ফটাঢোল

মামা ভাগিন বৃত্তান্ত – ডলী তালুকদাৰ

আপোনালোকে ভাবিছে বোধহয় যে মই দেউতাৰ ফটা সোঁৱৰণী কিয় লিখিবলৈ ওলাইছোঁ। মই কোনো গল্প, প্ৰবন্ধ বা নিজৰ কোনো ফটা বা মিঠা সোঁৱৰণী নিলিখি দেউতাৰ ফটা সোঁৱৰণী লিখিবলৈ ওলাইছোঁ যে? হয় মই আজি আপোনালোকক মোৰ দেউতাৰ কিছুমান ৰসাল অভিজ্ঞতাৰ কথা ক’ম। যিবোৰ দেউতাই আমাক আজিও সাধুৰ নিচিনাকৈ কয়। আমিও বৰ ৰস পাওঁ। সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতো ভগাওঁ।

 

সেইসময়ত দেউতা চফল ডেকা। বিয়া কৰোৱা নাই। শিক্ষা সাং কৰি চাকৰিত সোমাইছেহে। উজান বজাৰত ভাড়াঘৰ লৈছে। অকলে থাকে। পানবজাৰত অফিচ। গতিকে উজান বজাৰৰ পৰা অফিচলৈ বেছি দূৰ নহয়।
আহক দেউতাৰ মুখেৰে শুনো বাকিখিনি।

ৰাতিপুৱাই ভাত কেইটামান সিজাই তাৰাতাৰি খায় উঠি চিটি বাছখনত জাপ মাৰি উঠোঁ অফিচলৈ। আকৌ সন্ধিয়া সাত মান বজাত ৰূম পাওঁহি। পুনৰ ৰন্ধা বঢ়াৰ চিন্তা। ৰাতিৰ সাজ কোনোমতে ৰান্ধি খায় বিচনাত লাং খাই পৰি থাকোঁ। প্ৰায়ে ভাতকেইটা ৰাতিপুৱাই বনাই থওঁ একেবাৰতে। গধূলি আলু আৰু কণী সিজাই খাই থওঁ। এনেদৰে অকলশৰীয়া জীৱন চলি আছে। শনিবাৰ, ৰবিবাৰে অফিচ বন্ধ গতিকে সেই দুদিন নলবাৰী অৰ্থাৎ ঘৰলৈ যাওঁ।

এনেতে এদিন হঠাৎ ৰাতি প্ৰায় আঠ মান বজাত মোৰ ৰূমৰ দৰ্জাত টোকৰ পৰিল। দৰ্জাখন খুলি দেখিলোঁঁ মোৰ সম্পৰ্কীয় ভিনদেউ এজন। মোৰ বৰদেউতাৰ ছোৱালীজনীক তেওঁ বিয়া কৰাইছে। লগত দেখিলোঁ ভাগিন ল’ৰা নীৰেণ।

: অ’ ভিনদেউ ইমান ৰাতি যে ক’ৰপৰা? ভিতৰলৈ সোমাই আহক। অ’ ভাগিনো দেখোনহে। আঁহা আঁহা ভিতৰলৈ।

ভিনদেৱে ক’লে,

: বাপু মই বহিবলৈ আহা নাই। বিশেষ জৰুৰী কাম এটাতহে তোৰ ওচৰলৈ আহিছোঁ।

মই ক’লোঁঁ,

: বুজা নাই ভিনদেউ। ইমান ৰাতি কি জৰুৰী কাম?

ভিনদেৱে ক’লে,

: শুন তেনেহ’লে, তোৰ এই ভাগিনক বি.বৰুৱা কলেজত নাম ভৰ্তি কৰাইছোঁ। হোষ্টেলৰ ছিটৰ বাবে আবেদন কৰিছোঁ যদিও ছিট পাওঁতে বোলে সময় লাগিব। কেইমাহমান লাগিব কিন্তু ছিট পালেই সি যাব তই চিন্তা নকৰিবি। চান্দমাৰিত মোৰ দুজনকৈ ভাই আছে। ভাই বোৱাৰী ভতিজা আছে তথাপি তাত নাৰাখি তোৰ ইয়ালৈ কিয় আনিলোঁ কথাবোৰ তই বুজিছই চাগৈ। তোৰ লগতে নহ’লে ৰাখ কেইমাহমান যদি তোৰ অসুবিধা নহয় ?

: নাই ভিনদেউ কি অসুবিধা হ’ব মোৰ অকলেই থাকোঁ যেতিয়া। মই ৰাতিপুৱাই চাকৰিলৈ সোনকালে যাওঁ যেতিয়া মোৰ লগতে ভাগিনেও কলেজলৈ যাব পাৰিব।দুয়োজনে মিলিজুলি ৰান্ধি খাম আৰু ভাত কেইসাজ।পিচে ভাগিন মোৰ কিন্তু ভাজি, দালি ইমান সোৱাদ নহয় দেই।

ভিনদেৱে ক’লে,

: তই চিন্তা নকৰিবি তাৰ খোৱাত সিমান আপত্তি নাই, পেট ভৰিলেই হ’ল৷

বুলি খেক খেক্ খেক্ কৈ হাঁহি দিলে। পিছদিনা পুৱা ভিনদেউ ঘৰলৈ গ’ল ৰাতিপুৱাই। এনেকৈ কেইদিন মান গ’ল। এদিন অফিচৰ কামৰ হেঁচাত মোৰ ৰূমলৈ ওলটি অহা পলম হ’ল। ভাবিলোঁ ল’ৰাটোৱে বা কলেজৰ পৰা আহি কিবা খালে নে নাই? কি বা কৰিছে? ছেঃ! আজি ইমান দেৰি হ’ল। এইদৰে প্ৰায় নটা বজাত ঘৰ পালোঁহি।

: ভাগিন তোমাৰ ভোক লাগিছে চাগৈ? ৰ’বা মই হাত মুখ ধুই কেইটামান চাউল সিজাই দিওঁ।

: নালাগে মামা মই ৰান্ধি বাঢ়ি থৈছোঁ। তুমি সোনকালে মুখ হাত ধুই আঁহা।

ময়ো সোনকালে ফ্ৰেছ হৈ আহিলোঁ। ভাগিনে ৰান্ধিছে, মনটো ভাল লাগি গ’ল।

বাঃ বাঃ বঢ়িয়া হৈছে ভাগিনৰ ৰন্ধা । নিমখ অলপ বেছি যদিও হালধীও কম হোৱা নাই। যি নহওঁক ঘৰত ইমান আলাসত থকা ল’ৰাটোৱে যে মামাকৰ দুখ বুজিছে। মোক সহায় কৰিব পৰা হৈ গ’ল ভাগিনে।

এদিনৰ কথা মোৰ এখন দৰকাৰী মিটিং আছিল। নীৰেণ ভাগিনক ক’লোঁ যে,

: ভাগিন আজি সন্ধিয়া মোৰ দেৰি হ’ব অলপ আহোঁতে ডাইৰেক্টৰ আহিছে হেড অফিচৰ পৰা। গতিকে পাৰিলে তুমি চাউলকেইটা সিজাই থ’বা। দাইল ৰান্ধিব নালাগে আছেই এতিয়া বনোৱা হৈ যাব ৰাতিলৈ দুয়োৰে। পাচলিহে নাই। কলফুল এটাহে আছে। মই আহোঁতে লৈ আহিম দিয়া।

সি ক’লে,

: মই কলফুলটো বনাম দিয়া মামা।

মই ক’লোঁঁ,

: পাৰিবা জানো?

ভাগিনে ক’লে,

: মামা মই কলফুল আগতে ভাজি পোৱা নাই। মায়ে ৰন্ধাও দেখা নাই কিন্তু তুমি বুজায় দিলে পাৰিম।

মই ভাবিলোঁ কলেজত পঢ়া ল’ৰা গতিকে পাৰিব। ক’লোঁঁ,

: ভাগিন শুনা কলফুলৰ ওপৰৰ পাতকেইখন মানে মোজা বিলাক পেলাই দিবা। তাৰ পিছত ভিতৰৰ থকা কলফুলটো মিহিকৈ কুটি পিয়াঁজ, নহৰু দি ভাজিবা।

সি ক’লে,

: হ’ব মামা।

মই নিচিন্ত হৈ অফিচলৈ গ’লোঁ। ৰাতি আহি যেতিয়া ৰূম পালোঁ তেতিয়াহে মনত পৰিল যে ৰাতিপুৱাৰ বাবে একো পাচলি লোৱা নহ’ল। দেহাটোৰো দুখ ভাগৰ বুলি কথা আছে নহয়। এহ হ’ব পুৱা ওচৰৰে পাচলি দোকানখনৰ পৰা লৈ আহিম সাউতকৈ। এই ভাবি ৰূমত যেতিয়া প্ৰবেশ কৰিলোঁ দেখিলোঁ নীৰেণ ভাগিনে মুখখন ওন্দোলাই বহি আছে বিচনাত। মোক দেখি চকু কিটা তেলেকা কৰি দিলে। মাত লগালোঁঁ,

: ভাগিন কি হ’ল?

নাই নামাতে। মই আকৌ ক’লোঁঁ,

: কোনোবাই কিবা ক’লে নেকি?

সি ক’লে,

: নাই কোৱা।

: তেতিয়া হ’লে কি হ’ল? যদি ৰন্ধা বঢ়া হোৱা নাই একো নাই দিয়া মই বনাম।

: ৰন্ধা বঢ়া হৈ গৈছে। তুমি একো কৰিব নালাগে।

: তেনহ’লে কিয় তেনেকৈ আছা ?

: খং উঠিছে মোৰ৷

: কি খং উঠিছে? কিয়? কাৰ ওপৰত ?

: তোমাৰ ওপৰত মামা।

: মোৰ ওপৰত কিয় ?

: মামা তুমি আজি ইমান বছৰ গুৱাহাটীত থাকিলা। ইয়াতে পঢ়া শুনা কৰি চাকৰিতো সোমালা কিন্তু একো নিশিকিলা।

: বাঃ! ভাগিনে দুমাহ গুৱাহাটীত থাকিয়েই মোক জ্ঞান দিব পৰা হৈ গ’ল। বাৰু মৰমৰ ভাগিন কোৱাচোন কি নিশিকিলোঁ?

: মামা তোমাক পাচলি বেপাৰীয়ে ঠগি আছে।

: হাঁ পাচলি বেপাৰীয়ে কেনেকৈ ঠগিলে বাৰু?

: অঁ মামা ঠগিছে। আজি যে তুমি মোক কলফুলৰ ভাজি বনাবলৈ দিছিলা?

: অঁ দিছিলোঁ বনালা নে?

: এ ৰ’বাহে শুনা আগতে। তুমি কোৱাৰ দৰে মই কলফুলৰ মোজাবোৰ এৰুৱাই গৈ ভাগৰি পৰিলোঁ কিন্তু কলফুল ভিতৰত নাপালোঁ। ভিতৰত কলফুলৰ নাম গোন্ধই নাই।

: হয় নেকি পিচে কি ক’ৰিলা ?

: কি কৰিম আৰু পিছফালে নলাত পেলায় দিলোঁ। দোকানৰ পৰা দুটা কণী আনি বইল কৰিছোঁ। তাকে খাম আৰু।

: মই মূৰে কপালে হাত দিলোঁ। হ’ব দিয়া বুজিলোঁ সকলো।

আন এদিনৰ কথা। এদিন ৰাতিপুৱাই মাছ বেপাৰী এটা আহিল। ভাল শিঙি মাছ আনিছিল। ডাঙৰ ডাঙৰ শিঙি মাছকেইটা দেখি লোভ লাগি ছটা ৰাখি থ’লোঁ। ভাগিনক ক’লোঁঁ,

: ভাগিন সন্ধিয়া মই সোনকালে আহিম আৰু শিঙি মাছকেইটা ধুনীয়কৈ নৰসিংহ পাতেৰে ৰান্ধিম। মালিকৰ ঘৰত নৰসিংহৰ গছ আছে দুটামান পাত চিঙি থ’বা। আৰু যদি দেৰি হয় তুমি চাউলকেইটা সিজাই থ’বা। মাছ মই ৰান্ধিম আহি।

এইবুলি চৰিয়া এটাত পানী অলপ দি মাছকেইটা জীয়াই থ’লোঁ। হাঁয় বিধি! সেইদিনাও মোৰ দেৰি হ’ব লাগে নে? চান্দমাৰীত মামা এজন আছে। তেওঁৰ গা বেয়া বুলি খবৰ দিয়াত মই অফিচৰ পৰা চিধা তেওঁৰ ঘৰলৈ গৈ খবৰ লৈ আহোঁতে দেৰি হৈ গ’ল। ৰাতি আঠটা মান বজাত ৰূম আহি পাই দেখোঁ আন্ধাৰ। ভাগিনে দুৱাৰ বন্ধ কৰি শুই আছে। ভাবিলোঁ শোৱাৰটো কোনো কাৰণ নাই। এইবুলি দুৱাৰত টোকৰ দি মাতিলোঁঁ,

: ভাগিন ..ভাগিন।

: অ’ মামা আহি পালা? ৰ’বা দুৱাৰ খুলিছোঁঁ৷

মই ক’লোঁঁ,

: তুমি আন্ধাৰত কি কৰিছা?

: মামা কাৰেণ্ট নাই। কি কৰিম শুই আছোঁ সেইবাবে।

: কাৰেণ্ট নাই যদি মমবাতি নজ্বলালা কিয় ?

: জ্বলাইছিলোঁ মামা শেষ হ’ল। দোকান যাবলৈ মন নগ’ল আৰু?

: ঠিক আছে ময়ে লৈ আহোঁঁ৷ তাৰপিছত শিঙি মাছৰ জোলখন বনাই পেলাম। লোভ লাগি আছে জানা। মামাৰ হাতৰ মাছৰ জোল খাবা তুমি ভাগিন অাজি চাই থাকা।

: নালাগে মামা, মই সকলো ঠিক কৰি ৰান্ধি থৈছোঁ। তুমি মাত্ৰ হাত মুখ ধুই আহা।

ঠিক কেইমুহূৰ্ত মান পিছতে কাৰেণ্ট আহিল। আহ ৰক্ষা।

: ভাগিন উঠা বিচনাৰ পৰা। ভাতৰ কাঁহি ৰেদি কৰা।

মই দৌৰি গৈ মুখ হাত ধুই আহিলোঁ। এনেই শিঙি মাছৰ লোভ লাগি আছিল, ভোকো লাগিছে তাতে ভাগিনে ৰন্ধা। উফ কি ক’ম। দুয়ো বহিলোঁ খাবলৈ। কাঁহিত ভাত বাঢ়িলোঁ। মাছৰ জোলৰ কেৰাহীৰ ঢাকনিখন গুছাই চাওঁ যে কি সুন্দৰ চামনী পৰি আছে। গোন্ধও অপূৰ্ব। মোৰ জিভা লকলকাই উঠিল। কিয়নো আজিলৈ মই বনোৱা কোনো আঞ্জাতে দুই আঙুলি ডাঠ চামনি পৰা মনত নাই; কিন্তু শিঙি মাছৰ জোলত এনেকুৱা চামনি পৰা মই দেখাও নাই শুনাও নাই। হেতাৰে বলে নোৱাৰি হাতেৰে উঠাই আনিলোঁ। দেখিলোঁ চান্দমাৰী কলনীৰ মোহনৰ হোটেলৰ পৰঠাৰ দৰে ডাঠ বেংচটাৰ দৰে কিবা এখন উঠি আহিছে। আৰু পিতিকি দিওঁতে ভাঙি গ’ল। ভালকৈ নিৰিক্ষণ কৰোঁতে দেখা গ’ল যে বস্তুটো আন একো নহয় মমবাতিহে। বুজিলোঁ। ই নিৰেণে মম বাতি জ্বলায় মাছৰ জোল ৰান্ধি থাকোঁতে মমডাল জোলত পৰি গৰমতে গলি গ’ল আৰু এতিয়া ঠান্দা হোৱাত মমখিনিৰ এই বেংচটাৰ ৰূপ।

এই মাছৰ জোল খাব নোৱাৰি। ভিতৰি ভিতৰি বৰ খং উঠিল। কিন্তু একো ক’ব নোৱাৰোঁ। যিমান যি হ’লেও ভাগিন হয়। সম্পৰ্কত ভাগিন ডাঙৰ মামাতকৈ। মাথো ক’লোঁঁ,

: ভাগিন তুমি শিঙি মাছৰ জোলত যি চৰ পৰাকৈ ৰান্ধিলা সেয়া গিনিছ বুকেও তোমাৰ নাম লিখাৰ ঠাই বিচাৰি নাপাব। এইবুলি মাছৰ জোলখিনি বাতি এটাত ঢালি মাছকেইটা কাঁহি এখনত বাকি ল’লোঁ। আচৰিত এয়া শিঙিমাছ নে মহীষাশুৰৰ মৃতদেহ! দাঢ়ি-গোফেৰে ভোবোকাৰ হৈ মহীষাশুৰ পৰাদি মাছকেইটা পৰি আছে। হায়ৰে শিঙি মাছ; সকলো ৰাগ খং বাদ দি ভাগিনক সুধিলোঁঁ,

: পিচে মাছকেইটাৰ দাঢ়ি-গোফ আৰু পেটু গুছাইছা নে নাই?

: মামা তুমিও যে আৰু শিঙি মাছৰ বাকলিয়েই নাই যেতিয়া দাঢ়ি-গোফ থকাৰ প্ৰশ্নই নুঠে। শিঙিকেইটাৰ পেটু উলিয়াব খুজিছিলোঁ কিন্তু পিছলি পিছলি যায় কাৰণে ধুই মেলি ডাইৰেক্ট কেৰাহীত গৰম তেলত বহাই দিছোঁ। বইল হৈ গৈছে। এতিয়া পেটুখিনি উলিয়াই পেলাই খালেই হ’ল।

: বাৰু ভাগিন তুমি যি ভাল দেখা৷

এইবুলি মই কেঁচা পিয়াঁজ এটা দুফাল কৰি তাৰ লগত ৰাতিৰ ভাত সাজ গিলি বিচনাত দীঘল দি পৰিলোঁ৷ এনেতে ভাগিনে ক’লে,

: মামা বেয়া নাপাবা৷ যি হ’ব লগা আছিল হ’ল। যদিও জোলৰ সোৱাদ ল’ব নোৱাৰিলোঁ কিন্তু মাছকেইটাৰ সোৱাদ অতুলনীয় নহয় নে?

খং আৰু ক্ষোভত একো ক’ব নোখোজাকৈ থাকিব বিচাৰিছিলোঁঁ যদিও ভাগিনক এটাই উত্তৰ দিলোঁঁ,

: Thanks.

এয়া মোৰ দেউতা আৰু ভাগিনিয়েকৰ ফটা সোঁৱৰণী মানে ‘মামা ভাগিন বৃত্তান্ত’।

☆★☆★☆

9 Comments

Leave a Reply

Your email address will not be published.