ফটাঢোল

মহাপলায়ন পৰ্ব (অষ্টম খণ্ড)–অভিজিত কলিতা

(সপ্তম খণ্ডৰ লিংক)

অষ্টম খণ্ড

== মৃত্যু উপত্যকা ==

পূৱা ৫ বাজিছে।একেলগে এসোপামান এলাৰ্ম বাজি উঠিল। মানুহবোৰ কেৰমেৰকৈ শ্লীপিং বেগৰ পৰা ওলাল। বাহিৰত উষ্ণতা এতিয়াও শূণ্যৰ তলত। তম্বুৰ ওপৰত বৰ‌ফৰ পাতল আচ্ছাদন। বতাহজাক কিন্তু মৰা নাই। প্ৰায়সকলোৱেই যোৱাকালিৰ ৰাতিটো ভাল টোপনি মাৰিছে- সকলোৱে অক্সিজেন লৈ শুইছে। শক্তি সঞ্চয় কৰিব লাগিব, এতিয়াহে আচল পৰীক্ষা আৰম্ভ হব। আশংকা কৰা মতে কোনেও বৰ বেছি অসুবিধা অনুভৱ কৰা নাই এতিয়ালৈকে।
– উঠক উঠক, সোনকাল কৰক। যিমান পাৰি সোনকালে আৰম্ভ কৰিব লাগে।
– হব হব, কৰিছো- কৃষ্ণ কৃষ্ণ, কেনে মৰ চেঁচা ঐ। শাত শতৰুও এনে চেঁচাত নপৰক।
– এহ ৰবাহে। কলৈ যোৱা ইমান দৌৰাদৌৰি কৰি। এভাৰেষ্টটো পলাই নেযায় নহয়।
নানান কথা বতৰা আৰু অহৰহ খুটুং খাটাং শব্দৰ মাজত ৰাইজ অভিযানৰ অন্তিম মুহুৰ্তৰ বাবে সাজু হ’ল। চিকেন চালামী, চীজ আদি উচ্চ চৰ্বীযুক্ত খাদ্যৰে ব্ৰেকফাষ্ট কৰা হ’ল। অহা দুদিন খোৱাৰ একো ঠিক নেথাকিব। ভোক টো বাদেই পানী খাবলৈয়ো মন নেযোৱা হব, মগজৰ ঠিক নাইকীয়া হব, অত্যন্ত প্ৰতিকূল পৰিস্থিতিৰ বাবে দেহাত মৃত্যসম অৱস্থাৰ সৃষ্টি হব। কাৰণ তেওলোক এতিয়া ‘ মৃত্যু উপত্যকা’ বা ‘Death Zone’ ত সোমাব।
তিনি নং কেম্পৰ পৰা ওলোৱাৰ প্ৰায় লগে লগে এই ডে’থ জ’ন আৰম্ভ হয়। কাৰণ এই অঞ্চলটো জীৱ বা উদ্ভিদৰ বাবে অতি প্ৰতিকূল। ইয়াত একো দীৰ্ঘদিন ধৰি বাছি থাকিব নোৱাৰে- আনকি জীৱাণুও জীয়াই নেথাকে। এই অঞ্চলত সোমোৱাৰ লগে লগে অভিযাত্ৰীসকলৰ দেহৰ অংগ প্ৰত্যংগ আৰু জীয়াই থাকিবলৈ প্ৰয়োজনীয় দেহৰ ভিতৰত চলি থকা স্বয়ংক্ৰিয় কাম কাজ বোৰ লাহে লাহে বন্ধ হবলৈ উপক্ৰমন হয়। তাৰ অৰ্থ সজহভাৱে কবলৈ হ’লে অভিযাত্ৰীসকল ক্ৰমাৎ তিল তিলকৈ মৃত্যুৰ ফালে আগবাঢ়ে। বেছি দেৰি কৰিলে আন একো অসুবিধা নহ’লেও কেৱল পৰিবেশৰ বাবেই মৃত্য নিশ্চিত। গতিকে অভিযাত্ৰী সকলে যিমান পাৰি সোনকালে এই অঞ্চলটো পাৰ হবলৈ বিছাৰে। ৪ নং কেম্পটো এই ডে’থ জ’নতে আছে। গতিকে এই কেম্পটো কেৱল অলপ সময় জিৰণি লবৰ বাবেহে ব্যৱহাৰ কৰা হয়। অত্যন্ত অসুবিধা নহ’লে তাত কোনো নেথাকে।
পূৱা ৭:১৫ – কেম্প ৩
সকলো লামলাকটু সামৰি লোৱা হ’ল- পেলনীয়া বস্তু বিলাক নীলা পলিথিন বেগত ভালকৈ পেক কৰি ৰখা হ’ল। ঘুৰি যাওতে শ্বেৰ্পাসকলে এইবোৰ তললৈ লৈ যাব। এভাৰেষ্টত কোনো পেলনীয়া বস্তু আনকি শৌচ-প্ৰস্ৰাব আদিও এৰি অহা নিষেধ। সকলো তললৈ নি নামচে বজাৰৰ ওচৰৰ নিৰ্দিষ্ট ঠাইত পেলাব লাগিব। সেইকাৰণে লেট্ৰিন আৰু ইউৰিনেল বেলেগ বেলেগ।
– #₹@লা, বাদ দিয়াহে। সেইবোৰ কাম ঘুৰি গৈ কৰিলে কৰিম, এতিয়া সদ্যহতে এইবোৰ কাম বন্ধ ৰাখিছো। যি চেঁচা- কৰো বুলিলেও কৰা কেনেকৈ- কাপোৰ কানি পিন্ধি কৰিলেহে হব।
বিজয়ে ৰাইজক শুনাই ক’লে। সি ২ নং কেম্প এৰাৰ পাছত নিত্যনৈমিত্তিক কৰ্মকেইভাগ বন্ধ কৰি ৰাখিছে। মাজে মাজে তেওৰ পেটৰ পৰা ওলোৱা বিষাক্ত গেছে এভাৰেষ্টৰ বৰফ কঁপাই তোলে।
যাত্ৰা আৰম্ভ হ’ল। লক্ষ্য চাউথ ক’লত থকা কেম্প নং ৪। এইবাৰৰ পথ অতি কঠিন, এতিয়ালৈকে কঠিন পথৰ মাজে মাজে কিছু সমতল বা সহজ বাটে ৰাইজক মাজে মাজে সকাহ দিছিল। আজিৰ পৰা কিন্তু এইবোৰ দয়া মায়া নাই, চিধা ওপৰলৈ উঠিব লাগে, ভয়ংকৰ চেঁচা, ধিলা, পিচল বৰফ, জুমাৰিং, ৰেপেলিং, বৰফত গুৰিওৱা সকলো একেলগে- যেতিয়া ৰ’দটো গাত পৰে- বৰফৰ প্ৰতিফলনত প্ৰচণ্ড গৰম হয়, যেতিয়া বেলি লুকাই, লগে লগে হাড় কপোৱা ঠাণ্ডা। সকলো অক্সিজেন মাস্ক লৈ আগবাঢ়িছে।
কিন্তু চাৰিওকাষৰ দৃশ্য অদ্ভূত ভাৱে সুন্দৰ- ঐশ্বৰিক। কংকনা বাইদেউ এইবাৰ নিশ্চিত যে ওচৰে পাজৰে কৰবাত ভগৱান ওলাবই। কোনজনা ওলাই বা। কাকুতিটো কিন্তু ভগৱানজনক চাইহে গাব লাগিব। শিৱ মহাদেৱ ওলালে আকৌ যা দেৱী সৰ্বভুতেষু গাই দিলে লেঠাই লাগিব পাৰে। স্বয়ং পতিদেৱৰ আগত পত্নী বন্দনা কৰি দিলে তেও বা আকৌ কি ভাৱে?
বৰফৰ সৰু সৰু ধিপ আৰু শিলৰ মাজেৰে ৰাইজ আগবাঢ়ি গ’ল। এবাৰত এটাকৈ খোজ- পৰৱৰ্তী খোজটোৰ বাদ আন একো চিন্তা কৰাৰ প্ৰয়োজন নাই- শ্বেৰ্পাসকলে সকলোকে সোঁৱৰাই থাকিল।
ডে’থ জ’নৰ প্ৰভাৱ বাৰুকৈয়ে অনুভৱ হৈছে। কাণ গোঁগোৱাই আছে- কথা বতৰা পাতিবলৈয়ো মন যোৱা নাই, কাৰোবাৰ ঘৰৰ মানুহবোৰলৈ মনত পৰিছে।
পূৱা ৯:৩০ – য়েল্ল বেণ্ড (Yellow Band)
লটছে ফে’চৰ আধাতে আছিল কেম্প নং ৩। এতিয়া বাকীখিনি বগাই থকা হৈছে। এইবাৰ পথ ওপৰলৈ নগৈ অলপ সোফালে বেঁকা হ’ল- ধালো আগতকৈ অলপ কমিল। অভিযাত্ৰী সকল য়েল্ল’ বেণ্ডত উপস্থিত হ’ল।
হিমালয়ৰ এই অংশত পথালৈকৈ থকা গেদীয় বালিশিলৰ শিৰাটোক য়েল্ল’ বেণ্ড বুলি কোৱা হয়, ইয়াৰ ৰঙো হালধীয়া। নুপছে, লটছে আৰু এভাৰেষ্টে তৈয়াৰ কৰা ঘোৰাৰ খুৰাৰ আকৃতিৰ অঞ্চলটোৰ ঠিক মাজতে আছে এই বেণ্ড। এই বেণ্ডটো অতি সাৱধানে পাৰ হব লাগে- এই ১০০ মিটাৰ বাটত ক্ৰেম্পন পিন্ধা জোতাবোৰ পিছল খায়। ৰক ক্লাইম্বিঙৰ কৌশলবোৰ ব্যৱহাৰ কৰি আৰোহীসকল লাহে লাহে য়েল্ল বেণ্ড পাৰ হ’ল।
পূৱা ১০:৩৫ – জেনেভা স্পাৰ
য়েল্ল’ বেণ্ড পাৰ হোৱাৰ পাছতে ৰাইজসকল এটা প্ৰকাণ্ড বৰফৰ বাতিৰ দৰে ঠাইত উপস্থিত হ’ল। বাওহাতে লটছে পৃষ্ঠ পোনে পোনে তললৈ নামি গৈছে, সোহাঁতে পোনে পোনে ওপৰলৈ লটছে শৃংগ।
– আৰে সৌৱা কি?
মনালীয়ে চিঞৰি উঠিল। সকলোৱে সেই দিশলৈ চালে। লটছে শৃংগৰ ওপৰত কেইটামান সৰু সৰু পৰুৱাৰ দৰে প্ৰাণী। সেইয়া আন এটা দল- তেওলোকে ইতিমধ্যে লটছে শিখৰ জয় কৰিলে। তেওলোকক দেখি ফটাঢুলীয়া সকল বৰ উৎসাহিত হৈ পৰিল।
– আমিও তালে যাম নেকি?
– ধুত, আমি তাতকৈ ওপৰলৈ যাম। সেইটো দেখিছ, বাওফালে…জোঙাকৈ যে। সেইটোত উঠিম।
– কিয় এইটোত উঠিলে নো কি হ’ল হেতেন?
– জানো। মই নেজানো। চব একেই দেখোন, কোনোবা এটাত উঠিলেই হ’ল।
– আবে চুপ থাক না। তহতে কেনেকে ইমান কেপকেপাই থাকিব পাৰ? চুৰুক চুৰুক …
অভিযাত্ৰী দলৰ সমুখত এখন প্ৰকাণ্ড শিলৰ দেৱাল, ইয়াৰ নামেই জেনেভা স্পাৰ। এই বাতিৰ দৰে অংশটোৰ নাম জেনেভা বাউল( Bowl)। শিলৰ দেৱালখনৰ মাজে মাজেহে বৰফ আছে- মানে বগোৱা কঠিন হব।
দলটোক জেনেভা স্পাৰৰ তল পোৱাৰ লগে লগে অলপ সময় জিৰাই লবলৈ দিয়া হ’ল। কিছুমানে শিলত বগাব লাগিব বাবে ক্ৰেম্পন বিলাক খুলি কব খুজিলে, কিন্তু শ্বেৰ্পাই মানা কৰিলে। জেনেভা স্পাৰ পাৰ হোৱাৰ লগে লগে আকৌ বৰফৰ ৰাজ্য আৰম্ভ হব।
১৯৫২ চনৰ এক চুইচ অভিযাত্ৰী দলে এই ঠাইখনৰ নাম নিজকৰ দেশৰ জেনেভা চহৰৰ নামেৰে ৰাখিছিল। হাতুৰীৰ মুৰটো দৰে এখন শিলৰ দেৱাল। গোটেই দেৱালখন ওপৰৰ পৰা নামি অহা ন পুৰণি ৰচীৰে ভৰি আছে। সকলোকে পাল পাতি পাতি ৰচী বগাবলৈ আৰম্ভ কৰিলে। জুমাৰিং কৰি ঢাপে ঢাপে আগুৱাই যোৱা ফটাঢুলীয়াসকলক দেখি কোনেও কব নোৱাৰে যে এইয়া তেওলোকৰ প্ৰথম পৰ্বতাৰোহণ। সাৱলীল ভাৱে এই অত্যন্ত কঠিন পৰিবে‍শত মানুহবোৰ শিলটোৰ গাৰে বগাই বগাইছে। কলিজা ধপধপনি কাষৰ পৰাও শুনা গৈছে।
– “নোৱাৰা যেন লাগিলে আমাৰ অসমীয়া মাতষাৰ জোৰকে মাতি দিবা- বল পাই যাবা !!” জয়শ্ৰীৰ কাষেৰে বগাই থকা হিমাংশুৱে মাত দিলে।
জয়শ্ৰীৰ কথাষাৰ ভাল লাগিল, তাইৰ শক্তি নাইকিয়া হৈছিলগৈ আৰু। শেষ শক্তিকণ গোটাই তাই চিঞৰিলে
– “#@# এ এ এ এ ল ল লা আআআআআআআ! যামেই ইইইই মই !!!”
আৰে! ই কি আচৰিত, মাতষাৰ শুনাৰ লগে লগে অকল জায়শ্ৰীৰে নহয়, সকলোৰে যেন শক্তি ঘুৰি আহিল!!
– “আবে .. হয়তো .. যাম বুলিছো ..যামেই ..তেলা!! #@ॐ#% এভাৰেষ্ট… কি তাও দেখুৱাবলৈ আহিছ? চিনি পোৱা নাই .. আমি ফটাঢুলীয়া হয় বে তাৰ…………………………!! কোনে ৰাখে চাও…. ঐ.. মোক ধৰ তহতে.. নহ’লে আজি এভাৰেষ্ট ফেভাৰেষ্ট নেমানো… গুৰিয়াই ভাঙি দিম চব #@লা……”
মাতষাৰৰ জোৰত সকলোৰে গতি খৰ হবলৈ ধৰিলে, কেতিয়ানো জেনেভা স্পাৰৰ ওপৰ উঠিল…কোনফালেনো গ’ল .. ততকে ধৰা টান হ’ল। হঠাত সকলোৰে চকুৰ আগত … বৰফত আধা পোত যোৱা তম্বু দুটামান ভাঁহি উঠিল।
==দুপৰীয়া ১২:০০ – কেম্প নং ৪==
“হেই গাইজ! গুড জব!! ৱেলকাম টু কেম্প ৪!! য়ু ডিড ইট-“ আগে আগে যোৱা অষ্ট্ৰেলিয়ান অভিযাত্ৰী দলটোৰ এজন সদস্যই ফটাঢুলীয়া সকলক চাৰি নং কেম্পলৈ স্বাগতম জনালে।
• গ’ টু হেল কেম্প ..চেম্প!! হোৱেৰ এভাৰেষ্ট… আই ডন্ট নৌ হিজ নে’ম #@লা ( বাদ দে #@লা কেম্প চেম্প! এভাৰেষ্ট ক’ত… তাৰ নাম নেজানো @#লা!!!) – কেইজনমানৰ মন্ত্ৰৰ জোৰ শেষেই হোৱা নাই। কিন্তু এনেকৈ আগবাঢ়িব নোৱাৰি। সকলো পৰিকল্পনা মতেহে হব লাগিব। গতিকে শ্বেৰ্পাসকলে সকলোকে নিজ নিজ তম্বুত সোমাবলৈ ক’লে – আৰু যিমান পাৰি সিমান পানী চুপ আদি খাই লবলৈ দিলে। অসমীয়া মন্ত্ৰফাঁকিৰ জোৰ কিমান তেওলোকেতো নেজানে!!
সকলো কেইঘণ্টামানৰ জিৰণিৰ বাবে কেম্প নং ৪ ত ৰ’ল। মন্ত্ৰৰ বলত বেছিকৈ জোৰ দেখুৱাই সকলো ভাগৰি পৰিছিল, নিদ্ৰাদেৱীয়ে তেওলোকক আঁকোৱালি ল’লে।
এভাৰেষ্ট আৰু লটছেৰ মাজতে থকা শিলাময় নিস্প্ৰাণ ঠাইখনতে কেম্প নং ৪ অৱস্থিত। ঠাইটুকুৰা যথেষ্ট আহল বহল। শিলৰ ফাঁকবোৰ পেলনীয়া বস্তুৰে ভৰপুৰ। ভাগ্য ভাল, এই কেম্প ফ’ৰটো ডে’থ জ’নৰ একেবাৰে সীমাত অৱস্থিত, এই অংশটোৰ নাম চাউথ ক’ল ( South Col)। দুটা শৃংগৰ মাজৰ আটাইতকৈ নিম্নতম উচ্চতাৰ উপত্যকাৰ দৰে ঠাইক ক’ল বুলি কোৱা হয়। আচলতে ক’ল, পাছ(pass), উপত্যকা (Valley) এইবোৰ একেধৰণৰ বস্তু হ’লেও ইয়াৰ সংজ্ঞা বেলেগ বেলেগ। নিকটতম ক’লৰ পৰাহে এটা শৃংগৰ প্ৰমিনেন্স নিৰ্ণয় কৰা হয়। নহ’লে এভাৰেষ্টৰ গাতে লাগি থকা চাউথ ছামিটেই পৃথিৱীৰ ২য় উচ্চতম শৃংগ হ’ল হেতেন। নহ’ল- কাৰণ এভাৰেষ্ট আৰু ইয়াৰ মাজৰ ক’লৰ পৰা চাউথ ছামিটৰ প্ৰমিনেন্স মাত্ৰ কেই মিটাৰ মানহে। গতিকে সেই সন্মান k2 শৃংগই লৈ গ’ল।

=সন্ধিয়া ৭:৩০ বজা- ছামিট পুছ ( Summit Push) =
“To summit is optional. To return is mandatory.”
ইৰাণীয়ে গম্ভীৰ মাতেৰে ক’লে।
– মানে?
– মানে ইয়াৰ পৰা আপোনালোকে নিজেই নিজৰ দ্বায়িত্ব লব লাগিব। নিজৰ সক্ষমতা আৰু কাৰ্যপন্থা নিজেই অনুমান কৰি সেইমতে সিদ্ধান্ত লব লাগিব। ইয়াৰ পাছৰ পৰা সকলো সফলতা বিফলতা আনকি সাম্ভাব্য বিপদৰো দ্বায়িত্ব আপোনালোকৰ। আপোনালোকক কোনেও সহায় কৰিব নোৱাৰে, শ্বেৰ্পাসকলেও নোৱাৰে।
– বুজা নাই আমি? আমি কেনেকে জানিম? আৰু কিয়?
– চাওক, আজি সকলোৰে শাৰিৰীকেই নহয়, মানসিক ক্ষমতাৰো চূড়ান্ত পৰীক্ষা হব। বিষম পৰিস্থিতিত আপোনালোকৰ হেলুচিনেচন হব, শৰীৰ আন আন অংগবোৰৰ লগতে মস্তিষ্কইয়ো সাধাৰণভাৱে কাম নকৰা হব। আৰু আগবাঢ়িব নে ঘুৰি যাব, সেইয়া আপোনালোকৰ এনেবাৰে নিজস্ব সিদ্ধান্ত। নিজৰ শাৰিৰীক আৰু মানসিক অৱস্থা অনুধাৱন কৰি আপোনালোকে নিজেই সিদ্ধান্ত লব।
– হেহ?ইমানদূৰ আনি আমাক নিঠৰুৱা কৰিলে নহব নহয়। আমি কি বুজি পাও। আপুনি আমাক এভাৰেষ্টলৈকে আনিছে নে উত্তৰ মেৰুলৈ আনিছে, সেইটোকে আমি গম পোৱা নাই এতিয়ালৈকে।
– এইটোৱেই নিয়ম। এনেকৈয়ে সকলোৱে এভাৰেষ্ট জয় কৰে। এতিয়া আৰু কোনেও কাকো সহায় কৰিব নোৱাৰে। আৰু মোৰ মতে আপোনালোক সকলো ঠিকেই আছে, আপোনালোক সকলোৰে বাবে এভাৰেষ্ট বিজয় সম্ভৱ। কেৱল, নিজৰ মনটোক নিয়ন্ত্ৰণত ৰাখিব। আপোনাৰ এনে লাগিব যে আজিয়েই আপোনাৰ জীৱনৰ শেষ দিন; ঘৰৰ মানুহবোৰলৈ মনত পৰিব, এভাৰেষ্টলৈ অহাৰ বাবে অনুশোচনা হব, , ভয় লাগিব, কান্দিবলৈ মন যাব, ঘুৰি যোৱাৰ ইচ্ছা হব- শৰীৰে সহযোগীতা নকৰা হব।
এইখিনি মানসিক দ্বন্দ্ব জয় কৰিব পাৰিলেহে আপুনি আগবাঢ়িব পাৰিব। আৰু নোৱাৰা যেন লাগিলে আপুনি আপোনাৰ শ্বেৰ্পাক কথাটো কব, তেও আপোনাক ঘুৰাই পঠোৱাৰ ব্যৱস্থা কৰিব। পাৰিম বুলি ভৱা সকল আগবাঢ়িব। সেইকাৰণে কৈছো- এভাৰেষ্ট পিচতো বিজয় কৰিবলৈ সুবিধা পাব, কিন্তু আপোনালোক সকলো সুকলমে ঘুৰি যাবই লাগিব।
ইৰাণীৰ দীঘল ভাষণে সকলোকে চিন্তিত কৰি তুলিলে। সকলো মনে মনে থাকিল। শেষত কংকনা বাই মাত লগালে
– এহ, সকলো ভগৱানৰ ইচ্ছা। তেও যি কৰাইছে তাকে কৰি যোৱাই মংগল। বাকী যি হয় তেওৰ ইচ্ছাতে হব। মৰিলেও স্বৰ্গ প্ৰাপ্তি হব! গতিকে বেছি চিন্তা কৰি লাভ নাই। তেৰাই এইখিনি পোৱালেহি যেতিয়া- বাকীখিনিও কৰিবলৈ শক্তি দিব। আপোনালোক সাজু হওক। মই ওলালো- চাও মোৰ অক্সিজেনটো কোনোবা এটাই ভালকৈ লগাই দেছোন..বৰ অসুবিধা পাই আছো।
সমৰ্পণে যে ইমান শক্তি দিয়ে ভাবিবলৈকে কঠিন। ভগৱানৰ ইচ্ছা বুলি মানি লোৱাৰ লগে লগে মানুহবোৰৰ মনৰ শংকা বহুত কমি গ’ল। পৰিবেশেও ভগৱানৰ ওচৰত নিজকে সঁপি দিয়াৰ সমৰ্থন কৰিলে।

☆★☆★☆

(আগলৈ)

Leave a Reply

Your email address will not be published.