ফটাঢোল

মন্ত্ৰৰ ওলোটা প্ৰভাৱ — সোমকান্ত শইকীয়া

এয়া প্ৰায় ৪৬ বছৰৰ আগৰ কথা। মই তেতিয়া নামৰূপত চাকৰি কৰি আছিলোঁ। এবাৰ মোৰ আৱাস গৃহতে মই আৰু মোৰ তেজপুৰৰ সহকৰ্মী বন্ধুৱে দেওবৰীয়া দুপৰীয়া এটাত ভাত পানী খাই বৈ কথা পাতি আছিলোঁ। তেনেকুৱাতে পদুলি মূৰৰ পৰাই –“জয় ভোলে নাথ, জয় ভোলে নাথ ” বুলি চিঞৰি গেৰুৱা বসন পৰিহিত সন্ন্যাসী সদৃশ মানুহ এজন সোমাই আহিল। আমাক বাৰাণ্ডাতে দেখাৰ কাৰণে বাৰাণ্ডালৈকে সোমাই আহিল।

মই সাধু বাবাক কিবা এটা দি বিদায় দিওঁ বুলি ভাবি ভিতৰলৈ উঠি গ’লোঁ। ইফালে সোমাই আহিয়েই বাবাই মোৰ বন্ধুৰ লগত কথা আৰম্ভ কৰিলে।

”হৰি ঔম , হৰি ঔম, বৎস, তুম বহুত বৰা আদমী বনিব, বহুত সাল জী থাকিব। বহুত বাল বাচ্চা ভী হ’ব তোমাৰ”।

”হ’ব হ’ব বাবা, মোৰ বিয়াই হোৱা নাই,  বাল বাচ্চাৰ কথা এতিয়াই ভাবিবৰ হোৱা নাই এথোন!”

তেনেকুৱাতে মই ভিতৰৰ পৰা ওলাই অহাত এইবাৰ মোলৈ চাই ক’লে,-“ক্যা হুৱা বৎস,  তোমাৰ শৰীৰ খাৰাপ আছে নাকি?”

ময়ো বাবাইনো কি কয় প্ৰমাণ চাবলৈকে বোলো,-“হয় বাবা,  মোৰ পেটটো খুব জলদি জলদি খাৰাপ হৈ থাকে, খাবলৈও বৰকৈ মন নাযায়। কিবা উপায় আছেনে বাবা?”

”হাঁ,  আছে তৌ,  তোমাৰ গা মই মিণ্টৌ মে ঠিক কৰি দিম। এক শৌ ৰূপয়ে ল’ম কিন্তু।” ( তেতিয়াৰ দিনত এশ টকা মানে এতিয়া এহাজাৰতকৈও বেছি হ’ব)

”দিম বাৰু,  কিন্তু তাৰ আগতে মোৰ বন্ধুলৈ ছোৱালী এজনী যোগাৰ কৰাৰ কিবা মন্ত্ৰ আছে নেকি শিকাই দিব লাগিব। আছে নে নাই তেনেকুৱা মন্ত্ৰ?”

”আছে আছে,  কিয় নাথাকিব..?”

”শিকাই দিয়ক চোন।”

”সেই ৰকম নহ’ব নহয় বেটা,  প্ৰথমে ছোৱালীটোৰ ভৰিৰ তলৰ ধূলি অলপ লাগিব। সেই ধূলিটো মন্ত্ৰপূত কৰিব লাগিব। তাৰ পাছত সেই ধূলি মূৰৰ ওপৰত তিনি বাৰ ঘূৰাই লৈ ছোৱালীটোৰ গাত ছটিয়াই দিব লাগিব। লগে লগে ছোৱালী পিছে পিছে আহি যাব।”

”ইমান সহজনে?”

”হাঁ — বিলকুল সোজা আছে।”

তেনেতে বন্ধুৱে মাত লগালে,-“যদি ছোৱালী পচন্দ নহয় তেতিয়া কি কৰিম?”

 ”তেতিয়া একেটা মন্ত্ৰকে মাথাৰ ওপৰত ওলোটাকৈ হাতটো তিনি বাৰ ঘূৰাই ধুলি অলপ চটিয়াই দিলেই ছোৱালী নিজে নিজে ৱাপছ্ গুছি যাব।”

বাবাৰ মন্ত্ৰৰ মহিমাৰ কথা শুনি আমি ঢেক ঢেক কৈ হাঁহিবলৈ ধৰিলোঁ আৰু সিমানতে বাবাক কিবা এটা দি বিদায় দিলোঁ।

বিঃদ্ৰঃ সেই বহুত সাল জীয়াই থাকিব লগা বন্ধুজন ৪৮ বছৰ বয়সত ১৯৯৬ চনত হৃদ ৰোগত আক্ৰান্ত হৈ আমাৰ পৰা বিদায় লৈ অকালতে পৰলোকলৈ গুছি গ’ল। মই মোৰ বৰ্তমানলৈকে সকলোতকৈ অন্তৰংগ বন্ধুজন হেৰুৱালোঁ।

5 Comments

  • ৰাস্না বৰা

    ভাল লাগিল

    Reply
  • SOMESWAR BORAH

    মথুৰা। দালালে লৈ গ’ ভিতৰলৈ। অ’ত দহটকা ত’ত বিশটকা দী আমনি লাগিল।টিনৰ টুপী এটা মূৰত দি ম’ৰা পাখিৰ ঝাৰু এটাৰে মূৰত কোৱাই দিলে।খঙতে গালি দি এটকাও নিদিলো।আশীৰ্বাদ দিলে “তেৰা
    খালিহাথ জায়েগা”।ভণ্ড ক’ৰবাৰ।

    Reply
  • Anima Das

    ভাল লাগিল পঢ়ি।

    Reply
  • অনুৰূপ মহন্ত

    ভাল লাগিল পঢ়ি।

    Reply
  • ভাল লাগিল দাদা।

    Reply

Leave a Reply

Your email address will not be published.