ফটাঢোল

মন হীৰাদৈ – তৃষ্ণা সোনোৱাল

– অ’ জিনু, তোৰ ভাগৰ টিপ ফোঁট এটা দেচোন।

জিনুৱে সেই সময়ত দীঘল চুলিখিনিৰে বেণী এডাল গুঁঠি আছিল, বিশেষ এটা ষ্টাইলত। কাণ দুখন ঢাকি গুঠা বেণীডালত তাইক সকলোৱে মৃদুলা বৰুৱা বুলিয়েই কয়।

জিনুৰ গুৱাহাটীত থকা মাহীয়েকে তাইলৈ শৃংগাৰ ব্ৰেণ্ডৰ বাৰেৰঙী ফোঁটৰ বটলটো দি পঠিয়াইছে। কথাটো তাই বন্ধুমহলত নিজেই উলিয়াইছে। গতিকে সুৰভী, পাৰ্বতী, নিৰদাহঁতটো আহিবই সুবিধা ল’বৰ কাৰণে। সুৰভীলৈ বটলটো আগবঢ়াই তাই চাদৰ মেখেলাযোৰ পিন্ধিবলৈ যো জা কৰিলে।

সুৰভীয়ে চকলেট ৰঙৰ ভাগটোৰপৰা কচি কচি ব্ৰাছডালেৰে কঁপালত ডাঙৰ ফোঁট এটা আঁকিলে। ফোঁটটোৰ ঠিক তলিতে আকৌ অকণমানি এটা বগা ফোঁট। জিনুৰ মনত তেতিয়া সংসাৰৰ গালিৰ জোৱাৰ।

– হেৰৌ যিমান সাজিলেও তই বান্দৰী কেতিয়াও সুন্দৰী হ’ব নোৱাৰ। বেটী কৰাইচৰ জীয়েক, নিজৰ ভাগৰ বস্তু এটা চুবলৈ দিব নোৱাৰ।

তাই বান্দৰী বুলি ভাবিলেও সুৰভী পিছে জিনুতকৈও ৰূপহীয়েই।

– অ’ই শাড়ীখনৰ লগত মিলিছেনে?

– উম, একেবাৰে বিদ্যা ৰাও।

মনৰ গালি মনতে থৈ জিনুৱে প্ৰশংসাৰে উপচাই তুলিলে সুৰভীক। লোকেল বিদ্যা ৰাও গপত ফুলিল একেবাৰে।

লগৰে অলকাৰ বিয়া আজি, দুয়োজনীয়ে সাজিকাচি বাটলৈ ওলাই মানে আবেলিয়ে হ’ল।

‘মন হীৰাদৈ চাইকেল নহয় টিলিঙা’

বিয়াঘৰৰ কাষ চাপোঁ চাপোঁ হওঁতেই আহিল এজাক উদঙীয়া ডেকা। টিলিঙা বজাই হুলস্থুল গোটেইখন।

– মইনা মইনা।

– জপং জপং খোজ দিয়া মইনা।

– অ’ই হীৰেন, আজি পুৱাতে যুৰীয়া শালিকা দেখিছিলোঁ অ’।

– হয়নি, মই আকৌ গোনা ম’হৰ জাক এটাহে দেখিলোঁ।

– মইনা তেনে গোনা ম’হ।

জাউৰি জাউৰি হাঁহি দুয়োজনীৰ কাষলৈ উফৰি আহিল। মনত ৰং পালেও বাহিৰত খং দেখুৱাই জিনুৱে মুখ পাতি ধৰিলে,

– আমি যদি গোনা ম’হ নিজেনো কি? বৰ একেবাৰে বিজু ফুকন হৈ দেখুৱাইছে, অসভ্য ক’ৰবাৰ। চাওঁ আঁতৰ হোৱা।

বিজু ফুকন পিছে আঁতৰ নহ’ল। বিয়াঘৰতো সিহঁতৰ ফালে ট টকৈ চকু দি থকা দুয়োজনীয়ে দেখিলে।

– সেই অসভ্যটোৱে তোলৈ কেনেকৈ চাইছে দেখিছ?

– হেই এইজনী, মোক নহয় তোলৈহে চাই আছে। পছন্দ হৈছে চাগৈ তোক।

– জানো পাই, মোৰ হ’লে তোলৈ চাইছে যেনহে লাগিল।

দুয়োজনীৰে মনত ফুল ফুলিল। ইমান সাজি কাঁচি অহাৰ লাভ এটা যে হ’ল। পিছে বিজু ফুকনে চাইছে বা কাক?

ঘৰলৈ উভতাৰ বাটত প্ৰশ্নটোও জিনুৰ লগে লগে আহি থাকিল।

জিনুহঁতৰ এম্ব্ৰইডেৰী স্কুলৰ সন্মুখতেই পিঠিবাৰী কলেজৰ ল’ৰাৰ হোষ্টেলটো। সুৰভীয়ে কোৱা মতে এম্ব্ৰইডেৰী শিকাতকৈ হোষ্টেলৰ ল’ৰাক চাবলৈহে ছোৱালীবোৰে স্কুলত ভীৰ কৰেহি।

চিলাই মাষ্টৰে চেইন চিলাই, হেম চিলাইৰ নিয়মবোৰ শিকোৱাৰ সময়তে ল’ৰাবোৰো হোষ্টেললৈ উভতে। বেল-বটম পেণ্ট, ভমকাফুলীয়া চাৰ্ট পিন্ধা ল’ৰাহঁতে স্কুলৰ কাষ পালেই গুণগুণাই,

– মইনা কোন বিধাতাই স্রজিলে তোমাৰ পদুম চকুটি…

– ঢৌ তুলি নাচিলে বুকু, দেখি কাৰ হৰিণী চকু…

এইফালে ছোৱালীহঁতৰ মিচিক মাচাক বাঢ়ে, মাষ্টৰৰ মেচিনৰ শব্দও আন সময়তকৈ ডাঙৰ হয়।
ঘৰৰৰৰৰৰৰ ঘৰৰৰৰৰ মেচিনৰ শব্দ আৰু চশমাৰ ওপৰেদি মাষ্টৰৰ ঘোপা চাৱনি দেখি জিনুহঁতে তাপ মাৰে।

– মন হীৰাদৈ চাইকেল নহয় টিলিঙা…

বিজু ফুকনো আহে সেই সময়তে। এম্ব্ৰইডেৰী স্কুলৰপৰা হোষ্টেলৰ গেটলৈকে অহৰহ টিলিঙা বজাই বজায়ো তাৰ ভাগৰ নালাগে। বাটৰুৱাই ভাবে,
– মইতো ঠিক বাটেই আহিছোঁ! ই বজাইছে কাক!

গৰু ছাগলীয়ে ভাবে,
– আমি দেখোন ৰাস্তাৰ কাষত। ককায়ে চাইড খুজিছে কাক?

জিনু আৰু সুৰভীৰ কাণ মূৰ গৰম হয়, টিলিঙাৰ মাত শুনিবলৈকেতো দিনটো ৰৈ থাকে। কিন্তু কয় কাক? বুজিবই বা কোনে?

টিলিঙা আৰু মেচিনৰ শব্দ দিনে দিনে বাঢ়ি গৈ থাকে। সুৰভী সোনকালে গুচি গৈছিল সিদিনা, সেইদিনাই জিনুৱে এটা খাম পায়। হোষ্টেলৰ লগুৱা পোৱালী এটাই দি যোৱা খামৰ ভিতৰখন পঢ়ি জিনুৰ থৌকি বাথৌ মন,

আইজনী,
কলিজাখন একেবাৰে পিহি পেলালা, মলম লগাবলৈ সময় হ’বনে?
ইতি
হীৰেন শইকীয়া

এনেহেন মৌমিঠা পত্ৰ পোৱাৰ পাছত জিনু থিৰে থাকিব পাৰেনে, তায়ো পাছদিনাই খাম পঠিয়াই দিলে।

প্ৰতি
শইকীয়াদা
দুখ পালো কলিজাখনৰ অৱস্থাত, পিছে মলম হ’ব পালে বৰ সুখী হ’ম।
ইতি
আপোনাৰ আইজনী

বাগিচাত ফুলে জাতিস্কাৰ হ’ল, ভোমোৰা, মৌমাখি জাকে জাকে ভ্ৰমিবলৈ ধৰিলে। লোকচক্ষুৰ আঁৰত দুয়োৰে প্ৰেম আগবাঢ়িল। শইকীয়াই কেতিয়াবা লিখে,

– আইজনী, পৰহি সেউজীয়া চাদৰখনত তোমাক বৰ ধুনীয়া লাগিছিল অ’, চকু নাতৰামেই যেন।

জিনু অবাক। শইকীয়া কলেজীয়া ডেকা হৈও ৰং চিনি নাপায়। বেঙুনীয়া ৰঙটোক কোনোবাই সেউজীয়া বোলেনে?

জিনুৱে আকৌ লিখে,

– শইকীয়াদা আপুনি টিলিঙাটো এনেকৈ বজাই নাযাবচোন। মোৰ একেবাৰেই ভাল নালাগে।

সেইদিনাৰপৰা মন হীৰাদৈ বন্ধ। চিলাই মাষ্টৰ, বাটৰুৱাৰ লগতে গৰু ছাগলীকেইটা চিন্তাত পৰিল, বোলো এইজনাৰ কিবা বিকাৰ ঘটা নাইতো।

সুৰভীক ক’ব নোৱাৰি জিনুৰ পেট বিষ হয়, কিন্তু সেইজনীক কোৱা আৰু ৰেডিঅ’ চেণ্টাৰত কোৱা একেই কথা। ক’ত কেতিয়া কেনেকৈ ঢোল পিতি দিয়ে ক’বতো নোৱাৰি।

মুখামুখি নোহোৱাকৈ, নোচোৱাকৈ চুটি চুটি কাগজৰ টুকুৰাবোৰে দুয়োৰে মনৰ বতৰা কঢ়িয়াই যায়। জিনুৰ মন নোযোৱা নহয় লগ ধৰিবলৈ, পিছে চাউদাং বাপেকৰ ৰাইডাং বেতডাললৈ মনত পৰিলে মনটো সেমেকি আহে।

তথাপিও বাটতে এদিন তাই শইকীয়াক লগ পালে, আগে পিছে কাকো নেদেখি তাই টেপেককৈ মাত দিলে,

– শইকীয়া দা, ভালনে আপোনাৰ ?

শইকীয়া উচপ খাই উঠিল, তলমূৰ কৰি ভাবত মগন হৈ আহি থকা অৱস্থাত ছোৱালী এজনীয়ে ঘপহকৈ মাত দি দিব সি কল্পনা কৰাই নাছিল।

-অঁ ভালে মানে। আ.. আ.. আপোনাৰ?

থৎমৎ খাই কি উত্তৰ দিলে সি নিজেই নাজানে। জিনুৰ ভীষণ হাঁহি উঠিছিল, পিছে সন্মুখত বীৰেন খুৰা আহি থকা যেন লগাত তায়ো কোবাকোবিকৈ তাৰপৰা আঁতৰি আহিল।

– আইজনী, কিতাপখন পঢ়িলানে? কালি স্কুললৈও নাহিলা। চিঠিখন পোৱালিয়ে আকৌ চিলাই মাষ্টৰৰ হাততহে দিবলৈ লৈছিল। ভাগ্যে মই দেখিলো বুলিহে, নহ’লে…. অ’ আৰু এটা কথা। তোমাৰ বান্ধৱীক দেখিছিলোঁ দেওবাৰে। কথাও হ’লো। কৈছিল নেকি তোমাক?

চিঠিখন পঢ়ি এইবাৰ জিনু গৰম। প্ৰথম চাৰি শাৰী তাই গুৰুত্বই নিদিলে।

– সুৰভী বান্দৰী, তই মোৰ বস্তুৰ ওপৰত চকু দিব আহ! ৰহ তোক!

জিনু চিধাই গৈ সুৰভীৰ ঘৰত।

– তই শইকীয়াদাক লগ পাইছিলি নেকি?

– কোন শইকীয়াদা?

– হেৰি আক’, এই যে বিজু ফুকন।

সুৰভীয়ে চাহ এশোহা মাৰিছিল, গোটেইখিনিয়ে মুখৰপৰা উফৰি আহিল।

– কি হ’ল অ’ তোৰ!
জিনুৱে সুৰভীৰ পিঠিত ঢকিয়াই দিলে।

– অঁ পাইছিলোঁ মানে দেখিছিলোঁতো। তই কেনেকৈ জানিলি?

– নহয় মানে ময়ো দেখিছিলোঁ তহঁতক।

জিনুৱে মিছা মাতি থৈ দিলে। সুৰভীয়েওতো মিছাই মাতিছে। দেখিছিলেইনে অকল? শইকীয়াই দেখোন কথা পতা বুলিও কয়।

খঙে বিষে তাই জৰ্জৰিত হয়। শইকীয়ালৈও অভিমান হ’ল তাইৰ, কেলেইনো কথা পাতিব লাগে বেলেগ ছোৱালীৰ লগত। নহ’ব নহ’ব, কিবা চয় নিশ্চয় এটা সোনকালেই কৰিব লাগিব।

শইকীয়াৰ শেষ পৰীক্ষা পাইছেহি, জিনুহঁতৰো এইকেইদিনতে ক্লাছ শেষ হওঁ হওঁ। তাৰপাছত শইকীয়া নিজৰ ঠাইলৈ আৰু জিনু সঁজাত বন্দী চৰাই। শেষবাৰলৈ জিনুৱে বেথা লগাই লিখিলে,

– শইকীয়াদা, নাজানোঁ কি হ’ব, আপোনাক লগ পাম নে নাপাম। চকুৰ আঁতৰ হ’লে মনৰো আঁতৰ হয় বুলি জানোঁ, কিন্তু মই আপোনাক পাহৰিব নোৱাৰিম। তাঁত সূত শিকিলোঁ, চিলাই এম্ব্ৰইডেৰী শিকি উঠিলেই দেউতাই বিয়া দি দিয়াৰ কথা উলিয়াইছে। অহা মাহত মোক চাবলৈ মানুহ এযোৰা অহাৰ কথা, ল’ৰা হেনো বাগানৰ মহৰী। দেউতাই বিয়া দিয়াৰ মতলবতেই আছে। কিবা এটা কৰিব নোৱাৰেনে?

শইকীয়া বিচলিত হ’ল। চেনেহীক হেৰুওৱাৰ ভয়ত শইকীয়াই পৰীক্ষাৰ মাজতে সিদ্ধান্ত এটা লৈয়ে পেলালে। জিনুৰ শেষ ক্লাছৰ দিনটোতে তাইৰ নামত শইকীয়াৰো শেষ খাম এটা আহিল।

জিনুক মানুহঘৰে চাই গ’লহি। মাকে নতুন ৰিহা মেখেলা পিন্ধাই জিনুক আগবঢ়াই দিলে। জিনুৰ হাতৰ নাৰিকলৰ লাড়ু, নিমকি আৰু মালপোৱা খাই মহৰীবাবু আপ্লুত হ’ল। জিনুৰ মুখত হাঁহি বুকুৰ মাজত বেদনাৰ নদী।

পিঠিবাৰী কলেজৰ হোষ্টেলো উদং, পৰীক্ষা দি মেলি ল’ৰাবোৰ এজন দুজনকৈ ঘৰাঘৰি হৈছে। শইকীয়াও বেডিং পত্ৰ সামৰি ৰেডী, আনকালে ডেকা ল’ৰাৰ বাছ যাত্ৰাই সূচল হয়। এইবাৰৰ কথা বেলেগ। ৰুমমেট চহকী পৰিয়ালৰ, এবাৰ কওঁতেই এম্বেচেদৰ এখন হাজিৰ।

গধূলি মানুহ দুনুহ লুকোৱা সময়তেই এম্বেচেদৰ চিলাই স্কুলৰ সন্মুখত ৰ’লগৈ। গাড়ী ৰোৱাৰ লগে আমজোপাৰ আঁৰৰপৰা জিনু ওলাই আহিল, হাতত এটা সৰু টোপোলা।

শইকীয়াৰ বন্ধুবৰ্গই উৰুলি এজোলোকা দিব আৰম্ভ কৰিছিলেই, তেনেতে শইকীয়াৰ চিৎকাৰ

– আপুনি ইয়াত! তাই ক’ত?

জিনু হতভম্ব হ’ল, বন্ধুবৰ্গও হতবাক।
কি কয় শইকীয়াই!

– তাই মানে?

– আপুনি ইয়াত কি কৰিছে? আপোনাকতো মই মতা নাছিলোঁ।

– কি বকিবলৈ আহিছে শইকীয়াদা, বিয়া পাতিম বুলি মাতি কি ধেমালী কৰি দেখুৱাইছে।

– আপোনাক মই কেতিয়া বিয়া পাতিম ক’লোঁ? আপোনাৰ বান্ধৱীকহে…..

শইকীয়াৰ কথাবোৰ লাগি ধৰিল, জিনুৰ মূৰটো ঘূৰাই গ’ল।

শইকীয়াৰ চিঠিৰ সেউজীয়া চাদৰ, কিতাপ, বান্ধৱীৰ লগত কথা গোটেইবোৰ তাইৰ মূৰৰ চৌপাশে টাকুৰী ঘূৰাদি ঘূৰিবলৈ ধৰিলে।

শইকীয়া গালে মূৰে হাত দি বহি পৰিল, কোনখিনিত ভুলটো হ’ ল বাৰু! হয় হয়, যত দোষ পোৱালীৰ। সুৰভীক দিব লগা চিঠিখন জিনুৰ হাতত পেলায়ে শইকীয়াৰ প্ৰেমকাহিনীৰ গোলমালটো আৰম্ভ কৰিলে।

বিয়া খাবলৈ গৈ শান্ত সমাহিত ৰূপৰ সুৰভীক দেখি শইকীয়া বাৰুকৈয়ে মুগ্ধ হৈছিল। দুদিন পাছত জিনুৰ লগত চিলাই স্কুললৈ আহিবলৈ লোৱা সুৰভীক দেখি শইকীয়াৰ প্ৰেম জাগি উঠিল, ফলস্বৰূপে মন হীৰাদৈৰ টিলিঙা।

তাতেই ভুল বুজিল জিনুৱে আৰু সেই ভুলত সুৱগা চৰালে অধম পোৱালীয়ে।

শইকীয়াই নিজৰ চুলিখিনিকে আজুৰিব ধৰিলে, নিশা বাঢ়ি আহিছে, বন্ধুবৰ্গৰ উৎসাহত পানী পৰিল। আটাইকেইটা চুপচাপ থিয় দি থাকিল, না আগলৈ না পাছলৈ।

জিনুৰ মূৰটো ঘূৰাইয়ে আছিল, নিজকে চম্ভালি তাই ভাবিলে, ঘৰলৈ উভতি যোৱাৰ প্ৰশ্নই নুঠে। দেউতা দিয়া বিদায় বুলি যিখন চিঠি এৰি আহিছে চাউদাঙে পালে তাইক জয়মতীতকৈ যে কাঢ়া শাস্তি দিব সেয়া খাটাং। আৰু এই বুৰ্বক শইকীয়াৰ ভুলৰ শাস্তি তাই ভূগিব কিয়? কোনে তাক সুৰভীৰ সলনি আইজনী বুলি লিখিবলৈ দিছিল? ৰৈ থাকিলে জানো হ’ব? তাইয়ে কিবা এটা কৰিব লাগিব।

চোঁ মাৰি যোৱাদি গৈ তাই শইকীয়াৰ ডিঙিত চেপা মাৰি ধৰিলে। মূৰে কপালে হাত দি বহি থকা বেচেৰা শইকীয়াই থিয় হ’বলৈও সুবিধা নাপালে। জিনুৰ ৰূপ দেখি বন্ধুবৰ্গ থৰ লাগিল।

– চা শইকীয়া, দাদা দাদা বুলি বহুত মলম লগালোঁ। এতিয়া তই নহয় মই নহয় বুলি ক’লে নহ’ব। তোৰ কাৰণে মহৰীক এৰি পলাই আহিছোঁ আৰু তই ক’বি আপুনি কোন? তোক আইজনী বুলি লিখিবলৈ কিহে পাইছিল কচোন, সুৰভী বুলি লিখিব নোৱাৰিলি?

– তাইৰ নাম তেনে সুৰভীহে! আঃ কি মিঠা নাম!

শইকীয়াই সুৰভীৰ নামৰ সুবাসত চকু মুদি দিলে, ডিঙিত তেতিয়াও জিনুৰ ব্ৰহ্মচেপা।

– চুপ একদম চুপ। ইস্ মিঠা নাম! মোৰ ঘৰত মতা নাম আইজনী বুজিছ। মই কি জানো তোৰ আইজনী মই নহয় সুৰভীহে। এতিয়া নহয় বুলি ক’লে নহ’ব মই চব এৰি থৈ আহিছোঁ, মোক তই লৈ যাবই লাগিব। নিবিনে? ক নিবিনে?

শইকীয়াৰ জানো উপায় আছে, সাক্ষাৎ কালী গোসাঁনী গাৰ ওপৰত বহিছেহি। সুৰভীৰ সুৰভী এৰি শইকীয়াই চকুলো মোহাৰি জিনুৰ হাতত ধৰিলে।

আন্ধাৰ ফালি যমুনামুখলৈ এম্বেচেদৰ আগবাঢ়িল, থমথম পৰিবেশটো সহজ কৰিবলৈ বৰুৱাই গীতকে জুৰিলে,

ভোগদৈৰ পাৰৰে মাটি আলতীয়া
ঐ ভোগদৈৰ পাৰৰে মাটি,
চিনাকিও নহ’লা অচিনাও নহ’লা
কলিজাত মাৰিলা খুঁটি।

শইকীয়া উচপিচাই আছিল, জিনুৱে ঘোপাকৈ চোৱা দেখি লেনিয়াই সুধিলে,

– হেৰা শুনিছানে, ভুল মোৰেই বাৰু। গোটেইখন ওলট পালট হ’ল, তোমাৰো কষ্ট হ’ল। যি হ’ব লগা আছিল হৈ গ’ল। এতিয়া নিজৰ বুলিয়েই সুধিলোঁ তোমাৰ নামটোনো পিছে কি?

গাড়ীখনত যেন বজ্ৰপাতহে পৰিল। ড্ৰাইভাৰে ঘপহকৈ ব্ৰেক মাৰি দিলে। বৰুৱাই গীতকে জুৰিবলৈ পাহৰিলে। আটাইয়ে শইকীয়া শইকীয়ানীলৈ উভতি চালে।

– ঘৰ পাই লওঁ ৰ’বা, কৈ আছোঁ মোৰ নাম। এতিয়া আইজনী বুলিয়েই ধৰি লোৱাচোন।

জিনুৱে লাজকুৰীয়া হাঁহিত আটাইৰে স্বস্তিৰ নিশ্বাস সৰিল। শইকীয়াৰো দেখোন নতুন নতুন ভাৱ এটা মনটোত বিয়পি পৰিলে।

উলু লু লু লুলু….

মন হীৰাদৈ চাইকেল নহয় টিলিঙা
মন হীৰাদৈ ডেকা নহয় পিলিঙা

গোহাঁইৰ উৰুলি আৰু বৰুৱাৰ তিৎকাৰীৰ সৈতে জোনাক অভিমুখে গাড়ীখন আগবাঢ়ি গৈ থাকিল।

☆★☆★☆

30 Comments

  • Bhal lagil Trishna

    Reply
  • ৰাজশ্ৰী শৰ্মা

    খুব ৰস পালো দেই পঢ়ি তৃষ্ণা।

    Reply
  • কমলা দাস

    বঢ়িয়া লাগিল তৃস্না

    Reply
    • তৃষ্ণা সো

      ধন্যবাদ জনালোঁ বাইদেউ

      Reply
  • হেমন্ত কাকতি

    ইমান যে ধুনীয়া লিখা ঐ তৃষ্ণা৷ লাষ্টত জিনুয়ে শইকীয়াৰ বুকুত বহি লোৱা চিনটো ভাবি ভাবি হাঁহি মৰিলোঁ৷

    আকৌ এবাৰ কওঁ, চুপাৰ্ব৷

    Reply
    • তৃষ্ণা সো

      বহুতো ধন্যবাদ দাদা ।

      Reply
  • জয়ন্ত দাস

    ভাল লাগিল৷ জিনুৰো কিন্ত ভাল সাহস দেই৷

    Reply
    • তৃষ্ণা সো

      সাহসী হবই লাগিব দেই, বহুতো ধন্যবাদ।

      Reply
  • Mitali Saharia

    বৰ ধুনীয়া লাগিল দেই।

    Reply
  • বঢ়িয়া বঢ়িয়া ।

    Reply
  • বিৰাট ভাল লাগিল

    Reply
  • পূৰ্ণময়ী

    বহুত ভাল লাগিল দেই৷সেই সময়ৰ সুবাস লাগিল

    Reply
  • Anurup Mahanta

    তোমাৰ লিখনিত এটা বেলেগ যাদু আছে অ তৃষ্ণা। একে উশাহে পঢ়ি পালেলোঁ আৰু আগৰ লেখা বিলাকৰ দৰেই বৰ আমোদ পালোঁ।

    Reply
    • তৃষ্ণা সো.

      ধন্যবাদ জনালোঁ দাদা

      Reply
  • mridula

    বৰ ভাল লাগিল

    Reply
  • বিজুু গগৈ৷

    খুউৱ ভাল লাাগিলে৷

    Reply
  • চুপাৰ্ব তৃষ্ণা।

    Reply
  • কাবেৰী মহন্ত

    বৰ ভাল লাগিল দেই ৷ এটা নতুন আৰম্ভণি হল..

    Reply
  • সুৰভিৰ ঠাই জিনুকহে দিব লগা হ’ল।ভাল লাগিল।

    Reply
  • সৌৰভ শৰ্মা

    ক্ৰছকাণেকচন হলেও শ’ইকীয়াৰ ভালেই হ’ল। পঢ়ি ভাল লাগিল।

    Reply
    • তৃষ্ণা সো.

      ধন্যবাদ জনালোঁ দাদা

      Reply

Leave a Reply

Your email address will not be published.