ফটাঢোল

মহিমা – ঈশান জ্যোতি বৰা

“পখিলা নহ’ব পাৰোঁ-সেইটো সুকীয়া কথা৷ কিন্তু ভাল-ভাল বস্তুত পৰি তাৰ পৰা ৰস চুহিখোৱাত আমি পিচে পখিলাতকৈ কোনো গুণে কম নহওঁ দেই৷ আৰু যেতিয়া সেই ৰসকণত ‘ভকতি’ৰ ভাৱ ব্যাপক মাত্ৰাত সোমাই থাকে, তেতিয়া সেই ৰস পান কৰাৰ আনন্দ আৰু উৎসাহ বিশ-ত্ৰিশ শতাংশমান বাঢ়ি যায়৷ নে কি কৱ সনাতন?”

“একদম সঁচা কথা, একদম সঁচা কথা৷ পাখি দুখন নাথাকিল কি হ’ল, আমিও পখিলাৰ নিচিনাই৷”

নামঘৰৰ বাটচ’ৰাতে ৰৈ সনাতন আৰু মই-ভকতিসম্পৰ্কীয় এক তত্ত্বগধুৰ আলোচনাৰ পাতনি মেলিছোঁ৷ অইন ভকত-বান্ধৱসকল নামঘৰৰ ভিতৰত৷ আজি যিহেতু ভাদ মাহ সোমাইছে, গতিকে ৰাইজ পৰম উৎসাহেৰে নামঘৰলৈ ওলাই আহিছে-ভকতিৰ ৰসত আকণ্ঠ ডুবিবলৈ৷ এইবাৰ পিচে আমাৰ ‘মেইন’ ভকত অলপ দূৰৈৰ৷ হৰিক প্ৰসন্ন কৰি জীৱন ধন্য কৰা, তেখেত-হৰিপ্ৰসন্ন পাটগিৰি৷ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক৷ এতিয়াও আহি পোৱাহি নাই৷ বৰ আধুনিক মনৰ, ওখ খাপৰ, প্ৰগতিশীল ‘কেটেগৰি’ৰ মানুহ৷ নতুনকৈ কিনা আই-টুৱেণ্টিখন চলাই বাইপাছৰ ৰাস্তাৰে আহি আছে বুলি অথনি মেদিনীয়ে কৈ গ’ল৷ বাৰু হওক; ভালে-কুশলে আহি পালেহিয়েই হ’ল৷ “সেইকাৰণে সনাতন-যিমানেই যি নহওক কিয়, ভকতিৰ ৰস য’তেই দেখ, পান নকৰাকৈ নাথাকিবি৷ হেলা কৰিলে বিপদ অনিবাৰ্য ৷ কথাবোৰ ল’ছালিকেইটাকো শিকাবি৷”

মই আলোচনা আগবঢ়াই নিলোঁ৷

“অ’বৰুৱা দা, ৰৈছে?”,সেইয়া, ৰস আৰু ভকতিৰ কথা কৈ থাকোঁতে দিগন্ত ওলালহিয়েই৷

“দিগন্ত আহ, আহ৷ ’বোল ব’ম’ শেষ হ’ল হ’বলা! ভকতিৰ ৰসত ডুবি গোটেইটো একেবাৰে টুলটুলীয়া হৈ আহিছ৷”

“হয় বৰুৱা দা৷ একেবাৰে লেঠা মাৰি আহিলোঁ দিয়ক৷ এতিয়া মনটোহে বৰ বেয়া লাগি আছে৷”

“এৰা হয় দে৷ তহঁতৰ আকৌ ভক্তি-ৰস পান কৰাৰ ষ্টাইলটো বেলেগ৷ আনন্দও ঢেৰ আৰু দুখো লাগে ঢেৰ৷ কিন্তু তহঁতৰ বোল ব’মৰ কোনটো ষ্টাইল মোৰ আটাইতকৈ ভাল লাগে জাননে?”

“কোনটো দাদা?”

“এই যে ধৰ-মাজনিশা মানুহে যেতিয়া ভাত-পানী খাই, দিনটোৰ ভাগৰ-জুগৰ মাৰোঁ বুলিবৰ আগ্ৰহেৰে বিচনাত পৰে; ভাল সপোন এটালৈ বাট চাই চাই চকুহাল পৰম আনন্দত মুদি দিয়ে আৰু ঠিক তেনে এক গুৰুত্বপূৰ্ণ মুহূৰ্ততেই তহঁতৰ ‘বোল বোম’ৰ ট্ৰাকৰ অতিকায় ডি জে বক্সকেইটাৰ গগন ফালি যোৱা শব্দই তেওঁলোকৰ যে টোপনি জাৰি-জোকাৰি খেদি পঠিয়ায়-সেই ষ্টাইলটো৷”

“আপুনি কিন্তু ভাল অবজাৰ্ভ কৰিছে দেই৷ পিচে সকলো মানুহ আপোনাৰ দৰে ভাল নহয়৷”

“কিয়, কোনোবাই অসভ্যালি কৰিলে নেকি?”

“অসভ্যালি নহয়, অপমান৷ শিৱ বাবাক অপমান৷”

“হেৰৌ,কোন সেইজন মূৰ্খ?”

“কোন হ’ব আৰু? আমাৰ সেই ফুকন৷”

“অ’ সেই ছালছিগা বুদ্ধিজীৱীজন”, সনাতনে মাত দিলে৷

“একদম বাজে মানুহ হে ! তাকনো কোনে কৈছিল ৰাস্তাৰ কাষতে ঘৰডাল বনাবলৈ ! ইয়’ ইয়’ হানি সিঙৰ গান এটা বজাই আমি ধুনীয়াকৈ নাচি আছোঁ, ওলালহি নহয় দুৱাৰখন খুলি সেইজন৷ তাৰপিছত তেওঁৰ যিহে তৰ্জন-গৰ্জ্জন ! আমিও পিছে কম নহয় নহয়৷ ঠিকমতে এপালি দিছোঁ৷ এঘণ্টামান তুমুল কাজিয়া হ’ল৷ কিন্তু চাউণ্ড নকমালোঁ৷ ‘কাইলৈ পেপাৰত লিখিম’ বুলি বেচেৰাই শেষত দুৱাৰ মাৰি ঘৰত সোমাল৷”

“বেচ,বেচ৷ তহঁতেই আমাৰ গৌৰৱ বুইছ৷ ভকতিৰ ৰস বস্তুটোৱেই তেনেকুৱা৷ পদে-পদে প্ৰত্যাহ্বান৷ পদে-পদে সংঘাত৷ কিন্তু হাৰ নামানিবি কাহানিও৷ ফুকনৰ দৰে কাঁইটবোৰ আঁতৰাই আগুৱাই গ’লেহে ভকতিৰ আচল সোৱাদটো পোৱা যায়৷” -বিদগ্ধ শাস্ত্ৰজ্ঞৰ দৰে কথাষাৰ ক’লোঁ৷

“কথাষাৰ মনত ৰাখিম বৰুৱাদা৷”

“নিশ্চয়৷”

“পালেহি, পালেহি!”

আৱেগিক হৈ দিগন্তই মোৰ চৰণ দুখনি চুবলৈ অগ্ৰসৰ হৈছিলেই, আৰু মইও গৰ্বত বুকুখন ফুলাই তাৰ চুলিকেইডালৰ ওপৰেৰে হাতখন ফুৰাই আনো বুলি হাতখন আগবঢ়াই নিছিলোঁৱেই, তেনেতে নামঘৰৰ ভিতৰৰ পৰা দৌৰি-ধাপলি অহা মেদিনী আৰু মেদিনীৰ পিছে পিছে অহা ধৰণীয়ে আমাক খুন্দিয়াই একাষৰীয়া কৰি থৈ গ’ল৷ মুখত সিহঁতৰ “পালেহি, পালেহি” ধ্বনি ৷ ঘটনাৰ আকস্মিকতাত দিগন্ত নামৰ অকমাণি ল’ৰাটোৱে বৰ বিচূৰ্তি খালে৷ সি পিছুৱাই গ’ল৷ এটা ‘আৱেগিক-কৰ্ফাল’ খাই মইও সিফালে প্ৰস্তৰ মূৰ্তিৰ দৰে থিয় হৈ ৰ’লোঁ৷ গাড়ীখনৰ ৰঙটো ক’লা৷ ৰ’দৰ পোহৰত জলমলাই উঠিছে৷ বাটচ’ৰাৰ সমুখতে মেদিনীৰ ঘৰ৷ মেদিনীৰ হাতৰ ইংগিত পাই গাড়ীচালকে সেইফালেই গাড়ীখন সুমুৱাই দিলে৷ গাড়ীৰ পৰা কিনো ওলায়-তাকে চাবলৈ আমিও অকমাণ আগবাঢ়ি গ’লোঁ৷ চকুৱে-মুখে পৰম উৎসুকতা৷ কথাটো হয়, মানুহজনক দেখিলেই আপোনা-আপুনি এটা ভকতিৰ ভাৱ জাগ্ৰত হয়৷ দীঘে মানুহজন পাঁচ ফুট দহ ইঞ্চিমান হ’ব৷ আনুমানিক ওজন আশী কেজি৷ চুলিৰ সংখ্যা উৎসাহজনক নহয় যদিও তাকেই বৰ সজাই-পৰাই উজলাই ৰাখিছে৷ মুখৰ বৰণ মোটামুটি গাখীৰৰ দৰে৷ শামুকভঙা চৰাইৰ বৰণৰ দৰে ভৰিত পিন্ধি অহা জোতাযোৰ- তাৰেই মানুহজনে জপং জপংকৈ খোজ দিছে৷ কপালত দিয়াশলাই কাঠিটোৰ সমান এটা খীন-মিন অথচ দীঘলীয়া ফোঁট৷ সোঁহাতত এটা ক’লা কেৰিবেগ৷ বোধহয় গামোচা, চুৰিয়া, পানীৰ বটল আদি সুমুৱাই আনিছে৷ বাওঁহাতত এটা আকৰ্ষণীয় ঘড়ী৷ মানুহজন বৰ সময় মানি চলা বিধৰ হ’ব৷ বাৰে-বাৰে ঘড়ীটোলৈ চাইছে৷

“কেইটা বাজিছে মেদিনী? ঘড়ীটো বাটতে নচলা হৈ থাকিলহে৷ ঈশ্বৰৰ যে কি মহিমা ! কৃষ্ণ !”

অসহায় কণ্ঠেৰে কথাকেইটা কৈ পাটগিৰিয়ে ‘কৃষ্ণ’ বুলি কৃষ্ণকেই ক’লেনে সমুখত ৰৈ থকা আমাকেই ক’লে, আমি উৱাদিহ নাপালোঁ৷ কিন্তু তেওঁ আহি আমাৰ সমুখত ৰওঁতে উদ্ভৱ হোৱা চন্দনৰ উগ্ৰ গোন্ধটোৰ উৎস যে তেওঁৰ কপালৰ ফোঁটটো- তাৰ অৱশ্যে উৱাদিহ ঠিকেই পালোঁ৷ গোন্ধটোৱে নাসিকামণ্ডল কঁপাই তুলিলে বুলি ক’লে মিছা কোৱা নহ’ব ৷

“এইবাৰহে আচল ভকত আহিছে৷”

-সনাতনে মিচিককৈ হাঁহি এটা মাৰি মোৰ ফালে চালে৷

“দেখি তেনেকুৱাই লাগিছে৷ ব’ল, ব’ল, বহোঁগৈ”, দমকলটোৰ পানীৰে ভৰিহাল তিয়াই দুয়োটা নামঘৰত প্ৰৱেশ কৰিলোঁ৷ একেবাৰে শেষৰ শাৰীতে কঠ এখন পাৰি বহিলোঁ৷ ডাৱৰীয়া আকাশ এখনত ঘপহকৈ সূৰ্যটো ওলালে, আকাশখনে যেনেকৈ কিৰিলি পাৰি নাচে; ঠিক তেনেকৈ আমাৰ গাঁৱৰ ৰাইজেও হৰিপ্ৰসন্ন পাটগিৰিৰ দৰে ‘ছফিছ্‌টিকেটেড’ ভকতক ভাদ মাহৰ ‘মুখ্য আকৰ্ষণ’ হিচাপে পাই ফূৰ্তিত দিশহাৰা হোৱাদি হৈছে৷ নামঘৰৰ ভিতৰত যেন ভকতিৰ এখন অদৃশ্য সাগৰহে ! ধক্‌ধক্‌কৈ বগা চুৰিয়াখন পিন্ধি পাটগিৰিয়ে সেই সাগৰৰ পানী এচলু-দুচলুকৈ আনি আমাৰ কণ্ঠত পেলাই গৈছে আৰু আমিও মহা উদ্যমেৰে সেই পানী ঘোৎ-ঘোটকৈ পিব লাগিছোঁ৷ আস্ কি যে আনন্দ! কি যে ৰস !

প্ৰায় এঘণ্টা সময় হৰিৰ শ্ৰৱণ-কীৰ্তন কৰি ৰাইজৰ মন-প্ৰাণ জুৰ পৰি গ’ল৷ ফূৰ্তিতে দিগন্তই ‘ওৱানচ্ ম’ৰ’ বুলি মৃদু চিঞৰ এটাও মাৰিলে৷ অইনদিনা হোৱাহেঁতেন মেদিনীয়ে তাক গালিয়েই দিলেহেঁতেন, পিচে আজিৰ কথা সুকীয়া৷ হৰিপ্ৰসন্ন পাটগিৰিৰ কণ্ঠৰ যি মহিমা, সেই মহিমাৰ আৰু এটা ৰূপ চাবলৈ তাৰো চাগে কাণ দুখনে উচ্‌পিচাই আছিল৷ গতিকে সি মৌন হৈ ৰ’ল৷ পিচে পাটগিৰিতো সেই ‘বোল বোম’ৰ ডি জে বক্সটো নহয় যে অহৰহ ৰাইজক গীত শুনাই থাকিব৷ গতিকে ‘কৃষ্ণ’ বুলি হাত দুখন দাঙি পাটগিৰিয়ে নাম সামৰিলে৷ তাৰপিছত তেওঁ নামঘৰৰ পৰাই দুটামান ভিডিঅ’ কল এটেণ্ড কৰিলে৷ জীয়েক বোলে বিদেশত থাকে৷ পিচে গাঁৱৰ দুৰ্ভগীয়া নেটৱৰ্কত জীয়েকৰ মুখখন ম’বাইলৰ স্ক্ৰীণত ভালকৈ নুলাল৷ অসন্তুষ্ট মনেৰে পাটগিৰি আহি কঠত বহিলহি৷ বেগটোৰ পৰা মেংগো ফূৰ্তিৰ বটল এটা উলিয়াই গলটো তিয়াই ল’লে৷ মনটো পাতল হ’ল যেন লাগিল৷

এতিয়া বহুপ্ৰতীক্ষিত প্ৰসাদ-বিতৰণ৷ কিন্তু ৰাইজৰ শুকাই থকা মুখবোৰ চাই ধাৰণা হ’ল-তেওঁলোক যেন মাহ-প্ৰসাদ খাবলৈ বৰ উৎসাহী নহয়৷ একেবাৰে অপৰিচিত আৰু অস্বাভাৱিক ছবি৷ আনকি কল-কমলাসহ ঘৰলৈ দুই-তিনিখন পাত লৈ যোৱা অত্যুৎসাহী কুমুদো আজি নিৰুত্তাপ, নিৰুদ্বেগ হৈ বহি আছে৷ প্ৰসাদ খাই খাই আমনি লাগিছে, বুজি পাইছোঁ৷ কিন্তু প্ৰসাদৰ পূৰ্বে চাহ-চিঙৰা খোৱাৰ নতুন-অভিজাত পৰম্পৰাটোৰ আজি শুভাৰম্ভ হোৱা দেখিও যে তাৰ চকুত তিৰবিৰণি নাই-তাকে দেখিহে তাজ্জুব মানিছোঁ৷ ইমানেই গভীৰনে পাটগিৰিৰ প্ৰভাৱ !! ৰাইজৰ খাবলৈ মন থাককেই বা নাথাককেই; মেদিনী আৰু গগনে ভকতৰ সমুখে-সমুখে চাহ আৰু ছিঙৰা একোটা দি গ’ল৷ শেষত ৰাইজলৈ আঁঠু লৈ চাহ-চিঙৰাৰ সোৱাদ ল’বলৈ অনুমতি দিলে৷ অনুমতি পাই ছিঙৰাটোত একামোৰ দিওঁ বুলি মই হাতখন কলপাতখনৰ ফালে আগবঢ়ালোঁ; কিন্তু ‘ৰাইজ, ৰ’ব’ বুলি দৃঢ় অথচ মিঠা কণ্ঠৰ আহ্বান এটাত থমকিবলৈ বাধ্য হ’লোঁ৷ গম লৈ দেখিলোঁ-সেই মিঠা কণ্ঠৰ গৰাকীজন অইন কোনো নহয়,স্বয়ং হৰিপ্ৰসন্ন পাটগিৰিহে ৷

“কৃষ্ণ! কি হ’ল প্ৰভু?”

মেদিনীয়ে পৰম উৎসুক হৈ দৌৰি গ’ল৷ চকুত সামান্য আশংকা আৰু ভীতিৰ ছাপ৷ কিজানি চাহ-ছিঙৰা খোৱাৰ এই পৰম্পৰাটোত পাটগিৰি প্ৰভু বিতুষ্ট হৈছে, কিজানি তেওঁৰ আদৰ্শ আৰু নীতিয়ে ছিঙৰা খোৱাৰ এই আধুনিক পৰম্পৰাটো সমৰ্থন নকৰে৷ হ’ব পাৰে; এইবোৰৰ যি-কোনো এটা কাৰণ হ’ব পাৰে৷ তদুপৰি এইবোৰ কথাৰ বিষয়ে পাটগিৰি প্ৰভুক অৱগতও কৰা হোৱা নাছিল৷ গতিকে প্ৰভু ক্ষুণ্ণ হোৱাটো স্বাভাৱিক৷

“একো হোৱা নাই ৰ’বা৷ সুদাই-সুদাই এনেকৈ ছিঙৰা খাব নোৱাৰি”, কথাষাৰ কৈ পাটগিৰিয়ে পকেটত কিবা এটা খুচৰিলে ৷ মেদিনীয়ে সেপ গিলিলে৷

“এটা কাম কৰা৷ নামঘৰৰ কাষতে দোকান এখন দেখিছোঁ৷ এইয়া টকা পাঁচশ লৈ যোৱা৷ আৰু ‘কিছান’ৰ টমেট’ চচৰ বটল তিনিটা লৈ আনা৷ মইও খাওঁ, ৰাইজেও খাওক৷ ছিঙৰাৰ লগত চচকণ হ’লে সোৱাদেই বেলেগ হয়হে৷”

পাটগিৰিয়ে বৰ আগ্ৰহেৰে নোটখন মেদিনীৰ হাতত দিলে ৷

“হয়, ঠিকেই কৈছে৷ তাৰ সোৱাদেই বেলেগ”, হাঁহি এটা মাৰি মেদিনী দোকানৰ দিশে দৌৰিলে৷

“মেদিনী, ‘হট এণ্ড চিলি’ৰ ফ্লেভাৰটো আনিবা”, আচল কথাটো পাটগিৰিয়ে পাহৰিয়েই গৈছিল৷ মনত পৰাত মেদিনীক উদ্দেশ্যি চিঞৰ এটা মাৰিলে ৷ মেদিনীয়ে বাটচ’ৰাৰ পৰায়েই ‘হয়’ বুলি সঁহাৰি জনালে৷ মোৰ কাষতে বহি থকা সনাতনে খোঁচ এটা মাৰি মোক ক’লে,

“দেখিলে!”

“কি অ’ সনাতন?”,মই সুধিলোঁ৷

“মহিমা৷”

“দেখিলোঁ দে৷”

“এনেকুৱা বিশাল মনৰ মানুহহে আমাক লাগে৷ নে কি কয়?”

“একদম ঠিক কথা ক’লি অ’ সনা৷ আজিৰ সমাজত এনেকুৱা মহিমা দেখুৱাব পৰা মানুহৰ বৰ প্ৰয়োজন৷ তেতিয়াহে সমাজখন আধুনিক হ’ব৷”

কথাষাৰ কওঁতে গৌৰৱৰ পোহৰ এচমকা আহি মোৰ মুখখন পোহৰাই পেলালে৷ বোধহয়, সেয়াও পাটগিৰিৰেই মহিমা৷

☆★☆★☆

12 Comments

  • manjulee rahang

    দিনক দিনে আধুনিকীকৰণৰ বিসংগতিপূৰ্ণ
    পৰিবৰ্তনক আকোৱালি ধৰিব যাওতে
    অসমীয়া আচাৰ অনুস্থান সমূহৰ যি দুৰৱস্থা হৈছে তাকেই যেন গল্পকাৰে ‘মহিমা’ত ব্যঙ্গ শৈলীত প্ৰকাশ কৰিছে! খুউব সুন্দৰ আৰু সাৱলীল উপস্থাপনে গল্পটিক মনোগ্ৰাহী কৰি তুলিছে।

    Reply
  • হেমন্ত কাকতি

    বৰ ভাল লাাগিল ঈশান৷

    Reply
  • Gitimallika Gogoi

    সময়োদযোগী লিখনী। কিছুমান কথা পোনে পোনে কোৱাতৈ ইংগিতেৰে ক’লে তাৰ প্ৰভাৱ বেছি হয়। বহুত ভাল লাগিল।

    Reply
  • Mitali saharia

    ভাল লাগিল পঢ়ি

    Reply
  • পঢ়ি ভাল লাগিল।

    Reply
  • Bikash

    ভাল লাগিল পঢ়ি

    Reply
  • দীপা

    বৰ ভাল লাগিল 🙂 তোমাৰ লিখনিৰ ব্যঙ্গ ষ্টাইলটো ভাল লাগে 👌👌

    Reply
  • Sankar Jyoti Bora

    সুন্দৰ৷

    Reply

Leave a Reply

Your email address will not be published.