ফটাঢোল

মূৰা ভাঙি দিম – বি এন ৰূপম

: তোমাক সঁচাকৈ বহুত ভালপাই পেলাইছোঁ বিদিশা৷

: ময়ো তোমাক বহুত ভালপাওঁ প্ৰাঞ্জল৷

: তোমাৰ এটা এটা কথা মোৰ কাণত বাজি থাকে প্ৰতিনিয়ত৷

: মোৰ আকৌ প্ৰতিপল প্ৰতিক্ষণত তোমাৰেই ছবি ভাঁহি থাকে৷

: এইদৰে চিৰজীৱন তোমাৰ চকুত মই ভাঁহি থাকিব বিচাৰোঁ, মোৰ প্ৰতিটো পল হৈ থাকক তুমিময়…৷

: মোৰো একেই কামনা৷ কথা দিয়া মোক প্ৰাঞ্জল এইদৰে সদায়ে ভালপাই যাবা!

: আস্বাস নিদিও, মই তোমাক বিশ্বাস দিম বিদিশা৷ বিশ্বাসেহে আমাক উপলব্ধি কৰায় ভালপোৱাৰ৷

: ময়ো বিচাৰোঁ তেনে বিশ্বাসৰ উপলব্ধি, ভালপোৱাৰ প্ৰথম উপলব্ধি৷

: দিম দিম৷ তোমাৰ হৃদয় পূৰাই দিম ভালপোৱাৰে৷

: মোৰ এতিয়া এনে লাগিছে যেন তুমি এজাক বৰষুণ, যিজাক বৰষুণৰ বাবে মই ইমান দিন ৰৈ আছিলোঁ৷ আজি মোৰ অপেক্ষাৰ অন্ত পেলাই নামি আহিলা মোৰ বুকুলৈ৷

: আস্! কি অনুভৱ!

: তুমি সঁচাকৈয়ে বৰষুণ৷ তোমাৰ প্ৰতিষাৰ কথাই মোক শিহৰিত কৰি তোলে৷

: বৰষুণ চে য়াদ আয়া, বতৰ সিমান ঠিক নহয়৷ ব’লা যাওঁ৷ অ’টোত যাওঁ, তোমাক থৈ আহিম৷

: ব’লা৷

পাৰ্কৰ পৰা প্ৰাঞ্জল-বিদিশা ওলাই আহি অ’টো এখনৰ ওচৰলৈ গ’ল৷ প্ৰাঞ্জলেে সুধিলে,

: লংকেশ্বৰ যাব!

অ’টো চালকজনে মূৰ দুপিয়াই বহক বুলি কওঁতে বিদিশাই সুধিলে,

: কিমান ল’ব?

: তিনিশ টকা৷ আৰু আগতে নিছিলোঁ নেকি!

চালকজনে ক’লে৷ অ’টোৰ দৰ্জাখন খুলিবলৈ লোৱা প্ৰাঞ্জলে ৰৈ দি বিদিশালৈ চাই সুধিলে,

: আগতে নিছিলোঁঁ মানে? আৰু কাৰ লগত আহিছিলা?

চকুদুটা কোঁচাই বিদিশাই ক’লে,

: মোৰ কথা কৈছে নে তোমাৰ! কাৰ লগত আহিছিলা?

: আৰে, কথা ঘূৰাইছা কিয়? কিমানজনৰ লগত তোমাৰ হলিগলি?

: কথা ভালদৰে ক’বা৷ নিজৰ কিমানজনীৰ লগত লিলিমাই হাঁ? অ’টো চালকে মনত ৰৈ যোৱাকৈ লিলিমাই কৰি ঘূৰি ফুৰা হাঁঁ!

: বচ, বহুত বকিলা৷ তুমি নিজে এজনী ফাল্টু ছোৱালী৷

: কাক ফাল্টু ক’ হাঁ? মুখ চম্ভালি কথা ক’বি৷ আৰু ‘তুমি এজাক বৰষুণ, শিহৰণ দিয়া’ এইবিলাক ডায়লগ বেলেগৰ আগত দিবি যা৷

: নিজে মুখ চম্ভালি থাক৷ অ দিমেই৷ তই তই বৰষুণ নহয়, তই নলাৰ পানী

: ফুট যা আঁতৰ হ’৷

: চেই চেই চু……

অ’টো চালক জনে মাত দিলে,

: অ’ দাদা কাজিয়া এৰক৷ মোৰ ভুল হ’ল, মই আন কাৰোবাকহে নিছিলোঁ৷ ভুলতে আপোনালোকক নিয়া বুলি কোৱা গ’ল৷ বলক এতিয়া আঢ়ৈশ টকা ভাড়া দিলেও হ’ব৷

প্ৰাঞ্জল-বিদিশাই একেলগে চিঞৰি ক’লে,

: “মূৰা ভাঙি দিম”

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.