ফটাঢোল

মুখৰ – জিমি শইকীয়া

আমাৰ মা আইতাৰ গৰ্ভত থাকোতেই সাধুবাবা এজনে কৈছিল-“বেটী, তোৰ গৰ্ভে যি চন্তান(সন্তান)আছে, চেই চন্তানৰ যিটি বৰ চন্তান হ’ব, চেই চন্তানক উকীল পঢ়ালে তোৰ বংশৰ গৌৰৱ হ’ব। তোৰ বংশৰ নাম ৰৌচন হ’ব। নাইবা ৰাজনীতিত নামিব দিবি, চেই সন্তানৰ মুখৰ লগত কোনেও জিতিব নোৱাৰিব। যুক্তি তৰ্কত শ্ৰেষ্ঠ বনিব।“

সাধুবাবা‌ই চাগৈ বাকপটুতা গুণৰ হ’ম বুলিছিল। আমাৰ আইতাহঁতৰ মুখত পৰি লাওপাত-কচুপাত মুখৰ গৰাকী হ’ব বুলিহে ওলালগৈ।

সি যি কি নহ‌ওঁক,  সাধুবাবাৰ কথা শুনি আইতাই বৰ ৰং পালে। আমাৰ অখ্যাত বংশৰ খ্যাতি তেওঁৰ নাতিয়ে আনিব ভাবি স্ফূৰ্তিতে সাত মাহতে আমাৰ মাক জন্ম দি দিলে। পিছে মাৰ সন্তানেহে নাম উজ্বলাব! গতিকে মায়ে  “মৰম দিলি চেনেহ দিলি বাটতে লগ পাই,  ম‌ই ষোল্ল বছৰত ভৰি দিয়া নাই…..” গানটো গাবলৈ নাপাওঁতেই মানে ষোল্ল হ‌ওঁ-নহ‌ওঁতেই দেউতালৈ বিয়া দি দিলে।

এতিয়া পৃথিৱীলৈ মোৰ অহাৰ পাল পৰিল। সৃষ্টিকৰ্তা ব্ৰহ্মাই মোক সৃষ্টি কৰি ক’লে- “তোমাৰ পৃথিৱীলৈ যোৱাৰ সময় হ’ল মোৰ আই।“

ম‌ই উঠিলো নহয় ফেপেৰি পাতি- “বোলো দুবছৰ পিছতহে যোৱাৰ কথা আছিল মোৰ। হঠাৎ এতিয়া কিয় যাম!”

ব্ৰহ্মাই বোলে- “তোমাৰ আইতাৰ উথপথপটো অলপ বেছিহে! খেলিমেলি লগালে মাৰাক ওঠৰ বছৰ নৌহ‌ওঁতেই বিয়া দি দিলে। গতিকে তুমি দুবছৰ আগত যাব লাগিব।“

ব্ৰহ্মাৰ চৌধ্য পুৰুষ উদ্ধাৰি গালি পাৰিবলৈ গৈ ব্ৰেক মাৰিলো। কাৰণ ব্ৰহ্মাৰ পূৰ্বপুৰুষেই নাই। বিয়াও পাতিব লগা হৈছে নিজে সৃষ্টি কৰিহে!  গালিটো অলপ সত্যতা লাগে। গতিকে পেটৰ গালি পেটতে হজম কৰি ম‌য়ো আহিবলৈ সাজু হ’লোঁ।

তেনেতে সৰস্বতী দেৱীয়ে ব্ৰহ্মাৰ ওচৰলৈ আহি মোক মুখ ওন্দলাই থকা দেখি সুধিলে- “আই! কি হ’ল তোমাৰ? এনেকৈ গোৱৰৰ পাচিৰ দৰে মুখখন কৰি আছা যে, কিয়?”

ম‌ই খঙতে একোকে নক’লো। সৰস্বতী মায়ে মোক ফুচুলাবলৈকে ক’লে-“আহা আই! তোমাক সংগীতৰ সপ্তসুৰ শিকাই দিওঁ।“

মোৰ এনেই মাথা-চাথা নষ্ট হৈ আছিল। অখ্যাত বংশক খ্যাত কৰাৰ যি মহাভাৰ মোৰ কান্ধত পৰিছে তাকে ভাবি টেনছন লাগি আছিল। মা সৰস্বতীয়ে যেতিয়া  চা(সা),ৰে গা,মা,পা,ধা, নি ….মাতিবলৈ ল’লে মোৰ মুখেৰে প্ৰতিটো বৰ্ণত একোটাকৈ গালি ওলাবলৈ ল’লে। শুনি দেৱী মাই বিচূৰ্তি খালে – “আয়ৌ!এইখন কম মুখ নহ’ব ঔ”বুলি ক’লে। আচলতে সেই সৃষ্টিৰ ক্ষণতে মোৰ মুখ লাগিল।

মা আৰু আইতাৰ আশাক আৰু দৃঢ় কৰি আকৌ এজন জ্যোতিষীয়ে সেই একেই ভৱিষ্যত বাণী কৰিলে। আনন্দতে মায়ে বনৰীয়া কচু থোৰ,  কচুগুটি,  কচুলতি বেছিকৈ খালে। ইকাণ সিকাণ সহস্ৰ কাণ। মা, আইতাৰ মুখ বাগৰি আমাৰ পৰিয়াল, গাওঁ সবেই জানিলে যে আমাৰ মায়ে জন্ম দিবলৈ ওলোৱা সন্তানটি মস্ত মুখ চোকা হ’ব,  যুক্তিত কাটিব কোনেও নোৱাৰিব। অসম দেশত মুখত নাম ৰৈ বৈ যাব।

অইন গৰ্ভৱতী নাৰীয়ে গৰ্ভাৱস্থাত ধৰ্মীয় কথা পঢ়ে বা শুনে, মোৰ ক্ষেত্ৰত ওলোটা হ’ল। অভিমন্যুৱে মাতৃ গৰ্ভতে চক্ৰবেহুত সোমোৱাৰ ট্ৰেইনিংটো পোৱাৰ দৰে মোৰ আইতা আৰু মায়ে গৰ্ভতে মোক যথেষ্ট ট্ৰেইনিং দিলে।

গতিকে মোৰ জন্মৰ আগে আগেই মানে মাৰ জলপান খুউৱা খাই গৈয়েই আমাৰ সীমাৰ মানুহকেইঘৰে মণ্ডল মাতি আনি নিজৰ নিজৰ সীমা পোনাই ল’লে।কিন্তু সবেই হাই-হুই কৰি থকাৰ বাবেই নেকি মোৰ মাৰ গৰ্ভতে মুখ লাগিল। ম‌ই জন্ম হোৱাৰ সময়ত ধাই গৰাকীয়েও বোলে কাণত কপাহ সুমুৱাই লৈছিল, জন্ম হৈয়ে ডেডাউৰিয়াম বুলি।(ভাবিছিল চাগৈ জন্ম হৈয়ে কঁকালত হাত দি তৰ্জনী আঙুলি জোকাৰি মুখ চলাম বুলি!) পিছে সকলোকে আচৰিত কৰি মুখলগা ম‌ইজনী জন্ম হ’লো। জন্মৰ পিছত আনকি নাকান্দিলো। তাৰ পিছত বহু চেষ্টা কৰি মোক কন্দুৱাইহে ৰক্ষা ল’লে। ইফালে ম‌ই গৰ্ভত থাকোঁতে ক’লা কচু বেছিকৈ খোৱাৰ বাবেই নেকি মোৰ বডীৰ কালাৰটোও ক’লা কচুৰ ঠাৰি ডালৰ দৰেই হ’ল।

কিন্তু ম‌ই সৰুৰে পৰাই অল্পভাষী হ’লোঁ। কথা খুবেই কম ক‌ওঁ। আমাৰ মা-আইতাৰ মহা চিন্তা মিলিল। সাধু, জ্যোতিষীৰ কথাৰ ওলোটাহে হ’লোঁ বুলি! সৰুতে লগৰ কোনোবাই মাৰিলেও, জোকালেও ম‌ই কাকো ওলোটাই টু-শব্দ এটাও নুবুলিছিলোঁ। পিছত চোৱাই-চিতাই গম পালে যে মানুহৰ মুখ লাগি মোৰ এনে হ’ল। আমাৰ ঘৰৰ ওচৰৰ মানুহৰ ঘৰত যেতিয়া কাজিয়া/পেচাল লাগে ম‌ই ভয়তে ভিতৰ সোমাওঁহি! মাহঁতে জোৰ কৰি মোক চোতালত উলিয়াই দিয়ে আৰু দৰ্জা জপাই থয়। বেচেৰী মুখলগা ম‌ইজনী আমন-জিমনকৈ আগফালে লোকৰ কাজিয়া শুনি শুনি বহি থাকোঁ। তথাপি মুখৰে প্ৰতিবাদ নকৰোঁ। গাঁৱত মহিলা সমিতিৰ বিচাৰ থাকিলেও মায়ে মোক লগতে লৈ গৈছিল।

জ্যোতিষীয়ে ১৩/১৪বছৰৰ পিছত মোৰ মুখ লগা খণ্ডন হ’ব বুলি কৈছিল। তেতিয়া মাহঁতে মুখ লগা ভাঙিবলৈ বহুত কিবাকিবি কৰিছিল। মোৰ ডিঙিত আনকি নেমু আৰু শুকান জলকীয়াৰ ডিজাইন দি চেইনত লকেট এটাও বনাই দিছিল।

লাহে লাহে ম‌ই হাইস্কুললৈ গ’লোঁ। হঠাৎ এদিন স্কুলৰ তৰ্ক প্ৰতিযোগিতাত ভাগ লৈ পেলালো। ম‌ই শ্ৰেষ্ঠ তাৰ্কিক হ’লোঁ সেইবাৰ। সাধুবাবাৰ কথা ফলিওৱা দেখি মোক ঘৰত ঠিকচে মৰম কৰিলে। সকলোৱে স্বস্তিৰ নিশ্বাস কাঢ়িলে। কলেজতো তৰ্কত ময়েই প্ৰথম হ’বলৈ ল’লো। মাহঁতে মোক কি পঢ়াব তাকেই আলোচনা কৰিলে। পিছে মুখ লগা ভঙাৰে পৰা মোৰ মুখ এনেকৈ চলা হ’ল যে আমাৰ অঞ্চলত মোৰ প্ৰতিভাৰ মোল নুবুজাসকলে মুখেশ্বৰী বুলি অপপ্ৰচাৰ উলিয়ালে। নিমাতী কন্যা ম‌ইজনী কথকী কন্যা হ’লোগৈ। হক কথাত ম‌ই মাত নামাতি নোৱাৰা হ’লোঁ। মোক জোকোৱা মানে কোদো বাহত কোব মাৰি লোৱা, হাতৰ কুঠাৰ ভৰিত মৰা, বাটৰ কচু গাত ঘঁহা জাতীয় কথা হ’ল। শেষত এনেকুৱা হ’লগৈ যেনেকৈ সৰু ল’ছালিয়ে দুষ্ট কৰি থাকিলে ‘হাউউ আহিব’ বা ‘গব্বৰ সিং’ আহিব বুলি ক’লে যিদৰে ঠাণ্ডা হৈ যায়, আমাৰ তাতো ল’ৰাহঁতক বেছি শাসন কৰিলে ল’ৰা বিলাকে মোক বিয়া পাতিম বুলি কয় আৰু মাক -দেউতাক ঠাণ্ডা হৈ যায়।

মনৰ দুখতে ময়ো আকৌ মৌন হৈ পৰিলো। উকীল নপঢ়িলোঁ/ৰাজনীতিতো নানামিলোঁ। মোৰ আকৌ মুখ লাগিল।

মায়ে দুখ কৰে ছোৱালীজনীৰ গাত পটকৈ মুখ লাগে বুলি! আমাৰ অখ্যাত বংশ অখ্যাত হৈয়ে থাকিল। সেয়ে আজিও মোক কোনেও চিনি নাপালে। মুখ নলগা হেঁতেন আজি ম‌ই অসমৰ ভিতৰতে মুখচোকা হিচাপে খ্যাতি লভিলো হেঁতেন!!!

☆★☆★☆

5 Comments

  • হেমন্ত কাকতি

    তামাম জিমি৷ গোটতে পঢ়া মনত আছে৷ মই বহুদিনৰ আগতে মুখচোকা আপীজনীৰ মোল বুজি পাইয়ে গৈছিলো অৱশ্যে৷
    লিখি থাকা, নেৰিবা৷ বৰ সুখী হলো তোমাৰ চেন্স অৱ হিউমাৰ দেখি৷

    Reply
    • জিমী শ‌ইকীয়া

      ধন্যবাদ কাকতি দা☺☺।

      Reply
  • Papari Barman

    ইমান ধুনীয়া লিখিছা জিমি ৷ হাঁহি হাঁহি পেট বিষাই গৈছে ৷ লিখি থাকিবা ৷ হাস্য ব্যংগত তোমাৰ হাত ভাল৷

    Reply
  • গীতিকা শইকীয়া

    খুব ভাল লিখনি। উন্নতমানৰ ব্যংগ।

    Reply
  • ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published.