ফটাঢোল

মণিকুন্তল(তৃতীয় খণ্ড) – গীতাশ্ৰী কলিতা

দ্বিতীয় খণ্ডত:
“মণিৰো মন গলিছে। মনতে ভাবিছে এইবাৰ চাপৰিৰ পৰা আহিলে কুন্তলক মনৰ কথা কব লাগিব। কিন্তু ভবা মতেই সকলোবোৰ নহয়, তাৰ আগতেই সম্পৰ্কীয় নবৌয়েকৰ ককায়েক প্ৰভাতৰ ঘৰৰ পৰা মণিলৈ বিয়াৰ প্ৰস্তাৱ আহিল। চহৰত চাকৰি কৰা ল’ৰা, তাকো চিনাকি পৰিয়ালৰ। ঘৰৰ মানুহে না কৰাৰ কথাই নাহে। মণিৰ অলেখ আপত্তিৰ পাছতো বিয়া সিদ্ধান্ত হ’ল প্ৰভাতৰ লগত। তেনেতে ঘটিল এক ঘটনা, যাৰ পাছত প্ৰভাতে বিয়াৰ কথা নাকচ কৰিলে। হয়তো ভগৱানে হতাশাগ্ৰস্ত মণিৰ কপালত আন কিবাহে লিখি থৈছিল।”

 

মণিকুন্তল-গীতাশ্ৰী কলিতা

 

কুন্তলৰ দেউতাকে মণিক কুন্তলৰ বাবে খুজিবলৈ আহিছে৷ তাই নিজকে চিকুট মাৰি চালে৷ ঠিকেই শুনিছেনে তাই? হয় তাই ঠিকেই শুনিছে, তাৰেই আলোচনা হৈছে৷

 

কতদিন বাট চালে এইটো মুহূৰ্তৰ বাবে৷ কিন্তু আজি সুখী হোৱা নাই কিয় মণি! আজিৰ এই মুহূৰ্তটো যদি তিনিমাহ আগত হলহেঁতেন মণিতকৈ সুখী কিজানি আন কোনো নহ’ল হেঁতেন৷ সময়ে আজি আনি কি এক দোমোজাত পেলাইছেহি তাইক৷ কি কৰিব এতিয়া! কুন্তলৰ মুখত কথাবোৰ শুনি তাই থিৰাং কৰিব পৰা নাই, তাইৰ এই আলৈ আথানিৰ মূলতে কোন! মাক দেউতাক? নে মাক দেউতাকে নিজৰ এই কৰ্তব্য পালন কৰিলে? কুন্তলৰ কথাত আজি কোনেও মাত মতা নাই৷ যিটো কথা শুনিবৰ বাবে অতদিন বাট চালে আজি নাটকীয় পৰিস্থিতিৰে সন্মুখলৈ আহিছে৷ ধৰা পৰিছে কি দৰে মণিৰ মাকে জীয়েকৰ আহিবলগা সুন্দৰ ভৱিষ্যতৰ দোহাই দি কুন্তলৰ মাকক পুতেকক মণিৰ পৰা আঁতৰাই ৰাখিবলৈ কৈছিল৷ মণিৰ মাকৰ কথা শুনি সেইদিনা আহিবলগা কুন্তলক মাকে আদবাটৰ পৰা ওভোটাই পঠালে৷ আৰু মণিৰ বিয়াৰ কথা কৈ শপত ল’লে কাহানিও যাতে কুন্তলে মণিৰ কথা নাভাবে৷
সেই দিনধৰি কুন্তল গাঁৱলৈ ভুমুকিও মৰা নাই৷ কাকো সোধা নাই মণিৰ খবৰ৷ কুন্তলৰ মতে যদি তাৰ অবিহনে মণিৰ জীৱন সুখৰ হয়, তেন্তে সি নিজৰ প্ৰেম ত্যাগ কৰিবলৈ সাজু৷ সি নিজেও নাজানে কিমান সুখত সি মণিক ৰাখিব পাৰিব৷ সকলোৰে সুখৰ কথা ভাৱি কুন্তল আঁতৰি দিছিল মণিৰ ওচৰৰ পৰা৷ সিতো ভাবিছিল কিজানি মণিয়ে অতদিনে ন-সংসাৰৰ পাতনি মেলিছেগৈ৷ কিন্তু সিদিনা অকস্মাতে গৈ ওলোৱা মনজিতৰ মুখত মণিৰ খবৰ পাই আৰু ৰব নোৱাৰিলে৷ সকলো ধৈৰ্যৰ বান্ধ চিগি গ’ল৷ বহুত ভুল হৈ গ’ল, বহুত ভুল হৈ গ’ল তাৰ৷ কিমান আশাৰে তাই বাট চাই আছিল তাৰ বাবে৷ ইমান বিশ্বাস কৰিছিল তাক৷ বিনিময়ত কি পালে তাই?আৰু কুন্তল নিজে, সিওতো কম কষ্টত থকা নাই৷ তাইৰ সুখৰ কথা ভাবিয়েই সি আঁতৰি আহিছিল৷ কিন্তু শেষত কি হ’লগৈ? কি পালে দুয়ো? কেৱল দুখ আৰু দুখ৷ তাৰ হিয়াৰ আমঠু মণিৰ এই দুৰ্দশাৰ সময়ত যদি সি কাষত থিয় দিব নোৱাৰে তেন্তে সি জীৱনটো নিজক ক্ষমা কৰিব নোৱাৰিব৷ এটা সময় আছিল সি সকলোৰে ইচ্ছা পূৰণ কৰি নিজৰ ইচ্ছা অনিচ্ছাক জ্বলাঞ্জলি দি মণিৰ লগতে নিজকো অন্ধকাৰলৈ ঠেলি দিছিল৷ কিন্তু তাৰ পৰিণাম দেখিলে সি৷ এতিয়া আৰু নহ’ব৷ সি নিজৰ বাবে চিন্তা কৰিব৷ মণিৰ বাবে চিন্তা কৰিব৷ তাৰ বাবে হাজাৰ বাধাও নেওচিব৷ মণিক এই অন্ধকাৰ পথত পথভ্ৰষ্ট হবলৈ এৰি কেতিয়াও নিদিয়ে৷ সকলোৰে লগত যুঁজিও তাইক আপোন কৰি লৈ যাব৷ তাক মণিৰ দেহৰ সৌন্দৰ্য্য নালাগে, মণিৰ অন্তৰৰ ভালপোৱা লাগে৷ বাহিৰৰ এই পোৰা দাগে কাহানিও তাক সিদ্ধান্তৰ পৰা বিচলিত কৰিব নোৱাৰে৷ তাৰ এই সিদ্ধান্তত দেউতাক অলপো আচৰিত নহ’ল৷ সম্পূৰ্ণ সন্মতি জনালে৷ মাকৰ লগতে ঘৰৰ বাকী সদস্যৰ কোনো আপত্তি নৰজিল৷ শেষত সৰ্ব সন্মতিক্ৰমে আজি দেউতাকক লগত লৈ কুন্তল আহিছে মণিহঁতৰ ঘৰলৈ৷ তাৰ বুকুৰ আপোন মণিক সকলোৰে আগত নিজৰ কৰি ল’বলৈ৷

 

ইফালে মণিৰ মনত ধুমুহা বলিছে৷ কি কৰিব কি নকৰিব৷ এইদিনটোৰ বাবে যে তাই কতদিনে বাট চাই আছিল৷ প্ৰতিক্ষণে সপোন দেখিছিল এই মুহূৰ্তৰ৷ কিন্তু আজি সন্মুখত সকলো পাইও তাই সুখী হোৱা নাই কিয়৷ এৰা, এনেকৈটো বিচৰা নাছিল৷ তাই বিচাৰিছিল অতদিনে সযতনে আলফুলে বৈ ৰখা বিহুৱানখন স-সন্মানে কুন্তলক যাচিব৷ কিন্তু আজি সেই দিন নাই, সেই ক্ষণ নাই৷ আনে চুৱা-পাতনিত পেলাব খোজা বিহুৱানখন কি সতেৰে আনি কুন্তলক হাতত যাচি দিব তাই! নাই নাই, তাই আৰু কুন্তলৰ যোগ্য হৈ থকা নাই৷ তাইক কোনেও পুতৌ কৰিব নালাগে৷ কুন্তলক তাইৰ লগত সাঙুৰি তাৰ জীৱনটো ধ্বংস হ’বলৈ তাই দিব নোৱাৰে৷

 

এইবাৰ মাক দেউতাকে সিদ্ধান্ত জনোৱাৰ আগতেই মণিয়ে মাত লগালে৷ মাক দেউতাকে প্ৰায় সন্মতি জনোৱাৰ দৰেই৷ এনে অৱস্থাত যিকোনো মাক দেউতাকৰ দৰেই তেওঁলোক উপায়ন্তৰ৷ মণিৰ এই অৱস্থা কি দৰে চাই থাকিব৷ পানীত খেৰ কুটাডালকে সাৰথি কৰাৰ দৰে কুন্তলক তেওঁলোকে এৰিব নিবিচাৰিলে৷ এনে কৰিলে যেন তেওঁলোক কুন্তলৰ ওচৰত কৃতজ্ঞ হে৷
কিন্তু মণি স্থৱিৰ৷ তাই ক’লে এই মুহূৰ্তত তাই আকৌ বিয়াৰ কথা ভবা নাই৷ তাইক সময় লাগে৷ মণিৰ এই কথাত সকলো আচৰিত হ’ল৷ বেছিকৈ কুন্তল৷ তাই যেন বহুত সলনি হৈ গ’ল৷ যিজনী ছোৱালী তাৰ বাবে সকলো এৰি যাবলৈ সাজু আছিল আজি কি হ’ল? নে তাইৰ কুন্তলৰ প্ৰতি মৰম কমি গ’ল? নাই সি মণিক বুজাত কাহানিও ভুল কৰা নাই৷ মণি তেনে হবই নোৱাৰে৷ তাই সময় লওক৷ লাগিলে যিমান পলম নহওক কুন্তল মণিৰ বাবে অপেক্ষা কৰিব৷ ঘটনাৰ বুজ লৈ কুন্তলৰ দেউতাকো সন্মত হ’ল৷ বয়সে গৰকা মহাজনৰ চকুত সকলো ধৰা পৰে৷ ইমানবোৰ ঘটনাৰ পাছত মণিৰ এনে মানসিক অৱস্থা স্বাভাৱিক৷ তেওঁ মণিৰ কথাত হয়ভৰ দিলে৷ তেওঁ সকলোকে আশ্বাস দি যাবলৈ ওলাল৷

 

আজি দুদিন ধৰি মণিয়ে ভাবি পোৱা নাই কি কৰিব৷
মনৰ মাজত তুমুল যুঁজ৷ কোনফালে ধৰিব কোনফালে এৰিব ঠিক কৰিবই পৰা নাই৷ বাৰে বাৰে চোন বিবেক মনটোৰ ওচৰত হাৰি যাব খোজে৷ তুলাচনীখনত কুন্তলৰ ভাগটোৰ ওজন বেছি হৈ আহিছে৷ নাই তাই নোৱাৰিব৷ তাই বুজি উঠিছে, কুন্তলৰ মৰম প্ৰত্যাখ্যান কৰাটো তাইৰ বাবে বৰ কষ্টকৰ হ’ব৷
আজি বহুতদিনৰ মূৰত চোতালৰ ফুল কেইজোপাৰ যত্ন লবলৈ মন গ’ল তাইৰ৷ আবেলি হৈছে মাথো৷ শেৱালি ফুলৰ পাহিবোৰ এপাহ এপাহকৈ খোল খোৱাৰ যো-জা চলিছে৷ খৰিকাজাইজোপাৰ গোন্ধটোও বাঢ়ি আহিছে৷ ইমান ধুনীয়া গোন্ধটো৷
আঃ! ফুল এপাহ আনি গোন্ধটো নাকলৈ উজাই ল’লে তাই৷ এই মাধৈ-মালতীজোপাই পদূলিমুখৰ কঁঠাল পুলিটো তেনেই চাটি ধৰিছে৷ ফুলখিনি সামৰিলেই অলপ কাটি দিব লাগিব৷ কথাবোৰ মনতে জুকিয়াই আছে তাই৷ ফুলনিৰ শেষলৈ থকা পাণজোপাৰ গুৰিটো অলপ চাফ-চিকুণ কৰি দিলে তাই৷ কেইদিনমান আগতে জোনৰ মাকে পানৰ ঠালি এটা বিচাৰিছিল৷ তায়েই দি আহিব বুলি ওলাল৷ বহুতদিন হ’ল জোনক লগ পোৱা৷ মাকক কৈ তাই জোনৰ ঘৰলৈ আগবাঢ়িল৷

 

“বেলি পৰিবৰে হল, বেছি দেৰি নকৰিবি৷“ মাকে ভিতৰৰ পৰাই মাত লগালে৷

 

মণিহঁতৰ ঘৰৰ পৰা দুটামান পদূলি এৰিয়েই জোনৰ ঘৰ৷ মাকক পাণৰ ঠালিটো দি দুইজনী কথাত লাগিল৷ আজি তাইক লগ পাই মনটো অলপ মুকলি লাগিছে৷ কিমান দিন হ’ল বাহিৰলৈ নোলোৱা৷ চোতালতে মুঢ়া দুটা পাৰি দুইজনীয়ে কথা পাতি আছে৷
ক’ৰবালৈ গৈছিল হবলা কুন্তল৷ সিহঁত দুজনীক দেখি সি উভতি আহিল৷ আহি তাইৰ ওচৰতে ৰ’লহি৷ জোনে তাক বহিবলৈ মুঢ়াটো দি ওচৰতে ৰ’ল৷

 

কুন্তলে গুৰুগম্ভীৰ মাতেৰে তাইক সুধিলে,
“কেনে আছ মণি?“
তাই মূৰ নদঙাকৈ উত্তৰ দিলে,
“ভাল৷“
জোনে সুবিধা বুজি ক’লে, “তহঁতে কথা পাত৷ মই ভিতৰৰ পৰা আহিছোঁ৷“

 

“ৰ, নালাগে যাব৷“

 

“আহিছোঁৱেই ৰচোন৷“
মণিৰ কথালৈ বাট নাচাই জোন আঁতৰিল তাৰ পৰা

 

“মণি, মোৰ ওপৰত বিশ্বাস আছেনে তোৰ? মই তোক ইমান কষ্টত এৰি দিব নালাগিছিল৷ এবাৰ যি ভুল কৰিলো আৰু কাহানিও নকৰো৷ আকৌ এবাৰ বিশ্বাস কৰি চা মোক৷ সদায় তোৰ কাষতে থাকিম মই৷“
কুন্তল আৰু অলপ ওচৰ চাপি আহিল৷ আলফুলে মণিৰ সোঁহাতখন তাৰ দুই হাতৰ মাজত তুলি ধৰি তাইৰ দুচকুলৈ অকুলতাৰে চাই ৰ’ল৷ মণিৰ দেহত যেন গৰম তেজৰ সোঁত এছাটি কোবেৰে বৈ গ’ল৷ আঁতৰাব খুজিও তাই হাতখন কুন্তলৰ হাতৰ পৰা এৰুৱাই আনিব পৰা নাই৷ মুখৰপৰা একো মাত ওলোৱা নাই মণিৰ৷ মুৰ তুলি চাই দেখে সি একেৰাহে তাইৰ মুখলৈ চাই আছে৷ কি কৰো কি নকৰো লগিছে তাইৰ৷ কেইটামান মুহূৰ্ত তেনেকৈয়ে দুয়ো ৰ’ল৷ বাটৰুৱাৰ চাইকেলৰ টিলিঙাৰ শব্দত যেন সন্ধিৎ ঘূৰি আহিল তাইৰ৷ মণিয়ে লাহেকৈ তাইৰ হাতখন আঁতৰাই নিলে৷ জোনহতৰ গোঁসাইঘৰৰ পৰা ধূপৰ গোন্ধ আৰু খৰিকাজাই ফুলৰ সুবাস মিলি চৌদিশ যেন মায়াময় কৰি তুলিছে৷ তেতিয়া ধৰালৈ লাহে লাহে আন্ধাৰ নামি আহিছে৷…

এবুকু আবেগ লৈ মণি উভতি আহিল ঘৰলৈ৷ বুকুৰ ভিতৰৰ খং অভিমানবোৰ যেন চুৰমাৰ হৈ গৈছে৷ ভালপোৱাজনৰ এষাৰি মৰমৰ মাতে কি কৰিব নোৱাৰে সঁচাই! কোনোবা কেনেকৈ ইমান মৰমৰ হ’ব পাৰে! মনে মনে প্ৰতিজ্ঞাবদ্ধ আছিল মণি, কিন্তু আজি কি হ’ল! অভিমানে নিকপকপিয়াকৈ বান্ধি ৰখা মনটোৰ জৰীডাল চোন সোলোক-ঢোলোক হৈ পৰিছে৷ এই যেন খুলি যাওঁ খুলি যাওঁ৷ আৰু কিমান কঠোৰ হৈ থাকিব পাৰিব তাই সন্দেহ হৈছে নিজৰ ওপৰতে৷ অভিমানী বুকুখনচোন আজি অচিনাকি যেন লাগিছে৷ কুন্তলৰ সান্নিধ্য পাই উথলি উঠিছে আকৌ মৰমবোৰ৷ অভিমানবোৰ চকুলো হৈ উজাই আহিব খুজিছে দুচকুৱেদি৷ মন গৈছে কুচিমুচি সোমাই পৰিব কুন্তলৰ দুবাহুত আৰু চকুলোৰে তাৰ বুকু তিয়াই দিব৷ হিয়া উজাৰি আজি কান্দিব তাই৷ অতদিনে কলিজাত বাহ লোৱা দুখ-শোকবোৰ কুন্তলৰ মৰমেৰে ধুই পেলাব৷

 

ঘৰৰ কামতো মন বহা নাই৷ আলেঙে আলেঙে ঘূৰি ফুৰিছে মণি৷ আজি কাৰো লগত কথা পতাৰো ইচ্ছা নাই তাইৰ৷ জানোচা অলপতে হৈ যোৱা ঘটনাটো একক্ষণৰ বাবেও মনৰ পৰা আঁতৰি যোৱা নাই৷ মাথো কুন্তলৰ কথাবোৰ অকলে আজি ৰোমন্থন কৰাৰ ইচ্ছা৷ কত দিন হৈ গ’ল এনে সুখৰ মুখ দেখা৷ কিবা সপোন যেন লাগিছে মণিৰ৷ ভাত খাবলৈ অলপ সময় আছে৷ দিনত ৰ’দ যদিও সন্ধিয়াৰ লগে লগে অকণমান ঠাণ্ডা পৰিছে৷ বাহিৰত জোনাক নামিছে৷ মুঢ়াটো নি তাই চোতালতে বহিলগৈ৷ আজি তাই সকলো উপভোগ কৰিব৷ এই জোনাক, শেৱালিৰ গোন্ধ, জোনাকীৰ খেল সকলোবোৰ! কুন্তলৰ এষাৰ মিঠামাতে সকলোবোৰ যেন সলনি কৰি দিলে৷ তাই বুজি উঠিছে মন আৰু বিবেকৰ যুঁজত বিবেকৰ পৰাজয় হৈছে৷ আকৌ ভাল লাগি আহিছে কুন্তলৰ মৰমবোৰ৷ নিজকে আৰু ফাঁকি দিব নোৱাৰে৷ তাইৰ ইমান সাহস আজি নাই যে উভতি অহা মৰমক নেওচা দিব৷ আজি তাই স্বাৰ্থপৰ হ’ব৷ আকৌ ভাবিব নিজৰ ভালপোৱাৰ কথা৷

 

পুৱাতে শেতেলী এৰিলে মণিয়ে৷ বেলিটোৱে পূব আকাশত ভুমুকি মাৰিছেহি৷ বাহিৰত অলপ অলপ ঠাণ্ডা ঠাণ্ডা ভাব৷ ঘৰৰ মানুহবোৰ তেতিয়াও নিদ্ৰাদেৱীৰ কোলাত৷ মণি লাহেকৈ বাৰীৰ কাষৰ পুখুৰীটোৰ ফালে আগবাঢ়িল৷ যাওঁতে হাঁহৰ গড়ালটো খুলি থৈ গ’ল৷ ধপ ধপকৈ ৰাজহাঁহহাল উৰি যোৱাদি গৈ নাৰিকল তলৰ কোমল ঘাঁহবোৰ খুটিয়াবলৈ লাগিল৷ মণি গৈ পুখুৰীৰ ওপৰৰ সৰু দলংখনতে বহিলগৈ৷ কুন্তলৰ মুখখন আকৌ ভাহি আহিছে দুচকুত৷ জোনৰ ঘৰৰ পৰা অহাৰ পাছত আকৌ তাই লগ পাইছিল কুন্তলক৷ কুন্তলে যিমান পাৰি তাইক বুজাইছে আৰু আশ্বাস দিছে, প্ৰতিজ্ঞা কৰিছে তাইক সদায় সুখেৰে ৰখাৰ৷ আচলতে সিমানখিনিৰ প্ৰয়োজন নায়েই৷ মণিৰ বিশ্বাস আগতেই আছিল আৰু আজিও আছে৷ হৈ যোৱা ঘটনাবোৰত কৰবাত কিবা এটা বিজুটি ঘটিছিল৷ সামাজিক তথা পৰিয়ালৰ দায়বদ্ধতাই সৈমান কৰোৱাইছিল তাক, সেইকথা মণিয়ে বুজিছে৷ হ’ব লগাখিনি হৈ গ’ল৷ আহিবলগা দিনৰ মুখামুখি হবলৈ মণি সাজু, সিমানখিনি সাহস আজি তাইৰ গোট খাইছে৷ মণিয়ে ইতিমধ্যে মনতে ঠিক কৰিছেই কি কৰিব৷ মাথো কুন্তলক জনাবলৈ বাকী৷ সি এতিয়াও অপেক্ষা কৰি আছে তাইৰ উত্তৰৰ বাবে৷ মণিয়ে ওৰে ৰাতি ভাবি পাইছে আৰু দেৰি কৰিব নোৱাৰে তাই৷ আগৰ দৰে মনৰ কথা মনত ৰখাৰ ভুল তাই নকৰে৷ কৈ দিব কুন্তলক তাই কিমান ভাল পায়৷ আজিয়েই লগ ধৰি ক’ব তাই কুন্তলক মনৰ কথা৷ তাই নিজ চকুৰে তাৰ চকুৰ আনন্দৰ চিকমিকনি উপভোগ কৰিব খুজিছে৷ সিদ্ধান্তটো লোৱাৰ পৰা মনটো আজি বৰ ফৰকাল লাগিছে৷ পুখুৰীৰ মাজলৈ হাউলি থকা তালজোপাৰ গুটি এটা পানীত টুপুংকৈ পৰিল৷ পানীত উঠা ঢৌবোৰৰ লগতে তাইৰ মনৰ ভাৱবোৰো তল ওপৰ কৰি উঠিল৷
পুখুৰীৰ পাৰৰ দেওদি ফুৰা শালিকীযোৰৰ দৰে আজি তাইৰ মনটোৱেও নাচিছে যেন৷ উৎফুল্ল মন এটা লৈ তাই ঘৰৰ কামত লাগিবলৈ পুখুৰীৰ পাৰৰ পৰা উভতি আহিল৷

 

ঘৰৰ কামত কোনোপধ্যে মন বহা নাই মণিৰ৷ উগুল থুগুল মনটো আজি আৰু উন্মনা হৈ পৰিছে৷ কামৰ মাজতে এপাক তাই পাখিলীক লগ কৰি আহিলগৈ৷ মনৰ সকলো কথা আজি হিয়া উজাৰি ক’লে তাইক৷ আৰু কিবা কৰি কুন্তললৈ খবৰটো দিবলৈ ক’লে৷ আজি যিকোনো প্ৰকাৰে কুন্তলক লগ কৰিবই লাগিব৷

 

আবেলিৰ সময়৷ ঘৰৰ কামবনবোৰ কৰি আজৰি হৈছে তাই৷ সন্ধিয়া ঔডুবিৰ পাৰত কুন্তলক লগ কৰাৰ কথা৷ যথা সময়ত তাই গৈ পাখিলীক লগত লৈ ডুবিপাৰলৈ গ’ল৷ মাকক ঘৰত কৈ গৈছে পাখিলীৰ ওচৰত কিবা কাম আছে বুলি, আহোতে পলম হ’ব৷ দুয়ো গৈ ডুবিৰ পাৰতে বহিলগৈ৷ এতিয়া বুকুখন চোন মণিৰ ধান বনাদি বানিছে৷
সৌটো কুন্তল আহিছে৷
কুন্তল আহি তাইৰ ওচৰতে ৰ’লহি৷ তাক দেখি তাই জৰ ঘমাদি ঘামিছে৷ মনতে জুকিয়াই আছে কি দৰে ক’ব মনৰ কথা তাক৷

 

“মণি…
মণি, মোক মাতিছিলি?“

 

“অঁ…“

 

“কি ভাবিছ তই?“

তাই তাৰ মুখামুখিকৈ থিয় হ’ল৷ এইবাৰ বুকুত সাহ গোটাই সুধি পেলালে মণিয়ে,
“তই আকৌ মোক এৰি নাযাৱ নহয়? এইবাৰ তেনে কৰিলে মই মৰি যাম৷“
ভৰিৰ নখেৰে মাটি খুচৰি খুচৰি তলমুৱাকৈ কৈ গ’ল মণিয়ে৷

 

“চাওঁ“
কুন্তলে দুই হাতেৰে তাইৰ মুখখন দাঙি ধৰিলে৷ তাই চকু ওপৰলৈ কৰিব পৰা নাই৷ লাজতে মৰি যাব যেন লাগিছে৷ কি কি ভাবি থৈছিল তাই, এতিয়াচোন মুৰ দাঙিয়ে চাব পৰা নাই৷

“মোৰ চকুলৈ চাচোন মণি৷“
মণিয়ে চাওঁ নাচাওঁ কৈ কুন্তলৰ দুচকুত চকু থলে৷ চাৰিওফালে অলপ আন্ধাৰ অলপ পোহৰৰ খেলা৷ তাৰ মাজতো তাই কুন্তলৰ উজ্জ্বল দুচকুৰ চিকমিকনি দেখা পাইছে৷
“মোক বিশ্বাস কৰ মণি৷ আৰু কাহানিও তোক এৰি নাযাওঁ৷ সদায় তোক ইয়াতে সুমুৱাই ৰাখিম৷ “ বুলি তাইক নিজৰ দুবাহুৰ মাজত সুমুৱাই ল’লে৷ আজি মণিয়ে একো আপত্তি কৰিব নুখুজিলে৷ নিজকে এৰি দিলে কুন্তলৰ সবল দুবাহুৰ মাজত৷ মনে কৈছে মিলনৰ এই সুন্দৰ মুহূৰ্ত সদায় থাকক৷ সময় ইয়াতেই ৰৈ যাওক৷ পৃথিৱীৰ সমস্ত সুখ আহি আজি মণিৰ আচলত নানাৰঙী বুটা বাচিছে৷ সেই আচলৰ ওৰণি লৈ আজি এই মুহূৰ্তৰ পৰা মণিয়ে চিৰজীৱন কুন্তলৰ হৈ ৰোৱাৰ প্ৰতিশ্ৰুতি দিছে৷ কাণিমুনি সময়ত ঔডুবিৰ পাৰ আজি মণিকুন্তলৰ এই মিলনৰ সাক্ষী হৈ ৰ’ল৷

 

কুন্তলৰ মৰম, ইমান ভাল লগা অনুভৱ৷ যেন শীতৰ কুঁৱলী ফালি ওলোৱা ৰ’দালিহে৷ হেঁপাহ পলুৱাই পুৱাই লবৰ মন মণিৰ৷ মণিৰ মাকে দেখিছে জীয়েকৰ মুখত সুখৰ আভা৷ অতদিন কোটৰত সোমোৱা চকুহালিও উজ্জ্বল হৈ পৰিছে তাইৰ৷ নতুনকৈ প্ৰাণ পাই উঠিছে যেন তাই৷ মাকে মনে মনে অপৰাধ বোধত ভুগিছে৷ তেওঁনো কেনেকৈ তাইৰ মনটো মাৰি ইমান এটা ভুল কৰিবলৈ ওলাইছিল৷ পইচাৰ জিলিকনিয়ে চকু চাট মাৰি ধৰিছিল নেকি, নিজৰ জীয়েকৰ কষ্টটোও চকুত নপৰিল৷ আনটো বাদেই কুন্তলৰ মাকৰ লগতো বেয়া হ’ল৷ কথাটো মনত পৰি বুকুখন গিজগিজাই গ’ল৷ তেওঁৰ ভুলৰ বাবে মানুহজনীৰ লগতো বেয়া হ’ল৷ সিদিনাযে কি কি কথা নক’লে মানুহগৰাকীক৷ নিজৰ পুতেকৰ কথা ইমান বেয়াকৈ শুনাৰ পাছত কোনেনো আকৌ সেইজনী ছোৱালীক পুতেকলৈ নিবলৈ খুজিব৷ সঁচাই সময়ে আনি ক’ত পোৱাগৈ মানুহক৷ যিজনী মানুহৰ আগত ইমান ওফাইদাং মাৰি কথা কৈ আহিল আজি আকৌ তেওঁৰ পুতৌ ভিক্ষা কৰিব লগা দিন আহি পৰিছে৷ তেওঁ বাৰু ক্ষমা কৰিব পাৰিবনে? ইমান খিনিৰ পাছত মণিক সহজ ভাবে ল’ব পাৰিবনে? তেওঁৰ ভুলৰ বাবে যাতে মণিয়ে কষ্ট পাব লগা নহয়, তাৰ বাবে তামোলপাণ লৈ ক্ষমা খুজিব৷ সোনকালেই যাব মানুহগৰাকীৰ ওচৰলৈ৷ হ’বলগা মিতিৰ, মনত আখেজ ৰৈ যাব নালাগে৷
ইফালে মণিৰ গা সাতখন আঠখন, যেন পখিলা হৈ উৰিছে তাই৷ কুন্তলৰ মৰমে তাইক আকৌ নিজকে ভাল পাবলৈ শিকাইছে৷ নিজকে কুন্তলৰ কইনাৰ ৰূপত আজিকালি তাই কল্পনা কৰি চাই৷ জুয়ে পোৰা দাগবোৰত নিতৌ ছালকুঁৱৰীৰ ৰস লগাই৷ অলপ ৰংটো আগতকৈ পাতলা যেন অনুভৱ হৈছে৷ পেৰাটো নমাই আনিলে তাই৷ মচুৰঙৰ চাদৰ মেখেলাযোৰ উলিয়ালে তাৰ পৰা৷ মাকহঁত বাহিৰত থকাৰ সুযোগতে তাই চাদৰখন গাত মেৰিয়াই ল’লে৷ অকমানকৈ ওৰনিখন লৈ চালে কেনে লাগিব বোৱাৰীৰ সাজত৷ চহৰৰ পৰা অনা টিপফোঁট পেকেটৰ পৰা ডাঙৰ ফোঁট এটা কপালত লগাই চালে৷ আইনাত নিজকে দেখি লাজ লাগি গ’ল মণিৰ৷ ধেইত্ কি যে পাগলীৰ নিচিনা কামবোৰ তাই কৰি আছে৷ কোনোবাই দেখাৰ আগতে লৰালৰিকৈ কাপোৰযোৰ সামৰি আলফুলে ভৰাই থলে৷
তেনেতে মাক সোমাই আহিল ভিতৰলৈ৷ তাইক উদ্দেশ্য কৰি কলে,
“চাওঁ এইফালে আহচোন৷ মানুহঘৰক এনেকৈ ৰখাটো ভাল হৈছে জানো?“
মণিয়ে একেবাৰতে বুজি পাইও অলপ অকৰাৰ দৰে সুধিলে,
“ক’ৰ মানুহ?“

 

“কুন্তলৰ ঘৰৰ কথা কৈছো৷ সিদিনা বাপেকটো নিজে আহি কৈ গ’ল৷ কিবা এটা হেষ্ট নেষ্ট হ’ব লাগে৷ কৈ নিদিয়নো কেলে?“

 

মণিয়ে কিবা এটা ভাবি ক’লে,
“কি কৱ ক তহঁতেই৷ “

 

“মানে, আমিতো তোৰ ভালটোৱেই বিচাৰো৷ মানুহঘৰক মাজতে এনেকৈ ওলোমাই ৰখাটো বেয়া হৈছে নহয়৷ তই কিবা এটা ক’লে দেউতাৰ যাব বোলে ককাইদেউৰ ওচৰলৈ৷“

 

“তহঁতে যি ভাল দেখ কৰ৷ মোৰ একো আপত্তি নাই৷“
মনৰ ভাববোৰ মাকৰ ওচৰত মুখ খুলি নক’লেও লুকুৱাবলৈ যত্ন নাই কৰা মণিয়ে৷ তাই বিচাৰিছে মাকে নিজে বুজি লওক৷

 

“হ’ব তেন্তে, দেউতাৰে খবৰটো দি আহক৷ ককাইদেউ মানুহটো নিজে আহি কথাষাৰ উলিয়াইছেহি৷ আমি আৰু দেৰি নকৰো৷“
মাক ৰুমৰ পৰা ওলাই গ’ল৷ মণিয়ে আলনাডালত কাপোৰ জপাৰ চলেৰে অকণমান ব্যস্ত যেন দেখালে৷ ইপিনে মনত তৰণি নাই৷ কি কৰো কি নকৰো লাগিছে৷ সাউতকৈ চাদৰখন সলাই ওলাই গ’ল পাখিলিক ক’বলৈ৷

 

জীয়েক যোৱাৰ ফালে মাকে কেৰাহীকৈ চালে৷ গমটো পাইছেই আজি তাই ক’লৈ যাব৷ কিমানযে আনন্দ তাইৰ মনত, দেখি মাকৰো মনটো ভাল লাগিল বহুত দিনৰ মূৰত৷ তথাপি মনত ভয় এটাই খুলি খাইছে, কুন্তলৰ মাকক লৈ৷ কি বা ভাবি আছে এতিয়াও তেওঁ৷!

দিনচেৰেক গ’ল৷ বিয়াৰ দিন চমু চাপি আহিল৷ আঘোণৰ শেষলৈ বিয়া সিদ্ধান্ত হ’ল৷ আহিনতে ভাল দিন এটা চাই কুন্তলৰ ঘৰে কাপোৰ এসাজ পিন্ধাই গ’লহি৷ সকলোবোৰ ভালে ভালে হৈ গ’ল যদিও মণিৰ মাকে অনুভৱ কৰিছে ল’ৰাৰ মাক এতিয়াও সহজ হব পৰা নাই৷ যেন বাধ্যত পৰিহে কামবোৰ কৰি গৈছে৷ মানুহজনীক সেইদিন ধৰি লগ কৰো কৰো বুলিও লগ কৰিব পৰা নাই মণিৰ মাকে৷ এনে সময়ত তেওঁলোকৰ ঘৰলৈ গ’লেও বেয়া দেখি৷ সময় সুবিধা পালে পিছে পৰে ক’ব বুলি মনতে পাঙি থলে৷
ঘৰত কাম বহুত৷ তাতশালত গামোচা এজুতি৷ আগৰবাৰ প্ৰভাতৰ ঘৰৰ ইযোৰা সিযোৰাক সোধোতেই ঢেৰ গ’ল৷ এতিয়া আকৌ এবাৰ কৰা কামবোৰকে দুনাই কৰিব লগা হৈছে৷ তাতে আহিন কাতি মাহৰ দিন চুটি, নুকুলাইগৈ চোন৷ এফালে মণিৰ আজিকালি ভৰি মাটিত নপৰেই৷ ইঘৰ সিঘৰত বিয়া ভাত খাবলৈ যোৱাটো আছেই৷ মাকে মনতে ভাবিছে মণিক আৰু ঘূৰি ফুৰাটো কমাব লাগিব৷ এতিয়া আনৰ ঘৰৰ হ’ব লগা বোৱাৰী, তেওঁলোকে বা কি ভাবে৷ লগতে অতখন পয়মালৰ পাছত বিয়াখন হৈছেগৈ, আকৌ মাজত বিপদ বিঘিনি নাহিলেই হ’ল৷ আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি৷ মৰম কৰাৰ চলেৰে কিবা মন্ত্ৰ ফুকি যদি খুৱাই দিয়ে! কিমানৰ চাগে চকু সিহঁতহালৰ ওপৰত৷ মাকে ভগবানকে স্মৰণ কৰিলে৷ মনতে কিবা এটা ভাব লৈ নামঘৰলৈ টোপোলা এটা বান্ধিলে৷

 

মণিৰ মনত অলেখ ভাৱনা৷ কিছুমান সুখৰ কিছুমান দুখৰ৷ এফালে কুন্তলক একেবাৰে কাষত পোৱাৰ হাবিয়াস যদি এফালে চেনেহৰ ঘৰখন এৰি যোৱাৰ দুখ৷ এইটো দিন আগতেও আহিছিল যেতিয়া মণিয়ে মনে মনে কুন্তলৰ লগত পলাই যোৱাৰ কথা আছিল৷ কিন্তু সেই মুহূৰ্তত কথাটো অলপ বেলেগ আছিল৷ মনত কিছুমান খং আৰু অভিমান লৈ যাবলৈ ওলাইছিল৷ কিন্তু এতিয়া সকলোৰে মতত যাবলেলৈও চোন মনটো দুখে চানি ধৰিছে৷ সদায় চিনাকি ঘৰখন এৰি নতুন এখন ঘৰ আঁকোৱালি লব লাগিব৷ ঘৰৰ চোতালখন, পুখুৰীৰ পাৰটো, চেনেহৰ হাঁহযোৰলৈ বৰ মনত পৰিব৷ মাক দেউতাকৰ কথা বাদেই, বৃন্দা আৰু বকুলক এৰি কিদৰে থাকিব তাই৷ তাৰ ঠাইত নতুন ঘৰ, নতুন মানুহ আহিব জীৱনলৈ৷ কিদৰে তাই ছন্দ মিলাব নতুন সংসাৰখনত৷ মনতে সাহস বান্ধি লৈছে তাই৷ পাৰিব লাগিব, কুন্তল আছেই ওচৰত সদায়৷ তাটোতকৈ কাষত পাব ৰূপালীক, তাইৰ হ’বলগা ননদ৷ মণিক নবৌয়েক হিচাপে পাই অতি সুখী ৰূপালী৷ নুবুজা কথা চব তাইক সুধি ল’ব৷ কিন্তু কুন্তলৰ মাকৰ কথা মনত পৰি মনটো সেমেকি গ’ল৷ মণিৰ ভাব হয় মানুহগৰাকীয়ে যেন এতিয়াও তাইক সহজ ভাবে ল’ব পৰা নাই৷ সিদিনা আহোতেও তেওঁৰ কথা কাণ্ডত অলপো তাইৰ কাৰণে আদৰ চেনেহ দেখা নাপালে৷ তেওঁ যেন উপায়ন্তৰ হৈহে সকলোবোৰ কৰি গৈছে৷ নাই নাই, মণিয়ে সকলো ঠিক কৰি ল’ব৷ মৰমেৰে মৰম আদায় কৰিব মাকৰ পৰা৷

(আগলৈ)

★★★★

Leave a Reply

Your email address will not be published.