ফটাঢোল

মণিকুন্তল – গীতাশ্ৰী কলিতা

(লেখিকাৰ একাষাৰ:
মণিকুন্তল এক ভালপোৱাৰ অনুভৱ। মণিকুন্তল কোনো এক সঁচা কাহিনীৰ ভিত্তিত লিখা হোৱা নাই। ভিন্ন ঘটনাৰ পৰা হোৱা অনুভৱ কিছুমানে মনত বহুদিনৰ পৰা দোলা দি আছিল। তাৰে লগত কল্পনাৰ ৰহণ সানি দিয়া লিখিত ৰূপ মণিকুন্তল। ফেচবুকৰ ব্যংগ গোট ফটা-ঢোলৰ সদস্য হোৱাৰ দিন ধৰি নানাজনৰ বহুত লিখা পঢ়িলো। উন্নত মানদণ্ডৰ ব্যংগ ৰচনাবোৰ মাজত নিজে কিবা লিখি পোষ্ট কৰাৰ সাহসেই হোৱা নাছিল। কিন্তু মঞ্চখন ব্যংগৰ লগতে আনধৰণৰ লেখাৰ বাবেও মুকলি কাৰণে এদিন সাহস কৰি এটা খণ্ড পোষ্ট কৰিছিলোঁ। বুজিছিলো মণিকুন্তল কোনোফালৰ পৰা ফটা-ঢোলৰ উপযুক্ত নহয়।তথাপি মনৰ উকমুকনিবোৰ লিখাৰ লোভ সামৰিব নোৱাৰি লিখিলো পোনপ্ৰথমবাৰৰ বাবে, মণি আৰু কুন্তলৰ কথা। ফটাঢোল মঞ্চত মণিকুন্তলক লৈ বিভিন্নজনৰ উৎসাহজনক মন্তব্য তথা পৰামৰ্শবোৰে মোক আৰু আগবাঢ়ি লিখি যোৱাৰ সাহস জনালে। মোৰ দৰে কাহানিও কলম ধৰি নোপোৱা এগৰাকীক ইমানখিনি উৎসাহ দিয়া বাবে ফটা-ঢোললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইয়াৰ বাবে মই চিৰ কৃতজ্ঞ হৈ ৰ’ম!)

আহিন মাহৰ এটা চিকুণ পুৱা৷ পূবমুৱাকৈ থকা পদুমনি গাঁৱত সূৰ্য্যৰ প্ৰথম কিৰণে ভূমুকি মাৰিছেহি ৷ গাঁৱৰ এমূৰীয়া ঘৰটো মণিহঁতৰ ৷ দীঘল পদূলিটোৰ দুই কাষে শাৰী শাৰী পাতাবাহাৰ ফুল গছ, তাৰ কাষে কাষে লানি লানি তামোল গছ ৷ পদূলিটো এৰিয়েই বহলকৈ চোতালখন ৷ চোতালৰ বাওঁফালে দুকোঠলীয়া ভঁৰালঘৰটোৰ লগতে লাগি খেৰৰ ঘৰটো আছে ৷ খেৰ ঘৰটোৰ কাষতে গোহালিটো ৷ চোতালৰ শেষলৈ পথালিকৈ মূল ঘৰটো ৷ আটোম-টোকাৰিকৈ সজা ঘৰটোৰ আধালৈকে ইটা গাঁঠি ওপৰৰখিনি গাধৈ বেৰদি চিমেণ্ট প্লাষ্টাৰ কৰা৷ ঘৰটোৰ সোঁফালৰ মূৰৰ কোঠালিটো চোতাললৈকে আৰু আগবঢ়াই আনি গোঁসাই ঘৰটো বনোৱা হৈছে৷ গোসাঁইঘৰৰ মূধৰ পৰা পৰিপাটিকৈ ৰখা ফুলনীখন আৰম্ভ হৈছে৷ মূলঘৰৰ পাছফালৰ চোতালখন পাৰহৈ বাওঁফালে বাৰীৰ চুকলৈ ডাঙৰ পুখুৰীটো৷ পানী আনিবলৈ সুবিধা কৰি তাত সৰুকৈ দলং এখন দিয়া আছে৷ কাষতে থকা তাল গছজোপা বেঁকা হৈ হাওলি আগটো পুখুৰীৰ মাজ পাইছেগৈ৷ পুখুৰীৰ সিটোপাৰে ঢাপত মাটিকঁঠালৰ শাৰী৷ সেই ঢাপৰে পৰা ধাননি পথাৰখন আৰম্ভ হৈছে৷ পাছ চোতালৰ সোঁফালে দমকলৰ কাষতে ওচৰাওচৰিকৈ গাধোৱা ঘৰ, বাচন-বৰ্তন ধুব পৰাকৈ মাটিত বাঁহৰ চচালি এখন আৰু কাপোৰ ধুব পৰা বহল তক্তাচটা৷ এইখনেই মণিহঁতৰ ঘৰ, তিনিটা ল’ৰা ছোৱালী আৰু পৰিবাৰৰ সতে বৰা পোষ্টমাষ্টৰৰ ঘৰ৷

ল’ৰা-ছোৱালী কেইটাৰ ভিতৰত মণি ডাঙৰ ৷ স্বভাৱ-চৰিত্ৰ, কাম-বনে ভাল বুলি গাঁৱত নাম আছে ৷ মাগুৰ বৰণীয়া গাৰ ৰং, লাহী দেহটোত কঁকাললৈকে বৈ পৰা চুলিৰে এক কথাত ধুনীয়া ছোৱালী বুলিব পাৰি ৷ মেট্ৰিকৰ ডেওনা পাৰ হোৱা হ’ল তিনি চাৰি বছৰ মান ৷ মেট্ৰিক পাছ কৰাৰ পাছত পঢ়িবলৈ কলেজ বুলি যিখন আছে ঘৰৰ পৰা ছয়-সাত কিলোমিটাৰ মান দূৰত ৷ তাকো মূল ৰাস্তাত উঠাৰ আগতে গোটেই ছন্দামৰা পথাৰখন পাৰ হৈ যাব লাগে ৷ ছোৱালীমানুহ ইমান দূৰ গৈ নপঢ়িলেও হ’ব বুলি সবেই কোৱাত সিমানতে সামৰিলে পঢ়া ৷ এতিয়া ঘৰতে থাকে মাকক ইখন-সিখনত হাত বঢ়ায় ৷ তাত-সুতা ব’বলৈও শিকিছে লাহে লাহে ৷ বাকী ভায়েক বকুল আৰু ভনীয়েক বৃন্দা এতিয়াও স্কুলত পঢ়ি আছে ৷

সাৰ পাই উঠি আজি মণিৰ আৰু শুই থাকিবলৈ মন নগ’ল ৷ ঘৰৰ আন মানুবোৰে এতিয়াও শোৱা পাতি এৰা নাই ৷ শেষ ৰাতিলৈ অলপ ঠাণ্ডা পৰাৰ বাবে সবেই উমলৈ শুই আছে ৷ লাহেকৈ তাই বিছনাৰ পৰা নামি আহিল ৷ হাতত বাঢ়নীডাল লৈ তাই হাঁহৰ গড়ালটোলৈ আগবাঢ়ি গ’ল ৷ গড়ালৰ মুখখন খোলাৰ লগে লগে ৰাজহাঁহ হাল ধপধপাই উৰি যোৱাদি গ’ল ৷ এই হাঁহহাল তাই তোলনি হ’বৰ সময়ত দেউতাকে বামুণক দান দিবলৈ আনিছিল ৷ কিবা বোলে যোগটো ভাল নপৰিল ৷ কিন্তু ঘৰত দুদিনমান ৰখাৰ পাছত সবৰে মোহ সোমাল, ল’ৰা-ছোৱালীৰ আব্দাৰত দেউতাকে দান দিয়াৰ পাছত বামুণৰ পৰা উচিত মূল্য দি কিনি ৰাখিলে ঘৰতে ৷ তেতিয়াৰ পৰা হাঁহহাল আছে ৷ সিহঁতি গড়ালৰ পৰা চিধা গৈ তালজোপাৰ তলৰ কোমল ঘাঁহবোৰ খুটিয়াবলৈ ধৰিলে ৷ সিহঁতৰ যেন তাতো মন নবহিল ৷ উলাহত গৈ পুখুৰীত ব্যস্ত হৈ পৰিলগৈ সিহঁত ৷ আজি মণিৰ মনটোৰ দৰে যেন সিহঁতৰ মনটোও উগুল-থুগুল ৷ তাইও গৈ পুখুৰীৰ দলংখনতে বহিলগৈ ৷ এই পৰিবেশটো তাইৰ বৰ ভাল লাগে ৷ নিজানত এইখিনি জেগাত তাই বহি ভাল পাই, অকলশৰে কুন্তলৰ কথা ভাবি ভাল পাই ৷ যোৱাবছৰ মাঘ বিহুৰ সময়তে তাই জানি উঠিছিল তাৰ মনৰ কথাবোৰ ৷ তাৰ পাছৰ পৰা আজিৰ দিনটোলৈকে যে কত কি ঘটি গ’ল জীৱনটোত, এটা এটাকৈ মানসপটত ভাঁহি উঠিল কথাবোৰ ৷

আঘোণৰ সোণালী পথাৰ ৷ খেতি চপোৱাৰ সময় ৷ গাঁৱৰ সব্ মানুহ পথাৰত ব্যস্ত এতিয়া ৷ মণিহঁতৰ ঘৰো ব্যতিক্ৰম নহয় ৷ পোষ্টমাষ্টৰৰ ঘৰ ৷ গাঁৱৰ বাকী মানুহতকৈ অলপ অৱস্থাপন্ন ঘৰ সিহঁতৰ ৷ খেতি পথাৰো ভাল ৷ ওচৰৰ দুই এঘৰৰ সহায় লৈ খেতি চপোৱাত ব্যস্ত মাক-দেউতাক ৷ ভায়েক বকুল আৰু ভনীয়েক বৃন্দাক মণিক চমজাই মাকো গৈছে দাৱনীবোৰৰ লগত ৷ দুই এজন লগত লৈ দেউতাকে ডাঙৰি কঢ়িয়াইছে ৷ আজি দিনতীয়া পথাৰ কৰিব মাকহঁতে ৷ পুৱাতে ঘৰৰ সব্ পথাৰলৈ বুলি ওলাল ৷ গতিকে ঘৰৰ আগচোতাল পাছচোতালৰ কামবন কৰি অঁতাই পাক ঘৰত সোমাল তাই ৷ ভাত বনোৱাৰ দায়িত্ব আজি তাইৰ ৷ মাজে মাজে দেউতাকে ডাঙৰি কঢ়িয়াই থৈ গৈছেহি ৷ পথাৰলৈ দেউতাকৰ হাতত চাহ আৰু পানীপিঠা দি পঠাইছে অলপতে ৷ আজি দুপৰীয়া ভাত সাজত আগদিনাৰ টেঙা দিয়া মোৱা মাছ, কলামাহ আৰু জহা ভোলৰ ভাজি বনাইছে মণিয়ে ৷ সকলো সামৰি ভাই-ভনী দুটাক খুৱাই ভাতৰ টোপোলা লৈ তাই পথাৰলৈ বাট বুলিলে ৷
দূৰণিৰ পথাৰ ৷ কেইবাডৰাও আনৰ পথাৰ পাৰ হৈ যাব লাগে ৷ মুৰৰ ওপৰত বেলিটো ৷ তলত অসমান সৰু সৰু আলিবোৰ ৷ টোপোলাটো লৈ তাই খুপি খুপি আগবাঢ়িল ৷

: অ’ মণি ক’ত যাৱ?

ঘূৰি চাই দেখিলে মনজিত ৷ গাঁৱৰে ল’ৰা ৷ তাইটকৈ তিনি-চাৰি বছৰমান ডাঙৰ ৷ লগত হৰেন মহাজনৰ পুতেক কুন্তল ৷ দুইটাই ডাঙৰি দুভাৰ লৈ আনিছে ৷

: এহ্ মা-দেতাক ভাত দিওঁগৈ ৷ তহঁতৰ দাবলৈ আৰু কিমান বাকী?

: আমাৰ খেতি কম ৷ দুই এদিনতে উঠিবই ৷ এইয়া আকৌ ইহঁতৰ হে ৷ অলপ লাগি দিছোঁ ৷ তই পিছে ইয়াক চিনি পাইছনে নাই?

: পাওঁ পাওঁ৷ কিয়নো নাপাম ৷ হৰেন বৰতাৰ ল’ৰা ৷

: অ পাৱ তেনেহ’লে?

মনজিতে মিচিকিয়াই হাঁহিলে ৷ তাইৰ ভাব হ’ল যেন আৰু কিবা ক’ব খুজিছিল সি ৷ বেছি কথা নবহলাই ক’লে,

: যাওঁ দে৷ দেৰিয়ে হ’ব ৷ মা দেতাও ৰৈ আছে ৷

: অ’ যা যা ৷ বাটে-পথে দেখিলে মাতিবি আকৌ ৷

মনজিতে যাওঁতে চিঞৰি চিঞৰি গাই গ’ল

“ঐ পথাৰে-পথাৰে বিচাৰি ফুৰিলোঁ ক’তে দাই আছিলা ধান…”

তাই একো নকৈ খোজ ল’লে ৷

মনজিতে কথাটো যেন কিবা পাক লগাই ক’লে ৷ এহ এইটোৱে এনেই চেলবেলাই থাকে ৷ কুন্তলহঁতৰ ঘৰলৈ তাইৰ আহ্-যাহ্ আছে যদিও তাৰ লগতহে মাতবোল কম ৷ সৰুতে তাৰ ভনীয়েক ৰূপালীৰ লগত খেলিবলৈ যাওঁতে প্ৰায়ে লগ পায় ৷ কিন্তু যোৱা কেইবছৰমান ধৰি সি ঘৰত স্থায়ীকৈ নাই ৷ হৰেন মহাজনৰ মাটি-বাৰী বহুত ৷ ঘৰত ডাঙৰ দোকান ৷ ধান, মাহ, সৰিয়হৰ বেপাৰ ৷ সোণাৰী চাপৰিতো সিহঁতৰ বহুত মাটি বোলে ৷ নৈৰ পলস পৰা মাটি ৷ তাত খেতি-বাতি, শাক-পাচলি খুব ভাল হয় ৷ লগতে হেনো ম’হৰ খুটিও আছে ৷ চহৰৰ বেপাৰীৰ লগত এইবোৰৰ সুলভ মূল্যত বেচা-কিনা হয় ৷ মুঠতে সব মিলাই ডাঙৰ কাৰবাৰ ৷ তাতে দদায়েকৰ লগত থাকি এইবোৰ কুন্তলে চোৱা-চিতা কৰে ৷ পঢ়া-শুনা অলপ কৰি বাদ দিলে হ’বলা ৷ এতিয়া ঘৰৰ বেপাৰত লাগিছে ৷ বিহুৱে সংক্ৰান্তিয়েহে ঘৰলৈ আহে ৷ অৱশ্যে তাৰ পিছতো একেবাৰে লগ নোপোৱা নহয় ৷ কিন্তু মাতিবলৈহে সংকোচ লাগে ৷ ল’ৰাটো খোজে-কাটলে গহীন গম্ভীৰ ৷ মাত-কথাও বেছ ভদ্ৰ ৷ কথাবোৰ ভাবি ভাবি কেতিয়ানো তাই মাকৰ ওচৰ পালেগৈ গমেই নাপালে ৷

: আহি পালি? ইহঁত দুটাই কি কৰি আছে?

মাকৰ মাতত হে সম্বিৎ ঘূৰি আহিল ৷

: আছে এনেই ঘৰতে ৷ মিনতি খুৰীক কৈ আহিছোঁ অলপ মন-কাণ দিবলৈ ৷

: হব দে ৷ খাবলৈ দে এতিয়া ৷

তাই দাইযোৱা এডোখৰৰ নৰাখিনি অলপ হেঁচি পেলাই তাৰ ওপৰতে টোপোলা বান্ধি অনা গামোচা দুখন পাৰি দি মাক-দেউতাকক খোৱা বস্তুখিনি যতনাই দিলে ৷ জহা ভোলৰ গোন্ধটো নাকত লাগি যেন সবৰে ভোকটো আৰু বাঢ়িল ৷

: এমুঠি তয়ো খা ৷

দেউতাকে খাবলৈ বহি তাইক ক’লে ৷

: নালাগে দেতা ৷ মই খাইয়ে আহিছোঁ ৷

মাকহঁতে খাই আজৰি হয় মানে তাই তামোল-পাণৰ টোপোলাটো উলিয়াই ৰাখিলে৷

: বৰ ভোক লাগিছিল ঔ৷ এতিয়াহে অলপ শান্তি পাইছোঁ৷ দে তামোলখন ৷

দেউতাকে মুখ মচি কৈ থাকিল৷

: মা ৰবাব টেঙা দুটাও আনিছিলো ৷ খাবি পিছত ৷

: হ’ব হ’ব…যা এতিয়া তই ৷ ইহঁত দুটাও অকলে আছে নহয়৷ আৰু অকণ বাৰী ঘৰৰ ফালে চকু দিবি ৷ নতুনকৈ লগা অমিতাকিটা বান্দৰে খাই শেষ কৰিব ৷

তাই শলাগি টোপোলা-টাপলি সামৰি যাবলৈ ওলাল ৷

আধাবাট আহোঁতে তাই দেখিলে আকৌ কুন্তল আহি আছে কান্ধত ডাঙৰি ভাৰ লৈ ৷ এইবাৰ অকলে ৷ ছয় ঠৰিয়া ডাঙৰি ভাৰ আনোতে তাৰ সবল বাহুদুটা আৰু বুকুখন বেছি ফুলি উঠিছে ৷ দেখি তাইৰ লাজ লাগি গ’ল ৷ অলপ অলপ ফোঁপাইছে ৷ ওচৰ পালত সি মাত লগালে এইবাৰ,

“আহিলিগে?”

“অ’” বুলি কৈ তাই কোবাকোবিকৈ আগবাঢ়িল ৷ লাজতে যেন খোজেই নচলিব তাইৰ ৷ অথনি মনজিতৰ কথাষাৰ মনত পৰি আৰু কিবা কিবি লাগিল গাটো ৷ খৰকৈ যাবলৈ লওঁতেই জোঁট-পোট লাগি আলিৰ পৰা পিছলি পৰিল নহয় ধুপুচকৈ ৷ শব্দটো শুনি কুন্তলেও উভতি চালে ৷ তাইও কেনেবাকৈ সি দেখিলে নেকি বুলি চাওঁতে চকুৱে চকুৱে পৰিল ৷ মণিৰ লাজত মুচকছ যোৱাৰ উপক্ৰম হল ৷

“দুখ পালিনেকি ঐ?”

তাই একো উত্তৰ নিদি ততা-তৈয়াকৈ আঁতৰিল তাৰপৰা ৷ ঘৰ পায়ো তাইৰ মুৰটো ভমভমাই থাকিল ৷ কিহে পাইছিল সেই বাৰে বিংকৰা কথাগাল ভাবি আহিবলৈ ৷ কমটো লাজ পালেনে আজি ৷ যদি সি আৰু কাৰোবাক কয়, ক’লে কব কিনো নোহোৱা কথাটো হ’ল, পৰিছেহে ৷ নৰাই কাটি চিটচিটোৱা ভৰি হাত কেইটাত মিঠাতেলকণ ঘঁহি ঘঁহি মনতে পাগুলি থাকিল কথাবোৰ ৷

এইকেইদিন ঘৰত বৰ কামৰ ভিৰ পৰিছে ৷ ইটোৰ পিছত সিটো মৰণা মাৰিছে ৷ মৰণা মৰাৰ আগত আকৌ কঠীয়ালে ৰখাবোৰ বেলেগকৈ বাচি বাচি থব লগা হৈছে ৷ সেইখিনি মাকে ভৰিৰে মাৰিছে ৷ দেউতাকে কঠীয়াৰ গুটি ধানবোৰ মালভোগ, শলপোনা, বৰা, জহা নাম লিখি লিখি জাতিবাহৰ ন কৈ সজা তোমবোৰত সজাই গৈছে৷ ৰাতিপুৱা চাৰি বজাত উঠি মৰণা মাৰি দুপৰলৈ শেষ কৰে যদিও পাছবেলা সেইখিনি বা দিয়া, জৰা মেলাৰ কাম হয়৷ মুঠতে দিনটো কাৰো আহৰি নাই ৷ বৰমৰণাটো মাৰোতে ঘৰৰ বলধ হালৰ লগতে কুন্তলহঁতৰ মণিপুৰী গৰুহাল আনিছিল দেউতাকে৷ গাঁৱত মণিপুৰী এহালেই ৷ মহাজনৰ ঘৰৰ ৷ সেইদিনা মণিহঁতৰ চোতাল মানুহেৰে ভৰ্তি ৷ কোনোৱে ওখোন দিছে যদি কোনোৱে আকৌ খেৰবোৰ মেৰাই মেৰাই আতঁৰাইছে ৷ সৰু সৰু লৰা-ছোৱালী কেইটাই খেৰৰ দমবোৰত পাৰে মানে জপিয়াইছে ৷ গৰুহাল নিবৰ সময়ত সি আহিছিল ৷ মাক মৰণাত লাগি থকা বাবে সবকে তায়েই চাহকণৰ যোগাৰ দিলেহি ৷ তাক দেখি আগৰ ঘটনাটো মনত পৰি আকৌ কান-মূৰ গৰম হৈ গ’ল ৷ বিশেষ একো নকৈ “চাহ খাওক” বুলি দি গ’ল তাই ৷ তাৰ পিছতো আৰু দুই এবাৰ লগ পাইছে যদিও মাতবোল হোৱা নাই ৷
চাওঁতে চাওঁতে আঘোণ শেষ হবৰে হ’ল ৷ পুহমাহ সোমোৱাৰ আগতেই ঘৰত ন খোৱা পৰ্বটোও কৰা হ’ল ৷

পুহ শেষ হৈ মাঘ সোমাবৰে হ’ল ৷ ঘৰে ঘৰে ঢেঁকীৰ মাত ৷ পখিলী আহিছে একেলগে মণিহঁতৰ ঘৰত পিঠাগুড়ি খুন্দিবলৈ ৷ ইতিমধ্যে বৰা চাউলখিনি খুন্দা হৈ গৈছে ৷ মণিৰ মাক পিঠাগুড়িখিনি লৈ জুহাললৈ গ’ল ৷ সোনকালে তিলপিঠাখিনি বনাব লাগিব ৷ দেৰি হ’লে গুড়িখিনি শুকালে পিঠা তুলিবলৈ টান ৷ ভাগি ভাগি যায় ৷ ঢেঁকীশালত মণি আৰু পখিলী৷ মণিয়ে ঢেঁকী দিছে আৰু পাখিলীয়ে বঢ়াই গৈছে ৷ তেনেতে পাখিলীয়ে ক’লে কথাটো, কুন্তলৰ বোলে তাইলৈ মন ৷ কথাটো শুনাৰ পৰা তাইৰ বুকু ধান বনাদি বানিছে ৷ সঁচা নে মিছা তাই নাজানে, কিন্তু বাৰে বাৰে পাখিলীক সকীয়াই দিলে “মোকেহে যি ক’লি ৷ আৰু আনৰ আগত ক’লে চাবি ৷ দেতাই গম পালে মোৰ কলিজা খাব ৷”

মণিয়ে নাজানে আৰু কোনোবাই গম পাই নেকি ৷ সুধিবলৈও সাহ নহল তাইৰ ৷ কিজানি সুধিলে তাই আসৈ পায়!
আজি ৰাতি মেজিৰ ভোজ ৷ মিনতি খুৰীৰ ঘৰৰ আগফালে ভেটিটোত মেজিৰ ভোজ বহুত পুৰণি ৷ গোটেই চুবুৰীটো লগলাগি হাঁহি ফূৰ্তিৰে এসাজ খাই আৰু মেজি জ্বলাই ৷ কেতিয়াবা যদি মাটি দাইল আৰু ৰঙা-লাও ভাজি আকৌ কেতিয়াবা কোনোবাই আগবঢ়োৱা মাছ ভাত ৷ যি পায় সব্ তাতে সন্তুষ্ট ৷ খোৱানো কি ফূৰ্তিটোহে আচল কথা ৷ চাৰিটাকৈ মেজি বনাই ল’ৰাহঁতে ৷ পুহৰ আধা যাবলৈ নৌপাওঁতেই খৰি কটা আৰম্ভ হয় ৷ প্ৰতি ঘৰৰ পৰা দুই এডালকৈ গছ দিয়ে ৷ ধুনীয়াকৈ চাৰিটামান মেজি হয় ৷ সৰু সৰু ডাল-পাতবোৰ মিলাই পাত মেজি এটাও বনায় ৷ এইবাৰো সকলোবোৰ তেনেদৰেই হৈছে ৷ তিনিটা মেজি উৰুকাৰ দিনা ৰাতি জ্বলাই আৰু এটা বিহুৰ দিনা ৰাতিপুৱাৰ বাবে ৰাখে ৷ ইন্দ্ৰেশ্বৰ দাইটিয়ে বিহুৰ দিনা পুৱাতে উঠি গা-পা ধুই বৰমেজিৰ ওচৰত মাহ-প্ৰসাদকণ আগবঢ়াই আৰু মেজিত জুই দিয়ে ৷
আজি মেজিৰ কাষতে খগেনদাই ভদ্ৰেশ্বৰৰ লগ-লাগি সৰুকৈ চালি এখন দিছে ৷ তলখন ধুনীয়াকৈ চুৰুকি তেনেই চাফ চিকুণ কৰি দুটা চৌকা বনাইছে ৷ অলপ আতঁৰলৈ দুই চাৰিজন মান মিলি ৰাতিলৈ খোল পটুৱা কটাত লাগিছে ৷ মুঠতে সব্ ভাগে ভাগে নিজৰ কামত ব্যস্ত আজি ৷ মণি গৈ গাঁৱৰ বাকী ছোৱালীবোৰৰ লগত পাচলিখিনি কুটি বাচি দিলে ৷ লগতে ৰাতিলৈ কাটি থোৱা কলপাত খিনিও ধুই আহিল ৷ আজৰি হৈ যাবলৈ ওলাওঁতেই মিনতি খুৰীয়ে কলে,

: চাহকণ খাই যা আৰু কামত লাগি থকা মখাকো দি যা অকণ ৷

মণিয়ে পাখিলীক লগত লৈ চাহ বনাবলৈ বুলি লাগিল ৷ ভনীয়েকক পঠিয়াই ঘৰৰ পৰা জুইশলা আৰু চেকনিখন অনালে ৷ বাকী বস্তু যোগাৰ আছিলেই ৷ জুই জ্বলাবলৈ লৈ দুইজনী হায়ৰাণ ৷ কেঁচা খৰি কোনোপধ্যে নজ্বলে ৷ ফুৱাই ফুৱাই চকুৱে নাকে পানী একাকাৰ হৈছে ৷

: চাও জুইশলাটো দে

কোনোবাই কোৱা শুনি আগবঢ়াই দিলে তাই ৷

ঘূৰি চাই দেখে কুন্তল ৰৈ আছে হাতত জুমুঠি এটা লৈ ৷ তাই নিৰ্বিকাৰ হৈ থাকিল ৷ সি জ্বলা জুমুঠিটো চৌকাটোত দি জেওৰা খুটি দুটামান ভৰাই দিলে ভাঙি ৷ লগতে পাতল চাই ঠাল দুটামানো ৷ জুই দপদপকৈ জ্বলি উঠিল ৷
পাখিলীয়ে টিপতে কবলৈ নাপাহৰিলে, “চা তোৰ অলপো কষ্ট হোৱা দেখিব নোৱাৰে ৷ কিমান চেনেহ ঐ৷”

: চুপ থাক পাগলীজনী ৷ যি মুখত আহে তাকে কৱ যে?

সন্ধিয়া মেজিৰ ওচৰত মানুহ এটা দুটাকৈ বাঢ়িছে ৷ মাজতে মণি এপাক ঘৰৰ পৰা আহিলগৈ ৷ মাকে ইতিমধ্যে তিল পিঠাবোৰ ভাজি সামৰি মেজিলৈ যাবলৈ ওলাইছে ৷ কামৰ মাজতো তাইৰ বাৰে বাৰে কুন্তলৰ কথাটো মনলৈ আহি থাকিল ৷ সঁচাকৈ বাৰু কথাটো পাখিলীয়ে কোৱাৰ দৰে নেকি? মনটো উচ-পিচাই উঠিল ৷
মেজিৰ ওচৰত মানুহৰ ভিৰ আৰু বাঢ়িল ৷ বয়সস্থ মানুহবোৰ মেজিৰ ওচৰত বহি জুইৰ সেক লৈছে ৷ ইন্দ্ৰ দাইটি আৰু ফুলেশ্বৰ পেহা ভোজ বনোৱাত ব্যস্ত, আৰু দুজন মানে ওচৰতে ৰৈ দিহা পৰামৰ্শ দিছে ৷ কনটিলাই মেনথল লাইট এটা ক’ৰবাৰ পৰা যোগাৰ কৰি আনি চালিখনৰ খুটা এটাত ওলোমাই দিছে ৷ ছোৱালীমখাই পাৰি থোৱা শুকান খেৰৰ ওপৰতে বহি কিবা নিজৰ মাজতে পাতি খুব কিৰিলিয়াইছে ৷ ল’ৰাহঁত আকৌ ভেলাঘৰত ব্যস্ত ৷ সৰু সৰু ল’ৰা-ছোৱালীবোৰে ঘৰে ঘৰে পিঠা তুলি ফুৰিছে ৷ এই সকলোবোৰৰ মাজতে মণিৰ মনটো মাজে মাজে অন্যমনস্ক হৈ পৰে ৷ তাই অনুভৱ কৰিছে যেন এহালি চকুৱে অনবৰতে তাইক অনুসৰণ কৰি ফুৰিছে ৷ তাইৰ নাচাওঁ নাচাওঁ বুলিও তালৈ চকু যায় ৷ দুই এবাৰ তাই সেই মৰম আকুলতাৰে ভৰা চাৱনিটো ধৰা পেলাইছে ৷ চকুৱে চকুৱে পৰাত মণিৰ বুকু কঁপি উঠিল ৷ কথাটো ভাবি ভালো লাগিছে লগতে ভয়ো ৷ কুন্তলৰ নিচিনা ডেকা এটাৰ মন পাবলৈ গাঁৱৰ সব গাভৰুৱেই বিচাৰে, সুগঢ়ি, সুস্থ-সবল দেহা, ঘৰে দুৱাৰে নদন বদন ৷ সকলো কামতে আগৰণুৱা সি ৷ মনটো কি হৈছে মণিয়ে একো বুজি পোৱা নাই ৷ ইমান উতনুৱা হৈ পৰিছে কিয় আজি ! মেজিৰ ওচৰৰ পৰা যাওঁ বুলি বাৰে বাৰে ভাবিও তাই আঁতৰি যাব পৰা নাই ৷ নাম নজনা এনাজৰী এডালে যেন ভৰিত মেৰিয়াই ধৰিছে ৷ তাইও যেন পেটে পেটে বিচাৰিছে কুন্তল তাইৰ ওচৰে পাজৰেই থাকক ৷

সেইদিনা ওৰে ৰাতি তাই শুব পৰা নাছিল ৷ বাৰে বাৰে লুকাই চুৰকৈ চোৱা তাৰ চাৱনিটো মনত পৰি মৰ ঠাণ্ডাটো তাইৰ কান-মূৰ গৰমহৈ পৰিছিল ৷ লাজ লগাৰ লগতে আন এক ভাল লগা অনুভূতিয়ে তাইক চুই গ’ল ৷ মনটো আনমনা হৈ পৰিছে আজি ৷ তাক চাবলৈ বাৰে বাৰে মনটো যেন পগলা হৈ পৰিছে ৷
বাহিৰত শব্দ এটা শুনি সচকিত হ’ল মণি ৷ কিবা এটা চোঁচৰাই নিয়া যেন লাগিল ৷ বুজিবলৈ বাকী নাথাকিল তাইৰ ল’ৰাবোৰৰ দুষ্টামি ৷ হয়তো আজি পদূলিৰ জপনাখন নিলে নাইবা ঢেঁকীটো ৷

: কোন এইকেইটা ঐ!

দেউতাকে তিনিবেটেৰীয়া টৰ্চটো লৈ ওলাই যোৱা শুনা পালে ৷

চ’তৰ পছোৱাই তাঁতখন বাটি কৰাত আজি বৰ অসুবিধা কৰিছে ৷ আশীসূতাৰ চাদৰজুতিটো শালত আছেই ৷ মনৰ পছন্দেৰে আহল-বহলকৈ চাদৰজুতি তাই সেউজীয়া শেল দি লগাইছে ৷ গৰমৰ দিনত আশীসূতাৰ চাদৰখন ল’বলৈ ভাল ৷ আকৌ পকোৱাসূতাৰ পোন্ধৰখন গামোচা আজি বাটি কৰিবলৈ লৈছে ৷ ইমান বতাহ আজি, বৰ আহুকাল হৈছে ৷ ইতিমধ্যে দুবিহা অনা হ’ল ৷ আৰু এবিহা বাকী ৷ মণিয়ে মনতে ভাবি থৈছে এইবাটি গামোচাৰে ডাঙৰ ফুলদি কুন্তলক এখন উপহাৰ দিব বহাগৰ বিহুতে ৷ মাঘৰ বিহুৰ পাছৰ পৰাই সঘনাই লগ পোৱা, দুই চকুৰ মিলন আৰু লগৰবোৰে জোকাই জোকাই সিহঁতক যেন আৰু অলপ ওচৰ চপাই আনিলে ৷ তথাপিও আজিলৈকে ইটোৱে সিটোক মনৰ কথা কোৱা হোৱা নাই ৷ কিন্তু দুয়ো দুয়োকে গোপনে মন দি পেলাইছে ৷ কেতিয়াবা ভয় লাগে ইকাণ-সিকাণকৈ যদি মাক দেউতাকে গম পাই কি হ’ব ৷ তাই ভাবে আচলতে সিহঁতৰ সম্বন্ধটোত না কৰিবলগা নাই একো৷ তথাপিও….

: ঐ ছোৱালী, কি ভাবি বহিলিগে? বতৰটো দেখিছনে কেনেকুৱা কৰি আনিছে….সোনকাল কৰ ৷ ৰাঁচ চলাবলৈ আছেই৷

মাকে চিঞৰিলে সিমূৰৰ পৰা ৷ তাই লৰালৰিকৈ একাহনী আনিবলৈ গ’ল ৷

: সাজ লাগিবৰে হ’ল ৷ মানুহটোৰ ইমান দেৰি লাগিছে ৷

মাকে নিজকে কোৱাদি ক’লে ৷ তেনেতে নঙলা খোলাৰ শব্দত মণিয়ে জুমি চালে ৷ দেউতাকে চাইকেলখনৰ আগত মোনা দুটা লৈ ঘৰৰ মুধৰ বাটটোৱেদি পাছচোতাল পালেহি ৷

: মণি ঔ, মোনাদুটা সামৰি থচোন ৷
কৈ কৈ দেউতাকে মোনা দুটা নমাই চাইকেলখন বেৰত আঁউজাই ৰাখিলে৷

: দেউতাৰক মুখ ধুবলৈ পানী এঘটি দে চোন ৷
মাকে ফু-চুঙাৰে জুই ফুৱাই ফুৱাই জুহালৰ পৰা মাত লগালে৷

মাকে আখৈখিনি ভাজিবলৈ লৈছে ৷ বালিখিনি হিচাপত গৰম হৈছেহেচোন ৷ এৰিথৈ গ’লে আকৌ বহুত দেৰি লাগিব গৰম হোৱালৈ ৷ দেউতাকে মুখ-হাত ধুই পাছফালৰ বাৰাণ্ডাতে মুঢ়াটো পাৰি বহিলহি ৷ দেউতাকৰ মাত শুনি বকুল আৰু বৃন্দা কৰপৰা জানো ওলালহি, বেগটোৰ ওপৰত উবুৰিখাই পৰিলগৈ ৷ আজি সিহঁতৰ বাবে বিহুৰ চোলা অনাৰ কথা আছিল ৷

: চাওঁ আঁতৰি যাচোন৷ বায়েৰে উলিয়াই দিব ৰহ ৷ আৰু কিবা কিবি বস্তু আছে ৷ তেনেই নষ্ট নকৰিবি ৷
দেউতাকে অলপ ধমকিৰ সুৰত দুইটাক আঁতৰাই পঠালে ৷ দুইটাই অলপ আঁতৰত গৈ চুচুক-চামাককৈ ৰৈ থাকিল ৷ তথাপি আঁতৰি নগ’ল একেবাৰে ৷ মণিয়ে আনি বাৰাণ্ডাতে বজাৰৰ মোনাটো খুলিলে ৷ খুচৰি খুচৰি প্ৰথমতে সিহঁতৰ চোলা দুটা উলিয়াই আনিলে ৷

: কণছোৱালীৰ চোলাটো চুৰেন দৰ্জীৰ তাত চিলাই আনিছোঁ ৷ চাচোন জোখত হৈছেনে ৷ অলপ দীঘলকৈ দিছো ৷ অহাবছৰলৈও পিন্ধিব পাৰিব ৷
মণিয়ে কাপোৰ দুযোৰ পিন্ধাই দিলে সিহঁতক ৷ বিৰাট ফূৰ্তি দুইটাৰে ৷ আনটো মোনাৰ পৰা মণিয়ে বস্তুবোৰ উলিয়ালে ৷ পিছদিনা গৰু চাটত দিবলৈ বৰথেকেৰা, জটিলাও, কেৰেলা, টিহু, বেঙেনা লৈ আনিছে বজাৰৰ পৰা ৷

: চাচোন সিটো বেগত তোলৈ চাদৰ এখন আৰু মাৰলৈ ব্লাউজ এটা আছে ৷

: মোলৈনো কেলৈ আনিলে, ননা হ’লেও হয় ৷ আপোনালৈ পিছে কি আনিলে?
মাকে জুহালৰ পৰা মাত লগালে ৷

: এহ! মোৰ আছেই ৷ ইমান গাল চোলা আছে, পিন্ধি ফালি লওঁচোন ৰহ ৷
দেউতাকে ক’লে ৷

: ঐ মণি, চাইকেল খনতে মাখিয়তী পাত আছে, নমাই থ’ছোন ৷ আৰু চা কেৰিয়াৰত সেই টোপোলাটো, চুৰেন দৰ্জীৰ তাৰ পৰা ফটাকানি অলপ কিনি আনিছো ৷ তহঁতৰ বাবে নতুন কঁথা এখন এইবাৰ বনাই ল’বি ৷ বিহু বুলি ঢেৰ কাপোৰ পাইছে চিলাবলৈ ৷
মণিয়ে টোপোলাটো মেলি চালে ৷ ৰঙা, নীলা অসংখ্য কাপোৰৰ টুকুৰা ৷ ইমান ধুনীয়া৷ সৰুতে তাই কইনা বনাবলৈ কিমান যে এনেকুৱা কাপোৰৰ টুকুৰা বিচাৰি ফুৰিছিল ৷ এতিয়াও হেঁপাহতে তাই ভাল লগা দুটুকুৰামান বেলেগে সামৰি থ’লে ৷

তাই বাকী বস্তুবোৰ ভাগে ভাগে সামৰি মোনা কেইটা নি পাকঘৰৰ গজালটোত ওলোমাই থ’লেগৈ ৷

: আজৰি হৈছ যদি চাহপানী এটুপি দেচোন৷ খাই গাটো তিয়াই আহোঁ৷
মাকক উদ্দেশ্যি ক’লে দেউতাকে ৷

শুনি মণি লৰালৰিকৈ জুহাললৈ গ’ল ৷ পিছফালে চালিৰ তলত মাটি কেৰাহী বঢ়াই বনোৱা জুহালৰ ওপৰতে চাইকেলৰ চেইন দি ওলোমাই থোৱা ডেকচিটোত গৰম পানী আছিলেই ৷ তাতে তাই চাহপাত কেইটামান আৰু আদা এটুকুৰা থেতেলীয়াই দিলে৷ উতলিবলৈ দি বৰঘৰৰ পৰা গুৰকণ আৰু তিলপিঠা দুটা আনিবলৈ গ’ল ৷

গৰুবিহুৰ দিনা দোকমোকালিতে উঠিল ঘৰৰ সকলোবোৰ ৷ বকুল আৰু বৃন্দাৰ গাত তত নাই ৷ দিনটোত কিমানযে কৰিব লগা কাম আছে সিহঁতৰ ৷ মণি আৰু মাক উঠি আগচোতাল পাছচোতাল চাফচিকুণ কৰাত লাগিল ৷ মাকে গা-পা সোনকালে ধুই গৰু নোৱাবলৈ মাহ-হালধিখিনি বতি দি পাক ঘৰত সোমাল সবকে চাহ জলপান দিবলৈ ৷ মণিয়ে চোতালখন গোবৰ আৰু আলতীয়া মাটিৰে টিপি টিপি মচি গোহালি চাফা কৰিবলৈ গ’ল ৷ ইতিমধ্যে দেউতাকে গৰু গা ধুৱাবলৈ বুলি ঔডুবিৰ পাৰলৈ ওলাইছে ৷ তাতে গাঁৱৰ সকলো মিলি গৰু নোৱাই ধুৱাই ৷ পিছে পিছে বকুলে কলপাতত মেৰিয়াই মাহ-হালধিখিনি লৈ গৈছে ৷

হঠাতে মণিয়ে চোতাল মচি থাকোঁতে দেখিলে কুন্তলক ৷ হয়তো কালি আহি পাইছেহি চাপৰিৰ পৰা ৷ আজিকালি তাইও অনুভৱ কৰে সি যেন বেছি ভাগ সময় গাঁৱতে থাকিবলৈ বিচাৰে ৷ তাইও মনে মনে তাকেই বিচাৰে ৷ কথা নহ’লেও দিনটোত এবাৰ দেখিলে তাক ভাল লাগে মনটো ৷ তাৰ সেই গভীৰ চাৱনিটোৱে বহুত কথাই কৈ যায় ৷ আজি লগৰ দুটামানৰ লগত গৰু লৈ গৈছে ৷ ডুবিলৈকে গৈছে নিশ্চয় ৷ আজি তাই চোতাল সৰা-মচা কৰোঁতে দৰকাৰতকৈ অলপ বেছি সময় লগালে কিজানি ঘূৰি আহোঁতে তাক দেখেই ৷ চোতাল মচি হ’লেই এতিয়া, কৰে কি ! মচাখিনিকে আকৌ ঘঁহি পিহি থাকিল ৷ কিন্তু তাইৰ আশাত চেঁচাপানী ঢালি মাকে ভিতৰৰ পৰা মাত লগালেই, “মণি সোনকাল কৰ অলপ৷ এইকেইটা কামতে ইমান সময় লগাৱনে৷ ভিতৰৰ কাম গাল বাকী আছে৷ দেউতাৰো পাবহিয়ে এতিয়া৷ কিবা এমুঠি খাই ল’ব লাগে ৷”
উপায় নাই ৷ সিও নহায়ে হ’লগৈ ৷ মাকৰ কেঁচাগালি খোৱাৰ ভয়ত সুৰ সুৰকৈ পিছফালে গ’ল ৷ ইখন সিখন কৰোঁতে দিনটো কেনেকৈ পাৰ হ’ল গমেই নাপালে ৷ দিনটো তাক দেখিম দেখিমকৈ আশাপালি থাকোঁতেই গ’ল ৷ আছেগৈ চাগে ক’ৰবাত গৰুজাক লৈ ৷ আবেলিলৈ এবাৰ দেখিলেই হ’ল ৷

দেউতাক গৰু আনিবলৈ গ’ল৷ তাই গোহালিত জাকটোৰ যোগাৰ কৰি মৰাপাটৰ নতুন পঘাবোৰো ভাগে ভাগে সাজু কৰি থৈছে ৷ মাক আহি খুঁটা এটাত ধূপ কেইডালমন খোঁচ মাৰি থ’লেহি ৷ নাহৰৰ পাতত মন্ত্ৰ লিখি দুৱাৰৰ কোণত ৰাখিলে ৷ মণিয়ে গোহালিৰ আশে-পাশে ইখন সিখন কৰি ঘূৰি ফুৰিছে ৷ এক মুহূৰ্তও লৰচৰ কৰিলেই যেন কুন্তল পাৰ হৈ যাব ৷
নিজৰে লাজ লাগিল ৷ ইমান পাগল কেতিয়াৰ পৰা হ’ল তাই, সি কিজানি গমেই নাপায় তাই তাক কিমান ভাল পাই ৷ আৰু সি? যদি ভাল পালেহেতেন এবাৰ হলেও সি বাটেদি যিকোনো চেলুলৈ গ’ল হয় ৷ আচলতে ইমান চঞ্চল কুন্তল নহয়! পাগল তাইহে কিজানি ৷ ধেৎতেৰি নিলাজজনী ৷ কিন্তু হ’লেও যে তাই ভিতৰলৈ যাবয়ে নোৱাৰিছে ৷ নাই আজি দিনটোত তাক আকৌ এবাৰ নেদেখিলে তাই থাকিব নোৱাৰে ৷

ইতিমধ্যে দেউতাকে গৰু আনি পদূলিত পালেহি ৷ পিছে পিছে বকুল, চিঞৰ-বাখৰ কৰি আহিছে, “মাখিয়তী মাখিপাত, মাখি মাৰো জাক জাক….. ৷”
মাখিয়তীৰ নামত কেৱল ঠাৰিকেইডাল হে আছেগৈ হাতত ৷
তাই মাছৰ পানী আনি গৰুৰ ভৰি কেইটা ধুৱাই অলফুলকৈ ন-গামোছাখনেৰে মচি দিলে ৷ খেৰ, বিহলঙনিৰে জ্বলোৱা জাকটো ভালকৈ বিচি দিলে তাই ৷ কাম কৰি আছে যদিও চকু পদূলিতহে৷ বহুত দেৰি হ’লচোন ৷ নাহিব নেকি বাৰু সি? নাই আজি আকৌ কুন্তলৰ সৈতে দেখা দেখি নহ’ল৷ মনটো সেমেকি গ’ল মণিৰ ৷

গধূলি হ’বৰে হ’ল ৷ নামঘৰৰ ফালৰ পৰা ঢোলৰ শব্দ ভাঁহি আহিছে ৷ ঢোলৰ মাত শুনি মনটো যেন ৰাই-জাই কৰিছে ৷ বাৰে বাৰে যাবলৈ মন গৈছে ৷ শেষ আশা কিজানি তাক এবাৰ দেখা পায়েই ৷ কিবা কৰি এবাৰ যাব পৰা হ’লে ৷ তেনেতে ওলালহি গাঁৱৰে দুজনীমান ৷

পদূলিৰ মুখৰ পৰা চিঞৰিলে, “ঐ মণি যাবি নেকি?”

তাই যাম বোলাৰ আগতেই মাকে ভোৰভোৰাই ক’লে,
: গাভৰু ছোৱালী কি পিনপিনাই ফুৰ ইমান!

দেউতাকে তেনেতে মাত লগালে,

: যাওক দে, গাঁৱৰ সব ছোৱালী যদি যায় তাইও যাওক ৷
তাইক আৰু কোনে পায় ৷ সাউতকৈ চাদৰখন সলাই ওলাল তাই ৷ মনে মনে প্ৰাৰ্থনা কৰিছে ঈশ্বৰক, সি আহে যেন ৷

সিহঁত গৈ নামঘৰৰ মুখ পালে ৷ ল’ৰা-ছোৱালী অলপ গোট খাইছে৷ সবেই আজি গাওঁবুঢ়াৰ ঘৰতে প্ৰথম হুঁচৰিটো জোৰাৰ সিদ্ধান্ত ল’লে ৷ সবৰে হাঁহি ফুৰ্তিত তত নাই ৷ কিন্তু মণিৰ মনত কেৱল কুন্তলক দেখা পোৱাৰ চিন্তা ৷ এইবাৰো যদি নেদেখে তেন্তে আৰু চিন্তা নকৰোঁ বুলি পেটে পেটে ভাবি থাকিল ৷ ক’তা তাৰচোন দেখা দেখিয়েই নাই ৷ তাই মনতে ভাবিলে এনেই আহিল ইমান তত নাইকিয়াকৈ ৷ আকৌ নাহিল সি ৷ কিনো দৰকাৰ পৰিছিল তাইৰ ইমান উতনুৱা হ’বলৈ ৷ তাৰতো খবৰেই নাই ৷ তাই ইচাট-বিচাটকৈ থাকিল ৷ তেনেতে দেখিলে আৰু দুটামান ল’ৰা গাওঁবুঢ়াৰ চোতাললৈ সোমাই অহা ৷ হয়নে সি, হয় যেন লাগিছে ৷ হ’লেই হয় ৷ আজি যদি নেদেখে তেন্তে…হয় হয়, সিয়েই হয়৷ উসঃ ৰক্ষা! অলপ আগলৈকে তাক নেদেখি পগলা হোৱা মনটোৰ আকৌ কি হ’ল ৷ লাজতে ক’ত লুকাও যেন লাগিছে তাইৰ এতিয়া ৷ হ’লেও যেন কৰবাত লুকাই তাক চাব ৷ কিয় ইমান মৰম লগা হৈছে তালৈ? ক’ব নোৱাৰে তাই ৷ ঘপ্কৈ তাৰ চকুৱে চকুৱে পৰিল ৷ তাৰ মুখতো যেন কিবা এটা আনন্দই দোলা দি গ’ল ৷ এবাৰ দুবাৰকৈ কেইবাবাৰো চকুৱে চকুৱে পৰিল দুয়োৰে ৷ তাইৰ লাজতে গাল দুখন আৰু গুলপীয়া হৈ পৰিল ৷ যদিও ভাবিছিল কোনেও দেখা নাই কিন্তু অতিকৈ সিয়ান দুজনীমানৰ চকুত নপৰাকৈ নাথাকিল ৷ তাইক চিকুট মাৰি লগৰ জোন বোলাজনীয়ে ক’লে, “আমি একো দেখা নাই দে৷”

আজি আৰু একো কবলৈ মন নগ’ল তাইৰ ৷ বৰঞ্চ ভাল লাগিল তাৰ নামৰ লগত নিজকে সাঙুৰি ৷ ইচ ৰাম! মনতে ভাবি থৈছিল গামোচাখন দিয়াৰ কথা ৷ লৰালৰিতে থাকি আহিল৷ হ’বদে, এতিয়ালৈকে সিওতো কোৱা নাই তাইৰ আগত একো মুখ খুলি ৷ যদিও জানে তথাপি তাৰ মুখৰ পৰা শুনিবলৈ উদ্‌গ্ৰীৱ হৈ পৰিছে তাই সেই বিশেষ কথাটো ৷

হুঁচৰি সামৰি সকলো বহিল চোতালত ৷ গৃহস্থই সেৱা ল’বলৈ আহিল ৷ চোতালতে হাতেৰে মোহাৰ মাৰি শৰাইখন গুৱা-পাণ আৰু অৰিহণা সহিতে আগ বঢ়াই গৃহস্থই সেৱা ল’লে ৷ এজনে আশীৰ্বাদ দিলে, “ভাল বোলে লাও দিবৰ হেদালি, জিকা দিবৰ জেং….”

সিটো শাৰীৰ মূৰত বহা কুন্তললৈ আকৌ চকু গ’ল তাইৰ অজানিতে ৷ আজিয়েই যেন চাই ল’ব তাক হেঁপাহ পলোৱালৈকে ৷ গোটেই কলিজাত ভৰাই ল’ব তাৰ মৰম সনা চাৱনিটো ৷ অলিন্দ-নিলয় ভৰাই ল’ব তাৰ সুঘ্ৰাণ, যাতে তাইৰ শিৰাই শিৰাই বৈ থাকে যেতিয়াই মন যায় অনুভৱ কৰিব পৰাকৈ ৷

(আগলৈ)

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *