ফটাঢোল

মহাপলায়ন পৰ্ব (ষষ্ঠ খণ্ড) – অভিজিত কলিতা

 

(পঞ্চম খণ্ডৰ লিংক)

ফাকদিঙৰপৰা নামচে বজাৰ —

পিছদিনা ৰাতিপুৱাই সকলোকে লৰালৰি কৰিবলৈ কঠোৰ ভাৱে কোৱা হ’ল। কাৰণ আজি বহুদূৰ ট্ৰেকিং কৰিব লাগিব, মনজ’ হৈ ৩৪৪০ মিটাৰ উচ্চতাৰ নামছে বজাৰ পাবগৈ লাগিব। এইটো শেষ বসতি, ইয়াৰ পাছত আৰু ক’তো জনপ্ৰাণী পোৱা নেযাব, কফি হাউছো নাই। গতিকে খৰধৰ কৰিব লাগিব।

আজিৰ যাত্ৰাও কালিৰ দৰে পাহাৰৰ তললৈ নমাৰে আৰম্ভ হ’ল। বাটটো সৰু সৰু গাওঁ আৰু ঝুম খেতিৰ পথাৰেৰে ভৰা। ঝুম খেতিবোৰৰ মাজে মাজে শেলুৱৈ লগা শিলৰ দেৱাল। পথ বেয়া হ’লেও নামনি মুখী যাত্ৰা হোৱাৰ বাবে বৰ বেছি কষ্ট হোৱা নাই। মহিলাসকলে নিজৰ মাজতে কথা বতৰা পাতি মচগুল। নামছে ‘বজাৰ’ নামটো শুনাৰ পাছত মহিলাসকলে যথেষ্ট উৎসাহ অনুভৱ কৰিছে, বজাৰ যেতিয়া কিবা কিবি শ্বপিং নকৰিলে হ’ব নে? সেই উৎসাহতে তেওঁলোক পুৰুষসকলতকৈ বেগাই আগবাঢ়িছে। চেঙেলীয়াকেইটাও ঝুম খেতিৰপৰা সুবিধা বুজি বন্ধা কবি, মটৰ, বিলাহী আদি সৰকালে। তাৰে আধা কেঁচাই কেঁচাই খাই, বাকীখিনি পেলাই দিলে।

অলপ পাছতে তেওঁলোক সাগৰমাথা নেচনেল পাৰ্ক সংৰক্ষিত অঞ্চলত সোমাল। ইয়াত সোমাবলৈ পাছ লাগে, পাছবোৰ আগতেই যোগাৰ কৰা হৈছিল। এইবাৰ সৰল গছৰ হাবিবোৰ অলপ ঘন হৈ আহিল। বাটচোৱাত তেওঁলোকে দুধকোচী আৰু ভোটে নদীৰ ওপৰৰ দুখন আকাশলংঘী চাচপেনচন ব্ৰিজ পাৰ হ’ব লগা হ’ল। বতাহত ব্ৰিজকেইখন ভয়ংকৰ ভাৱে লৰি আছিল।

– “আগত ‘বজাৰ’ বুলি শব্দটো নথকা হ’লে আধাখিনি মহিলা ইয়াৰপৰাই ঘূৰি গ’লহেতেন!” — ধূৰ্জটিয়ে ফুচফুচাই ক’লে অমিতাভ মহন্তক। দুইটাই খিকখিকাই হাঁহিলে।

সঁচাকৈয়ে ব্ৰিজ দুখন পাৰ হওঁতে সকলোৰে খোজ থৰক-বৰক হ’ল। কংকনা বাইদেৱে – “পাৰ কৰা ৰঘূনাথ সংসাৰ সাগৰ”টো ধুনীয়াকৈ সুৰ লগাই গালে, ৰাইজেও সহযোগ কৰিলে তেওঁক, সেই ভক্তিগীতৰ সুৰতে সকলো লাহে লাহে ব্ৰিজকেইখন পাৰ হ’ল।

ব্ৰিজকেইখন পাৰ হোৱাৰ লগে লগে ৰাষ্টা ভয়ংকৰ হৈ পৰিল, ঠেক ঠাই, বাওঁহাতে থিয় গড়া, শিলগুটিময় বাট, লগতে মাজে মাজে বোকা আৰু ৰাষ্টাৰ মাজতে সৰু সৰু জুৰি কিছুমান। লগতে ৰাষ্টাটো একেবাৰে থিয়ৈ থিয়ৈ ওপৰলৈ উঠিছে। এই ‘আপ’টোৰ পাছতে নামছে বজাৰ পোৱা যাব। কিন্তু মাত্ৰ এই ৭০০ মিটাৰ বাট পাৰ হ’বলৈ মানুহবোৰক পাঁচ ঘণ্টামান লাগিল। বহি, তামোল খাই, হায়ৈ বিয়ৈ, কিহে পাইছিলে ঐ আদি চিঞৰি, মূৰত পানী ঢালি, হৰি নাম লৈ যেনেতেনে মানুহবোৰ নামছে বজাৰ পালেগৈ।

এখন ঘোঁৰাৰ খুড়াৰ আকৃতিৰ উপত্যকাৰ মাজতে নামছে নামৰ সৰু গাঁওখন অৱস্থিত। নেপালত শ্বেৰ্পা কেপিটেল আৰু এভাৰেষ্ট অভিযানৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ঠাইবোৰৰ এখন। চাৰিওফালে ঝুম খেতি। পাহাৰ কাটি কাটি খটখটীৰ দৰে কৰি তোলা হৈছে, তাতে কৰা হৈছে মাকৈকে আদি কৰি নানান পাহাৰীয়া খেতি। ৰঙচঙীয়া কাপোৰ পিন্ধা তেজাল গালৰ ল’ৰা-ছোৱালী কিছুমানে দৌৰা দৌৰি কৰি ফুৰিছে।

পিছে ইয়াত বজাৰ বুলিবলে বৰ বিশেষ নাই, কেৱল মাউণ্টেনিয়াৰিঙৰ সামগ্ৰী ভাৰাত পোৱা দোকান এসোপা আছে। আৰু বাকী কফি হাউছকেইটামান। বস্তুৰ দাম কাঠমাণ্ডুতকৈ এশগুণ বেছি। হ’বই, সকলো বস্তু মূৰেৰে কঢ়িয়াই আনিব লাগে। বজাৰখন দেখা পাই মহিলাসকল একেবাৰে সন্তুষ্ট নহ’ল। তেতিয়াহে তেওঁলোকক ভাগৰে জুমুৰি দি ধৰিলে। ১০০ কেজিমানকৈ ওজন উঠাই দপ দপকৈ খোজকাঢ়ি যোৱা শ্বেৰ্পাসকলক দেখি ৰাইজে নহ’বৰ হ’লহে বুলিলে।

ইয়াত ৰাইজে ভাত আৰু মচুৰ ডাইল খাবলৈ পালে। লগতে আলু ভাজি। পৰিকল্পনা মতে তেওঁলোক এদিন নামছেত কটাব। আৰু অলপ পাহাৰ বগোৱাৰ অভ্যাস কৰিব। চেঙেৰা চেঙেৰীকেইটাৰ আকৌ চিনেমা চাবলৈ মন গ’ল। চিনেমা হ’ল বিছাৰি দুই এঠাইত প্ৰচণ্ড ধমকি খাই গোটেইকেইটা সুৰ সুৰকৈ তম্বুত সোমালেহি।

পিছদিনা অভ্যাস কৰাৰ কথা আছিল, কিন্তু কোনো নগ’ল। কালিৰ বিষেই মাৰ যোৱা নাই, তাতে আকৌ কিমানদূৰ যাবলৈ আছে তাৰ কোনো ঠিকনা নাই। এতিয়া অভ্যাস-চভ্যাস কৰি দেহাটোক কষ্ট দিয়াৰ কোনো মানে নাই বুলি সকলোৱে উপলব্ধি কৰিলে, মানুহবোৰ এঘাৰ, বাৰ বজালৈকে গেৰাই গেৰাই শুলে।

অৱশ্যে দুজনমান অলপ ওলাই গ’ল। খুন্দে নামৰ গাঁওখন চাবলৈ, তাতে এডমাণ্ড হিলাৰীয়ে প্ৰতিষ্ঠা কৰা হস্পিটেলখন আছে। হস্পিটেলৰ নাম শুনি নৱজিতৰ মনটো ভাল লাগিল, আৰু সিয়েই আগভাগ ল’লে। কালিৰপৰা তাৰ পেটটো ভাল হোৱাই নাই।
________________________

নামছেৰপৰা টেংবছে আৰু দিংবছে —

তাৰ পাছদিনা তেওঁলোকে নামছে বজাৰ এৰি যাত্ৰা আৰম্ভ কৰিলে। লক্ষ্যস্থান টেংবছে নামৰ এখন সৰু পাহাৰীয়া গাঁও। তাতে এটা বৌদ্ধ মনেষ্ট্ৰী আছে। আজিৰ পথ কালিতকৈ মসৃণ। মাজে মাজে সৰু দোকান পোৱা যায়, তাত চকলেট আৰু পানী কিনিবলৈ পোৱা যায়। দুই এখনত মেগীও পোৱা যায়। য়াকৰ গোবৰ শুকুৱাই তেওঁলোকে জুই জ্বলায় – তাৰে ভাত ৰান্ধে, পানী গৰম কৰে।

নামছে পাৰ হোৱাৰ পাছতে আকাশ মুকলি হৈ পৰিল। সমূখত ভাঁহি উঠিল সুউচ্চ শৃংগবোৰ। সকলো দিশে কেৱল বৰফাবৃত সুউচ্চ শৃংগ। সকলোৰে নিজকে পতংগ যেন লাগিল। তেওঁলোকে প্ৰথমবাৰৰ বাবে লটছে শৃংগ দেখিবলৈ পালে, পৃথিৱীৰ ৪ৰ্থ উচ্চতম শৃংগ। শৃংগটো এভাৰেষ্টৰ কাষতে আছে, এভাৰেষ্ট অৱশ্যে এতিয়ালৈকে দৃষ্টিগোচৰ হোৱা নাই।

ইতিমধ্যে তেওঁলোকে সাগৰপৃষ্ঠৰপৰা ৪০০০ মিটাৰ ওপৰলৈ উঠিল, আৰু ৪০০০ উঠিব পাৰিলেই কাম হৈ যাব। পিছে ইয়াত অক্সিজেন কমি অহা বুলি অনুভৱ হ’ল। অলপতে ভাগৰ লাগিবলৈ ধৰিলে তেওঁলোকৰ। কালি অভ্যাস নকৰাৰ বাবে সকলোৰে অনুশোচনা হ’ল। আজিৰ যাত্ৰা একেৰাহে ওপৰমুখী, হ’লেও এইকেইদিনৰ অভ্যাসৰ বলত মানুহবিলাক সাৱলীল ভাৱেই আগুৱাবলৈ ধৰিলে। জাকজমকীয়া কাপোৰ পিন্ধা ল’ৰা-ছোৱালী আৰু ৰঙচঙীয়া বৌদ্ধ ধৰ্মীয় পতাকাবোৰেৰে চাৰিওদিশ ভৰি আছে।

নামছেৰপৰা ওপৰলৈ কেৱল শ্বেৰ্পা সম্প্ৰদায়ৰ লোকেহে বাস কৰে। ইমান উচ্চতাৰ কঠিন জীৱনশৈলীৰ লগত তেওঁলোক অভ্যস্ত। খেতি-বাতি অতি কম হয়, যোগাযোগৰ ব্যৱস্থা নায়েই বুলিব পাৰি। সকলো নিত্য প্ৰয়োজনীয় বস্তু তলৰপৰা কঢ়িয়াই আনিব লাগে। সেইবাবেই তেওঁলোকৰ বাবে এভাৰেষ্ট বগোৱা বৰ বেছি কঠিন কাম নহয়। প্ৰায়বোৰ শ্বেৰ্পা যুৱকৰ বাবে এভাৰেষ্টৰ গাইড আৰু পৰ্টাৰ হোৱাই মূল জীৱিকা। আপা শ্বেৰ্পা নামৰ এজন গাইডে আজিলৈকে ২১ বাৰ এভাৰেষ্টত উঠি ৰেকৰ্ড গঢ়িছে।

নামছে বজাৰত য়াকবোৰ এৰি দিয়া হ’ল। এতিয়া কেৱল শ্বেৰ্পা আৰু নিজে কঢ়িয়াই নিব পৰা বস্তুখিনিহে তেওঁলোকৰ লগত। লগতে খাদ্য, অক্সিজেন চিলিণ্ডাৰ আদি সকলো লগত নিব লগা হৈছে। বতৰো ঠাণ্ডা হৈ আহিছে, দুপৰীয়া অলপ গৰম থাকে যদিও ৰাতি উষ্ণতা শূণ্যৰ তললৈ নামে।
দলটো দুপৰীয়াৰ ভাগতে টেংবছে পালেগৈ, তাতে দুপৰীয়াৰ আহাৰ কৰি তেওঁলোক ডিংবছেলৈ আগবাঢ়িল। শিলাময়, ধূলিময় ওখোৰা-মোখোৰা বাট। এবাৰ তললৈ নামিব লাগে, এবাৰ ওপৰলৈ উঠিব লাগে। আপ-ডাওন, আপ-ডাওন। অতি আমনিদায়ক।

সন্ধিয়া হোৱাৰ আগে আগে তেওঁলোক ডিংবছে সোমালহি। আচৰিত ভাৱে তেওঁলোকে তাত দুই এখন দোকান দেখা পালে, অৱশ্যে দাম আকাশলংঘী। এটা বিয়েৰতে ৬০০ টকা। হ’লেও আপুৰুগীয়া বস্তু পোৱাদি খোৱাকেইজনে অলপ অচৰপ খালেই। ৰাতি মেগী খাই শুব লগা হ’ল।

অনামিকাই বান্ধি অনা কে এফ চি বাকেটটোৰ কথা পাহৰিয়েই গৈছিল। আজি মনত পৰি বেগ খুচৰি উলিয়ালে। সেউজীয়া ৰং ধৰিছে, আৰু গোন্ধত ওকালি ৰাখিব নোৱাৰি। নিৰাশ মনেৰে তেওঁ সেইবোৰ তলৰ নৈখনলৈ দলিয়াই পেলালে।

ইৰাণীয়ে সকলোৰে লগত কথা পাতিলে, তেওঁ পৰীক্ষা কৰিছিল যে কাৰোবাক হাই অলটিটিউড চিকনেছে পাইছে নেকি? এই ৰোগ হ’লে মানুহৰ হেলুচিনেচন হয়, ওলোটা-পোলোটা কথা কয়। পিছে তেওঁ একো নিশ্চিত ভাৱে ধৰিব নোৱাৰিলে। মানুহবোৰে ওলোটা-পোলোটা অদ্ভুত কথা নোকোৱা নহয়, কিন্তু তেওঁলোকে দেখোন গুৱাহাটীত এচি ৰূমত বহি ফটাঢোল কোবাই থাকোতেও এনে কথা কয়। সেইটো তেওঁলোকৰ স্বভাৱেই নে হাই অলটিটিউড ৰোগ নিৰ্ণয় কৰিব নোৱাৰি তেওঁ বৰ বিমোৰত পৰিল।

ইফালে পাটিৰি দেউ আৰু কাকতি দেউ দুয়োৰে আজি অলপ বেছি হৈ গ’ল। ভাগৰ, অক্সিজেনৰ নাটনি, হাড়কঁপোৱা জাৰ, টেনচন আদিৰ লগত মিলি সেইবিধে দুয়োকে আজি ভালকৈয়ে ধৰিলে। প্ৰথমতে ভালেই আছিল, পুৰণা অসমীয়া গান গাই আছিল। তাৰপাছত কেতিয়ানো দুইজনে অদৃশ্য শত্ৰুক উদ্দেশ্য কৰি গালি পাৰিবলৈ ধৰিলে তেওঁলোকে গমেই নেপালে। কাৰোবাক চেলেঞ্জ দিলে আৰু শেষত দুয়ো কান্ধ ধৰা ধৰিকৈ হুৰাওৰাৱে কান্দিবলৈ ধৰিলে। সেইৰাতি তেওঁলোক তম্বুলৈ নগ’ল, য়াকৰ গোবৰৰ জুইকুৰাৰ কাষতে দুয়োজন শুই পৰিল। ৰাতি বিপ্লৱে মনে মনে আহি তেওঁলোকৰ বস্তাটোৰপৰা তিনিটামান বটল উলিয়াই নিজৰ মোনাৰ ভিতৰত ভৰালেগৈ।

== এভাৰেষ্ট বে’ছ কেম্প==

বাকী তিনিদিনৰ যাত্ৰাত বৰ বিশেষ নতুনত্ব নাই, একেই একেৰাহে উপৰলৈ গৈ থকা পথ, বৌদ্ধ বিহাৰ, ক্ৰমান্বয়ে বাঢ়ি যোৱা ঠাণ্ডা, আৰু চাৰিওফালৰ বৰফৰ শৃংগবোৰ। ডিংবছেৰ পৰা তেওলোক থোকলা গাও হৈ লাবুছে পালেগৈ। ইয়াত দিনে ৰাতিয়ে ভয়ংকৰ ঠাণ্ডা, লগতে ফেৰফেৰীয়া বতাহ। নাতিদূৰৰ পৰা বৰফগলা পাহাৰীয়া নদীৰ গৰ্জন। চাৰিওফালে জ্বলা য়াকৰ গোবৰৰ গোন্ধ। এক ভয় লগা পৰিবেশ।
মহিলাসকলৰ ফেচনৰ ইয়াতে অন্ত পৰিল। সকলোৱে ডিজাইনাৰ ড্ৰেছবোৰ এৰি পৰ্বতাৰোহণৰ পোচাক পিন্ধি ল’লে। ভৰিত ক্লাইম্বিং বুট, গ্লাভছ, টুপী, ক’লা চানগ্লাছ, ৱিণ্ডপ্ৰুফ জেকেট, বৰফ নিৰোধী কাপোৰ, মুৰত ফাৰৰ টুপী। কংকনা বাই তাৰ ওপৰতে ছাদৰখন মেৰিয়াই ল’লে। পৰদেশত নিয়ম নাস্তি বুলি জানিলেও কিছুমান কথা এৰিব নোৱাৰি নহয়। কোনোবাই পিছত ফটো দেখি আপত্তি কৰিলে কব পৰা যাব, ছাদৰখন এৰা নাই নহয়। শৰাইখনো আজিলৈকে বান্ধি লৈয়েই ফুৰিছে। পিছে ভগৱান এজনেও এতিয়ালৈকে দেখা দিয়া নাই। হ’লেও তেও চেষ্টা এৰি দিয়া নাই, অনবৰতে সাজু হৈ আছে। এনে তপস্যাত ভগৱান সন্তুষ্ট নহৈ পাৰেনে?
লাবুছেৰ পৰা গোৰখশ্বেপ হৈ আজি তেওলোকৰ লক্ষ্য এভাৰেষ্ট বে’ছ কেম্প। ৰাষ্টাত মাজে মাজে বৰফ জমা হৈ আছে। আকৌ একেৰাহে ওপৰলৈ যোৱা বাট। কিন্তু আচৰিত ভাৱে মানুহবোৰে আপত্তি কৰা একেবাৰে কমাই দিলে। হয়তো সকলো এভাৰেষ্টৰ ৰহস্যময় আকৰ্ষণত বন্দী হৈ পৰিছে। আৰু ইমানদিনে এনে পৰিবেশ আৰু শাৰীৰিক কষ্টত অভ্যস্ত হৈ পৰিছে।
পিছে মহিলাসকলৰ সমস্যাৰ অন্ত পৰা নাই, বাটে ঘাটে সৰুপানীকণ চোৱাৰ ফেচিলিটিটো তেওলোকৰ নাই বাবে তেওলোকে যাত্ৰাৰ সময়ত এনেও পানী নেখায়। তাতে পানীও যি হিমচেঁচা, মুখত দিলেই দাঁত শিৰশিৰাই যায়। গতিকে প্ৰায় সকলো মহিলাই ডিহাইড্ৰেচনত ভুগিল, হাই অলটিটিউডত এইটো সকলোতকৈ ডাঙৰ সমস্যা। সকলোৰে মুৰৰ বিষ হ’ল, ওঁঠ ফাটি চিৰাচিৰ হ’ল, বটলে বটলে লিপ গাৰ্ড ঘঁহিও একো লাভ নহ’ল। কাৰোবাৰ মুৰ বিষ ইমান বেছি হ’ল যে তেওলোক ৰাষ্টাতে বহি পৰিল। যেনে তেনে তেওলোকক পানী খুৱাই, আৰাম কৰাই, উৎসাহ দি লৈ যাওতে দলটোৰ গতিবেগ একেবাৰে কমি গ’ল। বেছ কেম্প নেপায় হে নেপায়। মানুহখিনি এইবাৰ সৰু সৰু দলত বিভক্ত হৈ পৰিল। যিসকল সুষ্ঠ হৈ আছে তেওলোক শ্বেৰ্পা দলৰ লগত আগবাঢ়িল। বাকী সকল নিজ নিজ ক্ষমতা মতে আগবাঢ়িল। মাজৰ ৰাতি কেইটা তেওলোকে লাবুছেৰ কফি হাউছ আৰু গোৰখশ্বেপৰ য়েটি ল’জত কটালে।
গোৰখশ্বেপৰ য়েটি ল’জত ধুনীয়াকৈ টোপনি মৰাৰ পিছদিনা তেওলোক ৰাতিপূৱা ১ বজাতে উঠিল, উদ্দেশ্য, কালা পাত্থৰলৈ গৈ এভাৰেষ্টৰ সুৰ্যোদয় চোৱা, অৱশ্যে সকলো নগ’ল। প্ৰায়বোৰেই সাৰ নেপালে। কেইজন মান ৰাতি দুই বজাত শুবলে গ’লহে। তথাপিও কেইজন মান লগলাগি তিনিঘণ্টাৰ বেছি খাড়া পাহাৰ বগাই কালা পাত্থৰত উপস্থিত হ’লগৈ। আৰু প্ৰতক্ষ্য কৰিলে পৃথিৱীৰ উচ্চতম স্থানৰ সূৰ্যোদয়।
এন্ধাৰতো সিংহৰ দৰে প্ৰচণ্ড অভিমানেৰে ঠিয় হৈ আছিল মাউণ্ট এভাৰেষ্ট। কাষতে সেনাপতি ৰূপী ল’টছে। লাহে লাহে এন্ধাৰৰ গভীৰতা অলপ অলপকৈ কমি আহিল। পাতল আকাশৰ পৃষ্ঠপটত দেখা গ’ল এভাৰেষ্টৰ Silhouette, আৰু অনতি পলমে উজ্জ্বল সোণালী ৰঙেৰে জিলিকি উঠিল শৃংগশিখৰ। এক অলৌকিক মায়াময় পৰিবেশ, অপাৰ্থিৱ এক দৃশ্য। মূক হৈ ৰ’ল সকলো, হাত যোৰ কৰি প্ৰণাম কৰাৰ বাবে তেওলোকৰ আৰু একো কৰিবলগীয়া নাছিল।
ডিংবছে কেম্পচাইটৰ পৰা ওলোৱাৰ তিনিদিনৰ পাছত সকলো সদস্য কোনো হানি বিঘিনি নোহোৱাকৈ এভাৰেষ্ট বেছ কেম্পত উপস্থিত হ’লগৈ। অৱশ্যে সম্পূৰ্ণ সুস্থ ৰূপত নহয়। সকলোৰে কিবা নহয় কিবা অসুখে লগ দিলে।
সাগৰপৃষ্ঠৰ পৰা ৫৩৬৪ মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্ট চাউথ বেছ কেম্প। আন এটা বে’ছ কেম্প আছে তিব্বতত। সেইফালৰ পৰাও মাউণ্ট এভাৰেষ্ট অভিযান চলোৱা হয়। তাৰ বাবে চীনা চৰকাৰৰ অনুমতি লাগে। ভাৰতীয় নাগৰিকৰ বাবে এই অনুমতি উলিওৱা কষ্টকৰ। আচলতে কবলৈ গ’লে এইখন এখন শিলনি, নানান আকাৰৰ শিলেৰে ভৰা ঠাইখনৰ একাষে কুম্ভু আইচফল, আৰু আন সকলো ফালে নানান শৃংগ, এভাৰেষ্ট, নুপছে, ল’টছে, ছাংছে, পুমৰি আদি শৃংগবোৰে ঠাইখন বেৰি আছে। ২০১৫ চনৰ ১৫ এপ্ৰিলৰ দিনা ইয়াত এক প্ৰলয়ংকৰী ভূমিকম্প হৈছিল, সেই ভূমিকম্পত পুমৰি শৃংগৰ পৰাই বৰফৰ ঢল ভাগি নামি আহিছিল, আৰু উটুৱাই লৈ গৈছিল এভাৰেষ্ট বে’ছ কেম্প। সেইদিনা আছিল ৰঙালী বিহু, হয়তো বিহুৰ আশীৰ্বাদতে প্ৰাণ ৰক্ষা পৰিছিল সংবাদিক প্ৰণয় বৰদলৈৰ নেতৃত্ত্বত অসমৰ পৰা অহা এভাৰেষ্ট অভিযাত্ৰী দ’লটোৰ প্ৰাণ। ভূমিকম্পৰ সময়ত তেওলোক কেম্পত নাছিল, ওপৰৰ এটা সৰু শৃংগত অনুশীলনত ব্যস্ত আছিল। বৰফে তেওলোককো পুতি পেলাইছিল, হাত আইচ এক্স বিলাক বৰফত পুতি লৈ ‘এভালান্স গ্ৰিপ’ ধৰি তেওলোকে অপেক্ষা কৰিছিল প্ৰকৃতিৰ দয়ালৈ। প্ৰকৃতি হয়তো তেওলোকৰ ওপৰত সিমান ৰুষ্ট নাছিল, কিন্তু কেম্পত থকা আন ১৯ জন অভিযাত্ৰীক প্ৰকৃতিয়ে ক্ষমা নকৰিলে। তেওলোকৰ মাজত আছিল দুজন চুইছ ডাক্তৰ, তেওলোকে বে’ছ কেম্পত অভিযাত্ৰীসকলক সেৱা কৰিবলৈ আহিছিল।
বে’ছ কেম্পৰ ঠাইখন সমতলেই বুলিব পাৰি, সকলোতকৈ ডাঙৰ কথা ইয়াত সকলো সুবিধা আছে, ডাক্তৰ, ৰান্ধনীঘৰ, গা ধোৱাৰ সুবিধা, আৰামদায়ক কেম্প, সকলো বয় বস্তু শ্বেৰ্পাসকলে তলৰ পৰা কান্ধেৰে বা য়াকত উঠাই কঢ়িয়াই আনে। ইয়াত তেওলোক কিছুদিন থাকিব লাগিব। সম্পূৰ্ণ এক্লেমেটাইজ হোৱাৰ লগতে অনুকূল বতৰৰ বাবেও অপক্ষা কৰিব লাগিব।
ফটাঢুলীয়া সকলে বে’ছ কেম্প পাই বিৰাট মজা পালে, তেওলোকৰ ভাগৰ অসুখ সকলো পলাই গ’ল। কিছুদিন থাকিবই লাগিব যেতিয়া তেওলোকে সকলো সা সুবিধা যোগাৰ কৰাত লাগিল। আইসকলে তম্বু এটাতে সৰুকৈ নামঘৰ এভাগ পাতিলে, গধূলি গধূলি নাম লবলৈ সুবিধা হব। কংকনা বাৰ শৰাইখনকে মণিকূটত স্থাপন কৰা হ’ল। তাতে গুণমালা খন থৈ ফুলাম গামোচাৰে ঢাকি দিয়া হ’ল। সময় পালে চুৰচুৰীয়াকৈ ভাওনা এভাগো পাতিবলৈ মনস্থ কৰা হ’ল। ভাওনাৰ আখৰা কৰিয়েই থোৱা আছে- ভীষ্ম পৰ্বৰ বচন সকলোৰে মুখস্থ আছে।
ব্ৰহ্মানন্দ পাটিৰিৰ তত্বাৱধানত আৰু এটা ডাঙৰ তম্বু খালি কৰি ‘বাৰ কাম ৰেষ্টুৰেণ্ট’ৰ ৰূপ দিয়া হ’ল। অলেকেশে চ’লাৰ পাৱাৰত চলা মিউজিক চিষ্টেম এটাও লৈ আহিছিল, লগতে গজলৰ এম পি ৩ এসোপা। সোণটোৱে লগত লৈ অহা কেৰমবৰ্ডখনো তাৰ ভিতৰতে পাতি ল’লে। তাছ পাত সকলোৰে লগত আছিলেই, সেইটো কোনেও পাহৰা নাছিল। গধূলি গধূলি ডাঙৰ সকলৰ তিন পাত্তি আৰু ৰামী, চেঙেৰা কেইটাৰ কেৰম বৰ্ড। সিবিধ ডাঙৰ সকলে সকলোৱে দেখাকৈ, সৰু কেইটাই মনে মনে লুকুৱাই। অৱশ্যে তিনি পেগ মান যোৱাৰ পাছত সকলো খোলাখুলি হৈ যায়।
বিপ্লৱ অকলশৰে থাকি ভাল পাই। তেও কিবা কিবি লোহা লক্কৰ গোটাই এটা বৰশী সাজিলে। আৰু তেওক দিনৰ দিনটো কুম্ভু আইচফলৰ বৰফৰ মাজতে বৰশী বাই থকা দেখা গ’ল। তেও হেনো কৰবাত শুনিছিলে – কিছুমান মা‌ছ বৰফতো থাকে। আচলতে বৰশী বোৱাত মাছ পাবই লাগিব বুলি কোনো কথা নাই, টাইম পাছটোহে আচল কথা। মাজে মাজে তেওৰ মূকৰ পৰা চুৰুক চুৰুক শব্দটো ওলাই থাকে।
সকলোতকৈ দৰকাৰী কামটো কৰিলে মুংছাজই। তাই সাঁজৰ পিঠা কেইটামান লৈ আহিছিলে। বে’ছ কেম্পত চাউল আছিলেই, গতিকে শ্বেৰ্পা কেইটাৰ লগ হৈ তেও একলহ থ’লে। অৱশ্যে কলহ পোৱা নগ’ল, পুৰণা চচপেন এটাকে ব্যৱহাৰ কৰিব লগা হ’ল। শ্বেৰ্পা কেইটা মিনিটতে মুংছাজৰ ভক্ত হৈ পৰিল, এনি টাইম দিদি দিদি কৰি পিছে পিছে ঘুৰি থাকে। পদ্ধতিটো শিকাই দিয়াৰ লগতে তেও ঘুৰি গৈ ৰেগুলাৰ বে’ছ কেম্পলৈ পিঠা পঠাই থাকিব বুলিও গাত ল’লে।
এই অঞ্চল সাগৰমাথা সংৰক্ষিত অঞ্চলৰ ভিতৰত, বায়’ ডাইভাৰ্চিটি হটস্প’ট। গতিকে ইয়াত কোনো জীৱজন্তু হত্যা কৰাত নিষেধ আছে। মাছ মাংস তলৰ পৰা যি আহে তাকেই খাব লাগে, প্ৰায়বোৰেই গেলি যায়। গতিকে ৰাইজে খাদ্যত বৰ সুবিধা নেপালে। মিতালী শৰ্মাই লৈ অনা কাহুঁদি, খাৰলি আৰু খৰিছা খিনিৰেই সকলোৱে কাম চলাব লগা হ’ল।
ৰাতিপূৱা সদায় চাহ দিয়ে, কিন্তু লগত কেৱল থিন এৰ’ৰুট বিস্কুট। এনেকৈ আৰু পাৰি নেকি? গতিকে জাহ্নৱী, অৰ্চনা আৰু মুনমীৰ উদ্যোগত পিঠা খুন্দাৰ ব্যৱস্থা কৰা হ’ল। চাউল পানীত তিয়াই, শুকুৱাই, শিলেৰে খুন্দি গুৰি কৰি, তাৰ ভিতৰত চেনী অলপ দি তিল(আচলতে চেনী) পিঠা কৰা হ’ল। তেওলোকৰ এই উদ্যোগৰ সকলোৱে প্ৰশংসা কৰিলে।
বিজয়ে ঢোল এটাও লৈ আহিছিল, নহ’লে অসমীয়াৰ চিনাকীটো ক’ত থাকিব। গধূলি সাত মান বজাৰ লগে লগে তাৰ গাত বিহু লাগে, জনাই নজনাই ঢোলটো কোবাবলৈ ধৰে। চেঙেৰা চেঙেৰী কেইটাৰো গা উঠি যায়। থাল বাতি, কেৰাহী, শিলগুটি আদি লৈ তাৰ লগত সংগত কৰা আৰম্ভ কৰে। ৰীতু, মণীষা, নীলাক্ষী, মান্তা ……………….. এইকেইজনীয়ে বিহু বুলিলেই কব নোৱাৰা হয়, সিহঁতৰ নাচোন দেখি দেশী বিদেশী আন অভিযাত্ৰীসকলো আহি লগ লাগেহি।
অনামিকাই এতিয়ালৈকে অলা/উবেৰৰ আশা এৰি দিয়া নাই। তেওৰ আচলতে সকলোকে চাৰপ্ৰাইজ দিয়াৰ মন। পিছে সদায় বিফল। লাহে লাহে খং উঠি আহিছেগৈ তেওৰ। ঘুৰি যোৱাৰ পাছত তেও আৰু কেতিয়াও অলা/ উবেৰত নুঠে। সদায় অট’ লব। এই বিদেশী পূঁজিপতিবোৰক এনেয়ো বেছি পাত্তা দিব নেলাগে। লুটিবলৈ হৈ আহে ইহঁত, মানুহৰ অসুবিধা দূৰ কৰিবলৈ নহয়।
দিনবোৰ একেবাৰে ৰূটিন মাফিক, পূৱা শুই উঠি বৰফৰ পাহাৰ বগোৱাৰ অভ্যাস, তাৰ পাছত আকৌ এক্লেমেটাইজেচন ৱাক! গধূলিৰ সময়খিনিহে অলপ ভাল লগা, এফালে নামঘৰত আয়তীৰ দেহবিচাৰ গীত, আনফালে মেহদী হাচানৰ গজল।
এনেকৈয়ে পোন্ধৰ দিন মান গ’ল। সকলো সুস্থহৈ পৰিল, এই পৰিবেশটোৰ লগতো সহজো হ’লগৈ। কংকনা বা আৰু প্ৰণীতা বাইদেৱে এই পৰিবেশতো সদায় গা ধুই গোঁসাই সেৱা নকৰাকে পানী এটুপিও মুখত নিদিয়া বুলি গম পাই বে’ছ কেম্পৰ বাকী দলবোৰে আচৰিত মানিলে। ইয়াত গা ধোৱাও সহজ কথা নহয়, প্ৰথমতে বৰফ এসোপা ভাঙি আনি গোটাওক, তাৰ পাছত দুঘণ্টা ধৰি সেইবোৰ গলাওক, তাৰ পাছত গৰম কৰক, আৰু গৰম পানী কণ লৈ বাথৰুম পাইগৈ মানে তাৰ ওপৰত বৰফৰ চামনি এটা পৰেই। তথাপি তেওলোকে ধৰ্ম পথ এৰি নিদিলে।
অৱশেষত সেই দিনটো আহিলগৈ। আগদিনা গধূলি হেমন্ত কাকতিদেৱে গদগদ হৈ বে’ছ কেম্পৰ সকলো কৰ্মচাৰী আৰু সহযাত্ৰীসকলক উদ্দেশ্য কৰি তিনি ঘণ্টা জোৰা এটা আবেগিক ভাষণ দিলে। খাঁটি অসমীয়া সাঁজৰ নিচাত কিয়া খাঁটি ভাষণটো বাকীসকলে বুজি নেপালে যদিও ফটাঢুলিযা সকলৰ চকু চলচলীয়া হৈ গ’ল।
কাৰণ কালিলৈৰ পৰা আৰম্ভ হব প্ৰকৃত আৰোহণ।

== কুম্ভু আইচফল ==

আজিৰ পৰা প্ৰকৃত এভাৰেষ্ট অভিযান আৰম্ভ হব, ফটাঢুলীয়া, নাচনীসকল ইতিমধ্যে শাৰীৰিক ভাৱে ভাৱিৱ নোৱাৰাকৈ সক্ষম হৈ উঠিছে। আজি কেইমাহ মানৰ আগতে ভাৱিবলৈয়ো ভয় লগা কাম কিছুমান তেওলোকে সহজে কৰিব পৰা হৈছে। এই কেইদিন বেছ কেম্পত তেওলোকৰ কঠোৰ প্ৰশিক্ষণ দিয়া হৈছে। সদায় ওচৰতে থকা সৰু সৰু বৰফৰ শৃংগ কিছমানত উঠে আকৌ নামে। জুমাৰিং, ৰেপেলিং, লেডাৰ ক্ৰছিং আদি কষ্মিন কালেও নাম নুশুনা কাম তেওলোকে আজিকালি সদায় কৰে। তাৰ পাছত যোগ- প্ৰাণায়ম, ষ্ট্ৰেট্চিং, আৰু কত কি? আৰু লগতে সকলোৰে মনত এভাৰেষ্ট জয় কৰাৰ আত্মবিশ্বাসেও গঢ় লৈ উঠিছে। সন্ধিয়া সন্ধিয়া বে’ছ কেম্পৰ নামঘৰত আজিকালি তেওলোকে কেৱল দিনটোৰ প্ৰশিক্ষণৰ কথা পাতে। সকলোৰে এতিয়া লক্ষ্য এটাই, পৃথিৱীৰ শিখৰত ভৰি দিয়া।
এভাৰেষ্ট বিজয়ৰ পথৰ প্ৰথম বাধা হ’ল কুম্ভু আইচফলচ। প্ৰথম অৱস্থাত এভাৰেষ্ট আৰোহণ কৰিব খোজা সকলৰ বেছিভাগেই এই কুম্ভু আইচলচতে মৃত্যুবৰণ কৰিছিল। এই আইচফলটো বে’ছ কেম্পৰ একেবাৰে ওচৰতে। এইটো পাৰ হ’লেই আৰু সিপাৰে এভাৰেষ্টৰ কেম্প নং ১। কেৱল পাৰ হোৱাই নহয়, কেম্প ১ পাবলৈ তেওলোকে আইচফলটোৰ গাৰে বগাই তাৰ একেবাৰ শীৰ্ষলৈ যাব লাগিব।
কুম্ভু আচলতে এটা গ্লেচিয়াৰ, বৰফৰ নদী। কিন্তু আন সাধাৰণ গ্লেচিয়াৰ বিলাকতকৈ ই কেইবাগুণো বেছি বেগত গতি কৰে, গতিকে বিপদ হাজাৰগুণে বেছি। এদিনত এই আইচফলটো ৩ বা চাৰি ফুট আগবাঢ়ি যায়। মাজতে হিচাপ নোহোৱা কৈ হাজাৰ ফুট গভীৰ বৰফৰ খাত, বা ক্ৰেভাছ(Crevasse) , আকৌ ওখ ওখ বফৰ স্তম্ভ বা ছেৰাচ ( Seracs) । আকৌ বৰফৰ গতিৰ বাবে আচম্বিক ভাৱে নতুন ক্ৰেভাছ কিছুমানৰ সৃষ্টি হয়। এই ক্ৰেভাছ বিলাক পাৰ কৰা অতি বিপদজনক। কেতিয়াবা প্ৰকাণ্ড চাৰি মহলীয়া ঘৰ এটাৰ সমান বৰফৰ টুকুৰা হুৰহুৰাই তললৈ বাগৰি আহে। কেতিয়াবা কেইবাটাও চেৰাচ একেলগে বৰফৰ খাটত ভাগি পৰে।
তেনে ক্ষেত্ৰত আৰোহণকাৰীৰ ভাগ্যৰ ভৰষা কৰি বহি থকাৰ বাদে কৰিব লগা একো নেথাকে। এই আইচফলটো পাৰ হবলৈ মানুহক কেতিয়াবা দুই তিনিঘণ্টা লাগে, আকৌ কেতিয়াবা পৰিস্থিতি অনুযায়ী ১৫/১৬ ঘণ্টাও লাগিব পাৰে। ক্ষণে ক্ষণে তাৰ পৰিস্থিতি সলনি হয়, আৰু সেইমতে আগবাঢ়িব লাগে।
ফটাঢোলৰ ৰাইজ যিহেতু এই বিষয়ত বৰ বেছি অভিজ্ঞ নহয়, গতিকে তেওলোকৰ বাবে এক সুৰক্ষিত ব্যৱস্থা কৰা হ’ল। তেওলোকে ৰাতি কুম্ভু আইচফলচ পাৰ হব। ৰাতি পাৰ হোৱা বেছি বিপদজনক যেন লাগিলেও আচলতে দিনত পাৰ হোৱাতকৈ ই বহু বেছি সুবিধাজনক। দিনত সুৰ্যৰ তাপত কুম্ভুৰ বৰফ গলে, গতিকে সি আৰু বেছি গতিশীল হৈ পৰে, ক্ৰেভাছবোৰত এই বৰফ গলা পানী সোমাই তাত আৰু বহল কৰি তোলে।
গতিকে ৰাতি ১২ বজাতে সকলো সাজু হ’ল। নামঘৰীয়া পাৰ্টিয়ে তথাপিও গা ধোৱাৰ নিয়মকণ নকৰাকৈ আগবাঢ়িবলৈ মান্তি নহল। যদিও বাহিৰত উষ্ণতা শূণ্যৰ বহু ডিগ্ৰী তলত।
বে’ছ কেম্পৰ পৰা এভাৰেষ্ট অভিযান আৰম্ভ হয় শ্বেৰ্পা সকলৰ পৰম্পৰাগত পূজাৰে। সকলো অভিযাত্ৰীয়েই এই পূজা কৰি যোৱা নিয়ম। এজন শ্বেৰ্পাই লামাৰূপে সকলো অভিযাত্ৰীকে বিজয় আৰু সুৰক্ষাৰ আশীৰ্বাদ দিয়ে। সৰু বৌধ স্তুপ এটাত চাউল ছটিয়াই নিজৰ সুৰক্ষা আৰু সফলতাৰ আশীষ বিছাৰে।
ফটাঢোলৰ ৰাইজৰ পিছে সেইবোৰত বৰ বিশ্বাস নাই। তেওলোক সকলোৱে নামঘৰটোৰ সমূখতে আঁঠু ল’লে, আৰু কাকুতি ঘোষা গালে। প্ৰাৰ্থনাৰ পিছত দলৰ বয়োজ্যেষ্ঠ সদস্য ব্ৰহ্মানন্দ পাটিৰিয়ে আশীৰ্বাদ ধৰিলে (এই জনাই আশীৰ্বাদ ধৰিলে সহজে নেৰে, ৰাইজৰ কঁকাৰ পিঠি বিষোৱাই পঠিয়াই)
– ভাল বোলে নমো নমো নাৰায়ন, প্ৰসন্ন হয়োক হৰি কৰিয়োক মায়াক নিৰ্জান। আপোনাৰ মহিমাক আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ। আতুৰ ভৈলো হৰি বিষয় বিকল, কৰিয়ো উদ্ধাৰ আমাক চৰণ কমল। ভাল বোলে, এভাৰেষ্ট বিজয় কৰাৰ এটি বিশেষ মনোবাঞ্চা লৈ আমি সমস্ত ৰাইজ আজি এটি গুৱা পাণ, এগছি বন্তি আৰু নামমাত্ৰ অৰিহনাৰে তেৰাৰ ওচৰত শৰণাপন্ন হৈছো। ইয়াতে দিওতে থওতে, কৰোতে মেলোতে নানান ভুল-ভ্ৰান্তি হ’ব পাৰে।
………… সৰ্ব অপৰাধ মৰিষণ কৰি, সকলো দায়-দোষ নিজ গুণে মাৰ্জনা কৰি, নিলগৰ ঢৌ নিলগতে মাৰ নিয়াই সমুহ পাতকীৰ মনোবাঞ্চা পুৰ্ণ কৰিব লাগে। শাস্ত্ৰত কৈছে বোলে মানৱী জীবন কচুপাতৰ পানী, এই আছে এই নাই। তাকেই সাৰোগত কৰি সমষ্ট পাতকীয়ে নিজৰ জীবন-মৰণ আপোনাতে সমৰ্পিত কৰি, চৰাচৰ জগতৰ অধিষ্ঠাতা প্ৰভুৰ চৰণত থিত দিছে হি।
বোলে এভাৰেষ্টৰ পথত যি বিপদ-বিঘিনিয়ে খাপ-পিতি ৰৈ আছে, সকলোটি দুৰতে বিদুৰ কৰি পাতকী সমস্তৰ মনৰ সদ-বাঞ্ছা পুৰ্ণ কৰিব লাগে। ভাল বোলে প্ৰভু, তুমিয়েই চৰাচৰ জগতৰ অধিষ্ঠাতা, তুমিয়েই আমাৰ দৰে পাতকীক পাপ-পুণ্য কৰাই মায়াত ভঞ্জাইছা। তোমাৰ মায়াক চিনিব নোৱাৰি আমি শূণ্য-হীনমতি সবে যি পাপ কৰিলো, সকলো তোমাৰেই লীলা বুলি সমস্ত পাতকীৰ সৰ্বদোষ মৰিষন কৰি এভাৰেষ্ট বিজয় কৰিবলৈ শক্তি দি সবাকে ভক্তিৰ মাৰ্গ দেখুৱাব লাগে , এইয়ে প্ৰাৰ্থনা।
ঔ হৰি
… ঔ হৰি
… আআআআআঊঊঊঊঊঊঊ ৰাম
.. আউ ৰাম।
বৰ্হমায়াদিকৰি জিব জতঅঅঅ…. ৰাম ৰাআম ৰাম…”
কৃষ্ণ কৃষ্ণ! উঠক আৰু ৰাইজ। কৰ্মইহে ধৰ্ম। কৰ্মপথত আগবাঢ়িব লাগে। বাকী ফলাফল ফলদাতা বিভূৰ হাতত। কৃষ্ণ কৃষ্ণ।
সকলোৱে পৰ্বতাৰোহণৰ উপযোগী কাপোৰ পিন্ধি লৈছে, মূৰত হেণ্ডলেম্প। হাত কেইখন গৰম কৰি ৰাখিবলৈ হাতমোজাৰ ওপৰিও হেণ্ড ৱাৰ্মাৰ বিলাক সাজু কৰি ল’লে। ভগৱানৰ নাম লৈ দলটো কুম্ভু অভিমুখে ৰাওনা হ’ল। কুম্ভুৰ ওচৰৰ পৰাই ‘ক্ৰেম্পন জ’ন’ আৰম্ভ হয়। জোতাত দীঘল দীঘল গজাল থকা ‘ক্ৰেম্পন’ বিলাক নিপিন্ধাকৈ ইয়াতকৈ আগলৈ যোৱা অসম্ভৱ। শ্বেৰ্পা সকলে সকলোকে ক্ৰেম্পন পিন্ধাত সহায় কৰি দিলে।
ভগৱানৰ নাম লৈ এজন এজনকৈ সকলো শ্বেৰ্পাই দেখুৱা পথেৰে কুম্ভু আইচফললৈ অগ্ৰসৰ হ’ল। প্ৰথম বাট খিনি সহজ যদিও একেৰাহে ওপৰলৈ উঠি যাব লাগে, কেতিয়াবা ৬০ ডিগ্ৰী কোণতো ওপৰলৈ উঠিব লাগে। কষ্ট হ’লেও বৰ বিশেষ অসুবিধা নোহোৱাকৈ উঠিব পাৰ।
এইদৰে প্ৰায় এঘণ্টামান যোৱাৰ পাছতে তেওলোকে এটা বিশালাকায় ক্ৰেভাছৰ মুখামুখি হ’ল। দেখিলেই বুকু কঁপি যায়। শ্বেৰ্পা সকলে ক্ৰেভাচ বোৰৰ ওপৰত এলুমিনিয়ামৰ জখলা এডাল পাৰি দিয়ে, ইফালৰ পৰা সিফালে ৰচী এডালো বান্ধি দিয়ে। ৰচী ডালত ধৰি ধৰি জখলাডালৰ ওপৰেদি বগাই পাৰ হোৱাই নিয়ম। পিছে ৰাইজৰ সেই ব্যৱস্থাটো ভাল নেলাগিল। এই ঠাইখনত চেৰাচ ভাগি পৰাৰ শব্দ অনবৰত আহি থাকে। ইয়াক সেইকাৰণে ‘পপকৰ্ণ’ জ’ন বুলি কয়।
ক্ৰেভাছটো দেখি ৰাইজে বৰ ভাল নেপালে,
মণীষাঃ- এইটো আকৌ কিয় পাৰ হম? বেলেগ ভাল ৰাষ্টা নাই নেকি? ইমান বেকৱাৰ্ড ঠাই নে?
প্ৰণীতা বাঃ- মই পাৰ হব পাৰিম। কিন্তু কিয় যাম? আমাক ভাল ৰাষ্টা বনাই দিব লাগিব। ইমান টকা পইচা খৰছ কৰি এতিয়া কি জখলা বগাম নেকি?
অনামিকাঃ- এই যে এভাৰেষ্টটো আৰু দেই, ক’ত যে ঘোকোটখনত পাতিছেহি। ভাল ঠাইত বনাব নোৱাৰিলে! এই অলগদ্ধ ইঞ্জিনিয়াৰ কেইটাৰ কৰণেই দেশখন ডুবিল।
কংকনাবাঃ- হব দিয়াচোন যি হ’ল হ’ল, এতিয়া আৰু ঘুৰি যাব নোৱাৰি নহয়। ঈশ্বৰৰ নাম লৈ জখলা বগাই দিয়াহে যুগুত।
মেঘালীঃ- মই নেযাও বুলিছো নেযাও! ধেমালি পাইছে নেকি? এই গুৰুটোৱে আমাক এনেকে ফঁচাব বুলি মই জানিছিলোৱেই। তাতে এই ৰাতিখন। দিনত হোৱা হ’লে জখলাৰ ওপৰৰ পৰা চেলফি এখনকে লব পাৰিলোহেতেন। এতিয়া সেই অনাও দেলে।
শংকৰঃ- ধুৰ বাদ দিয়া হে, কি ইমান ভয় খাইছা? সৰুতে কিমান এনেকুৱা খাল পাৰ হ’লো! মই জাঁপ মাৰিয়েই পাৰ হব পাৰো!দেখুৱাই দিও নেকি?
এইবাৰ ইৰাণীৰ অলপ খং উঠিল
– যায় যদি এনেকে যাব লাগিব। নেযায় যদি আমি আগবাঢ়ো। এইটো প্ৰথমটো ক্ৰেভাছ হে, এনেকুৱা আৰু বহুত পাৰ হবলৈ আছে, তাৰোপৰি বেলি ওলোৱাৰ আগতেই আমি পাৰ হব লাগিব। নহ’লে কি হব আপোনালোকে জানেই।
ইৰাণীৰ খং উঠা দেখি সকলো মনে মনে থাকিল। কংকনা বাই আকৌ উৎসাহ দিলে
– কিয় তোমালোকে এডলীয়া বাঁহৰ সাঁকো পাৰ হৈ পোৱা নাই নেকি? এইটো দেখোন তাতকৈ ভালেই। মই আগবাঢ়ি যাবলৈ ওলাইছো, তোমালোকে ডেকাবোৰে ভয় কৰিলে কেনেকে হব?
– সাঁকো মানে কিনো বাইদেউ? –সেইটো শেখৰ
– চুপ! সাঁকো মানে কি নেজানে, এভাৰেষ্ট উঠিবলৈ ওলাইছে। সেইকাৰণেই অসমীয়া কেইটাৰ উন্নতি নাই।
– অৰ্থটো বুজি পাইছো অলপ, মানে ব্ৰীজ টাইপৰ কিবা এটা! কিন্ত বানানটো?
– ঐ আধামৰা। এতিয়া তোৰ বানান শিকাৰ সময় হৈছে হুহ?
বহু বাক বিতণ্ডাৰ মুৰত ৰাইজ এলুমিনিয়ামৰ সাঁকো পাৰ হবলৈ মান্তি হ’ল। বিপ্লৱ ইতিমধ্যেই সিপাৰ হৈ বৰফতে বহি চুৰুক চুৰুক মাৰি আছে।
জখলা পাৰ হোৱা কামটো পিছে বৰ সহজ নহয়, ভাগ্য ভাল তল ফালে কি আছে এন্ধাৰত নেদেখি। নহ’লে বহুতৰে মুৰ ঘুৰোৱা নিশ্চিত আছিল। এজন এজনকৈ সকলো পাৰ হ’ল। মাজতে ৰাইজে এবাৰ বৰ ভয় খালে, তেওলোকৰ দলটোৰ পৰা দুশ ফুটমান দূৰত এটা প্ৰকাণ্ড বৰফৰ টুকুৰা সশব্দে বাগৰি পৰিল।
এই জখলাবোৰ কিছু বিশেষ শ্বেৰ্পাই লগাই আৰু সদায় ৰাতি ৰাতি মেৰামতি কৰি থাকে, তেওলোকক ‘আইচফল ডক্তৰ’ বুলি কোৱা হয়। প্ৰত্যেক এভাৰেষ্ট চিজনৰ আৰম্ভনিতে তেওলোকে জখলা লগোৱা, ৰচী বন্ধা আদি কামবোৰ কৰে। এবছৰ লগোৱা ৰচী জখলা বোৰৰ পিছৰ বছৰ কোনো চিনচাব নোহোৱা হয়।
এইদৰে কিছি সময় যোৱাৰ পাছত তেওলোকে এখন ডাঙৰ সমতলৰ দৰে ঠাইত উপস্থিত হ’ল। ঠাইডোখৰক পৰ্বতাৰোহী সকলে ‘ফুটবল ফিল্ড’ বুলি কয়। ইয়াতে সকলোৱে অলপ জিৰণি লৈ কিবা কিবি খাই ল’লে।
এইবাৰ দলটো খুপি খুপি কুম্ভু আইচফলচৰ মাজেৰে আগবাঢ়িল, প্ৰথমতে আইচফলটোৰ সোফালৰ পৰা বাওফাললৈ পাৰ হব লগা হ’ল, সেইটো অতিকৈ বিপদজনক কাম। আৰু অক্সিজেনৰ নাটনিৰ বাবে ভাগৰো বৰ বেছি লাগে, দহ মিনিট খোজ কঢ়াৰ লগে লগে, তেওলোক বহি পৰিব লগা হয়, আকৌ আগবাঢ়িব লাগে।
সোফালে পাৰ হোৱাৰ আন এটা সুবিধা হ’ল- পূৱা ন বজালৈকে ইয়াত সূৰ্যৰ পোহৰ নপৰে, পৰ্বত শিখৰ বোৰে বাধা দিয়ে। তাৰ বাবে ক্ৰেভাছ বিলাক অলপ সুৰক্ষিত হয়, কিন্তু চেঁচা বৰ বেছি। জীৱনটোতকৈ আৰু চেঁচা ডাঙৰ হব পাৰেনে?
কুম্ভু আইচফলৰ এই বৰফৰ ফাঁট বা ক্ৰেভাছ বিলাকত বহু যাত্ৰীৰ মৃত্যু হৈছে। বিশেষকৈ যেতিয়া এভাৰেষ্ট চিজনৰ আৰম্ভনিতে আইচফল ডক্তৰ সকলে ইয়াত জখলা আৰু ৰচী লগাবলৈ আহে তেতিয়া বহু মৃত্যু হয়। আৰু সেই মৃতদেহবোৰ উদ্ধাৰ কৰাও অসম্ভৱ। কিছু কিছু ক্ষেত্ৰত বহু বছৰৰ পাছত এই গতিশীল গ্লেচিয়াৰৰ একে বাৰে নিম্ন ভাগত, মানে বে’ছ কেম্পৰ ওচৰত এই মৃতদেহবোৰৰ দুই এটা বিছাৰি পোৱা যায়। বাকীবোৰ চিৰকালৰ বাবে হেৰাই যায়- বৰফৰ গভীৰতাত। }
এইবাৰ দলটো আইচফলচৰ বাওকাষেৰে আগবাঢ়িল, ২০১৪ চনলৈকে এই পথটো সোঁফালেদি আছিল। এইবাৰ সকলো অভিযাত্ৰীকে বাওফালৰ পথটো ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে। কেতিয়াবা পৰস্থিতি অনুসৰি আইচফলটোৰ ইপাৰৰ পৰা সিপাৰলৈ দুই তিনিবাৰ পাৰ হব লাগে। আইচফল ডক্তৰ শ্বেৰ্পা সকলে প্ৰত্যেক বছৰে নতুন বাট তৈয়াৰ কৰি উলিয়ায়।
শেষৰ অংশখিনিক আপাৰ আইচফল বোলা যায়। ৰাইজে এইখিনিতে অলপ ঠগন খালে। চকুৰে আইচফলৰ উচ্চতম অংশটো দেখি ৰাইজত উৎফুল্লিত হৈ পৰিল। হৈ গ’ল- পাৰ হৈ গ’লো কুম্ভু।
কিন্তু তেওলোকৰ ভুল হ’ল! শেষৰ অংশটোত আৰু বহুত থিয় জখলা বগাবলৈ আছিল। অসন্তুষ্ট মনেৰে সকলোৱে বগোৱা আৰম্ভ কৰিলে।
অনভিজ্ঞ দ’লটোক আইচফলৰ শীৰ্ষস্থান পাবলৈ দহ ঘণ্টা মান লাগিল। তাৰ পৰা অলপ আগলৈয়ে এক নং কেম্প। এক নং কেম্পত তেওলোকৰ বাবে গৰম চুপ, চাহ আৰু খাদ্য অপেক্ষা কৰি আছিল। মানুহবোৰে পেট ভৰাই খাই ল’লে। আৰু খাই উঠি সকলো কেম্পত নিজৰ নিজৰ শ্লীপিং বেগত সোমাল। প্ৰথমতে হেঁপাহ পলুৱাই ভাত ঘুমটিটো মাৰি লোৱা হওক।
আবেলি চাৰি মান বজাতহে ৰাইজ শোৱাৰ পৰা উঠিল।
এই কেম্পটোৰ পৰিবেশ ভয়লগাকৈ নিশব্দ, সেয়ে ইয়াক ভেলী অৱ চাইলেন্স বুলি কোৱা হয়। আইচফলৰ কাণ তাল মৰা শব্দৰ পৰা আহি এই পৰবেশটো সঁচাকৈয়ে অদ্ভূত লাগে। বাকী সা সুবিধা মোতামোটি ভালেই, কিন্তু টাইম পাছ কৰিবলেহে একো উপায় নাই। বেলেগ দেশৰ অভিযাত্ৰীবোৰে নিজৰ মাজতে কথা বতৰা পাতি আছে, বতৰৰ আগজাননী লৈছে। পিছে সেইবোৰৰ খবৰ লবলৈ আকৌ ইংৰাজীতহে কব লাগিব। প্ৰায়সকল ফটাঢূলীয়াই ‘য়েচ’ আৰু ন’ লগতে ‘য়া য়া’ তকৈ বেছি ইংৰাজী কব লগা হ’লে অসুবি‌ধা পায়।
ফটাঢোলৰ দলটোৱে অৱশ্যে সকলো অভিযাত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিলে। বিশেষকৈ কংকনাবাৰ গাত থকা চাদৰখনে। বিভিন্ন বয়সৰ বিভিন্ন আকৃতিৰ ইমানবোৰ মানুহ একেলগে এভাৰেষ্টলৈ অহা দৃশ্য সাধাৰণতে দেখা পোৱা নেযায়।
পিছে হিমালয়ৰ অদ্ভূত ভয়লগা পৰিবেশে এটা ভাল কামো কৰিলে। ফটাঢোলত এনিটাইম ইজনে সিজনক ধুই থকা মানুহবোৰ অন্তৰংগ বন্ধু হৈ পৰিল। ইজনে সিজনক ‘বাম্বু’ দিবলৈ এৰি সহায় কৰিবলৈ আৰম্ভ কৰিলে। কাৰোবাৰ কিবা অসুবিধা হ’লে সকলো সহায় কৰিবলৈ উবুৰি খাই পৰা হ’ল। তাকে দেখি মুখিয়াল হেমন্ত কাকতিয়ে মনতে অতি সন্তোষ পালে। ফুৰ্তিতে পাটিৰিদেওৰ লগত গধূলি সোনকালেই বহি দিলে। চাকনাকে কমি আহিছে। আজি কেৱল টিনফিছেৰে কাম চলাব লগা হল।
পিছদিনা তেওলোক কেম্প নং ২ ৰ ফালে আগবাঢ়িব। তাত দুই এদিন থাকি এই উচ্চতাৰ লগত এক্লেমেটাইজ কৰিব লাগিব। আকৌ বতৰৰ খবৰো ভালকৈ লব লাগিব।
এভাৰেষ্ট বিজয়ৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে বতৰৰ সথিক আগলি বতৰা। এই বতৰা নাছাই ধনৰ বিনিময়ত যোগান ধৰে। নাছাৰ বাতৰিয়েই সকলোতকৈ বিশ্বাসযোগ্য। কিন্তু এদিনৰ বতৰৰ বাতৰিৰ বাবে ধন ভৰিব লাগে- অল অচৰপ নহয়। দুই লাখ মান টকা লাগে। পিছে ফটাধুলীয়া ৰাইজে বতৰৰ বাতৰিৰ বাবে ইমান টকা খৰছ কৰা ভকত নহয়। বিজয় মহন্তই এটা উপায় উলিয়ালে।
তেও আন বিদেশী দল কেইটাৰ শ্বেৰ্পা কেইজনৰ লগত বন্ধুত্ব কৰিলে। বিদেশী দলকেইটাই তো বতৰৰ বাতৰি লবই, আৰু শ্বেৰ্পা কেইজনে সেই বাতৰি মনে মনে বিজয়ক জনাই দিব। ইতিমধ্যে বে’ছ কেম্পত সকলো শ্বেৰ্পা মান্তাৰ ভক্ত হৈয়েই পৰিছিল। কোটাৰ অলপ মান বস্তু শ্বেৰ্পাক যোগান ধৰি বিনা খৰছতে বতৰৰ বাতৰি যোগাৰ কৰা হ’ল।

(আগলৈ)

☆★☆★☆

Leave a Reply

Your email address will not be published.