ফটাঢোল

মায়াময় সংসাৰ – নাজিয়া হাচান

“আমাৰে বাচাটো শুব এ,
বাৰীতে বগৰী ৰুব এ,
অয়ে.. অ’.. অ’.. অ’..
বাচা মোৰ টোপনি যায়ে..
অ’.. অ’..
টোপনি যাচোন অ’ ল’ৰা! টোপনি যা। অ’.. অ’.. অ’.. অয়ে.. বাচা মোৰ টোপনি যাই এ।”
মানুহগৰাকীয়ে কেঁচুৱাটোক সন্ধিয়া সাতমান বজাৰপৰা এবাৰ কোলাত লৈ, এবাৰ বিচনাত ভৰি দুখন চিধাকৈ মেলি বহি, গাৰুটো ভৰিৰ পতাখনৰপৰা অলপ তলত লৈ, কেঁচুৱাটোক তাত শুৱাই ভৰি দুখন জোৰে জোৰে লেফ্ট ৰাইট কৰি আছে। পিছে নাই, কেঁচুৱা কিন্তু নুশুৱেয়। কন্দাও নাই সি। কোলাত লৈ থাকিলে অকণমানো আমনি নকৰে সি। মুখত বাওঁ হাতৰ বুঢ়া আঙুলিটো কোৱাৰীটোলৈকে ভৰাই পিৰিক পাৰাককৈ আঙুলিটো চুপি চুপি উজ্জ্বল দৃষ্টিৰে গোটেই ঘৰটো দৰ্শন কৰাতহে সি ব্যস্ত।
“কি হৈছে ঐ তোৰ? নুশুবি নেকি আজি? পগলা কৰি এৰিব ঔ মোক এইটোৱে। দিনটো ফোঁচফোঁচাই শুব আৰু ৰাতিটো পহৰা দিবলৈ সাৰে থাকিব। শো, শো বুলি কৈছোঁ নহয়!”
এইবাৰ মাকে সোঁহাতখনেৰে কেঁচুৱাটোৰ টপিনাত থপৰিয়াই থপৰিয়াই তাক শোৱাবলৈ ধৰিলে। মাৰ খাই মাকলৈ সি চেলাউৰীযোৰ অকণান বেঁকা কৰি চালে। চোৱাৰ অৰ্থটো তাৰ মুখত স্পষ্টকৈ বুজা গৈছে। মানে, ‘ইমান জোৰেৰে মোক কিয় মাৰিছ ঔ মাই!”
মাকে কিন্তু তাক অলপো পাত্তা দিয়া নাই। তেওঁ অতিষ্ঠ হৈ পৰিছে ইমান পৰে তাক নচুৱাই নচুৱায়। সেয়েহে এইবাৰ মুখত যি আহিছে তাকে ক’বলৈ ধৰিছে তেওঁ। মাকৰ বকনি শুনি কেঁচুৱাটোৱে মাকৰ মুখলৈ চাই এইবাৰ মোহনীয় দুষ্ট হাঁহি এটাহে মাৰি দিলে। এনেকুৱা লাগিল, সি যেন জানি শুনি মাকক আমনি কৰি আছে। মাকৰ গালিখিনিত সি যেন মজাহে লৈ আছে। মুখখনত তাৰ কিছুমান বিশেষ অংগী ভংগী।
    তাৰ হাঁহি দেখি মাকৰ আৰু বেছি খং উঠিল। হ’ল বুলি কিমাননো কোলাত নচুৱাই থাকিব তাক হয়নে! হাঁহিটোৱে এবাৰ দুবাৰ মন ভুলাই বাৰু। কিন্তু বাৰে বাৰে নোৱাৰে নহয় ভুলাবলৈ। খোজ কাঢ়ি মাকে তাক নচুৱাই লৈ ফুৰিলে সি ফূৰ্তিমনেৰে থাকে। তাক খোৱা বোৱা যেন একো নেলাগে। যেতিয়াই মাকে বিচনাখনত তাক শুৱাই দিয়ে, এঃ, হ’ল আৰু তাৰ। কোনোপধ্যেই নুশুৱে নহয় সি! শুৱাই দিয়াৰ লগে লগে পিঠিখন আৰু পেটটো ওপৰলৈ দাঙি দাঙি সি ভীষণ জোৰেৰে ঠেৰেঙা লাগি কান্দিবলৈ আৰম্ভ কৰি দিয়ে। কি অত্যাচাৰ মানে তাৰ। সহি থকাজনেহে মাথোঁ অনুভৱ কৰিব পাৰিব সেই আমনিখিনি! মাকজনীয়ে দিনত সকলো কাম আৰামেৰে কৰিব পাৰে। তাৰ অলপো তেতিয়া আমনি নাই। দুৰ্ঘোৰ টোপনি মাৰে সি দিনত। কিন্তু এই ৰাতিটো আহিলেই  হাতীটো অহা যেনহে লাগে মানুহগৰাকীৰ।  ইমান অামনি কৰে সি! নুশুৱে, নেখেলে। মাথোঁ মাকৰ কোলাত খেলি থাকিবলৈ লাগে। হাই বিধি! কি কৰে তেওঁ। সদায় সদায় ৰাতি তেওঁ এই বেদনা আৰু কিমান সহিব! আজি নহ’ব। ভাতকেইটা খাবলৈয়ো তেওঁ যাব পৰা নাই! তাৰ খালী কান্দোন! ইফালে পতিদেৱে খাই উঠা জুঠা থাল বাচন সামৰিবলৈ আছেই তেওঁৰ। ফ্ৰীজত গাখীৰ, দিনৰ ৰৈ যোৱা ভাজি, ডাইল, এই সকলোবোৰ ভৰাবলৈ আছেই, ফিল্টাৰটোত পানী ভৰাবলৈ আছেয়! উফ! কিমান যে কাম! কি কৰে তেওঁ এতিয়া!
কাষৰ ৰুমটোত পতিদেৱে  কম্পিউটাৰত বৰ ব্যস্ততাৰে অফিচৰ কিবা কাম কৰি আছে। সেয়েহে তেওঁক আমনি কৰিবলৈ মাকগৰাকীৰ একেবাৰে মন যোৱা নাই। কিন্তু কেঁচুৱাৰ লগত লাগি তেওঁ খাবলৈয়ো সময় নোপোৱা হৈছে। গতিকে কৰে কি! উপায় নাপায় লাহেকৈ দৰ্জাখন ঠেলি তেওঁ পতিদেৱে কাম কৰি থকা কোঠাটোলৈ সোমাই গ’ল। পতিদেৱ ইমান ব্যস্ত যে মানুহগৰাকী পিছফালৰ দৰ্জাখনেৰে কোঠাটোলৈ কেতিয়া সোমাই আহিল তেওঁ গমকে নাপালে!
পিছে পতিদেৱৰ কামৰ নমুনা দেখি মানুহগৰাকী খঙত উতলিবলৈ ধৰিলে। কম্পিউটাৰটোত ভালদৰে চকু দি তেওঁ চিঞৰি উঠিল,
“হেৰি! কি মানুহ হে আপুনি? হেঁ! কি মানুহ?”
হঠাৎ পিছফালৰপৰা ঠহৰ ঠহৰকৈ অহা চিঞঁৰত পতিদেৱ চক খাই বাস্তৱ জগতখনলৈ ঘূৰি আহিল! আচৰিত হৈ তেওঁ পত্নীলৈ চাই ৰ’ল।
“কি বুলি ভাবিছে বাৰু মোক? মেচিন নেকি মই? হেঁ! মেচিন মই! আপুনি অফিচৰ কাম কৰি আছে বুলিহে মই কেঁচুৱাৰ লগত অত পৰে নাখাই নবৈ চিঞৰি বাখৰি লাগি আছোঁ আৰু আপুনি ৰুমত সোমাই কম্পিউটাৰত গেম খেলি আছে!”
খঙৰ ভমকত মানুহগৰাকীয়ে কেঁচুৱাটোক বাপেকৰ কোলাত বহুৱাই দি, ভোৰভোৰাই কোঠাটোৰপৰা ওলাই গ’ল। পতিদেৱে কেঁচুৱাটো পৰিবলৈ ধৰাৰপৰা কোনোমতে বচালে। পত্নীক কিবা ক’বলৈয়ো তেওঁৰ সময় নহ’ল। ক’বলৈ বুলি মেলা মুখখন তেওঁৰ মেলাতেই থাকিল!
আচলতে তেওঁ অফিচৰে কাম কৰাত ব্যস্ত আছিল। নতুনকৈ লোৱা প্ৰজেক্টটোৰ কাম। অফিচত আজি তেওঁক বছেও প্ৰজেক্টটো যিমান পাৰে সোনকালে জমা দিবলৈ অলপ টানকৈয়ে কৈছিল। সেই  কামবোৰ কৰি থাকোতেই নেটটো হঠাৎ নচলা হৈ গ’ল। নেট চলাৰ অপেক্ষাতে তেওঁ কম্পিউটাৰত চেভ হৈ থকা গেমটো খুলিছিলহে মাত্ৰ। তেনেকুৱাতে বাৰু মানুহজনী সোমাই আহিব পায়নে!
কেঁচুৱাটো এহাতেৰে বুকুত সাৱটি তেওঁ আনখন হাতেৰে উপায় নাপায় কম্পিউটাৰটো অফ কৰি দিলে। বাপেকৰ অৱস্থাটো সি যেন খুব ভালদৰে বুজিব পাৰিছে। এখন হাতেৰে সি দেউতাকৰ গালত তাৰ দুই তিনিটা সৰু সৰু আঙুলি লগাই অলপ মৰম কৰি দিলে। দেউতাকেও তাৰ মুখখন দেখি বুকুত সাৱটি চুমা দুটা খাই লাহেকৈ বিচনাখনত শুৱাই দিলে। ভৰি দুটা মাৰি, হাঁহি হাঁহি সি উবুৰি খাই গোটেই বিচনাখনত বাপেকৰ সৈতে খেলি খেলি অলপো আমনি নকৰাকৈ এসময়ত টোপনি গ’ল!
তাৰ কাণ্ড দেখি বাপেকেও চিন্তা কৰিলে।
ইয়াক মাকে কিয় বাৰু ইমানকৈ গালি পাৰে! গালি পৰা কামচোন সি তেওঁৰ লগত এইখিনি সময়ত একোকে নকৰিলে!
লাহেকৈ পানী কাপোৰখন বিচনাৰ মাজত পাৰি তাৰ ওপৰত কাপোৰ এখন দি তেওঁ ল’ৰাটোক ভালকৈ শুৱাই দিলে।
মানুহগৰাকীয়ে তেতিয়ালৈকে ভোৰভোৰাই ভোৰভোৰাই পাকঘৰত কাম কৰি আছিল। তেওঁৰ ভোৰভোৰণিৰ শব্দবোৰ মানুহজনৰ কোঠাটোলৈকে শুনা গ’ল।
☆★☆★☆

2 Comments

  • ৰাস্না বৰা

    বৰ সুন্দৰ হৈছে লিখনীটো নাজিয়া।পঢ়ি ভাল লাগিল।

    Reply
  • অনুৰূপ মহন্ত

    বৰ ভাল লাগিল বাইদেউ

    Reply

Leave a Reply

Your email address will not be published.