ফটাঢোল

মহাপলায়ন পৰ্ব – অভিজিত কলিতা

(তৃতীয় খণ্ড)

হিমালয় যাত্ৰাৰ প্ৰস্তুতি —

অৱশেষত বহুতো গুণা গঁঠা আৰু আলোচনা, লগতে ইৰাণীৰ নেৰা-নেপেৰা প্ৰচেষ্টাত ফটাঢোলৰ ৰাইজৰ এভাৰেষ্ট অভিযানৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হ’ল। আচলতে সৰ্বসন্মতিক্ৰমে বুলি ক’ব নোৱাৰি, প্ৰায়বিলাকেই নিস্ক্ৰিয়ভাৱে গতি-গোত্ৰহে চাই থাকিল, না কোনো লাইক, না কমেণ্ট, না খবৰ-খাতি। তেওঁলোক হাঁহেৰেও ৰাজি মাহেৰেও ৰাজি। কেৱল কেইজনমান লোকে নেৰানেপেৰা প্ৰচেষ্টাৰে এই সিদ্ধান্তৰ লগতে যাত্ৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিলে। সকলোকে জগিং আদি কৰি নিজকে সক্ষম কৰি তুলিবলৈ ইৰাণীৰ নেতৃত্বত এক আন্দোলন গঢ়ি উঠিল। কেইজনমান তালৈয়ো নগ’ল। তেওঁলোকে হেনো এনেই যাব পাৰিব, এভাৰেষ্টহে!

প্ৰথম সমস্যা হ’ল পইচাৰ। এভাৰেষ্ট যোৱা বৰ খৰছি কাৰবাৰ। সকলো সদস্য ‌ফাণ্ড সংগ্ৰহ অভিযানত নামি পৰিল। এই ক্ষেত্ৰত চিধা আঙুলিৰে ঘিউ যে নোলায় সেয়া সকলোৱে জানে। গতিকে মুখিয়ালসকলে সাম, দাম, দন্দ্ব, ভেদ সকলো উপায় ব্যৱহাৰ কৰি ধন সংগ্ৰহৰ বাবে অধিসূচনা জাৰী কৰিলে। পৃথিৱীত দুই নম্বৰী পইচা ঘটাৰ যিমান উপায় আছে সেই সকলোবোৰ ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা হ’ল। কোনোৱে বিহু পাতিম বুলি, কোনোৱে ৰাতা ৰাতি প্ৰখ্যাত লেখক বনাই দিম বুলি, কোনোৱে বাংলাদেশলৈ গৰু চাপ্লাই কৰি, কোনোৱে নিজকে কিডনেপ কৰোৱাই (মাক দেউতাকৰপৰা পইচা ল’বলৈ), কোনোৱে চিণ্ডিকেট কৰি, কোনো ভুৱা সশস্ত্ৰ সংগ্ৰামীৰ নামত, কোনোৱে হৰ্চ ট্ৰেডিং কৰি, কোনোৱে ব্লেকমেইলিং, হানী ট্ৰেপিং কৰি – দাবী ধমকি দি, ৰাষ্টাৰ ট্ৰাক ডকাইতি কৰি মুঠতে যি কোনো উপায়েৰে ধন সংগ্ৰহ কৰাত নামি পৰিল। মূখ্য প্ৰশাসক বিজয় মহন্তই – যি যিমান ধন সংগ্ৰহ কৰিব তাৰ ২০% নিজে ৰাখি থব পাৰিব বুলি জাননী দি দিলে। এই জাননীৰ পিছত ধন সংগ্ৰহ অভিযান আৰু জোৰদাৰ হৈ পৰিল। ভৱাতকৈ কম সময়ৰ ভিতৰতে লগাতকৈ বেছি পুঁজি ফটাঢোলৰ ফাণ্ডত জমা হৈ গ’ল। সকলোতকৈ বেছি ধন আহিল বঁটা বিক্ৰীৰপৰা। তেওঁলোকে বিভিন্ন নামত ৫০ টা মান বঁটা ঘোষণা কৰি, সেইবোৰ এজেণ্টৰ হতুৱাই বিক্ৰী কৰাই, লোকক দেখুৱাই বঁটা প্ৰদান অনুষ্ঠিত কৰি বহু টকা গোটাবলৈ সক্ষম হ’ল। মুঠতে পইচাৰ যোগাৰ হ’লগৈ।

___________________

সিফালে ফটাঢোলৰ শিহু দুগৰাকীয়ে (চেহেৰাত নহয়, ব্যৱহাৰত! তেওঁলোকে বহু দিনৰ মূৰত ভুটুং কৈ ওলাই আকৌ মাহ মাহ ধৰি নাইকিয়া হয়, শিহুৰ দৰে), এদিন গণেশগুৰিত লগ হৈ কথা বতৰা পাতি থকা শুনা গ’ল,

অনামিকা:- শুনিছোঁ ফটাঢোল পাৰ্টি এভাৰেষ্টলৈ যাব বোলে।

ময়ুৰী:- শুনিছোঁ ময়ো, মোৰো ইম্মান যাব মন গৈছে। ওলোৱা নহ’লে দুইজনী যাওঁ।
অনামিকা:- যাবলৈ মোৰো মন আছে, কিন্তু কি পিন্ধি যাম সেইটোহে ভাৱি পোৱা নাই। আগৰ পাটৰ চেটকেইটা পিন্ধিলোৱেই। মানুহে আকৌ সেইকেইটা পিন্ধা দেখিলে ‘কাট’ মাৰিব।

ময়ুৰী:- মানুহজনক কোৱা আকৌ, চিল্কালয়ত ভাল ভাল চেট কেইটামান দেখি আহিছোঁ। লৈ লোৱা চান্সতে।

অনামিকা:- লম তো লমেই। ভালকৈ ফেচিয়েল কৰি ল’ব লাগিব, তাত গৈ চেলফি উঠিব লাগিব নহয়।

ময়ুৰী:- অ’ পাই। আমাৰ মাইকী মানুহবোৰৰ যে কিমান অসুবিধা, মতাবোৰে কি বুজিব।

পিছে এটা কথা নহয়? আমি যাম কিহত? অট’ বা ৰিক্সা-টিক্সা পাই নে নেপায় আকৌ। মই হ’লে খোজকাঢ়ি যাব নোৱাৰোঁ দেই, হিল পিন্ধি খোজ কাঢ়িলে মোৰ ভৰি কাটে। হিল নিপিন্ধিলেও মোক চাপৰ দেখায়।

অনামিকা:- হয় দেই, ময়ো খোজকাঢ়ি যাব নোৱাৰোঁ। ইসস, কিয় যাম আকৌ, একো নেপালে অ’লা বা উবেৰ এখনকে মাতি দিম। কেইটানো টকা যাব?

ময়ুৰী:- হ’ব দিয়া দুইজনী একেখনতে যাম, গপ্পে মাৰি মাৰি গৈ মজা লাগিব।

অনমিকা:- হ’ব হ’ব যাম, তাৰ আগতে অলপ শ্বপিং কৰিব লাগিব। মই হ’লে এভাৰেষ্টত গৈ একো নেখাও, মই কে এফ চিৰপৰা পেকিং লৈ যাম। তাত চাগে মুকলিতে ভাত ৰান্ধিব… ধুলি বালি পৰিব। য়াকচচচ!!! মই নোৱাৰো দেই সেইবোৰ খাব।

ময়ুৰী:- মই অলপ চিলি চিকেন আৰু আলু পৰঠা ঘৰতে বনাই লৈ যাম। আকুল মিকুলেহে দিগদাৰী কৰিব, সিহঁতলৈ এভাৰেষ্টৰপৰা কিবা কিবি কিনি আনিব লাগিব।

অনামিকা:- অ’ হয়তো, তাত বা কেনেকুৱা দোকান আছে? তথাপিও চিন বুলি কিবা কিবি দুটামান তো কিনিবই লাগিব। এভাৰেষ্ট চীনৰ ওচৰত নহয় জানো? ভাল চাইনিজ বস্তু পাম চাগে তাত।

ময়ুৰী:- পাবা চাগে। কিন্তু এই চাইনীজ বস্তুবোৰ ভাল নহয়, হেল্থত এফেক্ট কৰে।

অনামিকা:- বাদ দিয়া, একো নহয়! মই কিনিমেই কিনিম, মই মানুহটোৰপৰা লুকুৱাই ১৫ হেজাৰ টকা বেলেগকৈ থৈছোঁ। পুৰা উৰাই থৈ আহিম।

_____________________

আনফালে মুখীয়ালৰ ঘৰত সদায় গধূলি ৰিভিউ মিটিং, ফাণ্ড কালেকচন, ফিজিকেল ট্ৰেইনিং, পাছ আদিৰ যোগাৰ, হেলিকপ্টাৰৰ নেগ’চিয়েচন, শ্বেৰ্পাৰ যোগাৰ আদি সকলো বিষয়তে মাইলষ্ট’ন বান্ধি দিয়া হৈছে, প্ৰতিদিনে সেইবোৰ ৰিভিউ হয়।

হেমন্ত কাকতি:- উমম, সকলো ঠিকেই আছে, তেনে অহা মাহতে পৰিকল্পনা কৰা যাওক।

বিজয়:- দাদা, আপুনি যেতিয়াই কয় আমি সাজু। ৰিণ্টুদাইহে ছুটি পাই নে নেপায় চিন্তা কৰি আছে।

চিদানন্দ বৰা:- মোৰ আকৌ খুলশালীজনীৰ ননদৰ বিয়া, কেনেকে মেনেজ কৰো জানো?

ধ্ৰুৱ কাশ্যপ:- নীষা যাব বুলি কনফাৰ্ম কৰিছে নে? তেওঁ কৰিলেই মই নিজৰ সিদ্ধান্ত জনাম।

যাজ্ঞ্যবল্ক:- ধ্ৰুৱ গ’লে মই নেযাবও পাৰোঁ, যদিও যাওঁ, মই আটাইতকৈ আগত যাম, আৰু সি পিছত যাব লাগিব। নীষা মাজত। নহ’লে মই ঝেং কৰি দিম।

ইৰাণী:- কি অদৰকাৰী কথাবোৰ পাতি আছাহে? ধেমালি পাইছা নেকি? চিৰিয়াচ হোৱা সকলো। বাৰু হেমন্তদা, মই এজেন্সিৰ কথাটো ফাইনেল কৰি দিছোঁ, তেওঁলোকে অলপ এডভান্স বিছাৰিছে। সোনকালে দিব পাৰিলে ভাল।

প্ৰণীতা:- মই নেজানো দেই সেইবোৰ। মোক কিন্তু তঁহতে ধৰি ধৰি নিব লাগিব। এই কঁকালৰ বিষটোৱে আজিকালি বৰ দিগদাৰ দিয়ে।

হেমন্ত কাকতি:- সকলো চিৰিয়াচ হওক, আমি অহা মাহৰ ১৫ তাৰিখে ইয়াৰপৰা যাত্ৰা আৰম্ভ কৰিম। প্ৰথমতে কাঠমাণ্ডু। তাৰপৰা প্লেনেৰে লুকলা। লুকলাৰপৰা আমাৰ অভিযান আৰম্ভ হ’ব। মাজতে এক্লেমেটাইজেচন কৰিব লাগিব। তাৰ বাবে আমাক বহুত সময় লাগিব। সকলো সেইমতে সাজু হওক। শ্বেৰ্পাসকলে আমাক বেছ কেম্পত লগ ধৰিব।

হিমালয় যাত্ৰাৰ শুভাৰম্ভ —

ভাদ মাহৰ শুক্ল পক্ষৰ তৃতীয়া তিথিৰ দিনা মংগলে বৃহস্পতিত স্থিত হোৱা বাবে যাত্ৰাৰ বাবে অতি শুভদিন। গতিকে সেইদিনাই হিমালয় যাত্ৰাৰ শুভাৰম্ভ কৰাৰ দিন ঠিক হ’ল। যাত্ৰা আৰম্ভ হ’ব কামাখ্যা মন্দিৰৰপৰা। মা কামাখ্যাৰ আশীৰ্বাদ লৈ দলটোৱে প্ৰথমতে বাছেৰে কাঠমাণ্ডুলৈকে যাব, তাৰ পাছত বাকী কি হয় দেখা যাব। সেইদিনা পুৱা দহ বজাত সকলো কামাখ্যা মন্দিৰতে লগ হোৱাৰ কথা। আচলতে ফাইনেলী যাবলৈ ওলোৱা মানুহ দুশজন মানহে হ’লগৈ। পইচা নিদিয়া বা টু-টুৱাই থকাসকলক বাদ দিয়া হ’ল। ইৰাণী ইতিমধ্যেই কাঠমাণ্ডু পালেগৈ – আগতীয়া যোগাৰ পাতি কৰিবৰ বাবে।

লগ হোৱাৰ সময়ত ক’ত কি হ’ল সকলো কৈ সময় নষ্ট নকৰোঁ। মুঠতে দহ বজাত যাত্ৰা কৰিবলগীয়া দলটো একেলগ হওঁতে আবেলি তিনি বাজিল। কাৰোবাৰ ফেচিয়েল কৰোতে দেৰি হ’ল, কোনোবাই এই আহিলোঁ, পালোহিয়েই বুলি কৈ চাৰি ঘণ্টা লগালে, কোনোবাই পাৰ্চ পাহৰি আহিলোঁ বুলি আকৌ ঘৰলৈ ঘুৰি গ’ল। মুঠতে নানান বেমেজালি, গোট খোৱাৰ পাছত আকৌ বেমেজালি।

প্ৰথম বেমেজালি লাগিল বাছত। বাছ যোগাৰ কৰাৰ দ্বায়িত্ব দিয়া হৈছিল ধনজিত বৰুৱাক। তেওঁৰ গেৰাণ্টি কি শুনিবা, ব্ৰেণ্ড নিউ ভলভ’ বাছ হ’ব। ২০০ জন মানুহৰ কাৰণে ৪ খন ভলভ’ বাছ, এয়াৰ কণ্ডিছনড, ভিডিঅ’ ক’চ্ছ। পিছে ৰাইজ আহি গোট খোৱাৰ পাছত দেখে তাত মাত্ৰ এখন কেণ্টাৰ ৰৈ আছে। দুৱাৰ খিৰিকী বুলিবলৈ একো নাই, চিটবোৰো কাঠৰ। বাছ পইচাও ধনজিতে এডভান্স লৈছিল। এতিয়া ধনজিতৰ মোবাইল অফ, তেওঁ অৱশ্যে ব্যস্ততা দেখুৱাই দুদিনমান পাছত যাব বুলি আগতেই কৈছিল।

মানুহবোৰ খঙত জ্বলি পকি উঠিল। এনেকুৱা বাছত যাব পাৰি নেকি ইমান দূৰ। আৰু মানুহ কেনেকৈ ধৰিব?

– একো নাই চাৰ, ইমানখিনি মানুহ আমি আচলতে গ্ৰাম্য টেক্সী এখনতে উঠাব পাৰোঁ, মই ছেটিং কৰি দিম। আপোনালোক উঠক।

কেনেকেনীয়া মাতেৰে হেন্দিমেনজনে ক’লে।

নাই, কোনো নুঠে। সকলোকে ধনজিতক লাগে এতিয়া। প্ৰথমতে ধনজিতক এহাত ল’ব ৰাইজে, তাৰ পাছত উঠিব নে নুঠে সিদ্ধান্ত কৰিব। কিন্তু ধনজিতক এতিয়া ক’ত বিচাৰি পোৱা যায়? আৰু লগ্নৰ সময়খিনিও এতিয়া উকলি যায়হে লাগে। এইবাৰ হিমাংশুয়ে মধ্যস্থতা কৰিলে,

– শুনকচোন ৰাইজ। এয়া আমাৰ পৰীক্ষা! ভগৱানে আমাৰ পৰীক্ষা লৈছে, আমি আচলতে হিমালয়লৈ যাব পাৰিম নে নোৱাৰিম? এই যাত্ৰা অতি কষ্টকৰ, তাৰ তুলনাত এই বেয়া বাছত যোৱা কষ্টকণ নগণ্য। আপোনালোকে হুলস্থুল নকৰি বাছত উঠক। জয় গুৰুদেৱ!

মানুহবোৰ তেতিয়া অলপ শান্ত হ’ল। শাস্ত্ৰত আছে ভাল বস্তু পাবলৈ অলপ কষ্ট কৰা প্ৰয়োজন। হিমাংশুৱে আকৌ চিঞৰিলে – উঠক উঠক, দেৰি কৰি লাভ নাই।

মহিলাসকলক বাছৰ ভিতৰত প্ৰথমতে বহিবলৈ দিয়া হ’ল। দুজনীয়া ছিটবোৰত তিনিগৰাকীকৈ বহুৱাই তেওঁলোকৰ কোলাত দুগৰাকীকৈ বহুৱাই দিয়াত মহিলাসকলৰ হিচাপ পুৰা হ’ল। তাৰপাছত মাজৰ ঠাইখিনিত বয়সস্থ পুৰুষসকলক থিয় হ’বলৈ দিয়া হ’ল। হেন্দিমেনজনে অৱলীলাক্ৰমে তাৰ মাজেৰেই অহাযোৱা কৰি প্ৰায় ৭০ জনকৈ পুৰুষক ফিটিং কৰি দিলে। কেৱল চেঙেলীয়া ডেকাকেইটা বাকী থাকিলগৈ। তেওঁলোকৰ অৱশ্যে ভালেই ব্যৱস্থা হ’ল, সকলোকে বাছৰ ওপৰত লাদি লোৱা টোপোলাবোৰৰ সৈতে বহুৱাই দিয়া হ’ল। তেওঁলোকে বৰ মজা পালে।

গোটেই ব্যৱস্থাটো হিমাংশুৱে তত্বাৱধান কৰিলে। শেষত তেওঁ ড্ৰাইভাৰৰ পিছফালৰ বেটেৰী থকা কাঠৰ বাকচটোৰ ওপৰত বহি ল’লে। জয়ধ্বনিৰে যাত্ৰা আৰম্ভ কৰা হ’ল।

– জয় গুৰুদেৱৰ জয়। জয় মা কামাখ্যা, জয় সাগৰমাথা! জয় গংগা মাতা কী … নমামি ব্ৰহ্মপুত্ৰ। যিয়ে যি মনত পৰে জয়ধ্বনি দিলে। তেত্ৰিছকোটিৰ কোনো দেৱ দেৱী বাকী নেথাকিল।

হিমাংশুৱে বাৰে বাৰে মোবাইলটো চেক্ কৰি আছিল। অৱশেষত তেওঁ বিচৰা মেচেজটো আহিল,

“Rs. 10000 was credited to your account. Available balance is XXXXX.”

হিমাংশুৰ চকুৱে মুখে এটা ক্ৰুৰ হাঁহি খৈলি গ’ল!

___________________

গাড়ী চলিবলৈ আৰম্ভ কৰাৰ লগে মহিলা সন্থাৰ আলোচনা আৰম্ভ হৈ গ’ল, মাজে মাজে দুই এজন পুৰুষেও ভাগ ল’লে। বাছৰ ওপৰত উঠি যোৱা চেঙেলীয়াকেইটাৰ কি ফুৰ্তি, উকিয়াই তালফাল লগাই গৈছে।

যাজ্ঞ:- ধ্ৰুৱ, তুমি তেলা একো লটং পটং নকৰিবা। এভাৰেষ্টৰপৰা তললৈ পেলাই দিম। ৱ’ মেৰী না হো, য়ে হো নেহি চকতা; ঔৰ ৱ’ তুম্হাৰী হো যায়, য়ে মেঁ হোনে নেহি দুংগা। মই ঝেং মানুহ, কৈ দিলোঁ।

ধ্ৰুৱ:- (চাদা মোহাৰি), ময়ো হাতত খাৰু পিন্ধি অহা নাই। সময়ে ক’ব কৰ পানী কলৈ যায়।

দিম্পল:- মই এভাৰেষ্ট শৃংগৰ ওপৰতে প্ৰপ’জেল দিম। ৰেকৰ্ডটোৰ কাৰণেই মোক য়েচ ক’ব লাগিব তাই! চিটি গল্ডৰ আঙুঠি এটাও লৈ আহিছোঁ।

সোনটো:- ভাই ধ্ৰুৱ, অকণমান বেছিকৈ মাৰিবা, চূণ কমাই ল’বা।

ধূৰ্জটি:- খিক, আজি ময়ো তহঁতৰ লগ লাগিলো দেই। মানুহজনী ঘৰত এৰি থৈ আহিছোঁ! এতিয়া মই এৰাল চিগা বলধ! ময়ো লগৰী এজনী বিচাৰিব লাগিল, তেহে জমিব।

বিপ্লৱ:- মোক কোনেও দিগদাৰ নকৰিবি দেই, আৰু এইটোৰ ভাগো নিবি‍ছাৰিবি (কাগজেৰে মেৰিওৱা সৰু বটল এটা দেখুৱাই)।

নয়নমণি:- আজি ময়ো তোমালোকৰ লগ লাগিলো দেই, কেইদিনমান সংসাৰ যান্ত্ৰণাৰপৰা আঁতৰি থাকিম বুলি ভাৱিছোঁ।

ইফালে বাছৰ ভিতৰতো আলোচনা জমি উঠিছে।

– কংকনাবা, আপুনি হাতত সেইটো কি টোপোলা লৈ আছে চাওচোন!

– না না নিদিও, তঁহত পাপীবোৰক চুবলৈ দিব নোৱাৰি এইটো। গা ধুলি জানো আজি?

– কি নো আনিছে ইমান ডাঙৰ টোপোলাত?

– হেৰৌ, তহঁতৰ কাণ্ডজ্ঞান নাই বুলি মোৰো নাইকিয়া হ’ব নেকি? দেৱলোকলৈ যাবলৈ ওলাইছোঁ, ক’ত কেতিয়া কোনজন ভগৱানে দৰ্শন দি দিয়ে কি ঠিক? তেতিয়া কি মই সেৱা এটাও নল’ম নেকি? কিন্তু সেই বৰফখনৰ মাজত বয় বস্তুবোৰ পাম নেকি? আৰু শৰাইখন পুৰাকৈ নিদিলে দেৱতাই দোষ নধিৰব? গতিকে মই শৰাই এখন, চেলেং ছাদৰ কেইখনমান, গুৱা-পাণ অলপ, মাননি, আগলি কলপাত সকলো বান্ধি আনিছোঁ। ভগৱান ওলাব – চিধা শৰাই লৈ চৰণত পৰি দিম।

কংকনাবাৰ কথাত ৰাইজৰ মাজত গুণগুণনি উঠিল। হয় দেই কথাটো। আগতে ভৱাই নহ’ল, বেয়া কথা হ’ল নহয়।

– হ’ব হ’ব, মই শৰাই দিম, তহঁত গোটেইমখাই মোৰ পিছফালে সেৱা কৰি দিবি, কাম হৈ যাব। মই ইমান স্বাৰ্থপৰ নহয়।

কংকনাবাই সকলোকে অভয় দিলে।

মণীষাই তিনিপোণমান তামোল কাটি বেলেগে বেলেগে পেকেট কৰি লৈ আহিছে। সেই টোপোলাত কাৰোবাৰ চকু পৰে বুলি, বা চুৰি হৈ যায় বুলি তাই সন্ত্ৰষ্ট হৈ আছে। তামোল লাগিবই, এভাৰেষ্টত বা পাণ দোকান আছে নে নাই? থাকিলেও আমাৰ অসমীয়া মচমচীয়া গান্ধ পাণ পোৱা যায় নে নাই। সেইবোৰ ৰিস্ক লৈ লাভ নাই, সাজু হৈ যোৱাই ভাল।

কাকতিদাকে ধৰি বাকী সকলো পুৰুষ যাত্ৰীৰ অকল এটাই চিন্তা, ষ্ট’কে জুৰিবগৈ নে নাই। হওঁতে ব্ৰহ্মানন্দ পাটিৰিয়ে চাৰি পাঁচ কাৰ্টুনমান আনিছে লগত। আলুৰ বস্তা এটাত কাৰ্টুনবোৰ ভৰাই তাৰ ওপৰতে বহি আছে তেওঁ। পিছে কাকতিদাৰ চিন্তা, তেওঁ মনে মনে অলপ অলপ কৈ মাৰি থাকিব পাৰে। সেইজনাই কেতিয়াবা ৰাতিপুৱাই মাৰি দিয়ে। তেনেকৈ হ’ল আধাবাটতে ‍ষ্ট’ক শেষ হ’ব।

বস্তাটোৰ ৰখীয়া অমিতাভক পতাই ভাল হ’ব – কাকতিদাই মনে মনে ভাৱিলে।

শৰাইঘাট দলং পাৰ হওঁতেই আন্ধাৰ হ’ল। আন্ধাৰ হোৱাৰ লগে লগে পুৰুষসকলৰ গাড়ী ৰখোৱাৰ অজুহাতবোৰ বাঢ়িবলৈ ধৰিলে, আঠমান বজালৈ গাড়ীৰ ভিতৰখন মলমলীয়া মাদক সুগন্ধিৰে ভৰি পৰিল। মহিলাসকলে অসুবিধা পালেও একো নকৈ মনে মনে বহি থাকিল।

চাৰে আঠমান বজাত হাজোৰ ওচৰৰ এখন ধাবাত সকলো ভাত খাবলৈ সোমাল।

(আগলৈ)

দ্বিতীয় খণ্ড

প্ৰথম খণ্ড

☆★☆★☆

☆★☆★☆

Leave a Reply

Your email address will not be published.