ফটাঢোল

মিচিকিয়া হাঁহিটি – মিৰাজুল ৰছিদ

আজি আৰু নিলিখাকৈ ৰ’ব নোৱাৰিলোঁ। হেৰৌ গুলাপী গেঙৰ সদস্যা কেইজনী, আমাৰ দৰে ল’ৰাৰ প্ৰেম আৰু কলিজা কেনেকৈ তোমালোকৰ ভৰিৰ তলুৱা/গোৰোহা ফটা দি ফাটে শুনা।

প্ৰথম কথাটো হ’ল এই প্ৰেম আখ্যান মোৰ নহয়। মোৰ দৰে হুদুৰ দ্বাৰা ছোৱালী পতোৱাটো জীৱনত সম্ভৱ নহয়। ছোৱালীৰ বাবে আমিবোৰ বন্ধ হৈ যোৱা ৫০০ টকীয়া নোটৰ দৰে।

বাৰু, নাউ কামিং টু দ্যা পইণ্ট। কেচটো হ’ল আমাৰ বন্ধু এজনৰহে। ফটাঢোলৰ নিষ্পাপ সদস্য এখেত। পেশাত টেটৰ মাষ্টৰ, নিচাত ‘অফিচাৰ চইচ’ (অচি)৷ মৰিগাঁঁৱৰ সেই বিশেষ স্কুলখনলৈ এখেতে গুৱাহাটীৰ পৰা সদায়ে বাছেৰে অহা যোৱা কৰে। হঠাৎ এদিন বাছতে চকু এযোৰ দেখিবলৈ পালে। চকুৰ গৰাকীলৈ কেৰাহীকৈ চাই দেখিলে সৰগৰ কোনোবা অপেশ্বৰীৰ একদম ফটো-কপি। মানে এতিয়াই যদি পকা আপেল দেখিবলৈ কেনে বুলি প্ৰশ্ন কৰে কোনোবাই, লগে লগে উত্তৰত বন্ধুজনে যেন তাইকে দেখুৱাই দিব। মুঠতে আমাৰ মাষ্টৰ বাবু লগে লগে ফিডা হৈ গ’ল। পিছত এখেতে জানিবলৈ পালে ছোৱালীও মাষ্টৰনী, তাকো আমাৰ মাষ্টৰ বাবুৰ ওচৰৰে স্কুলখনত।

: ছেঃ! ইমান দিনে কিয় দেখা নাছিলোঁ এইজনীক!

বুলি নিজৰ চোতাল হেন কপালখনত থপৰিয়াই মনে মনে নিজকে ধিক্কাৰ দিলে বপুৰাই। সময়ৰ লগে লগে মৰমবোৰ বাঢ়িল। মাষ্টৰ বাবুৱে সিদ্ধান্ত ল’লে এদিন হ’লেও এইজনীৰ মাকক শাহুআই বুলিহে এৰিব।
ছোৱালীয়েও,

: অ চাৰ ভাল নে, অ চাৰ কাইলৈ স্কুল আহিবনে?

এনেকৈ এটা দুটাকৈ খবৰ/কথা আদান প্ৰদান কৰি কৰি মাষ্টৰ বাবুৰ সৰু কলিজাখনৰ গোটেই ডোখৰ দখল কৰি ল’লে নিজৰ নামত।

কিছুদিন পিছত মাষ্টৰে খবৰ পালে যে, ছোৱালীজনী মানে মিনাক্ষী ( অপেস্বৰীৰ ফটো-কপিজনীৰ নাম মিনাক্ষী আছিল ) মাষ্টৰৰ মোমায়েকৰ জীয়েকৰ লগত পঢ়া আছিল। ঘৰো ওচৰা ওচৰি। খবৰটো জানিবলৈ পাই মাষ্টৰক ৰাখে কোনে? জীৱনত মোমায়েকৰ ঘৰলৈ
নোযোৱা মাষ্টৰ দুদিনৰ মূৰে মূৰে ঘনাই মোমায়েকৰ ঘৰলৈ যোৱ হ’ল। এদিন মোমায়েকৰ জীয়েকক কৈয়ে দিলে,

: ঐ তোৰ লগৰ মিনাক্ষীৰ ঘৰলৈ যাওঁ ব’ল।

মোমায়েকৰ জীয়েকে মাষ্টৰৰ মুখ দেখিয়েই গম পালে যে দাদাকক প্ৰেম জ্বৰে খেদিছে।

: অহ! তই আমাৰ ঘৰলৈ ঘনাই অহাৰ কাৰণ এইটোহে ন? ইনভাৰটাৰৰ বেটেৰী বেলেগত আৰু বাল্ব জ্বলাই পোহৰ দিছ’ বেলেগত ন? তই মাল খটৰা আছা ৰে দাদা।

: ধেৎ৷ তয়ো যে আৰু। আমি মাষ্টৰ মানুহ অ, প্ৰেম ভালপোৱা আমাৰ ডিক্সনেৰীতে নাই। এনেই মিনাক্ষী বাইদেউৰ ঘৰলৈ এপাক গৈ আহোঁ বুলি হে কথাটো কৈছিলোঁ। তই গৈ ক’ৰ তাঁৰ ক’ত জোৰা দি কি বাল্ব জ্বলাবলৈ ধৰিছ, ধুৰ নাযাওঁ যা।

: গম পাইছোঁ মোৰ সোনামুৱা দাদা। ব’ল যাওঁ।

: জোৰ কৰিছ’ যেতিয়া যাওঁ ব’ল।

: হুম!

: অৱশ্যে মিনাক্ষী ছোৱালীজনী অলপ ধুনীয়া, মানে ভাল লাগে। মানে দেখাৰ দিনাৰ পৰা ভাল লাগে তাইক। মানে মানে মানে…… ভালে পাওঁ চাগে অ’।

: হে দাদা, অৱ আয়া উট পাহাৰ কে নিচে। ব’ল আজি তোৰ বিয়াখন থিক কৰিয়ে আহোঁ।

ভনীয়েকৰ লগত মাষ্টৰ গৈ মিনাক্ষী বাইদেউৰ ঘৰত হাজিৰ। মাষ্টৰনী বাইদেউৰ মাকে বৰ মৰম কৰি চাহ জলপান খুৱাই শেষত লাহেকৈ ক’লে,

: বোপা, তোমাৰ নামটো শুনি থাকোঁ, মিনাক্ষীয়ে বৰকৈ কৈ থাকে। ভাল চাৰ এজন আছে বুলি।

মাষ্টৰে ভিতৰি ভিতৰি ফূৰ্তিতে জঁপিয়াবলৈ ধৰিলে। কোনোমতে, ফূৰ্তিৰ আগ্নেয়গিৰিৰ লাভা বাহৰিলৈ ওলাবলৈ নিদিলে বাৰু।

হ’ব লগা শাহুআইৰ ভৰিখনকে যেন চুই সেৱা কৰিব মাষ্টৰে। মিনাক্ষীৰ মাকে আকৌ কলে,

: হেৰি নহয় বোপা। আমাৰ মিনাক্ষীৰ আঙুঠি পিন্ধোৱা আছে নহয় অহা ১৭ তাৰিখে। তুমি কিন্তু এবাৰ আহি দেখা দিবা। এনেই আহিলে ভাল লাগিব আমাৰ।এজনীয়ে ছোৱালী আমাৰ, ল’ৰাও নাই ঘৰত।

কথাখিনি কৈয়ে মিনাক্ষীৰ মাকে তামোল এখন মুখত ভৰালে।

মাষ্টৰৰ মূৰতে যেন সৰগখন ভাগি চিগি পৰিল। মিনাক্ষীৰ মাকে যেন চূণ লগাই মাষ্টৰবাপুৰ কলিজাখনকে চোবাইছে এনে লাগিল। শাহু মা বুলি ভৰিত পৰি সেৱা কৰিব বিচৰা মানুহজনীয়ে যেন মাষ্টৰ বাপুৰ বুকুৰে মস্ত চুৰি এখনহে সোমোৱাই দিলে।

এনেকৈ মিনাক্ষী বাইদেউৰ চুকযুৰি দেখিয়েই নিজৰ হৃদয়ত কোমলকৈ গজালি মেলা মাষ্টৰৰ প্ৰেম দুদিনতে মৰহি থাকিল।

সেইদিন ধৰি সুন্দৰ চেহেৰাৰ মাষ্টৰৰ চুলিয়েও যেন সংগ এৰিবলৈ ধৰিলে। মিনাক্ষী বাইদেউৰ লগত হোৱা এই ফটা-প্ৰেমৰ বাবেই হেনো এতিয়া মাষ্টৰৰ কপালখনত টু বি এইচকে ফ্লেটৰ জোখাৰেও খালী জেগা ওলাইছে। তথাপি মই লগ পালেই তেওঁক সান্তনা দি কওঁ, বন্ধু বি-পজিটিভ , ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে অ’।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.