মান্যজনৰ শুভাশীৰ্বাদ
(আমাৰ বাবে অতি সুখবৰ যে, হাঁহি আৰু ব্যংগক মুখ্য উদ্দেশ্য হিচাপে লৈ এক কঠোৰ পৰিক্ৰমাৰ মাজেৰে আহি “ফটা ঢোল” অনলাইন আলোচনীখনে এবছৰত ভৰি দিলে। “ফটা ঢোল” ই-আলোচনীৰ জন্মলগ্নৰ পৰাই বহুত কেইজন পুৰুধা ব্যক্তিয়ে আমাক লিখনি তথা দিহা-পৰামৰ্শৰে উপকৃত কৰি আহিছে৷ ভবিষ্যতেও দিহা পৰামৰ্শ তথা লিখনিৰে আমাক পথ প্ৰদৰ্শন কৰি থাকিব বুলি আমি আশাবাদী৷
শ্ৰীযুত দেৱকান্ত সন্দিকৈ ছাৰ, শ্ৰদ্ধাৰ হিৰণ্য কাশ্যপ ছাৰ, শ্ৰী সৌমিত্ৰ যোগীদেৱ, শ্ৰী বৈদুৰ্য বৰুৱাদেৱকে আদিকে প্ৰমুখ্য কৰি সমূহ মতামত দাতালৈ ফটাঢোল সম্পাদনা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনালো। আপোনালোকৰ দিহা-পৰামৰ্শ আমাৰ বাবে পথ প্ৰদৰ্শক। ভবিষ্যতেও এইদৰে ভুল-ভ্ৰান্তিবিলাক আঙুলিয়াই দি আমাক উপকৃত কৰিব বুলি আমি আশাবাদী।)
দেৱকান্ত সন্দিকৈ – হাস্যৰস সৃষ্টি কৰিব পৰাটো এটা মহৎ কলা। আমাৰ দৈনন্দিন জীৱনতো মাজে মাজে কেতিয়াবা হাঁহি উঠা পৰিস্থিতি কিছুমান উদ্ভৱ হয়। আৰু আমি সকলোৱে হাঁহো। কিন্তু হাঁহিৰ উৎস বা উপলক্ষ্য একোটা কৃত্ৰিমভাৱে তৈয়াৰ কৰি মানুহক হঁহুৱাব পাৰে কেৱল প্ৰতিভাশালীজনে। চাৰ্লি চেপলিন বা বীন(ৰ’ৱান আট্কিন্চন)ক দেখিলে হাঁহি ৰখাব নোৱৰা হয়। তেওঁলোক হাস্যৰসৰ অবিসম্বাদী তথা অনুকৰণীয় কলাবিদ। হিন্দী কথাছবি জগতৰ কাদেৰ খান বা পৰেশ ৰাৱালে স্বাভাৱিক অভিনয় আৰু সংলাপতে হাস্যৰস সৃষ্টি কৰিব পাৰে। সকলো কথা, ঘটনা আনকি সমস্যাবোৰতো যে হাঁহি উঠা দিশ একোটাই লুকাই থাকে, এই কথা প্ৰমাণ হয় কপিল শৰ্মাই সৃষ্টি কৰা অনবদ্য হাস্যৰসৰ পৰা।
অভিনয় বা সংলাপৰ বাহিৰেও লিখিত সাহিত্যপাঠৰ পৰাও আমি হাস্যৰসৰ স্বাদ ল’ব পাৰোঁ। বেজবৰুৱাৰ হাস্যৰসৰ সাহিত্যৰাজিয়ে অসমীয়া মানুহক হাঁহি হাঁহি ভাবিবলৈ শিকাই থৈ গৈছে। হাঁহিয়ে শ্ৰেষ্ঠ ঔষধ বা মহৌষধৰূপে স্বীকৃতি লাভ কৰিছে। আজিকালি হাঁহিও চিকিৎসা পদ্ধতিৰ অংগত পৰিণত হৈছে, যাৰ নাম ‘লাফিং থেৰাপি’। কোনো কোনো গুৰুগম্ভীৰ ব্যক্তিত্বৰ মানুহে(সকলো নহয়) হাস্যৰস সৃষ্টি কৰিব পৰা মানুহক অতি লঘূ মনৰ মানুহ বুলি গণ্য কৰে। তেওঁলোকে নিজেও নাহাঁহে, আনকো হঁহাত সহায় নকৰে। অলপ শব্দ কৰি মুকলি মনেৰে হাঁহিলেই তেওঁলোকৰ ব্যক্তিত্বৰ ওজন কমি যাব বুলি ভয় কৰে।
যি কি নহওক, নামটোৱেই কয় যে “ফটা ঢোল” এখন হাস্য ব্যংগৰ অনলাইন আলোচনী। ব্যংগ, বিদ্ৰূপ, ঠাট্টা, উপহাস-একেশ্ৰেণীৰ। ইয়াত কিছু পৰিমাণে হাস্যৰস বা আমোদৰ উপাদান থাকে। যোগাত্মক অৰ্থ গ্ৰহণ কৰিলে, আমাক কৰা ব্যংগ বিদ্ৰূপৰ পৰা আমি আমাৰ ভুল দোষবোৰ পৰিশোধন কৰাৰ প্ৰেৰণা লভিব পাৰোঁ। কিন্তু ইতিকিং, উপলুঙা, তাছিল্য সততে পৰিতাজ্য। ই আমাৰ মনটোক বা হৃদয়খনক দুখ পোৱাকৈ আঘাত কৰে। ‘ফটা ঢোল’ আলোচনীখনে ইতিবাচক হাস্য-ব্যংগৰ সাহিত্য সৃষ্টিৰে আমাৰ সমস্যাবহুল জীৱনত হাঁহিবলৈ পাহৰি যোৱাসকলক অকণমান হাঁহিবলৈ সুযোগ উলিয়াই দিব পাৰিছে। ইয়াতেই আলোচনীখনৰ সাৰ্থকতা। আলোচনীখনে হাস্যৰসপূৰ্ণ গল্প, কবিতা, কৌতুক আদিৰ লগতে হাঁহি হাঁহি ভাবিবলগা চিৰিয়াচধৰ্মীও কথা ক’বলৈ চেষ্টা কৰিছে। সবাতকৈ ডাঙৰ কথা, আলোচনীখনে বিভিন্নজনৰ সাক্ষাৎকাৰ প্ৰকাশ কৰা কাৰ্যও কিন্তু কোনোপধ্যেই হাঁহি উঠা কথা বুলি উৰুৱাই দিব নোৱাৰি।
‘ফটা ঢোল’ আলোচনীখনৰ অন্তৰালত কেইজনমান অতি সপ্ৰতিভ আধুনিক মনৰ যুৱক যুৱতীৰ অক্লান্ত কৰ্মশক্তি আৰু সৃষ্টিশীলতা লুকাই আছে। তেওঁলোকে ব্যক্তি জীৱন আৰু সমাজৰ সীমাহীন সমস্যাৰ মাজতো সকলোকে অকণমান হাস্যৰসৰ অনাবিল আনন্দ উপহাৰ দিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে। আমি তেওঁলোকলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
‘ফটা ঢোল’ বাজি থাকক। ‘ফটা ঢোলৰ’ শব্দত আমাৰ সমস্যাবহুল পৃথিৱীখন অলপ হ’লেও হাঁহি আনন্দেৰে ৰজনজনাই থাকক।
হিৰণ্য কাশ্যপ – “ফটা ঢোল”ৰ লগত মোৰ সম্পৰ্ক বৰ বেছিদিনীয়া নহয়। দুমাহমানৰ আগতে ‘ফটা ঢোল’ৰ হৈ মোৰ লগত কথা পাতিবলৈ দুজনী ছোৱালী, পৰী আৰু চবিনা, আমাৰ ঘৰলৈ আহিছিল; তেওঁলোকৰ জৰিয়তে জ্ঞাত হ’লো আলোচনীখনৰ সম্পৰ্কে। তাৰ পাছৰে পৰা আলোচনীখন ফ’ল’ কৰিছোঁ; ভাল লাগিছে; এক নতুনত্বৰে ভৰা প্ৰশংসনীয় প্ৰচেষ্টা! শুনিলো এবছৰ হৈছে বোলে ‘ফটা ঢোল’ৰ! মাত ফুটিছে, কথা কৈছা, খোজ দিছা, এতিয়া দৌৰা, জগত জিনা… এইয়াই কামনা!
বৈদুৰ্য বৰু্ৱা – হাস্য-ব্যংগক আধাৰ হিচাবে লৈ জন্ম লোৱা ই-আলোচনী “ফটা ঢোল” ক’ব নোৱাৰাকৈয়ে কেতিয়ানো লাহে লাহে এবছৰীয়া হ’লহি গমেই নাপালোঁ… এই আলোচনীৰ সৈতে জড়িত সমূহ কৰ্মকৰ্ত্তা তথা লেখক লেখিকা সকলক আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ… আশা ৰাখিছোঁ এই আলোচনীখনো অসমীয়া ভাষাটোৰ দৰেই যুগ যুগ ধৰি জীয়াই থাকিব…
সৌমিত্ৰ যোগী – আমাৰ ব্যংগ সাহিত্যৰ ঐতিহ্য অতি চহকী। শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ সাহিত্যৰ মাজেৰে আৰম্ভ হৈ লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত এক সমৃদ্ধি আৰু নতুনত্ব লাভ কৰিলে। তাৰ পৰৱৰ্তী সময়ত কেইবাগৰাকীও ব্যংগ লেখকে নতুন নতুন শৈলী, নতুন নতুন বিষয়বস্তুৰে অসমীয়া ব্যংগ সাহিত্যক অন্য মাত্ৰা প্ৰদান কৰিছে। কিন্তু কিছু বছৰৰ পৰা অসমীয়া ব্যংগ সাহিত্যত যেন সামান্য যতি পৰিছে। আগতে যি দুই-এখন ব্যংগ আলোচনী প্ৰকাশ পাইছিল সেয়াও বন্ধ হ’ল। দৈনিক কাকতত থকা কেইবাটাও জনপ্ৰিয় ব্যংগ শিতানো বন্ধ হ’ল। বহুতে লেখা মানুহৰ অভাৱ বুলি কয়, লেখকে ঠাইৰ অভাৱ, সম্পাদকসকলৰ পৃষ্ঠপোষকতা, গুৰুত্ব আৰু প্ৰেৰণাৰ অভাৱ বুলি কয়। মোৰ দুয়োটা কথাই সঁচা যেন লাগে। “ফটাঢোল” ই-আলোচনীখনে এইক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে, এটা ডাঙৰ অভাৱ পূৰণ কৰিছে। আৰু অলপ পৰিকল্পিতভাৱে কাম কৰিলে “ফটাঢোল”ৰ মাজেৰে আমি নতুন লেখকো পাম, নতুন সৃষ্টিও পাম। কিন্তু সকলোৱে এইক্ষেত্ৰত আৰু অধিক দায়বদ্ধ হোৱা উচিত, বুজিবলৈ চেষ্টা কৰা উচিত যে ব্যংগ মানে ধেমালি নহয়।
11:07 am
আপোনালোকৰ বহুমুলীয়া মতামতবোৰ পাই অন্তৰ ভৰি গ’ল। সঁচাই ফটাঢোল ই-আলোচনীৰ লগত জড়িত প্ৰত্যেকজন মানুহৰ বাবে এইয়া এক বুজাব নোৱৰা সুখানুভুতি, এক প্ৰকাৰৰ প্ৰাপ্তি।
আহিব লগীয়া দিনবোৰটো এইদৰেই আপোনালোকৰ দিহা-পৰামৰ্শ তথা লিখনীৰে ফটাঢোল ই-আলোচনীখনে দোপতদোপে উন্নতি কৰিব বুলি আমি আশাবাদী।
আপোনালোক আটাইকেইজনলৈ আন্তৰিক ধন্যবাদ। আপোনালোকৰ এটা এটা শব্দ আমাৰ বাবে পথৰ পাথেয়
11:19 am
প্ৰতিজন প্ৰতিস্থিত ব্যক্তিৰ শুভকামনা দেখি,তেওলোকৰ ফটাঢোলৰ ওপৰত ৰখা আস্থা দেখি আৱেগিক হৈ গ’লো।
11:50 am
আপোনালোৰ হৃদয় ভৰোৱা মতামতবোৰেই ফটা ঢোলৰ বাবে আশীৰ্বাদ স্বৰূপ। আগলৈও আপোনালোকৰ দিহা-পৰামৰ্শ,সহযোগিতা আৰু আশীৰ্বাদ আমাৰ পাথেয় হৈ ৰওঁক, তাকে কামনা কৰিলোঁ।
12:26 pm
আটাইকেইজন নমস্য ব্যক্তিৰে ফটাঢোলৰ বাবে শুভকামনা দেখি ধন্য হলো।
12:37 pm
ভাল লাগিল ।
12:48 pm
আটাই কেইজনলৈ আন্তৰিক ধন্যবাদ জনাইছো । বৈদুয্য বৰুৱা দেৱৰ বহু বছৰৰ আগৰ পৰাই লিখা সমুহ পঢ়ি আহিছিলো ।
12:57 pm
আটাইকেইজনলৈ আন্তৰিক ধন্যবাদ জনালোঁ।
2:15 pm
এনেকৈ য়ে আগবাঢ়ি যাওক আলোচনী খন। শুভেচ্ছা শুভকামনা সদায় আছে।
2:42 pm
ভাল লাগিল
3:59 pm
আটাকেউজনলৈ শ্ৰদ্ধা যাচিলোঁ৷
9:20 pm
আপোনালোকৰ আৰ্শীবাদ আৰু শুভেচ্ছাই ফটাঢোল আলোচনীখনক দীৰ্ঘায়ু কৰিব।এইয়ে একান্ত আশা কৰিছো।
9:02 pm
সকলোলৈ আন্তৰিক ধন্যবাদ জনালোঁ৷
11:34 pm
ভাল লাগিল
11:41 am
আপোনালোকৰ শুভাষীষ আৰু মৰমে ফটাঢোল আলোচনীখন আগুৱাই যোৱাত সহায়ক হব।আপোনালোকৰ এনেবোৰ মন্তব্যই আমাৰদৰে পাঠকসকলো উপকৃত হও।