ফটাঢোল

মি উইথ ডগচ ইন গোৱা–পৰীশ‍্যামলী ভূঞা

গোৱা ফুৰিবলৈ গ’লে যে হাতত লাঠি এডাল লৈ প্ৰতি সময়ত কুকুৰ খেদাই খেদাই ঘূৰি ফুৰিবলগীয়া হ’ব সপোনতো ভবা নাছিলোঁ । গৈ পোৱাৰ দিনাই গধূলিলৈকে বিচ্চত বহি ঘূৰি আহোঁতে গোটেই ৰাস্তা লাউড ভলিউমত কুকুৰৰ ভুকভুকনি শুনি শুনি আহি ৰুম পালোহি। পুৱা সোনকালে উঠি আকৌ বিচ্চলৈ যোৱাৰ প্লেন মোৰ। পোহৰ দেখিয়েই এওঁক মাত লগালোঁ ,

: শুনিছানে, গোৱালৈ ফুৰিবলৈ আহি পুৱা দেৰিলৈকে ফস্তি মাৰি শুই থাকিবলৈ আমি কিবা ভাগৰ পলুৱাবলৈ আহিছোঁ নেকি? উঠাচোন, মৰ্ণিং ৱাক কৰি আহোঁগৈ ব’লা, বিচ্চত চানৰাইজো চাই আহিম। মজা লাগিব। এনে দিন আৰু আকৌ দুনাই কেতিয়া আহিবনো?

নাই একো মাত বোল নাই। নিজান কোঠাটো। নিজকে নিজেহে ক’লো যেন কথাকেইটা।

: শুনিছা….

নাই, মাত নাই। চকুকেইটা মেলি কিনো বুজালে জানো! চকুৰ ভাষা বুজিও নাপালোঁ , ইফালে তেওঁ আকৌ টোপনিয়ালে।

: শুনিছা…..

: এহ শুবলৈ দিয়া। যোৱা আকৌ তুমি, কোনেনো নাযাবলৈ কৈছে! ফুৰি আহা। আমাক শুবলৈ দিয়া,অফিচ চফিচ নাই, ছুটী লৈ আহি এতিয়াও কি মৰ্ণিং ৱাকৰ নামত পুৱাতেই উঠিম নেকি? ৰিলেক্সড হ’বলৈ দিয়া। এনে কাম বন নথকা দিন আকৌ দুনাই কেতিয়া পাম? তাৰোপৰি ল’ৰাটোক অকলে এৰি যাবা নেকি?

উহ্! যিহে উত্তৰ। উপায়ো নাই। মানুহটোৱেও নামানে, ইফালে মনেও নামানে। ল’ৰাটোকো অকলে এৰি যাব নোৱাৰি, কথাটোও ঠিক। সিনো ক’ত এতিয়াই উঠিব! অকলেই যাওঁগৈ। সেইকণ বাটহে। বিচ্চত দিনটো ঘূৰি ফুৰিম বুলিয়েইতো হোটেলখনো চাই চিতি একেবাৰে বিচ্চৰ কাষতে বাচি লৈছোঁ। এতিয়া সেই আশাবোৰ এনেয়ে যাবলৈ দিম নেকি! এইখন যুঁজ বাগৰত ইফালে সময় পাৰেই হৈ গৈছে। পোহৰ হৈ চৌদিশ ভালদৰে দিনেই হৈ উঠিল। দেৰিয়েই হ’লচোন। হাৱাই চেন্দেল, বেয়া কাপোৰ পিন্ধিয়েই খৰকৈ খোজ দিলো। পানীতো নামিম, কাপোৰো তিয়াম।

হোটেলৰ বাহিৰ হ’লো। হোটেলখন খোলা ষ্টাইলৰ, ঘাঁহৰ মাজে মাজে ৰুমবোৰ। ৰুমৰপৰা ওলায়েই গেটখন খুলি বাহিৰত ভৰি দিওঁতেই বুকু ধিপিং ধাপাং কৰি উশাহেই বন্ধ হোৱাৰ উপক্ৰম হ’ল। হায়, এয়া কি? আজিচোন মৰিলোৱেই মই। গেটত শিয়াল এইকেইটা? ঠাইখন এনেও জংঘলৰ নিচিনা। বিচ্চৰ ঘন নাৰিকলৰ কাষ। হ’বও পাৰে দেই। শিয়াল চিয়াল ওচৰে পাজৰেই আছে চাগে। শিয়ালে মোক দেখাৰ আগতেই যেনে তেনে বাচিব লাগিব। গেটৰ বাহিৰত দিয়া ভৰি একেজাপে ভিতৰলৈ ভৰাই গেট বন্ধ কৰিলো। ইফালে সিফালে কোনোৱেই নাই। কোনে সহায় কৰে এতিয়া! গেটৰ বাহিৰত আকৌ জুপি চালো। তিনিটাকৈ ক’লা মস্ত শিয়াল। জিভাখনো দীঘলকৈ মেলা। সন্মুখত পালে যে চোবায়েই পেলাব। নতুন জন্ম হোৱা গাই পোৱালি এটাতকৈ সৰু নহ’ব।

এনেতে ৰিপেচচনৰ ল’ৰাজনৰ ওপৰত চকু পৰিল। গেটৰ কাষৰ ৰুমটোতে ইউনিফৰ্ম পিন্ধি চকীত বহি টোপনিয়াই আছে। চিধাই গৈ মাত দিলোগৈ,

: ভাইয়া গেটকে বাহাৰ কুচ হে।

হঠাৎ ৰৈ গ’লো। হে ভগৱান! শিয়ালক হিন্দীত কি বুলি বা কৈছিল! জানিছিলো, পিছে ভয়ত এতিয়া মুখৰপৰাই নোলোৱা হ’ল যে। যিয়েই হওক, নাম ভাবি থাকিবলৈ, মনত পেলাবলৈ সময় নাই।

: ভাইয়া, গেট পে কুছ এনিমেল হে, ভগা দিজিয়ে না। মুঝে বিচ্চ জানা হে।

: এনিমেল ঔৰ য়হা?

থতমত খাই চকু মোহাৰি বেচেৰাই টোপনিয়াবলৈ এৰি চোঁ মাৰি গেটৰ ওচৰ ওচৰ পালেগৈ।

: য়ে কিয়া দিদি! য়ে পালটু কুট্টা হে। কুছ নেহি কৰেগা। হামাৰা ফ্ৰেন্দ হে। পাছৱালে ঘৰকা হি হে।

ইছ, লাজতে মোৰ দীঘল নাকটো কোঁচ খাই আহিল। কয় নহয় লাজ বোলে নাকতহে লাগে। কুকুৰটোকো মই চিনি নাপালো নে! কি কি ধৰণৰ যে পৃথিৱীত কুকুৰ থাকে। এনেকুৱাও কুকুৰ থাকেনে!

: কুছ নেহি কৰেগা দিদি আপ জাঔ।

তথাপিও পাই, কুকুৰ হ’লেও, একো নকৰিলেও, পোহনীয়া হ’লেও, ইমান ডাঙৰ ডাঙৰ কুকুৰ! এইকেইটা দেও দি যাওঁ কেনেকৈ! যিহে ভয় লগা। আজি বিচ্চ নাযাওঁৱেই নহ’লে। নাই নহয়, যামেই কিয় নাযাম। এই কুকুৰকেইটাৰ কাৰণেই মোৰ বিচ্চৰ আশা ভংগ হ’ব নেকি! “ভাইয়া”জনক আকৌ মাত লগালো,

: ভাইয়া, আপ সম্ভাল কে ৰাখৌ। আপকা পেহচানৱালা হে না। মেৰে জানে তক ইছে ৰৌক কে ৰাখৌ।

: কুছ নেহি কৰেগা আপ জাঔ, মে হুঁ না। পাসৱালে ঘৰকা বহত বৰা খোলা ৰেষ্টুৰেণ্ট হে, বহত বৰা প্ৰপাৰ্টি হে না ইসলিয়ে ডগি পালকে ৰখা হে।

“ভাইয়া”জনে কথাখিনি কৈয়েই “ডগি”কেইটাক ফুচুলাবলৈ ধৰিলে।

: হেই টমি, হেই জিমি, হেই হেই।

ইফালে মই সাউতকৈ পলাই পত্ৰং দিলো।

আস, ঠিকেই বাচিলোঁ । বহু দূৰ আহিহে ঘূৰি কুকুৰকেইটালৈ আকৌ এবাৰ চালোঁ । নাই, ৰাস্তা খালি। কোনো নাই, বাচিলোঁ ।

মুখখন পাছফালৰপৰা ঘূৰাই সন্মুখলৈ আনিছিলোঁহে, জপংকৈ গছৰ ওপৰৰ ডাল এটা সৰি পৰাদি কুকুৰ এটা গৃহস্থৰ ৱাল একেজাপে জপিয়াই পাৰ হৈ আহি মোৰ একেবাৰে মুখৰ আগত ৰ’লহি। নজৰৌ পে নজৰ। চাৰি চকুৰ মিলন। হায় ৰাম! ইমান ডাঙৰ কুকুৰ! এই ঘৰতো ইমান ডাঙৰ কুকুৰ আছে যে ইহঁতৰ ঘৰটো কিবা “খোলা প্ৰপাৰ্টি” আছে নেকি? কুকুৰটোৰ মালিকৰ “খোলা প্ৰপাৰ্টি”ৰ লগত মোৰনো কি লেনা দেনা! হে ভগৱান ৰক্ষা কৰা আজি। বিচ্চ যোৱাৰ মজা ভালদৰেই পাইছোঁ! কি কৰো! কুকুৰে পাছেই নেৰা হ’ল দেখোন। ধিপিং ধিপিংকৈ কঁপি উঠা কলিজাৰে মনতে ভাবিলো, নাই, সি মোৰ পৰীক্ষা লৈছে। নতুন দেখিছেতো। অলপ ভুকিয়েই যাবগৈ। মই সাধাৰণ হৈ থকাই ভাল, ভয় খাই নেদেখুৱাওঁ তাক। কেইবাঘৰো মানুহৰ আগেদি তেনেকৈয়ে পাৰ হৈ গ’লো, আৰু সি মোৰ পাছে পাছে। প্ৰায়বোৰ ঘৰতেই একেই, পোহনীয়া কুকুৰ। গোটেই ঘৰবোৰতে একেই সেই ভুক ভুক ভৌ ভৌৰ মিউজিক। ইমানকৈ ঘৰে ঘৰে যে কুকুৰ পুহি ৰাখিছে টুৰিষ্টৰ নামত কি ইমানো বিজনেচ খুলি ৰাখিছেনে? হয় কিন্তু, গেটৰ বাহিৰতে ভাড়ালৈ দিয়া সেই বাইক, চাইকেলবোৰ, খোলাকৈ টেবুলেৰে খোলা চকীবোৰ। দেখিলো সবেই কিবা এটা বিজনেচ খুলি টুৰিষ্টকচোন ভালকৈ লুটাৰহে প্লেন কৰি ৰাখিছে। লাহেকৈ ভৌ ভৌ শব্দবোৰ কোৰাচ যেন হৈ আহিল, কোৰাচটো লাহে লাহে ওচৰ চাপি আহিল। আই ঔ! কঁপি থকা বুকু আৰু জোৰেৰে কঁপি উঠিল। এয়া কি! সন্মুখত ছটামান কুকুৰৰ জাক। আৰু মোৰ পাছে পাছে আহি থকাটো? পাছলৈ চালো। হয় সেইটোও আহিয়েই আছে। জাকটো দেখি এতিয়া ভুকিবলৈকে ধৰিলে। এতিয়া আগতো কুকুৰ পাছফালেও কুকুৰ। আগে পিছেই নহয় সোঁৱেও কুকুৰ বাওঁৱেও কুকুৰ। ৰাস্তাৰ দূয়োকাষৰে কিছুমান মানুহৰ ঘৰতো কুকুৰ। হায় কি কৰা যায়!

সাতোটাৰ মাজত কিছু কাজিয়া ধৰণৰেই হৈ উঠিল। কুকুৰৰ কাজিয়া আৰু মাজতে মই। কুকুৰবোৰৰ মাজতে দেখোন এজনী ধুনীয়া মাইকী কুকুৰো। কুকুৰজনীৰ কাৰণেই কুকুৰৰ কাজিয়া নেকি? গাৰ্লফ্ৰেন্দৰ কাৰণে কাজিয়া?
ৰাম ৰাম, কি কৰো! ওচৰৰ মানুহঘৰৰ গেটতে সোমাই দিওঁ নেকি। পিছে সেইঘৰৰ কুকুৰটোৱেওচোন ভিতৰৰপৰা ভৌ ভৌৱাইহে উঠিছে। বাটতে ঠিক আছো। যি দেখিছোঁ গেট খুলি সোমোলে অচিনাকি আলহীক বেছি ভালকৈহে আদৰিব। উপায় নাই কি কৰো। ইফালে বাটত মানুহো নাই, পুৱাৰ সময়। নাই সিহঁতৰ চকুলৈ নাচাওঁ। সিহঁতৰ কাজিয়াত মন নিদিওঁ। পিছে উৰহৰ খং ভগা ঢাৰিত জৰাদি যদি মোকে কামোৰে। ডাক্তৰৰ বেজিৰ খোঁচকেইটা চকুৰ আগত ঘূৰিবলৈ ধৰিলে। অ’ মা, বেজিৰ খোঁচ? তাকো চৈধ্যটা। তাতকৈ বিচ্চেলৈয়ে নাযাওঁ। ঘূৰিয়েই দিওঁ নেকি? নাই নুঘুৰো, ঘূৰি দিলে চুৰ বুলি ভাবিব। দৌৰো নেকি? নাই নহয়, খেদি আহিব। খৰখেদাকৈয়ে পাৰ হৈ যাওঁ।

আগৰ গলিটোত দেখোন শাৰী পিন্ধা মানুহ এজনী। শুকাই যোৱা মুখখনত যেন পানী এটোপাল পৰিল। তাইৰ লগ হৈয়েই তেতিয়াহ’লে বাকী বাটচোৱা আগবাঢ়ো।

: ঔ দিদি থৌৰা ৰুকৌ না। থৌড়া চাথ দৌ। কুত্তা কে চাথ মে অকেলি হু।

: এক লাঠি পাছ ৰাখৌ দিদি। য়হা জিতনা দিন ৰহৌগী লাঠি লেকে ঘূমনা। লাঠি দেখকেহি সব দৰ জায়েগা। সবকে ঘৰমে কুত্তা হে। ওপৰ সে আৱাৰা কুট্টা নে ভী আকে সাথ পাকড় লিয়া।

মানুহজনীৰ কথাত সাহসত ইফালে সিফালে চাই শুকান গছৰ ডাল এটাকে উঠালো। মজবুত, ভাঙি নায়ায়। ইয়াত থকাকেইদিন আটাইকেইদিনেই চলি যাব। বাহ কোনে পাই! এতিয়া ঘূৰি আহোঁতে ভালদৰেই কামত আহিব। এইবাৰ দিম। আহকচোন কোনে খেদি আহে চাওঁ। সাহসত আগবাঢ়ি বিচ্চ পালোগৈ।

গ্ৰহ বেয়া থাকিলে একোৱেই কামত নিদিয়ে। বাধাই বাধা আহে, পদে পদে বিপদ আহে, বিচ্চত গৈয়ো সেই একেই কুকুৰ। পাঁচটামান কুকুৰ। মাজে মাজে গৰুৰো জাক। বিচ্চত গৰু! গৰুৰ জাক দেখিহে আচৰিত হ’লো। গৰুৰ মালিকজনকো কাষতে দেখি সুধিয়েই দিলো,

: ভাইয়া গাইকৌ য়হা কিয়া মিলেগা? য়হা কিউ লায়া গয়া হে?

: আৰে বেহেন, গাই কৌ ভী থৌড়া হাৱা চাহিয়ে। দিনভৰতো য়হা লৌগ ভৰে ৰেহতে হে। অভী এক দৌ ঘণ্টে কে বাদ দিন সে ৰাত বাৰ, এক বজে তক তৌ য়হা লৌগ হি লৌগ হৌংগে, বেচাৰা গাই আয়েগা তৌ কব য়হা আয়েগা। বিচ্চ মে হি ঘৰ হে ফিৰ ভী বিচ মে হি পাও নেহী দে পাতি।

গাইৰ মালিকৰ কথা শুনি ভাবিলো, হয়, গাইৰ মালিকৰ কথা ঠিকেই। গাইৰো দুখ থাকে, আমিনো ক’ত উপলব্ধি কৰিছোঁ। আজি দেখি কিন্তু কোঁহে কোঁহে উপলদ্ধি কৰি পেলালো। ঠিকেই, গাইবোৰো বিচ্চত ফুৰক, সিহঁতৰ ঘৰৰে চোতাল বুলি কৈছে যেতিয়া এইখন। টুৰিষ্টে গোটেই বিচ্চবোৰেই দখল কৰি পেলাইছে। দিনটো কিমান কষ্টত চাগে গৰুকেইটাক চম্ভালি ৰাখিবলগীয়া হয়। গৰুকেইটালৈ চালো, বেয়া লাগি গ’ল।

ৰাতি খাই বৈ যোৱা ৰেষ্টুৰেণ্টখনৰ ফালে কাষ চাপি গ’লো। গোটেই ৰেষ্টুৰেণ্টখন দেখোন এতিয়া কুকুৰেই চলাই আছে। পোহনীয়া কুকুৰ। মালিকৰ গাৰ্ড মানে। দোকানৰ ৰাতিৰ চিকিউৰিটি গাৰ্ড। গাৰ্ডেই নহয়, চেলফিও তুলিব জানিছে। কি আচৰিত। কুকুৰকেইটাৰ লগত গোলকৈ বহি হাতেৰে মোহাৰি মোহাৰি সেইজনেচোন চেলফিও তুলি আছে। হায়, কুকুৰো কম নহয়! ফোনটোৰ কেমেৰা পোনাওঁতেই ট টকৈ চাইছে। মূৰতো আকৌ মজিয়াত পেলাই মৰমো দেখুৱাইছে। কোননো সেই মালিকজন! কুকুৰৰ লগত চেলফি তোলা মানুহজনৰ মুখখন চাবলৈ তৰণি নোহোৱা হ’ল। ওচৰ চাপি যোৱাৰ প্ৰতি পাছফালটোহে দেখো, মুখখনচোন দেখাই পোৱা নাই। কি আচৰিত, ইমান বগা! ইমান বগা, ইমান কুকুৰপ্ৰেমী মানুহজন চাবলৈ ওচৰলৈ গৈ দেখিলো এইজন এজন ফৰেইনাৰহে। অ’ সেয়েহে। বুজি পালো। কুকুৰে সেয়েহে মৰম পাইছে। বিদেশীসকল এনেও অলপ হাঁহিমুখীয়া, মৰমীয়াল। জীৱ জন্তুক মৰম কৰে। মৰম দিছে, সেয়েহে মৰমো পাইছে। নিজৰ কথা ভাবি চালো। আৰু মই? আমি? আমি পলাওঁ, লাঠি দেখুৱাওঁ।

: ভৌ ভৌ, ভুক, ভুক…

আকৌ আৰম্ভ হ’ল। হায় ৰাম, কুকুৰকেইটাই আকৌ ভুকিবলে ল’লে। মোকে ভুকিবলৈ ল’লে। সেই ভুকনিত অলপ আগতে ভাবি থকা মৰম চৰম ক’ৰবালৈ উৰি থানবান হৈ হাতৰ লাঠি মুঠিৰ মাজত টান হৈ উঠিল। এবাৰত ভাবিলো হাতেৰে চুই অলপ মৰম কৰি দিওঁ নেকি। সেই ফৰেইনাৰজনৰ দৰেই। সেয়াই ভাল হ’ব নেকি। নাই নোৱাৰি দেই। বিশ্বাসোতো কৰিব নোৱাৰি। পিছে ভয়ৰো কোনো কাৰণ নাই। বিচ্চত বহুত মানুহ। কোন কুকুৰে পাট্টা পাব? কুকুৰে ভুকি থাকিল যদিও সাহসত থাকিলো।

গাই, গাইৰ মালিক, ৰেষ্টুৰেণ্টৰ ৰাতিৰ প্ৰহৰী, মানুহ সব মিলি ঠাইখনত বেছ সমাগম হৈ উঠিছিল। কিছু আমোদজনক, কিছু আচহুৱা, “দুনিয়া কা ঔৰ এক অজুবা। এইচা মজা ঔৰ কাঁহা?” অলপ পাছতেই টুৰিষ্ট আহিব। দোকান খুলিব, ৰেষ্টুৰেণ্টবোৰ খুলিব, লাইফ গাৰ্ড আহিব, ছাতি লগাব, বেড টেবুল চকী লগাব, মিউজিক গান বাজনা আৰম্ভ হ’ব, পানীৰ স্পৰ্টচ আৰম্ভ হ’ব, গৰু কুকুৰে ক’ত পাট্টা পাব। এনে দৃশ‍্য আৰু দুনাই কেতিয়া?

ভাবি ভাবি পানীলৈ নামি গ’লো।
বাহ ঠাণ্ডা পানী।
চৰপ… চৰপ…. সাগৰৰ ঢৌ।
তিতি আধা শেষেই হ’লো। বাকী মানুহবোৰো তিতিছে। কেইটামানে বলো খেলিছে। কিছুমানে পাথৰ বুটলিছে। হঠাতে পানীৰ মাজতেচোন কিবা এটা জিলিকি উঠিছে। কিবা এটা চিনাকি চিনাকিচোন। আকাশখনহে যেন মূৰতে পৰিল। হায়! এয়া মোৰ চেণ্ডেলযোৰৰ এপাত। কি কৰো! কেনেকৈ আনো! আনিব নোৱাৰিলে খালি ভৰিৰেই ঘূৰিম নে? পৰিম জানো? কেতিয়ানো নিলে পানীয়ে? জপংকৈ এবাৰ সোঁতৰ লগত কাষ চাপি আহিল। থপিয়ায়ো ধৰিব নোৱাৰো আৰু আগলৈ যাবলৈচোন ভয়েই লাগে। সিপুৰী পাওঁগৈ যদি। সিপুৰীৰ আগতে মাছৰহে পেট পামগৈ চাগৈ। কিনো খেল কৰি আছে পানীখিনিয়ে এবাৰ আনিছে এবাৰ লৈ গৈছে। “এ ধৰ” বুলি কয় আকৌ থাপ মাৰি নিজেই লগতে লৈ যায়। নাই নহ’ব এইখন খেল আৰু নোৱাৰি খেলিব, চেন্দেলৰ আশা নাই। খালি ভৰিৰে খোজ কঢ়াৰ আজি অলপ অভিজ্ঞতা হ’ব, একো নাই বিচ্চৰ ঠাই কোনেও নাচায়, নাহাঁহে, মানুহ এনেকৈয়ে আহে বিচ্চলৈ, এনেকৈয়ে যায়। শিলগুটিৰ ৰাষ্টাটো মনত পৰিহে চিন্তা লাগি আহিল। ভৌ ভৌকৈ থকা সেই কুকুৰকেইটা! খালি ভৰিৰে কেনেকৈ খৰকৈ পলাম সেইকেইটাৰপৰা। ইচ, সমস্যাই সমস‍্যা। কুকুৰৰপৰা ৰক্ষাই নাই। লাঠিডালহে ভালকৈ থ’ব লাগিব, পানীয়ে যাতে নিনিয়ে। এইডালহে আচল ভৰসা। চেন্দেল নিয়ে নিয়ক। লাঠিডাল মজবুতকৈ হাতেৰে ধৰি ল’লো।

সেইফালৰপৰা আকৌ বাঢ়ি আহিল কুকুৰৰ লাউড মিউজিক।

এইবাৰ অলপ বেছি।

অলপ আৰুহে বেছি ।

নাই, লাঠিডাল আছে নহয়, একো নাই। লাঠি লৈ সাজুৱেই হ’লো। আহকচোন কাষলৈ, কিবা কৰক। কুকুৰকেইটালৈ কাণ উনাই ৰ’লো। পিছে এয়া কি! হে ভগৱান! কুকুৰকেইটাই জপজপংকৈ পানীতে খোজ দিলেচোন। পানীত খোজ দিয়াই নহয়, চেন্দেলযোৰতে কামুৰিয়েই দিলেচোন। চেন্দেল মুখত লৈ জপিয়াই জপিয়াই একেবাৰে মোৰ কাষ পালেহি। মাটিলৈ আহি চেন্দেলযোৰ মোৰ ওচৰতে এৰি দিলেহি। দেখি মূৰটো মুৰ ঘূৰিবলৈহে ধৰিলে। এয়া কি দেখিলো প্ৰভু! নিজৰ চকুৰে নেদেখা হ’লে বিশ্বাস কৰিব পাৰিলোহেঁতেন নে? হাতৰ লাঠিডাল থপকৈ হাতৰপৰা সৰি পৰিল। কুকুৰৰ ভুকনিবোৰতো অৰ্থ থাকে। ভুকনি মানেই খং নহয়, খেদি অহা নহয়। ওচৰলৈ অহা মানেই আক্ৰমণ নহয়। সিহঁতেও মৰম বিচাৰে। অচিনাকিজনৰ গোন্ধ ল’ব বিচাৰে। ভোকত থকাবোৰে খোৱা বিচাৰে। সেয়েহে চাগে ফৰেইনাৰজনৰ লগত ফটো পৰ্যন্তও উঠিছে। আৰু মই? পলাই পলাই লাঠি উঠাই ল’লো।

দেখিলো চেন্দেলযোৰ মোৰ ওচৰতে এৰি কুকুৰকেইটাই ভুকিয়েই আছে। সেই ভুকনিত চাগে ভাবৰ প্ৰকাশ আছে। হাতেৰে কুকুৰটোৰ মূৰটো মোহাৰি দিবলৈ মন গ’ল। ভয় ক’ৰবালৈ আঁতৰি গ’ল। তাক চুওঁ নুচুওঁকৈ এবাৰ মোহাৰি দিলো। সি কাষতে বহিয়েই দিলে। বাকীকেইটায়ো এটা এটাকৈ আহি বহি দিলেহি। ইমান শান্ত কুকুৰকেইটা! অলপ আগতে দেখাকেইটাচোন অলপো নহয়। হাতেৰে আকৌ এবাৰ মোহাৰি দি ভাবিলো সেই ফৰেইনাৰজনৰ দৰে ময়ো এটা চেলফি লৈ লওঁ নেকি। পিছে কেমেৰা পোনালোহে, কুকুৰে দিলে দৌৰ, আকৌ পানীৰ মাজলৈ। দেখিলো বল খেলি থকা ল’ৰাকেইটাৰ বলটো আনিবলৈ গ’ল। চেলফি তোলা নহ’ল আৰু। মনতে ভাবিলো সেই শিয়ালকেইটাৰ লগতে ফটো তুলি ল’মগৈ। জাৰ্মান শ্ৰেফাৰ্ড। সেই ষ্টাইলিচ কুকুৰকেইটাৰ লগত উঠিবলৈ ময়ো অলপ ভালদৰে সাজি কাচি লওঁগৈ। লাঠিডাল পেলাই ঘুৰি আহিলোঁ ।

ব্ৰেকফাষ্ট খাবলৈ সেই শিয়ালকেইটাৰ মালিকৰ ৰেষ্টুৰেণ্টলৈকে গ’লো। “বহুত বড়া খোলা প্ৰপাৰ্টি”টো চাই আহোঁগৈচোন বোলো। সঁচায়ে আহল বহল খোলা ৰেষ্টুৰেণ্ট, “জাৰ্মান বেকাৰী”। বহুত ডাঙৰ। তাতে বহি, খাই সেই শিয়ালৰূপী জাৰ্মান শ্ৰেফাৰ্ড কুকুৰকেইটাৰ লগত সঁচাকৈ এখন ফটো তুলিলো। মূৰটো পেলাই আটাইকেইটা মোৰ কাষতে বহি দিলেহি। মোৰ মৰম লাগি আহিল।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.