ফটাঢোল

মাইনাৰ বাবে – মানস শইকীয়া

“হেৰা,উঠা আকৌ; ইমান দেৰিলৈকে শুবানে? মই মাইনাক স্কুল নিব লাগিব নহয়৷ উঠা উঠা৷”

দিনৰ দিনটো ব্যক্তিগত খণ্ডৰ অফিচটোত বচৰ ৰঙা চকু চাই চাই সাত-আঠ বজালৈ গেবাৰী খাটন দিব লগা হয়৷ সেয়েহে, ৰাতিপুৱা অকণমান দেৰিলৈকে শোৱাটো বিৰাজৰ এক অভ্যাস৷ এইবছৰ মাইনাক স্কুলত দিয়াৰ পৰা সেই সুখকণ হেৰুৱাব লগা হোৱাত বিৰাজৰ বাৰুকৈ আমনি হৈছে৷

মাইনাক স্কুলত দিম বুলি ভবাৰ পৰাই পত্নী জয়িতাৰ কামো বাঢ়িছে।কলমটিয়াই থকা মাইনাক A B C…..1 2 3 শিকোৱা, মিছ ধৃতিস্মিতা মৌ কাশ্যপৰ দৰে দীঘলীয়া নামটো শিকোৱা দেখিলে বিৰাজৰ দুখেই লাগিছিল৷ তাৰ নিজে প্ৰথম স্কুললৈ যোৱাৰ দিনটো মনত পৰি গ’ল৷ মাকে তাক হাতত ধৰি পদূলি মুখতে ওচৰৰ প্ৰাইমেৰী স্কুলৰ বাইদেউ গৰাকীলৈ ৰৈ থকা আৰু বাইদেউ আহিলত কোৱা কথা,”বাইদেউ, ইয়াক স্কুলত নামটো লগাই দিব৷ ইয়াক আপোনাৰ ওচৰতে গতালোঁ৷ মানুহ গৰু যি হয় হ’ব” -সকলোবোৰ কথাই তাৰ মনত আছে৷ তাৰ পিছত কোনো দিন মাক দেউতাকে স্কুললৈ যোৱা দেখা নাছিল৷ প্ৰথমে, বাইদেউ গৰাকীৰ লগত, পিছলৈ অকলেই স্কুললৈ গৈছিল৷

বিদ্যালয়ৰ ইণ্টাৰভিউত বহিব পৰাকৈ মাইনা অলপ সলসলীয়া হোৱাৰ পিছতেই আহি পৰিছিল কোনখন স্কুলত মাইনাক দিয়া হ’ব৷ দুদিন দুৰাতি আলোচনাৰ পিছত সৰু চহৰখনত গঢ়ি উঠা দুখন নামকৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা ফৰ্ম অনাৰ সিদ্ধান্ত লোৱা হ’ল৷ ফৰ্ম অনাও জানো ইমান সহজ৷ দুয়োজনে সলনাসলনিকৈ ৰাতি দুই বজাৰ পৰা লাইন ধৰি ন বজাত বৰুৱানীৰ ল’ৰাটো পঢ়া নামী স্কুলখনৰ ফৰ্মখন অনা হ’ল৷ লগতে আনখন স্কুলৰ ফৰ্মখন সহজতে চিনাকি এজনৰ হতুৱাই পিয়নজনক টকা এশ অতিৰিক্ত দি পালে৷ এতিয়া, ইণ্টাৰভিউ পৰ্ব৷ মাইনাৰ সৰু মগজুটোত অধিক চাপ পৰিল৷ মাকৰ মাতটোও অলপ ডাঙৰ হ’ল৷

ইণ্টাৰভিউ দিয়াৰ পিছত ৰিজাল্ট দিয়ালৈ উৎকণ্ঠা৷ মাইনাই ছিট পাবনে? ভাগ্য ভাল, মাইনাই বৰুৱানীৰ ল’ৰা পঢ়া স্কুলখনতে ছিটটো পালে৷ জয়িতাৰ মুখত সন্তুষ্টিৰ হাঁহি৷ “এই বৰুৱানী জনী যে৷ তাইৰ ল’ৰাটো পঢ়া স্কুলত বোলে মাইনাই ছিট নাপায়৷ পিছে,দেখিলা কেনেকৈ ছিট পাই গ’লোঁ৷”

মাইনাৰ কাৰণে বিদ্যালয়ে নিৰ্দিষ্ট কৰি দিয়া দোকানখনৰ পৰা সম্পূৰ্ণ এবেলা ৰৈ ৰৈ কিতাপ,ইউনিফৰ্ম আনিবৰ দিনা বিৰাজে জয়িতাক টানকৈয়ে ক’ব লগা হ’ল৷ তাই মৰমসনা মাতেৰে বোলে-

“হ’ব দিয়া৷ নিজৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কাৰণে ইমানখিনি কৰিবই লাগিব৷ সেইয়া কাকতিদাই সেইদিনা কোৱা নাছিল, পুৱাৰে পৰা ছোৱালীজনীৰ স্কুল, টিউচন, প্ৰজেক্ট আদিত কিমান সময় দিয়ে৷ মানুহ আচলতে কাকতিদাৰ দৰে হ’ব লাগে৷ তোমাৰ এই অকণমান কষ্টতে খং৷”

হয়তো৷ নিজৰ সন্তানৰ বাবে ইমানখিনি কৰিবই লাগিব৷ জয়িতাই দিয়া চাহকাপত চুমুক দি বিৰাজে ভাবিলে৷ অকণমান কষ্ট কৰিবই লাগিব৷ নহ’লে নম্বৰ আৰু ৰেংকৰ দৌৰত মাইনা কেনেকৈ আগবাঢ়িব?

নাম লগোৱাৰ পিছৰ পৰাই জয়িতাৰ কাম বাঢ়িল৷ পুৱাই খোৱাৰ নামত মুখ নেমেলা মাইনাজনীৰ মুখত কিবা এটা কঁটিয়াই, আগদিনা বিৰাজে আনি দিয়া দামী দামী বিস্কুট, কেক আদিৰ টিফিন, পানী বটল, বেগ লৈ মাইনাক স্কুললৈ নিয়া, স্কুল শেষ নোহোৱালৈকে গেটৰ সন্মুখত ৰৈ থাকি মাইনাক স্কুলৰ পৰা ঘৰ পোৱোলৈকে অনেক কাম৷

অহ্! এটা কথা ক’বলৈ থাকিলেই৷ এই কেইদিন মানতে জয়িতাৰ সাধাৰণ জ্ঞানো বাঢ়িল৷ চহৰখনৰ নিৰ্দিষ্ট দোকানকেইখন চিনি পোৱা জয়িতাৰ এতিয়া চহৰখনৰ ক’ত কোনখন দোকানত কোনটো বস্তু কম দামত পাই তাইৰ নখ দৰ্পনত৷ কোনোদিনে কাষৰ ঘৰখনত কিমান মানুহ আছে গম নোলোৱা জয়িতাই আজিকালি চহৰখনৰ সিটো মূৰত থকা বৰা দম্পতিৰ মৰমৰ ডগিটোৰো খবৰ জানে৷ অনলাইন শ্বপিংত তাইৰ সমান বিশেষজ্ঞ পোৱা যেন কঠিন হ’ব৷ অল্পভাসী জয়িতাই আজিকালি অনৰ্গল কথাৰ মহলা মাৰিব পৰা হ’ল৷ এদিন বিৰাজে তাইক এনেয়ে সুধিলে-
“হেৰা, মাইনাহঁত স্কুলত সোমোৱাৰ পিছত তোমালোক ক’ত থাকা হে?”
জয়িতাই উৎসাহেৰে উত্তৰ দিলে,
” কিয়, সেই ডাঙৰ আঁহতজোপাৰ তলত আকৌ৷ আমি গোটেই কিজনীয়ে পইচা তুলি কাষৰ মাৰোৱাৰী দোকানৰ পৰা এখন পলিথিন কিনি লৈছোঁ৷ সেই যে অংকুৰ মৌচমৰ মাক চুচ্‌মিয়ে এখন ডাঠ বেদচিট লৈ আনে৷ পলিথিনৰ ওপৰত সেইখন পাৰি বহি কথা পাতি থাকোঁ৷ কেতিয়াবা দুই এটা বজাৰ কৰোঁগৈ৷ কোনোবা নহয় কোনোবা এজনীৰ বজাৰ কৰিব লগা থাকেই৷ গোটেইকিজনী যাওঁ আকৌ৷”

“পিছে, খোৱা বোৱা?”

“সেইটোনো সুধিব লাগেনে? এটা কথা, চাপ্লাইৰ কাষৰ যে সৰু পকৰি দোকানখন৷ তাত বৰ ভাল চিংৰা পায়৷ সন্ধিয়া বোলে ভাল আলুচপো বনায়৷ আহোঁতে লৈ আনিবাচোন৷”

“ৰ’বা, ৰ’বা৷ সেই গেলা নৰ্দমাটোৰ ওপৰত থকাখন? কৃষ্ণ! হেৰা সেইখিনিত ৰৈ থাকিবই নোৱাৰি দেখোন৷ তাৰ পৰা চিংৰা, আলুচ’প? তোমালোকে খোৱানে?”

“এহ্ নহয় দিয়া৷ অকণমান গোন্ধায়েই আৰু৷ কিন্তু,বস্তুবোৰ বৰ পৰিষ্কাৰকৈ বনায়৷”

“হেৰা,থোৱাহে৷ কি পৰিষ্কাৰ হ’ব? গেলা নৰ্দমাৰ মাখি, পোক, বীজাণুবোৰ ক’লৈ যাব তোমাৰ সেই চিংৰা আলুচ’পত নপৰি৷”

“আৎচা, এটা কথা কোৱাচোন, এই মাকবোৰ মানে তোমাৰ লগত থকা মহিলাবোৰৰ আন কাম নাথাকে নেকি? দিনৰ দিনটো কথাৰ মহলা মাৰি আমনি নালাগেনে? মুখ নিবিষাইনে? তোমালোকক মানিছোঁ দেই৷”

“আমনি লাগিবলৈ কিটো আছে৷ ল’ৰাছোৱালী স্কুলত দিছোঁ যেতিয়া সিহঁঁতৰ ভৱিষ্যতৰ বাবে ইমানখিনি কৰিবই লাগিব৷ তোমাৰতো কোনো চিন্তাই নাই৷ আনৰ দেউতাকবোৰে কেনেকৈ কষ্ট কৰে৷ তুমি আজিলৈকে সুধিছানে- মাইনাই স্কুলত কি শিকিছে৷”

এইপাত অস্ত্ৰৰ উত্তৰ বিৰাজৰ হাতত নাই৷ সি ভাবিব নোৱাৰে, মানুহবোৰে কিয় এই কণ কণ শিশুবোৰৰ ওপৰত ইমান বোজা জাপি দিছে আৰু নিজেও তাৰ অংশীদাৰ হৈছে৷ সিহঁতৰ পৃথিৱীলৈ অহানো কিমান দিন হৈছে? চুই-লাৰি, পিটিক-যিটিকি চাৰিওকাষ চোৱাৰ সময়ত সেই ’লণ্ডন ব্ৰীজ ফল…..’ আদিবোৰ কিহৰ বাবে? প্ৰশ্নটোৰ উত্তৰ তাৰতো বাদেই বাঘাবাঘা শিক্ষাবিদৰ ওচৰতে নাই৷ আৰু জয়িতাৰ দৰে অভিভাৱকবোৰে দিনটোৰ সিংহভাগ সময় এনেদৰে অৰ্থহীন ভাবে কটোৱাটো. . এইখিনি সময় সন্তানৰ বাবে দিয়াতো একান্তই প্ৰয়োজন যদিও সমান্তৰালভাৱে কিবা এটা কৰা যেনে মহিলা সকলে চিলাই, পুতলা বনোৱা আদিত নিয়োজিত কৰিব নোৱাৰেনে? নাই, বিৰাজে এইবোৰ কৈ জয়িতাজনীৰ মনত দুখ দিব নোৱাৰে৷

“হেৰা, মই কুকাৰতে দাইল পানী জোখমতে দি থৈছোঁ৷ তুমি উঠি গেছটো জ্বলাই বহাই দিলেই হ’ল৷ ৰাতিৰ ভাত আছেই৷ মাইনাই ময়ে ওট্‌চয়ে খালোঁ৷ আৰু ফ্ৰিজত পাচলি আছে৷ চাই চিতি কিবা এটা ভাজিবা৷ নহলে,কণী এটাৰ অমলেটেই বনাই ল’বা৷ মাইনাক পঢ়াই থাকোতে সময়েই নহ’ল৷ তুমি বেয়া নাপাবা৷ মই আহিছোঁ, মাইনাৰ স্কুল দেৰি হ’ব৷”

☆★☆★☆

11 Comments

  • খনিন্দ্ৰ

    বৰ্তমানৰ সমাজখনৰ এক সুলভ ছবি| ভাল লাগিল ককাইদেউ|

    Reply
  • Mridula

    ভাল লাগিল

    Reply
  • Dolly Talukdar

    বৰ ভাল লাগিল ।

    Reply
  • ৰিণ্টু

    বঢ়িয়া লাগিল মানসদা

    Reply
  • কমল নেওগ , তেজপুৰ

    ভাল লাগিল তোমাৰ লেখাটো পঢ়ি ।বাস্তবৰ এখন দাপোণ দাঙি ধৰিছা।

    Reply
  • হেমন্ত কাকতি

    একেবাৰে সচা কথা৷ মোৰ অফিচৰ ৰাস্তাতে নাৰ্চাৰী স্কুল এখন পৰে৷ ডিউটীলৈ যাওতেও লেডীজ পাৰ্টীৰ আড্ডা দেখো, আৰু দুপৰীয়া ঘুৰি আহেতেও আড্ডা শেষেই নহয়৷ এইটো বহুততে ট্ৰেণ্ড হৈ গৈছে৷
    ভাল লাগিল মানস৷

    Reply

Leave a Reply

Your email address will not be published.