ফটাঢোল

মন যায় – ভাস্কৰ জ্যোতি বৰুৱা

১৯৯৮ চনত মুক্তি পোৱা এখন চিনেমা আছিল ‘আণ্টি নাম্বাৰ ১’। হয়, ঠিকেই ধৰিছে, গোবিন্দা হিৰো আছিল। কিন্তু চিনেমাখন মোৰ গোবিন্দাৰ বাবে নহয়, মনত ৰৈ গ’ল এটা পাৰ্শ্ব চৰিত্ৰৰ মুখত থকা সংলাপ এটাৰ বাবেহে। এজন চিনেমা পৰিচালকৰ চৰিত্ৰত অভিনয় কৰা সতীশ কৌশিকৰ মুখত চিনেমাখনত প্ৰায় পুনৰাবৃত্তি ঘটি থকা সেই সংলাপটো আছিল – ‘ৱেচে ত’ ম্যে এক ফ্ৰাষ্টেটেড আদমি হু, মেৰি ষ্ট’ৰী কা পাটা নাহি হ্যাই, ফাইনান্স কা ঠিকানা নাহি হ্যাই, হিৰো ডেট নাহি দে ৰাহা হ্যাই, হিৰ’ইন কেহ ৰাহি হ্যাই কি মেঁ পুৰে কাপড়ে পেহনুংগি’।কল্পনা কৰক – এনে অৱস্থাত পৰিচালক হিচাপে সতীশ কৌশিক কি পৰ্যায়ত হতাশ হ’ব পাৰে! গুৱাহাটীত ঘৰ এট বান্ধিবলৈ গৈ তেনেজাতীয় হতাশাগ্ৰস্ততাত ময়ো ডুব যাব ধৰিছিলোঁ।

ধৈৰ্য্য শক্তি বৃদ্ধিৰ এক প্ৰামাণিক উপায় হিচাপে ইতিমধ্যেই উচ্চ প্ৰশংসিত অপৰম্পৰাগত পাঠ্যক্ৰম – ‘গুৱাহাটীৰ সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষৰপৰা গৃহ নিৰ্মাণৰ অনুমতি আদায়’ সফলতাৰে এবছৰত শেষ কৰাৰ পাছতো মোৰ আনন্দ কিন্তু দীঘলীয়া নহ’ল। গৃহ নিৰ্মাণৰ প্ৰয়োজনীয় সামগ্ৰী গোটাবলৈ গৈ ইটোৰ পাছত সিটো সমস্যাত আক্ৰান্ত হ’বলৈ ধৰিলোঁ। প্ৰথমে শিল নোহোৱা হ’ল বজাৰৰপৰা। দাম দিলেও পাবলৈ নাই। পিচুৱাই দিলোঁ গৃহ নিৰ্মাণৰ কাৰ্যসূচী। খবৰ লৈ গম পালোঁ – মেঘালয় চৰকাৰে বন্ধ কৰি দিছে শিলৰ কুৱেৰীবোৰ। যেতিয়া অভাৱনীয় বৰ্ধিত দামত শিল উপলব্ধ হ’ল, বজাৰৰ পৰা এইবাৰ বালি অন্তৰ্ধান হ’ল। ৰাজ্য চৰকাৰৰ বন বিভাগে বন্ধ কৰি দিলে। বৈধ-অবৈধৰ প্ৰসংগত চৰকাৰ আৰু বালি ব্যৱসায়ীসকলৰ সংঘাত চলি থাকিল। মোৰ গৃহ নিৰ্মাণৰ কাৰ্যসূচী আকৌ পিছ পৰিল। এই সময়ছোৱাত আন্তঃগাঁথনি খণ্ডৰ উন্নয়ণত বিশেষ গুৰুত্ব দিয়া বুলি চৰকাৰী ঘোষণা খবৰ কাগজ, টিভি আদিত পাই থাকিলোঁ। সমান্তৰালভাৱে লোহাৰ ৰডৰ দাম বাঢ়ি থাকিল, চিমেণ্টৰ দাম বাঢ়ি থাকিল। মাজতে ৰাজ-মিস্ত্ৰী ৰহিমে মোক জনাই দিলে – এবছৰৰ আগতে ঠিক কৰা ৰেটত তাক ‘নুপুচাব’। অতিৰিক্ত খৰচ, অতিৰিক্ত চাপ।

বিচাৰিলে ভগৱানকো পোৱাৰ দৰে গৃহ নিৰ্মাণৰ সামগ্ৰীসমূহ এটা সময়ত উচ্চ নিৰিখত উপলব্ধ হ’বলৈ ধৰিলেও নতুন নতুন সমস্যাৰ সন্মুখীন হ’বলৈ ধৰিলোঁ। সামগ্ৰী যোগনীয়াৰে জোখত ঠগে। জোখত সচেতন হ’লে সামগ্ৰীৰ গুণৰ মানত ঠগে। শিলৰ লগত শিলৰ গুড়ি অথবা সৰু শিল মিহলাই দিয়ে। নৈৰ বালিৰ নামত খালৰ মাটি মিহলি বালি দি যাব খোজে। এই দিশতো সচেতন হ’লে –‘মাল আপুনি নললেও কাষ্টমাৰৰ অভাৱ নাই’ জাতীয় বাক্যবাণ উফৰি আহে। মই হতাশ, অৱশ যোদ্ধাৰ দৰে যুঁজি থাকিলোঁ এই সমগ্ৰ প্ৰতিকূলতাৰ মাজতো।

ঠিক এনে সময়তে গুৱাহাটীৰ কৃটিম বানে মোলৈ সৌভাগ্য কঢ়িয়াই আনিলে। এজাক বৰষুণতে জলবন্দী হৈ সিদিনা কেনিও ওলাই যাব পৰা নাছিলোঁ। ৰাষ্টাৰ কাষত পেলোৱা অন্যান্য লেতেৰা বস্তুৰ লগত প্লাষ্টিকৰ ঠোঙাবোৰ উপঙি আমাৰ চৌহদলৈ সোমাই আহিছিল। এনেতে লক্ষ্য কৰিলোঁ এটা ঠোঙাত কিবা এটাই খচমচাই আছে। প্ৰথমে বেং জাতীয় জীৱ বুলি গুৰুত্ব দিব খোজা নাছিলোঁ। কিন্তু শেষত মাছ যেন লগাত ঠোঙাটো তুলি ধৰিলোগৈ। ছয়মাইলৰ বজাৰত দৰ সুধিবলৈ সাহস নোহোৱা চিৰিজৰ মাছ যেনে কাৱৈ, শিঙি-মাগুৰ যেন লাগিছিল। সেইবাবেই আছিল মোৰ সেই তৎপৰতা। কিন্তু মোক হতভম্ব কৰি হাতলৈ আহিল এটা তেনেই সৰু মানুহ যেন প্ৰাণী। গাৰ বৰণ নীলা, থুতৰিত দাড়ি। ভৰি দুখন নাই, তাৰ পৰিবৰ্তে আছে এডাল নেজ। উপঙি থাকিব পাৰে বতাহত। মধ্যপ্ৰাচ্যৰ বেশভূষা। পৰিচয় দিলে – সি বোলে জিনি, সেই আলাদিনৰ চাকিৰ ভিতৰত থকা জিনটো।

প্ৰথমেই সি মোক ভয় নাখাবলৈ অনুৰোধ কৰি মোৰ সহায়ৰ বাবে ধন্যবাদ জনালে। যেতিয়া মই তাক পলিথিনৰ ঠোঙাত সোমোৱাৰ কাৰণ সুধিলোঁ, সি কলে – এয়া এটা দুৰ্ঘটনা। কিবা প্ৰয়োজনত গুৱাহাটীলৈ আহিবলগা হৈছিল। এটা তিক্ত অভিজ্ঞতাৰ পাছত বোলে মনৰ দুখতে বীয়েৰ খাই আছিল। এনেতে আহিল বৰষুণজাক। পানী উঠি আহিল। সি ভাবিলে – সুবিধা পোৱা গৈছে যেতিয়া গুৱাহাটীৰ কৃটিম বানকেই চোৱা যাওক। সেয়ে বীয়েৰৰ টিনৰ টেমাকে নাও বনাই ঘূৰি ফুৰিছিল। পানীৰ পকনীয়া সোঁতত পৰি সোমালগৈ ঠোঙাত।

মোৰ সহায়ৰ বাবে (যিটো ভুলতে হোৱা বুলি জিনিয়ে নাজানে।) কৃতজ্ঞতাত গদগদ হৈ জিনিয়ে মোক উপহাৰ হিচাপে কিবা বিচাৰিবলৈ ক’লে। মই ভাবিলোঁ – দিয়ে যদি ইয়াৰপৰা গৃহ নিৰ্মাণৰ সামগ্ৰীখিনিয়েই লোৱা যাওক। কিন্তু চৌহদৰ মুকলি মাটি পানীৰ তলত থকাৰ বাবে পানী শুকালে আহিবলৈ কৈ মই জিনিক বিদায় দিলোঁ।

কেইদিনমানৰ পাছত জিনি আহি ওলাল। আহিয়েই মোক ক’লে – ‘ভাইজান, প্ৰথমে ভাল শিল অলপ আনো দিয়ক’।

প্ৰস্তাৱটো মই বেয়া নাপালোঁ। শিলেৰেই আৰম্ভ হওকচোন। কিন্তু ময়ো এইকেইদিনত খুজিবলগীয়া সামগ্ৰীৰ বিষয়ে হোমৱৰ্ক নকৰা নহয়। তথাপি জিনিৰ জ্ঞানৰ পৰীক্ষা এটা লোৱাৰ ইচ্ছা হ’ল। ক’লো – ‘আচ্ছা, ঘৰ সাজোঁতে ঢালাইৰ কামত ব্যৱহাৰ কৰিব পৰা দুবিধ কঠিন শিলৰ নাম কোৱাচোন।’

‘আগ্নেয় শিলাৰ বাচাল্ট আৰু গ্ৰেনাইট ভাইজান’- জিনিয়ে তপৰাই উত্তৰ দিলে।

‘সুন্দৰ, মোক সদ্যহতে ভাল বাচাল্ট শিলাৰ ৩/৪ ডাউন চাইজৰ ৪০ কিউবিক মিটাৰ মান চিপছ লাগে। কিন্তু চাবা দেই, এটা টুকুৰাও লাইম ষ্টোন অথবা চেণ্ড ষ্টোন থাকিব নোৱাৰিব। বাচাল্টৰ হ’লেও হাফ ইঞ্চি চাইজৰ শিল আৰু ষ্টোন ডাষ্টো থাকিব নোৱাৰিব। একদম সঠিক চাইজৰ চিজনিং কৰা মাল লাগিব মোক’।–মই ক’লো।

‘হ’ব ভাইজান’ – জিনি যাবলৈ ওলাল।

ৰ’বাচোন, সম্পূৰ্ণকৈ শুনি লোৱা। ফিনলেণ্ডৰ কুৱেৰীৰ শিলহে মোক লাগে দেই।– মই ক’লো।

‘আৰে ভাইজান, শিল শিলেই। একেজাতৰ শিলৰ ক্ষেত্ৰত কি ভাৰতৰ, কি ফিনলেণ্ডৰ?’- চকুৱে মুখে আশ্বৰ্য প্ৰকাশ কৰি জিনিয়ে প্ৰশ্ন কৰিলে।

‘মন যায়’ – হিমা দাসৰ বাবে নতুনকৈ জনপ্ৰিয় হোৱা পাঞ্চ লাইনটো এৰি দিলোঁ।

‘তেতিয়া হ’লে আপোনাক লগা আন সামগ্ৰীৰ তালিকাখনো কওকচোন। শুনি চাওঁ।’- অলপ অসন্তোষ আৰু তাচ্ছিল্য মিশ্ৰিত সুৰ এটাৰে ক’লে জিনিয়ে।

হ’ব, মই লাজ কৰিম নে কিবা? ভাবিলোঁ – কথাটো এটা দিশৰ পৰা বেয়াও নহয়। জিনিৰ যি বেয়া লাগে আজিয়েই লাগক। পাছত মোৰ ফৰমাইচত সদায় সদায় চক খাই নাথাকিলেও হ’ব বেচেৰাই।

‘আচ্ছা, তোমালোকৰ বুৰ্জ খালিফাত ক’ৰ বালি ইউজ কৰিছিলাহে?’ – মোৰ প্ৰশ্ন।

‘অ’ তাৰমানে বালিও আপোনাক অষ্ট্ৰেলিয়াৰহে লাগে? লোকেল ডিগাৰু আৰু কুলসী নৈৰ বালি কি বেয়া পালে?’- জিনিৰ প্ৰশ্ন।

মই মনে-মনে জিনিৰ বুদ্ধিমত্তাৰ প্ৰশংসা কৰিলো। মিচিকিয়াই হাঁহি ক’লো – ‘মন যায়হে, পাবলৈ বৰ মন যায়’।

চিমেণ্ট লাফাৰ্জ কোম্পানীৰ দিলেই হ’বনে?- জিনিয়ে সুধিলে।

‘হ’ব, কিন্তু ইয়াৰ নহয়।’– মই ক’লো।

‘তেন্তে ক’ৰ ভাইজান?’- জিনিৰ মাতত যেন অসহায় ভাৱ এটা ফুটি উঠিল।

‘হাংগেৰীৰ। লাফাৰ্জ হ’লচিম কোম্পানীৰ হাংগেৰীত থকা ফেক্টৰীৰ অ’ পি চি ৫৩ গ্ৰেডৰ চিমেণ্টেহে মোক লাগিব।’

‘কিন্তু হাংগেৰীৰ কিয়?’ – জিনিয়ে আকৌ প্ৰশ্ন কৰিলে।

‘ইণ্টাৰনেচেনেল ৰিয়েল এষ্টেট ফেডাৰেচনৰ পৰা ২০১৭ চনত ‘ৱৰ্ল্ড প্ৰিক্স দ্যা এক্সিলেন্স’ পুৰষ্কাৰ পাইছে অ’, সেই কাৰণে।’- মই বুজাই দিলোঁ।

‘ষ্টীল টাটাৰে দিম, হ’বনে ভাইজান?’ – বৰ কাতৰভাৱে প্ৰশ্ন কৰি জিনিয়ে মোৰ চকুলৈ চাই থাকিল।

বেয়া লাগি গ’ল মোৰ বেচেৰাটোলৈ। কিন্তু হ’লেও ঘৰটোতো এবাৰেই বান্ধিম। আপোচ কৰিব নোৱাৰি। আৰু ইয়াৰ বাবে অলপ নিলাজ হোৱাটো গ্ৰহণযোগ্য দিয়কচোন।

‘আৰ্চেলৰ-মিট্টাল অথবা ব্ৰাজিলৰ বিখ্যাত ভেল কোম্পানীৰ ৰডহে লগাম।’- মই ক’লো। একে সময়তে মনত পৰিল – কেইদিনমানৰ আগতে প্ৰতিবেশী শইকীয়াই নিজৰ নতুন ঘৰটোত লগোৱা টাটা ষ্টীলৰ ৰডৰ উচ্চ প্ৰশংসা কৰি থাকোতে বাজেট নিমিলাৰ বাবে স্থানীয় ৰড লগাবলৈ বাধ্য হ’ম বুলি ভাবি মনটো মৰি গৈছিল।নিজক প্ৰবোধ আৰু শইকীয়াক ‘ডাউন’ দিয়াৰ মানসিকতাৰে কৈছিলোঁ – ৮ ৰিখটাৰ স্কেলৰ ওপৰত ভূমিকম্প আহিলে টাটাৰ ৰ’ডেও তেওঁক নবচাব।

‘মন গৈছে ন? হ’ব দিয়ক। মেটেৰিয়েলতেই মোৰ উপহাৰ শেষ কিন্তু।’- জিনিয়ে ক’লে। বুজিলোঁ, মোৰ লোভ দেখি জিনি বিৰক্ত হৈছে। নিজক বুজালোঁ – এয়া লাজ কৰাৰ সময় নহয়, সময় আদায় কৰাৰহে ।

‘মেটেৰিয়েল বুলি কৈছা যেতিয়া টাইলচলৈকে দিবাইতো ন?’ – মই সুধিলোঁ।

‘হ’ব আৰু দিয়ক, জীৱন বচাইছে যেতিয়া।মাত্ৰ এটাই চৰ্ত – সকলো সামগ্ৰী নিজে ব্যৱহাৰ কৰিব লাগিব। বেচিব নোৱাৰিব।’ – জিনিয়ে ক’লে।

‘চাটাৰিঙৰ তক্তাখিনিও বেচিব নোৱাৰিম নেকি?’ – মই প্ৰশ্ন কৰিলোঁ।

‘চাটাৰিঙৰ তক্তাও লাগিব তাৰমানে?’

‘অ’তো, পাইনৰ হ’লেই হ’ব।লগতে গজালো কিন্তু।’–মই ক’লো।

‘হ’ব হ’ব, বেচিব বাৰু। মাত্ৰ চাটাৰিঙৰ তক্তা আৰু বাহঁখিনিহে কিন্তু দেই। গজালো ময়েই দিম দিয়ক। এতিয়া ফিনলেণ্ডলৈ যাওঁ। আপুনি শিল পেলাব পৰাকৈ বস্তা-চস্তা পাৰি জেগা ৰেডি কৰক।’ কথাষাৰ কৈয়েই জিনি অন্তৰ্ধান হ’ল।

শইকীয়াৰপৰা ১০০ টা মান চিমেণ্টৰ খালি বস্তা ধাৰলৈ আনিলোঁ। জিনিয়ে হাংগেৰীৰপৰা চিমেণ্ট আনি দিলে পাছত ঘূৰাই দিম। ভালদৰে বস্তাখিনি পাৰি শিলৰ বাবে ৰৈ আছোঁ। জিনি এতিয়াও ঘূৰি আহি পোৱা নাই। দেৰি কৰিছে। সি কিনি নে চুৰ কৰি আনিবলৈ গৈছে? যদি চুৰ কৰে তেন্তে মোৰ বাবেইতো সি চুৰ হ’ল। নাঃ, এইবোৰ মোৰ চিন্তাৰ বিষয় নহয়। ভাবিবলৈ বাদ দিলোঁ। সেই খালি ঠাই পূৰণ কৰিলে নতুন ঘৰৰ সপোনে। নেদেখিমেই বা কিয়, এটা দেখনীয়াৰ ঘৰৰ গৰাকী হোৱাৰ সপোন দিঠক হ’বলৈ গৈ আছে। কিন্তু এনেকৈয়ে যদি ঘৰটো হয়গৈ, সেইটো সম্পূৰ্ণ নিজৰ বুলি ক’ব পাৰিমনে? নিজকে প্ৰশ্ন কৰিলোঁ। নাই, উত্তৰটো দেখোন এতিয়াও মোৰ ভিতৰৰপৰা অহা নাই। বুজিলোঁ, বহু উত্তৰ শুদ্ধকৈ জানিলেও নিজক দিয়া নাযায়। কিয় জানো হঠাৎ মোৰ ভাৱ হ’ল – এই মহানগৰৰ বহু ধুনীয়া ধুনীয়া ঘৰ জিনিৰ সহায় লৈ বনোৱা। মোৰ স্থিতিৰ সপক্ষে এটা অজুহাত হয়তো বিছাৰি পালোঁ ৷

☆★☆★☆

20 Comments

  • Asomi Gogoi

    বঢ়িয়া লাগিল।

    Reply
  • Suntu

    মজ্জা

    Reply
  • ৰিণ্টু

    সুন্দৰ, খুব ভাল লাগিল ভাস্কৰদা

    Reply
  • Manisha

    এতিয়া সকলোৰে হাতে হাতে আলাউদ্দিনৰ চাকি

    Reply
  • মুকুল শইকীয়া

    ভাল লাগিল ।

    Reply
  • Gitika Saikia

    কি সুন্দৰ ইংগিতধৰ্মী লিখনি। বৰ ভাল লাগিল পঢ়ি। বুজাই বুজিব, নুবুজাই মাথা মাৰি থাকিব।

    Reply
  • দিম্পল

    বুজি পালো দাদা। জিন এতিয়া বহুতৰে হাতে হাতে ।
    ভাল লাগিল

    Reply
  • ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি

    তামাম লাগিল ভাষ্কৰ! উৎসাহতে নিজৰ ৱালতে শ্বেয়াৰ কৰি দ

    Reply
  • Bijoy Mahanta

    মনযায়

    Reply
  • ৰামানুজ

    অনবদ্য

    Reply
  • সদানন্দ ভূঞা

    মোৰো মন যায় । বঢ়িয়া লাগিল ।

    Reply
  • Anonymous

    অভাবনীয়

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জনালোঁ‌।

    Reply
  • Anjan Sadhanidar

    মন যায় এনেকুৱাবোৰ পঢ়িবলৈ৷ মজা লাগিল

    Reply
  • পংকজ বৰবৰা

    অগতানুগতিক

    Reply
  • মোৰো মন যায়, তোমাৰ এনে ইংগীতপূৰ্ণ লেখাবোৰ সদাই পঢ়িবলৈ—-
    অতি সুন্দৰ

    Reply
  • গৌৰীশংকৰ শৰ্মা

    সেই জিনবোৰেই অন্যতম কাৰক। সকলোৰে এটাই কথা “মন যায়”।

    Reply
  • Manash Pratim Bharadwaz

    সুন্দৰ

    Reply
  • Jayanta das

    এনেকুৱা সুন্দৰ লিখনি পঢ়ি থাকিবলৈ মন যায়৷

    Reply

Leave a Reply

Your email address will not be published.