ফটাঢোল

“মুকলি চিঠি”ৰ এটি প্ৰবন্ধ– ড° লীলা গগৈ

মিছা! মিছা! মিছা!

মিছা! মিছা!! মিছা!!! সকলো মিছা৷ মাছ মিছা, কথা মিছা, আইন মিছা, কানুন মিছা৷ খালত মিছা, বামত মিছা, দামত মিছা, বামত মিছা, বিলত মিছা, শিলত মিছা, মিলত মিছা, কিলত মিছা৷ মুঠতে ‘আনে যি আন দিয়ে, মিছা মাছেও বান দিয়ে৷’ তাহানি ফিৰিঙি চাহাবৰ দিনৰে পৰা যিমান আইন-কানুন, ৰীতি-নীতি, বিধি-বুধি, উপবিধি-অপবিধি ওলাল, সেইবোৰৰ এতিয়া গুণ নাইকিয়া হ’ল, নেফাপে৷ এতিয়া মিছাই সঁচা নকৰিলে, কোনেও তাৰোঁতা নাই- চাৰিওপিনে মাৰোঁতাহে মাৰোঁতা৷

হাতত টাঙোন, কান্ধত বন্দুক, পিঠিত কন্দুৱা গেছৰ কান্দনি কলাই ভাৰ৷ ভৰিত বুট, পেটীত কাৰ্টিজ জোটাজোট৷ গেৰেপ গেৰেপ খোজৰ চিপাহী চন্তৰী৷ সদায় শুনিবা, চেঙেলীয়া ল’ৰাই শিলগুটি দলিওৱাৰ পিছত পুলিচৰ গুলী চালনা৷ সঁচা নে মিছা? তাহানি মোৱামৰীয়া বিদ্ৰোহৰ সময়ত চেকনি কোবোৱা ৰণ এখন ওলাইছিল৷ সেনাপতি আছিল শগুণমূৰীৰ গোবিন্দ গাওঁবুঢ়া৷ চেকনি এচাৰিৰ কোব খাই ৰজাঘৰীয়া ৰণুৱা ৰণ এৰি পলাল৷ কথাষাৰ সঁচা নে মিছা? শিলগুটি, ইটাদলি মাৰিলেই গুলি কৰি থৰে থৰে
মানুহ মাৰিব লাগে নে? চৰকাৰী বেটন খাই চেতন হেৰুৱা এইমখা চিপাহী মিছা৷ আইনো মিছা, ৰখীয়াও মিছা৷ মিছাই মিছাক নেৰাখিলে সঁচাই মিছাৰক ৰাখিব নে?

মিছা আইনৰ মিঠা জিভাত পৰিল কি নপৰিল, চাৰিওপিনে চিঞৰ বাখৰ লাগিল ‘গণতন্ত্ৰ ৰক্ষা কৰক, গণতন্ত্ৰ ৰক্ষা কৰক৷ ৰজাঘৰে প্ৰজাঘৰে গণতন্ত্ৰ তথা গলতন্ত্ৰ অৰ্থাৎ গলযন্ত্ৰ বাজিবলৈ ধৰিলে৷ যেনিবা দ পানীত পৰি কক্‌বকাই থকা মানুহে চিঞৰিছে৷ ৰক্ষা কৰা ৰক্ষা কৰা৷’ হেৰা, তোমাৰ হাততে আইন-কানুন, চিপাহী-চন্তৰী, ৰণুৱা-বনুৱা আটাইবোৰ৷ সিন্ধি খান্দি ঘৰৰ ভিতৰত চোৰ সোমাই চোৰেই ‘চোৰ ঔ, চোৰ ঔ’ বুলি গগণ ফলা চিঞৰ মৰাদি তুমিও চিঞৰিছা নেকি? সঁচানে মিছা?

আৰ্য্যা মিছা, অংক মিছা, হিচাপ মিছা৷ টকাও মিছা, থকাও মিছা৷ আৰ্য্যা মতে ‘টকাৰ সোঁহাত বুলি দুটা শূন্য দিলে, পইচাৰ হিচাপ ততালিকামিলে৷’ অৰ্থাৎ এটকাত এক পইচা৷ চৰকাৰী মতে এটকাৰ বৰ্তমান মূল্য সাতাইশ পইচা৷ টকাও চৰকাৰে তৈয়াৰ কৰে, পইচাও চৰকাৰে তৈয়াৰ কৰে৷ অথচ এটকা= এশ পইচা= সাতাইশ পইচা৷ কোনটো সঁচা? অংক সঁচানে, আৰ্য্যা সঁচানে, কিবা সঁচা? টকা সঁচানে, থকা সঁচা? আচলতে থকাও মিছা, টকাও মিছা৷ কোনোবা এজন বানপানী বিভাগৰ ইঞ্জীনিয়াৰৰ শোৱা পাটীৰ তলত কেইবালাখো টকা ওলাল৷ ইও এটা কথানে? চৰকাৰৰ চৰকাৰী বদান্যতাত কায়-কাৰবাৰ, চাকৰি বাকৰি কৰি কিছুমান মানুহে এনেকৈ টকা চপালে যে সেইবোৰ এতিয়া ভালুকৰ সাঙী হ’ল৷’ কবলৈ হৈছে; থবলৈ নহৈছে৷’ ৰাইজক দেখুৱাই বেংকটো থব নোৱাৰি, ৰৈ-বৈ যোৱাকৈ খৰচ কৰিও দেখুৱাব নোৱাৰি, সম্পত্তিও ঘটিব নোৱাৰি৷ তাহানি কালত হোৱা হ’লে, এইবোৰ ধনত কালিকা বা যোগিনী বহিলেহেঁতেন৷ অঙহী-বঙহী, ভিনিহি-খুলশালীৰ নামত মাটি-বাৰী, ঘৰ-দুৱাৰ, গাড়ী-ঘোঁৰা কৰিবলৈকো ভয়, জানোচা ‘ৰজাৰ ধন৷ ভোট- গিৰিহঁত’ হয়৷ ‘কিনো কিৰ্পিনৰ ধন, খাবও নোৱাৰে, দিবও নোৱাৰে চাই থাকিবৰ হে মন৷’ এতিয়া হেনো এনেকুৱা ধনৰ গৰাকী কিছুমানে চকুৰ টোপনি চকুতে সামৰি, ধনগাল হাতনি পেৰাত ভৰাই দিনে-ৰাতিয়ে লগত লৈ ফুৰে৷ এজনে এনেকৈ ধন ঘটি শহুৰেকৰ নামত পকীঘৰ এটা সজাইছিল, কিন্তু বছৰচেৰেকৰ পাছত শহুৰেকে ঘৰটো ‘গাইব’ কৰিলে৷ এজনে শালপতিয়েক এজনৰ হাতত এগাল ধন জমা থৈছিল৷ শালপতিয়ে শালপতিৰ বুকুত শালমাৰি সেই টকাৰে মাটি সম্পতি কৰিলে৷ এতিয়া বাই-ভনীৰ আহ-যাহো নাই, মাত-বোলো নাই৷ এজনে ধন-সম্পতি, মাটি-গাড়ী, ঘৰবাৰী সকলোবোৰ নিজৰ তিৰীৰ নামত থৈছিল৷ শেষত তিৰীয়ে গিৰীক তালাক দিলে৷ ডাইভৰ্চ কৰিলে৷ তেনেহ’লে কি হ’ল? টকাও মিছা; থকাও মিছা৷ সেয়েহে কৈছোঁ তোমাৰ মিছা আইন যদি মিছা হব নালাগে, তেনেহ’লে খালৰ মিছাৰ পৰা বিলৰ ৰৌ-বৰালীলৈকে আটাইবোৰকে মিছাৰ জালত পেলাব লাগিব, নহ’লে ক’লা টকাৰ মোনাটো বহলি গৈ থাকিব, আৰু এই ক’লা টকাৰে মানুহৰ মূৰ কিনি, মানুহকে বিক্ৰী কৰিব আৰু চৰকাৰৰ ৰীতি-নীতি, হাকিম, হুকুম, সোপাই মিছা আইনত পৰিব লাগিব৷ এশ পইচা = সাতাইশ পইচা এই অপুদ্‌ঘাট অঙ্কটো মিছা আইনত নপৰাকৈ কেনেকৈ সাৰিল?

বোলে, ‘বৰৰ হ’লে লীলা; সৰুৰ হ’লে ধৰি-বান্ধি কিলা৷’ নদাই ভদায়ে ৰাজনীতি কৰিলে কাৰোবাৰ ৰাজনীতিত চেকা লাগে৷ তেতিয়া নদাই-ভদাইক মিছা আইনৰ জালত পেলাই সাগৰৰ বালিত মাছমৰীয়াই মিছা মাছ শুকুৱাদি শুকুৱাই নগুৰ নাগতি কৰাঁ; কিন্তু জয়প্ৰকাশ নাৰায়ণক টাঙোনেৰে টঙনিয়াই বুঢ়া হাৰ কেইডাল ভাঙিব নোৱাৰি ‘গণতন্ত্ৰ ৰক্ষা কৰা, ৰক্ষা কৰা’ বুলি ভয়ত চেচঁনি কাঢ়িছা৷ হাজী মাস্তান বা বাখীয়াক যোৱা কুৰি বছৰে খুৱাই বুৱাই কোনে কলিজা ডাঙৰ কৰিলে? এতিয়া গছত তুলি গুৰি কাটিছা? বাৰু কাটা, কিন্তু মিছা হিচাপে দেখুৱাই, বেনামী ব্যৱসায় কৰি, চোৰাং ধনেৰে চৰকাৰক পুথি থোৱা বৰ পেট গোটাচেৰেকো যদি ধৰি মিছাৰ মিঠা খুৱালাহেঁতেন, তেতিয়াহে কলোঁহেঁতেন- ‘চাবাচ্‌ মতা ল’ৰা৷’ এতিয়া যিবোৰ ভাওনা দেখুৱাইছা, সেইবোৰ সঁচাও, মিছাও৷ দুদিনৰ পাছত দেখিবা, এইমখা মিছা জালৰ মিছলীয়াই সঁচা হৈ মটমটাই ফুৰিব৷

এতিয়া দেশত ৰবি শস্যৰ বতৰ৷ ৰবি শস্য, শনি মন্ত্ৰী; শনিয়ে কেৰাহীকৈ চাওঁতেই মহাদেৱৰ নে পাৰ্বতীৰ পুত্ৰ গণেশৰ মূৰটো ছিগি পৰিল৷ এতিয়াও মন্ত্ৰীয়ে য’তেই হাত দিয়, ত’তেই পৰালি পৰে৷ গতিকে, গোধা, গৰলীয়া, কুঁজা, টেমুনীয়া কোন, ক’ত আছা, চাপি-কুচি আহাঁ৷ মন্ত্ৰীৰ হাতৰ পৰশ লাগিলেই তোমাৰ ৰোগ নাশ হ’ব- ঠাইতে পৰালি পৰিব৷ সঁচানে, মিছা অন্ততঃ এবাৰ প্ৰমাণ চাওক৷ বিনা প্ৰমাণে মূল্য ফিৰৎ৷ খাদ্য শস্যৰ পাইকাৰী ব্যৱসায়ত চৰকাৰৰ অৰ্থাৎ মন্ত্ৰীৰ হাত লাগিল৷ পৰিণতি কি হ’ল, মই জানো ক’ব লাগিছে? বোলে ‘আহাৰ গ’ল, শাওণ গ’ল, ভাদৰ গ’ল পখ, লৰা-লুৰি চাপি আহ, খেতিৰ কওঁ লখ৷’ ফাল কাটোতেই মাহৰ বতৰ গ’ল৷ এতিয়া ধান চপাবৰ বতৰ৷ চৰকাৰী হিচাপত ধান গোট খালে লাখ লাখ মোন৷ ঢোল পিটি শুনাই দিয়া হ’ল- ‘অসমৰ সংগ্ৰহ চমৎকাৰ৷’ পিছে খাবৰ বেলিকা নৌ বহাগ পাওঁতেই ভৰাল উদং৷ সুধিব খুজিছোঁ, বোলোঁ, কাৰ পেট বহল হ’ল? মন্ত্ৰীৰনে ভোটাৰৰ? সঁচাকৈ নে মিছাকৈ? ‘ৰাতি হ’লে সাত হাল বায়; পুৱা হ’লে এহালো নাই’- এইখন এই ফাঁকি প্ৰবাদৰে দেশ৷ দোষ চাগৈ মন্ত্ৰী গাতো নাই৷ গুৱাহাটীৰ দুমহলীয়া ৰাজভৱনত বহি কোনোবা এজন তিনি হেজাৰটকীয়া দৰমহা খোৱা বিষয়াই বোলে কাগজত ৰবি শস্যৰ খেতি কৰিছে৷ সঁচানে, মিছা? ৰবি শস্য, শনি মন্ত্ৰী উপদেষ্টা কি হ’ব? – গলগ্ৰহ- ৰাহু৷ কি বোলে?

আগতে ভাৰতত তিনিটা ‘চিপি’য়ে চিপিয়াই আছিল? চি-পি-আই, চি-পি-এম, চি-পি-এম-এল৷ খেতোৱে বোলে, কাৰ্লমাৰ্ক্স৷ খেতোৱে বোলে কাৰলমাৰ্ক্স, মুঠতে মাৰ্ক্স সঁচা৷ মাৰ্ক্সেই তিনিওটা কণীৰ উমনি দিছিল৷ এতিয়া নতুনকৈ ওলাল৷ চি-আই-চি৷ তেনেকৈ সমাজবাদেও তিনিটা কণী পাৰিলে- পি-এছ-পি, আৰ-এছ-পি, এছ-পি৷ কংগ্ৰেছৰো দুটা পোৱালি জগিল- ইন্দিৰা কংগ্ৰেছ আৰু ইণ্ডিয়া কংগ্ৰেছ৷ দুয়োটাৰে পৰা গান্ধী বাদ পৰিল; কিন্তু আটাইবোৰেই গণতন্ত্ৰ আৰু সমাজবাদৰ দোহাই দিয়ে৷ গণতন্ত্ৰ আৰু সমাজবাদক বটা নিগনিৰ দৰে চটবটাই ফুৰিবলৈ কিহে পাইছে? ইহঁত কম বস্তু নহয়৷ ‘নদীয়ালৰ লগত মাৰে চিতল, মৰীয়াৰ লগত খুন্দে পিতল৷’ ই কেনেকুৱা কথা? এনেকুৱা বাহ নোলোৱা চৰাইক নেফিয়াই ধৰি খায়৷ ‘মৰে উৰুলিপুঙা; মৰে পদুলি শুঙা৷’ এনেকৈ চোতালে চোতালে বাগৰি মোট সলাই ফুৰা গণতন্ত্ৰ আৰু সমাজবাদক মিছা আইনত পেলাই পোতাশালত বন্দী কৰি থব নোৱাৰিনে? গণতন্ত্ৰ আৰু সমাজবাদকে যদি এৰাল দি থব নোৱাৰে, মিছা আইনেই মিছা৷

আইন মিছা৷ ৰজা মিছা৷ ৰাজত্ব মিছা৷ আটাইবোৰ তেল ঘঁহা খুটাত বান্দৰ উঠা অংক৷ আজি ৰাজনীতিৰ ক্ষমতাৰ খুটাত এহাত উধাইছা, কাইলৈ দুহাত খহি পৰিবা৷ অংকৰ উত্তৰেই মিছানে, অংকই মিছা, তুমিয়েই গম পাবা৷ ভোট বিছাৰি যাওঁতে ভোটাৰক যিমানবোৰ মিছা কথা ক’লা, মিছা প্ৰতিশ্ৰুতি দিলা, সেইবোৰ ঢাকি থোৱাৰ অধিকাৰো তোমাৰ আছে৷ এশ পঞ্চাছ কোটি টকা খৰছ কৰি মথাউৰি বান্ধিলা আৰু সিমান কোটি টকাৰ সম্পতিও বানপানীয়ে হানি কৰিলে৷ কোনোৱে কয়, ইমানবোৰ টকা খৰচ কৰি মাটি- বালিৰে মথাউৰি নেবান্ধি, কেৱল ধনেৰে বন্ধা হ’লেও ইমান বানপানী হ’বলৈ নেপালেহেঁতেন৷ সঁচানে মিছা? বানপানী ভেটিব কিয়? দেশত যদি বানপানীয়ে নেথাকে, বানপানী নিয়ন্ত্ৰণ বিভাগটো উঠি নেযাবনে? যদি সেয়ে হয়, ঠিকাদাৰ, চৰ্দাৰ, মজদুৰ আৰু নিৰ্বাচনী পুঁজিৰ নামত মাখিৰ মূৰৰ ঘিউ কাঢ়ি খাই থকা মখাই খাব ক’ৰপৰা? সাধু কথাত আছে, এজন মানুহে নিগনি ধৰিবলৈ মেকুৰী এটা পুহিছিল৷ নিগনি থাকোঁতে মেকুৰীটোক গাখীৰ – মাছ দি শুশ্ৰূষা কৰিছিল৷ মেকুৰীয়ে যেতিয়া নিগনি মাৰি শেষ কৰিলে, গিৰিহঁতে মেকুৰীলৈ মন-কাণ নিদিয়া হ’ল৷ দেশত বানপানী নাইকিয়া হোৱাকৈ কাম কৰিলে, মেকুৰীৰ দশাই হ’ব৷ গতিকে ব্ৰহ্মপুত্ৰ আৰু উপনৈবোৰৰ বানপানী যাতে বছৰত অন্ততঃ দুবাৰকৈ আহে আৰু অসমীয়া মানুহক জ্বলা-কলা কৰে, সেই উদ্দেশ্যে বাবা ব্ৰহ্মপুত্ৰক শতকৰা হিচাপত বেলেগ বেলেগ পৰ্য্যায়ৰ বিষয়াই ভেটি দি তুষ্ট কৰাৰ আৰু যদি সিমানতো ব্ৰহ্মপুত্ৰ তুষ্ট নহয়, তেনেহ’লে মিছা আইনত পেলাই বানপানী আনিবলৈ বাধ্য কৰোৱা হওক৷ মিছা কলিৰ সৰ্বব্যাধি মহৌষধ৷ ইয়াৰে ভূত-প্ৰেত (ভোট-পেৰেত), মাৰি-মৰক, শত্ৰু-মিত্ৰ সবাকো সংহাৰ কৰিব পাৰি৷

অভিধানত আছে, মিছা মাছ হেনো আছলতে মাছ নহয়, এবিধ পানীৰ পোকহে৷ তথাপি মানুহে মাছ বোলে, সেয়ে মিছা মাছ৷ সৃষ্টিকৰ্তাৰো যে বুদ্ধি, পানীৰ পোককে মিছা মাছ বুলি চলাই দি পথালিচকুৱা নৰমনিচক ঠগি ঠগি খাইছে৷ আৰু এবিধ মিছা আছে৷ কুঁহিয়াৰৰ শুকান ডাবৰিৰ সোপোকা সাহটো পকাৰহীত জুবুৰিয়াই পুনৰ ৰ’দত শুকুৱাই তৈয়াৰ কৰা হয়৷ ইয়াৰো ভিতৰত ডাবৰি; বাহিৰত পকাৰহীৰ চামনি অৰ্থাৎ ৰহীত জুবুৰীয়াই ডাবৰি ভক্ষণ৷ মিছা যৰ্থাততে মিছাই৷ আইনো মিছা- পকাৰহীত জুবুৰিওৱা ডাবৰি যেনে, খাবলৈ সোৱাদ; মিছা মাছৰ ভজাও খাবলৈ সোৱাদ৷ মিছা আইনো চৰকাৰী জিভাত সোৱাদ- টকালি পাৰি পাৰি, কোৱাৰি চেলেকি চেলেকি খালেও হেপাহ নপলায়৷ কিন্তু ভোটাৰৰ জিভাত সোৱাদ নেলাগে, পানীৰ পোক আৰু কুঁহিয়াৰৰ জাবৰি যেন৷ ইমান জাপ জাপ আইন থাকোঁতেও সাতঘাটৰ চেঙেলি সাৰি যায়৷ কেতিয়াবা আকৌ কোনোবা বৰ বৰ নেতাই বাট মোকলাই দিয়ে, নতুবা গোপন বাটৰ সন্ধান দিয়ে৷ কেতিয়াবা শিক্ষাও দিয়ে দীক্ষাও দিয়ে৷ তেতিয়া আইন আচল৷ কথাতে কয়, ‘তোৰটি হ’লে মোৰ, মোৰটি হ’লে বাপেৰেও নাপায় তোৰ’৷ নিজৰ নিজৰ দলত থকা চোৰ, ভণ্ড, প্ৰতাৰক, ঠগ, প্ৰবঞ্চক, ডকাইত, গৰুচোৰ, তিৰীচোৰ, সোণচোৰ, আটাইবোৰক কৃষ্ণই গোবৰ্ধন পৰ্বত ধৰি ৰক্ষা কৰাদি থকা আৰু বাহিৰত মিছা আইনৰ জুমুধিটো খুটিপুতি থিয় কৰি থোৱা যাতে সেইটোকে মানুহ বুলি উচাপ খাই চৰাই চিৰিকতি পলায়৷ খেৰৰ জুমুধিটো দেখি হালধীয়া চৰায়ে বাওধান নেখাব পাৰে, কিন্তু কাকতী ফৰিঙে খেৰৰ জুমুধিলৈ ভয় নকৰে৷ দেশৰ মানুহৰ বুকুৱে যি সময়ত সৰ্বগ্ৰাসী কাকতী ফৰিং উজাইছে সেই সময়ত মিছা আইন মিছা হ’বলৈকো সৰহপৰ নেলাগে৷ সঁচানে মিছা?

(ড° লীলা গগৈদেৱৰ ৰম্য ৰচনা পুথি “মুকলি চিঠি”ৰ এটি প্ৰবন্ধ অসমীয়া ইউনিক’ড কৰি “ফটা ঢোল” ই-আলোচনীৰ বাবে আগবঢ়োৱা হ’ল৷ ইউনিক’ড কৰোঁতা- ১/ অনামিকা দত্ত ২/ চবিনা ইয়াচমিন৷)

☆★☆★☆

4 Comments

  • parishmita

    সঁ‌চাই মিছাই মিছা হৈ আছে। গগৈদেৱৰ লেখনী ফটাঢোলত পঢ়িবলৈ পোৱাটো সঁ‌চাই ভাগ্যৰ কথা। ইউনিক’ড কৰা দুয়োগৰাকীলৈ অশেষ ধন্যবাদ থাকিল।

    Reply
  • S S Dutta

    বৰচাপৰিৰ টিলাৰ ওপৰত মিলমিলকৈ উৰি থকা চিলাৰ দৰে,কণটিলাক চিলমিলিয়া টোপনিত অলিয়া বলিয়া কৰা ইলাৰ দৰে,চিলচিলিয়া পানীৰ তলৰ লাস্যময়ী ককিলাৰ দৰে আমাৰ হিয়াৰ পখিলাবোৰ মতলীয়া কৰা লীলা গগৈদেৱৰ শব্দলীলাৰ সৈতে আকৌ মুখামুখি কৰাই দিয়াৰ বাবে ’ফটাঢোল’লৈ ধন্যবাদ৷

    Reply

Leave a Reply

Your email address will not be published.