ফটাঢোল

মণিকুন্তল (দ্বিতীয় খণ্ড)– গীতাশ্রী কলিতা

প্ৰথম খণ্ডত:

পদুমনি গাঁৱৰ বৰা পোষ্টমাষ্টৰৰ বৰ জীয়ৰী মণি। সহজ সৰল মনৰ দীপলিপ গাভৰু মণি। গাঁৱৰে ল’ৰা কুন্তলৰ তাইলৈ মন। তাৰ গভীৰ দুচকুৰ চাৱনিত মণিয়ে প্ৰত্যক্ষ কৰিছে তাইৰ প্ৰতি অলেখ ভালপোৱা। লাহে লাহে মণিৰো মন গলিছে। আজিকালি দিনটোত এবাৰ হ’লেও তাক নেদেখিলে থাকিব নোৱাৰা হৈছে তাই। তাতে বহাগৰ বতৰ, কুন্তলক দিবলৈ বুলি মৰমৰ বিহুৱানখনো মনে মনে বৈ থৈছে মণিয়ে।

আগৰ খণ্ডটো বিতংভাৱে তলৰ লিংকটোত পঢ়িব পাৰিব:

মণিকুন্তল – গীতাশ্ৰী কলিতা

**************************************************

এইকেইদিন ৰাতি বিহু মাৰাৰ চলেৰে দিনটোত এবাৰ হ’লেও তাক দেখাৰ সৌভাগ্য ঘটিল মণিৰ৷ চকুৱে চকুৱে যেন বহু কথাই হ’ল দুয়োৰে। চাওঁতে চাওঁতে বিহুৰ দিনকেইটা পাৰেই হ’ল, বহাগৰ আধাখিনি যাবৰে হ’ল।

আজি মণিয়ে জোনৰ মুখে গম পালে দুই এদিনতে হেনো কুন্তল চাপৰিলৈ উভতি যাব লাগিব। জোনৰ মাকে মহাজনৰ ঘৰতে কাম-কাজ কৰে। গতিকে প্ৰতিদিন জোনৰ মুখত মহাজনৰ ঘৰৰ খা-খবৰ পাই থাকে। সি চাপৰিলৈ যোৱাৰ কথা শুনি মণিৰ মনটো সেমেকি উঠিল। কেতিয়া বা আকৌ আহিবলৈ সুবিধা মিলে…এদিন নেদেখিলে থাকিব নোৱাৰা মনটোক কিদৰে বুজাব তাই! তাৰ যোৱাৰ দিনটো যিমানে ওচৰ চাপি আহিল সিমানে তাইৰ মনটো উদ্বাউল হৈ পৰিল। মনটোৱে যেন একো বাধা নামানে, কেৱল তাৰ আশে পাশে থকাৰ হেঁপাহ। হ’লেও উপায় নাই মনে মনে ভাবিছে সিও বাৰু তাইৰ দৰে অনুভৱ কৰিছেনে? তাৰো হৃদয় কপি উঠিছেনে তাইৰ পৰা আঁতৰি থকাৰ বেদনাত। উঠিছে কিজানি, নুঠিবও পাৰে।

উঠাৰ পৰাই ইচাত-বিচাট কৰি ফুৰিছে তাই৷ আজি কুন্তল যাবগৈ৷ যোৱাৰ আগতে মণিয়ে আশা কৰিছে তাক এবাৰ চাবলৈ৷ তাই জানে সি পুৱা বেলাতে যোৱাৰ কথা৷ কালিয়েই জোনৰ মুখত গম পাইছিল৷ গতিকে আগফালে কাম কৰি আছে তাই৷ কোনো কাৰণতে হেৰুৱাব নোখোজে তাই তাক চোৱাৰ সেই সুযোগকণ৷ লাগিলে আজি যিয়েই নহওক৷ ভবা মতেই দেখিলে তাক৷ দুই চকু ভৰি আহিল তাইৰ৷ যদিও এই বিচ্ছেদ ক্ষন্তেকীয়া তথাপিও কলিজাখনে মানি ল’ব পৰা নাই সহজে৷ তাৰ সেই বিষণ্ণ চাৱনিটোত আছিল আকৌ লগ পোৱাৰ হেঁপাহ৷ আকৌ হিয়া উজাৰি মৰম যচাৰ প্ৰতিশ্ৰুতি৷

সি গুচি গ’ল৷ এৰি গ’ল বহুত স্মৃতি৷ যদিও সুখৰ, সেই স্মৃতিয়ে এতিয়া বুকুত জুয়ে পোৰাদি পুৰিছে তাইক৷ এতিয়া অনুভৱ কৰিছে ক্ষণে ক্ষণে, কিয় লগ পাওঁতে তাক যচা নহ’ল মনৰ ভিতৰৰ তোলপাৰ লগোৱা মৰমবোৰ৷ সি ক’ব ক’ব বুলি বাট চাই চাই জনোৱা নহ’ল তাক মণিৰ মনৰ কথাবোৰ৷ তাইৰ কোনো সময়ত ধৈৰ্য্যৰ বান্ধ ছিগি যাব খোজে। নাজানে এই বিচ্ছেদ কিমান দিনৰ৷ কিন্তু মনে প্ৰাণে তাই কামনা কৰিছে, ই যেন সোনকালে শেষ হওক৷ সি আকৌ উভতি আহক৷ এতিয়া এটা এটা দিন বছৰ যেন লগা হৈছে৷ এইবাৰ আৰু তাই কুন্তললৈ বাট নাচাই৷ তাই ক’ব৷ নিজ হাতে বোৱা গামোচাখন তাক উপহাৰ দি জনাব তাইৰ মনৰ কথা৷ চিৰদিন তাৰ হৈ জীয়াই থকাৰ হেঁপাহৰ কথা৷ ক’তোৱেই মন নবহা হৈছে মণিৰ৷ এতিয়া যেন কুন্তল অবিহনে এই জীৱন অসাৰ৷

মাকৰ পৰা কথাটো শুনাৰ পিছৰে পৰা মণিৰ পেটতে হাত ভৰি লুকাইছে৷ যদি সঁচাকৈ কথাবোৰ মাকে কোৱাৰ দৰে হয়! যোৱা বহাগৰ ন তাৰিখে গাঁৱৰে দুদুমনিৰ বিয়া আছিল৷ সম্পৰ্কত তাইৰ বায়েক হয়৷ মোমায়েকৰ বংশৰে ছোৱালী৷ বিয়াৰ দুই তিনিদিনৰ আগৰে পৰা অহা-যোৱা নিতৌ সিহঁতৰ ঘৰলৈ৷ বিয়াখনত লাগি ভাগি দিছেগৈ ঘৰৰ সৱেই৷ তাইৰ দায়িত্ব আৰু বেছি৷ জোৰণীয়া গামোচাখন মণিয়েই বৈ দিছে৷ বিয়াঘৰলৈ নিতৌ যোৱাৰ আন কাৰণো আছে৷ ওলাওতে সোমাওতে ৰভাখোলাত লাগি থকা কুন্তলক এবাৰ চোৱাটো৷ বিয়াঘৰৰ হাই-উৰুমিৰ মাজতে দুযুৰি চুকৰ মিলনে বহু কথাই কৈ যায়৷ বিয়াৰ পৰিবেশটোৱে যেন দুয়োৰে মনটো আৰু সলনি কৰি দিছে৷ আনৰ বিয়া চাই দুয়োৱে নিজৰ সপোন ৰচিছে৷ সমনীয়াই জোকালেও ভালেই লাগে তাইৰ৷ বিয়াৰ দিনা বেছ সাজি-কাচি কইনাৰ কাষে কাষে তামোল-পাণ দি ফুৰিছে মণিয়ে৷ হাজাৰ কামত ব্যস্ত থাকিলেও কিন্তু দুচকুৱে কেৱল কুন্তলক বিচাৰি ফুৰে৷

বিয়া হৈ গ’ল ভালে ভালে৷ গ’ল কথা গুছিল৷ কেইদিনমান আগতে খবৰ পালে দুদুকণৰ নবৌয়েকৰ ঘৰৰ মানুহো আহিছিল বিয়ালৈ৷ বিয়াঘৰতে তাইক দেখি সৱৰে পছন্দ হ’ল৷ নবৌয়েকৰ ককায়েকলৈ বিচাৰিছে তাইক৷ ল’ৰা চহৰত থাকি চাকৰি কৰে৷ যদিহে মণিৰ ঘৰৰ মানুহে সন্মতি জনাই দুদিনমান পিছতে গাঁৱৰ বছেৰেকীয়া সবাহ ভাওনাত ঘৰলৈ আহোঁতে ল’ৰাই মণিক চাবলৈ আহিব বুলি খবৰ দিছে৷ মণিৰ ঘৰৰ পৰা আপত্তিৰ কোনো কাৰণেই নাই৷ চিনা-জনা মানুহ, বংশ পৰিয়ালো ভাল৷ লগতে ল’ৰাৰ চহৰত চাকৰি৷ আৰুনো কি লাগিছে! বাকী মাক দেউতাকৰ মতেই মত, মাক দেউতাকৰ সিদ্ধান্তই তাইৰো সিদ্ধান্ত, মণিৰনো কি! তাতে বৰা পোষ্টমাষ্টৰ চৰুক সুধি চাউল বঢ়োৱা বিধৰ মানুহ নহয়৷ গতিকে খবৰ দিয়া হ’ল, ল’ৰা আহক৷ মণিক মাকে কামৰ মাজতে কথাটো কাণচোৱাই থ’লে৷ মণিৰ ঘৰৰ পৰা সঁহাৰি পাই ছোৱালী চাবলৈ অহাৰ সিদ্ধান্ত হ’ল৷

কথাবোৰ শুনি মণিৰ পেটলৈ ভাত নোযোৱা হ’ল৷ কুন্তলক ক’বলগা মনৰ কথাবোৰ তেন্তে মনতেই থাকি যাব নেকি? তাই একোকে ভাবিব পৰা নাই আজি৷ ফুলিবলৈ লোৱা ফুলপাহ যেন কলিতেই মৰহি যাবলৈ লৈছে৷ কি সতেৰে তাই কুন্তললৈ সাঁচি ৰখা মৰমবোৰ আনক দিব৷ নাই, তাই নোৱাৰে৷ তাই মানা কৰিব এই সম্পৰ্কৰ বাবে৷ পাৰিলে তাৰ আগতেই কুন্তলক খবৰ দিব, লাগিলে তাইক পলুৱাই লৈ যাওক এতিয়াই৷ সকলো এৰি গুচি যাব তাৰ লগত৷ চহৰৰ চাকৰি নালাগে তাইক৷ কুন্তলৰ লগত নিমখ ভাতকে খাবলৈ সাজু তাই৷ মুঠতে এতিয়া কুন্তলক এৰি থাকিব নোৱাৰে৷ কিন্তু খবৰ দিব কেনেকৈ? বিয়াৰ পাছতেই সি আকৌ চাপৰিলৈ গ’লগৈ৷ মণিয়ে এতিয়াও নাজানে সি কেতিয়া আহিব৷ এতিয়া ধৈৰ্য্য ধৰি থাকে কেনেকৈ৷ কি কৰিব তাই৷ সি অহালৈ বাট চোৱাৰ বাদে আৰু যে উপায় নাই৷ নাযায় নুপুৱাই যেন লাগিছে এইকেইদিন৷

কালিলৈ ল’ৰা অহাৰ কথা৷ ইপিনে কুন্তল অহাৰ কোনো উমঘামেই নাই৷ জোনৰ মুখত গম পাইছিল তাই, নৈত পানী বঢ়াৰ বাবে খুটিত বহুত দিগদাৰ হৈছে৷ কুন্তল অহাটো দূৰৰে কথা, ঘৰৰ পৰা আৰু মানুহ গৈছেহে তালৈ৷ এইফালে ঘৰত ধুমধামেৰে যা-যোগাৰ চলিছে কালিলৈৰ বাবে৷ মাকে আজিয়ে পিঠা-পনা বনাবলৈ ল’লেই৷ লগতে মণিক সমানে ঘৰৰ কামত লগাইছে৷ দেউতাকে আৰু এজনক লগত লৈ বাৰী-ঘৰ চাফ-চিকুণ কৰোৱাইছে৷ দেউতাকে বিচাৰি বিচাৰি ভালৰো ভাল ম’হৰ আঠা দৈ গোটাইছে৷ বাৰীৰ মালভোগ কলথোক কাহানিবায়ে কাটি পকাইছে৷ ল’ৰা যাতে কোনো কাৰণত অসন্তুষ্ট হ’ব লগা নহয় তাৰবাবে পুৰামাত্ৰাত আয়োজন চলিছে৷ মাকে মণিক ওলাওতে সোমাওতে শিকাই বুজাই আছে কিদৰে খোজ কাঢ়িব লাগিব, কথা কি দৰে ক’ব লাগিব৷ বাৰে বাৰে কৈছে দাঁত উলিয়াই নাহাঁহিবি৷ ল’ৰা ঘৰৰ মানুহৰ আগত ডং ডংকৈ নাযাবি৷ পিছে মণিৰহে মূৰত কোনো কথাই সোমোৱা নাই৷

-“মণি সিদিনাৰ গামোচা জাপৰ ডাঙৰ ফুলৰ গামোচাখন উলিয়াই ৰাখ৷ ল’ৰাক দিব লাগিব৷ লগতে হেনো দদায়েকৰ পুতেক আহিব তালৈও এখন ভাল চাই গামোচা উলিয়াই থ৷ এটা কাম কৰচোন, অলপ ৰ’দত দি দে৷ চাবি আকৌ কৰবাত পইটাচুৰুণীয়ে মূতা দাগ চাগ থাকিব, নাক-কাণ কাটিব তেতিয়া৷”

মণিৰ বুকুখন চিৰিং কৈ গ’ল৷ কি কৈছে মাকে৷ কত হেঁপাহেৰে তাই বৈ উলিয়াইছে কুন্তলৰ বাবে সেইখন গামোচা৷ কি সতেৰে দিব আনক৷ কেতিয়াও নিদিয়ে৷

-“সেইখননো কেলেই দিব লাগে? আৰু বহুত আছে দেখোন৷ বেলেগ এখনকে চাই দে৷ কিমান কষ্টকে বৈছো মই৷ নিদিও সেইখন৷”

-“আও এইজনী, কোনদিনালৈকেনো সাঁচিছ সেইখন? ডাঙৰ ফুলৰ গামোচা এখন নিদিলে নাকটো ৰ’বনে আমাৰ? সেইখনেই দিব লাগিব৷ নহ’লে কথাটো বেয়া হ’ব৷”

-“হওক বেয়া৷”

মাকে পোন্দোৱাকৈ চালে মণিক৷

-“মই যি কৈছো শুনিবি৷ তোৰ ভালৰ বাবেই কৈছো বুজিছ৷ ল’ৰাৰ চহৰত চাকৰি৷ বিয়া হ’লে তোৰ সুখেই সুখ বুজিছ৷”

মাকক আৰু উত্তৰ দিবলৈ ভয় লাগিল মণিৰ৷ মনতে গুজৰি গুমৰি থাকিল৷

ল’ৰাই বেয়া পাওক৷ তাকেইটো বিচাৰে তাই৷ বেয়া পোৱা সৱ কৰিব তাই৷ মুঠতে তাই বিয়া নহয় কাৰোৰে লগত কুন্তলৰ বাদে৷ কিবা এটা ভাবি লৰা-লৰিকৈ পাখিলীৰ ওচৰ পালেগৈ৷

-“কিবা এটা উপায় দে মোক৷ কি হ’ব এতিয়া৷ মই মৰি যাম কিন্তু কৈ দিলো৷ কুন্তলৰ বাদে আন কাৰো নহও মই৷ কি কৰোঁ ক৷ মা-দেউতা যিহে মই ক’লেও একো নুশুনিব৷ তই কিবা কৰি কুন্তলক জনাচোন কথাবোৰ৷”

-“ৰ চোন ইমান পাগল নহ’বি৷ ধৈৰ্য্য ধৰ৷ ল’ৰাই চাবলৈহে আহিব৷ পছন্দ নহবও পাৰে কি ঠিক৷”

-“যদি পছন্দ হয় কি কৰিম মই৷ মা-দেউতাই বিয়া দিবই৷ তাতকৈ মই মৰাই ভাল৷”

-“হ’লে কিবা এটা কৰিম ৰ৷ তই এতিয়া ঘৰলৈ যা৷ কালিলৈ দিনটো যাওক৷ ল’ৰাৰ ঘৰৰ পৰা কি খবৰ আহে চাই লচোন৷”

মণি লৰালৰিকৈ ঘৰ পালেগৈ৷ মাকে সন্ধিয়াৰ বাবে লেম চাকি কেইটা ঠিক ঠাক কৰিবলৈ লৈছে৷ তাইক দেখি ক’লে,

-“সন্ধিয়াখন ক’তনো যাৱ অ’? চাও চাকি কেইটা ঠিক কৰহি৷ মই বাপেৰক কিবা এমুঠি খাবলৈ দিওঁ৷ গোসাঁইঘৰত চাকি দিবৰো হ’ল৷ এই ল’ৰা ছোৱালী দুটানো ক’ত গ’ল জানো! ঐ বকুল, চাওঁ হাত ভৰি ধুলিনে?”

মণিয়ে এটা এটাকৈ টিপচাকি কেইটাৰ শলাকানি কেইডাল অলপ টানি উলিয়াই দি চুপিটোৰে কেৰাচিন তেল অকণ অকণকৈ ভৰাই দিলে৷ লেমৰ চিমনিটো খুলি ফুটচাই অকণেৰে ঘঁহি ধুই আনিলে৷ ফটা কানি এটুকুৰাৰে মোহাৰি চিমনিটো লেমটোত লগাই দি জ্বলাই দিলে৷ লেমটো নি চ’ৰাঘৰতে থলেগৈ৷ বাকী চাকি কেইটা নি ঠায়ে ঠায়ে থৈ আহিল৷ মাকে চ’ৰাঘৰৰ মেজখনৰ ওপৰত পাৰিবলৈ পেৰাটোৰ পৰা ধুনীয়া মৌৰা চৰাই চিলাই কৰা কাপোৰ এখন উলিয়াই ৰাখিলে৷ লগতে অলপ বহল পকীয়া ৰুমাল দুখন মণিক দি কলে,

-“কালিলৈ গামোচাৰ লগত এখন এখন দি দিবি৷ তাতে তোৰ চেণ্ট অকণ লগাই দিবি৷ বহুতদিন জাপত থকা নহয়, গোন্ধ পাব নহ’লে৷”

হে হৰি মাকহঁতে কিমান কি চিন্তা কৰি আছে৷ আৰু তাই! বুকুত যিকুৰা জুই জ্বলি আছে কোনেও উমানকে নাপায়৷ মাকক এইটো চেগতে কৈ চাব নেকি তাই৷ ক’বলৈ লৈ বুকুখনচোন ধান বনাদি বানিছে৷ মুখৰ মাত নোলোৱা হৈছে তাইৰ৷ নাই নালাগে৷ কালিলৈ দিনটো চোৱা যাওক কি হয়৷

পুৱাৰে পৰা ঘৰত উথপথপ লাগিছে৷ ল’ৰা দুই মান বজাত পোৱাৰ কথা৷ আজি মাকে ওচৰৰে খুৰীয়েকক মাতি আনিছে কামে বনে লাগি দিবলৈ৷ ভাগে ভাগে খোৱা বস্তু সজাইছে৷ ভোলাৰ হোটেলৰ পৰা গজা আৰু খুৰ্মাও আনিছে৷

যথা সময়ত ল’ৰা পালেহি৷ খুৰীয়েকে মণিক গছাফুল বচা ভাটৌ ৰঙৰ কাপোৰ জোৰ পিন্ধাই দিছে৷ কাপযোৰে তাইক বেছ তুলি ধৰিছে৷ ধুনীয়াকৈ কলডিলীয়া খোপাটো বান্ধি দিছে আৰু লগতে বুজাই গৈছে কিবা সুধিলে কি দৰে উত্তৰ দিব লাগিব৷ মুঠতে আজি ল’ৰাই পছন্দ নকৰাকৈ যেন যাব নোৱাৰে তাৰ পুৰা যত্ন কৰিছে সকলোৱে৷

মণিৰ বুকুখন কোনোবাখিনিত খোচ মাৰি ধৰিছে৷ এইটো দিন কুন্তলৰ বাবে হোৱা উচিত আছিল৷ কি হৈ আছে৷ হে ভগৱান মোক বচোৱা৷ কেনেবাকৈ কুন্তলক লৈ আহা ইয়ালৈ৷ ঘৰৰ মানুহে ল’ৰাক আনি চ’ৰাঘৰতে বহালে৷ দেউতাক আৰু খুৰাকহঁতে কথা-বতৰা পাতি আছে৷ তাই ভিতৰৰ পৰা শুনি থাকিল বিছনাত বহি বহি৷ কথাৰ পৰা গম পাইছে ল’ৰাজনৰ নাম প্ৰভাত।

সময় আহিল ছোৱালী বাহিৰলৈ অনাৰ৷ মাক আৰু খুৰীয়েকে মিলি বনোৱা চাহ লৈ তাই ওলাই আহিল৷ লগে লগে ছাঁটোৰ দৰে খুৰীয়েকে আহিল হাতত পিঠা-পনা আৰু মিঠাই লৈ৷ ওপৰলৈ মূৰ কৰাৰ সাহস নাই আজি তাইৰ৷ উজুটি খাই পৰিব যেন লাগিল৷ লাহে লাহে গৈ মাজৰ টেবুলখনতে চাহ ৰাখি অলপ একাশৰীয়াকৈ থিয় হৈ ৰ’ল মণি৷ খুৰীয়েকে চিনাকি কৰাৰ দৰে ক’লে,

-“এইজনী আকৌ আমাৰ বৰ মৰমৰ৷ আমাৰ আটাইকেইঘৰৰে তাই আলাসৰ৷ কাম-বন সকলো শিকিছে৷ কোনো কামে কাজে পেলাব নোৱাৰি দেই৷”

‘মণি পানী দুগিলাছ আনি দে আকৌ’ বুলি কৈ খুৰীয়েকে ভিতৰলৈ গ’ল৷ তাইও পাছে পাছে ভিতৰলৈ গ’ল আৰু হাতত পানী দুগিলাছ লৈ উলটি আহিল৷

এইবাৰ ল’ৰাৰ লগৰ জনে সুধিলে তাইক,

-“পঢ়া শুনা কিমান কৰিলা?”

-“মেট্ৰিক পাছ কৰিলো৷ কলেজ যোৱা নহ’ল৷”

-“হ’ব হ’ব৷ কিনো পঢ়া শুনা, ঘৰৰ কাম কাজ কেইখন কৰিব পাৰিলেই হ’ল৷ তাতে প্ৰভাতে যদি চহৰলৈ নিয়ে তেতিয়াটো কামেই নাই৷”

মণি নিমাত৷ কিনো উত্তৰ দিব ভাবি পোৱা নাই৷ কেৱল ঈশ্বৰক মাথো প্ৰাৰ্থনা কৰিছে যেন তাইক আজি অপছন্দ কৰে৷

খুৰীয়েকে আহি এইবাৰ সকলোকে বৰঘৰলৈ লৈ গ’ল জলপান খুৱাবলৈ৷ খাই বৈ উঠি ল’ৰা যাবলৈ ল’লে৷ যাবৰ সময়ত মাকে মণিৰ হতুৱাই দুয়োকে গামোচা দিয়ালে৷ তাই কুন্তললৈ বুলি নিজ হাতে হেঁপাহেৰে বোৱা গামোচাখন তুলি দিলে প্ৰভাতৰ হাতত৷ মণিৰ কুন্তলক লৈ ৰচা সপোনবোৰ তাত ফুল হৈ উঠিছিল৷ দিবলৈ লৈ কঁপি উঠিল কলিজাখন৷ প্ৰভাতেও হাত পাতি ল’লে৷

ঘৰৰ সকলোৰে মনত সন্তুষ্টি৷ ল’ৰাই গামোচাখন ল’লে যেতিয়া উত্তৰটো হাঁ হোৱাৰ সম্ভাৱনাই অধিক৷ সকলো বাট চাই ৰ’ল ল’ৰাৰ ঘৰৰপৰা আহিব লগা বাতৰিলৈ৷ কোনোবাই ‘হাঁ’ৰ বাবে, কোনোবাই ‘না’ৰ বাবে৷

প্ৰতিদিন অনিশ্চয়তাৰ মাজেৰে পাৰ হৈছে৷ মণিয়ে উমানকে পোৱা নাই কি হৈছে৷ কুন্তলৰ খবৰ পোৱা নাই কেইবাদিনো৷ ভৰ বাৰিষাৰ সময়৷ নৈত বলিয়া বান আহিছে৷ পদুমনি গাঁৱতো তাৰ প্ৰভাৱ নপৰাকৈ নাথাকিল৷ ম’হবন্ধা মাথাউৰী ছিগিল৷ গোটেই পথাৰখন পানীৰে উপচি পৰিল৷ গৰুগাই চৰাবলৈ জেগা এডোখৰো নাই৷ পদূলিয়ে পদূলিয়ে মানুহবোৰে গৰু বান্ধিব লগাত পৰিছ৷ গৰুৱে পেট ভৰাই খাবলৈ নাপাই হেম্বেলিয়াই আছে৷ আগবেলা পাছবেলা ঘৰৰ সাঁচতীয়া খেৰ কেইডালেনো আৰু কিমান দিন টানিব৷ গতিকে দুই তিনিঘৰৰ মতা মানুহবোৰ মিলি নৈৰ চাপৰিত ঘাঁহ কাটিবলৈ যায়৷ ৰাতিপুৱাই ওলাই গৈ সন্ধিয়া ঘৰ সোমাইহি৷ ঘৰত থকাবোৰৰ চিন্তাত তত নাথাকে গিৰিহঁত ঘূৰি নোপোৱালৈকে৷

যোৱা সপ্তাহত দুবাৰকৈ মণিৰ দেউতাক ঘাঁহ আনিবলৈ গৈছে চাপৰিলৈ৷ লগত কণটিলা আৰু ভদ্ৰেশ্বৰ৷ বহুত দিন ব্যৱহাৰ নোহোৱা আজাৰ কাঠৰ নাওখনত প্ৰথমে দুঠাইমানত পানী সোমাইছিল৷ দেউতাকে খিলি দুটামান মাৰি নতুনকৈ আল্-কতৰা দি ঠিক-ঠাক কৰাই লৈছে৷ ভাগে ভাগে ডাৰবঠা, গুৰিবঠা আৰু লগী গোটাই লৈছে৷ ৰাতিপুৱাই গৰম ভাত আৰু ভাজি খাই ওলাই যায়৷ মাকে সান্দহৰ লাড়ু, মুড়ি, অথিয়া কল দি পঠিয়াই টোপোলা বান্ধি৷ সন্ধিয়ালৈ ওলাইহি ঘাঁহ ভৰ্তি নাওলৈ৷ তেনেদৰে তিনি চাৰিদিনমান যায়৷ সকলোৰে মনত উৎকণ্ঠাৰ অন্ত নাই৷ কি দৰে এই কষ্টৰ দিন কেইটা পাৰ হয়৷ সকলোৱে বাট চাইছে নৈত পানী কম হোৱালৈ৷ মণিয়েও! তেহে যদি কুন্তলে এপাক মাৰিব পাৰে৷ গাঁৱতে যদি এই অৱস্থা তেন্তে নৈ মাজৰ চাপৰিত কি হৈছে তাই বুজিছে বাৰুকৈয়ে৷

দিনচেৰেক গ’ল৷ নৈৰ পানী অলপ কমিছে৷ গাঁৱৰ অৱস্থা অলপ ভাললৈ আহিছে৷ তেনেতে মণিহঁতৰ ঘৰলৈ আহিল সকলোৱে আগ্ৰহেৰে বাট চাই থকা খবৰটো৷ প্ৰভাতৰ ছোৱালী পছন্দ হৈছে৷ গতিকে কথা আগবঢ়াব লাগে৷ পাৰিলে আঘোণলৈ বিয়া পাতিব৷

আজি মণিৰ বুকুত যেন মাথাউৰী ছিগিছে৷ পাৰ ভাগি আহিছে দুখৰ বান৷ হঠাৎ বা-মাৰলীৰ দৰে অহা খবৰটোৱে যেন মণিৰ কুন্তলকলৈ সজা সপোনৰ ঘৰটো থানবান কৰি পেলোৱাৰ উপক্ৰম কৰিছে৷ কি কৰিব এতিয়া তাই!

এইপিনে মণিৰ মাকৰ গাত তত নাই৷ এনে এটা ল’ৰাক ছোৱালী গতাব পাৰিলে কথাই নাই৷ দেউতাকে এদিন ভাত খোৱাৰ চলেৰে বংশৰ দুই এজনক মাতি কথাটো উলিয়ালে৷ সকলোৱে হয়ভৰ দিলে৷ ল’ৰাৰ ঘৰে যদি বিচাৰে সোনকালে বিয়া হ’ব লাগে৷ শুভকামত দেৰি কিহৰ৷ সকলো আলোচনা-বিলোচনাৰ মূল মানুহজনী মণিৰ কথা কিন্তু কাৰোৰে মনলৈ নাহিল৷ কোনোৱে এবাৰো প্ৰয়োজনবোধ নকৰিলে তাইক সোধাৰ৷ অৱশ্যে তেওঁলোকৰ মতে চাবলৈ গ’লে মণিয়ে না কোৱাৰ কোনো যুক্তিও নাই৷ বিয়াৰ উপযুক্ত বয়স, লগৰ কোনোজনী মাক হ’লগৈ, তাতে আজিৰ দিনলৈকে কোনো ল’ৰাৰ লগত তাইৰ নাম শুনা নাই, গতিকে মানা কৰিবলৈ কিটো আছে৷ ভাতৰ পাতত বহি বহুত গুণা-গঁথা চলিল৷ মণি মাথো পুতলা হৈ সকলো চাই ৰ’ল ৷

হঠাৎ যেন হুঁচ আহিল তাইৰ গাত৷ এইয়াইটো সময় মাক-দেউতাকক কথাবোৰ কোৱাৰ৷ এই সময় পাৰহৈ গ’লে আকৌ সুবিধা নাপাব তাই৷ এইবাৰ ল’ৰাৰ ঘৰৰ লগত কথা হোৱাৰ আগতেই তাই নাকচ কৰিব লাগিব৷

তাই সুবিধা বুজি মাকৰ আগত কথাটো উলিয়াবলৈ চেষ্টা কৰিলে। মাকে পাছফালে বাৰাণ্ডাতে চাউলত ধান বাচি আছে, তাইও জাৰা চাউলখিনিত ধান বাচিবলৈ লাগিল৷ এইয়াই সুৱৰ্ণ সুযোগ৷ দেউতাকো নাই ঘৰত৷

-“মা, ল’ৰাৰ ঘৰলৈ খবৰ দিলি নেকি?”

-“কি হলনো?”

-“মই বিয়া নহওঁ তাৰ লগত৷”

-“কি?”

মাকে চাউল জাৰিবলৈ এৰি তাইৰ মুখলৈ চালে৷

-“ক’লো নহয় মই তালৈ বিয়া নহওঁ বুলি৷”

-“কি কথা ক’বলৈ আহিছ? তাৰ লগত বিয়া নহৱ মানে?”

-“মানে চানে নাই৷ মই তাৰ লগত বিয়া নহওঁ মুঠতে৷”

-“তোৰ কি হৈছে ঔ? তাৰ লগত বিয়া নহৱ! কি কাৰণে?”

-“মই ….মই কুন্তলৰ লগত বিয়া হ’ম৷”

-“কি কলি তই? বলিয়া হ’লি নেকি অলপ৷”
…..

-“বাপেৰে মাৰি পেলাব এতিয়া এইবোৰ শুনিলে৷ মোক হে যি ক’লি৷ ইয়াতে সামৰ এইবোৰ ৷”
….

-“আৰু কোনে কোনে জানে তোৰ এইবোৰ কথা?”

-“কোনেও নাজানে৷”

-“নাজানে যদি থাকক৷ আৰু মুখতো নানিবি৷”

-“মই প্ৰভাতৰ লগত বিয়া নহওঁ মুঠতে৷”

-“তই আৰু ল’ৰা বিচাৰি নাপালিগৈ? সেই ম’হ ৰখীয়াটোৰ বাবে প্ৰভাতৰ নিচিনা ল’ৰা নাকচ কৰ! আজিয়ে ক’লি আজিয়েই শেষ৷ দেউতাৰে একপ্ৰকাৰ কথা দিলেই৷ এতিয়া যা-তা নবকিবি৷ দেউতাৰক চিনি পোৱা নাই? লেঠা মাৰিব৷”

-“কুন্তলনো কি বেয়া?”

-“সেইবোৰ কথা দৰকাৰ নাই৷ মই যি ক’লো শুনিলি নহয়৷ ইমানতে শেষ কৰ৷ ল’ৰাৰ ঘৰত কেনেবাকৈ গম পালে সৰ্বনাশ হ’ব৷ ইমান ভাল ল’ৰা, তাকো চহৰত চাকৰি কৰে, গাঁৱৰ কেইজনীৰ কপালত মিলিছে৷ মোৰ দাদাইদেউহঁতে লাগি ভাগি ঠিক কৰিছে ইমান কষ্টেৰে৷ তোৰ আকৌ কি মইমতালি এইবোৰ!”

-“মই বিয়া নহওঁ, লাগিলে মৰি থাকিম৷”

-“ইচ্ এইজনীৰ কথা শুনা৷ যাহ্ ভিতৰলৈ৷ মাৰ বাপেৰতকৈ তইহে বেছি জনা হ’লি৷”

মণিয়ে ডলাখন ঠেকেচা মাৰি ভিতৰলৈ গ’লগৈ৷ তাই জানিছিল মাকৰ পৰা এনে এটা উত্তৰ পাব বুলি৷ যোৱা কিছুদিন ধৰি মাকৰ ব্যৱহাৰ মন কৰিছে, অলপ যেন বেলেগ বেলেগ হৈছে কথাবোৰ৷ তাই অলপ ইফাল সিফাল কৰিবলৈ ল’লেই হকা-বাধা কৰে৷ দেউতাক একেবাৰে একাচেকা মানুহ৷ যিটো এবাৰ ধৰি ল’লে এৰাত নাই সহজে৷ মাককেই যদি বুজাব নোৱাৰে তেন্তে দেউতাকক কি দৰে বুজাব৷ হ’লেও মণিয়ে হাৰ নামানে৷ আকৌ ক’ব মাকক৷ উপায় নাপালে পলাই যাব৷ কিন্তু আনৰ লগত কোনো কাৰণত বিয়া নহয়৷

দিন যিমানে গৈছে মণিৰ চিন্তাত তত নাইকিয়া হৈছে৷ জোনক সুধিও একো খা-খবৰ পোৱা নাই কুন্তলৰ৷ কি হৈছে বাৰু? কেনে আছে সি? কোনে দিব কুন্তলৰ খবৰ? তাই বাৰু কুন্তলৰ ভনীয়েক ৰূপালীকে লগ কৰিবলৈ যাব নেকি? নাই নাই বৰ বেয়া দেখাব কথাটো৷ নিজকে ইমান উদঙাই দেখুৱাব নোৱাৰি৷ তেন্তে কি কৰিব এতিয়া তাই? ঘৰত বিয়াৰ কথা কিবা কিবি আলোচনা হৈয়ে আছে৷ তাই একো ভূ-ভাই নাপাই৷ কুন্তলৰতো একো খবৰ নায়েই৷ আনকি তাই গমেই নাপায় কুন্তলে বা কি ভাবি আছে৷ গতিকে মাকক আকৌ এবাৰ কৈ চোৱা যাওক৷

মাকে চল্লিছৰ সূতা অলপ আনি সিজাইছে৷ মনত কি ভাব কৰি আকৌ তাঁত লগাইছে মণিয়ে বাৰুকৈয়ে বুজিছে৷ নিশ্চয় চেলেং চাদৰ লগাব এই জুতিত৷ তাই ধোৱা কাপোৰ জপাৰ চলেৰে মাকৰ ওচৰ চাপিল৷

-“মা, দেতাক ক’লিনে তই?”

-“কি?”

-“বিয়াৰ কথা৷”

-“বিয়াৰ কথা আকৌ কি ক’ব লাগে?”

মাকে এনেদৰে ক’লে যেন একো গমকে পোৱা নাই৷

-“কেলেই মইযে সিদিনা তোক কৈছিলো কুন্তলৰ কথা?”

-“কি বাৰে বাৰে একেটা কথাকে পেঘেনিয়াই আছ? এবাৰ কোৱা নাই জানো মই তোক এইবোৰ বাদ দে বুলি৷”

-“মা নুবুজ কেলেই, মই কুন্তলক এৰি থাকিব নোৱাৰোঁ৷ আৰু বেলেগৰ লগত বিয়া নহওঁ বুলি ক’লো নহয়, জানি ল৷ লাগিলে মৰি যাম৷”

-“আও এইৰ মুখ চোৱা৷ কি কুন্তল কুন্তল কৈ আছ৷ বাপেৰে দুচেও কৰিব গম পোৱা নাই তই৷ ইপিনে ল’ৰাৰ ঘৰত খবৰ দি আজৰি৷ বিয়া প্ৰভাতৰ লগতেই হ’ব৷ নহৱ যদি ক’ত মৰ মৰগৈ৷ তাইৰ নিজৰটোহে চিন্তা অকল৷ ঘৰৰ বাকীবোৰৰ বাবেটো চিন্তা নাই তোৰ৷ আমাৰ নাক-কাণ কটা যাওক সমাজত তাকে বিচাৰিছ তই৷”

মণিৰ কোনো কথাই নৰজিল ঘৰত৷ বহুত ওজৰ-আপত্তিৰ পাছতো মাক দেউতাকক তাই মান্তি কৰাব নোৱাৰিলে৷ অহা ৰবিবাৰে ল’ৰাৰ ঘৰৰ মানুহ অহাৰ কথা৷ কি কৰিব মণিয়ে? আকৌ পাখিলীৰ ওচৰ পালেগৈ৷

দুইজনী মিলি শেষ আশা মনজিতক লগ ধৰিলেগৈ৷ সকলো কথা বিতংকৈ কোৱাৰ পাছত মনজিত মান্তি হ’ল কুন্তলৰ ওচৰলৈ যাবলৈ৷ গাঁৱত পানীৰ প্ৰকোপ কমিল যদিও নদীত তেতিয়াও পানীৰ কোবাল সোঁত কমা নাই৷ চাপৰিত দুদিন থাকি মনজিত ঘূৰি আহিল৷ খবৰ দিলেহি নৈৰ ৰেহৰূপ অলপ ভালৰ ফালে আহিলেই কুন্তল আহিব মণিক নিবলৈ৷ মণিৰ মনতো যেন আশাৰ সঞ্চাৰ হ’ল৷

মাজতে খবৰ আহিল অহা ৰবি বাৰে প্ৰভাতৰ ঘৰৰ পৰা মানুহ আহিব৷ ওচৰৰ দুই এজনক মাতি কাপোৰ এযোৰ পিন্ধাই যোৱাৰ কথা৷ এইবাৰ মণিয়ে একো নক’লে৷ মনত আছে এটাই, যি হৈছে হৈ থাকক৷ এতিয়া বেছি হুলস্থূল কৰিলে মাক বাপেক বেছি সতৰ্ক হৈ পৰিব পাৰে৷ তাতকৈ তাই এতিয়া মাক দেউতাকৰ কথামতেই কৰি যাব৷ শেষ মুহূৰ্তত হ’লেও কুন্তল আহিলেই হ’ল৷ বাহিৰত মান্তি হোৱাৰ অভিনয় কৰি গ’ল মণিয়ে৷ মাক দেউতাকেও সন্তোষ পালে ভগৱানে জীয়েকক ইমানতে সুমতি দিলে বুলি৷ হাঁহি ফূৰ্তিৰে সকলোৰে আয়োজন চলিল৷ ল’ৰাঘৰৰ মানুহ অহাৰ দিনা পৰিয়ালৰ দুজনমান খুৰাক খুৰীয়েক আৰু মোমায়েকৰ ঘৰৰ মানুহ মাতিলে৷ একেবাৰে ন’হলে নোহোৱা কেইজন৷

নিৰ্দিষ্ট দিন পালেহি৷ ভিতৰি ভিতৰি মণি পেঁপুৱা লাগিছে৷ আজি কি কৰিবলৈ ওলাইছে তাই৷ মাক দেউতাকক কিমান এটা আঘাত দিবলৈ ওলাইছে৷ কিন্তু কোনেও নুবুজিলে কি কৰিব তাই৷ তাইয়োতো কম কষ্ট কৰা নাছিল মান্তি কৰাবৰ বাবে৷ কোনেও তাইৰ কথাত গুৰুত্ত্বই নিদিলে৷ তাইৰ উপায় নাই৷ ঘৰৰ এই জৰী ছিঙি আজি কুন্তলৰ লগত যাবলৈ ওলাইছে৷ দুদিন আগত মনজিতে খবৰ দিলেহি আজি কুন্তল আহিব তাইক নিবলৈ৷ ভায়েক ভনীয়েক দুটাক দেখি দুখ লাগিল৷ আকৌ কিমান দিনৰ মূৰত বা দেখে সিহঁতক৷ দুপৰীয়া মাকৰ হাতৰ চৰ্চৰিকণ আজি তাই অলপো নেৰাকৈ খালে৷ দিনটো দেউতাকৰ কাষে কাষে থাকিল কামৰ অজুহাত লৈ৷ কিন্তু ভিতৰি ভিতৰি তাই ৰাতিৰ বাবে যোগাৰ কৰি থাকিল৷

যোগাৰ নো কি, ন’হলে নোহোৱা বস্তু কেইপদমান৷ বিহুত দেউতাকে আনি দিয়া নতুন চাদৰখন, কাপোৰ দুযোৰ৷ লগতে দেউতাকৰ কামিজ এটা আৰু মাকৰ চাদৰ এখন চিন স্বৰূপে তাই লৈছে৷ মাকৰ মুখখন দেখি দুচকু উপচি আহিল৷ মনে মনে ভাবিলে, মোক ক্ষমা কৰি দে মা৷ তহঁতক বৰ দুখ দিবলৈ ওলাইছো৷ কিন্তু ন’হলে যে মই জীয়াই থাকিব নোৱাৰিম৷ অলপ স্বাৰ্থপৰ হৈছো৷ মোক শাওঁ নিদিবি৷ আকৌ উভতি আহিম৷ ভৰিত পৰি ক্ষমা খুজিম৷ এইবাৰলৈ যাবলৈ দে৷ সময়ত যেতিয়া মোক সুখী দেখিবি তেতিয়া সকলোবোৰ পাহৰি যাবি৷ দেউতা ঐ ভুল নুবুজিবি৷ মই সোনকালেই আহিমগৈ তহঁতৰ ওচৰলৈ৷ বকুল আৰু বৃন্দাই কৰবাৰ পৰা অকণমানি ভাটৌ চৰাইৰ পোৱালি এটা আনি টোপ খুৱাই আছে৷ তাই এটা এটাকৈ ঘৰৰ সৱ নিৰীক্ষণ কৰি গ’ল৷ আকৌ কিমান দিনৰ মূৰত বা দেখেহি৷ আয়ৈ দেহি অকণমানি ভাই ভনী দুটা৷ কালিলৈ চাগে মাকক তাই ক’ত গ’ল বুলি সুধি ব্যতিব্যস্ত কৰিব৷ কি উত্তৰ দিব মাকে, সমাজকেই বা কি উত্তৰ দিব৷ ইমান দুখ দিবলৈ ওলাইছে তাই সৱকে৷ নাই নাই এতিয়া আৰু এইবোৰ ভবাৰ সময় নহয়৷ আজি যাব নোৱাৰিলে তাই আৰু কাহানিও নোৱাৰিব৷ এটি মাত্ৰ সুযোগ তাইৰ হাতত৷ “হে ভগবান মোক শক্তি দিয়া৷” মনতে আওৰালে মণিয়ে৷

সময় কেনেকৈ গৈছে আজি গমকে পোৱা নাই৷ সন্ধিয়া গোঁসাইঘৰত শেষবাৰৰ বাবে ভায়েক ভনীয়েক দুটাৰ লগত প্ৰাৰ্থনা কৰিলে, “মই দুৰাচাৰ, কেৱল তোমাৰ…”

গোঁসাইঘৰৰ পৰা আহি মাকক পাকঘৰৰ কামত অলপ লাগি ভাগি দিলে৷ পাকতে তাই কাপোৰৰ টোপোলাটো মেৰচাঙত লুকুৱাবলৈ নাপাহৰিলে৷ ভাত খাই উঠি মণিয়ে দমকলৰ কাষতে বাচন-বৰ্তনবোৰ মাজি আছে ফুটচাই দি৷ কাষতে মাকে চৰুকেইটা থৈ গৈছে৷ আবিয়ৈ ছোৱালী বুলি মণিক ধুবলৈ নিদিয়ে৷ সেইখিনি মাকে নিজে ধুব মজিয়াখন মচি আহি৷ মাছ খাই মজিয়াখন ভালকৈ মোহাৰি নানিলে পাছদিনা বৰ বেয়া গোন্ধাই৷

মাকে বাগৰ সলাইছে৷ চোঁচা বাঁহৰ বিছনাখনত কেৰেককৈ শব্দ হ’ল৷ মণি অলপ পৰ টলকা মাৰি থাকিল৷ কিছু সময়ৰ পাছতে মাকৰ আকৌ নাকৰ ঘৰ্ঘৰণি আৰম্ভ হ’ল৷ কাষতে শুই থকা বৃন্দাক চালে৷ টোপনিত লাককাল৷ আয়ৈ দেহি কালিলৈ চাগে মাকক সুধি থাকিব মণি ক’ত গ’ল বুলি৷ মাকে বাৰু কি উত্তৰ দিব৷ কপালত পৰি থকা চুলি কেইডাল আঁতৰাই আলফুলে চুমা এটা খাই মণি বিছনাৰ পৰা নামি আহিল৷ হাতত সাৰে ভৰিত সাৰে তাই পাছফালৰ দুৱাৰ মুখলৈ আগবাঢ়িল৷ দেউতাকৰ শোৱা কোঠাটো ঘৰৰ সিটো মূৰত৷ গতিকে দেউতাকে একো উমঘামকে নাপাই বুলি মণিৰ বিশ্বাস৷ পাছফালে ওলাই দুৱাৰখন বাহিৰৰ পৰা আকৌ জপাই থ’লে৷ মেৰঘৰৰ পৰা কাপোৰৰ টোপোলাটো বুকুত সাৱটি ঘৰৰ মুধৰ বাটটোৱেদি চোতাললৈ আগবাঢ়িল৷

শুক্লপক্ষৰ ফৰিংফুটা জোনাক৷ তাই কেনেবাকৈ কাৰোবাৰ চকুত পৰে বুলি ভঁৰালঘৰৰ কাষে কাষে পদূলিলৈ আগবাঢ়িল৷ গৈ গৈ নিৰ্দিষ্ট পাতাবাহাৰ গছজোপাৰ কাষতে তাই জুপুকা মাৰি থাকিল৷ কুন্তলৰ কথামতেই সকলোবোৰ ঠিক হৈছে৷ মনজিতে সকলোবোৰ তাইক আগতীয়াকৈ বুজাই দিছে৷ ভাত-ঘুমটিৰ পাছতে সিহঁত অহাৰ কথা৷ মানে কুন্তল আৰু মনজিত৷ আহি মণিহঁতৰ পদূলি পোৱাৰ আগে আগে দুবাৰ কাহ মাৰিব৷ তেতিয়াই মণি ওলাই যাব৷ মনজিতে দুয়োকে আলিমুৰলৈকে আগবঢ়াই উভতি আহিব৷ তাৰেপৰাই মণি-কুন্তলে নিজৰ বাট বুলিব৷

মণি ৰৈ আছে বুকুত এগাল সপোন বান্ধি৷ আজি যেন গোটেই পৃথিৱীখনত জোনাকে পোহাৰ মেলিছে৷ নাৰিকল আৰু তামোল গছৰ পাতবোৰৰ নাচোনৰ লগত ছন্দ মিলাই জোনাকেও নাচিছে৷ মণিৰ নিজকে আজি তাহানিৰ আইতাকে কোৱা সাধুকথাৰ কোনোবা ৰাজকুমাৰী যেন লাগিছে৷ এই যেন শুকুলা ঘোঁৰাত উঠি কোঁৱৰ আহিব আৰু তাইক লৈ যাব এখন নতুন পৃথিৱীলৈ৷

এপল দুপল কৈ সময় গৈ আছে৷ ইমানপৰে পাবহিয়ে লাগিছিল চোন কুন্তল৷ মণিয়ে পদূলিৰ সেই নিৰ্দিষ্ট মাতটোৰ বাবে অপেক্ষা কৰিছে৷ হয়তো কিবা কাৰণত ওলাব পৰা নাই সিহঁত৷ তাই বুকুত টোপোলাটো সাৱটি অপেক্ষা কৰিলে কুন্তললৈ বুলি৷

কি হৈ গ’ল মণিয়ে এতিয়াও বুজা নাই৷ গোটেই ৰাতি অপেক্ষা কৰিলে মণিয়ে৷ কিন্তু কুন্তল নাহিল৷ শেষ ৰাতি দেউতাক বাহিৰলৈ যাওঁতে তাইক দেখা পাই চোঁচৰাই ঘৰ সুমুৱাইছেহি৷ এতিয়া মাকে মূৰে কপালে হাতদি বহি আছে৷ মুখেৰে কি বকি আছে নিজে গম পোৱা নাই৷

-“মাৰ বাপেৰৰ মূৰ খাবলৈ লৈছিলি মৰতী৷ তোক তাৰ বাবেই ইমান ডাঙৰ কৰিলো৷ এটা টোপ পৰিবলৈ নিদিয়াকৈ ডাঙৰ কৰিলো আজি এইদিন দেখিবলৈকে৷ আয়ৈ সেই মৰাটোৰ বাবে আমাৰ নাক-কাণ সৱ শেষ কৰিবলৈ লৈছিলি৷ মৰিবলৈ নগ’লি কেলৈ ঐ?”

উঠি গৈ মাজতে ভুকু দুটামান সোধাই আহেগৈ মণিক, আকৌ আৰম্ভ কৰে,

-“ভগৱানৰ কৃপাত কোনেও গম নাপালে বুলিহে৷ নহ’লে আজি কিমান বদনাম হ’লহেতেন৷ হেৰি শুনিছেনে, প্ৰভাতৰ ঘৰলৈ আজিয়েই খবৰ দিয়ক৷ এইমাহতে বিয়া দিম আমি৷ এইজনীয়ে কেতিয়া কি কৰে ঠিক নাই৷ বিয়াৰ দিনলৈকে তোৰ বাহিৰ ওলোৱা বন্ধ৷ আৰু এইযে লগৰকেইজনীৰ লগত অনবৰতে টিঘিল ঘিলাই ফুৰ, সেইকেইজনীয়ে তোৰ মূৰটো খালে৷ আহক ইয়ালৈ৷ আটাইকেইজনীৰ ঠেং ভাঙিম ৰহ।”

-“ৰ’বাহে, আগত নিজৰ জনীক ঠিক কৰি লোৱা৷ আনক দোষ দি কি লাভ?” দেউতাকে কৈ উঠিল৷

মাক দেউতাকে যা-তা গাই আছে৷ আজি তাইৰ একো বেয়া লগা নাই, আচলতে কেনেকুৱা লাগিছে নিজে বুজি পোৱা নাই৷ মাথো ভাবি আছে কুন্তল কিয় নাহিলে? কিয় কথা দি কথা নাৰাখিলে সি? ইমান বিশ্বাস কৰিছিল তাক! কিয় ঠগিলে সি! তাৰমানে সকলোবোৰ মিছা আছিল! তাই জানিব লাগিবই৷ কোনে ক’ব, কোনে ক’ব তাইক?

মনজিত!

হয় মনজিতে ক’ব কিয় এনে কৰিলে কুন্তলে৷ কিন্তু মনজিতক লগ পাব কেনেকৈ? আজি পোন্ধৰ দিনেই হ’ল মণি বাহিৰলৈ নোলোৱা৷ মাকে আগফালে চোতাল সাৰিবলৈও নিদিয়া হ’ল তাইক৷ খুৰাক আৰু মোমায়েকৰ ঘৰৰ মানুহকেইটা বাদ দি কোনো অহাও নাই৷ মণিয়ে কাৰোৰে লগত বিশেষ কথা পতা নাই৷ মনত যেন জোৱাৰ উঠিছে৷ মাক দেউতাকৰ চকুৰ আগত ৰাখে গোটেই দিন৷ কোনো মুহূৰ্তত মৰি যাব যেন লাগে মণিৰ৷ যি নকৰিলেও তাৰ আগতে জানিবই লাগিব কিয় কুন্তলে এনে কৰিলে৷

এইকেইদিন বিয়াৰ কিবা কথা-বতৰা আগ বাঢ়িছে বোধকৰো৷ মানুহবোৰে কিবা বৰকৈ আলোচনা বিলোচনা কৰি আছে৷ আজিকালি মণিয়ে একো নামাতে৷ মনতে এটা জেদে বাঁহ লৈছেহি৷ গুচি যাব তাই বিয়া হৈ৷ কুন্তলৰ জেদত আৰু ঘৰৰ জেদত৷ সৱেই যিদৰে তাইক বাধ্য কৰাইছে বিয়াৰ বাবে তাইও সৱকে এদিন কন্দুৱাব৷ লাহে লাহে শেষ কৰি দিব নিজকে৷ কিয় কোনেও এবাৰো তাইৰ কথা চিন্তা নকৰিলে৷ কি ভুল কৰিছিলনো তাই! মাথো মৰম কৰিছিল৷ সেইয়াই তাইৰ ভুলনেকি? তাই শেষ হৈ যাব, আৰু নাকান্দে তাই৷ কুন্তল তয়ো চাই ল, তই নহ’লেও জীয়াই থাকিম মই! কিয় কথা দি কথা নাৰাখিলি? তেন্তে তোৰ সেই মৰমসনা চাৱনি, কথা বতৰা সকলোবোৰ মিছা আছিল৷

তাই গুচি যাব আনৰ হৈ৷ আৰু কাহানিও ঘূৰি নাহে এইখন ঘৰলৈ, এইখন গাঁৱলৈ, য’ত খোজে খোজে কুন্তলৰ স্মৃতি আছে৷
মাজতে এদিন আকৌ ল’ৰাঘৰৰ মানুহ আহিল৷ এইবাৰ কথা আৰু আগবাঢ়িল৷ তামোল পাণ চেলাই যথা নিয়মত আহিনতে বিয়াৰ তাৰিখ লোৱা হ’ল৷ দৰা ঘৰৰ পৰা যদিও আঘোণত বিয়া পতাৰ কথা আছিল মণিৰ ঘৰৰ পৰা অলপ জোৰ পাই আহিনতে বিয়া ঠিক হ’ল৷ সকলোৰে মনত ফূৰ্তি যদিও মণিৰ মাক দেউতাকৰ অলপ পেটে পেটে ভয়ো লাগি থাকিল৷ সকলোবোৰ ঠিকে ঠিকে হৈ গ’লেই হয় আৰু৷ মণিক আৰু ভালকৈ ৰাখিব লাগিব৷ এবাৰ সাপে খুটিলে কেচুলৈকেও ভয়৷ যি শিক্ষা পালে জীয়েকৰ পৰা আৰু বিশ্বাস নাইকিয়া হৈ গৈছে৷ বিয়ালৈ দুমাহো নায়েই, আহিনৰ শেষলৈ বিয়া৷ এইয়া ভাদ সোমালেই৷ মাকে জুতিৰ পিছত জুতি তাঁত লগাইছে৷ এবাৰ সম্পৰ্কীয় ককায়েক এজনক লৈ দেউতাকে ল’ৰাৰ ঘৰ-দুৱাৰ চাই আহিলগৈ৷ আহি কৈ আছে মাকক,

-“কপাল বুজিছ কপাল৷ এনে এঘৰ মানুহ মিতিৰ কৰি পোৱাটো ভাগ্যহে৷”

-“তাকেহে, এইজনীয়ে বুজিলেই হ’ল৷”

দিন গ’ল পাৰ হৈ৷ ঘৰত এখন দুখন কাম কাজ আগবাঢ়িছে৷ মণি যেন এক মূৰ্তি৷ চকুৰ আগত কি ঘটি গৈছে দেখি আছে কিন্তু যেন বুজাৰ শক্তিও নাই৷ বুকুত প্ৰচণ্ড বিষ৷ কিয় কুন্তলে এনেকৈ ঠগিলে৷ জীৱনত প্ৰথমবাৰৰ বাবে প্ৰেমত পৰিছিল৷ তাইৰ কপাল ইমান বেয়া নে, কুন্তলৰ নিচিনা ল’ৰা এটাক হৃদয় দিলে৷ নে তাইহে মূৰ্খ আছিল?

মাকে আজি কোমল ধান বঢ়াইছে৷ বিয়াৰ বাবে৷ আৰু কেইবাবাৰো বঢ়ালেহে হ’বগে বিয়ালৈ৷ মণিয়ে পাকঘৰৰ কামত লাগিছে৷ ৰাতিপুৱা পথাৰত জালত লগা মাছখিনি কাটি বাছি ভিতৰলৈ আনিলে৷ কেৰাহীখন জুইত দি গৰম হ’বলৈ দিলে৷ তেলখিনি গৰম হ’বলৈ দি মাছখিনিত নিমখ হালধি সানিলে৷ কেঁচাখৰিৰ জুই জ্বলাওঁতে বৰ দিগদাৰ হৈছে৷ বাঁহখৰি এডাল ভৰাই ফুঁৱাই থাকোতে তাইৰ মাঘ বিহুৰ কথাটো মনত পৰি গ’ল৷ কি দৰে কুন্তলে জুই জ্বলাই দিছিল, সেইযে চাৱনিটো, সেই মৰমসনা মাতষাৰ, কি যাদু আছিল, নে কোনো চলনা? কিয় বুজি নাপালে তাই৷ উস্…আৰু ভাবিবও পৰা নাই একো৷

-“আইঔ, মা৷”

হঠাৎ চিঞৰি উঠিল তাই৷ কি হ’ল এইখন…কেৰাহীৰ তেল গৰম হৈ ওপৰত জুই লাগিল গৈ৷ কুন্তলৰ কথা ভাবি ভাবি কোন টলকত বাঁহখৰিডাল ক’ত ভৰালে তাই গমকে নাপালে৷ কি কৰোঁ কি নকৰোকৈ বাকি দিলে কেৰাহীত ওচৰৰ পানী ঘটি, মুহূৰ্ততে কিবা এটা প্ৰচণ্ড শব্দ আৰু মণি ঢলি পৰিল৷

আজি যেন মণি অকলশৰীয়া৷ মাতবোল কৰিবলৈ কোনো নাই৷ অন্ততঃ এষাৰ সান্তনাৰ বাণী শুনাবলৈকেও কোনো নাই কাষত৷ যি মাত বোল কৰে তাৰো চাৱনিটো পুতৌ ভৰা৷ নাই তাই হাৰি গৈছে যেন অনুভৱ হৈছে জীৱনত৷ এনে এটা জীৱনটো তাই বিচৰা নাছিল৷ কি আছিল তাই, আজি কি হ’লগৈ! দিনে দিনে অনুভৱ হৈছে যেন তাই মাক-দেউতাকৰো বোজা হৈ পৰিছে৷ যিখন ঘৰ তাইৰ বিয়াক কেন্দ্ৰ কৰি উথপ-থপ লাগি আছিল আজি যেন কাঁহ পৰি জীন যোৱা অৱস্থা৷ বকুল-বৃন্দাৰ চিঞৰ বাখৰৰ বাহিৰে কাৰো মুখত মাত নাইকিয়া হ’ল৷ কি হৈ গ’ল! যত সৱৰে মূলতে তাইৰ এই চেহেৰাটো৷ এই জুয়ে পোৰা দেহাটো৷ একেবাৰে মৰি যোৱাই ভাল আছিল৷ কিয় বাচি থাকিল তাই৷ আজি এলাগী হৈ পৰিল সৱৰে বাবে৷ জীৱনটো যেন এক অভিশাপ তাইৰ বাবে৷

এটা সময় আছিল, সাগৰৰ দৰে গভীৰ চকুহালিত এগাল সপোন আছিল৷ খোজ কাঢ়োতে ককাললৈ বৈ পৰা চুলিকোছা খোজে প্ৰতি নাচি উঠিছিল৷ মনটো আছিল মুক্ত বিহংগ, চঞ্চলা চপলা মণিজনী আজি চুকত পৰি ৰ’ল৷ কেনেকৈ কি হৈ গ’ল, ভাবিলে আজিও আচৰিত লাগে মণিৰ৷

সেইদিনা মাছখিনি ভাজিবলৈ লৈ মণিয়ে কুন্তলৰ কথাকে ভাবি আছিল৷ কোন টলকত বাহখৰিৰ জুই উঠি কেৰাহীৰ তেলত ধৰিলগৈ তাই গমকে নাপালে৷ জুই নুমাবলৈ কি কৰোঁ কি নকৰোকৈ পানী এঘটি ঢালি দিছিল কেৰাহীত৷ তাৰ পাছত আৰু তাইৰ মনত নাই৷ যেতিয়ালৈ হুঁচ আহিল তাই দেখিলে পাছচোতালত কলপাতত তাইক শুৱাই থৈছে৷ সোঁহাতত আৰু বুকুত চেকচেকনি আৰু পোৰনি৷ হাতখন লৰচৰ কৰিবলৈ লৈ দেখে কলপাতত লাগি থকা হাতৰ ছাল পাততে লাগি ধৰিছে৷ পিন্ধি থকা চোলাটো খোলোতে কাপোৰতে লাগি গৈছে গাৰ ছাল৷ অসহ্য বিষ৷
“মা ঐ, মা ঐ” কৈ চটফটাই চিঞৰি থাকিল তাই৷ দেউতাকে ঠগিৰাম দাইটিৰ ওচৰলৈ ঢাপলি মেলিছে সমাধান বিচাৰি৷ দাইটিয়ে কিবা দৰব দিলে৷ এটা খাই এটা পোৰা ঘাঁত লগাই৷

দিন গ’ল, বিয়াৰ দিন ওচৰ চাপি আহিল৷ লাহে লাহে মণিও সুস্থ হৈ আহিল ভিতৰৰ পৰা৷ কিন্তু জুয়ে পোৰা দাগ থাকি গ’ল দেহত৷ বুকুৰ পৰা আৰম্ভ কৰি গোটেই সোঁহাতখন চকলা-চকল দাগ৷ সোঁফালে কাষলতিৰ তলৰপৰা পেটলৈকে৷

এদিন প্ৰভাত আহিল খবৰ কৰিবলৈ৷ খবৰ কৰি যি উভতি গ’ল আৰু কোনো খবৰ নাহিল৷ অলপ দিন পাছত দুদুকণৰ নবৌয়েকে কৈ গ’লহি বোলে ল’ৰাৰ ঘৰত এতিয়াই বিয়া পাতিবলৈ অলপ দিগদাৰ হৈছে৷ সম্বন্ধীয় খুৰাক এজনৰ টান নৰীয়া৷ গতিকে বিয়াৰ দিন অলপ পিছুৱাব লাগে৷ মণিৰ দেউতাকৰ মূৰত যেন সৰগ ভাগি পৰিল৷ ইফালে মানুহ মাতিবলৈ আৰম্ভ কৰিছে৷ গাখীৰ লগাবলৈ দিলেই৷ প্ৰায়বোৰ যা-যোগাৰ হ’ল, এতিয়া আকৌ বিয়া পিছুৱালে কেনেকৈ হ’ব৷ অগত্যা মণিৰ দেউতাক গৈ প্ৰভাতৰ ঘৰ ওলালগৈ৷ কথাৰ বুজ লৈ মণিৰ দেউতাকে বিয়া নিপিছুৱাবলৈ বেছি জোৰ কৰাত ক’লে বোলে, ল’ৰাৰ ঘৰৰ পৰা কোনোপধ্যে এতিয়া বিয়া পাতিব নোৱাৰে, সময় লাগিব৷ যদি ছোৱালী দিবলৈ লৰালৰি হৈছে তেন্তে আন ল’ৰা পালে দি দিয়ক৷

বৰা পোষ্টমাষ্টৰৰ বুজিবলৈ বাকী নাথাকিল দৰাঘৰৰ মতলব কি৷ তাত বেছি অপদস্থ হোৱাতকৈ ঘৰলৈ ঘূৰি আহিল৷
পদূলিলৈ বাৰে বাৰে চাই আছে মণিৰ মাকে৷ আজি কি বা বতৰা আনে দেউতাকে৷ দূৰতেই দেউতাকৰ মুখখন দেখিয়ে বুজিলে মাকে, কিবা এটা অঘটন ঘটিছে৷ সুধিবলৈও ভয় খাইছে কি বা উত্তৰ পায়।

-“চাহ অকণ কৰোনে?”

-“দে”।

-“কি ক’লে প্ৰভাতৰ ঘৰত?”

-“কি ক’ব আৰু৷ মুঠতে বিয়া পতাৰ ইচ্ছা নাই এতিয়া৷ মোক আৰু নুসুধিবি একো৷”

হে হৰি, মাকে যি ভয় খাই আছিল তাকেই হ’ল মানে৷

-“এইজনীৰ পোৰা কপাল বুজিছে৷”

মাক জেকজেকাই উঠিল,

-“ইমান আগবাঢ়ি তেওঁলোকে এতিয়া এনেকৈ ক’লে কেনেকৈ হ’ব! নক’লে কেলেই আপুনি? মানুহৰ আগত কেনেকৈ মুখ উলিয়াম আমি? বিয়ালৈ আছে কেইদিন বাকী, উত্তৰ দিব লাগিব সিহঁতে৷”

-“যা তয়ে সোধগৈ৷ মই আৰু নাযাওঁ অপমান পাবলৈ৷ বেলেগ ল’ৰা পালে দি দিবলৈহে ক’লে মোক৷ তালৈ বোলে বাট চাব নালাগে৷”

কৈয়ে দেউতাক ভিতৰলৈ গুচি গ’ল৷

মাক একে ঠাইতে শিল পৰা কপৌৰ দৰে ৰৈ থাকিল৷ মাক দেউতাকৰ কথাৰ পৰা মণিয়ে ঠিকেই অনুমান কৰিলে ল’ৰাৰ ঘৰে বিয়া নপতাৰ কাৰণ৷ সিদিনা প্ৰভাতৰ চাৱনিতেই বুজিছিল মণিয়ে কিবা এটা৷ চকুত ধৰা পৰিছিল অসন্তুষ্টিৰ ভাব৷ পেটৰ ঘাঁ ডোখৰ কাপোৰে ঢাকিলেও গোটেই সোঁহাতখন দেখিছিল সি৷ লগতে ডিঙিৰ ওপৰৰ খিনিও৷ এই বিকৃত ৰূপটো তাৰ হয়তো ভাল নালাগিল৷ নালাগে ভাল লাগিব৷ মণিৰ মনটোতকৈ তাৰ কিজানি তাইৰ বাহ্যিক সৌন্দৰ্য্যটোহে ভাল লাগিছিল৷ যেতিয়া সৌন্দৰ্য্যই কুৎচিত ৰূপ ল’লে তেতিয়া আৰু তাৰ কি প্ৰয়োজন৷ সেইবাবেই এতিয়া মানা কৰিছে তাইক গ্ৰহণ কৰিবলৈ৷ যি হ’ল ভালেই হ’ল৷ তাকেইটো বিচাৰিছিল মণিয়ে৷ এনেকৈয়ে থাকি যাব তাই, বাহী বস্তুৰ দৰে৷

এদিন মনজিতক লগ পাইছিল৷ তাইৰ খবৰ কৰিবলৈ আহিছিল৷ মণিয়ে তাৰ চকুত দেখা পাইছিল কিবা এটা৷ ঠিক যেন মণিৰ প্ৰতি অলপ সমবেদনা, অলপ দুখ দুখ ভাব৷ নে কিবা এটা গ্লানি কঢ়িয়াই লৈ ফুৰিছিল তাৰ দুচকুৱে৷ সি কিবা ক’ব খুজিছিল নেকি বাৰু! ইমান দিনে তাক সুধিম সুধিম কৈ ভাবি থকা কথাটো সোধা নহ’ল মণিৰ৷ তাই বুজি উঠিছে এইবোৰ খুচৰি একো লাভ নাই আৰু এতিয়া৷ তাইৰ ওচৰত সকলো মূল্যহীন৷ কোনেও উত্তৰ দিব নালাগে তাইক৷ নিজে যি বুজিছে সেয়াই যথেষ্ট৷ মনজিতৰ মুখৰ পৰা শুনি আৰু দুখ বঢ়াই নলয় তাই৷ যাওক, সৱ আঁতৰি যাওক তাইৰ ওচৰৰ পৰা৷ আজিকালি মণিয়ে মন কৰে, ওলাওঁতে সোমাওতে কোনোবাই তাইক দেখিলে পুতৌৰ দৃষ্টিৰে চাই৷ সৱৰে চকু যায় জুয়ে পৰা হাতখনলৈহে৷ তাই যেন সকলোৰে বাবে এটা মুখৰোচক কাহিনী হৈ পৰিছে৷ তাইৰ দুখ-শোক বোৰ যেন শেষ হৈ আহিছে৷ সুখেতো কাহানিবাই লগ এৰা দিলে৷ এতিয়া অনুভূতিহীন এটা জীৱলৈ ৰূপান্তৰিত হৈছে ক্ৰমান্বয়ে৷ দিন যায় ৰাতি পুৱাই৷ কিহৰ বাবে জীয়াই আছে তাইও নাজানে৷ থাকিব লাগে আছে মাথো, এখন দুখন ঘৰৰ কাম বন কৰি৷ ওলাই মেলি যোৱাটো দূৰৰে কথা, ঘৰলৈ কোনোবা আহিলেও আঁতৰি ফুৰে তাই৷ আজি চেগা-চোৰোকৈ দেখিলে কুন্তলক৷ তাই বাহী-বন কৰি আছিল৷ কিন্তু সি এবাৰো নাচালে মণিহঁতৰ ঘৰৰ ফালে৷ ইতিমধ্যে কুন্তলেও কিজানি গম পাইছে কথাবোৰ৷ আজিকালি তাঁহাতৰ ঘৰৰ মানুহেও মণিহঁতৰ ঘৰৰ মানুহৰ পৰা আঁতৰি চলে৷ তাই মন নকৰা নহয়৷ তাইৰ খবৰ ল’বলৈ ওচৰ পাজৰৰ সৱ মানুহ আহিছিল, কিন্তু তাঁহাতৰ ঘৰৰ কোনো নাহিল৷ আনকি ৰূপালীও৷ ৰূপালীটো তাইৰ একালৰ বান্ধৱী আছিল৷ কথাটো তাই বুজি নাপালে৷ মণি-কুন্তলৰ কথাটো কোনেও নাজানিছিল৷ তেন্তে কুন্তলৰ ঘৰৰ মানুহে তাইক উলাই কৰি চলাৰ কাৰণ কি হ’ব পাৰে! হয়তো কুন্তলে মানা কৰিছে৷ হ’বও পাৰে৷ সিও চাগে তাইৰ পৰা পলাব খুজিছে৷ ভাল হ’ল যি হ’ল৷ সময়ত সকলোৰে মুখা খোল খাইছে৷ এনেকুৱাই মানুহবোৰ, সৱ মানুহ৷ সকলোৰে ওপৰত বিশ্বাস হেৰাই গৈছে৷

সন্ধিয়া লাগিবৰ হৈছে৷ লেম-চাকি কেইটা যোগাৰ কৰি উঠিছে মাথো৷ তেনেতে কোনোবাই মাত লগালেহি,

-“ন-ছোৱালী আছনে ঘৰত?”

তাই ঠিকে শুনিছেনে? এইটো চোন হৰেন মহাজনৰ মাত৷ কি কাৰণত বা আহিল৷ হৰেন মহাজন কাৰো ঘৰলৈ নাযায় বিশেষ দৰকাৰ নহ’লে৷ মণি তেতিয়া পাকঘৰত৷ দিনতে বুটলি অনা খুতুৰা শাক কেইডাল চাফা কৰি আছিল৷ মাকে চাদৰৰ আচলতে হাতটো মোহাৰি ওৰণিখন টানি দৌৰি যোৱাদি গ’ল দুৱাৰ মুখলৈ৷

-“অ’ ককাইদেউ, আহক আহক৷ বহকচোন৷ কুন্তলো দেখোন৷ আহ, বহহ ৷”

-“বোলো শুনিছেনে, হৰেন ককাইদেউ আহিছে৷ আহকচোন৷”

মণিয়ে নিজৰ কাণকে বিশ্বাস কৰিবলৈ টান পালে৷ কি শুনিছে তাই৷ কুন্তল আহিছে মণিহঁতৰ ঘৰলৈ৷ কিয়? তাকো দেউতাকৰ লগত৷ কি বা অঘটন ঘটিল আকৌ৷ হে হৰি, কেনেবাকৈ তাঁহাতৰ আগৰ কথাবোৰ গম পোৱা নাইতো! আৰু কি কি ঘটিবলৈ বাকী আছে জীৱনত৷ বচোৱা আৰু ভগৱান৷ আৰু কষ্ট, অপমান পাবলৈ সাহস নাই তাইৰ৷

-“ক’ৰ পৰা আহিলা ককাইদেউ?”

বুলি দেউতাকে মাত লগালেহি৷

তাৰ পাছত বাহিৰত যি কথোপকথন হ’ল শুনি মণি অবাক৷ কথাবোৰ প্ৰথমে কুন্তলৰ দেউতাকে আৰম্ভ কৰিলে৷ তাৰ পাছত কুন্তলে অনৰ্গল কৈ গ’ল৷ মাজত মণিৰ মাক দেউতাকে দুই এফাকি মাত দিয়ে৷ মণিয়ে পাকঘৰৰ পৰা কাণ থিয় কৰি শুনি থাকিল৷ যি শুনিলে নিজৰে বিশ্বাস হোৱা নাই এতিয়াও৷ গাটো থক্-থক্ কঁপিছে মণিৰ৷ ভাবি তত পোৱা নাই৷ কুন্তলে কোৱা কথাবোৰ বাৰু সচাঁনে?

(আগলৈ…)

★★★★

One comment

  • অভিজিত মেধি

    সুন্দৰ বৰ্ণনাশৈলী, গাঁৱৰ ছবি এখন ভাহি উঠে চকুৰ আগত।

    Reply

Leave a Reply

Your email address will not be published.