কাৰণ মোক নিজকেই আচৰিত কৰি মা দেউতাই ৮৫% ৰ এটা ফলাফল আনি দিছিল মেট্ৰিকত ৷ মামাই SEBA ত চাকৰি কৰে ৷ চোকাই আছিলোঁ যদিও ইমান নম্বৰ পোৱাকৈ চোকা নাছিলোঁ ৷ ভালেই লাগিছিল ৷ পাৰ্টি, সম্বৰ্ধনা গামোচাৰে ভৰি পৰিছিল সকলো ৷ একমাত্ৰ বিদ্যালয়ৰ শিক্ষক সকল আৰু মই মাজে মাজে বিবুধিত পৰিছিলোঁ ৷

আৰু অৱধাৰিত ভাৱেই মোৰ নাম লগাই দিয়া হ’ল মোৰ চহৰৰ পৰা দূৰৰ এখন আগ শাৰীৰ জুনিয়ৰ কলেজত ৷ দুদিন মান ভাল লাগিছিল ৷ ঘৰৰ পৰা দূৰৈত ব্যক্তিগত মেছত ৷ লগৰকেইটা অলপ কম নম্বৰ পোৱা ৷

প্ৰথমটো ক্লাছ টেষ্টতে বুজি পালোঁ “সাগৰলৈ সঁচাই বহু দূৰ …….
বিজ্ঞান আৰু মই তেল আৰু পানী৷

তেতিয়া আৰু উভতাৰ সময় নাছিল ..
কাৰণ মায়ে দেউতাক বুজাই দিছিল … ডাক্টৰৰ মাক মই হ’বই লাগিব ৷ লাগিলে যিমান লাগে টিউচন দিয়ক, টিউচন চাৰৰ ঘৰ দূৰত গতিকে আপুনি অনা নিয়া কৰিব নোৱাৰে যদি তাক বাইক এখনকে কিনি দিয়ক৷ লাগিলে বন্ধন গোটৰ পৰা মই ল’ন এটাকে লৈ ল’ম৷

মই নিজে কোৱাৰ আগতেই এটা দামী ম’বাইল লৈ মা উপস্থিত হৈছিল মোৰ মেছত৷ ম’বাইল দিছিল যাতে ঘৰৰ পৰা মায়ে পঢ়িছোনে কি কৰিছো তদাৰক কৰিব পাৰে, সমনীয়াৰ লগত ম’বাইলতে পঢ়া শুনাৰ কথা ডিচকাচ কৰিব পাৰে৷

সঁচা অৰ্থত ক’বলৈ গ’লে জহন্নামে যোৱাৰ আটাইকেইটা উপাদান মোৰ হাতত বিদ্যমান৷ সকলো যোগান দি নিশ্চিন্ত মনে ল’ৰা ডাক্টৰ হোৱাৰ সাতোৰঙী সপোন দেখিবলৈ আৰম্ভ কৰিছিল মা-দেউতাই ৷ দেউতাতকৈ মাৰ ইচ্ছা আৰু আগ্ৰহ এক কথাত দুৰাকাঙ্খা অলপ বেছি আছিল৷

ক্লাচবোৰ আৰম্ভ হৈছিল কোবাল গতিত ৷
ফিজিক্স মেমক ভাল নালাগে ৷
কেমেস্ত্ৰি বুজিয়েই নাপাওঁ ৷
মেঠচ্ মষ্ট বৰিং৷
ধুৰ .. বায়’ ক্লাছ যায় নেকি ??

তাতকৈ টিউচন কেইটাই ভাল ৷ অন্তত: গীতালিহঁতক লগ পাব পাৰি ৷ ক্লাচ আৰম্ভ হোৱাৰ আগতেই পইচা দিব লাগে টিউচনত। গ’লেও হয় নগ’লেও ফট’ষ্টেট কপি পাই যায় ৷
এনেকৈয়ে পাৰ হ’ল প্ৰথম বৰ্ষ ৷

অল এলাউ বাবে বহিব পালোঁ চেকেণ্ড য়েৰত৷
এইবাৰতো আৰু ফটাফটি আছিল৷ মে জুন মাহৰ পৰাই বিভিন্ন পৰীক্ষাৰ বাবে ফৰ্ম ফিলআপ৷ NEET, AFMC, AIIMS একো বাদ নপৰিল৷
পাঁচশ টকাৰ ঠাইত এহেজাৰ দিয়াটো মাৰ এটা নিজা স্বভাৱ ৷ গতিকে মোৰ বাহিৰা পইচা বেছি আছিল ৷ বৰ সুখেৰে কটোৱা দিন কেইটাৰ পাছত যোৱা নৱেম্বৰ মাহতে ঘৰলৈ আহিলোঁ পঢ়িবৰ বাবে ৷ ষ্টাদি লিভ।
এটিয়াহে দেখি পালোঁ একো নাই মগজুত ৷ টিউচন কৰাৰ নামত কৰা স্ফুৰ্তিবোৰ মনত পৰিছে ৷ একো লিখিব নোৱাৰোঁ পৰীক্ষাত ৷ সেই কথা কেনেকৈ বুজাও মা দেউতাক ?? ইতিমধ্যে মা দেউতাই গুৱাহাটীত ক’চিং চেন্টাৰ বন্দৱস্ত কৰি আহিল ৷ শইকীয়ানী আন্টীৰ আগত এটা দীঘল ভাষণেই দিলে ৷ ক’ত পঢ়াব মোক, MD ক’ত কৰিম ! চহৰৰ মাটিকণত নাৰ্চিং হ’মৰ প্ৰপ’জেল এটা বনাইছোঁ …
মুঠতে অলেখ….।
মইহে বুজিছোঁ “পাৰ কৰা প্ৰভু মোক সংসাৰ সাগৰ” মোৰ অৱস্হা…

আপুনি ক’ব পঢ়িলে কিয় নোৱাৰিম? শিক্ষকে ক’ব পাৰিবই লাগিব, ঘৰত ক’ব লাগ বুলিলেই সকলো সুবিধা দিছো নোৱাৰাৰ প্ৰশ্নই নাহে৷

পিছে মই?

দৌৰত জেকপট লগোৱাৰ অদম্য উচ্চাকাংক্ষা থকা জকিৰ লেঙেৰা ঘোঁৰা৷ ঘোঁৰা বুলি নিজকে এই বাবেই ক’লো কাৰণ ক’ৰবাত পঢ়িছিলোঁ You can take the horse up to the pond but you can not force him to drink water….

সুৰাৰ বিপনীত ডাঙৰ ডাঙৰ হৰফেৰে ‘অফিচাৰ চইচ’ নামৰ এটা ব্ৰেণ্ডৰ বিজ্ঞাপনত লিখা আছিল “ভিতৰৰ অফিচাৰজনক জগাওক”৷

যদি কোনো তেনে ঔষধ ওলাল হয় যে টেটুৰ গুৰিলৈকে খাই দিলেই ভিতৰৰ শিক্ষাৰ্থীজন জাগি যায়৷ পিছে কি কৰিব? শচীন টেণ্ডুলকাৰে ৰাগ টনা হ’লে আৰু লতা মঙ্গেস্কাৰে ক্ৰিকেট বেট, হয়তো নদাই ভদাইৰ দৰে এজন হ’লহেঁতেন৷ মই এজন লেখক হ’ব খোজোঁ৷ সেয়ে আজি জীৱনৰ প্ৰথম লেখাটো মাত্ৰ এটা কলম আৰু এখন কাগজেৰেই কোনো সুবিধা নোহোৱাকৈ লিখিবলৈ আৰম্ভ কৰিলোঁ।

☆★☆★☆

8 Comments

Leave a Reply

Your email address will not be published.