ফটাঢোল

মুখা – তৃষ্ণা ঠাকুৰীয়া ভূঞা

এখেতক লুচী ভাজি খুৱাই বোৱাই অফিচলৈ পঠিয়ালো৷ ৰমিলা আজি নাহিল৷ বৰ এলেহুৱা প্ৰকৃতিৰ এই কাম কৰা মানুহবোৰ৷ আজি বোলে তাইৰ গিৰিয়েকক ডাক্তৰৰ ওচৰত লৈ যাব লাগে পিঠিৰ বিষটো দেখুৱাবলৈ৷ ইস্, বৰ একেবাৰে লাট চাহাব! হওঁতে মোৰো পিঠিৰ বিষ হৈ থাকে৷ অলপ মলম সানি বাগৰি দিলেইচোন ভাল হৈ যায়। তাতে আকৌ ডাক্তৰ, ওজা এইবোৰক দেখুৱাব লাগেনে? মাইনীৰ দেউতাকেচোন মোক কেতিয়াও ডাক্তৰ ওচৰলৈ নিয়া মনতেই নাই৷ মোৰ মানুহজনৰ কামো বহুত দিয়কচোন৷ অসমৰ ভিতৰৰে আগশাৰীৰ মেগাজিন এখনৰ সম্পাদক এখেত৷ বহুত ব্যস্ত থাকে৷ সমাজৰ প্ৰগতিৰ কথাৰ বাহিৰে বেলেগ চিন্তা কৰিবলৈ সময়েই নাপায়৷ মাইনীৰ স্কুল, কলেজৰপৰা আদি কৰি বেমাৰ আজাৰ সকলো সেইবাবে ময়েই চোৱা চিতা কৰি আহিছোঁ৷ মাইনীক মানে আমাৰ একমাত্ৰ ছোৱালীজনীক বিয়া দিলো যোৱা বছৰ৷ জোঁৱাই আমাৰ অসম চৰকাৰৰ পশুমন্ত্ৰী বৰগোঁহাইৰ সম্পৰ্কীয় ভতিজাক৷ ইমান অভিজাত ঘৰখন! মাইনীৰ মূৰ ডাঙিবলৈকো সময় নাথাকে৷ হ’বই দিয়কচোন৷ জোঁৱাই প্ৰশান্তও বেছ বিজি ল’ৰা৷ দিনটো জিমত শৰীৰচৰ্চা কৰাটো কিবা এলাপেচা কথা নেকি! মাইনীয়েও আজিকালি কিবা এয়া প্ৰটিন শ্বেক, গ্ৰীক চালাড, বুলেট কফি এইবোৰ বনাবলৈ শিকিছে৷ আগতে চাহৰ কাপটোও বেচিনত থৈ আহিবলৈ ক’লে খং কৰা ছোৱালীজনী আজিকালি বৰ সাদৰী হৈছি দেহি ! হ’ব লাগেই দিয়কচোন৷ লাও সদায় পাতৰ তল, মানে নিজৰ অস্তিত্ব পাহৰি স্বামীৰ কাৰণে দেহেকেহে খাটি যোৱা আমাৰ নাৰীৰ ধৰ্মই নহয় জানো?

বাৰু বৰ এবকলা মাৰিলোহে! এতিয়া অলপ বাৰান্দাত বহোঁগৈ৷ ৰাতিপুৱা সোনকালে উঠিয়েই কামবোৰ সামৰিছোঁ৷ মোৰ প্ৰিয় চিৰিয়েলখনৰ ৰিপিট টেলিকাষ্ট আৰম্ভ হ’বলৈও আৰু আধাঘণ্টা বাকী৷ আজি নাগিনীজনীয়ে বদমাছ শাহুৱেকক গোটে গোটে গিলিব চিৰিয়েলখনত৷ বিৰাট মজা লাগিব পায়! বাৰু এতিয়া কি কৰা যায়! ফ্ৰীজৰপৰা মটৰখিনিকেই উলিয়াই লৈ বাৰান্দাত বহি বহি চেলাওঁগৈ৷ এতিয়া মানে ৰাতিপুৱাৰ সময়খিনিত আমাৰ বিল্ডিঙৰ কৰিডৰবোৰত হৈ চৈ লাগি থাকে৷ কামৱালীবোৰৰ লগতে অফিচলৈ যোৱা মানুহবোৰৰ লৰা ঢপৰাবোৰ চাবলৈকে ভাল লাগে৷ বিশেষকৈ সেই চুটি স্কাৰ্ট টপ পিন্ধি কলেজলৈ যোৱা ছোৱালীবোৰ৷ বাপৰে চকুলৈ চাবানে, খোজ কাটলেই চাবা! একেবাৰে যেন মাইনীৰ দেউতাকে ৰাতি মনে মনে চোৱা চ্যেনেলটোৰ ছোৱালীবোৰহে! আৰু এই নিবোকা চামোনৰূপী চুট টাই পিন্ধি যোৱা মানুহবোৰ৷ ঘৰৰ বাহিৰ ওলায়েই ফোনত ফুচফুচাই কিবা কিবি কথা পাতে৷ সেই ১১০ ৰ মহৰ্ষি বৰুৱা বুলি বেচ্যেলৰ ডেণ্টিষ্টজন যে, সেইজন কম জানো৷ আজিকালি আমাৰ ওচৰৰে ফ্লেটৰ সেই ডিভোৰ্চী নিমিষা শৰ্মাৰ ওচৰলৈ খুব অহা যোৱা তেখেতৰ৷ হ’বই দিয়কচোন, ডিভোৰ্চী অকলশৰীয়া মহিলাই চকুৰ টিপেৰে চান্স দিলেনো কোন মতা নহাকৈ থাকিব৷ এনেই ডিভোৰ্চ দিয়া হয় জানো কোনো মহিলাক৷ এনেকুৱাকৈ কামুক দৃষ্টি দিয়ে তাই এই বিল্ডিঙৰ মতা মানুহবোৰৰ ওপৰত! সেইদিনা মই মাইনীৰ ঘৰৰপৰা আহি ঘৰ পাওঁতে আমাৰ এখেতক তাইৰ ফ্লেটৰ ভিতৰত পাইছিলো৷ এখেতেও কৈছে কিমান চালাক তাই৷ এখেতক কিবা কামত ফুচুলাই বোলে ঘৰলৈ মাতিছিল৷ এইবাৰৰপৰা মোৰ অজলা মানুহজনক এনেকৈ মাতি লৈ গ’লে কিন্তু কথা বেয়া হ’ব৷ মোৰ লগত পাংগা ল’লে ময়ো বাপ্পেকে চিৰিয়েলৰ ভিলেইনকেইজনীৰ নিচিনাকৈ প্লট চেঞ্জ কৰি কৰি বপুৰীক ফচাম৷ বহুত কুট কিটিপ শিকি থৈছোঁ এই একতা কাপুৰৰ চিৰিয়েলবোৰৰপৰা৷

আজি পিছে অলপ ভিৰ কম৷ বিহুৰ বন্ধ শেষ হোৱাৰ পিছতো চাগে মানুহবোৰৰ ভাগৰ মৰা নাই৷ সেইদিনা মোৰ কামকৰা বাইজনী মানে ৰমিলাৰপৰাহে শুনি কৈছোঁ দেই আৰু৷ চেকেণ্ড ফ্ল’ৰৰ মিচেছ শইকীয়ানীৰ বোলে বিহুৰ ভেক্যেচনৰ পিছত ইমান টায়াৰ্ড লাগিছে যে মিঃ শইকীয়াই চাহ বনোৱাৰপৰা আৰম্ভ কৰি ভৰি মালিছলৈকে কৰি দিছে তেখেতক৷ সৌ সেইদিনা কিটি পাৰ্টিত মিচেছ হাতীবৰুৱানীয়েও কৈ আছিলে যে বন্ধৰ পিছত আহি বডী স্পা কৰাৰ কথা৷ তেখেতৰ আকৌ সমস্যাটোও গধুৰ দিয়কচোন৷ মিঃ হাতীবৰুৱাৰ গাঁৱৰ ঘৰখনলৈ যেতিয়া বিহুৱে বাৰুৱে সেই ওখোৰা মোখোৰা কেঁচা ৰাস্তাৰে গাড়ীৰ ঠেকেচা খাই যাবলগীয়া হয়, কষ্ট হ’বই দিয়কচোন৷ তাতে আকৌ গাঁৱৰ এচি, ফ্ৰীজ আৰু কেবল কানেকচন নোহোৱা ঘৰখনত এসপ্তাহ থাকি অহাটো জানো কম ডাঙৰ কথা৷ শাহুৱেকজনীয়েই বৰ জ্বলাকলা দেখুৱাইছে তেখেতক৷ বন্ধৰ কেইদিন য’ত ফৰেইন হলিডে প্লেন কৰে লোকে, তেখেতৰ আকৌ অকলশৰীয়া শাহু শহুৰেকৰ গাঁৱৰ ঘৰলৈ হাজবেন্দৰ লগত যোৱা পাল পৰে৷ উস্, ভাবিয়েই ভয় লাগে পায়৷

অহ্, পাহৰিছিলোৱেইচোন! কাইলৈ মিচেছ বৰুৱাৰ এনিভাৰছাৰী পাৰ্টি আছে৷ অ’ অ’ ৪২০ নং ফ্লেটৰ ঘোচখোৰ মিঃ ৰমেন বৰুৱাৰ ঘৈণীয়েক যে৷ যোৱাবাৰৰ দৰে এইবাৰো চাগে আৰ্টিফিচিয়েল গহনা পিন্ধি সেইবোৰকে বৰুৱাই এনিভাৰছাৰীত দিয়া ডায়মণ্ড জুৱেলাৰী বুলি তেখেতে জহাব৷ মিঃ বৰুৱাৰ নিচিনা আমাৰ এওঁ নহয় পিছে৷ ঘোচৰ পইচাকেইটা মিঃ বৰুৱাৰ নিচিনা সাঁচি থৈ নিদিয়ে৷ কিয়, মোৰ স্বাস্থ্যৰ কথা ভাবি মোক যোৱাবাৰ পূজাৰ সময়ত ট্ৰেডমিল এখনেই ঘৰত আনি দিয়া নাই জানো৷ জিমলৈ যাবলৈ মোৰো ভাল নালাগে দিয়কচোন৷ তেখেতেও বেয়া পায় কাৰণ আজিকালিৰ ল’ৰাবোৰ যে পায়৷ মিঠা মিঠা কথাৰে যে আমাৰ নিচিনা মহিলাবোৰকো ফুচুলাবলৈ নেৰে৷ ময়ো কেইদিনমান জিমলৈ গৈছিলো মিচেছ গোস্বামীৰ লগত৷ সেই বিকি বোলা জিম ট্ৰেইনাৰটোৱে যে কিমান চেনী খাইছিল আমাৰ লগত, বাপৰে! যোৱা বছৰ গোস্বামী অফিচলৈ যোৱাৰ পিছত বপুৰাৰ সঘনাই আহযাহ হৈছিল মিচেছ গোস্বামীৰ ফ্লেটলৈ৷ এদিন কিটি পাৰ্টিত তেখেতে কৈছিলে যে পাৰ্চনেল ট্ৰেইনাৰ হিচাপেহে ঘৰলৈ মাতে হেনো বিকিক তেখেতে৷ ইস্, আমি যেন নুবুজোহে৷ হওঁতে বিকিক মোৰো ভাল নলগা নহয়৷ ডিম্পল পৰা দুগাল আৰু সুঠাম শৰীৰৰ বিকিয়ে যেতিয়া “মেডাম, আৰু অলপ কাৰ্ডিও কৰিলেই আপোনাৰ ফিগাৰ প্ৰিয়ংকা চোপ্ৰাৰ নিচিনা হৈ যাব“ বুলি কৈছিল, মোৰ মুখখন একেবাৰে লাজতে পকা বিলাহীটোৰ নিচিনা ৰঙা হৈ পৰিছিল৷ এনেকুৱা লাজ পিছে আমাৰ এখেতে বিয়াৰ কাৰণে মোক চাবলৈ যোৱাৰ দিনাও লগা নাছিল৷ মোতকৈ এঘাৰ বছৰ ডাঙৰ, তপা মূৰটোৰে সৈতে কলহপেটীয়া এখেতক মোৰ কাৰণে পাৰফেক্ট বুলি দেউতাইহে নিৰ্বাচন কৰিছিল৷ পা পইচা থকা গুণী ল’ৰা এখেতৰ আৰু মোৰ যোৰাটো তেতিয়া মানুহে অমিতাভ বচ্চন আৰু ৰেখাৰ নিচিনা লগা বুলি কৈছিল৷

অ’ সেইজনী মিচেছ মেহতা নহয় জানো! ইমান লৰালৰিকৈ ক’লৈ গৈ আছে পায়? মিঃ মেহতাৰ বিজনেছ ট্ৰিপত যাবৰ সময় হৈছে চাগে৷ তেখেতৰ কাৰণে যাৱতীয় বস্তু বাহিনী যোগাৰ কৰাত ব্যস্ত চাগে মিচেছ মেহতা৷ মিঃ মেহতাও আমাৰ এখেতৰ দৰে বৰ ব্যস্ত মানুহ৷ মাহেকে পষেকে বেংকক, পটায়া আদিলৈ বিজনেছ মিটিং, কনফাৰেন্স ইত্যাদিত গৈ থাকে৷ মিচেছ মেহতাক নিনিয়ে তেখেতে তাত ব’ৰ হ’ব বুলি৷ লগতে তেখেতৰ স্বাস্থ্যও পৰি আহিছে আজিকালি৷ বিয়াৰ আগতে মিচেছ মেহতা মিচ চণ্ডীগড় আছিল বোলে৷ গাখীৰত সেন্দুৰ মিহলোৱা যেন গাৰ বৰণ, জোঙা নাক আৰু ডাঙৰ ডাঙৰ চকুৰে সৈতে তেখেত অতিশয় ধুনীয়া আছিল দেখিবলৈ, যেতিয়া এই বিল্ডিঙলৈ আহিছিল৷ এতিয়া পিছে তেখেতৰ লাহী পাহী কঁকাল গৈ চাউলৰ বস্তাটো যেন হৈ গৈছে৷ মুখখনো ক’লা ক’লা দাগ ইত্যাদিৰে ভৰ্তি, লগতে আগৰ সেই দীঘল সুন্দৰ চুলিকোচাও চুটি হৈ পৰিছে৷ সেইদিনা কিটি পাৰ্টিত আহোঁতে আকৌ চকুৰ গুৰি উখহি থকাও দেখিছোঁ৷ মিঃ মেহতা বিজনেছ ট্ৰিপৰপৰা আহিলে প্ৰায়েই তেওঁৰ অৱস্থা এনেকুৱা দেখো৷ ইমান ধুনীয়া চেহেৰা থকাৰ পিছতো কোনোবাই এনেকুৱা কৰে নে? আমাৰ বৰবৰুৱানীক দেখা নাই! জিম, স্পা, যোগা আদি কৰে লগতে বুটিকৰ ডিজাইনাৰ গাউন ইত্যাদি পিন্ধি নিজকে বাইছ বছৰীয়াজনী যেন লগা কৰি পেলাইছে৷ মিচেছ মেহতাই যে নিজৰ ধ্যান নাৰাখি কি কৰি পেলাইছে নিজকে পায়৷ গিৰিয়েকৰ আগতে নিজকে সজাই পৰাই টিপটপ ৰাখিব লাগে৷ মিঃ মেহতাই চাগে সেইকাৰণেই খঙতে হাত উঠাই তেখেতৰ ওপৰত৷

ৰ’ব দেই, মোৰ ফোনটো বাজিছে৷ মাইনীৰে হ’ব চাগে৷ তাইও মোৰ নিচিনা ব’ৰ হৈ এইটো সময়ত মোকেই ফোন কৰে৷ বেচেৰীয়ে আৰু কৰিবওনো কি? লগৰবোৰে চাকৰি বাকৰি লৈ দিল্লী, মুম্বাই ইত্যাদিত আছে৷ তাইহে এতিয়া বিয়া বাৰু হৈ চেটেল ইয়াতে৷ অৱশ্যে তাইৰ ভাগ্যখন লগৰবোৰতকৈ ভাল দিয়কচোন৷ ইমান অভিজাত ঘৰ এখনৰ বোৱাৰী হোৱা খিতাপ কোনে পাই ইমান সোনকালে বাৰু কওকচোন!

“মা, কি কৰিছা? কথা আছিল তোমাৰ লগত৷” – তাইৰ মাতটো অলপ থোকাথোকিকৈ ওলাইছে যে? কি বা হ’ল?

“কি কথা মাইনী? কান্দিছা নেকি?” – কিবা এটা অমংগলীয়া সুৰ বাজিবলৈ ধৰিলেচোন মোৰ বুকুত!

“মা, মই ঘৰলৈ আহি আছোঁ৷ একেবাৰে আহি আছোঁ৷”

হাঃ? কিবা শিলপৰা কপৌ যেন হ’লো যে৷ কি হ’ল মোৰ ছোৱালীজনীৰ৷ সকলো ঠিক আছেতো ঈশ্বৰ?

তাই কৈ গ’ল আৰু মই শুনি গ’লো, কেনেকৈ বহুদিনৰপৰা প্ৰশান্তই ৰাতি দেৰিকৈ ঘৰলৈ অহা আৰম্ভ কৰিছে৷ এবাৰ আগতে কৈছিলে তাই৷ ময়ে কৈছিলো যে ডেকা ল’ৰা অলপ বন্ধুমহলৰ লগত ঘূৰি পকি ফূৰ্তি কৰিছে কৰিবলৈ দিয়া৷ অতগাল টকা পইচা থকা মানুহ অলপ পাৰ্টি বিলাসী হয়েই দিয়কচোন৷ আজি তাই ক’লে কেনেকৈ পৰহি নিশা ৰাতি তিনি বজালৈ সি নহাত তাই চিন্তাত তালৈ ফোন কৰিছিলে আৰু কোনোবা ছোৱালী এজনীয়ে টোপনিৰ সুৰত তাইৰ ফোন ৰিচিভ কৰিছিলে৷ ৰাতিপুৱা ঘৰ আহি পাওঁতে তাই প্ৰশান্তক কৈফিয়ৎ খোজাত কেনেকৈ সি তাইৰ মুখত চেপি তাইক ধমকি দিছিল তাইক মাৰি পেলাব হেনো সি তাৰ কথা বেলেগৰ আগত তাই ফাদিল কৰিলে৷ তাইক হেনো সি মিডিল ক্লাছ আৰু ঠেক মনৰ ছোৱালী বুলি ঠাট্টা কৰিছে৷ স্বীকাৰ কৰিছে হেনো যে তাৰ বেলেগ ছোৱালীৰ লগত শাৰীৰিক সম্পৰ্ক আছে৷ লগতে কৈছে যে সি তাইক নেৰে কিন্তু তাৰ এফেয়াৰসমূহত যাতে তাই মাত মাতি তাৰ মূৰ নষ্ট নকৰে৷ তাইকো হেনো কৈছে যে তাই বেলেগ ল’ৰাৰ লগত দৈহিক সম্পৰ্ক গঢ়িব পাৰে৷ এনেকুৱা একঘেয়ামী বিবাহত হেনো সি ব’ৰ হৈ গৈছে৷ যোৱাৰাতিও হেনো সি ঘৰলৈ অহা নাই৷

মই বহুপৰ চোফাখনত বহিয়েই ৰ’লো৷ মাইনী ফোনত উচুপিয়েই আছে এতিয়ালৈ৷ বুজি পোৱা নাই কি কওঁ৷ মাইনী আৰু মিচেছ মেহতাকচোন কিবা একে লগা যেন পালো হঠাতে!

☆★☆★☆

4 Comments

  • Suntu

    ভোগবাদী সমাজৰ প্ৰতিচ্ছবি, ভাল লাগিল

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল তৃষ্ণা

    Reply

Leave a Reply

Your email address will not be published.