ফটাঢোল

মি: ডাক্তৰ – বৈদুৰ্য্য বৰুৱা

কথা এটা মই প্ৰায়ে মন কৰোঁ। মই যিখন নগৰত থাকোঁ; তাৰপৰা যদি পিচুৱাই গৈ থাকোঁ দেখা যায় বাটত পোৱা ঠাইবোৰো বা অঞ্চলবোৰো ক্ৰমে সকলো ফালৰপৰা পিচ পৰি অনুন্নত হৈ গৈ থাকে, কিন্তু প্ৰাকৃতিক পৰিবেশ হিচাবে ক্ৰমে আগবঢ়া আৰু উন্নত হৈ গৈ থাকে। পিচুৱাই যোৱা মানে মানুহবোৰ পিচুৱাই যোৱাৰ কথা কোৱা নাই। মই বুজাবলৈ চেষ্টা কৰিছোঁ যে মোৰ নগৰখনত আধুনিক নাগৰিকে ভোগ কৰিবপৰা যিমান সা-সুবিধা আছে পিচুৱাই গৈ থাকিলে যিবোৰ নগৰ পোৱা যায় সেইবোৰত সিমান সা-সুবিধা পোৱা নাযায়। বেছিকৈ পিচুৱাই গ’লে একেবাৰে অৰুণাচল পামগৈ। আৰু অৰুণাচলত কিমান সা-সুবিধা উপলদ্ধ সেয়া জনাই জানে। অৱশ্যে আৰু যদি অলপ পিছুৱাই যাওঁ একেবাৰে চীন দেশ পামগৈ! হঠাতে আকৌ বিশ্বৰ এখন উন্নত অঞ্চল আৰম্ভ হৈ গ’ল। ইফালে মই থকা নগৰখনৰপৰা যদি আগলৈ আগবাঢ়ি গৈ থাকোঁ, মন কৰিছোঁ লাহে লাহে চহৰ নগৰবোৰো উন্নত হৈ গৈ আছে। মানে আধুনিক নাগৰিকে পাব পৰা সুবিধাবোৰ সহজলভ্য হৈ গৈ আছে। মই যদি মোৰ নগৰৰ পৰা আগলৈ গৈ থাকো প্ৰথমে ডিব্ৰুগড় পাম, তাৰপাছত যোৰহাট, গুৱাহাটী, কলকতা, মুম্বাই, দিল্লী, আমেৰিকা, লণ্ডন! জাগুন বা শদিয়াত কিবা এটা বিচাৰি গ’লে দোকানীয়ে ক’ব আপুনি মাৰ্ঘেৰিটালৈ যাওক, আপুনি ডুমডুমালৈ যাওক তাত পাব, ডুমডুমা বা মাৰ্ঘেৰিটাৰ দোকানীজনে ক’ব আপুনি তিনিচুকীয়ালৈ যাওক তাত পাব, তিনিচুকীয়াৰজনে ক’ব আপুনি গুৱাহাটীলৈ যাওক তাত পাব, গুৱাহাটীৰজনে ক’ব আপুনি কলকতা যাওক, দিল্লী যাওক, তাত পাব, কলকতা-দিল্লীৰজনে ক’ব আপুনি আমেৰিকালৈ যাওক তাত পাব আৰু হয়তো আমেৰিকাৰজনে কি ক’ব সেয়া কল্পনাৰ বাহিৰত। ধৰি বান্ধি মঙল গ্ৰহলৈ পঠিয়াই দিলেও আচৰিত হ’ব লগা একো নাই! মুঠতে ভাৰত বৰ্ষত কিবা এটা ভাল বস্তু পাবলৈ আপুনি আপোনাৰ চহৰৰ পৰা আগলৈ যাবই লাগিব! সাধাৰণতে সকলো ধৰণৰ আধুনিক সা সুবিধাৰ ক্ষেত্ৰত উন্নত ঠাইৰ উন্নত কথা। সেয়া মানি ল’বই লাগিব। টকা পইচাৰ খৰচটোৰ কথা ইয়াত ধৰা হোৱা নাই। কিন্তু দুৰ্ভাগ্যজনকভাৱে এইকেইদিনত মোৰ মনত এনেকুৱা এটা ভাৱে গঢ় লবলৈ লৈছে যে পিছপৰা অঞ্চলত তুলনামুলকভাৱে কিজানি কিছুমান পেচাত থকা ব্যক্তিও পিচপৰাধৰণৰে হয়।

তন্ত্ৰ মন্ত্ৰ কৰা বেজ এজনে এখন গাঁৱত যিমানখিনি সুবিধা আৰু স্বাধীনতা লাভ কৰিব সেই সুবিধা আৰু স্বাধীনতা হয়তো এখন উন্নত নগৰত নাপায়। গতিকে তেওঁ পেটৰ দায়ত যিমান পাৰি পিচপৰা অঞ্চল এটাতে খোপনি পুতিবলৈ চাব। তন্ত্ৰ মন্ত্ৰ কৰা বেজ এজনক ভিতৰুৱা গাওঁ এখনত গঞা ৰাইজে ভৰিত পৰি সেৱা কৰিব। তেওঁ সৰ্ব্বজান্তাৰ দৰে বুকু ফিন্দাই গম্ভীৰ ভাৱে ঘূৰি ফুৰিব। তেওঁ যেন সাক্ষাত ভগৱানৰ অৱতাৰ! কিন্তু এখন উন্নত নগৰ বা মহানগৰ এখনত তেওঁ দপদপাই ফুৰিব নোৱাৰে। মই আগতেই এবাৰ কোনোবা এটা লেখাত কৈছিলোঁ যে মোৰ এই আপদীয়া চাইনাচাইটিচ নামৰ অসুখটো আছে। এনেয়ে ঠিকেই থাকে। কিন্তু কেতিয়াবা এই অসুখটোৱে এনেধৰণে জাঙুৰ খাই উঠে যে মই দিশহাৰা হৈ যাওঁ। যোৱাবছৰৰ কথা। হঠাতে এই আপদটোৱে লম্ভিলে। দেখি শুনি মোৰ এটা বিশ্বাস হৈ গ’ল যে চাইনাচাইটিচ অসুখটো ডাক্তৰে দৰৱ দি ভাল কৰিব নোৱাৰে। বিশেষকৈ আমি থকা সেমেকা জলবায়ুৰ অঞ্চলত এই বেমাৰটো ডাক্তৰী দৰৱেতো ভাল কৰিব নোৱাৰেই আনকি অপাৰেচন কৰিলেও এবছৰ মানৰ পাছত আকৌ উকায়। গতিকে এই বেমাৰটোৰ পৰা পলাই থকাৰ কিছুমান উপায় আছে। সেই নিয়মকেইটা কঠোৰভাৱে পালন কৰি গ’লে বেমাৰটোৱে লাই নাপায়।পিচে ক’ত নিয়ম পালন কৰা হয়! কেইদিনমানৰ পাছত অলপ ভাল পালেই সকলো পাহৰা হয়। যোৱাবছৰ চাইনাচটোৱে অলপ বেছিকৈয়ে পালে। মানে মূৰটো কামুৰিবলৈ ধৰিলে। কাণ দুখনে গুম গুম কৰি থাকে। উপায় নাপাই সিদ্ধান্ত ললো যে মই ডাক্তৰৰ ওচৰলৈ যাবই লাগিব অন্ততঃ বিষ বেদনা অশান্তিৰ পৰা শীঘ্ৰ উপশমৰ বাবে এল’পেথিক চিকিৎসা লবই লাগিব। আমি নদাই ভদাইবোৰৰ কথা বাদেই দিছো। স্বয়ং ৰামদেৱ বাবাৰ কঠিন নৰীয়া হ’লেও কিজানি অৱশেষত এল’পেথিক চিকিৎসকৰ শৰণাপন্ন হ’ব লাগিব। যিয়েই যি নহওক মই E.N.T চিকিৎসক এজনৰ কাষ পালোগৈ। তেখেতক মই বুজাই ক’লো মোৰ সমস্যাৰ কথা। তেখেতে নাকে মুখে যন্ত্ৰ পাতি ভৰাই পৰীক্ষা কৰি গ’ল। মূৰত কিবা এটা পিন্ধাই সৰু হাতুৰী এটাৰ দৰে কিবা এটাই মূৰটোত ঠুক ঠুককৈ টুকুৰিয়াই গ’ল। তাৰ পাছত কিবাকিবি কৈ সুধি গ’ল, শুনিছেনে? এতিয়া কেনে শুনিছে? এইখন কাণেৰে বেছি শুনিছেনে? নে সিখন কাণেৰে বেছি শুনিছে? বিষটো এইফালে বেছি হৈছেনে? নে সেইফালে বেছি হৈছে? ময়ো যি অনুভৱ কৰিছো সেই দৰেই উত্তৰবোৰ দি গ’লো আৰু মন কৰিলো তেওঁৰ মুখখন লাহে লাহে গম্ভীৰ হৈ আহিছে কপালখন থূপ খাইছে, “হ’ব আহক”। তেখেতৰ পৰীক্ষা সমাপ্ত হ’ল। ময়ো তেখেতৰ টেবুলৰ আগত বহিলো। “আপুনি এটা এম.আৰ.আই. কৰাই আনক। আৰু মেডিচিন ডাক্তৰ অমুকক এতিয়াই লগ কৰক। মই ফোন কৰি দিছোঁ বাৰু।” তেখেতে প্ৰেচক্ৰিপচনখনত খচ খচকৈ কিবা লিখিলে।একেবাৰে ওপৰত ৰঙা কলমেৰেও কিবা এশাৰী লিখিলে। মেডিচিনৰ ডাক্তৰজনৰ সৈতেও কিবা কিবি ডাক্তৰী ভাষাত কথা পাতিলে, “কি পালে ডাক্তৰ?” মই লাহেকৈ সুধিলো। “মই টেষ্ট দুটা দিছোঁ।” এই দুটা কৰাই আপুনি ডাঃ অমূকৰ ওচৰলৈ যাওকচোন। মই কৈ দিছো তেওঁক।” “তথাপিও ডাক্তৰ?” “মানে মই যিটো দেখিছোঁ, মানে মানে, আপুনি বাৰু ডাঃ অমূকৰ ওচৰলৈ যাওকচোন। তেখেতে ভালকৈ বুজাই ক’ব। মই যি বুজিলো, তেখেতে আওপকীয়াকৈ মোৰ ব্ৰেইন টিউমাৰ জাতীয় কিবা এটা হোৱা কথাটোকে বুজাইছে। মোৰ ষষ্ঠ ইন্দ্ৰিয়ই কৈ উঠিল, “ভাগ বেটা ভাগ। তই ভুল ঠাইলৈ আহিছ। তোৰ সিপুৰীলৈ যাব লগা হোৱাকৈ একো বেমাৰ হোৱা নাই। যা যা ঘৰলৈ যা। ঘৰলৈ গৈ ঘৰুৱা চিকিৎসা আৰম্ভ কৰি দে। এইবোৰ বাদ দে। সময় সুবিধা পালে তই থকাখনতকৈ উন্নত নগৰ এখনলৈ গৈ চিকিৎসা কৰাবি। অত্যাধুনিক যন্ত্ৰৰে কৰা টেষ্ট আৰু ফিজ মিলাই ভালেকেইটামান টকা বমি কৰি ওলাই আহিলো। সেই এম.আৰ.আই. কৰা বা মেডিচিনৰ ডাক্তৰজনৰ ওচৰলৈ যোৱাৰো কোনো প্ৰয়োজনবোধ নকৰিলো। ঘৰলৈ গৈ কুহুমীয়া পানী টনা ইত্যাদি চিকৎসা কৰি যেনিবা সাময়িকভাৱে মুক্তি পালোঁ। পাছলৈ কি হয় পাছত দেখা যাব। এই সপ্তাহৰে কথা।পত্নীৰ গাটো বেয়া। এটা বিশেষ অসুখত আগতে ভূগি আছিল যদিও তিনিবছৰমানৰ আগতে ডিব্ৰুগড়ত এটা অপাৰেচন কৰাৰ পাছত নিৰাময় হ’ল যেনিবা। পিছে সেই বেমাৰটোত দীৰ্ঘদিন ধৰি পোৱা কষ্ট, অপাৰেচনৰ কষ্ট লগতে কিছুমান শক্তিশালী এন্টিবায়’টিক খোৱাৰ ফলতেই হওক ৰোগী হয়তো কিছু মানসিকভাৱে দুৰ্বল হৈ আছিল। তাৰ মাজতে বেলেগ এটা অসুখত আকৌ হস্পিটালত ভৰ্ত্তি হ’ব লগা হোৱাত ৰোগীৰ মানসিক অৱস্থাটো আৰু কিছু দুৰ্বল হৈ পৰিছিল। সেইদিনা গাটো অলপ বেছি বেয়া কৰাত ওচৰৰে ডাক্তৰ এজনৰ চেম্বাৰলৈ গ’লো। তেখেতক অসুবিধাবোৰৰ বিষয়ে কোৱা হ’ল। অতীত বুৰঞ্জীৰ বিষয়ে কিছু জানি ল’লে। তাৰপাছত তেখেতে ক’লে যে অসুখটো কি কেইটামান পৰীক্ষা কৰি চালেহে ক’ব পৰা যাব গতিকে চন’গ্ৰাফিৰে সৈতে এইকেইটা এইকেইটা টেষ্ট অমুক লেৱৰেটৰীত কৰি আনক। তিনিহাজাৰ চাৰিশ ত্ৰিশ টকা ভৰি পিচদিনা টেষ্টবোৰ কৰোৱাই ৰিপৰ্টবোৰ লৈ ডাক্তৰজনৰ ওচৰ পালোহি। তেখেতে ৰিপৰ্টবোৰ চাই এটা সময়ত গহীন হৈ পৰিল। চন’গ্ৰাফি ৰিপৰ্টৰ তলত শকত আৱত আখৰেৰে লিখা এটা লাইন চাই তেখেতে বেচ ভাবুক হৈ পৰিল। “সকলো ঠিকেই আছে, কিন্তু অলপ এইটো চাব লাগিব। মোৰ মতে, ৰ’ব, গাইন’ ডাঃ অমূকৰ লগত কথা পাতি চাওঁ।“ তেখেতে মবাইল টিপিলে, “হেল্ল’, বিজি আছে নেকি? কেচ এটা আছে….x..y.. z” মবাইলত তেখেতে আনজন ডাক্তৰৰ লগত আমি বুজি নোপোৱা ডাক্তৰী ভাষাত কথা পাতিলে। কথা পতা হোৱাৰ পাছত টেবুলত মবাইলটো থৈ আমালৈ চালে। আমিও তেখেতলৈ আশাৰে চালো। “গাইন’ ডাঃ x ৰ লগত কথা পাতিলো। বায়’পচি কৰিব লাগিব”, তেখেতে গম্ভীৰ ভাৱে কৈ উঠিল। মই মন কৰিলো মোৰ পত্নীয়ে তেখেতৰ টেবুলখনতে দীঘল উশাহ এটা এৰি মূৰটো লাহে লাহে পেলাই দিছে। “এনেকুৱা কেচ এটা মোৰ ভন্টী এজনীৰ হৈছিল। “C” ডিটেক্ট কৰিলে। বাহিৰলৈ গৈ অপাৰেচন কৰিলে। লাভ নহ’ল। ইয়াতে সকলো সা সুবিধা থাকোতে ভাল ডাক্তৰ থাকোতে বাহিৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই আৰু এই এই বেমাৰবোৰ গুৰিতে চিঙি দিয়াই ভাল আপুনি অপাৰেচন কৰাব লগা হ’লে ইয়াতে কৰাওক।“ তেখেতে কথাবোৰ অনৰ্গল ভাৱে এনেকৈ কৈ গ’ল যেন দৰা পক্ষ আৰু কইনা পক্ষৰ বিয়াখন ফাইনেল হ’ল। এতিয়া কইনাই ঘৰৰ পৰাই বিয়া হ’বনে দৰা ঘৰৰ কাষলৈ উঠি আহিব সেইটো দিচিচন ল’লেই হৈ যায় আৰু!

আকৌ মোৰ সেই নিজৰ অভিজ্ঞতাটোলৈ মনত পৰিল। মোৰ ষষ্ঠ ইন্দ্ৰিয়ই আকৌ কৈ উঠিল, “ভাগ বেটা ভাগ। তই ভুল ঠাইলৈ আহিছ। ইয়াত কিবা এটা গণ্ডগোল আছে। তই কোনোবা উন্নত চহৰৰ উন্নত সা সুবিধা থকা ঠাইলৈ যা।“ মই যদিও পেটে পেটে পত্নীৰ বিশেষ একো টান নৰীয়া হোৱা নাই বুলি নিশ্চিত আছিলো তথাপিও ডাক্তৰজনে তেনেকৈ কৈ দিয়াৰ পাছত সামান্যভাৱে হলেও দুঃচিন্তাত নপৰা নহয়। মোৰ লগে লগে তেতিয়া উন্নত চিকিৎসাৰ বাবে উন্নত নগৰবোৰৰ নামবোৰ ক্ৰম অনুযায়ী এফালৰ পৰা মানস পটত ভাঁহি উঠিল, ডিব্ৰুগড়, গুৱাহাটী, দিল্লী, চেন্নাই, বচ! সেইখিনিতে ৰৈ গ’ল! তাৰ আগলৈ আৰু কল্পনাই ঢুকি নাপালে। তেখেতৰ কথাবোৰ মই যেতিয়া বিশেষ গুৰুত্ব নিদিয়া যেন পালে তেখেতে তেতিয়া পত্নীৰ ফালে চাই এই ” C ” বস্তুটো আৰম্ভ হোৱাৰ আগতেই কাটি পেলালে গোটেই জীৱনটো যে নিশ্চিন্ত হৈ থাকিব পাৰি তাক বুজাবলৈ ধৰিলে। ইফালে পত্নীৰ অৱস্থা তথৈবচ।

ডাক্তৰ চাহাবক ধন্যবাদ এটা জনাই একপ্ৰকাৰ পত্নীক হাতত ধৰি টানি নি চেম্বাৰৰ বাহিৰ ওলালো। সমগ্ৰ নিশা অমংগলীয়া চিন্তা কৰি কৰি পত্নী বিচনাত চটফটাই থাকিল। পিচদিনা পুৱাই মই নিজৰ নগৰ এৰি আগলৈ গ’লো। ডিব্ৰুগড় পালোগৈ। তাত ঠিক নহলে আৰু আগলৈ মানে গুৱাহাটীলৈ যাবলৈ প্ৰস্তুত হৈয়েই আছোঁ। সেই ডাক্তৰজনক আগৰে পৰা চিনি পাওঁ। মানে আগতেও পত্নীৰ চিকিৎসা কৰাইছো। নামজ্বলা ডাক্তৰ। তেখেতৰ চেম্বাৰৰ আগত যিকোনো সময়তে অন্ততঃ পঞ্চাশজন ৰোগী থিয় হৈ থাকে। ওঁহো, ৰ’ব। আপুনি নাভাৱিব যে মই ডাক্তৰৰ বদনাম মাৰিবলৈ বেকাৰ এইবোৰ লিখি আছোঁ। কোনো ডাক্তৰৰ সৈতে মোৰ কোনো শত্ৰুতা নাই। পৃথিৱীত এই মানুহৰ পুনৰ জীৱন দাতাসকলৰ সন্মান আটাইতকৈ বেছি। ইয়াত কাৰো দ্বিমত নাই। মোৰ বন্ধুসকলৰ ভিতৰতো বোধহয় দুই চাৰিজন ডাক্তৰ আছে।তেখেত সকলকো মই ভুল নুবুজিবলৈ অনুৰোধ কৰিছো। অৱশ্যে ভুলটো অলপ পাছতে ভাগিব। ডিব্ৰুগড়ৰ ডাক্তৰজনৰ চেম্বাৰত সোমোৱাৰ লগে লগে তেখেতে মিঠা হাঁহি এটাৰে আদৰণি জনালে, “এইবাৰ আকৌ কি হ’ল?” তেখেতে সুধি উঠিল। ৰিপৰ্টবোৰ এখন এখনকৈ তেখেতৰ টেবুলৰ আগত মেলি ধৰি সমস্যাটোৰ কথা ক’লো। তেখেতে ৰিপৰ্টবোৰৰ ওপৰত চকু ফুৰাই গ’ল। “মইতো একো দেখা নাই! সকলোৱেই নৰ্মেল। সমস্যাটো কি আপোনাৰ?” পত্নীয়ে সমস্যাবোৰৰ কথা কৈ গ’ল। মই সেই ৰিপৰ্টত থকা সেই শকত আৱত ক’লা আখৰৰ লাইনটো তেখেতে দেখা নাই বুলি বিশেষ ভাৱে আঙুলিৰে ঘঁহাই ঘঁহাই দেখুৱালোঁ। তেখেতে মিঁচিকি হাঁহি এটা মাৰিলে মাত্ৰ। “আহক ভিতৰলৈ, মই অলপ চাই দিছোঁ।” পত্নীক ভিতৰৰ কোঠাত কিবা কিবি যন্ত্ৰ পাতিৰে পৰীক্ষা কৰি কিছুসময়ৰ পাছত তেখেত ওলাই আহিল। “একোৱেইতো নাই। সকলো নৰ্মেল।” “তেনেহ’লে? সেই মোৰ নগৰৰ ডাক্তৰজনে একো নাজানে নেকি?” “সকলো জানে। সকলো জানে। কেলেই নাজানিব? কিন্তু তেওঁ আপোনাৰ ৰোগটোৰ কথাতকৈ নিজৰ পকেটটোৰ কথা বেছি চিন্তা কৰে।” — …..! “শুনক মিঃ বৰুৱা, আপুনি যদি আজিৰ তাৰিখত এই ৰিপৰ্টকেইটা লৈ পাঁচজন ডাক্তৰৰ ওচৰলৈ যায়; তাৰে দুজনে আপোনাক সেই আপোনাৰ চহৰৰ ডাক্তৰজনৰ দৰেই উপদেশ দিব।” — …..! মোৰ মাত তাতেই হৰিল… “কিন্তু ডাক্তৰ, ৰিপৰ্টত থকা সেইটো কি আছিল?” “মানুহৰ শৰীৰটোত এনে কিছুমান খুঁত খাট হৈয়েই থাকে…নিজে নিজেই শৰীৰটোৱে সেই খুঁতখাটবোৰ ঠিক কৰি লয়। মানুহৰটো পানীলগা চৰ্দিও হয়, সেইবুলি নাকটো অপাৰেচন কৰি কাটি পেলায় নেকি! বেমাৰ দেখুৱাওঁতে সদায় নিজৰ আই কিউটো কিছু ব্যৱহাৰ কৰিব। আজিকালি আপুনি ৰোগৰ লক্ষণ চাই নেটত পঢ়িও কি কি কাৰণত এনেকুৱা হ’ব পাৰে তাৰ বিষয়ে সম্যক ধাৰণা এটা ল’ব পাৰে। যিকি নহওক আপোনাৰ মিচেছৰ কোনো বেমাৰেই নাই। তেখেতৰ স্বাস্থ্য মোতকৈও ভাল। মাত্ৰ তেখেতৰ সামান্য মেডিকেলৰ ফবিয়া সোমাই আছে। অবাবত দুঃশ্চিন্তা নল’ব। হাঁহি ফূৰ্তিৰে থাকক। সকলো ঠিক হৈ যাব। কিবা হ’লে মই আছোঁৱেই, লগে লগে আহি যাব।“ “কিবা দৰৱ জাতি?” “নিৰোগী মানুহ এগৰাকীক মই এতিয়া কি দৰৱ দিম কওক! যাওক ভালকৈ ফলমূল, সেউজীয়া শাক পাচলি খাওক, সকলো ঠিক হৈ যাব।“ তেখেতে আমালৈ চাই মিঁচিকিয়াই কৈ উঠিল। মনৰ ভিতৰৰপৰা তেখেতক সেৱা এটা জনাই আমি গুচি আহিলোঁ। সেইনিশা পত্নী নাক ঘোৰঘোৰাই শুলে। পিচদিনা আগবেলা ফেচবুকখন মেলি লওঁতেই মন কৰিলোঁ মোৰ অধিবক্তা পত্নী ফেচবুক লাইভ হৈ আছে। ক’ৰ্টৰ বাৰত প্ৰাক্ ৰঙালী বিহুৰ পাৰ্টিত বিহুনামৰ ছেৱে ছেৱে সতীৰ্থসকলৰ সৈতে কঁকাল ঘূৰাই ঘূৰাই নাচি আছে!

☆★☆★☆

5 Comments

  • Mitali saharia

    ভাল লাগিল পঢ়ি।

    Reply
  • Manash Saikia

    ভাল লাগিল৷

    Reply
  • Utpal Gogoi

    সেই কাৰনে আজি কালি সাধাৰণ ৰোগতো মানুহে ডিব্ৰগঢ় – গূৱাহাটি যায়।

    Reply
  • Himanshu

    ভাল লাগিল পঢ়ি ৷ একেবাৰে সঁচা কথা ৷

    Reply
  • হেমেন

    বাহ কি চমৎকাৰ লিখনি।

    Reply

Leave a Reply

Your email address will not be published.