ফটাঢোল

মহাপলায়ন পৰ্ব (প্ৰথম খণ্ড) – অভিজিত কলিতা

আগকথা:

আগকথাৰ আগৰখিনি নকওঁ, এই আগকথা আচলতে শেষ পৰ্বৰহে আগভাগ… বিগিনিং অৱ দি এণ্ড। এণ্ড অৱ দ্যা বিগিনিঙলৈকে সকলোৱে জানেই। গতিকে মোৰ আৰু পাঠকৰ সময় নষ্ট নকৰোঁ। আগকথাখিনিও অলপ খৰধৰ কৰিম, কাৰণ পিছকথাখিনিত বহু কাহিনী আছে।

ফেচবুক মহাসমৰত জোলোকা জোলোকে পানী খাই গোৰ হাৰণ খোৱাৰ পাছত ফটাঢোলৰ মানুহবিলাকৰ মৰেল একেবাৰে ডাউন হৈ গ’ল। তেওঁলোকে নিজে কৰা ভুল মৰ্মে মৰ্মে উপলব্ধি কৰিলে আৰু অনুশোচনাৰ অগ্নিয়ে তেওঁলোকৰ দেহ মন অনবৰত দহন কৰিবলৈ ধৰিলে। এই যন্ত্ৰণাৰ পৰিত্ৰাণ কি? কি তেওঁলোকে মৃত্যুৰ পাছত অনন্ত কাল ৰৌ ৰৌ নৰকত পচিব লাগিব? এই মহাপাপৰ প্ৰায়শ্চিত্ত কি? প্ৰশ্নবোৰে তেওঁলোকক দিনে ৰাতিয়ে পিছ নেৰা হ’ল। তিল তিলকৈ তেওঁলোকৰ দেহ মনৰ সকলো শক্তি কমি আহিবলৈ ধৰিলে। এই সংসাৰ, এই ফেচবুক সকলো অনৰ্থক মায়াৰ খেলা বুলি তেওঁলোকে অনুভৱ কৰিলে।

কিন্তু ইয়াৰপৰা পৰিত্ৰাণৰ উপায় কি? কোনে দিব তেওঁলোকক উদ্ধাৰৰ উপায়? সকলো দিশতে বিচাৰ খোচাৰ কৰা আৰম্ভ হ’ল।

তেওঁলোকৰ ভাগ্য ভাল আছিল। তেওঁলোকৰ অন্বেষণে তেওঁলোকক কলিযুগৰ শ্ৰে‍ষ্ঠতম জ্ঞানী পণ্ডিত, শাস্ত্ৰ বিশাৰদ, জ্যোতিষশ্ৰাস্ত্ৰবিদ, ধৰ্মযাজক, সমাজ সংস্কাৰক এজনৰ শ্ৰীচৰণত উপনীত কৰালেগৈ (মহাপুৰুষ জনাৰ নাম লোৱাৰপৰা বিৰত থাকিলোঁ, হ’ল বুলি আৰু ইমান পোনে পোনে নিজৰ প্ৰশংসা কৰিব নোৱাৰি নহয়)। এদিন তেওঁলোক সকলোৱে একেলগে সেই মহাজ্ঞানী পণ্ডিতক লগ কৰিবলৈ মনস্থ কৰিলে।

পণ্ডিতৰ বহালৈ যোৱাৰপৰা আৰম্ভ কৰি কাহিনীৰ শেষলৈ এইচোৱাক ‘মহাপলায়ন পৰ্ব’ বুলি কোৱা হয়। আজি বহুদিন ধৰি এই কাহিনী মানুহৰ মুখে মুখে চলি আহিছে, লোক-কথা, লোক-গীত আৰু জন-বিশ্বাস আদিত এই কাহিনীবিলাকে বৈশিষ্টমূলক স্থান অধিকাৰ কৰি আহিছে। আৰু লগতে কনটেম্পৰেৰী ইতিহাসবিদ, পূৰাতত্ত্ববিদসকলেও এই বিষয়ে নানান গৱেষণা আদি কৰি আহিছে। কিন্তু সকলো তথ্য একে ঠাইতে সংকলিত ৰূপত পোৱা নেযায়।

গতিকেই বিষ্ণুৰ আদেশত, ব্ৰহ্মাৰ উপদেশত আৰু ৰুদ্ৰদেৱৰ ধমকি খাই মই অফিচিয়েলী ‘মহাপলায়ন পৰ্ব’ লিখাৰ দ্বায়িত্ব ল’লোঁ। এইখিনিতে সৰু এটা ডিচক্লেইমাৰ দি লোৱা প্ৰয়োজন – হাজাৰ বিজাৰ গুণেৰে ভৰপূৰ হ’লেও অমুকা সাধাৰণ নৰ-মনিচেই। গতিকে অমুকাৰ জ্ঞান সীমিত, আৰু সীমিত জ্ঞানেৰে এই মহাকাব্য লিখিবলৈ প্ৰয়াস কৰাতো এক ৰকম দুঃসাহস বুলিও ক’ব পাৰি। গতিকে অজানিতে হ’বপৰা ভুল-ভ্ৰান্তি, এডিচন-ডিলিচন, গাত লগা বা নলগা, চোৰাত পাতৰ কোব আদিৰ বাবে আগতীয়াকৈ ক্ষমা খুজিলোঁ।

আৰু এটা কথা, অমুকাৰ চকুৰ পাৱাৰ একেবাৰে কম হোৱা বাবে ঘটনাবোৰ মই নিজ চকুৰে দেখা পোৱা নাই। এগৰাকী মহিয়সী নাৰীয়ে মোক দাঁৰৰ বাতৰি দাঁৰে দি (মানে অসমীয়াত লাইভ টেলিকাষ্ট) থকাৰ বাবেইহে আজি এই মহান কাৰ্যত হাত দিবলৈ সক্ষম হৈছোঁ। কলিযুগৰ সঞ্জয়ৰূপী সেইগৰাকী মহিয়সীলৈ এই আপাহতে কৃতজ্ঞতা জনালোঁ; কেৱল বাতৰি দিয়াৰ বাবেই নহয়, মোক ৰান্ধি বাঢ়ি খুৱাই, ল-ছালিৰ জঞ্জাল মাৰি মোক নিৰবিছিন্নভাৱে ফেচবুক অধ্যয়ন কৰিবলৈ সুবিধা দিয়াৰ বাবেও তেখেত ধন্যবাদৰ পাত্ৰ। আৰু বেছি নিলিখো, গোটৰ পৰম্পৰা অনুসৰি ফটাঢোল কোবাই এই মহান কাৰ্য আৰম্ভ কৰিলোঁ।

ধেপ ধেপ ধেপ ধেপ…ধেধেপ ধেপ ধেধেপ ধেপ ..ধেপেচ ধেপেচ ধেপেচ থুচ!

দৃশ্যপট ১:

এক পাহাৰীয়া মনোৰম নিৰিবিলি অঞ্চলত ত্ৰিকালজ্ঞ পণ্ডিতৰ আশ্ৰম। চাৰিওফালে যেন এক স্বৰ্গীয় অনুভূতি। আশ্ৰমৰ পদূলিতে হাবি বন আৰু নানান গহৰা গজা গছে গেজেপ মাৰি ধৰিছে। তাৰ মাজত বিষাক্ত সাপ, নেউল, গুঁই, পইতাচোৰা, কেৰেলুৱা, কুমজেলেকুৱা আদি নানান বিষমাকৃতি পোক পতংগ, কাউৰী, শালিকা আদিয়ে আপোনমনে বিহাৰ কৰিছে। দিনে ৰাতিয়ে জিলি পোকৰ ৰাগ-সংগীত আৰাধনা।

আশ্ৰমৰ ঘৰটো পকা যদিও বহুদিন ধৰি মেৰামতি নকৰাৰ চিন বিদ্যমান। পণ্ডিতৰ এইবোৰ ক্ষয়িষ্ণু সাংসাৰিক বস্তুৰ প্ৰতি কোনো মায়ামোহ নাই। পুৱাৰপৰাই পণ্ডিতে সোমৰসকে আদি কৰি নানান দৈৱ প্ৰসাদ গ্ৰহণ কৰি পৰমাত্মাৰ সন্ধানত ব্যস্ত থাকে।

ঘড়ীত তেতিয়া দিনৰ এঘাৰ বাজিছে, সেই ব্ৰহ্মপুৱাতে পণ্ডিতে শৰ্য্যা ত্যাগ কৰি দিনচৰ্যা আৰম্ভ কৰিছে। তেনেতে পণ্ডিতৰ ঘৰৰ ফাললৈ এটা প্ৰকাণ্ড সমদল আহি থকা দেখা গ’ল। সমদলটো উত্তেজিত হৈ আছে। চকুৰে ভালকৈ নেদেখা বাবে পণ্ডিতে মানুহবিলাকক চিনি নেপালে। মনে মনে অলপ ভয়ো লাগিল। যোৱা কেইদিনমানত পণ্ডিতে দুগৰাকীমান সুন্দৰী নাৰীক ইনবক্সত দুই এটা গোপন মন্ত্ৰ নিশিকোৱা নহয়, সেইটো তেওঁৰ কৰ্তব্যৰ ভিতৰতে পৰে বুলি তেওঁৰ বিশ্বাস। তাৰে প্ৰতিক্ৰিয়া নহয়তো? পণ্ডিতৰ এই বিষয়ে বৰ দুখলগা অভিজ্ঞতা আছে, জীৱনত বহুবাৰ তেওঁ অজ্ঞানীলোকৰ হাতত পাব্লিক ঢুলাই খাব লগা হৈছে। তথাপিও তেওঁ মানৱ জাতিৰ শান্তিৰ কাৰণে – “ফ’ৰগিভ দেম অ’ লৰ্ড, ফৰ দে’ নৌ ন’ট হোৱাট দে আৰ ডুইং” – বুলি সকলোকে ক্ষমা কৰি আহিছে। হ’লেও এতিয়া পণ্ডিতৰ স্বাস্থ্য পৰি আহিছে, বয়স হৈছে- আকৌ এবাৰ গণ-ঢুলাই পৰিলে পণ্ডিতৰ দেহালৈ টান পৰিব, সেয়া পণ্ডিতে নজনা নহয়। গতিকেই তেওঁ কাল বিলম্ব নকৰি এক নিভৃত গুপ্ত স্থানত নিজকে সুৰক্ষিত কৰি লৈ, নিজৰ ভাৰ্য্যাক সমদলটোৰ মুখামুখি হ’বলৈ আগবঢ়াই দিলে।
পণ্ডিতৰ গুণৱতী ভাৰ্যাই বহুবাৰ এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলগা হৈছে, তেওঁ পণ্ডিতক লুকুৱাই থৈ নিজে সমদলটোৰ মুখা মুখি হ’ল। পণ্ডিত তাপ মাৰি সোমাই থাকিল।

কিছুসময়ৰ পাছত পণ্ডিতৰ ভাৰ্যা সহাস্যবদনে পণ্ডিতৰ ওচৰলৈ ঘুৰি আহি কাণে কাণে কিবা এটা কোৱা দেখা গ’ল। পণ্ডিতৰ মুখতো হাঁহি জিলিকি উঠিল। তেওঁ সুৰক্ষিত স্থানৰপৰা ওলাই আহিল – নিজৰ গেট-আপ, মেক-আপ ঠিক কৰিলে আৰু আশীৰ্বাদৰ ভংগীত দুই হাত ডাঙি বাহিৰত থকা সমদলটোৰ ওচৰলৈ ওলাই আহিল।

পণ্ডিতক দেখাৰ লগে লগে সমদলটোৱে একেস্বৰে জয়ধ্বনি দিলে, দুজনমানে কৰযোৰে সেৱাও জনালে। হুলস্হূল অলপ শামকটাৰ পাছত, গুৰুগম্ভীৰ মাতেৰে পণ্ডিতে ক’লে-

— সকলোকে প্ৰণাম! মই আজি এক বিশেষ ধ্যানত মগ্ন হৈ থকাৰ বাবে আপোনালোকক দৰ্শন দিয়াত অলপ পলম হ’ল। মই আজি অতি আনন্দিত – মোৰ এই পঁজা আপোনালোকৰ পদধূলাৰে পৱিত্ৰ হ’ল। মই ভগৱানৰ দাস, বৈষয়িকভাৱে অতি নিঃকিন, আপোনালোকক সুধিবৰ সামৰ্থ্য মোৰ নাই। গতিকে আপোনালোকে নিজগুণে সন্তুষ্ট হ’ব লাগিব। অৱশ্যে কাৰোবাৰ বৰ বেছি পিয়াহ লাগিলে সেই আলকতৰাৰ ড্ৰামটোৰপৰা পানী লৈ খাব পাৰিব। চিন্তা নকৰিব, বেমাৰ নহয়। ভগৱানৰ কৃপাত মোৰ ঘৰৰ সকলো বস্তুৱেই অমৃতসম পৱিত্ৰ। (পণ্ডিতে আজিলৈকে কোনো অতিথিক চাহ তামোল খুৱাই আদৰি পোৱা নাই, তেওঁৰ শাস্ত্ৰলব্ধ জ্ঞান মতে সেইবোৰ অযথা অৰ্থব্যয়, আৰু সকলো অযথা কাৰ্যই পাপ!!) পিছে ….মই এই জনতা জনাৰ্দনৰ আগমনৰ উদ্দেশ্য জানিব পাৰোনে?

মানুহবোৰে মন্ত্ৰমুগ্ধ হৈ পণ্ডিতৰ ভাষণ শুনি আছিল। পণ্ডিতৰ প্ৰশ্নৰ উত্তৰত মুখিয়াল যেন লগা এজন লোকে উত্তৰ দিলে,

— প্ৰভূ! মোৰ নাম হেমন্ত কাকতি। ৰাইজে আপোনাৰ লগত কথা পাতিবলৈ সংকোচ কৰি মোকে আগবঢ়াই দিছে। মইনো কি কম? আপুনি সকলো জানেই, আপুনি অন্তৰ্যামী। আমি সকলো অনুশোচনাৰ অগনিত দগ্ধ। আমাৰ মাহাপাপৰ কোনো প্ৰায়শ্চিত্ত নাই। এতিয়া আপুনিয়েই আমাৰ অগতিৰ গতি, আপুনি পথ প্ৰদৰ্শন কৰি আমাক মুক্তি দিব লাগে। নালাগে আমাক ঐশ্বৰ্য-বিভূতি, নেলাগে ক্ষমতা, নেলাগে বিজয়, পৰাজয়ো নেলাগে। আমাক লাগে শান্তি। লাগে অকণমান আত্মসন্মানেৰে জীয়াই থকাৰ সমল। আৰু লাগে পাপমুক্তি..আমাক দিকদৰ্শন দিয়ক প্ৰভূ।

মুহুৰ্তৰ কাৰণে পণ্ডিতে নিজৰ কাণকে বিশ্বাস কৰিবলৈ টান পালে। আৰে!! ই কি আচৰিত? এনে ধৰণৰ মক্কেল বিছাৰি পণ্ডিতে দিন ৰাতি একাকাৰ কৰি থাকে, আজি দেখোন ‘চিকাৰ’ সদলবলে আহি ঘৰতে বুকু (পকেট/মানিবেগ/ছেকবুক) পাতি দিছেহি। পলকতে সমজুৱাৰ ওপৰত চকু ফুৰালে পণ্ডিতে, এজনৰপৰা ৫০০ মানকৈ খীৰালেই ভালে কেইহেজাৰমান ধন ওলাব। লাখৰ ওচৰো পাবগৈ পাৰে। পণ্ডিতৰ চকুত জিলিকনি এটা দেখা গ’ল – পিছ মূহুৰ্ততে নিজকে সম্বৰণ কৰি পণ্ডিতে মাত লগালে। পণ্ডিতৰ অভিজ্ঞতাই শিকাইছে, জৰীডাল এতিয়াই টান ধৰিব লাগিব। পণ্ডিত হাৰ্ড বাৰ্গেইনাৰ।

— হে অভ্যাগত! মইতো নিমিত্ত মাত্ৰ, ভগৱানে অকণ সুদৃষ্টি এই অধমৰ ওপৰত ৰাখিছে বুলিয়েই আমি দুই এজন বিপদগ্ৰস্ত লোকক সহায় কৰিব পাৰিছোঁ। আপোনালোকৰ সমস্যা মোৰ চকুত ফটফটীয়াকৈ জিলিকি উঠিছে। আৰু তাৰ সমাধানো মই কৰিব পাৰিম বুলি ভাবিছোঁ। কিন্তু দুখৰ কথা হ’ল – মই এইকেইদিন বৰ ব্যস্ত। এখন মহৎ গ্ৰন্থ ৰচনাৰ কামত মই দিবাৰাত্ৰি একাকাৰ কৰি লাগি আছোঁ। গতিকেই .. আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোক আন কাৰোবাৰ ওচৰলৈ যাওক………. আৰু বহু গুণী জ্ঞানী লোক আছে। তেওঁলোকে আপোনালোকক পথ দেখুৱাব।

মানুহবোৰৰ মাজত গুণগুণনি শুনা গ’ল। অলপ পৰৰ পাছত মুখীয়ালজনে আকৌ মাত লগালে,

— আমাক নিৰাশ নকৰিব গুৰুদেৱ, আমি আপোনাৰ বাদে আন কাৰো ওচৰলৈ নেযাওঁ। কাৰো ওপৰত আমাৰ বিশ্বাস নাই। আমি জানো আপোনাৰ ঐশ্বৰিক শক্তিৰে আপুনিহে আমাৰ সমস্যা সমাধান কৰিব পাৰিব।

সমজুৱাৰ সকলোৱেই মুখিয়ালৰ কথাত হয়ভৰ দিলে। সমজুৱাৰ মাজতে পণ্ডিতৰ এজেণ্ট দুজনো বহি আছিল। পণ্ডিতে ল’ৰা দুটালৈ এপলক চালে। ভাল কাম কৰিছে সৰু ল’ৰা দুটাই। সমগ্ৰ ৰাইজক পণ্ডিতৰ অলৌকিক শক্তিৰ বিষয়ে সকলোৰে মনত বিশ্বাস জগাই তুলিছে। এইবাৰ সহঁতৰ কমিছন অলপ বঢ়াই দিব লাগিব।

পণ্ডিতে এইবাৰ নিজৰ ভাৰ্য্যাৰ ফালে চাই কিবা এটা ইংগিত কৰিলে। ভাৰ্যাই মুখিয়ালজনক ইংগিতেৰে অলপ আঁতৰলৈ মাতি নিয়া দেখা গ’ল। মুখিয়ালজনে আকৌ ঘুৰি আহি সমজুৱাৰ লগত কিবা এটা আলোচনা কৰিলে। এই সময়োচোৱাত পণ্ডিত গভীৰ ধ্যানত মগ্ন হোৱা দেখা গ’ল।

— আমি আপোনাৰ সকলো চৰ্ত মানিবলৈ সাজু গুৰুদেৱ। আপোনাৰ সম্পূৰ্ণ দক্ষিণা এডভান্স ৰূপে আপোনাৰ বেংক একাউণ্টত ভৰাই দিয়া হ’ব। বেংকৰপৰা SMS পোৱাৰ পাছতহে আপুনি আমাক উপদেশ দিব। সকলো মঞ্জুৰ। কিন্তু আমাক নিৰাশ নকৰিব। নহ’লে আমি ইয়াতে আমৰণ অনশন আৰম্ভ কৰি দিম। আপুনিয়ে আমাৰ শেষ আশ্ৰয়!

— না না না, তেনে মহাপাপ কৰাৰ অনুমতি মই দিব নোৱাৰোঁ। যি বুজিলোঁ, আপোনালোকৰ সমস্যা অতি গুৰুতৰ। আৰু ঈশ্বৰে মোক সেই সমস্যা সমাধান কৰাৰ শক্তিকণ দিছে। গতিকে আপোনালোকক সহায় কৰা মোৰ কৰ্তব্য। আপোনালোকে জানেই মোৰ জীৱন চৰাচৰ আৰু মানৱ সেৱাতে উৎসৰ্গিত। ঠিক আছে, গ্ৰন্থ আন কোনোবাই লিখিব – ঈশ্বৰৰ সৃষ্টি এই ধৰাত গুণীলোকৰ অভাৱ নাই। মই আপোনালোকৰ কাম কৰি দিম বুলি গাত ল’লোঁ। বেংকত পইচা জমা কৰিয়েই আপোনালোক আকৌ মোৰ ওচৰলৈ আহিব। সকলো আহিব নেলাগে, দুই চাৰিজন জনা বুজা লোক আহিলেই হ’ব। ঈশ্বৰৰ কৃপাত আপোনালোকৰ মনলৈ শান্তি ঘুৰি আহিব। বাৰু এতিয়া আপোনালোক যাওক, মোৰ আকৌ নিৰ্জলা ধ্যানৰ সময় হ’ল।

এইবুলি গুৰুদেৱ ঘৰৰ ভিতৰ সোমাল। সমজুৱাও লাহে লাহে আশ্ৰমৰপৰা ওলাই গ’ল। এজেণ্ট দুজনক পণ্ডিতে চকুৰ ঠাঁৰেৰে কিবা এটা কৈ থৈ গ’ল। দুইজনে আকৌ সমজুৱাৰ মাজত উৎসাহেৰে কিবা কিবি কৈ থকা দেখা গ’ল।

পণ্ডিতৰ ভাৰ্যাৰ মুখতো মিচিক-মাচাক হাঁহি.. বহুদিনৰপৰা থাইলেণ্ড, চিংগাপুৰ ফুৰিবলৈ যাবলৈ মন কৰি আছিল তেওঁলোকে। এই ‘দাও’টো মাৰিব পাৰিলে সপোন সফল হ’বগৈ। পণ্ডিতেও ১০০ পাইপাৰ্চৰ বটলটো খুলি ল’লে – আজি মোটামোটি চেলিব্ৰেটেই কৰিব পাৰি। তাতে এতিয়া নিৰ্জলা ধ্যান, গতিকে পানী নিদিয়াকৈ পোনে পোনে “নীট” মাৰিব লাগিব। ৰ’ মাৰিলে আজিকালি পণ্ডিতৰ বৰ ডিঙিত ধৰে – বয়স হৈছেতো। গতিকে ভাল চাকনা লাগে।

— হেৰা চিকেন টিকেন কিবা আছে যদি ফ্ৰাই কৰা হে। নহ’লে বুট কেইটামানকে দিয়া, জলকীয়া পিয়াজ দি। আজিৰ দিনটো ভাল।

(আগলৈ)

☆★☆★☆

4 Comments

  • ৰিণ্টু

    এটাই শব্দ, সাংঘাতিক। লিখকৰ কল্পনাশক্তি আৰু বৰ্ণনাশৈলী দুয়োটাই ঈৰ্ষণীয়

    Reply
  • ইলি তালুকদাৰ

    বঢ়িয়া, পিছে আগলৈ বুলি লিখিলে যে? এইটো মাহৰ শেষলৈ ৰব নোৱাৰিম। সোনকালে শেষ কৰক।

    Reply
  • Manash Saikia

    এইখন কিন্তু তামাম আছিল৷ কল্পনাশক্তিৰ লগতে তথ্যবোৰ হাস্যৰসত ডুবাই লিখা৷
    আকৌ পঢ়ি ভাল লাগিছে৷

    Reply
  • Mitali saharia

    ভাল লাগিল পঢ়ি। পিছৰ খণ্ডলৈ আগ্ৰহেৰে…

    Reply

Leave a Reply

Your email address will not be published.