ফটাঢোল

মাত্ৰ বাইছ চৰ – গায়ত্ৰী গোস্বামী

অভিযন্তা প্ৰশান্ত বাল্যবন্ধুসহ গড়আলিত পূজা চাই আছে। এজন বন্ধু এতিয়াও আহি পোৱাহি নাই। সেই লৈ উত্তেজিত ৰাজে ফোন কৰিলে,

: এই তই আহিবিনে নাহ, এইখন তোৰ চেম্বাৰ বুলি ভাবিছ নেকি। আমি ডাক্তৰলৈ বোন্দাপৰ দি ৰৈ থাকিম হাঁ?

উত্তৰলৈ বাট নাচাই ৰাজে ফোনটো কাটি, কাষতে থিয় হৈ থকা প্ৰশান্তক প্ৰশ্ন কৰিলে,

: এই প্ৰশান্ত, তোৰ মনত আছেনে এই ডাক্তৰ গোলোকে মুঠতে সেইদিনা কেইচৰ খাইছিল। হাঃ হাঃ হাঃ!

উপস্থিত বাকী চাৰিটাই সমস্বৰে চিঞৰি উঠিল,

: মাত্ৰ বাইছ চৰ, কপাল ভাল আছিল, বাইছ চৰ মাত্ৰ।

প্ৰশান্তই হাঁহিটো যেনে তেনে সামৰি চিঞৰিল,

: এই তেনেহ’লে মই যাওঁ দেই, এতিয়া গোলোকে আহি এইটো কথা শুনিলেই মোক আকৌ পিটিব।

এইবাৰ সজোৰে আটাইকেইটা ৰাস্তাতে হাঁহিত ফাটি পৰিল।

ক্লাছ এইট। অকল ল’ৰা পঢ়া এখন বিখ্যাত স্কুল।ক্লাছটোত চোকা-ভোডা মিলি আটাইমখা তীখৰ। ষষ্ঠ পিৰিয়ডত ছাৰে ইংৰাজী ব্যাকৰণৰ আৰ্‌টিকল পঢ়াই আছে। গোলোকৰ বেঞ্চৰ প্ৰশান্ত, ৰাজ, মহিম, জাহিৰ আটাইকেইটা পঢ়াত বৈদ্য চোকা, টোঁৱাবই নোৱাৰি। ছাৰে পঢ়াই থকা আৰ্‌টিকল সিহঁতৰ নখ দৰ্পণত। ছাৰৰ কথালৈ কাণ দিয়াতকৈ সেয়ে চকু খিৰিকীৰ বাহিৰত।

ঠিক সেইসময়তে বিদ্যালয়ৰ হেডছাৰ সেইখিৰিকীখনৰ কাষেদিয়েই পাৰ হৈ যাওক। প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীক আছুতীয়াকৈ একোটা নাম দিয়াত পাকৈত ল’ৰাহঁতে সুবিধাকণ এৰি নিদিলে। চুটি-চাপৰ হেডছাৰক শুনাকৈ গোলোকে “কাছ” বুলি লাহেকৈ কৈ তলমূৰ কৰি এনেকৈ ৰৈ গ’ল যেন পঢ়াৰ বাহিৰে জগতখনত কি হৈছে সি গমেই নাপায়! কাণত থহৰকৈ কাছ শব্দটো বাজি উঠাত হেডছাৰে একে উশাহে পাকটো মাৰি ক্লাছটোলৈ সোমাই আহি আৰ্‌টিকল পঢ়োৱাত ব্যস্ত ছাৰক সুধিলে,

: হেৰা, কোনে ইয়াত কাছ বুলি চিঞৰিছিল?

চকু-কাণ ঠিয় ছাৰেও একেকোবে গোলোকক ঠিয় কৰাই দিলে। হেডছাৰে গোলোকৰ কাণখন পকাই সুধিলে,

: পঢ়াত মন কাণ নাই, চকু বাহিৰত?

গোলোকেও মাৰ খোৱাৰ পৰা বাছি যোৱাৰ কোনো লক্ষণ নেদেখি আত্মপক্ষ সমৰ্থন কৰি গোকাট মিছা মাতিলে,

: ছাৰে কি পঢ়াই আছিল একো বুজা নাছিলোঁ, সেইকাৰণে…

কথাটো শুনি হেডছাৰে ক্লাছ কৰি থকা ছাৰজনলৈ এটা দৃষ্টি নিক্ষেপ কৰি গুছি গ’লগৈ। এইবাৰ খঙে চুলিৰ আগ পালেগৈ ক্লাছটোত মনপুতি পঢ়ুৱাই থকা ছাৰৰ।

গোলোকক অতি চেনেহসনা মাত এষাৰ উলিয়াই লৈ ওচৰলৈ মাতিলে তেওঁ আৰু তাক এইবাৰ ক্লাছটোক আৰ্‌টিকল বুজাবলৈ ক’লে। লগতে ক’লে, গোলোকে পঢ়ুৱাৰ পিছত তেওঁ ক্লাছৰ প্ৰতিটোকে গোলোকে বুজাই যোৱা আৰ্‌টিকলৰ এটা প্ৰশ্ন সুধিব আৰু যি নোৱাৰে, তাৰ সলনি গোলোকে এটাকৈ চৰ খাব লাগিব।

চৰ্তটো ল’ৰা মখাৰ বৰ পচন্দৰ হ’ল। গোলোকে বৰ সলসলীয়াকৈ বুজাইছে আৰ্‌টিকলৰ নিয়ম। ক’বলৈ বেছি নাছিল তাৰ আৰু যথেষ্ট সপ্ৰতিভভাবে সি ভাবিলে যে এইবোৰ ক্লাছৰ সবেই পাৰিব আৰু সি এচৰো খাব নালাগে!

এইবাৰ ছাৰে আটাইতকৈ ভোটা বুদ্ধিৰ মিৰাজক সুধিলে এটা সহজ আৰ্‌টিকল সম্পৰ্কীয় প্ৰশ্ন আৰু ছাৰে আশা কৰা মতেই একো মুখেৰে মাতিব নোৱাৰা মিৰাজৰ বাবে গোলোকক এচৰ সোধালে।

এইদৰে পাঁচ ছয় চৰ মান খোৱাৰ পিছত গোলোকে ছাৰক পুনৰ ক্লাছটোক আৰ্‌টিকল বুজাবলৈ অনুমতি বিছাৰিলে। ছাৰে অনুমতি দিলে আৰু প্ৰাণটাকি আৰ্‌টিকল পঢ়োৱাবলৈ লাগি গ’ল। তাৰ পঢ়োৱা শেষ হ’লত ছাৰে পুনৰ আৰম্ভ কৰিলে প্ৰশ্ন আৰু গোলোকক চৰিওৱা। প্ৰতিটো চৰ বাকী ক্লাছটোৱে সমস্বৰে হিচাপ কৰি গৈ থাকিল। সাত, আঠ, ন…

তেৰ, চৌধ্য চৰৰ পিছত গোলোকে পুনৰ অনুমতি লৈ যিমান পাৰি চিঞৰি চিঞৰি আৰ্‌টিকল বুজালে কিন্তু ক্লাছৰ কোনো এটায়ো উত্তৰত মুখেৰে নামাতিলে আৰু এনেদৰে চৰৰ সংখ্যা বাঢ়ি গৈ থাকিল৷ একেবাৰে শেষত গোলোকৰ বেঞ্চৰ ক্লাছৰ এক ৰোল নংৰ প্ৰশান্তক ছাৰে থিয় হ’বলৈ ক’লে। এইবাৰ গোলোক আসস্ত হ’ল যে প্ৰশান্তই নজনা একো নাই, সেয়ে সি চৰ খাব নালাগে অন্তত।

পিচে মুহূৰ্ততে পাং পাঙি ছাৰ আৰু গোলোকক বুৰ্বক সজোৱা গোটেই ক্লাছটোৰ দৰেই প্ৰশান্তয়ো একো নজনাৰ ভাও ধৰি মনে মনে থিয় হৈ থাকিল। আৰু ছাৰেও তেতিয়াহে ক্লাছটোৰ গোটেই মখাৰ বদমাছিটো বুজি, লাহেকৈ গোলোকক চৰ এটা শোধাই গুছি যোৱাৰ পৰত কৈ গ’ল,

: গোলোক, তোৰ আজি ভাগ্য ভাল, আজি ক্লাছত বেছিভাগ ল’ৰাই এবচেণ্ট। আজি মাত্ৰ তেইছটাহে আহিছিল৷

☆★☆★☆

4 Comments

  • শাস্তি দিয়াৰ বিৰল পদ্ধতি। প্ৰতিখন স্কুলত এনেকুৱা অঘাইটং ক্লাচ এটা থাকেই— ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ তামাম এইটো৷ আগৰ জমানাৰ মাষ্টৰৰ পিটন নোখোৱা কোনোো নোলাবই নেকি? আজিকালি হলে কেচ মোকৰ্দমা হৈ গ’ল হেতেন! বঢ়িয়া লাগিল কাহিনীটো৷

    Reply
  • সত্যেন্দ্ৰ কুমাৰ ডেকা

    (পঢ়ি উৎসাহিত হৈ নিজৰ জীৱনত ঘটা ঘটনাটো আগবঢ়ালো)

    ক শ্ৰেণী, খ শ্ৰেণী, প্ৰথম শ্ৰেণী , দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণী।
    মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৪০ কি ৫০।

    প্ৰধান শিক্ষকে সুধিলে প্ৰশ্ন ভূৰুকা কি? ( শংকৰদেৱ – নৰনাৰায়ণ ৰজাৰ হাতী মাৰি ভূৰুকাত ভৰোৱাৰ পৰা আৰম্ভ।)

    ইমান সহজ প্ৰশ্ন, নিশ্চয় কিবা কায়দা আছে। সেয়েহে জনা উত্তৰ তোও দিয়া নহ’ল ভুল হয় বুলি।

    এজন দুজন কৈ তৃতীয় শ্ৰেণীৰ পৰা খ শ্ৰেণী লৈকে কোনোৱে উত্তৰ দিব নোৱাৰিলে/ নিদিলে।

    শেষত খ শ্ৰেণীৰ এজনী ছোৱালীয়ে কলে ভূৰুকা বুলি।
    ইমান সৰু ছোৱালী জনিয়ে জনা, সহজ প্ৰশ্ন টোৰ উত্তৰ চোকা চোকা ছাত্ৰইও দিব নোৱাৰাত শিক্ষক অগ্নী শৰ্মা।

    ফলত….

    শুদ্ধ উত্তৰ দিয়া ছোৱালী জনিৰ হতোৱাই আটাইকে এটা এটা কৈ চৰ মৰোৱালে প্ৰধান শিক্ষক জনে।

    ভুৰুকাৰ চৰ।

    (ভুৰুকা বানান টোৰ শুদ্ধ ৰূপ কোনটো হয় বা)

    Reply

Leave a Reply

Your email address will not be published.