ফটাঢোল

মানে আকৌ লাজ পালোঁ – ডাঃ কুমাৰ পাৰ্থ প্ৰতিম

মানে বুজিছেনে? মোৰ এই নতুনকৈ ওফন্দি অহা পেটটোৱে মোৰ মান সন্মান সকলো পানী কৰিহে এৰিব আৰু ৷
আজি ৰাতিপুৱাৰ কথা ৷ অফিচলৈ বুলি ওলাই বাৰাণ্ডা পাওতেই দেখিলোঁ যে দেউতাই আৰামী চকীখনত হাত-ভৰি মেলি বহি খবৰ কাগজ পঢ়াত ব্যস্ত ৷ জোণ্টি আৰু আইমনিয়ে গা ধুই আহি মেলা চুলিৰেই তিতা কাপোৰবোৰ চোতালৰ ৰছীডালত শুকাবলৈ বুলি মেলি আছে ৷ ৰান্ধনিঘৰৰপৰা বাচন বৰ্তনৰ খুটুং খাটাং শব্দ, অৰ্থাৎ মা পাকঘৰত আছে ৷ মস্তি ৷ মনটো অলপমান ৰোমাণ্টিক হৈ পৰিল ৷ আজিয়েই অলপ সুযোগ পাইছোঁ ৷ পটকৰে আকৌ এবাৰ আমাৰ কোঠাত উপস্থিত হ’লোঁ ৷ মানসীয়ে নিচুকাই নিচুকাই সোণৰ টোপনি অনাই বিছনাখনত শুৱাই দি থিয় দিছিলেহে মাথোন, মোক দেখি তেওঁ অলপ আচৰিতেই হৈ পৰিল ৷

“উভতি আহিলা যে চন্দন? কিবা পাহৰিলা নেকি? ”

“একো পাহৰা নাই ৷ আমি দুটাই খুল্লম খুল্লা প্ৰেম কৰিম আজি ৷ ”

“কিনো কোৱা অ’? ৰাতিপুৱাই কিবা খালা নেকি? ”

“নাই খোৱা ৷ ”

মোলৈ অবাক হৈ চাই থাকোতেই মই তেওঁক আকোৱালি ধৰিলোঁ ৷ তেওঁৰ কপালখনত এটি চুমা যাচিবলৈ বুলি আগবাঢ়োতে তেওঁ শংকিত হৈ মৃদুভাৱে চিঞৰি উঠিল— “হেই, হেই, কি কৰা? দৰ্জা খুলা আছে ৷ কোনোবাই দেখিলে কি হ’ব বাৰু এইখন? ”

নাটকীয় ভঙ্গীত মই উত্তৰ দিলোঁ— “একো নহয় ৷ তুমি টেনচন নল’বা ৷ মই সকলোৰে কাম কাজবোৰ পৰ্য্যবেক্ষণ কৰি আহিছোঁ ৷ অন্ততঃ পাঁচ মিনিটমানলৈ ইয়ালৈ কোনো অহাৰ চান্স নাই ৷ ”

“দুষ্টটো ক’ৰবাৰ ৷ ”— মিচিকিয়া হাঁহি এটিৰে মানসীয়ে মোক আবেগেৰে সাৱটি ধৰিলে ৷ বুজিছে, বিয়াৰ আগতেটো কোনেও গম নোপোৱাকৈ লুকাই চুৰকৈ প্ৰেম কৰোতেই গ’ল ৷ তেতিয়া বহুত খং উঠিছিল, সকলো কাম চোৰৰ দৰে লুকাই মেলি কৰিব লাগে বুলি ৷ কিন্তু এতিয়া লুকাই চুৰকৈ এনেদৰে অকণমান প্ৰেম কৰাৰ সুযোগ পালেও মনটো কিবা দেখোন শিহঁৰিত হৈ উঠে ৷ মানে হৃদয় একেবাৰে থৌকি-বাথৌ, মানে সেই “আনন্দে নধৰে হিয়া” ধৰণৰ আকৌ ৷ সুকোমল লাজে গোলাপী কৰি তোলা মানসীৰ গালখনত আবেগৰ চুমা এটি যাচিবলৈ বুলি অগ্ৰসৰ হওঁতেই তেওঁ অকস্মাতে কৈ পেলালে— “বাকীবোৰে ঠিকেই কয় চন্দন, তোমাৰ পেটটো সঁচাকৈয়ে বৰ ডাঙৰ হৈছে অ’৷ তোমাৰ পেটটোৱে মোক কিবা হেঁচা মাৰি ধৰিছে ৷ ”

ৰোমাঞ্চ উৰি গৈ কোনোবাখিনি পালেগৈ ৷ খঙেই উঠি আহিল ৷ এনে এটি মুহূৰ্তত মোৰ ক্ৰমবৰ্ধিত পেটটোৰ কথা উনুকিয়াই দিবলৈ তেওঁৰ অলপো বেয়া নালাগিলনে? বিয়াৰ পিছত মাইকী মানুহবোৰৰ ৰোমাঞ্চ বোলা বস্তুটো কিবা নোহোৱাই হৈ যায় দেখোন ৷ অৱশ্যে অন্তৰাত্মাই চিঞৰি উঠিল, নিজেহে বৰ একেবাৰে ৰোমাণ্টিক হৈ আছ ৷ যিয়েই নহওক, চুম্বন যঁচাৰ স্পৃহা পলকতে নোহোৱা হৈ পৰিল ৷ কুৰুক্ষেত্ৰ এখন হোৱাৰপৰা বাচিবলৈকে খঙটোৰ বহিৰ্প্ৰকাশ নঘটাই অন্তৰৰ বেদনা অন্তৰতে থাপি থুপি অশেষ কষ্টেৰে কোনোমতে ক’লোঁ— “যাওঁ দিয়া মানসী ৷ অফিচলৈ দেৰিয়েই হ’বগৈ ৷ ”

ততাতৈয়াকৈ অফিচলৈ বুলি ৰাওনা হ’লোঁ ৷ কিন্তু গোটেই বাটটোৱেই মোৰ এটা কথাই মনলৈ আহি থাকিল ৷ মানসীয়ে ঠিকেই কৈছে ৷ পেটটো বৰকৈ বাঢ়িছে মোৰ ৷ কিবা কৰি কমাবই লাগিব ৷ সকলোৰে মুখত কেৱল যেন মোৰ পেটটোৰেই কথা ৷ অফিচৰ জুনিয়ৰবোৰৰ কথাই শুনক ৷ সময় অসময় নাই, যেতিয়াই তেতিয়াই ক’ব— “চন্দন দা, বিয়াৰ পিছতে পেটটো ইমান বাঢ়িল যে, কথাটো কি? বৌৱে তামাম ৰান্ধি বাঢ়ি খুৱাইছে হ’বলা? ”

তাতোকৈ এখোপ ওপৰলৈ গৈ লগৰ কেইটামানে সোধে— “চন্দন, কেইমাহ চলি আছে? ডাক্তৰে তাৰিখ কেতিয়া দিছে? ”

হাঁহি মাৰি সকলোৰে উত্তৰ দি থওঁ যদিও পেটে পেটে জ্বলি পকি মৰোঁ ৷ মোৰ পেট বাঢ়িল, তাতে সিহঁতৰ কি ক্ষতিটো হ’ল? এনেদৰে পেটটো বঢ়াবলৈকো কম কষ্ট হেছে নেকি মোৰ? স্বাদগ্ৰন্থি তৃপ্ত কৰিবলৈ কম খাব লগা হৈছেনে? কিমান খাদ্য খোৱাৰ পিছতহে সেইবোৰ চৰ্বিলৈ ৰূপান্তৰিত হৈ মোৰ এই মেদবহুল উদৰটোৰ সৃষ্টি হৈছে সিহঁতে জানেনে? বাৰু, আৰু নকওঁ দিয়ক ৷ খঙত এইবোৰ বজৰুৱা যুক্তি বিচাৰি উলিয়ালেও ৰাতিপুৱা গা ধুই উঠি মানসীৰ ড্ৰেচিঙ টেবুলখনত সংলগ্ন প্ৰকাণ্ড আইনাখনৰ সন্মুখত থিয় হৈ নিশ্চয়কৈ হীনমন্যতাত ভোগো ৷ কি পেট আছিল, আৰু কি পেট হ’ল ৷ থিয় হৈ থকা অৱস্থাত তললৈ চাই পঠিয়ালে ভৰি দুখন দেখাই নাপাওঁ ৷ অৱশ্যে এটা কথাও আছে তাতে ৷ শৰীৰচৰ্চাৰ নামত শূন্য, ব্যায়ামগাৰলৈ যোৱাটো দূৰৰে কথা, নাম শুনিলেও শৰীৰৰ য’তে ত’তে বিষোৱা যেন লাগে, মোৰ পেট নাবাঢ়ি বেলেগ কাৰোবাৰ পেট বাঢ়িবনে?

বাৰু বাদ দিয়ক এইবোৰ কথা, মুঠতে অপ্ৰস্তুত হৈ যাওঁ কেতিয়াবা এনে মন্তব্যবোৰত ৷ দুবাৰমানটো বৰ লাজতে পৰিব লগাত পৰিছোঁ ৷ এমাহমানৰ আগৰ কথা ৷ মোৰ প্ৰিয় বন্ধু এজনৰ বিয়াৰ কথা চলি আছিল ৷ তাৰ হ’বলগীয়া কইনাজনীৰ ঘৰলৈ যাব লগাত পৰিছিলোঁ ৷ কইনা চাবলৈ বুলি নহয়, আনুষ্ঠনিকতাৰ বাবেহে ৷ সিহঁত দুটাৰ চাৰি বছৰৰ দুৰ্ঘোৰ প্ৰেমৰ অন্তত দুমাহমানৰ আগতেহে দুয়োঘৰে উপায় নোপোৱাত পৰি বিয়াৰ বাবে সন্মতি প্ৰদান কৰিছে ৷ নহ’লেতো মোৰ আগতে তাৰহে বিয়া হোৱাৰ কথা আছিল ৷ কইনাঘৰ আকৌ মোৰ কুটুম্ব হয়, কইনাৰ দেউতাক মোৰ দেউতাৰ সম্বন্ধীয় ভায়েক, মানে মোৰ খুৰা ৷ সেই খুৰাই তেওঁৰ জীয়ৰী আৰু মোৰ প্ৰিয় বন্ধুৰ প্ৰেমৰ কথাটো লৈ মোকো কমখন হাৰাশাস্তি কৰা নাই এতিয়ালৈ ৷ মোৰ লগৰটোৰ প্ৰসংগত তেখেতে হকে-বিহকে অভিধানত থকা নথকা সকলো বিশেষণেই ব্যৱহাৰ কৰিছিল ৷ লগতে তাৰ কিছুমান মোলৈকো উফৰি আহিছিল, যিহেতুকে মোৰ লগত খুৰাহঁতৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ ফলশ্ৰুতিতেই ভণ্টিৰ প্ৰেমত পৰিছিল মোৰ বন্ধুজন ৷ অৰ্থাৎ খুৰাৰ মতে যতকুটৰ ঘাই আছিলোঁ মই ৷ তদুপৰি মোৰ বন্ধুৰ মুখত খুৰাৰ প্ৰতি সম্বোধন সদায় আছিল “তহঁতৰ সেই বুঢ়াটো” ৷ অৱশ্যে প্ৰেমৰ প্ৰধান কণ্টকৰ প্ৰতি ভাল ভাব নহাটোৱেই স্বাভাৱিক ৷ গতিকেই যেতিয়া বন্ধুজনে মোক খুৰাহঁতৰ ঘৰলৈ যাবৰ বাবে লগ ধৰিলে, মোৰ ওঁঠৰপৰা নিমিষতে ওলাই আহিল,

“তোৰ লগত যাম? আৰু সেই বুঢ়াৰ ঘৰলৈ? মোৰ মাথাত পোকে কামুৰিছে বুলি ভাবিছ নেকি? ”

“বুঢ়া বুলি নকবিচোন, মৌৱে শুনিলে বৰ দুখ পাব অ’৷ ”

মৌ মোৰ ভণ্টিজনীৰ ঘৰত মতা নাম ৷ আৰু মোৰ প্ৰিয় মিত্ৰক চাওক, সেই সিদিনালৈকে বিয়াত সন্মতি নিদিয়াৰ বাবে মোৰ খুৰাক মোৰ আগত সদায় “তহঁতৰ সেই বুঢ়াটো” বুলি গালিয়েই পাৰি থাকিলে, কিন্তু আজি মই সেইবুলি ক’লে আকৌ জগৰ লগা হ’ল ৷ সম্পৰ্কবোৰ আচলতে দেখোন তেনেকুৱাই ৷ মনে মনে কিন্তু বৰ সুখ পালোঁ ৷ নিৰ্দিষ্ট দিনত বন্ধুৰ বাইকৰ পিছপিনে বহি খুৰাহঁতৰ ঘৰলৈ বুলি ওলালোঁ ৷ অলপ সময়ৰ পিছতে বন্ধুৱে ক’লে,

“অই চন্দন, তই মোক ঠেলি আছ কিয়? অলপ পিছুৱাই বহচোন ৷ ”

মই আচলতে ঠিক ঠাইতে বহি আছিলোঁ, কিন্তু মোৰ পেটটোৱেহে বন্ধুক ঠেলা মাৰি আছিল ৷ মনটো আকৌ এবাৰ বেয়া লাগিল ৷ একো নক’লোঁ আৰু তাক, অলপ পিছুৱাই বহি পেটটো যথাসম্ভৱ ভিতৰলৈ সুমুৱাই যেনে তেনে খুৰাৰ ঘৰ পালোগৈ ৷

বিৰাট আয়োজন কৰিছিল সেইদিনা খুৰাহঁতৰ ঘৰত ৷ বাহ, খুৰাৰ মোৰ বন্ধুৰ লগত কি মোলায়েম ব্যৱহাৰ ৷ মানে কি ক’ম আৰু, আচৰিতেই হৈ গ’লোঁ একপ্ৰকাৰ ৷ অলপ সময় পিছত মৌৱে আহি মোক মাত দিলেহি—“বাবা দাদা, আজিকালি তুমি আমাৰ ঘৰলৈ নহাই হ’লা দেখোন ৷ তোমালোকৰ ঘৰলৈ দিনতে যাও যে, সেয়ে বৰমা আৰু বৌহঁতকহে লগ পাওঁ ৷ বহুদিনৰ মূৰত দেখিলোঁ তোমাক ৷ বিয়াৰ পিছত স্বাস্থ্য ভাল হৈছে দেই তোমাৰ ৷ ”

মনটো অলপমান ভাল লাগিবলৈ আৰম্ভ কৰিছিলহে, খুৰাই মৌক উভতি ধৰিলে—“কি স্বাস্থ্য ভাল হোৱা দেখিলি তই? একো ভাল হোৱা নাই ৷ পেটুৱাহে হৈছে ৷ আৰু ৰ’চোন বাবা, বয়স হৈছে নহয় আমাৰ ৷ ঠিকেই বুজিছোঁ তোৰ পেট বঢ়াৰ কাৰণ ৷ তই তাৰমানে মদ, বীয়েৰ এইবোৰ খোৱা আৰম্ভ কৰিছ নহয়নে? এৰিবি দেই এইবোৰ অভ্যাস ৷ বেয়া কথা ৷ বিয়া পাতিছ, সন্তান জন্ম দিছ, গতিকে সিহঁতক চোৱা চিতা কৰিব পৰাকৈ তই সুস্থ হৈ থাকিব লাগিব ৷ ”

“খুৰাই যে কি কয় আৰু ৷ সেইবোৰ কাৰণ নহয় ৷ মোৰ পেটটো বেছিকৈ ভাত খোৱাৰ বাবেহে হৈছে ৷ ”— যেনে তেনে উত্তৰ দিলোঁ যদিও খুৰী আৰু মৌৰ আগত বৰ লাজ পালোঁ ৷ আকৌ এবাৰ খঙটো উঠি আহিল ৷ প্ৰথমে খুৰাৰ ওপৰত, নভবা-নিচিন্তাকৈ কথা কোৱাৰ বাবে ৷ দ্বিতীয়তে খং উঠিল মোৰ নিজৰ ওপৰতে, গৰহৰ দৰে যেই সেই বস্তু গলাধকৰণ কৰাৰ বাবে ৷ আৰু তৃতীয়তে খঙটো উঠিল মোৰ নিজৰ পেটটোৰ ওপৰত ৷ আৰে ভাই, মই যেনিবা খালোৱেই, দেহটোত ইমানবোৰ অংগ আছে, তইহে বাঢ়িবলৈ পালিনে? যিয়েই নহওক, লাজ মান সামৰি যেনেতেনে ঘৰ পালোহি ৷

কেইদিনমানৰ আগৰ কথা ৷ ভাগিন এজনী আহিছিল আমাৰ ঘৰলৈ ৷ পঞ্চমমানত পঢ়ে তাই ৷ মোৰ লগত অলপ সময় কথা পতাৰ পিছত তাই দেখোন কিবা কাৰণত হাঁহিবলৈ ধৰিলে ৷ ময়ো অনুসন্ধিৎসু হৈ পৰিলোঁ ৷

“কি হ’ল অ’ ৰিয়া মাজনী? ”

“জানানে চন্দন মহা, তোমাক আঁকিবলৈ একেবাৰেই উজু ৷ অঁকা বাদেই দিয়া, অতি সহজতেই মই তোমাৰ মূৰ্তি বনায়েই দেখুৱাব পাৰিম ৷ ”

“কেনেকৈ? ”

“ডাঙৰ গোল আলু এটাৰ তলপিনে দিয়াচলাইৰ কাঠি দুডাল ভৰাই দিলেই হৈ গ’ল ৷ আলুটো তোমাৰ পেট আৰু কাঠি দুডাল তোমাৰ ভৰি দুখন ৷ ”

উপস্থিত সকলোৰে হাঁহিৰ গিৰ্জনিত কোঠাটোত একপ্ৰকাৰ মানে শব্দ প্ৰদূষণৰেই সৃষ্টি হোৱা অৱস্থা হ’ল ৷ ময়ো উপায় নেদেখি হাঁহিলো আৰু, সেমেনা সেমেনিকৈ ৷ ভাগ্য ভাল, পৰিস্থিতিটো উপলব্ধি কৰি মানসীয়ে বেলেগ কথা উলিয়াই মোক বচালে বুলিহে ৷ কিন্তু কি ক’ম আৰু, আমাৰ ঘৰত থকাৰ গোটেই সময়খিনি ৰিয়া মাজনীয়ে মোলৈ চাই চাই মিচিক মিচিক হাঁহিয়েই থাকিল ৷ মানে মোক মোৰ এই প্ৰচণ্ড পেটটোৱে লাজত পেলায়েই থাকিব যেন পাইছোঁ ৷

পৰহিৰ কথা কওঁ ৷ অফিচৰপৰা ট্ৰেইনিং এটাত পঠাইছিল, ট্ৰেইনিং শেষ হোৱাত সোনকালেই আজৰি হৈ পৰিলোঁ সেইদিনা ৷ বাহিৰে বাহিৰে পটকৰে এবাৰ বাইদেউৰ ঘৰত সোমাই আহোঁ বুলি ভাবিলোঁ ৷ বাইদেউ ভিনদেউৰ ঘৰ আমাৰ অফিছৰ ওচৰতে, যাবলৈ সময় মিলাবলৈহে টান হৈ পৰে ৷ মই তেওঁলোকৰ চোতালত বাইকখন ৰাখিছোহে মাত্ৰ, বাইদেৱে মোক দেখি যেন স্বস্তিৰ নিশ্বাসহে এৰিলে ৷

“বাবা, তই আহিছ ভালেই হৈছে ৷ পিজুৰ স্কুল ছুটীৰ সময় হৈছে অ’ ৷ তই তাক স্কুলৰপৰা লৈ আনিব পাৰিবি নেকি? ”

বিনাবাক্যে পিজুৰ স্কুললৈ বুলি বাইক ঘুৰালোঁ ৷ পিজু মোৰ সৰু ভাগিন ৷ পাঁচ বছৰ বয়স ৷ ওচৰৰে স্কুল এখনত দিছে ৷ সি ল’ৰাটো এনেই বৰ মৰমলগাই, কিন্তু কথা বতৰাবোৰহে সাংঘাতিক ৷ ভয়েই লাগে তালৈ অলপমান ৷ মই গৈ পোৱাৰ পাঁচমিনিটমান পিছতে স্কুল ছুটী হ’ল ৷ ল’ৰাছোৱালীবোৰ ওলাই আহিল গেটখনেদি ৷ মই বাইকৰ ওপৰত বহি তালৈ বুলি অপেক্ষা কৰিলোঁ ৷ হঠাতে দেখা পালোঁ নয়নাক ৷ নয়না মোৰ ভণ্টিৰ লগত একেলগে পঢ়া ৷ তাইৰ ছোৱালীজনী আকৌ পিজুৰ লগত একেলগে পঢ়ে ৷ তাই মোক দেখি হাঁহি হাঁহি আগুৱাই আহিল ৷

“চন্দন দা, বহুদিনৰ মুৰত লগ পালোঁ দেই ৷ পিছে আপোনাৰ ভাগিনে আপোনাৰ তামাম চিনাকি দি আছে ৷ ”

পিজুলৈ থকা মৰমৰ মাত্ৰাটো আৰু অলপ বাঢ়ি গ’ল ৷ হ’ব পাৰে কথা বতৰাত খাৰাংখাছ, কিন্তু এই পাঁচ বছৰ বয়সতে সি মই ক’ত কি কাম কৰোঁ সকলো জানে ৷ হ’ব পাৰে, তাৰ কথা বতৰাৰ বাবেই তাক অলপ ভয় কৰি চলোঁ, কিন্তু মানিব লাগিব, এই কম বয়সতে সি যি কয়, ঠিকেই কয় ৷ গৌৰৱত বুকুখন এবেগেতমান ফুলি গ’ল ৷ সিনো মোৰ বিষয়ে কি কৈছে সেয়া জানিবলৈ মন গ’ল, কিন্তু উপযাচি সুধিবলৈ অলপ সংকোচ উপজিল ৷ মোৰ মনৰ অৱস্থাটো হয়তো নয়নাই বুজি পালে ৷ তাই নিজেই ক’লে— “আপোনাৰ ভাগিনে আপোনাৰ পৰিচয় কি বুলি দিছে গম পাইছেনে নাই চন্দন দা? ”

“কি বুলি? ”

“মোৰ ছোৱালীক সি কি বুলি কৈছে জানেনে? ”

“কি বুলি কৈছে? ”

“আপোনাক দেখুৱাই সি তাইক কৈছে, সেই বাইকখনত বহি থকা পেটুৱাটো যে দেখিছ, সেইটো মোৰ মামা হয় ৷ ”

নিজৰ কথাৰ ৰসত নিজেই হাঁহিত ফাটি পৰিল নয়না ৷ আৰু মোৰ? অলপ আগতে ফুলি উঠা বুকুখন পাম্প যোৱা বেলুনটোৰ দৰেই সোপোকা হৈ পৰিল ৷
বাৰু বাদ দিয়ক এইবোৰ কথা ৷ আজি দিনটো পিছে বৰ ধুনীয়াকৈ পাৰ হ’ল ৷ কিয় নাজানো, লান্স ব্ৰেকৰ পিছৰপৰা কিন্তু অফিচত এনেই মাত নিদিয়া ছোৱালীকেইজনীয়েও আজি মোলৈ চাই লাজুক হাঁহি মাৰিছিল ৷ হয়তোবা জিৰণিৰ সময়চোৱাতে মোৰ হ’বলগীয়া প্ৰমোচনটোৰ কথা কাৰোবাৰপৰা গম পাইছে সকলোৱে ৷ বুজি পাইছোঁ, পেটটো যেনিবা বাঢ়িলেই, কোনো কথা নাই, অফিচত মোৰ পাত্তা লাহে লাহে আৰু বাঢ়িছে ৷ উভতি আহি ঘৰৰ গেৰেজটোৰ সন্মূখত বাইকখন ৰাখিবলৈ ধৰোতেই পকেটত থকা চেলফোনটো বাজি উঠিল ৷ মোৰ লগৰ তপনৰ ফোন ৷ বাইকত বহিয়েই তাৰ লগত কথা পাতি শেষ কৰিলোঁ ৷ ফোনৰ সংযোগ বিছিন্ন কৰাৰ সময়তেই ৰিণি আণ্টিক দেখিলোঁ ৷ মোৰ পেটটোলৈ চাই মুখ টিপি হাঁহি আছিল তেখেত ৷ ৰিণি আণ্টি আমাৰ ওচৰ চুবুৰীয়া ৷ মাক লগ কৰিবলৈ আহিছিল বোধকৰোঁ ৷ আণ্টি এনেই ভালেই, পিছে মুখখনৰহে কিবা সেই লেকাম নোহোৱা বিধৰ ৷ স্থান, কাল বা পাত্ৰ নোচোৱাকৈ যি মুখত আহে তাকেই কৈ দিয়ে ৷ নিজে একো নাভাবে, শুনাবোৰে পিছে লাজ ঠিকেই পায় ৷ ইমান ভালকৈ দিনটো পাৰ হোৱাৰ পিছত সেই মুহূৰ্তত আকৌ এবাৰ পেটটোৰ কথা শুনি মন বেয়া কৰিবলৈ মই কোনোপধ্যেই প্ৰস্তুত নাছিলোঁ ৷ গতিকে আণ্টিয়ে কিবা কোৱাৰ আগতে মই নিজেই ক’লোঁ— “আণ্টি, নক’ব আৰু ৷ পেটটো বৰকৈ বাঢ়িছে বুজিছেনে ৷ কমাম ৰ’ব ৷ ”

“বঢ়া বস্তু বাঢ়িবই! কি কৰিবা আৰু? একো নাই দিয়া, খোৱাটো অলপ নিয়মিত কৰিবা, ব্যায়াম কৰিবা, পেট আপোনা আপুনি কমি যাব ৷ মোৰ পিছে বেলেগ এটা কাৰণেহে হাঁহি উঠিছে ৷ ”

আণ্টিৰ মুখত হাঁহিটো আৰু অধিক প্ৰস্ফুটিত হৈ পৰিল ৷ হাঁহি হাঁহিয়েই আণ্টিয়ে ক’লে— “আচলতে তোমাৰ পেণ্টৰ চেইনডাল খোলা আছে ৷ মাৰিবলৈ পাহৰিলাই চাগৈ ৷ ”

“কি? ”

একেজাপে বাইকৰপৰা নামি আণ্টিৰ ফালে পিঠি দি পেণ্টৰ চেইনডাল মাৰিলোঁ ৷ একেবাৰে সৰ্বনশীয়া কাৰবাৰ দেখোন ৷ তেনেহ’লে আজি লান্স ব্ৰেকত বাথৰুমৰপৰা অহাৰ পিছত অফিচৰ ছোৱালীবোৰে মোলৈ চাই সেইবাবেহে লাজুক লাজুক হাঁহি মাৰি আছিল! আৰু মই ভাবি আছিলোঁ বেলেগ কিবা! লাজত মৰি যোৱা যেন অৱস্থা এটা হ’ল ৷ মুখখন লুকুৱাবলৈ ঠাই এডোখৰো বিচাৰি নোপোৱা অৱস্থা মানে একেবাৰে ৷ উপায় নাই আৰু, ঘূৰো নুঘূৰোকৈ তলমুৱা হৈ লাজ লাজকৈ আণ্টিৰ ফাললৈ ঘূৰি চালোঁ ৷ আণ্টি আগৰ ঠাইত নাছিল ৷ গেট খুলি পাৰ হৈ যোৱা অৱস্থাত হাঁহিৰ প্ৰকোপত হালি জালি থকা আণ্টিৰ দেহৰপৰা যেন খিলখিলাই থকা হাঁহিৰ স্ফুলিংগহে চিটিকি পৰিছিল ৷ মানে, আকৌ লাজ পালোঁ জানেনে? মানে ব্ৰহ্ম লাজ ৷ বছ, বহুত হ’ল ৷ আৰু কোনো কথা নাই ৷ পেট, পাত্তা, ৰোমাঞ্চ, শিহৰণ আদি গুলী মাৰক ৷ মনে মনে প্ৰতিজ্ঞা কৰিলোঁ, আজিৰ পিছত কেতিয়াবা আকৌ যদি কোনোবা ছোৱালীয়ে মোৰ ফালে চাই মিচিক মিচিক হাঁহে, তেন্তে বিদ্যা শপত কৈছোঁ, বেলেগ কিবা ভবাৰ আগতে পেণ্টৰ চেইনডালতহে এবাৰ হাত দি চাম ৷

■■

16 Comments

Leave a Reply

Your email address will not be published.