ফটাঢোল

মন যায় মন যায় মোৰো মন যায় – নীলাঞ্জনা মহন্ত

:তোমাৰ নামটো কি?

:ভেদাইলতা

:কি বুলি ক’লা?

:ভেদাইলতা

:নাম নাই নে কি? ঔৰা, ডাঙৰকে কোৱা কনকলতা নে আঙুৰলতা কি কৈছা৷

:ঐ ৰুমি ,এইক নাম এটা দিব লাগিল হে৷

: ভেদাইলতা তোমাৰে নাম ভাজি কৰি খায়, ভেজাল কৰা তেলত ভাজে খবৰ হ’লে নাই, খবৰ হ’লে নাই৷ – ৰুমিবাইদেউৰ ইনস্টেন্ট্ পেৰডী৷

– এক গিৰ্জনি!

মনে মনে থাকিল তাই৷ এই বাইদেউহঁতেও কিবা বেছি বেছি কৰে আৰু৷ ইমাননো সৰুকে কৈছেনে তাই৷ যি বুলি মাতে মাতি থাকক৷ আঙুৰলতা কনকলতা যা কিবা এটা মাতিলেই হ’ল৷

:ঠিক আছে, ঐ লতা বুলি মাতিম তোমাক এতিয়া গান এটাকে গোৱা৷
:অভ্যাস নাই।

:নাচ এটা দিয়া টুইস্ট্।

:টুইস্ট মানে কিনো?

:ঐ জেচমিন নাচি দেখুওৱা৷

: বাইদেউ মোৰ নাম শেৱালিহে৷

:শেৱালি মানে জেচমিনেই দে৷ নাচা এতিয়া।

:মই টুইস্ট নাজানো নহয়।

:নেজানিলেও কিবা এটা নাচি দেখুওৱা।

শেৱালিৰ নাচ৷ তাৰ লগে লগে লতাৰ কপিকেট নাচ৷ চিনিয়ৰবোৰে গোটেইকেইজনীয়ে বাগৰি বাগৰি হাঁহিবলে ধৰিলে৷ লতাহঁতৰো সবৰে হাঁহি উঠিছিল যদিও হাঁহে কেনেকৈ৷ গালি দিয়ে যদি কেলেই হাঁহিছা বুলি! এপাকত লতাৰ জোৰ কৰি ৰাখি থোৱা হাঁহিটো ফোঁচকৈ ওলাই আহিল৷ লগে লগে বাকীকেইজনীয়েও ৰখাব নোৱাৰিলে৷ এতিয়া বাইদেউহঁতে কাক গালি দিয়ে! নিজেও হাঁহিছে জুনিয়ৰ গোটেইবোৰেই হাঁহিছে! আনকি এজনী চিনিয়ৰ বাইদেৱে দেখোন সিহঁতৰ লগৰে এজনীৰ গাত ধৰি ধৰিহে পেটৰ নাড়ী মেনেজ কৰিছে৷

: ঐ হ’ব হ’ব এইবাৰ বিহুকে নাচা। এজনীয়ে গজল গোৱা আৰু আনজনীয়ে গজলৰ লগত বিহু নাচা৷
:বাইদেউ গজাল গাব নেজানো।

: গজাল নহয় ঔ গজল৷ জগজিৎ সিঙৰ নাম শুনিছানে নাই?
: শুনিছো মোৰ খুৰাৰ নাম জগজিত সিংহ৷

আকৌ গোটেইবোৰে বাগৰি বাগৰি হাঁহিবলে লাগিল৷
:বিয়ানামকে গোৱা।

লতাই পেনপেনীয়াকৈ যুৰিলে এইবাৰ : হাততে ঘটি লৈ কইনাৰ মাক ঘাটলৈ

লগে লগে জেচমিন ওৰফে শেৱালিৰ বিহু নাচ৷ ককাঁল ভাঙি ভাঙি৷ বিয়ানামৰ শ্ল’ মচনৰ সুৰত তাই ৰৈ গ’লেই এজনী বাইদেৱে চিঞৰে ঐ জেচমিন নেৰিব্বা৷ বিহু বিহু৷

আকৌ লতাই যেতিয়াই ’ঘটি লৈ’ বুলি যোৰে বাইদেউহঁতৰ ফিচিঙাফিচিং বোৰ তুংগত উঠে৷ এজনীয়ে ঘটি লোৱা প’জটোৱো দেখুৱাই দিছেগৈ৷

পিছে লতাই পিছৰ লাইন কেইটা পাহৰি একেটালাইনকে মুঠ সাতবাৰ গালে৷ আঠনম্বৰবাৰ গাবলে হা বুলি মুখ মেলোতেই ঐ ঐ হ’ব আৰু৷ আই তুমি যোৱা বুলি নিৰ্দেশ আহিল৷

মনতে ভাবিলে তাই এহ্ আৰু কিবা এটা গাবলে দিয়া হ’লে৷ গান গাই তাই ভাল পায়৷ কিন্তু ঘৰত তাইক সবেই কয় তাইৰ মাতটো হেনো বৰ বেয়া৷ গান গালেই গালি খায়৷ ইয়াত অন্ততঃ শ্ৰোতা কিছুমান পাইছে৷ যিয়েই পৰিবেশ নহওক৷

ইয়াৰ পিছৰ পৰাই লতাক নবাগত আদৰণি নোহোৱালৈকে বাইদেউহঁতে প্ৰতিখন মিটিঙতে গান গাবলে দিলে৷ তায়ো বেলেগ বেলেগ গান যেনে এটা হিন্দী এটা ইংৰাজী আৰু বিহু লোকগীত আদিকৰি দহটামান গান ৰাতিপুৱা বাথৰূমত দৈনিক প্ৰেকটিচ্ কৰিবলে আৰম্ভ কৰি দিলে৷

পিছলে নহঁহা হ’ল ৰাইজে তাই গান গালে৷ নবাগত আদৰণিত কোৰাছৰ কাৰণে কিন্তু তাইক কিয় বা নিৰ্বাচন নকৰিলে বুজি নাপালে৷ হয়তো আৰু প্ৰেকটিচ্ লাগিব৷ হৈ যাব চাৰিবছৰ থাকিব নহয় এইখন কলেজত৷ শিকি যাব তাই গান৷ গাইহে এৰিব বাপ্পেকে৷

নবাগত আদৰণিৰ বাবে সিহঁতৰ নবাগতসকলক এটা বিহু হুঁচৰি শিকাইছিল চিনিয়ৰ দাদা দুজনমানে ।উহ্! কি নাচে আৰু গায় ঐ দুইজনে৷ কেন্টিনত ৰাতি ন বজালৈকে প্ৰেকটিচ্ দৈনিক৷ লতা আৰু তাইৰ লগৰে মুঠ তিনিজনী নাচনী! কেন্টিনত মেইন মাষ্টৰ দাদা দুজনৰ ওপৰিও আন কেইবাজনো আহে মাজে মাজে ঢোল আৰু গীতবোৰ শিকাবলে৷ তাৰে এজন বৰ গহীন দাদা আছিল ঢোল যে বজায় আৰু! এদিন বিহু গোৱাও শুনিছিল তেওঁক৷ বাঁহীও বজায় বোলে৷ কেটেঙাকৈ যদিও দীঘল নাকটোহে লতাৰ মনত থাকি গ’ল কিন্তু৷ সিহঁতে প্ৰেকটিচৰ পৰা হোষ্টেললৈ ঘূৰি আহোঁতে সাৰ্বজনীন মাষ্টৰ দাদা দুজনে হোষ্টেলৰ গেইটলৈকে থৈ আহে৷ আৰু এই দুজন বৰ কাঢ়া আছিল কোনেও চুপটি মাৰিব নোৱাৰিছিল নিজেও সঁচাসঁচিকে ডাঙৰ কাকয়েকৰ দৰে সকলোকে শাসন আৰু মৰমো কৰিছিলে৷ ঢুলীয়া দাদাজনৰ নাম এটা দি ল’লে মনে মনে সিহঁতে মাজে মাজে দাদাহঁতৰ অফলাইন গুণানুকীৰ্তন কৰোঁতে৷

দিন বাগৰিল৷

চিনিয়ৰ আবাসী বাইদেউহঁত পৰিয়ালৰ আপোন বাইদেউৰ দৰে হৈ পৰিল৷ আৰম্ভণিৰ সেই পৰিচয় পৰ্বৰ দিনবোৰে সিহঁতক বহুকথা শিকালেও৷ আন্তৰিকতা আৰু মৰমবোৰ চিৰযুগমীয়া হৈ পৰিল৷ কাৰোবাৰ গা বেয়া কোনোবা দৌৰিছে দৰব লৈ৷ কাৰোবাৰ মাক আহিছে গাজৰৰ হালোৱা আনিছে, প্ৰায় ত্ৰিশজনী ছোৱালীয়ে খাবলৈ কেনেকৈ জুৰিলে ৰহস্য সেয়া৷ কোনজনী বাইদেউ কিমান ধুনীয়া, কিমান চোকা, কিমান মৰমিয়াল, কিমান পঢ়ে, গালত কি সানে, বুকফেয়াৰত কি কিতাপ কিনে, এইবোৰ হৈ পৰিল আদৰ্শ৷

তাৰ লগে লগে ৰসাল আলোচনাবোৰো চলিল৷ এবছৰৰ পিছত লতাৰ ৰুমমেট বৰ মৰমিয়াল আৰু জনপ্ৰিয় বাইদেউ দুগৰাকী হ’ল৷ আবেলি সিহঁতৰ কোঠাতে চিনিয়ৰ কেইবাগৰাকীও আহি হাঁহি মাতি আড্ডা দিয়ে৷ এই কথাটোয়ে তাইক আমোদ দিছিল৷ শোৱাৰ ভাও জুৰি তাই নিজৰ বিচনাত পৰি থাকে বেৰৰ ফালে মুখ কৰি আৰু কোনোবাই মাতিলেও মাত নিদিয়ে যাতে তাইক টোপনিত থকা বুলি ভাবে সবেই৷ আৰু কাণ থিয় কৰি ৰসাল আড্ডাবোৰ মন দি শুনে৷ আৰু সেই ৰসবোৰ অতিৰঞ্জিত কৰি সন্ধিয়া ভাতখোৱাৰ পিছত লগৰখিনিৰ লগত বহা আড্ডাত পৰিবেশন কৰে৷ আনকি সাজি সাজি দাদা কেইজনমানৰ কথাও কয় তাই চিনিয়ৰে কোৱা বুলি৷ এবাৰতো লগৰ এজনীয়ে অমুকদাদা এজনৰ গুণ শুনি শুনি পৰিছিলেই প্ৰেমত৷ লাইন মাৰিবলে আৰম্ভ কৰি দিছিল তাই যদিও বেলেগ হিৰো এজনে সঠিক সময়ত আবিৰ্ভাৱ হৈ তাইক বচালে অমুকদাদাজনৰ পৰা৷ অমুকদাদাও ভালেই আছিল খালি অলপমান ঘুটুংপানী আৰু চিগাৰেট খায় বোলে৷ তাই ইমানেই হালিছিল যে অমুকদাদাক বদঅভ্যাসবোৰ এৰুৱাই ঠিক কৰি ল’ব বুলিও পৰিকল্পনা নে কল্পনা আৰম্ভ কৰি দিছিল৷ কোনজন দাদা কেনেকুৱা, কোন কিমান চেনি, কোন চোকা, কোনে নকল নেমাৰে, কোনে ইংৰাজী ফৰফৰাই কয়, কাৰ গাৰ্লফ্ৰেণ্ড নাই আদি কিমান যে কথা৷ কিন্তু সমস্যা এটাই দাদাহঁতৰ বেছিভাগৰে পপুলাৰ নাম এটা থাকে যিটোৰে আলোচনাবোৰ বাইদেউহঁতে কৰে বাবে অলপ দিগদাৰ বিচাৰি ওলিয়াবলৈ৷ কাৰ কথানো কৈ আছে বুলি৷ বেছিভাগেই জোকোৱা নাম৷ কাৰোবাৰ নাম হিমালয় যদি কাৰোবাৰ নাম পেপচি৷ কাৰোবাৰ নাম আলু যদি কাৰোবাৰ নাম চেঙেলী৷ নামবোৰৰো সুকীয়া অৰ্থ আছে কিহৰ কাৰণে কোনে কেতিয়া নামাকৰণ কৰিলে জনাৰ সাধ্য নাই৷

এদিন লতাই গম পালে সেই ঢুলীয়া গান গোৱা দাদাজন তাইৰ ৰূমমেটৰ ক্লাচমেট৷ ধৰা হওক ল’ৰাজনৰ নাম নগেন৷ তাই মাজে মাজে নিজকে সোধে কেচটো নগেন নেকি বাৰু৷ এইবাৰ তাই বাইদেউহঁতৰ আগত অতি ভাল ছোৱালীৰ দৰে, মৰমৰ ভনীয়েকৰ দৰে থাকিবলৈ আৰম্ভ কৰি দিলে৷ যেনে বাইদেৱেকহঁতৰ কাৰণে নোসোধাকে তলৰ দাইনিং হলৰ পৰা আবেলি চাহ লৈ অহা ইত্যাদি ধৰণৰ কাম৷

বুধিতো কামত আহিছিল অলপ৷ মন চঞ্চল কৰা ভৰ বয়স সিহঁতৰ৷ তাইৰ মন গ’ল নগেনৰ বিষয়ে আৰু জানিবলৈ৷ আবেলি ৰাস্তাত জাক পাতি খোজ কাঢ়িবলৈ ওলাই গ’লে কেতিয়াবা দেখে তাই নগেনক৷ চোৱাতনো আপত্তি কিহৰ বুলি ভাবি মেলেককৈ এদিনাখন তাই তালৈ চাই হাঁহি পালে৷ খা কলিজা! নগেনেও চোন ওলোটাই হাঁহি মাৰি দিলে৷ তাই পিছলৈ চালে বেলেগক হাঁহিলে নে তাইকে হাঁহিলে বাৰু? পিছফালে চাই মস্ত বলদ এটাক তাইৰ ফালে আহি থকা দেখিলে৷ বলদটো ইমান ওচৰ পালেহি যে কেঁৎ কৈ তাই চিঞৰ এটা মাৰি দিলে দৌৰ৷ লগৰজনীয়ে একো পাট্টা নাপাই লগতে দৌৰ৷ গোবৰৰ ওপৰেদি দৌৰি মেলি একেদৌৰে হোষ্টেলৰ গেইট পালেহি৷ তাতো আছিলে ৰৈ এজাক ৰাজহাঁহ৷ দুটামানে আহিলেই খেদি৷ পিছে ৰাখে হৰি মাৰে কোনে৷ প্ৰাণ ৰক্ষা পৰিল যেতিয়া হোষ্টেলৰ বজাৰ কৰা ল’ৰাজনে গোটেই হাঁহজাকক হুৰাই দিলেহি৷ উহ্! বাচিল সিহঁত৷ নগেনৰ কথা পাহৰি থাকিল তাই দুদিনমান। কাৰণ নগেন বুলিলেই তাইৰ মনলে বলদটোহে আহিছিল তেতিয়া৷

লতাহঁতৰ ক্লাচবোৰ মেইন বিল্দিঙত হয়৷ তাৰ পৰা পুখুৰীৰ সিপাৰে নতুন বিভাগবোৰ আৰু অফিচবোৰ৷ লেবৰ কাম থাকিলে বা কেন্টিনলে যাব লগা হ’লে নতুন বিভাগবোৰৰ ল’ৰাছোৱালীৰ জাকবোৰ সিহঁতৰ বিল্ডিঙলৈকে আহে৷

ব্ৰেকৰ আগৰ ক্লাচটোৰ সময়তে সিহঁতৰ ক্লাচৰূমৰ আগেয়ে বহুত ল’ৰাছোৱালীয়ে হুলস্থূল কৰি পাৰ হৈ যায়৷ ক্লাচৰ চাৰে কেতিয়াবা ওলাই গৈ গালিও পাৰে আৰু হুক নোহোৱা দুৱাৰখন বন্ধ কৰাৰ বৃথা চেষ্টা একোটা কৰে৷

অয়ে হয়ে!! এদিন তাই নীলা চোলা পিন্ধা নগেনক পাৰ হৈ যোৱা দেখিলে জাকটোৰ মাজত৷ কেচটো আকৌ নগেন নেকি বুলি তাই নিজকে চিকুটি চালে৷ নহয়৷ কাৰণ তাইৰ মনলে খঙাল বলদ এটাৰ ছবি এখনহে আহিল৷

আন এদিন লক্ষ্য কৰিলে নগেনে দেখোন ঘূৰি ঘূৰি চাই গৈছে সিহঁতৰ ক্লাচৰূমলৈ৷

এইটো ঘটনা প্ৰায় সদায় ঘটিবলৈ ধৰিলে৷

এদিন সিহঁতৰ চাৰ অহা নাছিল৷ চাৰে খবৰ পথালে অফ্ বুলি৷ কিন্তু নগেন আহিব বুলিয়ে তাই একপ্ৰকাৰ জোৰ কৰিয়ে লগৰ এজনীক লৈ ক্লাচৰূমত কিবি কৰি থাকিল৷ নগেন নাহিল দেখোন সেইদিনা৷ বোধহয় আগতে গম পাইছিল সিহঁতৰ ক্লাচ নাই বুলি৷ পুনৰ বলদ এটাৰ ছবি এখন তাইৰ মনলে আগপিছ কৰি আহি থাকিল৷
—————–
”আজিকালি ইলেক্ট্ৰিকেলৰ ক্লাচৰ আগেদি যাওঁ নহয়, সদায় দেখো”

তাইৰ ৰূমমেটে এয়া কি কৈছে! ৰূমমেটে আহি তাইক কয়হি লগৰ কোনোবাই কোৱা বুলি৷

তাই কয় ”ময়ো দেখো”৷ পিছদিনা ৰূমমেটে কয়গৈ, ”তোমাকো দেখে হেনো”

নগেনে সোধে ”দেখে নে চায়?”
উত্তৰ আহে ”চায়”৷

এইবাৰ বলদটোৱে মূৰ তল কৰি ঘূৰি যাবলে উদ্যত হোৱা ছবি এখন তাইৰ মনলৈ আহিল৷
ইলেক্ট্ৰিকেলৰ বিল্ডিঙত একো কাম নেথাকিলেও আজিকালি সি লতাহঁতৰ ক্লাচ থাকিব পৰা সময়ত এপাক মাৰে৷ ডিঙিটো ঘূৰাই ঘূৰাই চায়৷ চাৰে ইলেক্ট্ৰিকেল মেচিনৰ ক্লাচ লৈ থাকে ব্ৰেকৰ আগে আগে৷
“মন যায়“, সেই যে জুবিন গাৰ্গৰ চিনেমাখনৰ শিৰোনামৰ গীতটো? ঠিক তেনেকুৱাই পট এটা৷ কেৱল বলদটো মাজে মাজে ওলায় অশান্তি কৰে৷ সোণাৰুফুলৰ তলেদি বৈযোৱা ৰাস্তাটোয়ে আৰু এটি মিঠা কাহিনী লিখিবলৈ উদগ্ৰীব্ হৈ ৰয়৷ মিচিকিয়াই সান্ধ্যভ্রমী ফুল পখিলাহঁতক।

তেনেতে এদিন চাৰে মেচিনৰ ক্লাচত সোধে, ’ —এণ্ড্ ইট্ ৱিল্ ৰটেট্ ইন্-??’ দুৱাৰৰ পৰা হঠাৎ চকু ঘূৰাই তাই দেখে চাৰে চকুৱে চকুৱে চাই তাইকে সুধিছে৷ প্ৰশ্নটো নুশুনাকৈ আৰু নুবুজাকৈয়ে তাইৰ মুখৰ পৰা অজানিতে ওলাই গ’ল ’চিনক্ৰনাচ স্পীড’৷ চাৰে কৈ উঠিল, হৈছে৷ ওচৰতে বহি থকা শেৱালিয়ে গম পাইছিল কথাটো তাই কিবাকেহে হাঁহিটো ৰখালে৷ চাৰে আকৌ ক’লে হৈছে, কিন্তু ডাঙৰকে ক’ব লাগে, ৰজনজনাই যাব লাগে৷

লতাৰ লাজ লাগিল। চাৰে ইমান জানে কোনোদিন কিতাপ নোটচ্ একো নানে ক্লাচলৈ৷ তেখেত নিজেই এখন কিতাপ৷ তেখেতৰ ক্লাচত পাল মাৰিবলৈ বেয়া লাগিল তাইৰ৷ দোষবোধে খুলি খুলি খালে৷ আকৌ মাকহঁতেও গম পালে দিব তাইক৷ খঙাল বলদটোৱে শিং জোকাৰি উঠিল এইবাৰ৷ তাই গৰু নেকি! এনেকৈচোন পৰীক্ষাত গেৰা মাৰিব! এমাহো নাই পৰীক্ষালৈ৷

”সিফালে কি খবৰ আজিকালি?” – নগেনে ৰুমমেটক সুধিছিলে হেনো৷ বলদে মূৰত বহি ল’লে আৰু মাউচ ঘূৰাই ঘূৰাই উত্তৰ কমপাইল কৰি পঠালে- জোকোৱা জোকোৱিবোৰ বন্ধ হওক৷ বলদৰ জয় হৈছে ইতিমধ্যে, হ’লেও হয়তো কেতিয়াবা….সোণাৰুবোৰ ভৰি ভৰি ফুলিব, ৰঙা হালধীয়া ফুলপৰি ৰোৱা নাচনীৰাষ্টাটোত কোনোবাই চকুৰ ভাষা পঢ়িব কিন্তু তেতিয়ালৈ বলদটোৱে চোঁচা ল’লে বেয়াকৈ৷

সোণাৰুজোপাত নতুন কলি ওলাইছিল৷ নতুন কাহিনী কেইবাটাও মঞ্চস্থ কৰাৰ আবেগত ৰাস্তাটোৱে সেই অপৈণত কাহিনীটো ৰোমন্থন কৰাৰ প্ৰয়োজনবোধ কৰি নাছিল৷

এইদৰেই কিমান যে কাহিনী উক্ত বলদৰ কাৰণেই অলিখিত ৰূপ পাই ফাটি চিৰাচিৰ দিছিল হিচাপ নাই৷ হ’লেও মন যায় কেতিয়াবা কলেজৰ সোণালী ৰূপালী দিনবোৰৰ আলমত জল্পনা কল্পনা কৰিবলৈ৷

মন যায় মন যায় মোৰো মন যায়

☆★☆★☆

13 Comments

  • কাবেৰী মহন্ত

    তামাম লিখিলি ৷ intelligence আৰু comic sense 200% n more.. তোৰ কলমৰ জোৰ বহু ওপৰ ৷

    Reply
    • নীলাঞ্জনা

      ধন্যবাদ৷ পিছে জেক নাখাওঁ আজিকালি৷😊

      Reply
  • ৰিণ্টু

    এটাই শব্দ – ঝাকাচ। এলাহবোৰ অলপ লম কৰা

    Reply
    • নীলাঞ্জনা

      আপুনি জোৰ নিদিয়াহ’লে এই বাৰেবিংকৰা কাহিনীও ৰচনা হ’লহেঁতেন৷ অসমীয়া সাহিত্যলৈ বিভিন্ন পন্থাৰে অৱদান দিয়া আপোনালৈ তথা সমগ্ৰ ফটাঢোললৈ এই চেগতে ধন্যবাদ থাকিল৷

      Reply
      • নীলাঞ্জনা

        *নহ’লহেঁতেন

        Reply
  • মিনতি মহন্ত

    বাপৰে , হোস্টেলৰ জীয়া কাহিনী নেকি অ’ । বঢ়িয়া হৈছে । ।

    Reply
    • নীলাঞ্জনা

      প্ৰায় ১০% সঁচা, ৮০% কল্পনা আৰু বাকী ১০% সাহিত্যৰ ৰহণ চলোৱাৰ এক বৃথা প্ৰচেষ্টাৰে ফল এয়া৷

      Reply
  • শৰ্মিষ্ঠা

    বলধটো নথকা হলে গোটেইখ্ন ৰম্যভূমিয়ে হলহেতেন! 🙂

    Reply
    • নীলাঞ্জনা

      জানো বলদটোৰ কোনটো খোৱাপানীৰ পুখুৰীত বিহ ঢালিছিলো

      Reply
  • deepjyoti Handique

    খুব ভাল লগা হৈছে । কলেজীয়া জীৱন বহু কথাৰে ভৰি থাকে ।

    Reply
    • নীলাঞ্জনা

      ধন্যবাদ৷ হয় বহুত কথা নোকোৱাকৈয়ো থাকি যায়

      Reply
  • ডলী

    বঢ়িয়া

    Reply
    • নীলাঞ্জনা

      ধন্যবাদ ডলী💝

      Reply

Leave a Reply

Your email address will not be published.