ফটাঢোল

মিশ্যন ডুমডুমা – ৰামানুজ গোস্বামী

সৰু চহৰখনলৈ বদলি হৈ অহাৰ পিছৰে পৰা সলনি হৈ পৰিছে মোৰ দৈনন্দিন জীৱনশৈলী। বহুজাতিক কোম্পানীটোৰ গুৱাহাটীৰ হেড অফিছত থাকোঁতে হাতত সময়েই নাছিল দিনটোত! পলমকৈ শোৱাৰ পৰা উঠা, দৌৰা-দৌৰিকৈ শ্বেভিং, ব্ৰেকফাষ্ট কৰি বছৰ লগত “টিম মিট”ত দহ বজাত উপস্থিত হোৱা, অফিছৰ তলত গোটেই টিমটোৱে বছ-কোম্পানীক গোৱালগালি পৰা,  ডিলাৰ ভিজিট, কাষ্ট’মাৰ ইছ্যু আদি চাই-চিতি সন্ধিয়ালৈ কোনো বাৰত সুৰাপান, লগৰ কিটাৰ লগত নিয়মীয়া আড্ডা…মুঠতে সময়ে নাই।

কিন্তু নতুন চহৰখনত মোৰ একো ব্যস্ততা নাই। লগ-বন্ধুও নাই, সেয়ে নাই ৰাতি কোনো সুৰাপানৰ মেল! সেইবাবে পুৱা সাৰো পাওঁ সোনকালেই। গুৱাহাটীত ডিলাৰ ভিজিটত বৰ সময় লয়, মালিকক লগ পাবলৈ খাপ পিটি থাকিব লাগে। ইয়াত ওলোটা, গ’লেই ডিলাৰৰ মালিক-মেনেজাৰে বহুৱাই-চাহ খুৱাই কথা পাতে। ময়ো বুজোঁ, বেছি সময় ডিলাৰত বহি বহি থাকিলেও পিছলৈ মান-ইজ্জত নাপাম। সেয়ে গহীনতাৰে কিছু ব্যস্ত দেখুৱাই কোঠালৈকে উভতোঁ।

কোঠাটোতোনো কৰিম কি? টি.ভি চাবলৈ দিনত সব চিৰিয়েল! ক্ষণে ক্ষণে  পুনৰাবৃত্তিৰ নিউজ সোপা চাম কিমান?  বিৰক্তিত ভূগোঁ। কিন্তু বিগত জীৱনত এৰি অহা এক বিনোদনে যেন কিছু সকাহ দিলেহি।

আচলতে মই এনে এটা প্ৰজন্মৰ মানুহ, যাৰ কলেজীয়া জীৱনত মোবাইল, ইণ্টাৰনেট, কম্পিউটাৰ গেম আদি সপোনৰো অগোচৰ আছিল। টি.ভি.আছিল যদিও, কেৱল নিৰামিষ DD1, তাকো বুধবাৰ-শুক্ৰবাৰে দিয়া চিত্রহাৰো মা-ভণ্টিৰ লগত চাব নোৱাৰি। সেয়ে বিনোদন আছিল চিনেমা। চিনেমা মানে দেওবাৰে ৫ বজাত দিয়াখন নহয় অৱশ্যে;  ১১বজা, ২ বজা, ৫ বজা আৰু চেকেণ্ড শ্বো’ৰ চিনেমা। স্কুলীয়া দিনত লুকাই-চুৰকৈ আৰু কলেজীয়া দিনত হোষ্টেলৰ পৰা যেতিয়াই ইচ্ছা, তেতিয়াই চাইছিলো চিনেমা। প্ৰথম শাৰীৰ সস্তীয়া টিকেট কাটি লাইটমেনক দুটা চাৰমিনাৰ দি বেলকনিৰ চিট এটা লৈ চিনেমা চোৱাটো আছিল যেন পৰম গৌৰৱৰ কথা…।

এসময়ত শিৰাই শিৰাই বৈ থকা সেই বিনোদনৰ সুপ্ত ৰক্তকণিকা মোৰ পুনৰ জাগ্ৰত হৈ পৰিল; আৰু চহৰখনৰ তিনিওটা হলত ভিন্ ভিন্ সময়ত মই চিনেমা চাবলৈ ধৰিলোঁ। কিন্তু চিনেমা চোৱাৰ ক্ষেত্রত মোৰ এক গুপ্ত মানসিক সমস্যা আছে। অৰ্থাৎ প্ৰতিখন চিনেমা চাই অহাৰ পিছত মই চিনেমাখনৰ নিৰ্দেশনাত যেন সন্তুষ্ট নহওঁ। যেনেঃ এই চিকুৱেঞ্চটো আগত লাগিছিল, ফাইটটো চৰ্ট হ’ল, ৰোমাঞ্চ চিনটোত ইমানলৈকে আগবাঢ়িব লাগিছিল! এই চিনটোৰ মিউজিক এনে হ’ব লাগিছিল,-আদি অনেক অসন্তুষ্টিয়ে মোক ক্ৰিয়া কৰি থাকিছিল। কিন্তু কাক ক’ম, কোনোবাই শুনিবই বা কিয়?  যি কি নহওক, হলত যি চিনেমা নাহিলেও মই সোমাওঁ, পোষ্টাৰো নাচাওঁ কেতিয়াবা। মাত্র চিনেমা চাওঁ, কেতিয়াবা টোপনিও যাওঁ, কিন্তু সৰু চহৰখনত মোৰ এই বিনোদন কাৰ্যপন্থা এদিন-দুদিনৰ মূৰে মূৰে নিয়মীয়া হৈ পৰিল।

এদিন দুপৰীয়াৰ ভাতসাঁজ চিকেন-মাট্টনৰে খাই মেটিনি শ্বো’ত বহি পৰিলোঁ। চহৰৰ পাৰ্শ্বৱৰ্ত্তী এই হলটোত সন্মুখৰ শাৰীটোত দৰ্শক নথকাত চোলাৰ বুটাম, জোতা আদি খুলি ঠেং-ঠুং মেলি আৰামকৈ বহি ল’লোঁ। নেম কাষ্টিং আৰম্ভ হৈছিল। বেক গ্ৰাউণ্ডত বাঁহীৰ মনপৰশা সুৰ। উদৰপূৰ্ণ ভোজন, আৰামী আসন ভংগীমা আৰু সেই বাঁহীৰ সুৰত মোৰ প্ৰিয়া নিদ্ৰাদেৱীয়ে যেন গালে-মূৰে-চকুৱে হাত বুলাবলৈ ধৰিলে। ছেঃ..বাহিৰত পোষ্টাৰৰ নাম চাবলৈও নহ’ল, মই চকুহাল প্ৰায় জোৰেৰে মেলি যিমানে নামটো চাবলৈ চেষ্টা কৰিছো সিমানে যেন টোপনিয়ে হেঁচিছে, সেই অপচেষ্টাৰেই মই নামটো দেখিলোঁ….।

“মিশ্যন ডুমডুমা”

প্ৰথম দৃশ্যতেই নয়নভৰা এখন চাহবাগিছা দেখুওৱা হয়। নেক্সট  চিনটোত দেখুৱা হয় সৰু মাৰ্কেট টাইপ ঠাইখন, য’ত চাইনবৰ্ডবোৰত ডুমডুমা বুলি লিখাটো জুম কৰা হয় । জুম আউট, আকৌ বাগান। লগে লগে আকাশমাৰ্গেৰে নামে এখন অত্যাধুনিক হেলিকপ্তাৰ, বেকগ্ৰাউণ্ডত Race  চিনেমাৰ মিউজিক। উৎকট নীলাৰঙী হাইহিল পৰিহিত এখন শুভ্ৰ মাদকতাময় ভৰিয়ে হেলিকপ্তাৰৰ দৰ্জা খুলি মাটিত ভৰি দিয়ে। তীব্ৰ ৰঙা মিনিস্কাৰ্ট পৰিহিতা যুৱতীৰ আঁঠুৰ উন্মুক্ত উৰ্ধাংশ, গুলপীয়া নিমজ গাল, তুলবুলীয়া ওঁঠ আৰু ৰেছমী জুল্ফে টাইপ চুলিবোৰ ফ’কাছত দেখুৱায়। বিশেষ ভংগীমাৰে “আই লাভ আছাম” বুলি তাইৰ ওঁঠেৰে নিৰ্গত হওঁতেই ফকাছ্ড ওঁঠযুৰি সৰু কৰা হয়, গগলছ্ নমোৱা যুৱতীৰ প্ৰথমবাৰৰ বাবে মুখখন দেখুৱায়-মল্লিকা শ্বেৰাৱট! ছবিৰ মূল নায়িকা, মিকি।

চুঁই-ইট্.. চুঁই-ইট্.. চুই-ইট্…ধম-ধধম-ধম… টাইপ বেকগ্ৰাউণ্ড মিউজিকৰ তালেৰে জংঘলীয়া বাগানৰ মাজে মাজে পাঁচখন মান স্কো’ডা, অ’ডি লৈ উপস্থিত হয় বুমন ইৰানী। ছিংগাপুৰৰ পৰা আহি পোৱা ভতিজী মিকিক ৰিচিভ কৰি লৈ যায়। যাত্রাৰ দৃশ্য আৰু বাণিজ্যিক কথোপকথন খুৰা-ভতিজীৰ, ঝুমুৰৰ টিউনত চাহপাত তোলা গাভৰু এজাক, ৰাস্তাৰ কাষে কাষে, গতানুগতিক দৃশ্য চিকুৱেঞ্চ বুমন ইৰাণীৰ ডাইনিং টেব’ল পৰ্যন্ত।

নেক্সট চিনত এইবাৰ বগা টপ,  আধাকটা ঈষৎ ব্লু-জীনছৰ পোছাকেৰে খুৰাকৰ প্ৰাসাদোপম অট্টালিকাৰ পৰা অকলেই এটা পৰিত্যক্ত বাংলোলৈ যায় মিকি, মানে মল্লিকা। সময় ৰাত্রিকাল। ঘৰটোৰ ভিতৰলৈ এটা এটা কোঠা চাই গৈ থাকে, ক্লাছিকেল ফিউজন মিউজিকৰ মাজে মাজে এটি-দুটি সুদূৰৰ অবোধ্য আৰ্তনাদ! এটি বিশেষ কোঠাত তাই সোমাওঁতেই ফ্ৰেমসহ ফটো এখন খহি পৰে, মিকিৰ চকু সেমেকে, দৌৰি গৈ ফটোখন উঠাই লৈ মচি দিয়ে, ফ্লেছবেক ষ্টিল ফটো কিছু দেখুৱায়! সৰু ছোৱালী এজনীৰ সৈতে মাক-বাপেক…”পাপা….মাম্মি….” তাই চেপা আৰ্তনাদেৰে হুকহুকাই উঠে। চাৰিখনমান অট্টহাস্য কৰা মুখ ওপৰৰ পৰা /কোণৰ পৰা বাৰে বাৰে ওলায়। ফাষ্ট মিউজিক…এখন বিশেষ মুখ বাৰে বাৰে ভুমুকি মাৰে তাইৰ মানসপটত, …মিউজিক আৰু ফাষ্ট হয়…বাৰে বাৰে ওলোৱা মুখখন  ভিলেইন ভাস্কোৰ(গুলছন গ্ৰোভাৰ)…।

ফ্লেছবেক-ব্লেক-এন-হোৱাইট। ভাস্কোৰ উদ্যত পিষ্টলৰ গুলীত পিতৃৰ মৰণ-কাতৰ চিঞৰ! গুলীওৱা কোঠাৰ ভিতৰতে বাকী তিনিটা গুণ্ডাই হাতেৰে আৱদ্ধ কৰি ৰখা মাকৰ চিঞৰ-

“নেহী….ই..ই…..”

ষ্টিল ফটো…দুই কাণ হেঁচি বৰ্তমানৰ মিকিৰ চিঞৰ! মিউজিক বন্ধ! বাদ্যহীন কণ্ঠত এটি শিশু ওমলা গীত.. গীতৰ লহৰত লৰি আছে কোঠাত ওলমি থকা এটি পুতলা…। বিশ বছৰ আগতেই সৰু ছোৱালীজনীয়ে খেলা পুতলাটো! …মিকিয়ে পুতলাটোলৈ চালে…দেউতাকে শিকোৱা গান এটা ভাহি আহিল।

হয়, বিশ বছৰ পূৰ্বে ডুমডুমাৰ বাগিছা এখনত মিকিৰ মাক-বাপেকক হত্যা কৰিছিল অসম-অৰুণাচল সীমান্তৰ কুখ্যাত গুণ্ডা ভাস্কোৱে! স্মাগলাৰ ভাস্কোৱে চাহপাতৰ গাড়ীৰ ভিতৰত কোকেইন ব্ৰাউন চুগাৰ সৰবৰাহ কৰা কথাটো বাগানৰ মালিক অৰ্থাৎ মিকিৰ বাপেকে গম পাই পুলিছত খবৰ দি প্ৰমাণসহ পুলিছক গতায়। আগৰ বিভিন্ন গুৰুতৰ কেলেংকাৰী, হত্যা, চোৰাং বেপাৰত বিভিন্ন অভিযোগ থাকিলেও প্ৰমাণৰ অভাৱত,  (মানে ওমৰীশ পুৰীৰ ভিলেইন ৰূপী কোনো চিনেমাত চবুট নথকা) আৰু গোপনে পুলিছ ফিটিং ষ্টাইলত ভাস্কোই তাৰ ক’লা সাম্ৰাজ্য চলাই আছিল। কিন্তু মিকিৰ দেউতাকৰ কাৰণে, নতুনকৈ অহা পুলিছ ইন্সপেক্টৰৰ (গেষ্ট এপিয়েৰেঞ্চঃমিথুন চক্ৰৱৰ্তী) হাতত ভাস্কোই ৰাম পিটন খাই জেইল যাত্রা কৰে। তিনি বছৰৰ পিছত মুকলি হৈ মিকিৰ মাক-দেউতাকক এইদৰে হত্যা কৰে। খুৰাক বুমন ইৰাণীয়ে বাগানৰ দায়িত্ব লৈ ছয়বছৰীয়া মিকিক ছিংগাপুৰলৈ পঠায়। আৰু পঢ়াৰ শেষত বিজনেছ গতাবলৈ খুৰাকে আকৌ তাইক মাতি পঠাইছে যদিও, তাই ফাৰ্ষ্ট বদলাহে ল’ব…।

নেক্সট চিনঃ ভাস্কোৰ গোপন গুণ্ডাঘাটি। নতুন এচ.পি.(যতীন বৰা)আৰু ফৰেইনৰ পৰা অহা ক্ৰিমিনেলৰ (মিঃ ইণ্ডিয়াৰ তপা গুণ্ডাটো) লগত সুৰাপান। সম্পূৰ্ণ ক’লা পোছাকত গোপনে এক নাৰীমূৰ্তি গুলছন গ্ৰোভাৰ (ভাস্কো)ৰ ঘাটিৰ ওপৰত মনে মনে  উঠে। একেবাৰে ওপৰত দুটা ৰখীয়া গুণ্ডাক গোপনে পিছফালৰ পৰা মাৰি অচেতন কৰি, এটা ফাঁকেৰে খাম এটা পেলায়। সুৰাপান টেবুলত পৰে খামটো। গোলাপী নিচাত হাঁহি থকা ভাস্কো আশ্চৰ্যন্বিত হৈ খামটো খুলি পেলায়! বেকগ্ৰাউণ্ডৰ বিজু শ্বাহৰ “গুপ্ত” চিনেমাৰ উচ্চাংগ মিউজিক। লকেট থকা ফটোখন দেখি বলিয়াহেন হৈ পৰে ভাস্কো। তেইছ বছৰ আগতে জেললৈ যোৱাৰ আগতে হেৰুৱা তাৰ সংগীহেন বুকুতে লাগি থকা লকেটটো! সেইটোয়ে চামান মল্লিকাৰ মাকৰ হাতৰ মুঠিত থাকি গৈছিল মৰাৰ আগতে ভাস্কোক খামুচি ধৰাৰ বাবে! অগ্নিশৰ্মা ভাস্কোৰ গগণফলা চিঞৰত পাৰ্টিৰ মিউজিক বন্ধ হয়। দিকবিদিক হেৰুৱাই ওপৰলৈ ছটা গুলী থুকি দিলে, ..৭ নংটো নুফুটোতে সম্বিৎ ঘূৰি আহিল…।

“পকড় লৌ’….”- বুলি দিয়া নিৰ্দেশৰ এক ছেকেণ্ডো পলম নোহোৱাকৈ ডুম-ডুডুম-ডুম…..ডুম-ডুডুম-ডুম…….ডুম-ডুডুম-ডুম…বেচ্ মিউজিকৰ তালে তালে বাইক আৰোহী মল্লিকাৰ পিছে পিছে ভাস্কোৰ এদল বাইকিং যুৱক। সৱ ক’লা ড্ৰেছত মোছাল গুণ্ডা। তাই হাতেৰে ঢুকি পোৱা গছৰ ডালবোৰ ভাঙি মাটিত পেলাই দিয়ে। গুণ্ডাবোৰ বাইকসহ পৰি যায়। তাই বেয়া ৰাস্তাত বাইক সুমুৱায়। গুণ্ডাবোৰে কণ্ট্ৰোল হেৰুৱাই পৰে। এনেকে গুণ্ডা কমি যায়। কিন্তু দৌৰা দৌৰি বাঢ়ে! হঠাৎ সন্মুখত এটা জুৰি, তাই ফচিল বুলি গুণ্ডা চাৰিটাৰ মুখত পাশৱিক হাঁহি বিৰিঙে…!

মল্লিকাৰ চকুত চিন্তাক্লিষ্ট চাপ যদিও চলন্ত অৱস্থাতে মুহুৰ্ততে তাই হেলমেট আৰু ক’লা জেকেটটো খুলি দলিয়াই নিজকে ষ্টাণ্টৰ বাবে যেন ফ্ৰি কৰি লয়! “ধুম”ৰ বেকগ্ৰাউণ্ড মিউজিকত স্ল’ মোচনেৰে তাইৰ বাইক জঁপিয়াই সিপাৰলৈ পাৰ হয়। তাইৰ উদং পিঠিত বহি লয় এটা পখিলা যিটো সিপাৰলৈ পাৰ হৈ যায় তাইৰ সংগী হৈ! (সম্ভৱ নতুন সংগী পোৱাৰ প্ৰতীকি সেই পখিলা!) সিপাৰে বাইকখন প্ৰায় ৩০° এংগোলত ঘূৰাই,  আগফালে কিছু হালি তাই গগলছ্ নমাই গুণ্ডাচাৰিটাক তাচ্ছিল্য কৰিবলৈ সুহুৰিয়াই উঠে…।

মুহূৰ্ততে নেক্সট চিনঃ

..আৰু ঠাঁই..ঠাঁই..ঠাঁই..ঠাঁই.. ভাস্কোৰ ঘাটিত ভাস্কোৰ চাৰিটা গুলীত চাৰিওটা সেই বাইক আৰোহী গুণ্ডা নিহত…।

“যো হাৰ গয়া ,সমঝো মৰ গিয়া..”

পিষ্টলটোৰে নিৰ্গত ধোঁৱাবোৰ ফুকাই  কৈ উঠিল ভাস্কোৱে! পিছফালে ওলোমাই ৰখা গব্বৰ সিঙৰ ফটোখন লাহে লাহে ফুলস্ক্ৰীন হৈ উঠিল। গব্বৰক পিন্ধাই থোৱা মালাডাল আৰু সন্মুখৰ জ্বলোৱা চাকিটো জিলিকি উঠিল।

ইয়াৰ পিছত গতানুগতিক। ভাস্কোৰ কেবাটাও চোৰাং ফেক্টৰীত মিকিয়ে জুই লগায়। কয়লাভৰ্তি ট্ৰাকত বম্ব্ দিয়ে, ভাস্কোৰ বিশ্বস্ত সংগী তিনিজনক গোপনে হত্যা কৰে, যিয়ে মল্লিকাৰ মাক-দেউতাকক মৰাত ভাস্কোৰ লগতে আছিল…।

ভাস্কোৱে লিফ্ট্ খুলোঁতেই প্ৰথমজন সহযোগীৰ মৃতদেহটো ঢলি পৰে। চৰকাৰৰ বিৰোধী দলৰ নেতাক পইচা দি উভতি গাড়ীত বহিব খোজোঁতেই চিটৰ পৰা তলমূৰকৈ দ্বিতীয়জন সহযোগী ঢলি পৰে প্ৰাণহীন দেহেৰে। বাহিৰত ভয় নেদেখুৱালেও ভিতৰি শংকিত ভাস্কোৱে পূৰ্বৰ তৃতীয় সহযোগী তথা বৰ্তমানৰ মিনিষ্টাৰ  চাকালপতিক(সদাশিৱ) ফোন লগায়। ঢেকঢেক কৈ চাকালে হাঁহি ফোনত কথা পতাত ভাস্কোই কিছু স্বস্তিৰ নিশ্বাস লয় যদিও হঠাৎ ফোনতে এটা গুলীৰ শব্দ শুনে। হেল্ল’ হেল্ল’ হেল্ল’ কৈ বহুবাৰ চিঞৰাত সঁহাৰি  নাপায়, ফোনটো ওলমি লৰি থাকে, স্ক্ৰীণখন মাজতে দুভাগ হৈ দুটা দৃশ্য! বাওঁহাতে ভাস্কোৰ মেলামুখ আৰু সোঁহাতে চাকালক মাৰি প্ৰতিশোধ পূৰণৰ ক্ৰিটিকেল হাঁহিৰে মল্লিকাৰ মুখ….।

ইয়াৰ পিছতে দৃশ্যপট পৰিবৰ্তন…

এটা ডাঙৰ পাৰ্টিত ভাস্কোই নাচি থকা ছোৱালী গ্ৰুপ এটাৰ মুখ্য নৰ্ত্তকীজনীৰ দেহাৱয়ব তথা উন্মুক্ত আংগিক সৌন্দৰ্যত আৰু উদ্দাম নৃত্যমুদ্ৰাত আকৰ্ষিত হয়। যি অইন কোনো নহয়, আছিল স্বল্পবস্ত্রা মল্লিকা। পিছৰ চিনবোৰত দুয়োৰে চিনাকি পৰ্ব, গান, প্ৰাকৃতিক দৃশ্য, প্ৰেমৰ ডাইলগ তথা চাচপেঞ্চ আহে! শতৰু-শতৰুৰ প্ৰেম! নে ভাস্কো ফঁচি ফঁচি গৈ আছে?  বৰ্ষামুখৰ অৰণ্যত এটা গানৰ দৃশ্য। ভাস্কো-মিকিৰ প্ৰেম! গানৰ শেষলৈ দুয়ো নিবিড় হৈ পৰে। ভাস্কোৰ বাংলাৰ সু-সজ্জিত কোঠাত আকুল আলিঙ্গনৰ দৃশ্য। বেকগ্ৰাউণ্ডত এনিংমাৰ Mea Culpa / মিয়া-কুইপাৰ আবেদনময়ী সুৰ। শত্ৰুতা পাহৰি যেন অসতৰ্ক মুহূৰ্তত বন্দী হয় মোহময়ী মল্লিকা…।

এটা প্ৰত্যাশিত চুম্বনৰ মুহূৰ্ততে মল্লিকা শ্বেৰাৱট হঠাৎ সচেতন হয় আৰু গোপনে দেহত লুকাই নিয়া সুতীক্ষ্ণ চুৰীৰে ভাস্কোক আঘাত হানিব খোজে প্ৰতিশোধকল্পে। কিন্তু দৰ্শকক আচৰিত কৰি ভাস্কোই গুলী ভৰ্তি ৰিভলভাৰ মল্লিকাৰ টেঁটুলৈ সুমুৱাই দিয়ে! কাহিনীয়ে পুনৰ আগৰ পাক লয়। ভাস্কোৱে তাইক মিনিষ্টাৰ চাকালপতিক মৰাৰ দিনাৰ পৰাই আচল ৰূপ জনা বুলি কৈ ওফাইদাং মৰাৰ সুযোগতে মল্লিকাই কায়দাৰে ভাস্কোৰ দেহৰ কোনো স্পৰ্শকাতৰ জেগাত আঘাত হানি নিজকে বচাই লয়। লগে লগে দুয়োৰে এখন মস্ত ফাইট্, কুংফু-কেৰাটে….কিন্তু ভাস্কোৰ চকুত অসৎ অভিপ্ৰায় জিলিকি উঠিল…।

বেল এটা বজাই দিয়াত তাৰ অনুচৰবোৰ অহাৰ দুপদুপ্ শব্দ। বেকগ্ৰাউণ্ডত “দিলজলে”ৰ উগ্ৰপন্থী ঘাটিৰ মিউজিক। ছেগবুজি ফুলদানিৰে ভাস্কোৰ মূৰত আঘাত, দুপদুপ শব্দবোৰ দৰ্জামুখ পায়হি। নিজৰ ইজ্জতকৈ জিন্দেগী ডাঙৰ নহয় বুলি মিকিয়ে খিৰিকীৰে চাইক্লিক জিমনাষ্টিক প’জ এটাৰে তললৈ জঁপিয়াই পৰে…।

এটা ঘোঁৰাৰ তীব্ৰ চিঞৰ ভাহি আহে। কাৰণ মল্লিকাই জাঁপ মাৰি পৰিয়েই বহি পৰে সেই ঘোঁৰাটোত। ঘোঁৰাই তীব্ৰ গতি লয়, বেকগ্ৰাউণ্ডত “dum”  চিনেমাৰ বিবেক ওবেৰয়ৰ পুলিচৰ আগে আগৰ দৌৰা উত্তাল মিউজিক। ভাস্কোই গেৰিলা ফ’ৰ্চ লগাই দিয়ে, গেৰিলা কামাণ্ডোবোৰ এডাল গছৰ পৰা আনডাল গছলৈ উৰন্ত জাম্বৱন্ত গতিৰে যাব পাৰে। সিহঁতৰ হাতে হাতে AK-47। কেবাটাও গেৰিলা কামাণ্ডোৱে অবিৰাম গুলীয়াইছে অশ্বাৰোহী মল্লিকাক। তাৰ ফাঁকে ফাঁকে তাই তীব্ৰগতিৰে সৰকিছে….।

হঠাৎ এক তীব্ৰ ওলোটা জাঁপেৰে তায়ো গছ এডালত জঁপিয়াই গেৰিলা গতিৰে ডালে-পাতে আগুৱাই যায়। সমানুপাতিক গতিৰে ঘোঁৰাটোৰো তীব্ৰ দৌৰ। এটা গেৰিলা কামাণ্ডোক তাই আলাসতে কাবু কৰি AK-47 এটা কাঢ়ি লয়..আৰু বেক-ফ্লেট জাঁপেৰে তললৈ পৰি সমগতিত গৈ থকা ঘোঁৰাটোৰ পিঠিত ওপৰমুৱাকৈ শুই পৰে। ফলত ফ্লাইং গেৰিলা স্কোৱাডটোক তাই গুলিয়াই গুলিয়াই শেষ কৰে। কিন্ত বহুকেইখন জীপেৰে চক্ৰবেহু ৰচনা কৰে ভাস্কোৰ অনুচৰবোৰে! লোকেশ্যন ডিব্ৰু-চৈ-খোৱাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অটব্য অৰণ্য, চক্ৰবেহুৱে ঘেৰি চেপি আনে মল্লিকাক…।

এটা ঘোঁৰাৰে ভাস্কো আগুৱাই যায়। চাইনা গেটৰ জাগিয়াই নাছিৰুদ্দিনক মাৰিব যোৱা টাইপ চিন। ভাস্কোই মল্লিকাৰ ঘোঁৰাটো গুলীয়াই দিয়াত তাই ধৰাশায়ী হয়। নিজৰ ইজ্জত আৰু জীৱনৰ শেষ সন্ধিক্ষণত কঁপি উঠে মল্লিকা। ভাস্কোই জঁপিয়াই পৰি তাইক জোৰ-জৱৰদস্তিৰে কাবু কৰিব খোজে। গছৰ ওপৰৰ চৰাইবোৰে খুব চিঞৰে। মল্লিকাক নিঃসহায় কৰি পেলাই লোৱা হয়, চৰাইবোৰৰ চিঞৰ বাঢ়ি যায়, জোঁটাপুটিত মল্লিকাৰ যেন আত্মসমৰ্পণ…।

পুনৰ কৰুণ মিউজিক। পুতলাটোৰ লগত খেলা বাদ্যহীন শিশুগীত নেপথ্যত,…কাহিনী শেষ হ’ব লয়…।

কিন্তু তেনেতেই তালাপৰ ফালৰ পৰা আহে এখন হেলিকপ্তাৰ। ভাস্কো আচৰিত হয়। হেলিকপ্তাৰৰ খিৰিকীৰে দৃশ্যমান এটি AK-47…। ভাস্কোৰ ওপৰত তীব্ৰ গুলীবৰ্ষণ। দলটো কিছু ছেদেলি-ভেদেলি হয়। ৰচী এডাল তললৈ পেলাই দিয়ে হেলিকপ্তাৰী আগন্তুকে। শত্রুৰ শত্ৰুক বন্ধু ভাৱি মল্লিকাই জঁপিয়াই ৰচীডালত ধৰে, ভাস্কোৱে তাইক ধৰিবলৈ ইতিমধ্যে ফাটি-ছিটি যোৱা স্কাৰ্টটো খামুচি ধৰে…।

লগে লগে হেলিকপ্তাৰীৰ বোমা এটি পৰি ক’লা ধোঁৱাৰ আৱৰণৰ মাজত ভাস্কো লাং খাই পৰে। হাতত ফটা স্কাৰ্ট, ৰচিৰে মল্লিকা বগাই উঠি থাকে। মানৱতাৰ খাতিৰত মুখত ক’লা কাপোৰ মৰা আগন্তুকে নিজৰ কোটটো তললৈ এৰি দিয়ে। মল্লিকাই সেইটো পিন্ধি ওপৰ পায়গৈ! হাতেৰে হাত ধৰি মল্লিকাক লাষ্ট টানটো মাৰোঁতেই এক্সিডেণ্টলি তাই আগন্তুকৰ বুকুত সোমাই অচেতন হৈ পৰে। তেওঁ তাইক ভালকৈ ছিটত শুৱাই দি হেলিকপ্তাৰৰ পাওদানিত (ফুট-ষ্টেণ্ডত) ঠিয় হৈ পৰে…।

বতাহত মুখৰ ক’লা কাপোৰখন উৰি যায়। বেকগ্ৰাউণ্ডত “সিংঘম”ৰ টাইটল মিউজিক। ড্ৰামৰ বিট্ বাঢ়ে, হেলিকপ্তাৰত উৰন্ত মানৱৰ মুখখন ফকাছড্ হৈ আহে, চিনেমা হল সুহুৰি আৰু উল্লসিত চিৎকাৰেৰে ভৰি পৰে…।

ৰাফ-টাফ-স্মাইলিং ফেচ হিৰ’ –

জেকি-চান!!

ইণ্টাৰমিশ্যন…….

ইণ্টাৰমিশ্যন অভাৰঃ

ভয়াৰ্ত ভাস্কোৱে ফোন লগাইছে। মুম্বাইৰ আণ্ডাৰৱৰ্ল্ডৰ অন্ধকাৰ ৰুম এটাত ফোনটো বাজিছে, মানুহজনে চকীখন ওলোটাকৈ বেৰৰ ফালে মুখ কৰি ভাস্কোৰ ফোন লৈছে…প্ৰথমে ওঁ ওঁ কৰি কণ্ঠ ক্ৰমাৎ উদ্দাত্ত..-

“ফটো ফেক্স কৰকে ভেজৌ’…অভি কে অভি,…যো ভী হো..খতম কৰ দুংগা ভাস্কো…”

চ্চাউট কৈ চকী ঘূৰাই সন্মুখলৈ বহি হাতৰ কাষতে থকা ফেক্স মেচিন অন কৰে। টিপু চুলতান ছিৰিজৰ যুদ্ধৰ মিউজিক ভাহে, মানুহজন মূৰটো ওপৰলৈ দাঙে, অমৰা গুটিহেন চকুৰে মুম্বাইৰ ডন চুলতান!! (অভিনয়ত -ৱেলকামৰ উদয় চেট্টী, মানে নানা পাটেকৰ।)

ফেক্সৰ ফটোখন ওলাই থাকে। ডনে ফটোখনৰ সমগতিৰেই ছাৰ্টৰ বেক পকেটৰপৰা ৰিভলভাৰটো উলিয়াই থাকে লাহে লাহে। যেন ফটোখন সম্পূৰ্ণ ওলালেই গুলীয়াই দিব। ফটোখন সম্পূৰ্ণ ওলাওঁতেই থমকি ৰয় কলিতা, চাৱনিত পৰিৱৰ্তন…পকেটত সদায় লৈ ফুৰা গোলাপ ফুলপাহ মল্লিকাৰ ফটোত গালে-ওঁঠে লাহে লাহে বুলাই কৈ উঠে,-

“দিলাৱৰ,…বুলাও দোনো চাহাৱ কো জল্ডী…”

কোনফালে সোমাল দেখা নগ’ল,  কিন্তু টু্গ্-লুক্ ..টু্গ্-লুক্ কে দুটা শব্দত সন্মুখৰ ছিটত চ্যুট-টাই পৰিহিত দুজন ব্যক্তি উপবিষ্ট !

চাৰ্কিট আৰু চ্চোটু …

(আৰ্ছাদ ৱাৰ্ছি আৰু ৰাজপাল য়াদৱ)

“ভাই কা ছাদী হেই!”

নেপথ্যত দুটা বাচ্চাই বহু জোৰেৰে হঁহাৰ শব্দ, ..সন্মুখৰ দুজনৰ মুখ দুখন গহীন।

“চাৰ্কিট, তুমি যোৱা ডুমডুমা, একো অসুবিধা নোপোৱাকৈ আলফুলে লৈ আহিবা। আৰু চ্চোটু,  তুমি বিয়াৰ জোগাৰত লাগা..”

“বল্ড..এণ্ড্ বিউউ..টিফুল..”- ফটোখন হাতত লৈ চেকেণ্ড ডন আৰ্শ্বাদ ৱাৰ্ছি।

“ঐ চুপ! শ্বি ইজ্ য়োৰ নবৌ!!”

“ টু্গ্-লুক্ ..টু্গ্-লুক্” কে দুটা শব্দত দুয়ো অদৃশ্য!

নেপথ্যত “ক্যা অদা ক্যা জলৱে তেৰে পাৰ’…দিল কে টুকৰে হো গয়ে হজাৰো”…গানটো ভাঁহে। উদয় ভায়ে ফুলটো চুমা খাই খাই লৈ তাৰ তালে নৃত্যৰ অপচেষ্টা দিয়ে..।

এটি নিজৰা। পিছফালে পাহাৰ, লোকেশ্যন অৰুণাচল সীমান্ত। এটা শিলত মল্লিকা বহি তাই আৰু ভাস্কোৰ দুচমনীৰ কথা জেকিচানক কয়। ইণ্টাৰমিশ্যনৰ আগৰচোৱা এক্সুৱেলি মল্লিকাৰ ফ্লেছবেকেই…।

জেকিয়ে নিজৰ কথা ক’বলৈ আৰম্ভ কৰে, কিদৰে খড়গপুৰ আই.আই.টি.ত পঢ়িব অহা ভায়েকক ভাস্কোই অপহৰণ কৰি তাৰ জিম্মাত ৰাখি কম্পিউটাৰ নেটৱৰ্কিং আৰু হেকিঙৰ কাম কৰোৱায়। জেকিয়ে তাৰ খুবেই মৰমৰ ভায়েকক ভাস্কোৱে কৰিব পৰা অত্যাচাৰৰ কথা ভাবি চকুলো টুকে। বেকগ্ৰাউণ্ডত “মনলৈ উভতি আহে ল’ৰালিটোৰ sad version টো বাজি উঠে। মল্লিকাই জেকিচানৰ ভায়েকক ক’ত ভাস্কোৱে ৰাখিছে দেখুওৱাৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে জেকিৰ পৰা প্ৰতিশ্ৰুতি লয় যে ভাস্কোক তৰপাই তৰপাই মাৰিবলৈ যেন তাইকহে দিয়া হয়… ।

সেই নিশাই জেকিক মিকিয়ে লৈ যায় ভায়েক ডিকিক দেখাবলৈ। খটখটিৰে তললে দুয়ো নামি যায়। ডিকি(হৃত্বিক ৰৌছন)ক দেখি জেকিয়ে সাৱটি ধৰে। ডিকিয়ে ভাইয়াৰ বুকুত সোমাই হুকহুকাই কান্দে। মিকিৰ চকুৰে এধাৰি লোতক বয়। হঠাৎ হাহাঁকাৰ লাগে। বেকগ্ৰাউণ্ডত “গংগাজল”ত চুন্দৰ য়াদৱ-চাধু য়াদৱে পুলিছ এছ আই বাচ্চু য়াদৱক দম দিয়াৰ মিউজিক। ভাস্কোই জেকি-মিকিক একেলগে ধৰা পেলায়। তামাম ফাইট চুৰু। জেকিয়ে ভাস্কোক কুংফু ষ্টাইলেৰে পিটে। ভাস্কোই চাউথৰ চিনেমাত অসমৰ কটাৰী shape ৰ বিশাল দা লৈ খেদে। জেকি পৰি যায়! বিহাৰী লাঠিৱালা টিম এটাই জেকিক ঘেৰি ধৰে। দা লৈ খেদি যোৱা ভাস্কোৰ চকুলৈ মল্লিকাই চুলিত মৰা ক্লিপডাল খুলি সজোৰে মাৰে…।

দা ওফৰি যায়। মল্লিকাই তড়িৎ গতিৰে শ্ল’মোচনত হাই জাম্প এটা মাৰি দা খন লৈ ভাস্কোক খেদে। বিহাৰী লাঠিৱালা ফাইলটোৰ লগত জেকিয়ে বৌদ্ধিষ্ট মংক্ গুৰুৱে শিকোৱা ষ্টাইলত ফাইট মাৰে। সৱ আহত হয়। পুলিছৰ চাইৰেনৰ শব্দ, ভাস্কোই হৃত্বিক ৰৌছনৰ মূৰত ৰিভলভাৰ ৰাখি আণ্ডাৰ গ্ৰাউণ্ডৰ টপ ব্লক বন্ধ কৰে। মল্লিকা জেকিয়ে পুলিছে নেদেখাকৈ লুকায়। পুলিছৰ গাড়ীৰ পৰা নামে বয়সস্থ অফিছাৰ মিথুন চক্ৰৱৰ্তী…।

ইযাৰ পিছত প্ৰেমৰ দৃশ্য। জেকি-মিকিৰ প্ৰেম…”শ্বটৰঞ্জ”ৰ “দিল পে তেৰে প্যাৰ কা পেগাম লিখ দু”..গানটোৰ সুৰ তাল বিনাভংগে অসমীযা ৰূপান্তৰ গীতৰ লিৰিক্স….”বুকুত তোমাৰ মৰমৰেই খৱৰ লিখিলো..”… গীতৰ শেষাংশত মন্দিৰৰ ঘণ্টা বাজে। পাহাৰীয়া দূৰ্গামন্দিৰ এটাত প্ৰসাদ চাকিৰ তেল লৈ মেখেলা-চাদৰৰ সাজত মল্লিকা। জেকিয়ে দূৰ্গামাতাৰ সেঁন্দুৰ মিকিৰ কপালত দিয়ে। তাই জেকিক সেৱা কৰে, নেপালী পূজাৰীয়ে মন্ত্র গাই আশীৰ্বাদ দিয়ে….।

তেনেতে টুগু টুগু টুগু টুগুকৈ LMG ৰ ফটকা ফুটোৱা শব্দ। বাচিবলৈ জেকি-মিকিৰ পলায়ন। জেকিৰ গাত গুলী, মৃত্যুৰ আৰ্তনাদেৰে পাহাৰৰ পৰা তলৰ বোৱঁতী নৈত পৰি যায়। দেৱীৰ আগৰ চাকি নুমাই যায়..চিকুৱেন্স আগবাঢ়ে…।

জেকিৰ মৃত্যুত ভাস্কোই মদৰ বটল খোলে মূল অনুচৰবৃন্দৰ লগত। জেকিৰ দুখত আৰু প্ৰতিশোধৰ ভমকত বাউলী হোৱা মল্লিকাই টেবুলত “ভাচ্….ক’…অ’….”  বুলি চিঞঁৰে, যাৰ প্ৰতিধ্বনিত ভাস্কোই মদ খাই থকা টেবুলখন কঁপি মদৰ বটল গিলাছ মাটিত পৰি যায়…।

ইয়াৰ পিছৰ দৃশ্যত মল্লিকাই কঁকাল, পিঠিত, বুকুত, ভৰিত মৰণাস্ত্র বান্ধি লৈ বুলেট লৈ উধাও হয় ভাস্কোৰ ঘাটিলৈ! .ঠিক “ঘাতক” ফিল্মত চানী দেউলে লাষ্টত কাটিয়া(ডেনি)ৰ ঘাটিটো ধ্বংস কৰাৰ দৰেই, গুলীয়াই, গুৰিয়াই, ঘুচিয়াই…মাজতে মল্লিকা ফঁচি যায়। ভাস্কোৱে তাইক সতীদাহ প্ৰথা অনুসৰি জিন্দা জ্বলাই দিব খোজে। কিন্তু দুইহাতে LMG লৈ পিঠিত হুক বান্ধি ৰচী এডালেৰে চুঁচৰি আহে জেকিচান। ঠিক “এলান”ৰ অক্ষয় কুমাৰৰ লাষ্ট ফাইটিংটোত ৰচীত নামি অহাৰ দৰেই…।

তাৰ পিছত ফাইট, তামাম ফাইট্। চাউথ, বলিউড্, ভোজপুৰী পিটন, চানী দেউল, ৰজনীকান্ত একশ্যন। এই সকলোৰে অভূতপূৰ্ব সমাহাৰ…।

আৰু এটা সময়ত…

পুলিচ অফিচাৰ মিথুনে ভাস্কোক বান্ধি গতিয়াই লৈ যায়। মিকি-জেকিলৈ তাৰ “চাই লম” টাইপ চাৱনিৰে মাটিত ক্ষোভৰ থুই…।

নেক্সট চিনঃ জেকি-মিকিৰ বিয়া। ডিকিৰ হাঁহি, বিয়াত সসম্ভ্ৰমে উপস্থিত থাকে চ্যুট-টাই মৰা গণ্য-মান্য অতিথি-

উদয় চেট্টী,  চাৰ্কিট আৰু চ্চোটু!!

“দাদা, উঠকহে! ফাৰ্ষ্ট শ্বো’ৰ মানুহ আহিবৰ হ’ল”-মই খৰমৰাই উঠি জোতাযোৰ পিন্ধি হলৰ বাহিৰলৈ আহিলোঁ। ইচ্ছা কৰিয়েই মেটিনি শ্বো’ৰ চিনেমাখনৰ নামটো নাচালোঁ। কাৰণ মোৰ নিৰ্দেশনাত পৰিতৃপ্ত হৈ টোপনিৰ মায়াজালতে এখন ধুনীয়া চিনেমা চাই আহিলো!!

☆★☆★☆

13 Comments

Leave a Reply

Your email address will not be published.