ফটাঢোল

মৃত্যুৰ আগৰ চিন্তা — সোনটো ৰঞ্জন বৰুৱা

আপোনালোকে মোৰ এই কথাখিনিত হয়টো সহমত নহব পাৰে।পিছে মই আজি কিছুদিনৰ পৰা মৃত্যুৰ পদধ্বনি শুনিবলৈ পাইছোঁ । এনে লাগে যেন মৃত্যু সমীপত উপস্থিত হৈছেহি। নিজৰ কিছুমান গতিবিধি অধ্যয়ন কৰি মই এই বিষয়ে লাহে লাহে আশ্বস্ত হৈ গৈ আছোঁ।

বহুদিন ধৰি কাৰো লগত কাজিয়া কৰা নাই। মাৰপিট এৰাৰ এটা যুগ হল বুলিব পাৰি। কাৰো লগত কোনো বিবাদ নাই, কোনো বিৰোধো নাই। গালি দিয়াও বন্ধ কৰি দিলোঁ কেতিয়াবাই। সমাজক, ব্যৱস্থাক, ব্যক্তিক.. সকলোকে ।কোনোৱে কিবা কলেও চুপচাপ শুনি থাকোঁ । নিজৰ দৃষ্টিত স্থিতপ্ৰজ্ঞৰ দৰে। পত্নীয়ে যতে বহুৱাই দিয়ে বহি থাকোঁ। যদি হাতত ইখন হাত দি মুৰটো একদিশে ঘুৰাই ‘এনেকৈয়ে বহি থাকা’ বুলি কয়, তেনে দৰেই বহি ৰওঁ। মানুহে কব,
:বৰুৱাদা বৰ ভাল মানুহ আছিল দেউ, কোনো দিনেই উচ্চবাচ্য কৰা নুশুনিলোঁ , একেবাৰে মাটি মানুহ আছিল।

আজিকালি পুৱা সোনকালেই উঠো, ব্যায়াম কৰোঁ। সদায় খোজ কাঢ়িবলৈ যাওঁ। সকলো পৰীক্ষা কৰোৱাওঁ, কমপ্লিট বডি চেকআপ ।সকলো ৰিপোৰ্ট ঠিকেই আছে। মানুহে কব,
:আৰে, কালিও খোজ কাঢ়োতে দেখিছিলোঁ, বৰ ঘপকৈ গলগৈ। বহুত ভাল মানুহ আছিল দেই।

প্ৰতি দিনেই মন্দিৰলৈ যাওঁ। ভগৱান দৰ্শন কৰি পূজাৰীৰ পৰা নিৰ্মালী লওঁ। পূজাৰীও দুখী হব, :নিয়মিত মন্দিৰলৈ আহে, বৰ ধাৰ্মিক মানুহ আছিল, ভগৱানে নিজৰ ওচৰলৈ লৈ গল।
( আৰে কালি মোৰ লগত জুৱা খেলিছিল, আজি …. কেতিয়াবা কাৰোবাক কোৱা শুনিছে জানোঁ?

মদ খোৱা, বাৰলৈ যোৱা একেবাৰে বন্ধ কৰি দিলোঁ । নিতৌ ফলৰ ৰস খাওঁ। মানুহে কব,
:বৰ ভাল মানুহ আছিল হে, মদ তো বাদেই তামোল এখনো মুখত নিদিছিল। তথাপিও কেনেকৈ….।

কিছু বছৰৰ আগৰ পৰাই সময় মতে অফিচ পাওঁগৈ।অফিচৰ সকলো কাম সময়মতে সমাপন কৰি যাওঁ । কোনো হা না নকৰাকৈ। বছে হয়টো কব,
:বৰ ভাল, কৰ্মী মানুহ আছিল। অদৰকাৰী ছুটিও নলৈছিল।
(একনম্বৰ এলেহুৱা আছিল, এটা কাম নিয়াৰিকৈ নকৰিছিল বুলি কোৱা শুনিছে জানো?)

আজিকালি বাতৰিকাকতৰ কোনো খবৰেও মনত প্ৰভাৱ নেপেলাই। মনৰ মাজত ‘একো নহব’ ভাবে স্থায়ী ঘৰ বান্ধিলেহি। সকলো এনেকৈয়ে চলিবলৈ লৈছে।কাকতৰ যিকোনো খবৰৰ আগত ‘যা তই শুই থাক, তোৰ মতলবৰ নহয়’ স্বয়ংক্ৰিয়ভাৱে লাগি থকা দেখোঁ ।
মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে, তই শুই থাক।
মুদ্ৰাস্ফীতি হ্ৰাস পাইছে, তই শুই থাক।
বাজেটত কিবা পাইছ, নাপাইছ.. তই শুই থাক। তিনি চাৰি দিনত বিধায়কৰ পকী পথ নিৰ্মাণৰ ঘোষনা… তই শুই থাক।
কোনো দলে প্ৰতিশ্ৰুতি পত্ৰত ভ্ৰষ্টাচাৰ শেষ কৰিম বুলি ঘোষণা কৰিছে… তই… ।

‘ভগৱানে যেনেকৈ ৰাখে’ ৰ ওপৰত ভৰসা বাঢ়ি গৈছে। আগতে বেয়া ৰাস্তাঘাট, বিদ্যুৎ, লেতেৰা পৰিৱেশ আদিয়ে মুৰ গৰম কৰি দিছিল। মন গৈছিল সকলো বাদ দি আন্দোলন কৰোঁ। ব্যৱস্থাৰ পৰিবৰ্তন আনো। পিছে এতিয়া মনলৈ আহে চুবুৰীয়াৰ দৰে ৰাষ্টাত চকী পাৰি ৰদ লওঁগৈ (মৃত্যুৰ অপেক্ষাত) ।কেতিয়াবা পাচলিৱালাই সুধিব,
:ইয়াত বহি থকা দাদাজনক নেদেখা হলোঁ যে?? কি…. অহ… বৰ ভাল মানুহ আছিল দেই, দেখিলেই মাত লগাই। এই…. আলু, পিয়াজ, বিলাহী…… ।

এতিয়া এইবোৰ ভাবি ভাবি মই যেতিয়া মুল প্ৰশ্নটো পাওঁহি তেতিয়া ভাবিছোঁ মই মৰিবলৈ গৈ আছোঁ বাবে এই লক্ষণবোৰ দেখা পাইছোঁ নে এই লক্ষণবোৰ কাষ চাপিবলৈ দিয়াৰ বাবে মৃত্যু কাষ চাপি আহিছে?? মানে মই বিচৰা শান্তিয়ে মোক মৃত্যুৰ দিশে লৈ গৈছে নে মৃত্যুৱে মোক শান্তি বিচাৰিবলৈ বাধ্য কৰিছে??

আকৌ ভাবিছোঁ ইয়াৰ পাছত মইনো কত জীবিত আছোঁ? মৃতই দেখোন। মাত্ৰ দৈহিক মৃত্যু হবলৈ বাকী। এনেকৈ জীৱন জীয়াই থাকি মোক বেলেগকৈ মৃত্যুৰ আৱশ্যক পৰে জানোঁ?????

শেষত কোনো গীতৰ কলি এটা মনলৈ আহিছে… ” সোঁতত নাও মেলি দে ঔ নাৱৰীয়া

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published.