ফটাঢোল

মণিকুন্তল – গীতাশ্ৰী কলিতা

আগৰ খণ্ডত

মাহ-হালধিৰে নোৱাই-ধুৱাই মণি, কুন্তলৰ কইনা হ’ল। সকলো নিয়ম নীতিৰে বিয়া হৈ আহি মণিয়ে কুন্তলৰ পদূলি গচকিলেহি। কুন্তলৰ ঘৰৰ সকলোৱে মৰম-সাদৰে মণিক আদৰি ল’লে। মণিয়েও কুন্তলৰ ঘৰখনক অতি সোনকালে নিজৰ কৰি ল’লে। লগতে সৰু-সুৰা দায়িত্ব কিছুমান লাহে লাহে মূৰ পাতি লৈ সাংসাৰিক জীৱনত আগবাঢ়ি গ’ল।

পঞ্চদশ খণ্ড

চাওঁতে চাওঁতে বিয়াৰ এমাহ পাৰ হৈ গ’ল। মাঘ মাহ সোমাবৰে হ’ল। অতিমাত্ৰা ঠাণ্ডা পৰিছে এইকেইদিন। দিনত ঘৰত কাম ওলায়। দুই এটা মৰণা মাৰিয়েই আছে। বিয়া বুলি বহুত কাম-বন পিছ পৰি গ’ল।
আজিৰ দিনটোও ব্যতিক্ৰম নহয়। পুৱা সোনকালে উঠিল মণি। কুঁৱলীৰে গোটেইখন বেৰি আছে। গাত কাপোৰখন মেৰিয়াই বাঢ়নিডাল লৈ আগফালে গ’ল মণি। দুই এদিনৰপৰা এই কামটো তাইয়ে কৰিবলৈ লৈছে। প্ৰথমতে সকলোৱে নালাগে বুলি কৈছিল যদিও মণিয়ে জোৰ কৰিয়ে কৰে কামবোৰ। পাকঘৰৰ কাম নায়েই। শাহুৱেকে ভাত পানী ৰান্ধে। বাকী আৰু ঘৰখন চাফ চিকুণ কৰাহে। সেইখিনি মণিয়ে নিজে গাত পাতি লৈছে। কুন্তলৰ ঘৰ-বাৰী বৰ ডাঙৰ। চাপৰি চাপৰি বাহী চোতাল সাৰি হোৱালৈ সদায় কঁকাল টনটনায়। কাপোৰখনেৰে মূৰে গায়ে ঢাকি তাই লৰালৰিকৈ কামবোৰ কৰি আহিল। উঠি আহোতেই তাই কাপোৰযোৰ গাধোৱা ঘৰত থৈ আহিছে। চিধা গাটো ধুইহে ভিতৰ সোমাল। তেতিয়ালৈ মানুহবোৰ এটা দুটাকৈ উঠিছে। পেহীয়েকে চাহ তুলি দিলেই। তাই মূৰটো ফণিয়াবলৈ নিজৰ কোঠালৈ গ’ল। গৈ পাই দেখিলে সিজন উঠাই নাই। তাই লাহেকৈ ঠাণ্ডা হাতখন কাপোৰৰ তলেদি কুন্তলৰ ডিঙিতে লগাই দিলে। ঠাণ্ডাত লেপৰ উমলৈ শুই থকা কুন্তল উচপ খাই উঠিল। তাই খিতখিতকৈ হাঁহি কোঠাৰ খিৰিকি দুখন খুলি দিলে। কুঁৱলীৰ লগতে কোমল ৰ’দ এছাটি কোঠালৈ সোমাই আহিল।

“ইমান দেৰি শোৱেনে, উঠক আৰু।”

“ৰচোন। এই ঠাণ্ডাখনত উঠিনো কি কৰিবি।”

“হয়নে? ঘৰৰ সকলোবোৰ উঠিল, ঠাণ্ডাটো অকল আপোনালৈহে আহিল।”

কৈ কৈ মণিয়ে চুলি ফণিয়াই থাকিল।
খোপাতো বান্ধি মুখত স্ন’ অকণমান ঘঁহি ললে তাই। তাৰ পাছত ফোঁটটো আৰু একেবাৰে শেষত শিৰত সেন্দুৰখিনি। চব ঠিক কৰি খিৰিকিৰ মুখতে ওলোমাই ৰখা আইনাখনত চাই খোপাটো অলপ পোনাই পাজৰাই ল’লে তাই। কুন্তলে আপোন বিভোৰ হৈ চাই থাকিল একেথৰে মণিক। এইজনীক এৰি বাৰু কিদৰে জীয়াই থাকিলহেঁতেন সি। এতিয়া সেই কথা ভাবিবও নোৱাৰে সি। তাৰ সমগ্ৰ সত্তা জুৰি মণি, কেৱল মণি ।
খিৰিকিৰ সিফালে ফুলি থকা ফুলবোৰত কিচিৰ কিচিৰ চৰাইৰ মাত, মাততকৈ চিঞৰ বুলিবহে পাৰি। কিনো জানো ইমান কথা থাকে সিহঁতৰ। ইটোতকৈ সিটো চৰা। মণিক কাহানিবা সিহঁতৰ মাজৰে এটা যেন লাগে তাৰ। কুন্তলে কি কৈছে শুনিবলৈ সময় নাই, নিজৰখিনিকে আপোনমনে কৈ যাব। তেতিয়া আৰু মৰম লাগে। ইতিমধ্যে মণিয়ে গা ধুই অহা সাজটো সলাই বেলেগ এযোৰ পিন্ধি লৈছে। চিয়াঁহী ৰঙৰ কাপোৰযোৰত বগা বগা ফুল কৰা…
অপূৰ্ব !
বাহিৰত কুঁৱলীৰ চাদৰ ফালি ওলোৱা ৰ’দ, পখীৰ কলকলনি, খিড়িকিয়েদি সোমাই অহা চিনাকি অচিনাকি ফুলৰ সুবাস, সন্মুখত মনোৰমা পত্নী ৰূপত প্ৰেয়সী…. সকলো সুন্দৰ, আৰু এই মায়াময় পৰিবেশ কুন্তলে লেপৰ তলৰ পৰা উপভোগ কৰিছে।

“উঠিবনে আজি?”

“ৰ’বিচোন।”

“মই যাওঁ, পেহীয়ে চাহ বাকি আছে। মই অলপ লাগি দিওঁগৈ।”

“এহ হ’ব দে, অতদিন পেহীয়ে অকলেই বনাই আছে।”

“তেতিয়া আকৌ মই নাছিলো নহয়।”

হাঁহি মাৰি কুন্তলক একো ক’বলৈ সুবিধা নিদি ওলাই গ’ল মণি।
আবেলিৰ পৰ। অলপতে চাহ খোৱা বাতিকেইটা ধুই আছে মণিয়ে দমকলৰ পাৰত। তেনেতে ৰূপালী ওলাল হাতত মোনাটো লৈ।

“ক’ত যাৱ ৰূপালী?”

“পাছফালে কবিয়নিলৈ যাম। যাবা নেকি বৌ?”

“যাব পাৰি। ৰ মই বাতিকেইটা ধুই লওঁ।”

মণিয়ে বাচন ধুই শুকাবলৈ বুলি বাঁহৰ চাংখনৰ ওপৰতে ৰাখিলে।
দুইজনী গৈ কবিয়নি পালেগৈ। লহপহকৈ বাঢ়ি অহা কবিবোৰ বান্দৰ সোমাই তহিলং কৰি থৈছে।
দেখি দুইজনী অবাক। দুই এটা ওলকবি উভালিব পৰা হৈছে। বান্দৰক খুওৱাতকৈ নিজে খোৱাই ভাল বুলি ৰূপালীয়ে ভোৰভোৰাই আছে। বন্ধাকবিবোৰত বান্ধ ধৰিবলৈ আৰম্ভ হৈছেহে।

“ব’লা বৌ মটৰ অলপ ছিঙি আহোঁ।”

“পথাৰ কিমান দূৰ? মাকো কৈ নাহিলো নহয়।”

“হ’ব একো নহয় ব’লা। মই আছোঁ নহয়!”

দুইজনী গৈ মাহনি পালেগৈ। এইখিনি মটৰ ধান দাই নিয়াৰ পাছতে নৰাৰ মাজত সিঁচি দিয়া। শুকান নৰাবোৰৰ গাত সাৱটি লহপহকৈ মটৰ মাহৰ গছবোৰ বাঢ়ি আহিছে। এচিৰা দুচিৰা পৈণত হৈছে। দুইজনীয়ে মিলি বাছি বাছি ভালেখিনি গোটালে।

“ঐ ৰূপালী ব’ল, শাক অলপো বুটলি নিওঁ আহিলোৱেই যেতিয়া।”

দুয়োজনীয়ে খুঁতৰা, জিলমিল, আলুৰ আগ, পনৌনোৱা, কৰচি, বাবৰি শাক এগাল বুটলি ঘৰ পালেহি।
কুন্তলো গৰু গাই আনি ঘৰ সোমাইছেহি। ঠাণ্ডাদিন, তাতে দূৰৰ চৰণীয়া পথাৰ। সোনকালে আনি গোহালিৰ মুখতে দানা দিবলৈ বান্ধি থৈছেহি। সন্ধিয়া লাগিলে গোহালিত সোমোৱাব।
মণিয়ে পাছচোতালতে বহি শাকবোৰ এডাল এডালকৈ বাচিছে। কুন্তল দানাৰ পানী নিবলৈ বুলি দমকললৈ আহিছিল। মণিক অকলে দেখি অকণমান জোকোৱাৰ চলেৰে ক’লে,

“ক’ত ঘূৰি ফুৰিছিলিগৈ? অথনিৰে পৰা দেখা নাই।”

“কেলৈনো আপোনাক? গৈছিলোঁ ক’ৰবাত।”

“বহুত দেৰি নেদেখা কাৰণেহে সুধিছোঁ।”

“শাক বুটলিবলৈ গৈছিলো।”

“কৈ যাবওতো পাৰ।”

“কাক ক’ব লাগে?”

মণিয়ে অলপ কেৰাহীকৈ চালে কুন্তললৈ। সি মিচিককৈ হাঁহি মাৰি গ’লগৈ তাৰপৰা।
সময় গৈ আছে। বহাগ বিহুলৈ এপষেক বাকী। মণিৰ মনটো অলপ বেয়া। মনৰ কথা মনত আছে। বাহিৰত প্ৰকাশ কৰা নাই তাই। আনকি কুন্তলেও ভূ পোৱা নাই একো। এই তিনিমাহত নছোৱালী ফুৰি ফুৰি হৈছেগৈ মাত্ৰ। দূৰণিৰ দুই এঘৰ এতিয়াও বাকী। এতিয়ালৈকে কুন্তল ঘৰতে আছে। বহাগ বিহুৰ পাছতে খুটিলৈ যোৱাৰ কথা। ভাবিয়ে ভয় লাগে মণিৰ, কিদৰে থাকিব তাই কুন্তলবিহীন ঘৰখনত। ঘৰৰ সকলোৰে পৰা আদৰ সাদৰ পালেও কুন্তলৰ মাকলৈ অলপ ভয় ভয় লাগি থাকে। দৰকাৰ নহ’লে শাহুৱেকে বৰকৈ কথা নাপাতে। অকলে তেওঁৰ লগত থকা সময়খিনি মণিৰ অস্বস্তি লাগে। কিবা কিবি কথা উলিয়াই তেওঁৰ লগত এষাৰি পাতিবলৈ যত্ন কৰিলেও যেন মানুহগৰাকীয়ে বৰ গুৰুত্ব নিদিয়ে। মণিয়ে বুজি পোৱা নাই কি দৰে ঠিক হ’ব এইবোৰ। তাতে দিনে দিনে বাঢ়ি অহা এই ভয়টো। কি দৰে মোকাবিলা কৰিব তাই। কুন্তলক পঠিওৱাৰ ইচ্ছা নাই আকৌ চাপৰিলৈ। কিন্তু বহাগ জেঠ মাহত বাঢ়ি অহা নৈৰ পানীয়ে খুটিত বহুত দিগদাৰ কৰে। দদায়েকে অকলে চম্ভালিব নোৱাৰিব বুলিয়ে বিহুৰ পাছত যোৱাৰ সিদ্ধান্ত লোৱা হৈছে।
মনটোক বুজনি দিছে মণিয়ে, হ’ব কেইমাহমানহে। পৰিব লাগিব তাই। এইবোৰ চিন্তা কৰাতকৈ কাষত থকা দিনকেইটা ভালদৰে উপভোগ কৰিব তাই কুন্তলৰ সংগ।

“অ’ মণি এইফালে আহচোন।”

কুন্তলৰ মাকৰ মাতত ওলাই গ’ল মণি কোঠাৰপৰা।

“তাঁত এজুতি লগাওঁ বুলি ভাবিছোঁ, লাগিব পাৰিবিনে?”

“পাৰিম মা।”

“তেতিয়াহ’লে পেহীয়েৰৰ লগত পাতি মেলি ল। বিয়াতে বহুত গামোচা গ’ল। ৰূপালীৰ বাবেও লাগে নহয়। ঘৰতনো এনেই থাকি কি কৰিবি। কাৰোতো জঞ্জাল মাৰিবলৈ নায়েই। আটাইকেইজনী মিলি লগা তেন্তে।”

মণিয়েও ভালেই পালে। কিবা এটাত লাগি থাকিবলৈ পালে ভালেই পাই তাই।
আলহী আহিছে। কুন্তলৰ জেঠায়েকৰ জীয়েক। চহৰত থাকে। বিয়াত আহিব নোৱাৰিলে। এতিয়া ঘৰলৈ আহোঁতে কুন্তলহঁতৰ ঘৰলৈও এপাক মাৰিছে কইনা চাবলৈ বুলি। ভিনিহিয়েক চ’ৰা ঘৰতে বহিছে। বায়েক ভিতৰলৈ সোমাই আহিল। আহি একেবাৰে বৰঘৰ পালেহি। মণিয়ে চাহৰ লগত দিবলৈ পিঠা বনাইছে। নিমখীয়া ঘিলা পিঠা। দুদিন আগতে বনোৱা নাৰিকলৰ লাড়ু আছেই। ৰূপালীয়েও ইখন সিখন কামত নবৌয়েকক লাগি দি আছে। কুন্তলৰ মাকো আহি ভাগিনীয়েকৰ লগত বহি দুআষাৰ পাতিছেহি। মাজে মাজে মণিয়েও ভাগ লৈছে কথাত।

“পিছে বোৱাৰী, বিয়াৰ চাৰিমাহ হ’বৰে হ’ল। কিবা চিন্তা কৰিছানে?”

মণিয়ে বায়েকৰ ইংগিত এবাৰতে বুজিলে যদিও, সুধিলে,

“কি চিন্তা বাইদেউ?”

শাহুৱেকে তাকে শুনি টপৰাই উত্তৰ দিলে,

“তাকেতো মইও কওঁ, আনৰ কেঁচুৱা লৈ থাকিলে নহয় এতিয়া। নিজে চিন্তা কৰিব লাগে। চাৰিমাহ গ’লেই। মোকো গাঁৱত নোসোধা নহয়। মই গা এৰা দিওঁ বুলিহে। সদায়টো নোৱাৰি।”

“মামীয়ে ঠিকেই কৈছে বুজিছ। এইবোৰ লেঠা সোনকালে মৰাটো ভাল। দিন যায় মানে দিগদাৰ। কথাটো নিজৰ বুলি ক’লো আৰু। মনত ৰাখিবি।”

মণিয়ে একো নামাতিলে, অতদিনে মনত লুকাই থকা ভয়টো আনৰ আগত ধৰা পৰাৰ ভয়ত।

“মা আপুনিও বাইদেউৰ লগতে চাহকণ খাওক।”

“দে দে।”

“বাইদেউ চাহ লওকচোন।”

চাহৰ বাটিটো আগবঢ়াই দিলে বায়েকলৈ বুলি।

“হায় হায়! কিখন কৰিলে বাৰু চাচোন! গোটেইখন তহিলং কৰিলে। মণি তই নাছিলি জানো? নেদেখ নে কি? ঘৰত মানুহহে বাঢ়িছে, কামৰ নামত কূটা এডালো নাই।”

“কিনো কৈ থাক বাৰু মা? নবৌয়ে দেখোন খেদিয়ে আছে।”

“তই মনে মনে থাক। মুখ চলাবলৈ আহ। মই হ’বলা দেখা নাই। পুতলা সজাবলৈ আনিলে এইবোৰ। গোটেই জিকাপুলি কেইটা ছিঙি ভাঙি আদায়। ভেন্দি পুলি কেইটামান ওলাইছিল। তেনেই গচকি মোহাৰি পেলালে ঔ।”
মণি শিলপৰা কপৌৰ দৰে থৰ লাগিল। কিয় ইমান শুনিব লগা হ’ল তাই। তাই দেখোন খেদি নিছিলেই গৰুহাল। তথাপি নোৱাৰিলে।
সন্ধিয়া চোতাল সাৰি আছিল মণিয়ে। ঘৰৰ কামকৰা ল’ৰা মোহনে গৰু আনিছিল। ঘৰ সুমাবৰ হওঁতেই দমৰা পোৱালীটো লৰ মাৰিলে গৰু জাকৰ লগত। মোহনে বাকী গৰুখিনি পদূলিৰ ফালে খেদি পোৱালিৰ পিছে পিছে গ’ল। সেই সুযোগতে বলধহাল সোমাল বাৰীত। মণিয়ে দৌৰ মাৰিও ৰখাব নোৱাৰিলে। তাই বাৰীত সোমাই খেদি আনে মানে গছকি মোহাৰি শেষ কৰিলে নতুনকৈ দিয়া পুলিকেইটা। শাহুৱেকে তাকে দেখি ঠিককৈ শুনাই থৈ গ’ল।
জেগাতে ঠকঠককৈ কঁপিছে মণি। এনেকৈ কিজানি প্ৰথম এইখন ঘৰতহে কোনোবাই কৈছে মণিক। চকুৰ পানী ৰখাব পৰা নাই। কোনোমতে জাবৰকেইডাল সামৰি তাই পাছফালে খোজ ল’লে। নিজৰ কোঠা পাবগৈ পাৰিলেই যেন বাচে তাই। খোজ দিব পৰা নাই, মেখেলা জঁটপত লাগিছে। বাটত যাওঁতে কোন আছে আজি চাবলৈ সময় নাই। কোঠা পাই দুৱাৰৰ খিলিটো লগাই বিছনাত পৰি বুকু উজাৰি কান্দিলে তাই।

“কিয় যে মোক ইয়াত অকলে এৰি থৈ গ’ল আপুনি। কি কৰো মই এতিয়া। মোক লগতে লৈ যাওক। কষ্ট হ’লেও আপোনাৰ লগতে থাকিম মই। নহ’লে গুচি আহক। মই এনেকৈ থাকিব নোৱাৰো।”

আলনাত থকা কুন্তলৰ চোলাটো বুকুত সাৱটি উচুপি থাকিল তাই।
কুন্তল চাপৰিলৈ যোৱাৰ দিনচেৰেক হ’ল। বহাগ বিহুৰ পাছতেই গ’ল। কেতিয়া আহে একো খবৰ নাপায় মণিয়ে।

“অ’ নবৌ, চাওঁ। নবৌ দুৱাৰ খোলাচোন।”

ৰূপালীৰ মাতত খপজপকৈ উঠিল মণি।
কেতিয়ানো টোপনি গ’ল তাই গমকে নাপালে। কান্দি কান্দি শুই গৈছিল।

“ৰ’বি আহিছোঁ।”

লৰালৰিকৈ কুন্তলৰ চোলাটো আলনাত আগৰ জেগাত ৰাখি দুৱাৰখন খুলি দিলে তাই। ৰূপালী সোমাই আহিল।

“শুইছিলা নেকি?”

“ওঁ।”

“কান্দিয়ে আছা হ’ব পায়।”

“নাই।”

“হ’ব, বাদ দিয়া সেইবোৰ নবৌ। মা তেনেকুৱাই জানাইছোন। মুখখন অলপ বেয়া যদিও মনটো ভাল মাৰ। আজি তোমাক অলপ টানকৈ ক’লেই যেনিবা, সেইবুলি চোৱাচোন মৰমো কৰে নহয় তোমাক।”

মণি নিমাত।

“হ’ব বাৰু, এতিয়া ব’লা আমি চাহ খাওঁ।”

“উঠা উঠা।”

মণি অনিচ্ছাস্বত্বেও উঠি গ’ল। ঘৰৰ বাকী মানুহবোৰৰ মুখা-মুখি হ’বলৈকে লাজ লাগিছে তাইৰ এতিয়া। আৰু শাহুৱেকৰ? বুকুখন যেন মুচৰি পেলাইছে কোনোবাই।

“মণি কোনোদিনে হাৰ নামানিবি পৰিস্থিতিৰ লগত। যদি তই শুদ্ধ আৰু সত্যৰ পথত আছ, কালৈকো ভয় কৰাৰ কোনো প্ৰয়োজন নাই। আৰু প্ৰয়োজনত মোক সদায় তোৰ কাষতেই পাবি।” কুন্তলে কৈছিল তাইক যোৱাৰ আগতেই। হয়তো সি লাহে লাহে বুজি উঠিছিল কথাবোৰ। লক্ষ্য কৰিছিল সময়ৰ লগত সলনি হোৱা মাকৰ ব্যৱহাৰবোৰ। কিন্তু তাইক এৰি যাবলৈ বাধ্য হৈছিল সি।
বহাগ মাহৰ দুই তিনিজাক বৰষুণৰ পাছতেই নৈত পানী বঢ়াৰ খবৰ পাই লৰালৰিকৈ কুন্তল গুচি গৈছিল। বৰলা দদায়েকে অকলে চম্ভালিব নোৱাৰে সিমানবোৰ। বাৰিষাৰ সময়খিনি লৰচৰ কৰিব নোৱাৰা হয় খুটিৰ পৰা। মণিয়ে আনৰ মুখেৰে খবৰ পাই থাকে।
কথাবোৰ মনলৈ আহি আছে বাৰে বাৰে। শুব পৰা নাই তাই। বিহুৰ দিনকেইটা ইমান যে সুখৰ আছিল। যোৱাটো বিহুত দুয়ো দুয়োৰে মন পাইছিল। এইবাৰ বিহুও বৰ ধুমধামেৰে গ’ল। কুন্তলৰ ঘৰত আয়োজনো যথেষ্ট বেছি। বিহু বুলি মণি-কুন্তল দুয়োটা মণিৰ ঘৰলৈ গৈছিল। দেউতাকে আগৰ দৰেই মণিৰ বাবেও বজাৰ কৰি থৈছে। মাকে নজোঁৱাই কুন্তলক ফুলাম গামোচা উপহাৰ দিলে। ৰাতি গাঁৱৰ ডেকা-গাভৰুহঁতে বিহু মাৰিবলৈ আহোঁতে আগৰ বিহুৰ কথা মনত পৰি গ’ল মণিৰ। বৰ কষ্টেৰে নিজকে ধৰি ৰাখিলে তাই। এঘৰৰ বোৱাৰী মণি, হ’ল বুলিয়েইটো আগৰ দৰে এপাক নাচি দিব নোৱাৰে আজি। দহে কি বুলিব! আঁতৰৰ পৰাই চাই থাকি শেষত সেৱা কৰিলেগৈ।
বিহুৰ দুদিনমান পাছৰ কথা। কুন্তলৰ মাহীয়েক এগৰাকীৰ পুতেকৰ বিয়া। মণি আৰু শাহুৱেক যাবলৈ ওলাল। ৰূপালী দুদিনমান আগতেই গ’ল। কুন্তল ঘৰতে থকাৰ কথা। চবতে ঘৈণীৰ লগত গ’লে বোলে বেয়া দেখি। মণিৰ কুন্তলক এৰি যাবলৈ অলপো মন নাছিল। এইকেইদিন এখন্তেকো কুন্তলৰপৰা আঁতৰি থকাৰ ইচ্ছা নাই মণিৰ। অলপদিন পাছতেই খুটিলৈ যোৱাৰ কথা কুন্তল। গতিকে যিমান পাৰি সিমান সময় কুন্তলৰ সৈতে কটোৱাৰ ইচ্ছা তাইৰ। কিন্তু সকলো ভবামতেই নহয়। নছোৱালী যাব লাগিবয়। তেহে মিতিৰ কুটুমৰ লগত চিনাকি হ’ব। অগত্যা যাবলৈ ওলাল মণি। মনটো এনেয়ে ভাল লগা নাই। তাতে যাব লাগিব শাহুৱেকৰ লগত।
কুন্তলে দুয়োকে আগবঢ়াই অলিমূৰত পুৱা ন-বজাৰ গাড়ীখনত উঠাই দিলেগৈ। টোপোলা-টাপলি লৈ দুয়ো বিয়া ঘৰ পালেগৈ। নতুন মিতিৰ-কুটুম, কত চিনাকি হ’ল, দুই এজনৰ বাদে সৰহ ভাগেই পাহৰিলে মণিয়ে। তাত গৈয়েই আটাইতকৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’ল মণি। চবৰে আগত যেন মণি এক আজব বস্তু। বাৰে বাৰে সন্মুখীন হ’ল সেই একেটা প্ৰশ্নৰ,
“ইমান দিন হ’ল বিয়াৰ? কি চিন্তা কৰিছা?”
কাৰোবাৰ যদি মুখেদি ওলাই, তেন্তে কাৰোবাৰ চাৱনিত। কি এটা অস্বস্তিকৰ পৰিবেশ! ক’ৰবালৈ পলাই যাব যেন লাগে মণিৰ। সবাতোকৈ বেয়া লাগে যেতিয়া তেনে সময়ত শাহুৱেকেও উজান দিয়ে। তেতিয়া মনলৈ আহে কোনোবাই যেন সঁচাই কৈছিল,
“নাৰীয়েই নাৰীৰ প্ৰধান শত্ৰু।”
ৰূপালী, একমাত্ৰ ৰূপালীয়ে সেই সময়ত তাইক সাহস দিয়ে। এতিয়ালৈকে এনে সময়ো অহা নাই যে এই বিষয়ত কুন্তলৰ লগত তাই কথা পাতিব। কিন্তু কিমান দিন আৰু? এইবাৰ কুন্তল আহিলে সঁচাকৈ এই বিষয়ে কথা পাতিবই লাগিব।
দিনক দিনে যেন শাহুৱেকৰ ব্যৱহাৰবোৰ ৰুক্ষ হৈ আহিছে। কথাই প্ৰতি টান কথা শুনাই তাইক। সিদিনা গোহালি চফা কৰাৰ কথাটো মনত পৰিলে। ইমান সাধাৰণ কথাতে গালি দিলে তাইক।
সেইদিনা গোহালি চাফা কৰিবলৈ লৈ পনীয়া গোবৰখিনি তাই কোৰখনেৰে উঠাই আছিল। তেনেতে শাহুৱেকে দেখি হুলস্থুল লগাই দিলে।

“খালি খালি, ঘৰৰ লক্ষ্মী গ’ল আৰু। লাটচাহাবৰ জীয়েক, গোবৰ চুবলৈ ঘিণ কৰ। কি আহিল ঐ এইজনী ঘৰলৈ।”

মণিয়ে অলপ দেৰিলৈকে বুজিয়ে নাপালে তাই কি ভুল কৰিলে। পাছতহে গম পালে বোলে কোৰেৰে গোবৰ পেলাব নাপাই হেনো। হাতেৰে পেলাব লাগে। মণিয়ে কাহানিও নাজানিছিল সেই কথা। নতুন ঘৰৰ নতুন কথাবোৰ তাই নাজানে। অলপ শিকাই বুজাই দিয়া হ’লে নিশ্চয় ভুল নকৰিলেহেঁতেন। কিন্তু প্ৰতিটো কথাত ইমান আঙুলিয়াই থাকে তাই উপায় নোপোৱা হৈছে কি কৰিব কি নকৰিব। ৰূপালী নাইবা কুন্তলৰ দেউতাকে মণিৰহৈ এফাকি ক’লেও গালি শুনিব লগা হয় মাকৰপৰা।
কোনে তাইক বুজাব, কোনে সাহস দিব?
আঃ কুন্তল সোনকালে গুচি কিয় নাহে বাৰু? মানুহেৰে ভৰি থকা ঘৰখনতো তাই যেন অকলশৰীয়া।

বেলি লহিয়াবলৈ লৈছে। মণিৰ খোজ নচলা হৈছে। ঘামি জামি জুৰুলি জুপুৰি তেনেই। যাওঁতেই বেলিমুখীয়াকৈ গৈছে আৰু এতিয়া ঘূৰি আহিবৰ পৰতো বেলিমুখীয়াকৈ আহিব লগা হৈছে। ঘৰ পালেই ৰক্ষা যেন। নাজানে তাই সন্মুখত খোজ কাঢ়ি যোৱা মানুহজনীৰ ইমান বল শক্তি ক’ৰপৰা আহে। যাওঁতে যিটো কোবত গৈছিল আহোঁতেও একেই। তেওঁৰ লগত খোজ মিলাবলৈ মণি মাজে মাজে দৌৰি যোৱাদি গৈছে। ইফালে ঘামি নতুন মুগা মেখেলাৰ পটিটোৱে ভৰি কাটিছে। কিহে পাইছিল এইখননো পিন্ধি আহিবলৈ। নিজলৈকে খং উঠিছে। আচলতে আজি চবলৈকে খং উঠিছে তাইৰ। যিবোৰ হৈ আছে মুঠতে তাইৰ অলপো ভাল লগা নাই। জানে তাই অৰ্থহীন কথা কিছুমানৰ পাছত লাগি আছে। কিন্তু উপায় নাই, ঘৰৰ সকলোৰে সন্তুষ্টিৰ বাবেই কৰিব লগা হৈছে।
মণি পঢ়া শুনা ছোৱালী। মেট্ৰিক পাছ। গাঁৱৰ বাকীবোৰ ছোৱালীতকৈ বেছি পঢ়া শুনা। সেয়ে মনটো মুকলি। শাহুৱেকৰ কথাবোৰ সমূলি পছন্দ হোৱা নাই তাইৰ। কিন্তু কেটকেটনি সহ্য কৰিব নোৱাৰি আজি ওলাই আহিছে শাহুৱেকৰ লগত। কুন্তলেও মাকৰ লগত তৰ্কত জিকিব নোৱাৰি মণিক পঠিয়াই দিছে মনটোত অলপ শান্তি পাওক বুলি। যোৱা আহাৰৰ শেষৰ ফালে কুন্তল খুটিৰ পৰা ঘৰলৈ আহিছিল খবৰ ল’বলৈ। কিন্তু আহি দেখে কথা বিষম। মাকৰ ব্যৱহাৰত অতিষ্ঠ মণিৰ হাড়ে ছালে লাগিলগৈ। দুমাহত ইমান পৰিৱৰ্তন।
সেইদিনা মণিয়ে হিয়া উজাৰি কান্দিলে। কুন্তলে কি বুলি সান্তনা দিব মণিক বুজি নাপালে। ওৰে ৰাতি ভাবি চিন্তি উপায় উলিয়ালে। কুন্তল ঘৰত থাকিব। মণিক সি কথা দিছিল, কেতিয়াও কষ্ট পাবলৈ নিদিওঁ বুলি, সদায় বুকুতে সুমুৱাই ৰাখিব বুলি। কিন্তু আজিচোন মণিৰ ঘৰতেই নিৰাপত্তা নোহোৱা হৈছে। কি দৰে চম্ভালিব পৰিস্থিতি। আচলতে কি হৈছে জানিবলৈ সি ঘৰত থাকিব লাগিব। যিকোনো সমস্যা ওচৰৰপৰাহে সমাধান হয়। তাৰবাবে সমস্যাৰ ভিতৰলৈ সোমাই যাবই লাগিব। এইবোৰৰ পৰা আঁতৰি থকাটো তাৰ সমাধান নহয়। ঘৰৰ এইটো সমস্যা ঠিক নকৰালৈকে কুন্তল ক’লৈকো নাযায়। তাৰ সলনি মোহন আৰু তাৰ ভায়েকক চাপৰিলৈ পঠিয়ালে। ঘৰৰ কাম কুন্তলে চম্ভালিব। এই সময়ত মণিক তাৰ প্ৰয়োজন হৈছে। কোনোপধ্যে তাইক এৰি যাব নোৱাৰে।
কুন্তল মাজে মাজে মাহেকে পষেকে এপাক মাৰি আহে খুটিলৈ। সকলোবোৰ ঠিকে ঠাকে চলি আছে তাত। কিন্তু ঘৰতহে পৰিস্থিতি অলৰ অচৰ। মাক নাচোৰবান্দা। যি হ’লেও দোষ কেৱল মণিৰে দেখে। কোনো সময়ত কুন্তলৰ ধৈৰ্য হেৰাই যায়। মনটোৱে বিদ্ৰোহ কৰি উঠে। নিজৰ মাকজনীয়ে কি দৰে একমাত্ৰ বোৱাৰীজনীক এনে ব্যৱহাৰ কৰিব পাৰে। খঙতে কেতিয়াবা মণিক এইবোৰ জঞ্জালৰ পৰা আঁতৰাই লৈ যাব যেন লাগে।
কিন্তু মণি! মণি এক বেলেগ মানুহ। কি ধাতুৰে গঢ়া তাই? কিদৰে সহ্য কৰি গৈছে এইবোৰ। আনকি কুন্তলকহে বুজায়, সময়ত সকলোবোৰ ঠিক হ’ব। হয়তো তাই সমস্যাৰ কিবা সমাধান পাইছে। দুদিনমানৰ পৰা তাই কুন্তলক কৈ আছে এবাৰ চহৰৰ ডাক্তৰৰ লগত পৰামৰ্শ কৰাৰ কথা। কথাটো কুন্তলৰো মনে খাইছে। কিন্তু মাকে নামেই নুশুনে।

“দৰকাৰ নাই, ডাক্তৰে কি কৰিব এইবোৰ কথাত। তাতে আনে শুনিলে কি বুলিব।”

সমাজলৈ চিন্তা কৰা মাকজনীয়ে যেতিয়া মিতিৰ-কুটুমৰ আগত মণিৰ বদনাম গায় তেতিয়া কুন্তলৰ মাকক ক’বলৈ মন যায় এফাকি। বহুত ধৈৰ্য ধৰি আছে সি।
সিদিনা মাকে কাৰোবাৰপৰা খবৰ আনিলে হাবিচুকত বোলে বৰ ভাল বেজ এজন আছে। তেওঁৰ মন্ত্ৰ বৰ ফাপে। তাবিজো দিয়ে হেনো। এবাৰ মণিক লৈ গ’লেই হ’ল। সোনকালেই ভাল খবৰ এটা দিব। গতিকে দেৰি কিহৰ? ভাতৰ পাতত মাকে ঘোষণা কৰিলে, পাছদিনাই হাবিচুকলৈ মণিক লৈ যোৱাৰ কথা। কুন্তলে কিবা এফাকি ক’বলৈ মুখ মেলোতেই মণিয়ে চকুৰে ইংগিত দিলে মনে মনে থাকিবলৈ।
ৰাতি শুবলৈ যাওঁতে কুন্তলে মণিকে খং কৰিলে আপত্তি নকৰাৰ বাবে।

“দোষ তোৰেই। তই কাহানিও একো নমতাৰ বাবেই মায়ে ইমান সাহস পাইছে।”

“হ’ব দিয়কচোন।”

“কি হ’ব? বেয়া দেখিলে প্ৰতিবাদ কৰিবই লাগিব, লাগিলে ডাঙৰেই হওক বা সৰুৱেই হওক কথা নাই। আৰু এইবোৰ, এইবোৰ কৰি জানো কিবা লাভ আছে? কপালত যদি সতি-সন্ততিৰ সুখ আছে হ’ব, নাই যদি নাই। ল’ৰা-ছোৱালী নোহোৱা মানুহ নাই নেকি কিবা পৃথিৱীত? এনেকৈয়ে থাকিম।”

“ৰ’ব ৰ’ব। মোৰ কথাটো শুনক। মায়ে যি কৰিব খুজিছে কৰিবলৈ দিয়ক। তাকে কৰি যদি মায়ে মনত সন্তুষ্টি পায় কৰক দিয়কচোন। মায়ে ডাক্তৰৰ নামেই নুশুনে। গতিকে আমি মাক নোকোৱাকৈ এইবাৰ চহৰলৈ কিবা কামত যাওঁ বুলি গৈ দেখুৱাই আহিম। কাকো নক’লেই হ’ল।”

মণিৰ কথাটোৱেই ঠিক হ’ব যেন লাগিল কুন্তলৰ। হ’লেও মাকৰ মুখৰ কথাকেইটা মনত পৰি মূৰটো হমহমাই থাকিল।

“আপুনি আৰু এইবোৰ চিন্তা কৰি নাথাকিব। এইখিনি সময় অতি জটিল। বিপদ আহিছে , ধৈৰ্যৰে কাম কৰিব লাগিব। চাওঁ এইফালে আহক।”

বেৰত আঁউজি মণিয়ে কুন্তলৰ মূৰটো কোলালৈ তুলি ল’লে। অালফুলকৈ তাৰ মূৰত হাত ফুৰালে।

“এইখিনিত চাচোন। বৰকৈ খজুৱাই আছে। কিবা গুটি উঠিছে যদি ফুটাই দেচোন।”

মণিয়ে জানে সি এনেয়ে কৈছে। দিনটোৰ এইকণ সময় সি মণিক কাষত পায়। অকণমান মৰম-আব্দাৰ বিচাৰে সি। তাই মিচিককৈ হাঁহি মাৰি ক’লে,

“হ’ব মই চাইছোঁ নহয়। শুই থাকক এতিয়া।”

দুই হাতেৰে তাৰ চকু মুদাই দিলে তাই।
চুলিখিনি লাহে লাহেকৈ টানি দিলে।
মণিয়ে বুজে, সকলো বুজে। বুকুত যি যন্ত্ৰণা আছে খুলি কুন্তলক নেদেখুৱায়। তাই নিবিচাৰে মাকৰ প্ৰতি কুন্তলৰ মনোভাব আৰু বেয়া হওক। যিমান হৈছেগৈ তাৰে পৰা ঠিক হ’লেও হ’ব। আৰু সমস্যাটো যদিও গুৰুতৰ, তথাপি অসম্ভৱ কিবা এটা নহয়। কিতাপে পত্ৰই পঢ়িছে তাই। ডাক্তৰৰ ওচৰলৈ গ’লে কিবা এটা উপায় ওলাব বুলি এতিয়াও আশা কৰিছে তাই।
কুন্তলৰ টোপনি গ’ল।
সৰু ল’ৰাৰ দৰে তাইৰ কোলাত মূৰ থৈ শুই পৰিল কুন্তল। লাহেকৈ তাৰ মূৰটো গাৰুটোলৈ দি মণিও বিছনাত পৰিল।
উসঃ ৰাতিপুৱাই আকৌ হাবিচুক। সময় হ’লে মাহীয়েকৰ ঘৰলৈও এপাক মাৰিবলৈ মন আছিল মণিৰ। কিন্তু শাহুৱেকক ক’বলৈ সাহ নাই তাইৰ। হ’ব এইবাৰ নালাগে। পাছে পৰে যাব কাহানিবা তাই। মনটোক প্ৰবোধ দি শুই গ’ল তাই।
এইয়া এতিয়া মণি আৰু শাহুৱেকে হাবিচুকৰ পৰা ঘূৰি আহি আছে, খাটনিয়াৰ বেজৰ ওচৰৰপৰা। বৰ নাম থকা বেজ বোলে। সেয়েহে কিজানি মানুহৰ ভিৰ ইমান। মণিহঁত থাকোতেই দুই তিনিজন মানুহ আহিছে উপায় বিচাৰি। কাৰোবাৰ পুতেকৰ বোলে ক’লা জ্বৰ উঠে, ঠিক কৰিব লাগে। আকৌ কাৰোবাৰ ঘৰত ওচৰচুবুৰীয়াই বীৰা মেলিছে, ৰাতি দিন ঘৰলৈ মাটি চপৰা দলিয়াই থাকে। বেজ গৈ খেদিব লাগে, লগতে যি বীৰা মেলিছে তাকো এসিকনি দিব লাগে। সকলো সমস্যাৰ সমাধানেই যেন তেওঁৰ ওচৰত আছে।
আজি শাহুৱেকৰ মনত ফুৰ্তি। বেজে তাবিজ দিছে আৰু কিবা কিবি বিধান দিছে। শনিবাৰে, মঙলবাৰে পানী কাটি গা ধুৱাবলৈ দিছে মণিক। এইবাৰ বৰ আশা কৰিছে শাহুৱেকে কিবা সুফল পাবই বুলি। মণিৰ আস্থা নাই এইবোৰৰ ওপৰত। বিশেষকৈ মানুহজন অলপো ভাল নালাগিল তাইৰ। কিযে ভয়ংকৰ চাৱনি মানুহজনৰ। গাটো বেজবেজাই যায়। বাৰে বাৰে কথা বুজোৱা আৰু আশীৰ্বাদ দিয়াৰ চেলুলৈ মানুহটোৱে তাইৰ গায়ে মূৰে হাত ফুৰোৱা কথাটোত বৰ অস্বস্তি লাগিছিল মণিৰ। এইবোৰ কথা কুন্তলক নোকোৱাই ভাল। আকৌ খঙটো উঠিব। যি হ’ল হ’ল। শাহুৱেকে এতিয়া যি কৰে কৰি থাকক। কিন্তু বেজৰ ওচৰলৈ আকৌ নোযোৱাকৈ হ’লেই হয়।
কথাবোৰ ভাবি ভাবি ঘৰ পালেহি মণিহঁত। সন্ধিয়া লাগিল। দিনটো লঘোনে ভোকে অৱস্থা নাই। কুন্তলে গৰু সুমুৱাইছে। সিহঁতক দেখি মাত লগালে,

“দিনটো লাগিলনে তাতে?”

মাকে টপৰাই উত্তৰ দিলে,

“কি? ইমান দূৰ অহা যোৱা মুখৰ কথা বুলি ভাবিছ নেকি?”

আৰু জোকাই নোলোৱাই ভাল বুলি সি মনে মনে থাকিল। বেছিকৈ সুধিলে আকৌ কি ভাবিব ঠিক নাই।

“হেই যা যা।”

গৰুহাল গোহালিলৈ খেদি খেদি কুন্তল উধাও হল তাৰপৰা।

“কি ঔ, কিবা খাবলৈ পালিনে দিনটো?”

হাত ভৰি ধুই আহি কুন্তলে মণিক সুধিলে।
মণিয়ে হাঁহিলে মাথো। একো নামাতিলে তাই।
অলপপৰ ৰৈ ক’লে,

“আপুনি খা খবৰ এটা কৰকচোন ডাক্তৰৰ। যিমান পাৰি সোনকালে দেখুৱাই আহোঁ ব’লক।”

“উম। ৰ চিন্তা কৰোঁ মই।”

“পিছে মাক কি বুলি ক’ব? কিবা চিন্তা কৰিছেনে?”

“ক’ম তোক পূজাতে চিনেমা এখন দেখুৱাই আনো বুলি।”

“ইচ এওঁ। ইমান সাহস হোৱা হ’লে আছিলেই।”

“কি! নোৱাৰিম বুলি ভাবিছ নেকি?”

“হ’ব হ’ব।”

সিহঁতৰ হাঁহিৰ শব্দ বাহিৰলৈও গ’ল হ’বলা। লগে লগে শাহুৱেকে মাত লগালেই,

“চুপতি মাৰি হ’ল যদি পাচলি খাৰলিকেইডাল অলপ কাটি দিবিহি নেকি?”

পলকতে মনটো বেয়া লাগি গ’ল দুয়োৰে।

“আহিছোঁ মা।”

মণি লৰালৰিকৈ যাবলৈ ওলাল।

“ৰূপালী নাই নেকি মণি?”

“হ’ব একো নহয় মই যাওঁ।”

মণি যোৱাৰ ফালে চাই ৰ’ল কুন্তল। দিনটো অনিচ্ছাকৃতভাবে ঘূৰি পকি তাই ঘৰ সোমাইছেহি। অকণো আজৰিও নাপায়। মাকক কিদৰে বুজাব সি। মণি বাৰু ভাগৰি নপৰেনে এইবোৰ সহ্য কৰি কৰি।
আজি কুন্তলে ভাবিছে ঘৰত কথাটো উলিয়াব, মানে চহৰলৈ যোৱাৰ কথা। সিও জানে কোনোৱে আপত্তি নকৰিলেও মাকে নিশ্চয় কিবা এফাকি ক’বই মণিক লৈ যোৱাৰ কথাটো লৈ। যি হয় হ’ব আজি।
ভাত বনাই হৈছেগৈ প্ৰায়। মানুহবোৰ পাকঘৰৰ ওচৰে পাজৰে আছে। দেউতাকে চৌকাতে বেঙেনা পুৰি আছে। মাকে দাইলখন তেল মাৰিবলৈ লৈছে। কুন্তল গৈ দেউতাকৰ ওচৰতে বহিলগৈ। খেতিবাতিৰ লগতে বেপাৰৰ দুই এটা কথা আলোচনা হ’ল। তাৰে মাজতে সি
চেগ বুজি উলিয়ালে কথাটো।

“দুই এদিনতে মই চহৰলৈ যোৱাৰ কথা আছেই। ভাবিছোঁ মণিকো লগত লৈ যাওঁ।”

উসঃ কবলৈ পালেহে কুন্তলে, যেন কঁদো বাহতহে জুই দিলে। আশা কৰা ধৰণেই মাকে কৈ উঠিল,

“কেলৈ তাই যাব লাগে?”

“এনেয়ে।”

“তই যা তোৰ কাম আছে। তাই কি দৰকাৰ মাইকী মানুহজনী তোৰ লগত দং দংকৈ ঘূৰি ফুৰিবলৈ।”

“মানে?”

“কি মানে? কেলৈ যাব লাগে তোৰ লগত?”

“উৱা, মোৰ লগত নগৈ আকৌ কাৰ লগত যাব তাই। গিৰিয়েক আৰু নাই নহয়। আৰু তাতে তাই এনেয়ে আছে ঘৰত। এতিয়া কাম বনো নাই তেনেকৈ। যাব আকৌ অলপ ঘূৰি ফুৰি আহিব।”

“ইচ একেবাৰে বৰ নোহোৱা হ’ল তাৰ ঘৈণীয়েকজনী। লগত লৈহে যাব।”

“হেৰা কিনো বকি থাকা ঔ অনবৰতে? যাওকচোন দিয়া।”

মাজতে কুন্তলৰ দেউতাকে মাত লগালে।

“যাওক যাওক, গোসাঁনীক লৈ যাওক । গাঁৱত এফালে ওলাব নোৱাৰি, চবেই বু বু বা বা কৰে, সেইবোৰ খবৰ নাই। ফুৰিবলৈ যায় গিৰিয়েকৰ লগত। লাজ নাইকিয়া চব।”

“হ’ব, লাজ যদি লাগিব লাগে মোৰো লাগিব লাগে। অকল তাই কিয় লাজ পাব। কিজানি দোষ মোৰেই আছে।”

“থ থ। ঘৈণীয়েৰৰ হৈ মাত। মাহীয়েৰে ঠিকেই কৈছিল। এইজনীয়ে তোৰ মূৰটো খালে। তোলৈ বেলেগ এজনী চাবহে লাগিব যেন পাইছোঁ।”

“কি?”

কুন্তলৰ চকুৰে যেন জুই ওলাইছে। খঙত পাগল হৈ গৈছে সি।
দপদপকৈ ওলাই গল সি। মণি সিফালে পেঁপুৱা লাগিল। জেগাতে বহি পৰিল।
অতদিন মনে মনে থকা হৰেন মহাজনে মাত লগালে।

“তোমাৰ মগজুটো ঠিকে আছেতো?”

“মই ভাল কথা ক’লেও চবেই বেয়া দেখে।”

“ল’ৰা-ছোৱালীয়ে তোমাৰ কথা মানি আছে মানে সিহঁতক দুৰ্বল বুলি নাভাবিবা। সিহঁতৰ ভদ্ৰতাৰ সুযোগ নল’বা বুজিছা। যিদিনা বান্ধ ছিঙি ওলাই যাব তেতিয়া গম পাবা।”

“ক’লৈ যাবনো? আৰু সিনো কি জানে সংসাৰৰ কথা? কিমান দিন দেখিছে সি? ক’বলৈ আহে!”

“যদি একো নাজানেই, তোমাৰ পানী কেঁচুৱা ল’ৰাক বিয়া কিয় পাতি দিছিলা?”

“মই পাতি দিছিলোঁনে? নিজেহে চপাই লৈছিলহি এই কুলক্ষণীজনীক।”

“মুখ চম্ভালি কথা কোৱা। লোকৰ ছোৱালী এজনীৰ কথা এনেকৈ ক’বলৈ ক’ত সাহস পালা তুমি? ছোৱালী তুমিও তুলিছা। দেখিম সময়ত।”

কৈ গুচি গ’ল দেউতাক।

“হ’ব হ’ব যাওক আপুনি। এইজনীয়ে চবকে কিবা খুৱালে। ঘৰখন ভাঙি থান বান কৰিলে। কুলক্ষণী ঐ, মোৰ ল’ৰাটোৰ মূৰটো খাবলৈ আহিলি।”

“মা ঐ তোৰ মুখখন নহয়! ব’লা নবৌ এইবোৰ শুনি থাকিব নালাগে তুমি।”

ৰূপালীয়ে মাত লগালে।

“চুপ থাক তই। একেপাত চৰে, চিনি পোৱা নাই মাৰক। মুখে মুখে উত্তৰ দিয়।”

“ব’লা ব’লা।”

ৰূপালীয়ে মণিক উঠাই নিজৰ কোঠালৈ লৈ গ’ল।
ৰাতি দুপৰ হ’ল। কুন্তল এতিয়ালৈকে ঘৰলৈ অহা নাই। দেউতাক আৰু আইতাকৰ বাদে ৰাতি খোৱা পাতলৈ কোনো নগ’ল।
মণিয়ে বাট চাই আছে। চকুপানীৰে গাৰু ভিজি গৈছে। ক’ত গ’ল বাৰু মানুহটো। হে ভগৱান, কি হৈছে এইবোৰ। যি হৈছে তাইৰ বাবেই হৈছে। সঁচাই বাৰু তাই কুলক্ষণী নেকি? ওৰে ৰাতি তাই বাট চালে। কিন্তু কুন্তল নাহিল। শেষ ৰাতিলৈ চিলমিলকৈ অকণমান টোপনি ধৰিছিল। বাহিৰত অলপ অলপকৈ পোহৰ হৈছে। কেৰেককৈ দুৱাৰ খোলাৰ শব্দত তাই সাৰ পালে। দেখে সন্মুখত কুন্তল।
এইয়া কুন্তল আন এক ৰূপত। যিদৰে সি ঘৰৰপৰা ওলাই গৈছিল এই ৰূপ তাৰ সম্পূৰ্ণ বিপৰীত। তাই বুজি পোৱা নাই কি হ’ল তাৰ? গোটেই ৰাতি ক’ত থাকিল সি। প্ৰশ্নবোধক চাৱনিৰে তাই চাই ৰ’ল তালৈ।

 

“ঐ ৰূপালী খৰিয়াটো আনচোন।”

“ৰ’ব মই আনিছোঁ। ৰূপালী নাই। পদুমী পেহীৰ ঘৰলৈ গৈছে।”

মণি লৰালৰিকৈ খৰিয়াটো লৈ ওলাই আহিল।

“তোক ইমান কওঁ, লাহে লাহে খোজ কাঢ়িব নোৱাৰ নেকি বাৰু?”

“একো নহয়। মাছখিনি এৰুৱাই দিয়ক, মই কাটি বাছি দিওঁ।”

“নালাগে তই মাটিত বহি বহি মাছ বাছিব। ৰূপালী আহক ৰ।”

পাছফালে চোতালতে কুন্তলে কাপোৰ মেলা ডাঁৰডালত ফাঁচি জালখন ওলোমাই থৈছে। পুঠি মাছেৰে ভৰ্তি। পুৱাৰ ৰ’দ ছাতি পৰি পুঠি মাছবোৰৰ গাটো জিকমিকাই আছে। আঙুলি সোমোৱাবলৈ জেগা নাই। চবেই কয় কুন্তলৰ হাতত বোলে যাদু আছে। বৰষুণৰ পানীতো মাছ পায় হাত জুবুৰিয়ালে। পল’ মাৰিবলৈ যাওঁতে সদায় আগত সি। সুদা হাতে কাহানিও ঘূৰি নাহে।

“ক’ত পাতিছিলনো?”

“পাছফালে হোলাটোৰ পৰা যে লোৰটো গৈছে তাত পাতিলো। কালি দেখিছিলো। যা এতিয়া কিমান খাৱ খা।”

“ইস্! মইহে খাই শেষ কৰিম!”

“আৰু কালিলৈ আগফালে হোলাটোত পচা মাৰিম। দেখিবি তেতিয়া।”

“তাত কিন্তু আছে দেই। আজি বাট সৰা সময়ত দেখিছিলো ৰাতিপুৱা, পিঠি লুটিয়াই লুটিয়াই যি আছে পুঠি মাছগাল।”

“উম। ঐ ৰূপালী ক’ত গ’ল ঔ?”

“ক’লো নহয় পদুমী পেহীৰ ঘৰলৈ গৈছে বুলি।”

“কেলেই গৈছে ৰাতিপুৱাই?”

“কালিলৈ নামভাগৰ বাবে কিবা বন্দোবস্ত কৰিবলৈ গৈছে।”

কালিলৈ ঘৰত মণিৰহৈ নাম পাতিছে।
ঘৰলৈ অতদিনৰ মূৰত ভাল খবৰ এটা আহিছে। হওঁতে তেনেকে কাকো কোৱা হোৱা নাই। তিনিমাহমান নোহোৱালৈকে বৰকৈ গাই বাই ফুৰিবলৈ মানা কৰিছে মাকে। যোৱা দুমাহ ধৰি মণিয়ে গা ধোৱা নাই। ইমান দিনৰ মূৰত কিবা আশাৰ মুখ দেখিছে। আজিকালি কাৰ কি মতলব বুজা টান। গতিকে ঘৰৰ মানুহখিনিৰ বাদে কাকো কোৱা নাই। পিছে পৰে এনেও গম পাব। মাকে মনতে আগবঢ়াই থোৱা আইনামকণ কালিলৈকে কৰিবলৈ ওলাইছে। বৰ বাহুল্য নহয়। আই দুগৰাকীমান মতাৰ কথা।
কুন্তলৰ মাকে এতিয়াও ভাবি আছে যি পাইছে খাটনিয়াৰ বেজৰ কৃপা মাথোন। তেওঁ দিয়া বিধান মতে সকলো কৰাৰ পাছতহে মণিৰ গা ভৰিছে। দুই তিনিবাৰ পানী কাটিও গা ধুৱাইছে। যি কষ্ট হ’লেও কামত দিলে যে ! যি ভাবে মাকে ভাবি থাকক। এতিয়া যদি গম পায় মণিক ডাক্তৰৰ ওচৰলৈ নিয়া বুলি ঘৰত কি ভাওনা কৰে ঠিকনা নাই। তাতকৈ নোকোৱাই ভাল।
এৰা ডাক্তৰৰ ওচৰলৈ যোৱাৰ সময়তো কম নাকনি কাননি হ’লনে বাৰু দুয়োটাৰে। মনত পৰি মণিৰ আজিও বুকু কঁপি উঠে সেই ৰাতিটোৰ কথা। চহৰলৈ যোৱাৰ কথালৈ সেইদিনা ঘৰত ৰাতি যি কাজিয়া হ’ল, কুন্তল ওৰে ৰাতি বাহিৰতে থাকিল। ভাত পানীও লঘোণ। তাতে শাহুৱেকৰ এটা এটা বাক্যবানে মূৰত খুন্দিয়াইছে মণিৰ। বিশেষকৈ শেষৰ ফাঁকি, কুন্তললৈ পুনৰ বিয়া কৰোৱাৰ কথাটো। উসঃ কি দৰে সহ্য কৰে বাৰু তাই। এগৰাকী নাৰীয়ে হাজাৰ দুখ কষ্ট সহ্য কৰিলেও নিজৰ প্রিয় পুৰুষজন আন এগৰাকী নাৰীৰ লগত…. নাই মণিয়ে ভাবিবও নোৱাৰে এইবোৰ। কেতিয়াবা যদি তেনে পৰিস্থিতি আহে তাৰ আগতে তাই মৰি যাবলৈ ভাল পাব। কিন্তু কুন্তল ! কুন্তলৰ ওপৰত মণিৰ বিশ্বাস আছে। কাহানিও সি তেনে হ’বলৈ নিদিয়ে। মণিক ইমান কষ্ট দিব নোৱাৰে সি। কথাবোৰ ভাবি ভাবি মণি ওৰে ৰাতি বহি থাকিল। দুটামান শব্দই খুলি খুলি খাইছে তাইক। নাভাবো নাভাবো বুলিও কথাবোৰ মনলৈ আহি আছে।
শেষ ৰাতি কুন্তল ওলালহি। ওলাই যোৱাৰ সময়ত যি ৰুদ্ৰমূৰ্তি ধৰি গৈছিল তেতিয়া আৰু সেই ৰূপ নাই। একেবাৰে ঠাণ্ডা মগজেৰে ঘৰ সোমাইছেহি। ৰাতিটো কি হ’ল ক’ব নোৱাৰে তাই। ক’ত থাকিল নুসুধিলে তাই। মাথো মানুহটো ভালে আছে সেয়াই যেন যথেষ্ট। আহি কুন্তল বিছনাত বহিল। মণিৰ হাতখন হাতত তুলি ক’লে, “মণি মোৰ ওপৰত বিশ্বাস ৰাখিবি। গোটেই জগতখন এফালে হৈ গ’লেও মই সদায় তোৰ লগতেই থাকিম।”

আৰু একো কোৱাৰ প্ৰয়োজনেই নাছিল। কুন্তলেও যেন মণিৰ মনটো বুজি উঠিছিল। এফাকি কথা আৰু মণিৰ সকলো দুশ্চিন্তা আঁতৰ।

“মণি তোক কথা এটা ক’বলৈ আছে।”

“কওকচোন।”

“এতিয়া নকওঁ। পাছত ক’ম।”

“কিয়? মোক আকৌ চিন্তা এটা দিলে।”

”ধেইট একো চিন্তা কৰিব লগা নহয়। ক’ম ৰ।”

“হ’ব বাৰু।”

সেইদিনা ঘৰৰ সকলোৰে আগত মণিক মাতি কুন্তলে ক’লে, বেলেগে খোৱাৰ কথা।
সকলোৰে চকুত বিস্ময়।
কোনেও একো মতা নাই।
কুন্তলে আকৌ আৰম্ভ কৰিলে,

“মোৰ আৰু মণিৰ কাৰণে এইখন ঘৰৰ মানুহৰ বহুত দিগদাৰ হৈছে। সমাজত লাজ পাব লগা হৈছে। মাৰ প্ৰতিদিনে আপত্তি এইক লৈ। গতিকে সকলো সুখেৰে থাকক । আমি বেলেগ হৈ যামগৈ বুলি ভাবিছোঁ।”

সকলো নীৰৱ।

“দেউতা?”

“আ? অ’। শুনিছোঁ। কিনো কওঁ তহঁতক। জনা বুজা হ’লি। নিজৰ দায়িত্ব নিজে ল’ব পৰা হ’লি। নিজৰ সংসাৰ হ’ল। ছোৱালী এজনীৰ দায়িত্ব লৈ আনিছ যেতিয়া পাছ হুহুকিব নোৱাৰ। তাইক নিৰাপত্তা দিয়াটো তোৰ কৰ্তব্য। যি ভাল দেখ কৰ। তথাপিতো কওঁ আকৌ এবাৰ ভাবি চা।”

“মই কি কৰোঁ দেউতা আপুনিয়ে কওক। দেখিছে নহয় সদায় কি পৰিস্থিতি ঘৰত। আমাৰতো বাদেই ঘৰৰ বাকীবোৰৰো সুখ শান্তি নোহোৱা হৈছে। আৰু মণিক চাওকচোন। কিমান সহ্য কৰিব আৰু তাই।”

“হওঁতে হয় কথাবোৰ। আমি সকলোৱে বুজো। কিন্তু যি বুজিব লাগে তেওঁৱেই নুবুজে নহয়। বোৱাৰীজনী ঘৰৰ লখিমী। ইমান অনাদৰ কৰিব নাপায়। তাতে ঘৰৰ একমাত্ৰ ল’ৰা তই। তহঁত গুচি গ’লে কি হ’ব এইখন। কোনে চাব ঘৰ-বাৰী। কাৰ বাবে কৰিছোনো মই ইমানবোৰ।”

“দেউতা কিন্তু মণিৰ ইমান কষ্ট কিদৰে চাই থাকো মই কওকচোন।”

“তই ঠিক কৈছ। অলপপৰ মই স্বাৰ্থপৰ হৈছিলো। কিন্তু ছোৱালীজনীৰ এই দুৰৱস্থা দেখিও মাত নামাতিলে দোষ হ’ব। যা তহঁত। দুয়োটা সুখেৰে থাক। এইখন ঘৰৰ দুৱাৰ সদায় খোলা থাকিব দুয়োটাৰে বাবে। যেতিয়াই মন যায় ঘূৰি আহিবি।”

এনেতে মণিয়ে মাত লগালে,

“দেউতা মোৰ ক’বলগীয়া আছে কিবা।”

“কচোন।”

“দেউতা মই এখন সমাজক সাক্ষী কৰি এইখন ঘৰলৈ বিয়া হৈ আহিছিলো। মোৰ সম্পৰ্ক কেৱল মানুহজনৰ লগত নহয়, গোটেই ঘৰখনৰ লগতে। এতিয়া কি দৰে সকলোকে এৰি গুচি যাওঁ মই?”

“মণি সকলোৰে সুখৰ বাবেইটো আমি যাবলৈ ওলাইছোঁ। দেখা নাই জানো সমাজৰ আগত কিমান লাজ পাব লগা হৈছে সকলোৱে আমাৰ বাবে।” কুন্তলে ক’লে।

“দাদা কি যে কৈ আছ বাৰু। ক’তো যাব নোৱাৰ তহঁত।”

ৰূপালীয়ে মাতিলে মাজতে।

“ৰ তই। মোৰ কথাবোৰ শুনি ল। চবতকৈ ডাঙৰ কথা মণিক মই সুখত ৰাখিব পৰা নাই। হোমৰ অগ্নিক সাক্ষী কৰি কথা দিছিলো সদায় তাইক সুখে দুখে লগ দিম। অপায় অমংগলৰপৰা আঁতৰাই ৰাখিম। আজি মোক নিজৰ কৰ্তব্য কৰিবলৈ দে।”

মণিয়ে উত্তৰ দিলে এইবাৰ,

“কৰ্তব্য আপোনাৰ এইখন ঘৰৰ প্ৰতিও আছে পাহৰি নাযাব। মোৰো আছে। যদি আমাৰ বাবে সঁচাকৈ ঘৰখনৰ সদস্যৰ কিবা দিগদাৰ হৈছে সকলোৱে কৈ দিয়ক আজি। কিন্তু যিদিনালৈকে আমাক নিজে উলিয়াই নিদিয়ে ঘৰৰ পৰা মই কলৈকো নাযাওঁ।”

“মণি ভাবি ল আকৌ।”

“ভাবিবলৈ একো নাই ইয়াত। মা দেউতাহে। কিবা বেয়া দেখিলে ক’লে। মই এৰিলো এইবোৰ। আপুনিও এৰি দিয়ক।”

“যি কৰ কৰ তেন্তে। দেউতা সাক্ষী আছে নহয় আপুনি। মই মোৰফালৰ পৰা যত্ন কৰিলো। এতিয়া আকৌ তাইয়েই নাযায়। মোৰ আৰু কৰিব লগা নাই।”

কুন্তলৰ দেউতাকে বুজিলে। সকলোৱে বুজিলে, বোৱাৰী এইজনী লখিমী।
কুন্তলৰ মাক নিমাত।

“হেৰা ভাত বাঢ়াগৈ যোৱা। পেট শুকুৱাই মাৰিবা নেকি?”

সকলোবোৰ দিহা দিহি গ’ল।
তাৰে দুই এদিন পাছতে মণি আৰু কুন্তল চহৰলৈ গৈ ডাক্তৰক দেখুৱালেগৈ। দুই এটা পৰীক্ষা কৰিবলৈ দিলে। সকলোবোৰ চাই মেলি ক’লে, বিশেষ চিন্তাৰ বিষয় নহয়। যি অলপ দোষ ত্ৰুটি আছিল, দিয়া দৰবখিনি নিয়মীয়াকৈ খালে সকলোবোৰ ঠিক হ’ব লাগে। একো ফল নাপালে ডাক্তৰে আকৌ তিনিমাহৰ পাছত আহিবলৈ ক’লে।
আজি দুমাহৰ ওচৰা ওচৰি হ’ল। মণিয়ে গা ধোৱা নাই। ঘৰত সকলোৱে কিবা এটা আশাৰ ৰেঙণি দেখিছে। আৰু এমাহৰ পাছত ডাক্তৰৰ ওচৰলৈ যোৱাৰ কথা আছিল। সকলোবোৰ ঠিকে ঠাকে হৈ গ’লে যোৱাৰ প্ৰয়োজন নহ’ব বোধহয়।
আজিকালি মণিৰ শাহুৱেকৰ মনটো অলপ মুকলি হোৱা যেন লাগিছে। কালিলৈ আগতেই আগবঢ়াই থোৱা আইসবাহকণো পাতিবলৈ লৈছে। দেখি সকলোৱে সকাহ পাইছে মনত।
কুন্তলে বুজি উঠিছে, মণিয়ে ঠিকেই কৈছিল। ধৈৰ্য ধৰি আজি কিবা এটা পোৱা যেন অনুভৱ হৈছে। এইবোৰ কথাতে তাইলৈ বহুত মৰম লাগে। আচলতে মৰমতকৈও বেছি শ্ৰদ্ধা ওপজে তাইলৈ। সঁচাই তাই হৰেন মহাজনৰ ঘৰৰ লখিমী বোৱাৰী, কুন্তলৰ মৰমী পত্নী।
(আগলৈ)

Leave a Reply

Your email address will not be published.