ফটাঢোল

মূৰ্খ পণ্ডিত (মূল কাহিনী:- সন্তোষ মাহাতু ) – অনুবাদ:পূৰ্বী কটকী

বহুত দিনৰ আগৰ কথা, ৰামপুৰ নামৰ এখন গাঁৱত এজন মূৰ্খ ব্ৰাহ্মণ আছিল। তেওঁৰ পৰিয়ালটো বৰ দুখীয়া আছিল। সেইকাৰণে ব্ৰাহ্মণৰ পত্নীয়ে তেওঁক বাৰে বাৰে পঢ়িবলৈ আৰু কিবা শিকিবলৈ কৈছিল কিন্তু ব্ৰাহ্মণ বৰ এলেহুৱা আছিল বাবে ক’লৈকো যাবলৈ নিবিচাৰিছিল। এদিন তেওঁৰ পত্নীয়ে বেছিকৈ জোৰ কৰি ক’লে, “আজি তুমি শিক্ষা গ্ৰহণ কৰিবলৈ যাবই লাগিব।” পত্নীৰ খং দেখি ব্ৰাহ্মণ যাবলৈ মান্তি হ’ল। তেওঁ নিজৰ ঘৰৰ পৰা ওলাল থিকেই, কিন্তু ক’লৈকো নগৈ ঘৰৰ পাছফালে গৈ লুকাই থাকিল। অলপ পাছত ঘৰলৈ কিছুমান মানুহ আহিল  আৰু মানুহখিনিয়ে পতা কথাখিনি ব্ৰাহ্মণে মনে মনে ঘৰৰ পাছফালৰ পৰা শুনি থাকিল। যেতিয়া সন্ধিয়া লাগিল তেতিয়া তেওঁ ঘৰলৈ আহি নিজ পত্নীক ক’লে, “মই আজি ইমান পঢ়িলোঁ‌ যে, এতিয়া মই ভৱিষ্যত দেখা পাওঁ।”
পাছদিনা এটা ধোবিৰ গাধটো হেৰাই থাকিল, সেইবাবে তেওঁ ব্ৰাহ্মণৰ ওচৰলৈ আহি ক’লে, “মোৰ গাধটো হেৰাই থাকিল । আপুনি বাৰু মোক সহায় কৰিব পাৰিবনে ?”
ব্ৰাহ্মণে একো বুজি পোৱা নাছিল, সেইদেখি ব্ৰাহ্মণে ক’লে, “এতিয়া মই গা ধুবলৈ যাওঁ, তাৰ পাছত তুমি মোৰ ওচৰলৈ আহিবা। মই তোমাক তোমাৰ ভৱিষ্যত বাণী ক’ম।” এইদৰে কৈ ব্ৰাহ্মণ তাৰ পৰা পলাল।বাটেৰে গৈ থাকোঁতে ব্ৰাহ্মণে গাধ এটাক খেতি পথাৰত ঘাঁহ খাই থকা দেখা পালে। তেওঁ গাধটো দেখি নিজৰ চুৰিয়াখন ফালি, ফলা টুকুৰাটো লৈ গাধটো তাতেই বান্ধি থৈ দৌৰি দৌৰি ঘৰলৈ উভতি আহিল। আৰু ভবিষ্যতবাণী কৰিলে যে, “খেতিপথাৰত তোমাৰ গাধটো বান্ধি থোৱা আছে, গৈ লৈ আহা।”
ব্ৰাহ্মণৰ কথা শুনি ধোবি পথাৰলৈ গৈ গাধটো বান্ধি থোৱা পালেগৈ।
নিজৰ গাধটো ঘূৰাই পাই ধোবি বহুত সুখী হ’ল আৰু ব্ৰাহ্মণক বহুতো দান দিলে। লাহে লাহে পণ্ডিত বহুত প্ৰসিদ্ধ হৈ পৰিল আৰু বহুত মানুহে চিনি পোৱা হ’ল।
এদিন ৰাজ্যৰ মহাৰাণীৰ ডিঙিৰ হাৰ এডাল হেৰুৱাত ৰজায়ে মন্ত্ৰীৰ কথামতে ব্ৰাহ্মণক ৰাজমহললৈ মাতিলে।
ব্ৰাহ্মণে পাছদিনা ৰাজমহললৈ যাোৱাৰ প্ৰতিশ্ৰুতি দিলে।
এই কথা শুনি চোৰটোৱে বৰ ভয় খালে,আৰু ভাবিলে, ব্ৰাহ্মণে ভৱিষ্যতবাণী কৰি তাৰ কথা ৰজাক কৈ দিব, আৰু তাৰ মৃত্যু নিশ্চিত  হ’ব।
সেইবাবে চোৰটোৱে ব্ৰাহ্মণৰ ওচৰলৈ গৈ সকলোবোৰ কথা কৈ দিলে, আৰু ৰজাক নক’বলৈ অনুৰোধ কৰিলে।
ব্ৰাহ্মণে হাৰডাল চোৰটোৰ পৰা বিচাৰি ল’লে। ব্ৰাহ্মণে হাৰদাল নি ৰাজমহলৰ বাগিছাৰ এটা চৰাইৰ সঁজাত থৈ দিলেগৈ।
ৰাতিপুৱা ব্ৰাহ্মণে ভৱিষ্যতবাণী কৰিলে যে হাৰডাল বাগিছাৰ চৰাইৰ সঁজাত আছে। মহাৰাজে সৈনিক পঠিয়াই নিশ্চিত হ’ল যে হাৰডাল  সঁচাকৈ চৰাই সঁ‌জাত আছিল।
হাৰডাল পাই ৰজা বৰ সুখী হ’ল, ব্ৰাহ্মণক বহুতো দান দিলে, ব্ৰাহ্মণৰ পৰিয়াল ভালকৈ চলিবলৈ ধৰিলে আৰু তেওঁলোকৰ দৰিদ্ৰতা নাইকিয়া হৈ গ’ল।
☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published.