ফটাঢোল

মেট্ৰিক – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

: সেইবোৰ সকলো ঠিকে আছে বাৰু। কিন্তু তুমি মাত্ৰ এটা বিষয়ৰ পৰীক্ষা দি পৰীক্ষাহলৰপৰা বাহিৰে বাহিৰে পলালা কিয়? তুমিতো পৰীক্ষা দিয়া বিষয়টোত লেটাৰ মাৰ্কেই পালা। বাকীকেইটা বিষয়ৰ পৰীক্ষা দিয়া হ’লেও দেখোন ৰিজাল্ট ভালেই হ’লহেতেন তোমাৰ।

: কথাবোৰ ইমানো উজু নহয় সকলোৱে কোৱাৰ দৰে। মই কি ইংৰাজীত লেটাৰ মাৰ্ক পোৱাৰ কাৰণে মোক বহুত চোকা ল’ৰা বুলি ভাবিছে নেকি মানুহবোৰে! দস্তুৰমত এমাহ আগৰপৰা ৰাতি টোপনি ক্ষতি কৰি কৰি নকল লিখিছিলো। কমন পৰা কাৰণেহে লেটাৰ পালো, কমন নপৰা হ’লে ফেইল কৰিলো হয়। তেতিয়াও মানুহবোৰে হাঁহিলে হয়। উপায় নাই দাদা বুজিছে। এই চকুচৰহা মানুহবোৰৰপৰা শান্তি নাই। ভাল হ’লেও স্বীকৃতি নিদিয়ে, বেয়া হ’লেতো কথাই নাই। সমালোচনাৰে থকা সৰকা কৰে। অমুকৰ পুতেকটো ৰসাতলে গ’ল। ইমান সুবিধা পোৱাৰ পিছতো ফেইল কৰিলে। কি চাবা তাৰ বাইক চলোৱাৰ উৎপাত! বাপেকৰ পইচাত কি চাবা তাৰ বাহাদুৰী। দুই এজনেতো সমালোচনাৰ নামত দেউতাকো সাঙুৰি ল’ব। বোলে বাপেকৰ দুই নম্বৰী টকা, পুতেকে হজম নকৰিলে খাওঁতানো কোন আছে আৰু।

“মানুহ বান্দৰৰপৰা ক্ৰমবিকাশ হৈছিল।”
আৰে! মানুহ যদি বান্দৰৰপৰাই হৈছিল তেনেহ’লে বান্দৰবোৰ কিয় এতিয়াও ৰৈ গ’ল। বান্দৰ থাকিবই নালাগিছিল, সকলো মানুহেই হ’ব লাগিছিল।

“সূৰ্য সদায় ৰাতিপুৱা পূবত উদয় হয় আৰু সন্ধিয়া পশ্চিমত মাৰ যায়।”
মোক কি বুৰ্বক পাইছে নে সূৰ্যটোক ৰাতিপুৱা নিউজ পেপাৰ দিবলৈ অহা পেপাৰৱালা পাইছে,সদায় যে একে সময়ত উদয়ো হ’ব অস্তও যাব। সূৰ্য কি এটাই থকা বুলি ভাবিছে নেকি আপুনি! মোৰ মতে বহুত সূৰ্য আছে আৰু সদায় এটা এটা সূৰ্যৰ পাল পৰে ৰাতিপুৱা উদয় হোৱা আৰু সন্ধিয়া অস্ত গৈ পৃথিৱীবাসীক নিজৰ অস্তিত্ব দেখুৱাৰ।

: এইবোৰ কি অবান্তৰ কথা কৈ আছাহে তুমি! পৰীক্ষাটো সম্পূৰ্ণৰূপে দিব লাগিছিল তুমি। অকল ইংৰাজীতে নব্বৈ নম্বৰ পালা যিহেতু বাকীকেইটা বিষয়তো নিশ্চয় ভাল নম্বৰেই পালাহেঁতেন। পৰীক্ষা নিদি এনেদৰে পলাই গৈ কমখন লটিঘটি কৰিলানে আমাক সকলোকে! আজি ৰিজাল্ট দিয়াৰ দিনাখন তোমাৰ মা দেউতাৰ মনত কিমান দুখ লাগিছে সেইটোও তুমি এবাৰ ভাবি চোৱা দৰকাৰ। কিমান আশা কৰি আছিল তোমাৰ মা দেউতাই যে তুমিও ভাল ৰিজাল্ট কৰিবা, টিভি চেনেলত সাক্ষাৎকাৰ দিবা।

: আশা কৰা নাছিল ছাৰ। মোক টাৰ্গেট দিছিল মা দেউতাই। মেট্ৰিকত অসমৰ ভিতৰত প্ৰথম দহটা স্থানৰ ভিতৰত থাকিব নোৱাৰিলে মোৰ অৱস্থা বেয়া হ’ব। প্ৰথম পৰীক্ষাৰ দিনাই মই বুজিছিলো যে সেইটো কাম মোৰদ্বাৰা সম্ভৱ নহ’ব। সেয়েহে পৰীক্ষাহলৰপৰাই বাহিৰে বাহিৰে পলাই যোৱাটোকে থিৰাং কৰিছিলো। আপোনালোক পুলিচবোৰেহে বিচাৰি বিচাৰি ঘূৰাই আনিলে মোক।
আপুনি যিখিনি কথা অবান্তৰ বুলিলে মোৰ জ্ঞানৰ সীমাবদ্ধতাও সিমানেই। মোক লৈ আশা পালি থকাকেইজনৰহে ভুল এইবোৰ।

‘অত্যাধিক মানসিক চাপেই এই অৱস্থা কৰিলে আজি আপোনালোকৰ।’
– ল’ৰাজনৰ লগতে বহি থকা বাপেক মাকক উদ্দেশ্যি পুলিচ অফিচাৰজনে ক’লে।

: নহয় ডাঙৰীয়া, ঘহোঁতে ঘহোঁতে শিলো ক্ষয় যাব বুলিহে আমি ইমানকৈ তাৰ পিছত লাগি আছিলো। কোন বাপেক মাকে বাৰু আজিৰ দিনত নিজৰ ল’ৰা ছোৱালীক প্ৰতিযোগিতাৰপৰা আঁতৰাই ৰাখিব বিচাৰিব, আপুনিয়েই কওকচোন?
– বাপেকজনৰ ওলোটা প্ৰশ্ন পুলিচ অফিচাৰজনলৈ।

: ঘঁহি ঘঁহি ক্ষয় যোৱা শিল সাধাৰণতে পিছল হয়,হাতৰ মুঠিত ধৰি ৰখা টান। ল’ৰাজনৰ পলায়নবাদী মনোভাৱ এটা এই কম বয়সতে সৃষ্টি কৰাত আপোনালোকে সুন্দৰ ভূমিকা গ্ৰহণ কৰিলে। লাহে লাহে জীৱনৰ প্ৰতিটো প্ৰতিযোগিতাৰপৰা যেতিয়া সি পলাবলৈ ধৰিব তেতিয়া কিন্তু আপুনি তাক আজিৰ দৰে পুলিচৰ সহযোগত ঘূৰাই আনিব নোৱাৰিব। সময় থাকোঁতে সাৱধান হওক, এই সৰু ল’ৰাটোক জীৱনৰ নতুন বাট দেখুৱাওক। আৰু এটা কথা! আপোনালোকৰ সন্তুষ্টিৰ মাপকাঠিডাল আগতীয়াকৈ নিৰ্দ্ধাৰণ কৰি নিদিবচোন তাক। সি যিমানখিনি দিয়ে তাতে সন্তুষ্ট হোৱাৰ চেষ্টা কৰকচোন আপোনালোক। দেখিব ঘৰৰ ল’ৰা সদায় ঘৰতে থাকিব।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.