ফটাঢোল

মেগী – দীপামণি শইকীয়া

কোনোবাই যেতিয়া কিবা হাস্য-ব্যংগ লেখা লিখিবলৈ কয়, প্ৰথম চাৰিওফালৰ পৃথিৱীখনত চকু দি চাওঁ, ক’ত কি হাঁহিৰ খোৰাক বিচাৰি পাওঁ বুলি। কিন্তু প্ৰতিবাৰেই এই দৃষ্টি বুমেৰাং হৈ নিজলৈকে ঘূৰি আহে। বহুবোৰ কাৰণত, মই মোৰ সমগ্ৰ চেতনাৰে সৈতে এই কথা লাহে লাহে উপলব্ধি কৰি উঠিছোঁ যে আমাৰ প্ৰজন্মটোৰ দৈনন্দিন জীৱনবোৰত লুকাই থকাৰ দৰে তৰল আৰু ব্যঙ্গ কাহিনী আন কোনো প্ৰজন্মৰে কিজানি নাই।

এই ক্ষেত্ৰত ভুল আমাৰ নহয়, বৰঞ্চ ভুল আমি জন্ম হোৱাৰ সময়কণৰ। জীৱবিজ্ঞানত বিৱৰ্তনৰ সূত্ৰ পঢ়োতে ‘প্লেটিপাচ’ নামৰ এবিধ জীৱৰ কথা পঢ়া মনত পৰে। ইয়াৰ দৈহিক গঠন এনেকুৱা যে, ইয়াক চৰায়ো বুলিব পাৰি, সৰীসৃপো বুলিব পাৰি। গতিকে উপৰোৱাকৈ আমি ধৰি ল’ব পাৰো, বাঃ! প্লেটিপাচ হোৱাৰ কি ডাবোল ডাবোল সুখ! কিন্তু দৰাচলতে এনে হোৱাটো এক ট্ৰেজেদিহে। ‘আইডেনটিটি ক্ৰাইচিছ’ বোলা কথাটো যে, সেইটো! কিতাপত পঢ়া প্লেটিপাচ আৰু আমাৰ প্ৰজন্মৰ মাজত বহু সমানতা। তাৰে এটা উদাহৰণ তলত দিওঁ।

ভজা পিঠাগুৰিত পকা কঁঠাল সানি খোৱাটো ভবাৰ দৰে সহজ কথা নহয়। বৰঞ্চ টেকনিকেল পাৰদৰ্শিতা নাথাকিলে, এই কাৰ্যত সৰু ধেমালিয়ে বৰ ধেমালি হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। প্ৰথমে মুখত লোৱাখিনি চোবাই গিলি দিয়াৰ পিছত পেট গৈ পাব, কিন্তু তাৰে দুডালমান কঁঠালৰ আঁহে মুখত থকাকণৰ লগত সংগোপনে সংযোগ ধৰি ৰাখিব। যদিহে এই সংযোগ চিঙি খাবলৈ শিকা নাযায়, তেনেহ’লে খাদ্যনলী আৰু শ্বাসনলীৰ মাজত জোটাপোটা লাগি এমজা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। নক’লেও হ’ব যে বাৰী ভৰি কঁঠাল থকা আমাৰ অগ্ৰজসকলে এই ক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰি পিছৰ জন্মলৈও সেই পৰম্পৰাক আগুৱাই দিয়াত সিদ্ধহস্ত হৈ পৰিছিল। পিছৰ প্ৰজন্মবোৰৰ শেষ প্ৰজন্ম কিজানি আমিয়েই আছিলো, যি ককা আইতাহঁতৰ লগত বহি এনেবোৰ জুতি ল’বলৈ শিকিছিলো।

আমি কলেজ গৈ পোৱালৈ ‘মেগী প্ৰজন্ম’ এই ধৰালৈ আহি গৈছিল আৰু আমি পকা কঁঠাল খোৱা আৰু মেগী খোৱা দুটা প্ৰজন্মৰ মাজত পিষ্ট হ’বৰ বাবে এখোজ দুখোজকৈ আগবাঢ়িছিলো।

কলেজ হোষ্টেলত থকা দিনবোৰৰ কথা। বেলতলাত মাৰ বায়েক, জেঠাই থাকে। তেওঁলোকৰ ঘৰলৈ বন্ধ দিনবোৰত যাওঁ। সেইবাৰ আক’ জেঠাইৰ ঘৰত, জেঠাইৰ জেঠায়েকৰ ঘৰৰ কোনোবা এগৰাকী আহি আছিলহি। নক’লেও হ’ব যে দীঘলীয়া সূত্ৰৰে তেৱোঁ মোৰ সম্বন্ধীয়াই আছিল।

গাঁৱৰ ঘৰৰপৰা কাম বনত পাকৈত কোনোবা আহিলে চহৰীয়া বোৱাৰীসকলে অকণমান আৰাম কৰি ল’বলৈ চাই, সেই কথা জনাই জানে। গতিকে সেই মাহীগৰাকীৰ উপস্থিতিত জেঠায়েও পাকঘৰটো মাহীৰ হাততে ন্যস্ত কৰি দুদিনমান মজা মাৰি আছিল।

সদায় অহাৰ দৰে হোষ্টেলৰপৰা শুকান মুখ আৰু খালি পেট লৈ মই সিদিনা আবেলি তেওঁলোকৰ ঘৰ পালোগৈ। সকলোৰে খোৱা বোৱা হৈ গৈছে বাবে পাকঘৰত একো বাচি থকা নাই। গতিকে জেঠায়ে খন্তেক চিন্তা কৰি মাহীজনীক ক’লে,

“নীৰু, তাইক মেগী এপেকেটকে বনাই দে। তাই ভোকত আহিছে। তাতে ড্ৰয়াৰতে আছে।”

গৰম গৰম মেগী প্লেটলৈ অহালৈ মই হাত মুখ ধুই বিচনাতে এবাগৰ দিলোঁ। ভাগৰুৱা দেহা বাবে বিচনাত পৰোতেই টোপনি আহিল। কিমান দেৰিৰ পিছত নাজানো, কিছুমান ধাতৱ বিৰক্তিকৰ শব্দত দুচকু মেল খালে। শোৱা ৰুমৰ বেৰখনৰ সিফালেই পাকঘৰটো। শব্দটো তাৰেপৰা অহা যেন লগাত উঠি গৈ পাকঘৰ পালোগৈ।

তাত গৈ দেখো নীৰু মাহী আৰু জেঠাই দুয়োজনীয়ে মুখামুখিকৈ মুঢ়া দুটাত বহি লৈ কুকাৰ এটাৰ ভিতৰৰপৰা কিবা উদ্ধাৰ কৰাত লাগিছে। হাতত দুখন চামুচ। দুয়োজনীৰ মূৰ দুটাৰ মাজেৰে নিজৰ মূৰটো ভৰাই জুমি চাই দেখো, কুকাৰটোৰ ভিতৰৰ বেৰত সিঁচৰতি হৈ থকা অসহায়, অপদস্থ আৰু অপমানিত হোৱা এসোপা মেগী!

জেঠাইৰ মুখৰপৰাই গম পালো, নীৰু মাহীক যে মেগী বনাবলৈ দিছিল, চাউলীয়া হৈ থাকিলে চহৰত পঢ়া ছোৱালীজনীয়ে খাবলৈ বেয়া পাব বুলি তাই কুকাৰত পানী আৰু মেগী মিলাই দি তিনিটা হুইচেল দি সিজালে হেনো মেগী!

মইনো কি ক’ম! কটাৰি এখন লৈ সিঁহতৰ লগত কুকাৰ ৰুকাত সমানে লাগি গ’লো।

☆★☆★☆

3 Comments

  • হাঃ হাঃ, মেগী খোৱা মুদা মৰিল।
    এনে সৰু সৰু ৰসাল অভিজ্ঞতাবোৰ সদায়েই মনত ৰৈ যায়। ভাল লাগিল

    Reply
  • ডলী তালুকদাৰ

    হাঃ হাঃ

    Reply
  • কুকী কল্পিতা মহন্ত

    😂😂😂

    Reply

Leave a Reply

Your email address will not be published.