ফটাঢোল

মি উইথ বানানা ইন গোৱা – পৰীশ‍্যামলী ভূঞাঁ

— বানানা চাহিয়ে বানানা? বৌলৌ দিদি বানানা চাহিয়ে?

–নেহি চাহিয়ে

–একবাৰ ট্ৰায়তৌ কিজিয়ে

— নেহি ট্ৰাই কৰনা

— আৰে বেহেন একবাৰ ট্ৰাই তৌ কৰৌ, কুছ নেহি হৌগা

— আৰে নেহি চাহিয়ে। কিয়া মতলব কুছ নেহি হৌগা

–আপ ধিৰেসে গিৰৌগি।

— ধিৰেসে গিৰৌগি? বানানা খাকে ভলা কই কিউ গিৰে?

ল’ৰাজনৰ মুখখনলৈ এবাৰ ভালকৈ চালো। সেইবিধ টেটুলৈকে ধৰি আহিছেনেকি? এই বিচ্ছবোৰত সেইটোৱেই বৰ এটা অশান্তি। ক’ৰ পৰাযে ক’ৰ ক’ৰ বেপাৰীবোৰ আহি ওলাইহি। গোৱা ফুৰিবলৈ আহি আকৌ কেনেকুৱা ধৰণৰ কল বেপাৰী পালোহি। মুঠতে আৰু শান্তি নাই। মুখৰ ভিতৰতে ভোৰভোৰাই উঠিলোঁ‌।

— আৰে বেহেন আপ সমঝি নেহি। য়ে খানে বালা বানানা নেহি খেলনে বালা বানানা হে, ৱহ দেখৌ পানী মে, ৱহ ৰাহা বানানা।

ল’ৰাজনে পানীৰ মাজৰ কিবা কেইটামানলৈ আঙুলিয়াই দেখুৱালে। হয় ঠিকেই পানীত দীঘল দীঘল হালধীয়া বতাহ ভৰোৱা ৰবৰৰ টিউবৰ কিবা কেইটামান উপঙি আছে।

— দিদি ৱহি হে বানানা।

— কি সেইকেইটাই বানানা?

এইমাত্ৰ শোহা মৰা কল্ডড্ৰিংকচখিনি মোৰ মুখ ফালি ওলাই আহিব বিচাৰিলে। কথমপি আঙুলিৰে চেপা দি ৰাখিব বিচৰা হাঁহিটো ঢোকটো গিলিয়েই দাঁতকেইটা নিকতাই ধেকধেকাই ওলাইয়েই আহিল। এইটোৱেই বানানা? হাঃ হাঃ সঁচায়ে দেখিবলৈ কলটোৰ নিচিনাই। বানানা … মনৰ ভিতৰতে শব্দটো ঘূৰি ঘূৰি হাঁহিত ৰ’বই নোৱাৰা হ’লো। পানীত ঘূৰি ফুৰা বানানাকেইটা! ব’ট এখনৰ পাছফালে বান্ধি দিয়া দীঘল দীঘল হালধীয়া টিউববোৰত মানুহবোৰ বহুৱাই এফালৰ পৰা সিফাললৈ ঘূৰাই ফুৰোৱা পানীৰ বানানা। কলড্ৰিংকচটোত শোহা মাৰি সেই দৃশ্য চাই চাই বেডখনতে মূৰটো আওজায়ে ল’লো। সেই ৰসতে ডুবেই গ’লোগৈ। হায়! কি ৱাটাৰ স্পৰ্টচ? কি বানানা? কত যে কি হৈছে, দুনিয়া ক’ৰ পাইছেগৈ, আৰু মই সেই চুকৰ ভেকুলী! সঁ‌চাকৈ মই নাদৰ ভেকুলী। মানুহটো ল’ৰাটোলৈ ঘৰৰ কামৰ বোজাই ঘৰৰ পৰিসীমাই মোৰ জীৱন। না বাহিৰৰ খবৰ ৰাখোঁ‌ না গচিপত ভাগ লওঁ। দেশৰ খবৰ অহা টিভিৰ নিউজটোও সদায় বন্ধই ৰাখোঁ‌।

অ নহয়চোন, মনত পৰিছে এনেকুৱা হালধীয়া দীঘলীয়াকেইটা মই ৰামেশ্বৰমতো দেখিছিলোঁ‌। সেই তামিলনাডুৰ ৰামেশ্বৰম। ৰাম সেঁতুৰ ওচৰত। তেতিয়াতো সেইটো বানানা বুলি জনাই নাছিলো। কোনেও কোৱাহিয়ো নাছিলে। কোনেও মাতি নি উঠাবলৈ যুঁ‌জ বাগৰো কৰা নাছিলে। সেয়ে চাগে গোৱাখন সদায় ফেমাছ, অনন‍্যা, আছুটীয়া, বিচ্চৰ বাবে ফেমাছ গোৱা। বানানা … ভাবিয়েই আকৌ এবাৰ হাঁহি এটা ওলাই আহিল।

ইফালে হাঁহি দেখি ল’ৰাজনো পিচলি গ’ল, আহি আকৌ আৰম্ভই কৰিলেহি।

— কুছ নেহি হৌগা দিদি পানীমে আপকৌ একদম ধিৰে সে গিৰা দেগা। অগৰ আপকৌ গিৰনাহে তৌ গিৰা দেংগে। নেহি গিৰনাহে তৌ নেহি গিৰায়েংগে। আপ এসে হি জা সকতে হৌ।

— কিয়া চি মে লে জাকৰ মুঝে গিৰা দৌগে? চকুকেইটা যেন ফাটি ওলাই আহিব মোৰ। বেচেৰা ল’ৰাজনৰ, মোৰ ৰূপ দেখি ওলোটাই ভয়হে খালে। তথাপিও প্ৰফেচন, জিৱীকা তাৰ, পিছ হুহুকি গ’লে কেনেকৈ হ’ব। আকৌ আৰম্ভ কৰিলে।

— হা দিদি পানী মে লে জাকৰ বানানা কৌ উলতা কৰ কে সবকৌ পানী মে গিৰা দেতে। আপকৌ আসলী চি কা মজা মিলেগা। খুলা আসমান খুলা পানী, এসা আপকৌ ঔৰ কাহা মিলেগা। ঘৰকে তালাব মে য়ে সব থৌড়ে হি মিলেগা। চুইমিং পুলমেভী য়ে মজা আপকৌ কাহা মিলেগা।

তাৰ কথ শুনি মোৰ কলিজাহে কঁ‌পি উঠিলে।

–চি কে বিচ লে জাকৰ বানানা ওলতা কৰ দেতা হে ঔৰ সব লৌগ পানী মে গিৰ জাতা হে। য়ে মজা হে কি সজা? তাক ওলোটাইহে সুধিলোঁ‌।

— লাইফ জাকেট হৌগা না। কুছ নেহি হৌগা।

হাৰ্ট কমজোৰ আদমি হৌনে সে ভী কুছ নেহি হৌগা। আয়িয়ে দাম কুছ কম কৰ দেংগে।

আকৌ তাৰ চতুৰতাৰে ভৰা উত্তৰ। তাৰ এনে উপস্থিত চতুৰতামিৰ উত্তৰ শুনি মই তৌবা তৌবাহে মানি গ’লো, লগতে কথাবোৰ শুনি শুনি বেছিহে পেটত হাত ভৰি লুকাব ধৰিল। হ’ব দে ইয়াৰ পৰা দেখিয়েই মই সন্তোষ পাইছোঁ‌। পানীৰ মাজলৈ গৈ বানানাত বহি সাগৰৰ মাজত ফুৰি নুফুৰিলেও হ’ব। কেনেবাকৈ যদি বানানাটো ফাটি যায়, যদি লাইফ জেকেটটোৱেই এৰি যায়, মৰাৰ পাছত সাংবাদিক মাতি আনি নিউজত দিয়াৰ বাহিৰেনো আৰু তঁ‌হতে কি কৰিব পাৰিবি। মানে টকা দি এতিয়া মই সাগৰত উপঙি জীৱনটো সংকটত পেলাবলৈহে যাম নেকি? নালাগে অ’, তহঁ‌তে উপজাচি টকা কেইটামান দিলেহিও মই বাননাত উঠিবলৈ নাই। মোৰ অবিহনে মোৰ ল’ৰাৰে বা কি হ’ব, ঘৰখনৰে কি হ’ব? ভাবি থকা কথাবোৰে মোৰ ক’লা ডাৱৰে আৱৰা যেন মুখখন কৰি তোলা দেখি সি আকৌ ক’বলৈ আৰম্ভ কৰিলে।

–কিয়া দিদি গোৱা মে আয়া ঔৰ বানানা মে নেহি বেঠা,আয়িয়ে দাম একদম কম কৰ দেংগে। কুছ নেহি হৌগা।

বেচেৰা যিমানে এডভাৰটেজমেণ্ট কৰিব বিচাৰিছে সিমানেই যে গ্ৰাহকৰ ভয় বাঢ়িহে আহিছে সি গমেই পোৱা নাই। বানানাটো দেখি বিৰক্তিহে লাগিব ধৰিল। এই ক্ষণটোলৈকেই চাগে অন‍্য এচামেও বাট চাইয়েই আছিল। পটককৈ বানানাৰ কথা পিছ পেলাবলৈ সন্মুখত এজন ল’ৰা আহি ওলালহিয়েই।

— দিদি মাছাজ চাহিয়ে মাছাজ? একদম ফাৰ্ষ্ট ক্লাচ মাছাজ। হামাৰে ভাষা মে বলেতৌ একদম ৰিলেক্সড ৱালা মাছাজ। মাছাজ লৌ ঔৰ সাৰে টেনচন দূৰ ভগাঔ। মাছাজ লেকৰ ৰিলেক্সড হৌকে আৰাম কিজিয়ে। আৰাম কৰকে চি কা মজা লিজিয়ে। বৌলৌ দিদি মাছাজ চায়িহে। হেড মাছাজ, ফুট মাছাজ, বডি মাছাজ। সব মাছাজ হে। বৌলৌ কৌন সা চাহিয়ে।

হে ভগৱান! মাইকী মানুহ এজনীক এই মতা মানুহটোৰে মাছাজ? কি দিনকাল? একে ঘোচাত গৈ সেই পানীত পৰিবিগৈ জান’? মনৰ ভিতৰতে ভোৰভোৰাই উঠিলোঁ‌।খঙত মূৰটোও টিংটিঙাই উঠিল। তিৰছি নজৰৌ সে তালৈ চালোঁ‌।

মোৰ খঙলৈ তাৰ কেৰেপেই নাই সি আকৌ মাতহে লগালে।

— বলৌ বেহেন

— ঘৰত মা , বেহেন, বিবী নাই? চকুৰ ভাষাই মোৰ প্ৰশ্ন এৰিলে।

সি যেন কিবা এটা বুজি পালে।

— ৱহ দেখিয়ে ফেৰেইনাৰলৌগ কেসে বডী মাছাজ লে ৰহে হে।

সি সেইফালে এসোপা ফৰেইনাৰ ফালে আঙুলিয়াই দেখুৱালে। দেখিলোঁ‌, হয় সঁ‌চাই ফৰেইনাৰ লেডি জেন্স সবেই সোপাকে মাছাজ লোৱাত ব‍্যস্ত।

— এইখন ইণ্ডিয়া হয় বেটা। আকৌ মোৰ অদ্ভুদ চকুৰ চাৱনিয়ে তালৈ বাক্য এৰিলে।

চকুৰ ভাষাই তাক বকিবলৈকে ধৰিলোঁ‌, তই কি ফৰেইনাৰ ইণ্ডিয়ানৰ মাজত পাৰ্থক্য চিনি নোপোৱা হলি নেকি। এইখন ইণ্ডিয়া হয়। ইয়াৰ কোনোবা লেডিক দেখিছনে মাছাজ লৈ থকা। তোৰ মা বেহেন ভনী বিচ্ছ ফুৰিবলৈ নাহে নেকি। যদি সিহঁ‌তক কোনোবাই ফুট মাছাজ বডি মাছাজ দি থাকে তই কি কৰিবি? কেনে লাগিব, অনুভৱ কৰ। ভাব ….

—-আপ কিয়া নজৰৌ সে হি বাতে কৰতে হৌ, হিন্দী নেহি আতি?

মনৰ ভিতৰতে বকি বকি খং মাৰ যাবলৈকে নাপালে এইজনৰ আকৌ মোৰ ভাষা লৈহে চিন্তা হ’ল। খঙটো টিঙিচকৈ চুলিৰ ওপৰ গৈ পাই এইবাৰ মুখৰ পৰা শব্দ কেইটামান ওলায়ে আহিল

— নেহি চাহিয়ে মাছাজ আপ যাও।

— ফুট মাছাজ তৌ লে লৌ বেহেন, মেৰা থৌড়া সা কমাই হি হৌ জায়েগা।

হে হৰী ফুট মাছাজ? এটা মতা মানুহৰ হতুৱাই ফুট মাছাজ ল’ম। আকৌ টিঙিচকৈ খংটো উঠি আহিল। কেতিয়াবা নিজৰ ঘৈণীয়েকৰ ভৰি দবাই পাইছনে? যেতিয়া ঘৈণীজনীয়ে দিনটো দপদপাই দপদপাই কাম কৰি ‘আহ, কমৰ মে দৰ্দ’ আহ, পাওঁ মে দৰ্দ বুলি মোভ লগাই শুই থাকে তেতিয়া এনেকৈয়ে মাছাজ লে লৌ বিবী মাছাজ লে লৌ বুলি চিঞৰি থাকেনে? মোৰ চকুৱে আকৌ তালৈ প্ৰশ্ন এৰিলে।

মাছাজ মেনজনক দেখিলোঁ‌ মৌন ওঁঠৰ ভাষা ,চকুৰ ভাষা, সব ভাষাই বুজি পায়। কিজানি মাছাজ বেচি বেচি মাষ্টাৰ ডিগ্ৰীয়েই কৰি পেলাইছেগৈ। তপককৈ মাত লগালেই।

— ৱহ দেখিয়ে মেৰি বিবি ফৰেইনাৰ লৌগৌ কৌ ফুট মাছাজ দে ৰহি হে। মেহেন্দী ভী বনাকে দেতি হে। হম গৰীব লৌগ হে। এসে হি কুছ কমায়ি কৰ লেতে হে। ঘৰমে ছৌতা বাচ্ছা হে। দৌশৌ তিনশৌ মে হি হম খুচ হৌ জাতে হে। বড়ে বড়ে লৌগ তৌ স্পা কে নাম পৰ হাজাৰৌ খৰ্চ কৰ দেতে হে।

ল’ৰাজনৰ কথাত মনটো মোৰ পানীত চেনী গুলাদি গোল খাই পমিয়েই আহিলে। হয় দেই বেচেৰা পৰিয়াটো। কিবাকৈ সহায় কৰিব পালে ভালেই আছিলে। পিছে মাছাজ আৰু এইজনৰ দ্বাৰা? নাই, হ’বই নোৱাৰে। ঘৈণীয়েকজনীয়ে দিয়া হ’লে ফুট মাছাজ এটাকে ল’লোহেঁ‌তেন।

— নেহি ৱহ ফ্ৰী নেহি হে।

তাৰ কথা মতে ঘৈণীয়েক ফ্ৰী নাই, কাষ্টমাৰ শাৰী লাগি আছে।

চিন্তাই হ’ব ধৰিলে, কি কৰোঁ‌ এতিয়া। ঘৰত তাৰ চৌটে চৌটে বাচ্ছাই বাট চাই আছে। কিজানি বাপেকে সিহঁতক আজি ঘূৰি আহোঁ‌তে এইটো আনিম সেইটো আনিম বুলি কৈ পুৱাতেই ওলাই আহিছে। কি কৰা যায়? কেনেকৈ সহায় কৰোঁ‌।

হেড মাছাজকে ল’ব পাৰোচোন। হঠাতে মনলৈ আহিল। মাঠাটোও কামুৰি আছে। গৰম, ৰ’দ, তাতে বানানা বানানা চিঞৰ বাখৰ, হেড মাছাজটোকে লোৱা যাওক।

— হা ভায়া ঠিক হে হেড মাছাজ হি দে দিজিয়ে।

তাক মাতি হেড মাছাজ লৈ লৈ বানানৰ দৃশ্যকে উপভোগ কৰি থাকিলোঁ‌। হায়, কি চমৎকাৰ, অমিতাভ বচ্ছনে এডভাৰটাইজ কৰাৰ দৰে একদম ঠাণ্ডা ঠাণ্ডা কোল কোল, নৱৰত্ন তেল জেসা। ভাগৰ টেনচন জাৰ্ণিৰ ষ্ট্ৰেচ সব পলাই পত্ৰং দিলে। বিৰাট ৰিলেক্সড হৈ উঠিলোঁ‌।

ইফালে পানীত ডুবি ডুবি সাতুৰি নাদুৰি খেলি থকা পতিদেৱ আৰু ল’ৰা আহি হঠাতে আচৰিত কৰি ক’লেহি বোলে বানানত যাব ওলাইছে।

কি বানানা? মাছাজ দিয়া মাঠা আকৌ কামুৰি আহিল। থৰথৰাই কঁ‌পি উঠিলোঁ‌। এনেতে দেখিলোঁ‌ বানানা বেচি ফুৰা ল’ৰাজনে মাচাজ ল’ৰাজনলৈ চাই যুদ্ধ জয়ৰ হাঁহি এটা মাৰিছে। মাচাজ বেচি ফুৰা ল’ৰাজনে খঙৰ চাৱনি এটা এৰিছে। দুয়োজনৰ চকুৰ ভাষা বুজিবলৈ মোৰ বাকী নাথাকিল। মানে দুয়োৰে মাজত যুঁ‌জ আৰু বকৰা বনিছোঁ‌ আমি। মানে আমি বলিৰ পাঠা, ঢেঁকীৰ চাউল। মই চকু মুদিহে দিলোঁ‌। মনতে ভাবিব ধৰিলোঁ‌ দুয়োজনে দুয়োজনক খঙনো কিয় কৰে। বন্ধুত্বহে কৰিব লাগে, এজনে মূৰ কামোৰণি তুলিব আৰু ইজনে গৈ মূৰ কামোৰণি কমাব।

☆★☆★☆

3 Comments

  • অনুৰূপ মহন্ত

    এটা ভাল লগা লিখনি বানানা বানানা,,,🤣

    Reply
  • অভিজিত কলিতা

    মৌন ওঁ‌ঠ মুখৰ (মুখৰা) চকু

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.