ফটাঢোল

মায়দিয়া ভ্ৰমণৰ লটি-ঘটি – অঞ্জলি গগৈ বৰগোহাঞি

মায়দিয়া মানেই আকৰ্ষণ, আৰু সেই আকৰ্ষণৰ কাৰণ বৰফ আৰু ৰয়িঙৰ পৰা যাওঁতে পাই যোৱা নৈসৰ্গিক দৃশ্য| সাধাৰণতে জানুৱাৰী মাহত নহয়, ফেব্ৰুৱাৰী মাহৰ শেষৰ পৰাহে মায়দিয়া বৰফেৰে আৱৰি থাকে| কিন্তু জানুৱাৰী মাহতো মাজে মাজে বৰফ পৰে| আমি যাম বুলি গম পাই কোনোবাই ক’লে মায়দিয়াত হেনো আগদিনা বৰফ পৰিছিল| মনত বৰ আনন্দ পিছদিনাও নিশ্চয় পৰিবই| গতিকে বৰফত খোজ কাঢ়িবলৈ জোতা, হাতমোজা, টুপী, পেৰাচুট, জেকেট এইবোৰো জৰুৰী বস্তু| ইফালে আমি ডিব্ৰুগড় গৈ পোৱালৈকে মায়দিয়ালৈ যোৱাৰ কোনো প্লেন নাছিল| ভণ্টি আৰু ভনী-জোঁৱাইটোৱে ঢলা-শদিয়া চাবলৈ যোৱাতকৈ একেবাৰে মায়দিয়া চাই অহাই ভাল হ’ব বুলি ভাৱি ইন’ভা এখন ঠিক কৰি থৈছিল| আমি ডিব্ৰুগড় গৈ পোৱাৰ দিনা ২ জানুৱাৰী| পিছদিনা পুৱাই আমাৰ যাত্ৰা মায়দিয়ালৈ| গৰম কাপোৰ মানে বৰফৰ ঠাইত পিন্ধাৰ বাবে উপযোগী তেনেকৈ সিহঁতৰ বা আমাৰ লগত নাছিল| ডাঙৰ তিনিটা আৰু সৰু চাৰিটা মানুহৰ বাবে অত্যন্ত প্ৰয়োজনীয় বস্তুকেইটামান ভণ্টি আৰু মই ২ জানুৱাৰীৰ সন্ধিয়া ডিব্ৰুগড়ৰত বজাৰ কৰা আৰম্ভ কৰি দিলোঁ| ভাইটিৰ ঘৰত ৰাতিৰ সাজ খাই পিছদিনা যোৱাৰ পূৰ্ব প্ৰস্তুতি সম্পূৰ্ণ কৰি নিশা ভণ্টিৰ ঘৰত শুই পৰিলোঁ| ভনী-জোঁৱাইৰ অফিছৰ কাম, গতিকে নাযায়। ভণ্টি, তাইৰ ল’ৰা দুটাৰে স’তে আৰু আমাৰ ছোৱালী দুজনীৰ স’তে আমি দুটা| দিনটোৰ ভাগৰত লেবেজান শৰীৰ বিচনাত পৰাৰ লগে লগেই টোপনিয়ে হেঁচা মাৰি ধৰিলে|
পুৱা সোনকালেই সকলো উঠি প্ৰাতঃকৰ্ম সমাপন কৰি, আলু-পিটিকাৰে ভাত দুজনমানে খালোঁ, দুজনমানে নাখালে| ৩ জানুৱাৰিৰ পুৱা ৬:৩০ বজাত ইন’ভাত যাত্ৰা আৰম্ভ হৈ কৰিলোঁ| ইফালে গুগুল মহাপ্ৰভূৰ মতে তাত মায়া নামৰ এখন হোটেল আছে| ইফালে আকৌ মায়া নামৰ নেপালী ছোৱালী এজনী হেনো সেই মায়দিয়াতে হেৰাই গৈছিল আৰু তেওঁৰ নামৰ পৰাই ঠাইডোখৰৰ নাম মায়দিয়া হ’ল| যিকি নহওক পিচে ড্ৰাইভাৰ বাপুৰ বৰ তাও, কথাই ক’ব নিবিচাৰে! তথাপি যিকইটা কথা কৈছিল তাৰ পৰা তেখেত যে আগতে ৰয়িঙলৈকে গৈছে গম পালোঁ| পিচে মায়দিয়ালৈ যোৱা নাই| তিনিচুকীয়া বাইপাছ হৈ মাকুম পাওঁতেই পেটে কুৰুক-কাৰাক আৰম্ভ কৰিলেই! লগত লৈ যোৱা বিস্কুট আদি পোৱালীকেইটাই খাবলৈ আৰম্ভ কৰি দিলে| ঢলা-শদিয়া দলংখন হো-হোৱাই পাৰ হৈ গ’লোঁ, মনতে ভাৱি থ’লোঁ ঘূৰি আহোঁতে নামি ফটো তুলিম আৰু ভালকৈ চাম দলংখন| ফেচবুকত দিবলৈ ফটোতো তুলিবই লাগিব| অসম অৰুণাচলৰ সীমা শান্তিপুৰত পাৰমিচন আদি লৈ আকৌ যাত্ৰা কৰিলোঁ| সোনকালে মায়দিয়া পোৱাৰ আশাত শান্তিপুৰতো একো নাখালোঁ| ১১ মান বজাতেই ৰয়িং পালোঁগৈ| ইমান ধুনীয়া ঠাই, বিস্তীৰ্ণ অঞ্চল জুৰি শিলৰ নদী দেওপানীখন বৈ গৈছে| নৈসৰ্গিক দৃশ্য অপৰূপ| ৰয়িঙত ৰ’বলৈ মন আছিল কিন্তু আৰু ৫৬ কিলোমিটাৰ গ’লেই মায়দিয়া পামগৈ| কিমাননো সময় লাগিব, খুব বেছি লাগে যদি ডেৰ ঘণ্টা| দূৰৰ ঠাইলৈ আগতে গৈ অহাটো ভাল| মায়দিয়াত যিহেতু আমি নাথাকোঁ, গতিকে মায়দিয়াত বৰফত অলপ খেলিম| মনতে ঠিক কৰি লৈছোঁ…প্ৰথমে খাই ল’ম, তাৰপিছত বৰফত খেলিম| পিচে কি হ’ব বিধিয়ে দিলেও বিধাতাই নিদিয়ে! ৰয়িঙৰ পৰা ওপৰলৈ উঠি যোৱা প্ৰথমচোৱা বাট একেবাৰে ফিন্ ফিনিয়া, মানে মসৃণ ক’লা সাপ এডালৰ দৰেই | যিমানেই ওপৰলৈ গৈ আছোঁ, সিমানেই প্ৰকৃতিৰ অপৰূপ দৃশ্য দেখি মন ৰোমাঞ্চকৰ হৈ গৈ আছে| পিচে কি হ’ব, অলপ দূৰ যোৱাৰ পাছতে ৰাস্তা সাংঘাটিক ধৰণে বেয়া পাবলৈ ধৰিলোঁ| তাতে ৰাস্তা ইমানেই ঠেক যে দুখন গাড়ী ক্ৰচ কৰিব নোৱাৰি| কৰিব লগা হ’লে এখন একেবাৰে খাৱৈৰ কিনাৰলৈ লৈ যাব লাগে| তেনেকুৱা সময়ত মনলৈ ভাৱ আহে.. এতিয়াই তলৰ অটব্য অৰণ্যৰে আৱৰা খাৱৈত পৰি সমাধিস্থ হৈ যাম| ইফালে নেটৱৰ্ক এটা ম’বাইলতো নাই| হঠাতে আকৌ ৰাস্তা ব্লক, মানে মস্ত মস্ত ব’ল্ডাৰ ৰাস্তাৰ বহু ঠাই জুৰি পৰি আছে আৰু বুলডোজাৰ লগাই ৰাস্তাৰ ব্ল’ক ক্লিয়াৰ কৰি আছে| তেনেকুৱা অৱস্থাত প্ৰায় ৪০ৰ পৰা ৪৫ মিনিট পৰ্য্যন্ত ৰৈ দিব লগা হৈছিল| ইফালে ঘূৰি আহিবলৈও গাড়ীও ঘূৰাব নোৱাৰি| কোনোবা ঠাইত ৮ পৰা ১০ ইন্সিৰ পাথৰ পাৰি থোৱা আছিল| ঘট্ ঘট্ শব্দ কৰি আমাৰ হাড়ৰ জোৰা ঢিলা কৰি গাড়ী আগবাঢ়ি গৈছিল গৰুগাড়ীৰ দৰেই| মাজতে কোনোবা এঠাইত ব্লেক টপিং কৰি আছিল বাবে গাড়ী আাধা ঘণ্টামান ৰখাই থৈছিল| ইফালে না ৰাস্তাৰ দাঁতিত এখন দোকান না মানুহৰ ঘৰ না নেটৱৰ্ক| আছিল মাথোন ৰাস্তাৰ মাজত বা দাঁতিত দুই এটা মেঠোন| অৱশেষত গৈ গৈ যেনিবা মায়দিয়া পালোঁগৈ।

কিন্তু ইতিমধ্যে বেলি লহিয়াবলৈ আৰম্ভ কৰি দিলেই| ড্ৰাইভৰ ল’ৰাটোৱে মায়দিয়া কফি হাউচতে ভাত খালে| আমাৰো যথেষ্ট ভোক লাগিছিল, তথাপি কিন্তু ভাত নাখালোঁ, কেৱল চাহ আৰু বিস্কুটহে খালোঁ| কিয় নাখালোঁ? বাঁহৰ চাঙৰ সৰু এখন হোটেল, অকণমান ঠাই ঘেৰি লোৱা এটা ৰন্ধা কোঠা, আৰু তাতেই গাহৰিও ৰান্ধিছে, মুৰ্গীও ৰান্ধিছে। তিনিটা মানুহে লাগি আছে ৰন্ধা আৰু বিলোৱাত! মাজতে কোনোবাই মেগী খাওঁ বোলোতেও ৰান্ধি দিছে| ক’ৰ হেঁতা ক’ত লগাইছে একো পাত্তা নাই| আচলতে খোলা পাকঘৰটো এবাৰ জুমি কিছু সময় চাই ললোঁ| সেই যে মনত ঘিণ ভাৱ এটা আহিল, নহ’ল খোৱা| মোতকৈ ভণ্টি ঘিণত আৰু এখোপ চৰা| আমি ঠিক কৰিলোঁ নাই ঘূৰি যাওঁতে ৰয়িঙত খাই লম| এনেই মোবাইলত নেটৱৰ্ক নাই, তাতে সন্ধিয়া হ’বলৈ হৈছে! নিজান ঠাই, তাতে লগত চাৰিটা পোৱালি, আমাৰ শ্ৰীমানেও এনেকুৱা নিজান ঠাইত হ’ব পৰা বিপদৰ কথা ক’লে| অ’ ক’বলৈ পাহৰিছোঁৱেই নহয় মানে বৰফৰ কথাটো… বৰফ মুঠেই নাই, কিন্তু মায়দিয়া পাছত খুবেই ঠাণ্ডা বতাহ এজাক মাৰি কঁপনি তুলি দিছিল| আমাৰ দৰেই বৰফ চাবলৈ যোৱা বহুতো দল নিৰাশ হৈছিল| দুখনমান ফটো তুলি আৰু অলপ ফুৰি আমি সেই ২৬৫৫ মিটাৰ মানে ৮৭১৫ ফুট ওখ মায়দিয়া ‘পাছ’ৰ পৰা উভটনি যাত্ৰা আৰম্ভ কৰিলোঁ|

নামি যিমানে আহিছোঁ, প্ৰচণ্ড মূৰৰ বিষ এটা অনুভৱ কৰিবলৈ ধৰিলোঁ| পিচে সেই মূৰৰ বিষ সোনকালেই শেষ হ’ল| নহৈ পাৰে …. ড্ৰাইভাৰৰ চিন্তা সোনকালেই মানে এন্ধাৰ হোৱাৰ আগতেই জঙ্ঘল পৰা হোৱাৰ! গতিকে হো-হোৱাই গাড়ী চলাই দিছে, ইফালে আকৌ পশ্চিম আকাশৰ ৰঙচুৱা বেলি ড্ৰাইভাৰৰ মুখত! মই ড্ৰাইভাৰৰ পিছৰ চিটটোত বহি আহিছোঁ, চকুৱে সন্মুখৰ ৰাস্তা একো দেখি পোৱা নাই| প্ৰতিক্ষণ ভাৱি আছোঁ, এই মুহূৰ্ততে তলৰ অটব্য অৰণ্যৰ মাজত গাড়ী পৰি যাব| দৰ্জি খান্দুৰ কথা মনত পৰিছে বাৰে বাৰে| তেওঁতো মুখ্যমন্ত্ৰী আছিল, সেয়েহে হয়তো বিচাৰা-বিচৰি কৰি পাঁচ দিনৰ পাছত তেওঁৰ মৃতদেহ পালে! পিচে আমাৰ নিচিনা সাধাৰণ নৰমনিচৰ মৃতদেহ বিচৰাটো বাদেই, মৰিলেও কোনেও গমকে নাপাব| অঁকোৱা পকোৱা ৰাস্তাৰে গাড়ীখন কেৱল চলি গৈছে| কিমান সঁকিয়নী দিছোঁ গাড়ী লাহে-লাহে চলাবলৈ, নাই আমাৰ কথা পাত্তাই দিয়া নাই! মুখত বেলিটো পৰি থকাৰ বাবে মই সন্মুখৰ ৰাস্তাত একো দেখিয়েই পোৱা নাই, ড্ৰাইভাৰে কেনেকৈ দেখা পাইছিল ভগৱানেহে জানে!
হঠাতে….ঘটংকৈ গাড়ীৰ তলৰ পৰা ডাঙৰ শব্দ এটা হ’ল, জীৱ ঢিপিং কৰি গ’ল| ড্ৰাইভাৰেও অলপ গাড়ী থমাই আকৌ স্পীডত চলাই গৈ থাকিল| ৰ’য়িং পাওঁতে প্ৰায় আন্ধাৰ হোৱাৰ উপক্ৰম হ’ল| শ্ৰীমান আৰু ড্ৰাইভাৰৰ মতে আমি মুঠৰ ওপৰত বেছি ৰাতি হোৱাৰ আগতেই শান্তিপুৰ পাৰ হ’ব লাগে| কাৰণ যিমানে ৰাতি হৈ আহিব ড্ৰাগ এডিক্ট কিছুমান ৰাস্তাত বাইক লৈ ঘূৰি ফুৰিব আৰু নহ’বলগীয়া বহু ঘটনা হৈ যাব পাৰে| ৰয়িঙৰ পৰা যিহেতু ৰাস্তা পিন্ পিনিয়া, গতিকে তীব্ৰ গতিত গাড়ী আগবাঢ়িল| শান্তিপুৰ পাই টিপ চাকি জ্বলাই কমলা বেচি থকা পোহাৰীৰ পৰা কমলা ল’লোঁ| সিহঁতো ইতিমধ্যে ঘৰলৈ যাবলৈ লৈছিলেই| ইফালে তেতিয়ালৈকে আমি অৰুণাচলৰ সীমান্তৰ ভিতৰত| গাড়ীত উঠিলোঁ হয়, পিচে গাড়ী ষ্টাৰ্ট নহয়| ওচৰতে ল’ৰা কিছুমান ৰৈ আছিল, ড্ৰাইভাৰ ল’ৰাটো নামি সিহঁতক কৈ গাড়ী ঠেলিবলৈ মাতিলে, আমিবোৰ নামি দিলোঁ| ল’ৰাবোৰে কোনো আপত্তি নকৰাকৈ অলপ দূৰ ঠেলাৰ পাছত গাড়ীখন ষ্টাৰ্ট হ’ল, কিন্তু এইবাৰ আন এটা নতুন সমস্যা আৰম্ভ হ’ল| সমস্যা মানে….গাড়ীয়ে লাহে-লাহে গতি ল’বলৈ অমান্তি হ’ল| তাৰোপৰি হেড লাইটৰ পোহৰ ক্ৰমে ম্লান হৈ আহিবলৈ ধৰিলে| ইফালে ক’তো একো দোকান-পোহাৰ নাই, তেল ডিপো বা গাড়ী গেৰেজ দূৰৰে কথা| আমাৰ লগত থকাৰ ভিতৰত আছিল ম’বাইলৰ নেটৱৰ্ক আৰু সন্মুখত এটা মসৃণ ৰাস্তা| ধীৰ গতিৰে আহি ঢলা-শদিয়া দলংখন পালোঁ| নিশা প্ৰায় ৮ মান বাজিছে তেতিয়া| হেড লাইট বন্ধ হৈ গ’ল দলঙৰ ওপৰত, ড্ৰাইভাৰে ডীপাৰ দি চলাই চলাই সেইখন পাৰ কৰালে| তাৰ পৰা অলপ দূৰ অহাৰ পাছতে এফালে চাহ বাগান আৰু আনফালে জংঘল আৰু তাতেই গাড়ীখন একেবাৰে অচল হৈ গ’ল| চাৰিওফালে জয়াল পৰিবেশ, ৰাস্তাত গাড়ী মটৰ একো নাই| ড্ৰাইভাৰক খুবেই গালি পাৰিছোঁ আটাইকেওটাই| পোৱালীকেইটাৰ ভয়ত জীৱ নাই| ভাগ্যে পুৱাৰ ভাগতে ঢলাত থকা সমন্ধীয় ভিনিয়েক এজনলৈ শ্ৰীমানে ফোন কৰিছিল, “ বোলে ভিনদেউ মায়দিয়াৰ পৰা ঘূৰি আহোঁতে আপোনাৰ ঘৰত সোমাব পাৰোঁ, যদিহে সময় হয়|“

ডিব্ৰুগড়লৈ আৰু ১১০ কিলোমিটাৰ বাট যাবলৈ আছেই| শ্ৰীমানে ভিনিয়েকলৈ ফোন লগালে গাড়ীত তেল শেষ হোৱা বুলি! ইফালে ভণ্টিয়ে ফোন লগালে ভনী-জোঁৱাইলৈ দূৰ্গতিৰ কথা কৈ| ভনী-জোঁৱাইৰ পেহীয়েকৰ ল’ৰা মাকুমত থাকে, গতিকে সি আহি তাৰ গাড়ীৰে আমাক মাকুমলৈ লৈ যাব আৰু তাৰপৰা আমি গাড়ী ভাড়া কৰি ডিব্ৰুগড়লৈ যাম| কিন্তু ইতিমধ্যে সেই ভিনদেউৱে সৰু পুত্ৰক লগত ডিজেল লৈ আমাৰ গাড়ীৰ ওচৰ পালেহি| ভিনদেউৰ গাড়ীত আমিবোৰ উঠিলোঁ আৰু আমি ভাড়া কৰি অনা গাড়ীখনত ডিজেল ভৰাই লৈ ভিনদেউৰ ল’ৰাটো আৰু ড্ৰাইভাৰ উঠিল| ডিজেল ভৰোৱাৰ পাছতো গাড়ীখনৰ একো উন্নতি নহ’ল| ভিনদেউৰ গাড়ীখনৰ পোহৰত সিখন গাড়ী লাহে-লাহে চলাই প্ৰায় ৫ কি’লমিটাৰ বাট আহি ঢলা টাউন পালোঁ| গেৰেজ ইতিমধ্যে বন্ধ হৈছে| ভিনদেউৱে গেৰেজৰ মালিকলৈ ফোন কৰিলে, পিচে সেইটো গেৰেজৰ মেকানিক বাহিৰত আছেগৈ, তাৰপিছত বেলেগ মেকানিক মাতিলে| পোৱালিকেইটা, ভণ্টি আৰু মোক ভিনদেউৱে টাউনৰ মাজতে থকা তেওঁলোকৰ ঘৰত থৈ গ’লহি| ইফালে দিনটোৰ ভাগৰ, তাতে তেনেকুৱা বিপদ। গতিকে মনৰে হওক বা দেহৰে হওক সকলোৰে অৱস্থা সকলোৰে চাবলগীয়া| ভিনদেউহঁতৰ ঘৰতে চাহ-জলপান খাই অলপ জিৰণি লোৱাৰ পাছত গাড়ীখন ভাল হ’ল বুলি গম পালোঁ| সেই যে এবাৰ নামি আহোঁতে ঘটং কৰি গাড়ীখনৰ তলত লাগিছিল, তেতিয়াই ডাইনেমমিটাৰ বেয়া হৈ গৈছিল| ভাগ্য কিছু ভাল আছিল কিজানি, সেয়েহে অটব্য অৰণ্যৰে আৱৰা ঠাইত গাড়ী বেয়া নহ’ল| যিকি নহওক, অলপ পাছতেই ভিনদেউহঁতৰ ঘৰত গাড়ীখন আহি পালেহি| ভিনদেউক নতশিৰে ধন্যবাদ জনাই ডিব্ৰুগড়লৈ ঢলাৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ| ইতিমধ্যে নিশা ৯:৩০ বাজিছিল| ক্ৰমে মানুহৰ জনবসতি থকা অঞ্চলৰ মাজেৰে আমি নিশাৰ নিৰ্জনতাত মনে মনে আহি থাকিলোঁ| এইবাৰ ড্ৰাইভাৰ বাপুৱে আমাক ভগৱান সদৃশ ব্যৱহাৰ কৰিবলৈ ধৰিলে| আচলতে সেই গাড়ী বেয়া হোৱা নিৰ্জন ঠাইত বেলেগে হয়তো তেওঁক এৰি আহি বেলেগ গাড়ী ভাড়া কৰি গুচি আহিলহেঁতেন| পাছত গম পাইছিলোঁ, গাড়ী বেয়া হোৱা ঠাইত বোলে ৰাতি ডকাইটি হয়| যিকি নহওক এইবাৰ কিন্তু তিনিচুকীয়া বাইপাছেৰে ওভটা নাই! আকৌ মনত সংশয়, যদি আকৌ ক’ৰবাত গাড়ী বেয়া হৈ যায়|

এটা সময়ত ডিব্ৰুগড় পাওঁ পাওঁ হ’লোঁ| ধাবা এখনত সোমাই খাই লওঁ বুলি সোমালোঁ| পিচে একেবাৰে খাব নোৱাৰিলোঁ| গতিকে আমাক খোৱা বস্তুবোৰ বান্ধি দিলে| নিশা ১১:৩০ হ’লেই ইতিমধ্যে| অৱশেষত ভণ্টিহঁতৰ ঘৰ পালোঁগৈ| কোনোমতে ভৰি-হাতকেইটা ধুই ভনী জোঁৱায়ে পাৰি থোৱা বিচনাত দীঘল দিলোঁ| কাৰো মুখত কোনো কথা কোৱাৰ ধৈৰ্য্য বা মানসিক শক্তি নাছিল| ফুৰিবলৈ গৈ মানুহৰ মন আনন্দবিভোৰ হয় আৰু আমাৰ ক্ষেত্ৰত সম্পূৰ্ণ ওলোটা! আজীৱন মনত থকা মায়দিয়ালৈ যোৱা অত্যন্ত কষ্টসাধ্য যাত্ৰা সমাপ্তি ভাগৰুৱা দেহবোৰ লেবেজান হৈ বিচনাত পৰি গ’ল!

☆★☆★☆

6 Comments

  • লটি-ঘটি ভালকৈয়ে হল মানে!

    Reply
  • Anonymous

    চাকৰী সূত্ৰে টাৱাংত চৈধ্য মাহ আছিলো।চেলাটপত মাইনাচ টেম্পাৰেচাৰত বৰফত বাট বন্ধ হৈ এৰাতি আৰ্মিৰ চালিত কটাওতে বৰফ হৈ গৈছিলো।

    ভাল লাগিল পঢ়ি।

    Reply
  • Anonymous

    পাইছেতৌ চেনকণ ৷
    মোক নোকোৱাকে পাৰ হৈ গৈছিলতৌ ৷
    চাইহে আচুং….

    Reply
  • Anonymous

    যোৱা জুলাই মাহত আমি চাৰি জন বন্ধুৰ সৈতে গৈছিলোঁ ৰৈয়িং লৈ,, ৰাতি ১০ তা বজাত ৰৈয়িং ৰ পৰা উভতনি যাত্ৰা ডিব্ৰুগড় লৈ,,কিন্তু গাড়ী বেয়া হল ঢলা সদিয়া দলং ৰ ওচৰত,,ভাগ্য ভাল আছিল ওচৰ চুবুৰীয়া ই সহায় কৰা কাৰণে ৰাতি 2 তা বজাত বন্ধুৰ ৰুম আহি পালোঁ

    Reply
  • হীৰেন বৈশ্য

    যোৱা জুলাই মাহত আমি চাৰি জন বন্ধুৰ সৈতে গৈছিলোঁ ৰৈয়িং লৈ,, ৰাতি ১০ তা বজাত ৰৈয়িং ৰ পৰা উভতনি যাত্ৰা ডিব্ৰুগড় লৈ,,কিন্তু গাড়ী বেয়া হল ঢলা সদিয়া দলং ৰ ওচৰত,,ভাগ্য ভাল আছিল ওচৰ চুবুৰীয়া ই সহায় কৰা কাৰণে ৰাতি 2 তা বজাত বন্ধুৰ ৰুম আহি পালোঁ

    Reply

Leave a Reply

Your email address will not be published.