ফটাঢোল

মম’ পুৰাণ – অমৰজ্যোতি বৰা

“দাদা কি খাব?”

হোটেলৰ কৰ্মচাৰীজনে মোক সুধিলে।

“এক প্লেট মম’”

“কি মম’দিম?”

ওৱা, ই কয় কি? মম’ৰো বেলেগ বেলেগ ভাগ আছে নেকি? মোকতো সি অকল মম’ বুলিহে কৈছিল। মইতো জীৱনত মম’ দেখিয়ে পোৱা নাই, ভাগ কৰোঁ কেনেকৈ। এতিয়া কি কওঁ, মনে মনে ভাবিবলৈ ধৰিলোঁ, গঞা বুলি গম পাবই এতিয়া। লগা লগ ডিমাগ লগালোঁ, গাঁৱতো মোক সৱেই স্মাৰ্ট বুলিয়েই জানে ।

“কি কি আছে তোমালোকৰ ইয়াত?”

“দাদা, চিকেন আৰু পৰ্ক মম’হ’ব।”

“চিকেন এক প্লেট দিবা, সম্পূৰ্ণ গহীন হৈ অৰ্ডাৰ দিলোঁ”৷

আচলতে ঘটনাটো এনে ধৰণৰ, মই গাঁৱত সাংঘাতিক স্মাৰ্ট, বাক্যৰ মাজে মাজে দুই এটা ইংৰাজী শব্দ ভৰাই দিব পৰাকৈ স্মাৰ্ট। গতিকে লগৰ বোৰৰ আগত অলপ ফিতাহি মাৰিও থাকোঁ৷ সিদিনাখন টাউনৰ পৰা সম্পৰ্কীয় ল’ৰা এজন গৈছিল। সকলোৱে একেলগে আড্ডা মাৰি থাকোঁতে খোৱাৰ কথা ওলাইছিল। সি তেতিয়াই মম’ৰ কথা ক’লে। আমি মম’ৰ নামেই শুনা নাছিলোঁ, তাৰ মুখতে প্ৰথম শুনিলোঁ। তেতিয়াই মনে মনে ভাবিলোঁ, অতি সোনকালেই মম’ খাই বাকী কেইটাৰ আগত ফিতাহি মাৰিবহি লাগিব। ক’ত পাই কি কথা সৱ তাক সুধি লৈছিলোঁ। আৰু আজি এইয়া সি কোৱা হোটেলত বহি মম’ৰ অৰ্ডাৰ দিছোঁহি।

হোটেলখনত বেছি মানুহ নাই, চুকৰ টেবুল এখনত ছোৱালী দুজনীয়ে কিবা মেগীৰ নিচিনা বস্তু খাই আছে।

ল’ৰাজনে প্লেট এখনত বগা বগা, আমাৰ নামঘৰত আইসকলে বনোৱা কেঁচাপিঠাগুৰিৰ লাড়ুৰ নিচিনা বস্তু পাঁচটা দি গ’ল। প্লেট খনৰ মাজতে ৰঙা চাটনি অলপ, দুকাষে দুখন চামুচ, এখন সাধাৰণ, এখন কাটা চামুচ। আকৌ বাতি এটাত কিবা পানীৰ নিচিনা জুলীয়া বস্তু অলপো দিলেহি। তাতো অলপ বেলেগ ধৰণৰ চামুচ এখন। মই পিচে চিকেন মম’ৰ অৰ্ডাৰ দিছিলোঁ যদিও চিকেন দিয়াই নাই। সুধিবলৈও লাজ লাগিছে, কিজানি গঞা বুলি কয়!

যি হয় দেখা যাওক, এতিয়া খাব লাগে। কিন্তু খাওঁ কেনেকৈ, গোটেইটো একেবাৰতে মুখত নোসোমায়। চামুচখনতো নুঠে। হাতেৰে খাবলৈও লাজ লাগিছে। ধেই কেনেকৈ খাই তাক আগতেই সুধি আহিব লাগিছিল বে। ইফালে সিফালে চাই কোনেও নেদেখাকৈ এটা হাতেৰে লৈ একামোৰ মাৰি চালোঁ। ভিতৰত কিবা কিবি আছে, মাংসৰ টুকুৰা এটাও পালোঁ।

এতিয়া আৰু এটা সমস্যা হ’ল। লগত দিয়া পানী বাতি কি কৰোঁ! চাহত বিস্কুট ডুবাই খোৱা নিচিনাকৈ মম’টোও পানী খিনিত ডুবাই খাব লাগিব নে, পানী খিনি এনেই পি খাব লাগিব একো বুজি পোৱা নাই। মম’ এটা ডুবাই খাই চালোঁ। একো সোৱাদ নাই। এচামুচ এনেই খাই চালোঁ সোৱাদ নাপালোঁ। নোখোৱাই ভাল এইবোৰ। যেনে তেনে তিনিটামান মম’খাই উঠি আহিলোঁ। বেলেগে দেখাৰ আগতে যোৱাগৈয়ে ভাল। পানীভাগ সেইভাগেই থাকিল, নাখালোঁ।

পইচা দি ওলাই আহি হে শান্তি, বাছিলোঁ যেনে তেনে, লাজ নোপোৱাকৈ।

“আজি মম’ খালোঁ বে, কি টেষ্টি আছিল। অৱশ্যে তহঁতিনো ক’ত গম পাবি, খাই পালেহে কেতিয়াবা।”

সেইয়া মোৰ ডাইলগ গধূলি গাঁৱৰ আড্ডাত৷

4 Comments

  • মন্দিৰা শৰ্ম্মা

    মজ্জা। ভাল লাগিল পঢ়ি।

    Reply
  • Rajib Sarma

    হাঃ হাঃ। বঢ়িয়া ম’ম পুৰাণ

    Reply
  • Rintumoni Dutta

    আকৌ এবাৰ পঢ়িলো, একেই অভিজ্ঞতা মোৰো আছে, ১৯৯৪ চনৰে।

    বঢ়িয়া লাগিল অমৰ

    Reply
  • সদানন্দ ভূঞা

    মম’পুৰাণ পঢ়ি ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.