ফটাঢোল

মুৰী লাগিব মুৰী–দিম্পল কলিতা

বন্ধৰ দিনত ঘৰত থাকিলে গালি খোৱাতো মোৰ চাগে জন্মগত ষ্টাম্পৰ দৰে লাগিল। সদায় ভাবোঁ আজি গালি নাখাওঁ‌, গালি নোখোৱাকৈ দিনটো পাৰ কৰিম। নাই কোনোবাপিনে কিবা নহয় কিবা অকন ভুল কৰিয়ে পেলাম তাৰ পিছত গোটেই দিনটো গালি।

আজি ভাবিছিলোঁ আজি ভালকৈ পাৰ কৰিম দিনটো সোনকালে বিচনা এৰিলোঁ, বিচনা ঠিক কৰিলোঁ, অসমীয়া গান লগাই ৰূমটো অকন ঠিকো কৰিলোঁ লেতেৰা হোৱা চোলা দুটা চাৰ্ফত দিলোঁ। মুঠতে আজি সুৰুঙা নেৰোঁ। ধুনীয়াকৈ ৰাতিপুৱাৰ ভাতকেইটাও খোৱালে। মুঠতে চলি আছে ধুনীয়া।

“দিম্পল খৰি কেইডালমান আছে পিচপিনে। চৌকাৰ ওচৰত চিজিল লগাই থবিচোন” আজিৰ পৰা পানী ইয়াতে গৰম কৰিম।”

আগতে তিনিবাৰতহে উঠি যাওঁ, আজি এবাৰতে কাম ফিনিছ। (চাব্বাছ দিম্পল নিজেই নিজক দিছোঁ)

“দিম্পল, শুনচোন দোকানৰ পৰা বিস্কুট, পাপৰ, কলগেট আৰু মুৰী লৈ আহচোন।”

“গধূলি যাওঁ নেকি? বাইকখনো নাই”

“নালাগে সেই ঠাণ্ডাত এতিয়াই যা ভিৰ নাপাবি, আৰু এইকন ৰাস্তা যাওঁতে কিহৰ বাইক খোজ কাঢ়ি যা।”

ওলালোঁ খোজ কাঢ়ি। আনি দিলোঁ বস্তুকেইবিধ। ভাবিলোঁ আজি আৰু চিন্তা নাই বহুত কাম কৰিলোঁ, গালি নাপাৰে।

সেয়া ভুল ধাৰণা আছিল-

বিশ্বাস কৰিব নে দুপৰীয়া এক বজাৰ পৰা এতিয়ালৈ পাকঘৰত সোমাই অকল এটা কথা কৈ আছে বুঢ়া হ’ল সি, বিয়া পাতিব পৰা হ’ল দোকানৰ বস্তু আনিব নাজানে, মুখখন হ’লে কি চাবি, অমুক পাৰোঁ‌ তমুক পাৰোঁ‌, মাহটোৰ আধা দিন ঘূৰোঁ‌তেই যায় ঘৰৰ কথাত গুৰুত্ত্ব নাই। “

কি কেচ ধৰিব নোৱাৰি পাকঘৰত সোমাইছিলোঁ মাত্ৰ

মুৰীৰ পলিথিনটো হাতত তুলি দি ক’লে, “যা এইখিনি ভৰাবলৈ টেমা এটা লৈ আন, বিচাৰি নাপালে বনাই হলেও আন।”

“কিমান আনিছিলি মুৰী?”

মই ক’লো, “দুই কিলো, বদ্য দাম কম ৰে।”

“দুই কিলো মুৰী! তই জুখোতে দেখা নাছিলি হা, ইমান সোপা এতিয়া ক’ত থয় থ।”

তেতিয়াহে ভালকৈ লক্ষ্য কৰি ভাবিলোঁ, সঁ‌চাকৈ অলপ বেছিয়ে লৈ আহিলোঁ……ছেহ!

(চাৰ্ফত দিয়া কাপোৰকেইটা ভালে ভালে ধুই অনাই ভাল নহ’লে সেইকেইটাত চকু গ’লে আকৌ গালিৰ বৰষুণ আহিব।)

 

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.