ফটাঢোল

মহাপলায়ন পৰ্ব – অভিজিত কলিতা

(পঞ্চম খণ্ড)

পদযাত্ৰা আৰম্ভ —

সোনকালে কৰিব বুলি আৰু সকলো কাম লৰালৰিকৈ কৰিব পাৰি নে? ৰাইজ সাজু হওঁতেই বহু সময় লাগিল। কংকনাবা আৰু প্ৰণীতাবা আকৌ গা পা ধুই পূজা সেৱা নকৰাকৈ ক’লৈকো নেযায়। শেষত পুৱা এঘাৰমান বজাত সকলো একেঠাইতে গোট খালে।

কংকনাবা আৰু প্ৰণীতাবাই কপাহী মেখেলা ছাদৰ পিন্ধি ফোঁট লগুণ লৈ তমষ্কাৰ হৈ আহিছে। ময়ুৰীয়ে নতুন ফেচনৰ পাটৰ ছেট এটা পিন্ধিছে। ৰীতুপৰ্নাৰ জিনচ পিন্ধিবলৈ মন আছিল, কিন্তু কংকনাবাই জোৰ কৰি তাইকো মেখেলা ছাদৰ পিন্ধাইছে। বাকী সকলৰো অনুৰূপ ড্ৰেছ, কাৰোবাৰ বেনাৰসী শাৰী, চেলোৱাৰ ছুট, কাৰোবাৰ ঘাগৰা – ওৰ্ণা, আঁচল মাটিত বৈ পৰি চুচৰি গৈছে। মহিলাসকলৰ সাজ-পোচাক দেখি ইৰাণী মূৰে কপালে হাত দি মাটিত বহি পৰিল।

“আইদেউসকল! আপোনালোকে এভাৰেষ্ট বিজয় কৰিবলৈ ওলাইছে নে, বিয়া খাবলৈ ওলাইছে। মই কৈছিলোঁ নহয়, চাৰিতৰপীয়া ফ্লীন্স ছুট, ট্ৰেক পেণ্ট, ৱিণ্ডপ্ৰুফ জেকেট, গ্ল’ভছ, বান্দৰ টুপী আদি পিন্ধিবলৈ, শ্লীপিং বেগ আদি ল’বলৈ? কি হ’ল?”

“ইসস, তুমি ক’লেই হ’বনে? দেৱলোকলৈ যাম, সেইসোপা বজৰুৱা কাপোৰ পিন্ধি দেৱতাক অসন্তুষ্ট কৰিব নোৱাৰোঁ নহয়, মই নতুন ৰিহাও পিন্ধিছোঁ। এই বয়সত সেইসোপা পিন্ধা বুলি মানুহে শুনিলে পিছত মোক এঘৰীয়া নকৰিব নে? কৃষ্ণ কৃষ্ণ, মই হ’লে এনেকৈয়ে যাম, এই বয়সত ধৰ্মপথ এৰিব নোৱাৰোঁ। সদায় নামঘৰলৈ যোৱা মানুহ আমি!” – প্ৰণীতাবাই ডাঠি ক’লে।

“কিন্তু গম পাইনে, তাত কিমান ঠাণ্ডা ,মাইনাচ ছল্লিশ পঞ্চাশ ডিগ্ৰী। আপোনালোক ঠাণ্ডাত গোটমাৰি বৰফ হৈ যাব।”

“খিক খিক, মাইকী মানুহৰনো ঠাণ্ডা লাগেনে? ডিচেম্বৰ মাহত মতাকেইটাই কোট – জেকেট পিন্ধি, ঘুটুং পানী খায়ো কঁপি থাকোতে আমি বিয়া সবাহলৈ কি পিন্ধি যাও? তুমি এগৰাকী নাৰী হৈ নাৰী শক্তিক উপলুঙা কৰিছা কিয়?”

নাৰীবাদৰ কাৰ্ডখন খেলি দিয়াত ইৰাণীৰ মুখ বন্ধ হৈ গ’ল। উপায়বিহীন হৈ তেওঁ সন্মতি দিলে। য়াক বেছি নাই, গতিকে সকলোৱে সলাই সলাই য়াকত উঠিব লাগিব। বয় বস্তুবোৰো আন য়াকত লাদি দিয়া হ’ল। কংকনাবাই অৱশ্যে শৰাইৰ টোপোলাটো নেৰিলে। এই পাপীবোৰৰ বিশ্বাস নাই, কোনোবা এটাই গা পা নোধোৱাকৈ চুই দিলে তেওঁৰ মিছনেই বিফল হ’ব। ধ্ৰুৱ আৰু যাজ্ঞৰ মাজত ইতিমধ্যে অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈ গৈছে। কোনে মণীষাৰ বেছি কেয়াৰ ল’ব পাৰে, তাকে লৈ টনা আজোৰা চলি আছে। মণীষায়ো সুবিধাতে নিজৰ লাম লাকটুকেইটা সিহঁতৰ হতুৱাই কঢ়িওৱাইছে। তামোলৰ মোনাটো কেৱল নিজে ধৰি আছে।

অনামিকা আৰু ময়ুৰীৰ মুখত খং, এই য়াকৰ চিষ্টেম তেওঁলোকে ভাল পোৱা নাই। বাৰে বাৰে অলা, উবেৰৰ এপকেইটা খুটিয়াই আছে। বাৰে বাৰে একেই ৰিজাল্ট –

“No cab found nearby”

ধুত চাল্লা এনেকুৱা বেকৱাৰ্ড ঠাই! পাপ খণ্ডন কৰিবলগা নহ’লে এইবোৰলৈ কেতিয়াও নাহিলহেঁতেন তেওঁলোক। তেওঁলোকে জানে, লীডাৰকেইটাই পইচা বচাবলৈ সকলোকে এনেকুৱা কষ্ট দিছে, গাড়ী নেলাগে, কমচে কম ৰিক্সা বা অট’তো যোগাৰ কৰিব পাৰিব লাগিছিল। চব পইচা খোৱা কাৰবাৰ। ঘুৰি গৈ সকলো হিচাপ ল’ব লাগিব ৰহ!

দিম্পলেও ৰীতুপৰ্ণাৰ বেগকেইটা নিজৰ কান্ধতে উঠাই লৈছে। ভগৱান, কি কি আনিছে এইজনীয়ে? প্ৰকাণ্ড তিনিটা ছুটকেছ, দুটাত কাপোৰ ঠাঁহ খাই আছে। আনটোত বোলে অকল মেক-আপৰ বস্তুৱেই আছে। ফাউণ্ডেছন, ক্ৰীম, ৰুজ, ফে’চ ব্ৰাছ, আই শ্বেড’, আই লাইনাৰ, গ্লেম আপ, শ্বেম্পু, কণ্ডিছনাৰ, লিভন চিল্কী পোষণ, মেডিকাৰ, পাউডাৰ, ডিঅ’, ২০ টা লিপষ্টিক, লিপ লাইনাৰ, লিপ গ্ল’ছ, লিপ কেয়াৰ, লিপ বাম, হেয়াৰ ড্ৰায়াৰ, হেয়াৰ ষ্ট্ৰেইটনাৰ, হেয়াৰ কাৰ্লাৰ, হেয়াৰ স্পা ক্ৰীম, কাজল, মাস্কাৰা, হাইলাইটাৰ, লৰিয়াল হেয়াৰ কালাৰ (বাৰ্গাণ্ডি), চানস্ক্ৰীণ, কল্ড ক্ৰীম, বডি লোচন, নাইট ক্ৰীম, ফলছ আই লেছ, হেয়াৰ ক্লিপ, হেয়াৰ বেণ্ড, চাৰিখন বেলেগ বেলেগ ঘনত্বৰ ফণী, হেয়াৰ ব্ৰাছ, আইব্ৰু পেনচিল, ফেচিয়েল ক্ৰীম, ফে’চ পেক, ফে’চ ক্ৰাৱ, ৰিংকল ফ্ৰী, হেণ্ড ক্ৰীম, বিভিন্ন ৰঙৰ নেইল পলিচ, ফলচ নেইল, ফেয়াৰ এণ্ড লাভলী, হেনা, হাঁহকণী, গাখীৰ, ক্ৰীম, চাহপাত, চেলাউৰী প্লাক কৰিবলৈ সূতা একো বাকী নাই। কেৱল টুথপেষ্ট, টুথব্ৰাছ আৰু চাবোনহে পাহৰি আহিল। এইসোপা লগাওতেই সদায় ৰাতিপূৱা দেৰি হয় তাইৰ, নলগালেও নহয় যে।

বিপ্লৱ সকলোতকৈ পিছ পৰিল, তেওঁ অলপ আঁতৰি থাকিবলৈ বিচাৰে। নহ’লে ৰাইজে ভাগ বিচাৰিব পাৰে। জ্যোতিৰূপম আৰু অলকেশো বিপ্লৱৰ লগতে পিছুৱাই পৰিল। তিনিওজনে পূৱাতেই ধৰি লৈছে। ইমান কষ্ট হ’ব যেতিয়া অলপ এনাৰ্জী গোটাই লোৱা ভাল। তিনিওজনকে পিছ পৰা দেখি মুংছাজ’ই কিবা এটা অনুমান কৰিলে। তেৱো অলপ পিছুৱাই পৰিল। অলকেশে তাইক ক’লে,

“তুমি নহ’লে আগবাঢ়ি যোৱা সকলোৰে লগত। আমি অলপ ঠাইবোৰ ভালকৈ চাই চিতি যাও।”

“চা ককাই, মই চিধা কথা কৈছোঁ। খাইছ যদি মোকো দে, আৰু নেখালে কোনেও নেখাবি। মোৰ কি মন নেযায় নেকি? মই ষ্ট’ক আনিব নোৱাৰিলোঁ, এতিয়া ধাৰলৈ দে, গুৱাহাটী গৈ সুদে-মূলে ঘুৰাই দিম।”

তিনিওজনে ঠোঁট মুখ চেলেকি যোগাৰবিলাক সামৰি থ’লে। যি কৰে এইজনীৰপৰা লুকুৱাই কৰিব লাগিব। বিপ্লৱে গেজেৰা মাৰি উঠিল,

“মই খামেই। যদি খাবলৈ মন আছে, নিজে লৈ অনা নাই কিয়? এইটো নেখালে মোৰ হাত ভৰি কঁপে, মই খোজকাঢ়িব নোৱাৰা হওঁ, পেটো খোলোচা নহয়। আপোনালোকে মোক ঝেং নকৰিব। মোৰ ওচৰলৈয়ো নাহিব। মোক শান্তিৰে যাবলৈ দিয়ক!”

“ধেত, তুমি তেনেকুৱা কৰা কিয়? আমি খাম, সকলোৱে মিলি খাম। পাটিৰি ভিনিৰ লগত তামাম ষ্টক আছে। আমি পতাই আছোঁ তেওঁক, তেওঁৰপৰাও ভাগ পাম। তুমি সেইবোৰ চিন্তা বাদ দিয়া। এতিয়া চাওঁ, এই পানীৰ বটলটোতে অলপ ঢালি দিয়াচোন, সাউতকৈ মাৰি লওঁ। নহ’লে কিবা গাটো ভাল লগা নাই দেখোন।”

মান্তাৰপৰা লুকুৱাই তিনিওজনে অলপ অলপ ডিঙিত ঢালি লৈ আকৌ আগবাঢ়ে। বিপ্লৱে পিঠিৰ মোনাটোৰ ভিতৰত পানী মিক্স কৰি ৰেডী ৰাখিছে, আৰু তাৰপৰা সৰু প্লাষ্টিকৰ পাইপ এডাল উলিয়াই আনি ডিঙিৰ ওচৰত বান্ধি থৈছে। দুই তিনি মিনিটৰ মূৰে মূৰে – ‘চুৰুক চুৰুক’ শব্দ এটা ওলায় তেওঁৰ মুখৰপৰা।

প্ৰথমখিনি ৰাষ্টা আৰামৰ, পাহাৰৰপৰা নামি যাব লাগে, দুঘণ্টামান গ’লেই ‘ঘাট’ নামৰ সৰু পাহাৰীয়া গাওঁ এখন পায়। আৰু যাত্ৰা হয় অপূৰ্ব সৌন্দৰ্যৰ ‘দুধকোচী’ নদীৰ পাৰেৰে। অদূৰত তুষাৰাবৃত অলেখ শৃংগ। যেন সদম্ভে প্ৰত্যাহ্বান জনাইছে আকাশৰ উচ্চতাক।

ওখোৰা মোখোৰা ৰাষ্টা। মানে পৰ্বতৰ মাজে মাজে লুংলুঙীয়া বাট। ইফালে বেলিটোৱে মূৰত ধৰিছে। গৰম উঠিছে। ইফালে বন্দিতা আৰু নীলাক্ষীৰ চেণ্ডেলে কটা আৰম্ভ কৰিলে। এভাৰেষ্টলৈ যাম বুলি নতুন চেণ্ডেল কিনি আনিছিল। প্ৰণীতাবাৰ কঁকালৰ বিষটোও উজাই আহিল। ঘনাই ঘনাই পিয়াহ লাগে। পানীৰ বটলবোৰ ইতিমধ্যে শেষ। উপায়বিহীন হৈ ৰাষ্টাৰ কাষৰ জুৰিবোৰৰপৰা পানী ভৰাই লৈছে। নৱজিত বৈশ্যৰ আকৌ ৰাতিপু্ৱা ক্লিয়েৰ নহ’ল। তাৰ জোৰকৈ লাগিছে এতিয়া। ভাল পানী আৰু অলপ আঁৰ-বেৰ থকা ঠাই এটুকুৰাৰ বৰ প্ৰয়োজন তাৰ এতিয়া।

ইৰাণী দপদপাই খোজকাঢ়ি আগবাঢ়িছে। তেওঁৰ লগে লগে পৰ্টাৰসকল। তেওঁ সোনকালে গৈ ‘ফাকদিং পাবগৈ লাগে। সোনকালে গৈ নেপালে ইমানবোৰ মানুহৰ বাবে কফি হাউচ যোগাৰ কৰিব পৰা নহ’ব। টেণ্ট তৰিবলৈয়ো ভাল ঠাইবোৰ আগতীয়াকৈ বুক কৰিব লাগিব।

মহিলাসকলৰ ভাগৰ লাগিছে যদিও এটা বিশেষ অসুবিধাইহে তেওঁলোকক সকলোতকৈ বেছি কষ্ট দিছে। পুৰুষসকলে ৰাষ্টাৰ কাষতে ইফালে-সিফালে চাই ‘সৰুপানী’কণ চুই পেলাইছে। মহিলাসকলে সেইটো কাম কৰিবপৰা নাই আৰু তেওঁলোকৰ সকলোৰে ইতিমধ্যে অলপ অচৰপ পেটৰ বিষ উঠিছে। আৰু পুৰুষসকলৰ ‘বিন্দাছ’ ব্যৱহাৰে তেওঁলোকৰ পেটৰ বিষ আৰু বঢ়াইছে।

কংকনাবাই সকলো ফালে সতৰ্ক দৃষ্টি ৰাখিছে। কোন ফালে ক’ত কেতিয়া কোনজন ভগৱানে দেখা দিয়ে কি ঠিক। কোনোটো কাকুতি ঘোষা গাব সেইটোও মনে মনে আওৰাই আছে –

‘নাজানোহো আৱাহন নাজানোহো’.. নাই নাই ! তাতকৈ ‘মুক্তিত নিস্পৃহ’টোহে ভাল হ’ব। ভালকৈ সুৰ লগাই গালে দেৱতাই ভাল পাব, মনে মনে প্ৰাৰ্থনাটো আওৰালে তেঁও।

বাটতে এঠাইত ৰৈ সকলোৱে খাই ল’লে – নৱজিতে একো নেখালে, খালে গন্দগোল হৈ যাব পাৰে। বান্ধি নিয়া চেঁচা ৰুটি ভাজিবোৰ দেখি কাৰো ভাল নেলাগিল। ইসসস…তপত ধোঁৱাই থকা ভাত দুটামান, মাটি ডাইল, বেঙেনা ভজা, পুঠি মাছৰ চৰ্চৰি আৰু কেঁচা আম বা তেতেলীৰে কৰা পদিনা ছাটনি অকণ পালে কেনে মজা লাগিলহেতেন!

“হেৰৌ কাৰোবাৰ ওচৰত কেঁচা জলকীয়া আৰু নিমখ আছে যদি দেচোন, নহ’লে এইসোপা গিলো কেনেকৈ এতিয়া?”

বন্দিতা গগৈ বৰাই সকলোকে উদ্দেশ্য কৰি চিঞৰিলে।

পিছে কোনো উত্তৰ নাহিল, এভাৰেষ্ট বিজয় অভিযানত কেঁচা জলকীয়া আৰু নিমখো লাগে বুলি কোনেনো আগতীয়াকৈ জানিব? আকৌ পিছ কেতিয়াবা এভাৰেষ্টলৈ আহিব লগা হ’লে – ভালকৈ বয় বস্তুবোৰ গোটাই লৈ আনিব লাগিব। এনেকুৱা ‘দুৰ্ভিক্ষ’পীড়িত ঠাই বুলি জনা নাছিল নহয় তেওঁ!!

যেনে তেনে, দেহাবোৰ চোচোৰাই, য়াক সলাই সলাই, তেওঁলোক গধূলি ৫ বজাত ফাকদিং নামৰ কেম্প চাইটটো পালেগৈ। তাত ইৰাণীয়ে তম্বু সজাই ৰৈ আছে। নৱজিতে কান্ধৰ মোনাটো পেলাই এফালে দৌৰ মাৰিলে।

ৰাইজ মাটিয়ে বালিয়ে বহি পৰিল। উসস!! আজিয়েই মজা বাহিৰ হৈ গৈছে। এইখন জানো ভাললৈকে হৈছে নে কাললৈকে হৈছে বুজাই টান!! বিজয়ে পোন্ধৰ পেকেটমান মেগী খাই দিলে, ষ্ট’কৰ আধা মান তাকে লাগিব। ভোক বুলিলে সি একো ক’ব নোৱাৰা হয়।

ভাগৰুৱা মানুহবোৰ সোনকালেই শুবলৈ গ’ল সেইদিনা।

(আগলৈ)

☆★☆★☆

2 Comments

  • কমলা দাস

    উহ বাপৰে , মেক আপৰ বস্তুৰ নাম পঢ়োতে পঢ়োতে মুখৰ থু গোট মাৰিলে ।

    Reply

Leave a Reply

Your email address will not be published.