ফটাঢোল

মিথ্যে – নীলাক্ষি দেৱী ডেকা

মূল: মাধৱী ভট্টাচাৰ্য্য (বাংলা)

অনুবাদ: নীলাক্ষি দেৱী ডেকা

 

ঘৰ আহি কিবাকৈ সোমাইছিলোঁহে মাত্ৰ, সাথীয়ে উধাতু খাই কাষলৈ আহিল।

“হেৰা, তোমাৰ মায়েৰাই কিন্তু আকৌ লুকাই লুকাই মিঠাই খাইছে। ইয়াৰ পাছত স্বাস্থ্যৰ কিবা অঘটন ঘটিলে মোক দোষ দিবলৈ নাযাবা কিন্তু। এতিয়াই কৈ থলোঁ!”

মোৰ মা অসুখীয়া অলপ। যোৱা কেইবছৰমানৰ পৰা তেজত চুগাৰ বাঢ়িছে। চুগাৰৰ পৰিমাণ ইমানেই বেছি যে বহু সময়ত ইনচুলিন দিয়ো নিয়ন্ত্ৰণত ৰখা কঠিন হৈ পৰেগৈ। শেষৰবাৰ পৰীক্ষা কৰাৰ সময়ত ডাক্তৰ সেনে মোক বাৰে বাৰে সাৱধানবাণী শুনাইছিল যে ইতিমধ্যে মাৰ কিডনীও চুগাৰত আক্ৰান্ত হবলৈ আৰম্ভ কৰিছে। আৰু বা ক’ত কি হৈ আছে ভগৱানেহে জানে! অতিশয় সাৱধানতা মানি নচলিলে হয়তো মাক বচোৱাই টান হৈ পৰিব আমাৰ বাবে।

অৱশ্যে মইনো সৰু ল’ৰা হৈ ক’ত আছোঁ! মোৰ বয়সো ইতিমধ্যে দুকুৰিৰ দেওনা পাৰ কৰিছে। নিজে যিমানেই বুঢ়া নহওঁ কিয় মাৰ কাষত মই এতিয়াও শিশুৱেই। মা অবিহনে মোৰ পৃথিৱীখন শূণ্যতাৰে ভৰা, মা কাষত নাথাকিলে মোৰ দিনতেই আন্ধাৰ। কেতিয়াবা মায়ো যে মোক এৰি চিৰদিনলৈ আঁতৰি যাব পাৰে, এই কথাটো ভবাও অসম্ভৱ মোৰ বাবে। মা আলৰ বুঢ়ী হোৱা নাই নহয় যে মুক্তি পাবৰ হৈছে বুলিয়েই ভাবিব লগা হয়। সাথীৰ অভিযোগ শুনি খঙটো টিঙিচকৈ উঠি আহিল কিবা! কাপোৰ কানি সলাই থাকিবলৈ ধৈৰ্য্য নহ’ল, চিধাই শোৱনিকোঠাত থকা মাৰ ওচৰ পালোঁগৈ। মায়ে বহি বহি টিভিত চিৰিয়েল চোৱাত মগ্ন। মোক দেখা পায়েই মাত দিলে,

“বাবা পালিহি? বৰ ভাগৰে জুগৰে আহিছ। আহ আহ মোৰ কাষত আহি এখন্তেক বহ।”

মই মাৰ আঁচলৰ ধন। মোক দেখা পাই মাৰ চকুৱে মুখে ফুটি উঠা আনন্দখিনিক সম্পূৰ্ণ উপেক্ষা কৰি মই দাঁত মুখ কৰচি মাক বকিবলৈ আৰম্ভ কৰিলোঁ,

“কি ভাবিছা তুমি হা? তোমাৰ যি ইচ্ছা অতপালি কৰি থাকিবা আৰু আমি একো নোকোৱাকৈ চুপচাপ চাই থাকিম?”

মাৰ মুখৰ আনন্দৰ দিপ্তী পলকতে ম্লান গ’ল। মোৰ খেংখেঙনিত শেতা পৰা মুখত সীমাহীন অসহায়তা আৰু অভিমানে পলকতে ছানি ধৰিলে। মাৰ অৱস্থা দেখিও কথাৰ সুৰ কোমল নহ’ল মোৰ। এইবাৰ হয়তো প্ৰয়োজনকৈ আৰু বেছি তীক্ষ্ণ সুৰতেই কবলৈ ধৰিলোঁ,

“এতিয়া চুপচাপ আছা কিয়? নে সকলো জানি বুজিও নুবুজাৰ ভাও ধৰিছা? এনে লৰামতীয়া কাম কৰাৰ বয়স আছে নেকি তোমাৰ? আকৌ লুকাই লুকাই মিঠাই খাবলৈ কিহে পাইছিল তোমাক কোৱাচোন?”

মাৰ চকু মুখত এইবাৰ অপৰাধীৰ ভাব ফুটি উঠিল। কন্দনামুৱা মুখেৰে উত্তৰ দিলে,

“মাত্ৰ এটাহে ৰসগোল্লা খাইছিলোঁ অ! তাকো খোৱাৰ আগতে ৰসখিনি চেপি চেপি উলিয়াই লৈহে খাইছোঁ। একো নহয় দে মোৰ। তই মিছাতে চিন্তা কৰিছ ইমান।”

“ৰস চেপি খাইছা? কথা কবলৈ আহিছা! এটা গোটা মিঠাই খোৱাৰ কথা বাদেই দিয়া, সৰু টুকুৰা এটাওযে তোমাৰ কাৰণে বিষ সেইটো বুজি পোৱানে নাই তুমি? মই এটাই চেষ্টা কৰিছোঁ যাতে তুমি সুস্থ থাকা, ভালে থাকা। কিন্তু তুমি এনেকুৱা উল্টা পুল্টা কাম কৰি থাকিলে মই অকলে কি কৰিব পাৰিম কোৱা! তোমাৰ চিকিৎসাৰ নামত প্ৰতি মাহতে কিমান টকা খৰচ হয় সেইটো জানানে তুমি? আৰু তোমাৰ স্বভাৱৰ গুণত মোৰ গোটেই টকা এনেকৈয়ে পানীত পৰিছে। নামমাত্ৰ কাণ্ডজ্ঞানো নাই তোমাৰ।”

– ডিঙিৰ শিৰ ফুলাই ফুলাই চিঞৰিবলৈ ধৰিলোঁ মই।

মোৰ টেটুফলা আটাহ শুনি ৰণ দৌৰি আহিল। ৰণ মোৰ আৰু সাথীৰ একমাত্ৰ সন্তান। ইমানপৰে হবপায় নিজৰ কোঠাত পঢ়াশুনাত ব্যস্ত আছিল।

“দেউতা, তোমাৰ হৈছে কি? তুমিযে আইতাক ইমান চিঞৰি চিঞৰি কথা কৈছা?” মোৰ দহ বছৰীয়া সন্তানে একপ্ৰকাৰ আচৰিত হৈয়েই প্ৰশ্ন কৰিলে মোক।

“তুমি নিজৰ পঢ়াকোঠালৈ যোৱা ৰণাই।” ইমানপৰে মোৰ পিছফালে ৰৈ থকা পৰিবাৰে নিৰ্দেশ দিলে পুতেকক।

এবাৰ মোৰ ফালে, এবাৰ মাকৰ ফালে আৰু এবাৰ আইতাকৰ ফালে এপলক চাই ৰণ নিজৰ কোঠালৈ গ’ল। ময়ো মাৰ মুখৰ ফালে চালোঁ। মোৰ বকনি শুনি মুখ ওন্দোলাই বহি আছে। কিবা এটা মৰম উথলি উঠিল মালৈ। কিন্তু এতিয়া মই ঢিলাই দিলে নচলিব। সেই ভাবিয়েই অশেষ কষ্টৰে নিজক সম্বৰণ কৰিলোঁ। মাক এতিয়া এটি শিশুৰ দৰেই শাসনৰ প্ৰয়োজন নহলে মাৰ মইমতালি কমা টান আছে। মই একো নোকোৱাকৈ এৰি দিলেই কাইলৈ আকৌ মিঠাই বিচাৰিবলৈ আৰম্ভ কৰিব মায়ে। গতিকে মুঠেও নৰম হব নোৱাৰি মাৰ লগত। শাসনেই ঠিক আছে।

“মা, তুমি এটা কথা ভাবি নোচোৱা কিয়? তোমাৰ বয়সতো কম হোৱা নাই? এতিয়া এইবোৰ কাম কৰি থাকিলে শুৱায় নে তোমাক? নিজৰ কথা বাৰু নাভাবিলাই, কিন্তু মোৰ কষ্টৰ কথাটোও ভাবি চাবাচোন কেতিয়াবা!”

গহীন সুৰত মাক কথাখিনি কৈ মই নিজৰ কোঠালৈ আহিলোঁ। মোৰ পিছে পিছে সাথী। তাই বেচেৰীয়ে মোৰ কথাৰ মাজত এষাৰো মাত দিয়া নাই।

“মাক অলপ শাসন কৰাই ভালেই হৈছে দিয়া। নহ’লে মাজে মাজে যিহে মূৰ্ত্তি ধৰে। মই মন নকৰিলে সময়ত ঔষধ কেইটাও খাবলৈ পাহৰি গ’লহেতেন। এনেকৈ চলে নেকি তুমিয়েই কোৱাচোন!”

মই চুপচাপ হৈয়েই ৰলোঁ। মনে মনে নাথাকি কমনো কি! মই জানো সাথী বোৱাৰী হলেও নিজৰ জীয়েকৰ দৰেই মাৰ যতন লয়। কোনো খুঁট নৰখাকৈ সকলোফালে অকলে চম্ভালে। মইতো নিজে।দৰমহাৰ টকা কেইটা তাইৰ হাতত দিয়েই দায় সাৰোঁ। সাথীয়ে চাৰিওফালে চিজিল লগাই নিজৰ দায়িত্ব পালন কৰে কিন্তু মাৰ কাৰণেই মাজে মাজে চাৰিওফালে খেলিমেলিখন হৈ পৰে।

পাছদিনাখন অফিচ বন্ধ আছিল। ভাবিছিলোঁ নাকত তেল দি বেলা এপৰলৈকে আৰামত এক টোপনি মাৰিম। কিন্তু ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। সাথীয়ে আহি পুৱাতেই ঠেলি হেঁচি দিলেহি সাৰ উঠায়।

“হেৰা, হেৰা, বোলো শুনিছানে নাই? তোমাৰ মাৰাই এইবাৰ নতুন নাটক জুৰিছে। সেই পুৱাৰে পৰা দৰব খুৱাবলৈ চেষ্টা কৰি আছোঁ, অলপো যদি কেঁটকুট কৰিছে মোৰ কথাত! নিজে আহি চোৱাহি এবাৰ মই আৰু নোৱাৰিছোঁ দেই।”

“দৰব খোৱা নাই মানে আৰু কি?” একপ্ৰকাৰ বিৰক্ত হৈয়েই কলোঁ মই।

“তোমাৰ মাৰৰো যে জেদ আৰু! হাজাৰ বাৰ কৈ আছোঁ মা ঔষধটো খাওক খাওক বুলি। অলপো যদি কেৰেপ কৰিলেহেতেন মোৰ কথাত! মুখ ওফোন্দাই বহি আছে তেতিয়াৰ পৰা।”

“তুমিওযে আৰু! এই সামান্য কামটোও ভালকৈ কৰিব নোৱাৰানে?” শেতেলী এৰি এৰিয়েই বিৰক্তিভৰা সুৰেৰে কলোঁ সাথীক।

“মই কৰিব নোৱাৰোঁ? কি কথা কবলৈ আহা হে তুমি? সপ্তাহৰ এটা দিন মাত্ৰ ঘৰত থাকা। বাকীকেইদিন কেতিয়াবা ভুলতো সুধি পাইছানে মই কিমান কষ্টৰে তেখেতৰ যতন লওঁ? তথাপিও যদি মোৰ কথা শুনিলেহেতেন তেতিয়াও শান্তি। যিহে জেদী নহয় তোমাৰ মা!”

“হেৰা, তুমি মোৰ মাৰ কথা এনেকৈ কবলৈ নাহিবা বুজিছা! তুমি যদি অলপ ভালকৈ মৰমেৰে ক’লাহেতেন মায়ে তোমাৰ কথা নুশুনাৰ কাৰণেই নাছিল একো।”

“অ হয়নে? তেন্তে নিজেই মাতত মৌ সানি কোৱাগৈ যোৱা।” সাথীয়ে গহীন সুৰত ক’লে।

বুজিলোঁ তাইৰ খঙ উঠিছে। ইমানসোপা জঞ্জাল চম্ভালিবলৈ যাওঁতে খঙ উঠাতো স্বাভাৱিকেই আচলতে।

ময়ো আৰু অযথা বাক্যব্যয় নকৰি মাৰ ঘৰত গৈ হাজিৰ হলোঁ। মায়ে ভেম জুৰি বিচনাৰ ওপৰত থমথমকৈ বহি আছে। লাহেকৈ মাত লগালোঁ মাক,

“মা, কি হৈছেনো এইবোৰ? তুমি ঔষধ নোখোৱা হৈছা কিয়?”

কোনো উত্তৰ নাই। মই ঔষধটো হাতৰ তলুৱাত লৈ মাৰ মুখৰ আগত ধৰি কলোঁ,

“চাওঁ এবাৰ আঁ কৰাচোন আৰু এইটো গিলি থোৱা।” মায়ে মুখখন ঘূৰাই নিলে।

“কি হৈছেনো মা? এনে কিয় কৰি আছা কোৱাচোন! ঔষধ নাখালে কি হব সেইটো কি তুমি বুজা নাই?”

“যি হবৰ আছে হৈ থাকক।মোৰ কথা লৈ ইমান চিন্তা নকৰিলেও হব তোৰ। মোক দয়া কৰি দেখুৱাবলৈ আহিছ?”

মাৰ কথা শুনি এইবাৰ মোৰ আচৰিত হোৱাৰ পাল।

“মই তোমাক দয়া দেখুৱাবলৈ গৈছোঁ? এইবোৰ কি আবোল তাবোল বলকিছা তুমি মা?”

যি কৈছোঁ ঠিকেই কৈছোঁ। কোনে কৈছিল তোক মাহে মাহে মোক ডাক্তৰৰ তালৈ নি অত টকা খৰচ কৰিবলৈ? তাতকৈ মই মৰি যোৱাই ভাল আছিল। নিজে দয়া দেখুৱাবলৈ ডাক্তৰৰ তালৈ লৈ গৈছে, এগাল এগাল টকা খৰচ কৰি ঔষধ কিনি আনে, আকৌ সেই লৈ বৰ বৰ কথা। নাখাওঁ বুলিছোঁ, নাখাওঁ মই।” মাৰ কথাত অভিমানৰ সুৰ স্পষ্ট।

“মা, তুমি বেয়া পাইছা ন মোক? সেইবোৰ কথাতো মই খঙৰ ভমকত কৈছোঁ, মনৰ পৰা কৈছোঁ জানো কোৱাচোন তুমি!”

এইবুলি কৈয়েই মাক আঁকোৱালি ধৰিবলৈ গলোঁ। মায়ে জোৰেৰে ঠেলা মাৰি আঁতৰাই দিলে মোক।

“গুচ মোৰ কাষৰ পৰা।লেৰেলা সাদৰ দেখুৱাবলৈ নাহিবি মোক। মোৰেই ফুটা কঁপাল, যাক কোলাত বোকোচাত কৰি তুলি তালি ডাঙৰ দীঘল কৰিছোঁ আজি তাৰ মুখৰ পৰাই বৰ বৰ কথা শুনিব লগা হৈছে মোৰ! এনেকৈ জীয়াই থাকি কি লাভ আছে জানো!”

“আৰে তুমি মিঠাই খোৱাৰ কাৰণেহে খঙ কৰিছিলোঁ মই। মিঠায়ে যে তোমাৰ কিমান অপকাৰ কৰে সেইটোতো তুমি নিজেও জানা। নাজানা জানো?”

“নহয় অ বাবা, মই খাওঁ বুলি মিঠাই খোৱা নাই অ। গৰমত পিয়াহ লগাত অলপ ঠাণ্ডা পানী খাই লওঁ বুলি ফ্ৰীজ খুলিছিলোঁ। তেতিয়াই ৰসগোল্লা কেইটাত চকু পৰিল মোৰ। লোভ সামৰিব নোৱাৰি খায়েই পেলালোঁ এটা।মোৰ ভুল হৈছে মানিছোঁ বাৰু হলেও সেইবুলিয়েই তই মোক এনেকৈ খেঙখেঙকৈ কথা কবি নেকি? অলপমান ভালকৈয়োতো কব পাৰিলি হেতেন মোক!”

“মা অ, মোৰ বহুত ভুল হৈ গ’ল অ’! আজিৰপৰা তোমাক তেনেকৈ আৰু কেতিয়াও কথা নকওঁ।” হাঁহি হাঁহি মাক জোৰেৰে আঁকোৱালি ললোঁ। মাই তেতিয়াও মুখেৰে ভোৰভোৰাইয়েই আছে,

“সকলোবোৰ ঢং ইহঁতৰ। এইমাত্ৰ খঙ কৰি দেখুৱাব পাছমূহুৰ্ত্ততে সাৱটি ধৰি লেন চেলাবলৈ আহিব!”

সাথীয়ে ইমানপৰে মনে মনে সকলো লক্ষ্য কৰি আছিল। এইবাৰ হাঁহি হাঁহি কবলৈ ধৰিলে, “হয় দিয়ক মা, ঢং আমিয়েইতো কৰোঁ, আৰু আপুনি…”

মই চকু পকাই সাথীলৈ চালোঁ। তাই লগে লগে চুপ হ’ল। তাৰপাছত ব্যস্ত হৈ পৰিল।

“মা মা, আপুনি ঔষধটো খাওঁক সোনকালে। অতপৰে আপোনাক খাবলৈকে দিব পৰা নাই। বেলা বহুত হ’ল!”

এইবাৰ মায়ে কোনো প্ৰতিবাদ নকৰাকৈ ঔষধটো খাই মোৰ লগত খোৱামেজলৈ আহিল। মাক খাবলৈ বহুৱাই মই বাথৰূমলৈ আহিলোঁ গা ধুবৰ বাবে। গা-পা ধুই আহি দেখোঁ যে মায়ে তেতিয়াও লাহে ধীৰে খায়েই আছে। মায়ে চুগাৰৰ সমস্যাৰ কাৰণে আনতকৈ বেলেগ খাদ্য খাব লগা হয়। বহুত নিয়ম নীতি মানি চলিব লাগে।

সাথীয়ে মোকো লুচি তৰকাৰী আনি দিলে খাবলৈ। এটা বাতিত দুটা ৰসগোল্লাও দিছে। মিঠাই মোৰ বহুত প্ৰিয় সেইটো সাথীয়ে জানে। প্ৰতিদিনে খোৱাৰ পাছত এটাকৈ মিঠাই খোৱাটো মোৰ পুৰণি অভ্যাস। সাথী আৰু ৰণে মিঠাই খাবলৈ ভাল নাপায়। মিঠাইৰ খকটো মোৰহে।বেছি, আগৰে পৰাই।
লুচি তৰকাৰী উদৰস্থ কৰি চাহৰ কাপটো হাতত ললোঁ। সাথীয়ে গৰুৰ গাখীৰত ইলাচী দি বনোৱা বন্ধৰ স্পেচিয়েল চাহকাপ! আমেজত লাহেকৈ কাপত চুমুক দিবলৈ লওঁতেই মায়ে মাত দিলে। অতপৰে মায়ে চুপচাপ মই লুচিভাজি খোৱাই চাই আছিল। এইবাৰ ক’লে,

“আৰে মিঠাইটো চোন নাখালিয়েই তই!”

“খাম নহয়! চাহকাপ আগতে খাই লওঁ ৰবা।”

“আগতে মিঠাইটো খাই চাচোন তই। ভীষণ টেষ্টি খাবলৈ। তুলতুলীয়া কোমল আৰু ৰসাল! কালি যে খাইছিলোঁ এতিয়াও তাৰ সোৱাদ লাগিয়েই আছে মুখত। তই নিজে খাই চাচোন এবাৰ।”

মাৰ কথা পেলাব নোৱাৰি অনিস্বাসত্বেও চাহৰ কাপটো আঁতৰাই ৰসগোল্লাৰ বাতিটো কাষলৈ টানি ললোঁ। চামুচেৰে এটুকুৰা ভাঙি মুখত ভৰাওঁতেই মায়ে সেপ ঢুকি ক’লে,

“কি সোৱাদ ন খাবলৈ?”

“ওঁ, বৰ সোৱাদ সঁচাকৈয়ে!” বুলি কৈয়েই মাৰ মুখৰ ফালে চাওঁতেই চক খাই উঠিলোঁ মই! মাৰ মুখখন কি যে কৰুণ! সৰু ল’ৰা ছোৱালীক দেখুৱাই দেখুৱাই আইচক্ৰীম বা চকলেট খালে তাহাঁতৰ মুখখন যেনে কৰুণ হয় দেখিবলৈ, তেনেই কৰুণ। এজন বয়োজ্যেষ্ঠ লোক প্ৰকৃততে তো এটা সৰল শিশুৱেই! এই সামান্য কথাটোৱেই কিয় যে পাহৰি গৈছিলোঁ মই!

মায়ে মিঠাই খাই বহুত ভাল পায়। বিশেষকৈ ৰসগোল্লা। কিমান চাগে ইচ্ছা যায় খাবলৈ তথাপিও খাব নোৱাৰে। আৰু মই মূৰ্খই মাক দেখুৱাই দেখুৱাই দুটাকৈ ৰসগোল্লা গিলিলোঁ।

হঠাৎ সোঁৱৰণীৰ কুঁৱলী ফালি বহুত কথাই মনত পৰিল মোৰ। এইটোও মনত পৰিল যে সৰুতে মই ভীষণ বেমাৰী আছিলোঁ আৰু প্ৰায়ে পেটৰ অসুখত ভুগিছিলোঁ। দুই তিনিদিনৰ মূৰে মূৰে পেট চলে মোৰ। তেতিয়া বহুদিন ধৰি কাচকল নতুবা অমিতাৰ পনীয়া জোলেই মোৰ গতি হয়গৈ। কি যে কষ্ট পাওঁ নহয়! তাতে সেইসময়ত আমাৰ বিশাল যৌথ পৰিয়াল আৰু পৰিয়ালৰ প্ৰায় প্ৰত্যেকজনেই খাদ্যৰসিক। আখলত প্ৰতিদিনেই ৰকম ৰকম সুস্বাদু খাদ্যসম্ভাৰ। সেই সকলোবোৰ নেওচা দি পনীয়া কাচকলৰ আঞ্জাৰে ভাত খোৱাৰ কথা কল্পনা কৰিয়েই চকুপানী ওলোৱাৰ উপক্ৰম হয় মোৰ। মায়ে মোৰ কষ্ট বুজি পাইছিল। তেতিয়াৰ পৰা মই পেটৰ অসুখত ভুগিলে সকলোৰে লগত একেলগে মোক খাবলৈ নিদি মোৰ ভাতৰ কাঁহীখন শোৱাকোঠালৈকে লৈ অহা কৰিছিল মায়ে। মায়ে বুজিছিল যে আনৰ পাতৰ সুস্বাদু ব্যঞ্জন দেখি নিজৰ পাতৰ অখাদ্য মই মুঠেও গিলিব নোৱাৰিম।

সেই পনীয়া আঞ্জা সানি মোক ভাত খুৱাই দিওঁতে মই সদায়েই মাক অভিমান কৰি কৈছিলোঁ,

“চবেই ইমান ভাল ভাল বস্তু খাই আছে মই অকলে এইসোপা খাব লাগে কিয়?”

“তইনো অকলে ক’ত খাইছ? ময়ো দেখোন খাম তোৰ লগত!”

“কিয়?” আচৰিত হৈ মাক প্ৰশ্ন কৰিছিলোঁ মই।

“কি কিয় আৰু! মোৰো দেখোন পেটৰ অসুখ।”

কথাষাৰ কওঁতে মাৰ ওঁঠত এটা ৰহস্যময়ী হাঁহিয়ে খেলাই যায়।

মা আৰু মই একেলগে ফূৰ্তি কৰি পনীয়া জোলেৰে ভাত খাওঁ। মোৰ পেটৰ অসুখৰ লগে লগে মাৰো কিয় পেটৰ অসুখ হৈছিল সেইটো সেই বয়সত বুজি নাপালেও বয়স বঢ়াৰ লগে লগে ৰহস্যটো মোৰ চকুত পৰিষ্কাৰ হৈ ধৰা দিছিল।

সেইদিনা ৰাতিয়েই মই সাথীক ক’লোঁ, “কাইলৈৰ পৰা আৰু মোক খোৱাৰ পাতত মিঠাই নিদিবা তুমি। মিঠাই কিনিও নানিবা আৰু।”

“উৱা কিয়?” সাথী যেন আকাশৰ পৰাহে সৰি পৰিল।

“মাৰ মুখৰ আগত বহি মিঠাই খাবলৈ ভাল নালাগে অ! তদুপৰি মায়ে দেখাকৈ মিঠাই থোৱাও উচিত নহয় আচলতে। মিঠাই খোৱাৰ তীব্ৰ ইচ্ছা থকা সত্বেও মিঠাই খাব নোৱাৰে সেইটো বহুত বেছি কষ্টদায়ক‌। আনে নাজানিলেও মই জানো নহয় যে মায়ে মিঠাই খাবলৈ কিমান ভাল পায়।”

“কিন্তু ফ্ৰীজত যে এসোপামান ৰসগোল্লা পৰি আছে সেইবোৰ কি কৰিম মই?”

“নমিতাক দি দিবা।”

”সেইটো বাৰু দিয়েই দিম মই কিন্তু তুমিযে মিঠাই খাই ইমান ভাল পোৱা, নোখোৱাকৈ থাকিব পাৰিবা জানো?”

“সেইটো ইমান একো ডাঙৰ সমস্যা নহয় সাথী। মিঠাই নোখোৱাকৈয়ো আৰামত চলি যাব পাৰি। আৰু তোমালোক দুয়োটাই তো মিঠাই খাই ভালেই নোপোৱা গতিকে চিন্তাৰ কোনো কাৰণেই নাই।”

সাথীয়ে একো নামাতিলে। সিদ্ধান্তটো লব পাৰি ময়ো বহুত সুখী অনুভৱ কৰিলোঁ।

ইয়াৰ পাছত কিছুদিন মিঠাই নোখোৱাকৈয়ে আৰামত চলি গলোঁ। এদিন পুৱা কথাটো মাৰো চকুতো পৰিল।

“কি অ বাবা, তই দেখোন আজিকালি মিঠাই নোখোৱা হলি? ইমান প্ৰিয় বস্তুটো বাদ দিলি যে খাবলৈ কি হ’ল হঠাতে?”

“মোৰো ব্লাডত চুগাৰ হৈছে। মিঠা খোৱা মানা।” গম্ভীৰ মুখ কৰি উত্তৰ দিলোঁ মই।

“কি!” চকখাই উঠিল মা।

“ওঁ, সেইটোৱেই!” মুখত হাঁহিটো জোৰেৰে চেপি ধৰি খোৱামেজৰ পৰা উঠিলোঁ মই।

মায়ে এতিয়াও অবাক হৈ চাই আছে মোৰ ফালে। মই যে মাক আভুৱা ভাৰিছোঁ সেইটো মায়ে বুজি পোৱা নাইতো! বুজিলেও বুজক। মায়ে অতদিনে মোক মিছা কথা কৈছে গতিকে ময়ো কোৱাত দোষনো কি!

☆★☆★☆

5 Comments

  • ৰামানুজ জি.

    খুব ভাল লাগিল… সুন্দৰ অনুবাদো!

    Reply
    • নীলাক্ষি

      ধন্যবাদ চাৰ! 😊😊

      Reply
  • মৃদুস্মিতা শৰ্মা

    সুন্দৰ অনুবাদ।বৰ ভাল লাগিল।

    Reply
    • নীলাক্ষি

      ধন্যবাদ মৃদুবা। 🙏

      Reply
  • সদানন্দ ভূঞা

    সুন্দৰ, বহুত ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published.