ফটাঢোল

মাত্ৰ এটোপাল পানী (মূল: মাৰ্ক চেৰ্নফ) – অনুবাদ: নিৰ্মালী বৰমূদৈ

এসময়ত এগৰাকী মহিলাই মৰুভূমিত নিজকে হেৰুৱাই তিনিদিন ধৰি পানী নোখোৱাকৈয়ে কটাইছিল। তেওঁৰ ডিঙি শুকাবলৈ আৰম্ভ কৰিছিল, ঠিক তেনেতে ১০০ মিটাৰ মান আঁতৰত এটা হ্ৰদ দেখা পালে- “হ’ব পাৰে নেকি? নে কিবা প্ৰতিবিম্ব?” নিজকে কৈ উঠিল তেওঁ।

শেষবিন্দু শক্তিকণ গোটাই লৈ কোনোমতে ঢলি নপৰাকৈ তেওঁ হ্ৰদটোৰ ফালে গ’ল আৰু তৎক্ষণাত ধৰিব পাৰিলে যে এইয়া কোনো মৰীচিকা নহয়, বৰঞ্চ ই এটা ডাঙৰ, পৰিস্কাৰ পানীৰে পুষ্ট এটা হ্ৰদ য’ত গোটেই জীৱনটো হেঁপাহ পলুৱাই পানী খাব পাৰিব। যিসময়ত তেওঁ এটোপাল পানীৰ কাৰণে আতুৰ হৈ আছিল, কিন্তু তেওঁ এটোপাল পানীও মুখত নিব নোৱাৰিলে। তেওঁ মাথো হ্ৰদৰ কাষত ৰৈ পানীখিনিকেই চাই থাকিল।

ঠিক সেই সময়তে উটৰ পিঠিত উঠি বাটৰুৱা এজন গৈ আছিল যিয়ে মহিলাগৰাকীৰ আচহুৱা ব্যৱহাৰ লক্ষ্য কৰি আছিল। তেওঁ উটৰ পিঠিৰপৰা নামি পিয়াহত আতুৰ হোৱা মহিলাগৰাকীৰ ওচৰ চাপি আহিল আৰু সুধিলে,”আপুনি কিয় এটোপালো পানী খোৱা নাই?”

তেওঁ ভাগৰুৱা দেহাৰে বাটৰুৱাজনলৈ চালে, তেওঁৰ মুখ আৰু চকুত বিষন্নতাৰ প্ৰভাৱ বাৰুকৈয়ে দেখা গৈছিল। ”মই পিয়াহত মৰি গৈছোঁ।” তেওঁ ক’লে – “এই হ্ৰদটোত ইমানখিনি পানী খাবলৈ আছে। নাজানো মই কি কৰি আছোঁ! সম্ভৱতঃ মই গোটেইখিনি শেষ কৰিব নোৱাৰিম।”

বাটৰুৱাজনে মিচিকিয়া হাঁহি এটা মাৰি, তললৈ হাউলি এচলু পানী হাতত লৈ মহিলাগৰাকীলৈ আগবঢ়াই ক’বলৈ ধৰিলে, ”হে ভদ্ৰ মহিলা, আপোনাৰ সময় এতিয়া। সকলো পিছ পেলাই আপুনি গোটেই জীৱনটো আগবাঢ়ি গ’লেও পিয়াহ আঁতৰ কৰিবলৈ গোটেইখিনি পানীৰ প্ৰয়োজন নহ’ব। মাত্ৰ এচলু পানী ল’লেই যথেষ্ট। মাত্ৰ এচলু। যদি বিচাৰে আৰু খুব বেছি আন এচলু। মাত্ৰ আপোনাৰ সন্মুখত যি আছে, সেইটোত গুৰুত্ব দিয়ক। লাহে লাহে দেখিব আপোনাৰ সকলো উৎকণ্ঠা, ভয় এফালৰপৰা নাইকিয়া হৈ যাব।”

☆★☆★☆

Leave a Reply

Your email address will not be published.